-ৰাজদীপ বৰগোহাঁই |
এইটো নকৰিবি, সেইটো নকৰিবি
‘ছোৱালী মানুহে গছত নুঠে হেৰ’
‘কিয় ফুটবল খেলিব লাগে ল’ৰাৰ লগত,
এতিয়া ডাঙৰ হ’লি নহয়’
‘কিবা ৰান্ধিব জানানে?’
হয়, ল’ৰা- ছোৱালীৰ মাজত প্ৰভেদৰ বীজ সিঁচা এই প্ৰশ্ন বোৰতেই সমাজ ব্যৱস্থাৰ প্ৰকৃত ৰূপটো যুগে যুগে অৱধাৰিত হৈ আহিছে আৰু ভৱিষ্যতলৈও বোধহয় একেই থাকিব। জনা বুজা হোৱাৰ পিছৰ পৰাই সমাজৰ বহুবোৰ বৈষম্যৰ আপুনি, মই, আমি সকলোৱে সন্মুখীন হৈ আহিছোঁ, কেতিয়াবা গাৰ ৰঙ আকৌ কেতিয়াবা জাতিৰ ভিত্তিত, মুঠতে বিভিন্ন ধৰণৰ বৈষম্য বিভিন্ন ধৰণে সকলোৱে সন্মুখীন হৈ আহিছোঁ। এই সকলো বৈষম্যৰ ভিতৰত, লিংগ বৈষম্যই সময়ে সময়ে বহু নিদাৰুন ঘটনাৰ জন্ম দি আহিছে, কিন্তু এইবোৰ বৈষম্য আঁতৰাবলৈ কেতিয়াবা কিবা পদক্ষেপ লৈ পাইছোঁ জানো??
ধৰ্মক দোহাই নিদিবাঃ
যি ধৰ্মই নাৰীক লক্ষ্মীস্বৰূপাৰ স্থান দিয়ে, সেই ধৰ্মত নাৰীক কালি বা ভদ্ৰ কালিৰ ৰূপটো পূজা কৰে, গতিকে অস্ত্ৰ বা শাস্ত্ৰৰ ওপৰত যুগে যুগে নাৰীৰ প্ৰতাপ আছিল সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে, বেদ শিক্ষাৰ লগত জড়িত নাৰীক Brahmavadini ৰ নামাকৰণ কৰিছিল বুলি উল্লেখ আছে। ঠিক সেইদৰে বৌদ্ধ ধৰ্মতো সংঘমিত্ৰা বা আন বৌদ্ধ ভিক্ষুনী সকলৰ উল্লেখযোগ্য অৱদান দেখা যায়। এতিয়া প্ৰশ্ন হয়, পুৰুষ – মহিলা অনুযায়ী, কথা আৰু কামৰ বিভাজন বোৰে কোন শতিকাৰ পৰা আমাৰ সমাজত ঠাই ল’লে??
ৰাজ কাৰ্য্যত নাৰীঃ
Pandya বা Satavahana শাসন ব্যৱস্থাত নাৰীয়ে অংশগ্ৰহণ কৰিছিল বুলিও উল্লেখ আছে সেইদৰে, Satavahana ৰাণী Nayanika ই নিজৰ নাবলিক পুত্ৰৰ হৈ দেশৰ শাসন চম্ভালি লৈছিল। কেৱল সেই সকল নাৰীয়েই নহয়, শাসন ভাৰ চলোৱাৰ (১২৩৬-১২৪০)ক্ষেত্ৰত ৰেজীয়া চুলতানাক কোনে পাহৰিব পাৰে, কিছুমান উলেমা ৰ প্ৰচণ্ড বিৰোধিতা প্ৰতিহত কৰি sultani যুগৰ শক্তিশালী, মহা প্ৰতাপী যোদ্ধা ৰেজীয়াই আছিল Iltutmish ৰ অতিকৈ সুযোগ্য আৰু শক্তিশালী সন্তান। ঠিক সেইদৰে দেশৰ শাসনত সম্পূৰ্ণ সহযোগিতা কৰাত আহোম যুগৰ নাৰী সকলো কোনো গুনেই পিছ পৰি থকা নাছিল, মূলাগাভৰুৰ পৰা ফুলেশ্বৰী কুঁৱৰীলৈ কিমান যে উদাহৰণ ইতিহাসৰ পাতত আছে।
তথাপি আচৰিত হওঁ, এই খন সমাজতেই আকৌ নিৰ্ভয়া কাণ্ডৰ পাষণ্ড কেইটাক ন্যায় দিবলৈ সেইকেইটাৰ অধিবক্তা জন উঠি পৰি লাগিছিল।
