• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধি আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা

-ডাঃ মেদিনী বৰ্মন

by Anjan Sarma
June 18, 2021
in Health, Lifestyle
Reading Time: 2 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ মেদিনী বৰ্মন |

(Benign prostatic hyperplasia or enlargement, BPH/BPE)

প্ৰাত্যহিক জীৱনত ৪০-৫০ বয়সোর্ধ্ব পুৰুষসকলে সঘনাই সন্মুখীন হোৱা এটা সমস্যাই হৈছে BPH। প্ৰায় ৯০ শতাংশ পুৰুষৰ ক্ষেত্ৰতে এই ৰোগবিধ হোৱা দেখা যায়।প্ৰষ্টেট গ্ৰন্থিটো এটা আখৰোট (walnut) আকাৰৰ গ্ৰন্থি, যিটো মূত্ৰথলীৰ ঠিক তলত পুৰুষৰ লিংগ(Urethra)ৰ গুৰিত মূত্রৰ বহিঃনিৰ্গমন পথৰ দুয়োকাষে অৱস্হিত। এই গ্ৰন্থিটোৱে এবিধ ৰস ক্ষৰণ কৰে যাক Semen  বুলি কোৱা হয়, যিয়ে শুক্ৰাণুসমূহৰ পৰিবহণ আৰু গৰ্ভধাৰণত সহায় কৰে। বয়সৰ লগে লগে এই গ্ৰন্থিটো বিভিন্ন কাৰণত আকাৰত ডাঙৰ হয় যাৰ ফলত মূত্ৰবাহী নলীৰ দুয়োকাষে যথেষ্ট চাপৰ সৃষ্টি হয় আৰু প্ৰস্ৰাৱ নিৰ্গমনত যথেষ্ট অসুবিধা হয়। সাধাৰণতে অতিস্থূলতা, হৃদৰোগ, ডায়েবেটিচ ৰোগত আক্ৰান্ত ব্যক্তিৰ লগতে যিসকলে শাৰীৰিক শ্ৰম নকৰে, তেওঁলোকৰ ক্ষেত্রত অথবা বংশগত কাৰণত এই গ্ৰন্থিটোৰ সতকাই বৃদ্ধি হোৱা দেখা যায়।

লক্ষণ

১) প্ৰস্ৰাৱৰ বেগ ৰাখিব নোৱৰা (Urgency)

২) সঘনাই পেচাপ লগা (Frequency)

৩) পেচাব কৰাৰ সময়ত বল দিব লগা, টোপ টোপকৈ হোৱা (Hesitancy)

৪) ৰাতিৰ ভাগত বেছিকৈ পেচাপ লগা

৫) প্ৰস্ৰাৱ কৰাৰ সময়ত তলপেটত অসহ্য যন্ত্রণা হোৱা

৬) বীৰ্য স্খলনৰ পিছত বিষ ইত্যাদি

বহুসময়ত ৰোগাক্ৰান্ত ব্যক্তিয়ে এই লক্ষণবোৰক স্বাভাৱিক বুলি জ্ঞান কৰি চিকিত্সকৰ কাষ নাচাপে যাৰ ফলত এই ৰোগবিধৰ চিকিত্সা সময়মতে নকৰিলে পেচাপ সম্পূৰ্ণৰূপে বন্ধ হোৱা দেখা যায়। ইয়াৰ লগতে কিডনীৰ ঊর্ধ্বক্ৰমীয় বীজাণু সংক্ৰমণ (Ascending urinary tract infection), পেচাপত ৰক্ত অহা (Himaturia), কিডনী ফুলি যোৱা (hydronephrosis) আদি সমস্যাই দেখা দিয়ে। তদুপৰি সময়ৰ লগে যৌন ক্ষমতাও হ্ৰাস পায়।

#পৰীক্ষা (Investigations)

১) তলপেটৰ আল্ট্ৰাছ’ন’গ্ৰাফী (USG lower abdomen, KUB)

২) PSA (Prostate specific antigen)

৩) Fine needle biopsy

৪) Cystoscopy

৫) Trans urethral sonography

৬) Urine culture and sensitivity test

#চিকিত্সা

প্ৰাথমিক চিকিত্সা হিচাপে ৰোগীক সকাহ দিয়াৰ বাবে প্ৰস্ৰাৱ পথেৰে Catheter লগাই দিয়া হয় যাতে ৰোগীয়ে পেচাপ কৰোতে বিষ অনুভৱ নকৰে। বহু সময়ত প্ৰ’ষ্টেট গ্ৰন্থিটোৰ বৃদ্ধিৰ বাবে মুত্রথলীৰ বহিঃনিৰ্গমন পথটো সম্পূৰ্ণ বন্ধ হৈ যায়, যাৰ ফলত Catheter দিব পৰা নাযায়। এনে অৱস্হাত ৰোগীৰ তলপেটত বিন্ধা (Supra pubic puncture) কৰি প্ৰস্ৰাৱ কৰোৱা হয়। তদুপৰি আধুনিক চিকিত্সা-পদ্ধতিত Dutasteride, Tumsulosin, Flavoxate জাতীয় ঔষধৰ লগতে পেচাপৰ সংক্ৰমণৰ ওপৰত ভিত্তি কৰি উপযুক্ত Antibiotics আৰু Alkalizer দিয়া হয়। ঔষধৰদ্বাৰা সুফল নাপালে অস্ত্রোপচাৰ (TURP) কৰা হয়।

#সাৱধানতা
BPH ৰোগত আক্ৰান্ত ব্যক্তিয়ে কিছু সাৱধানতা অৱলম্বন কৰি ৰোগৰ তীব্ৰতা কিছু কমাব পাৰে…
১) যথাসম্ভৱ পানী তথা অন্য জলীয় দ্ৰব্য কমকৈ সেৱন কৰিব লাগে

২) কেফেইন জাতীয় দ্ৰব্য, সুৰাপান, শীতল পানীয় আদি পৰিহাৰ কৰা উচিত

৩) মূত্রল (Diuretics), Decongestant, anti histaminic, anti depressants জাতীয় ঔষধ জধেমধে ব্যৱহাৰ কৰিব নালাগে

৪) কোষ্ঠকাঠিন্য (constipation) যাতে নহয় তালৈ লক্ষ্য ৰখা উচিত

৫) Pelvic exercise কৰিব লাগে

আয়ুৰ্বেদিক উপচাৰ

আয়ুৰ্বেদিক চিকিত্সা-পদ্ধতিত ব্যৱহৃত নিম্নলিখিত ঔষধিসমূহ অত্যন্ত উপযোগী – Kanchanar guggulu, Raudra Ras, Vrihat bangeswar ras, Triphala guggulu, Chandraprabha Vati, wellprost capsule, Renalka syp, Himplasia Tablet, Neeri syp, Green punarnava syp ইত্যাদি (উল্লিখিত ঔষধসমূহ চিকিত্সকৰ পৰামৰ্শ অনুযায়ী ব্যৱহাৰ কৰিব) *ডাঃ মেদিনী বৰ্মন, MO(Ayu)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: আয়ুৰ্বেদিক চিকিৎসাপ্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধি
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
September 14, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

September 12, 2026
Ozempic benefits- the natural way!

Ozempic benefits- the natural way!

September 12, 2026
Is Fast Fashion Fueling the Global Plastic Pollution Crisis?

Is Fast Fashion Fueling the Global Plastic Pollution Crisis?

September 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d