উত্তৰ পূৰ্বাঞ্চলত আপোনালোক সৌভাগ্যশালীঃ
পূৰ্বাঞ্চলত জন্ম গ্ৰহণ কৰা প্ৰতি গৰাকী নাৰীয়েই সৌভাগ্যশালী আৰু সাহসী কিন্তু সময়ে সময়ে বোধহয় আপোনালোকেও নিজৰ সক্ষমতা পাহৰি পেলায়, তাৰ ফলশ্ৰুতিতে ঘৰতেই হওঁক বা পৰতেই হওঁক, আপোনালোকক শোষণ কৰিবলৈ বহুতে সুবিধা পায়, কেতিয়াবা জীৱন সংগ্ৰামত ভাগৰিলে এবাৰ চৌপাশৰ পাহাৰীয়া ৰাজ্য কেইখনলৈ চাব, নাৰীৰ শক্তিশালী ৰূপৰ প্ৰমান পাব, সৰু সৰু টুকুৰী লৈ, কেতিয়াবা ধৰাল দা বা কটাৰীলৈ জীৱন সংগ্ৰামত ব্ৰতী হয়, আকৌ কেতিয়াবা সেউজীয়া বাগানৰ মাজত সৰু সৰু টুকুৰী লৈ ও বাগানৰ নাৰী সকলে কষ্ট কৰ জীৱনৰ আভাস দিয়ে, সেইকাৰণে কৈছোঁ,
” আমি যে দা, কুঠাৰ হাতত লব নোৱাৰোঁ দেই ‘ ধৰণৰ মানসিকতাক দলিয়াই পেলাওঁক, ” মানুহে দেখিলে কি হব?” ধৰণৰ চিন্তা ধাৰা বোৰৰো পৰিৱৰ্তন ঘটোৱাৰ সময় সমাগত।
ঘৰুৱা অন্যায় বোৰঃঃ
বোৱাৰী হত্যাকাণ্ড ৰ কিছুমান ঘটনাই বাতৰি কাকতত বেছ আলোড়ন জগাই দিয়ে, যেনে: “বোৱাৰীৰ ৰহস্যজনক মৃত্যু, ৰাইজে জলালে ঘৰ “
আৰু তাৰ পিছত? কিছুদিন পিছত সেই বাতৰকাকত খনো নিমাত সেইদৰে সেই সকল ৰাইজো নিমাত, আন ৰাজ্যৰ কথা নকওঁ কিন্তু আমাৰ নিজৰ ৰাজ্য খনত এনেবোৰ ঘটনা বৃদ্ধি যে শুভ লক্ষণ নহয় আৰু এগৰাকী নাৰীৰ ওপৰত কৰা অত্যাচাৰ আন এগৰাকী নাৰী হৈ মনে মনে চাই থকাটো ও ভৱিষ্যত প্ৰজন্মৰ কাৰণেও বিপদজনক সেই কথা বিবেচনাৰ সময় সমাগত। গতিকে যিকোনো উপায়েৰে প্ৰতি গৰাকী নাৰীক মানসিকভাবে অত্যন্ত চতুৰ আৰু শাৰীৰিকভাৱে সৱল কৰি ৰাখিবলৈ চেষ্টা কৰটো আমাৰ প্ৰধান কৰ্তব্য।
অনুৰোধঃ
সঘনাই হৈ থকা ধৰ্ষণৰ ঘটনা বোৰ দেখি দেখি এনে লাগিছে যে, প্ৰতি গৰাকী নাৰীয়ে প্ৰসাধনৰ সামগ্ৰীৰ লগতে অনুগ্ৰহ কৰি নিজক বচোৱাৰ সামগ্ৰী দুপদ মান লগত ৰাখক, নিজৰ ৰক্ষক নিজে হোৱাৰ বাহিৰে আন উপায়বোৰ কিবা অদৃশ্য হৈ পৰিছে।
(* Sex সৰ্বোচ্চ বুলি ভৱা সেই পাষণ্ড কেইটা আৰু সদায় ৰাতি মদ খাই আহি ঘৈনিয়েকক প্ৰচণ্ড গোৰ মৰা সেই মানুহজনৰ মাজতো মই কোনো প্ৰভেদ দেখা নাপাওঁ, কিন্তু বৰ্তমান সময়ত মাৰিবলৈ হাত বা ভৰিটো ডাঙোতেই সিহঁতক উচিত শিক্ষা দিবলৈ, আমাৰ ছোৱালীহঁতক সৰুৰে পৰা শিক্ষা দিয়াটো আমাৰ পৰম দায়িত্ব)