• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Women

প্ৰসঙ্গ মণিপুৰ

ৰেজাউল কৰিম

by Anjan Sarma
August 1, 2023
in Women, Justice, National, Opinion, Politics
Reading Time: 4 mins read
0
প্ৰসঙ্গ মণিপুৰ
Share on FacebookShare on TwitterShare on LinkedIn

প্ৰসঙ্গ মণিপুৰ

ৰেজাউল কৰিম

Rezaul Karim
ৰেজাউল কৰিম

মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ বিষয়টো ক্ৰমাত জটিল হৈ গৈ আছে।

দীৰ্ঘদিন ধৰি হৈ থকা এই সংঘৰ্ষ বন্ধ কৰিবলৈ চৰকাৰ বিফল হৈছে। বিষয়টো সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ইমান দিনে অৱলম্বন কৰা নীৰৱতাই এক ৰহস্যৰো সৃষ্টি কৰিছে।

অনুমান কৰিব পাৰি যে সমস্যা সমাধান কৰাটো এতিয়া চাগে অধিক জটিল হৈ পৰিছে।

মানুহ মৰিছে নে কুকি আৰু মেইতি মৰিছে ? নাৰী ধৰ্ষিতা হৈছে নে কুকি ধৰ্ষিতা হৈছে ? খ্ৰীষ্টান মৰিছে নে হিন্দু মৰিছে ? এই কথা এতিয়া বতাহত পাকঘূৰণি খাই খাই আকৌ নিজৰ কাষলৈ ঘূৰি আহিছে। 

মণিপুৰ গোষ্ঠী সংঘৰ্ষৰ প্ৰথম মৃতক আছিল হাংলালমুৱান ভাইফেই নামৰ একৈছ বছৰীয়া চূড়াচান্দপুৰ নিবাসী এজন কুকি ছাত্ৰ । ছাত্ৰজনৰ দোষ আছিল তেওঁ মুখ্যমন্ত্ৰীক সমালোচনা কৰি ব’ন লী নামৰ লোক এজনে দিয়া ফেচবুক পোষ্ট এটা ফৰৱাৰ্ড কৰিছিল। সেই পোষ্টটোত মুখ্যমন্ত্ৰীক কুকি সম্প্ৰদায়ৰ সমস্যাৰ বাবে জগৰীয়া বুলি কোৱা হৈছিল।

পোষ্টটো ফৰৱাৰ্ড কৰা ভাইফেইক পুলিচে গ্ৰেপ্তাৰ কৰিছিল ত্ৰিছ এপ্ৰিল তাৰিখে আৰু চাৰি মে’ তাৰিখে তেওঁক কোৰ্টৰ পৰা জেললৈ লৈ গৈ থাকোতে এদল মেইতেই সম্প্ৰদায়ৰ লোকে তেওঁক পুলিচৰ জিম্মাত থকা অৱস্থাতে আক্ৰমণ কৰি পুলিচৰ অস্ত্ৰ কাঢ়ি নিছিল আৰু তেওঁক মাৰি পেলাইছিল। পুলিচে ল’ৰাজনক উন্মত্ত জনতাৰ হাতত এৰি দি পলায়ণ কৰিছিল।

RelatedPosts

How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 12, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 8, 2026

পুলিচৰ জিম্মাত থাকোতেই যুৱকজনৰ মৃত্যু হোৱা কথা পুলিচে স্বীকাৰ কৰিছে বুলি The Hindu কাকতত প্ৰকাশ হৈছে। উল্লেখযোগ্য যে যিটো গোচৰৰ বাবে ভাইফেইক গ্ৰেপ্তাৰ কৰা হৈছিল সেই কেচটো প্ৰকৃততে ব’ন লীৰ নামতহে পঞ্জীয়ন কৰা আছিল। 

ফেচবুক পোষ্টটোত এই অভিযোগো কৰা হৈছিল যে মেইতি জনগোষ্ঠীৰ ৰাজনৈতিক নেতাই মুখ্যমন্ত্ৰী বিৰেন সিঙৰ সমৰ্থনত পাহাৰত পপি খেতি কৰে, কিন্তু ট্ৰাইবেল লোকৰ মাটি দখল কৰিবলৈ ট্ৰাইবেল সকলক দোষাৰোপ কৰে। 

ইয়াৰ পাছৰ পৰাই একাদিক্ৰমে ঘটনাবোৰ ঘটি গৈছিল। ভাইফেইৰ মৃত্যুৰ ঘটনাত পুলিচো জড়িত বুলি মাক দেউতাকে অভিযোগ কৰিছে। এই ঘটনাৰ পাছত একাদিক্ৰমে বিভিন্ন ঘটনা ঘটি গৈছে। অৱশেষত ঘটনাই আন্তৰ্জাতিক স্তৰত খ্ৰীষ্টান বনাম হিন্দুৰ সাম্প্ৰদায়িক ঘটনা বুলিহে জনাজাত হ’ল। ঘটনাৰ আভ্যন্তৰীণ বিষয়টো এতিয়াও চৰকাৰীভাৱে আলোচনা কৰা হোৱা নাই।

“নাৰী, সকলো ক্ষেত্ৰতে মানুহৰ সহজ লাঞ্ছনাৰ বলি হৈ আহিছে। সময় সলনি হৈছে আৰু লগে লগে লাঞ্ছনাৰ ধৰণো সলনি হৈছে। দৰিদ্ৰ সমাজত নাৰীয়েই দৰিদ্ৰতাৰ প্ৰথম চিকাৰ হয়। সংঘৰ্ষৰ সময়ত নাৰী শাসক পক্ষ, বিৰোধী পক্ষ আৰু প্ৰতিৰক্ষা বাহিনীৰ সহজ যৌন নিৰ্যাতনৰ আহিলা হৈ পৰে। যুদ্ধৰ সময়ত নাৰীৰ দুৰ্যোগৰ সীমা নোহোৱা হয়। অনুভৱ হয় নাৰী যেন কোনো দেশৰে সন্মানীয় নাগৰিক নহয়। সামৰিক বাহিনীয়েও নাৰীক প্ৰতিশোধৰ সহজ টাৰ্গেট কৰি যৌন নিৰ্যাতন কৰি বীৰত্বৰ পৰিচয় দিয়ে। শত্ৰু অথবা মিত্ৰ যিয়ে নহওঁক নাৰীৰ অৱয়ব একেই। নাৰীৰ শ্লীলতা ধৰ্ম আৰু গোষ্ঠীভেদে বেলেগ নহয়। অথচ, যৌন নিৰ্যাতনৰ সময়ত নাৰীক ধৰ্ম আৰু গোষ্ঠীগতভাৱে নিৰ্যাতন কৰি সেই নিৰ্যাতনৰ মান্যতা দিয়া হয়।” 

প্ৰসঙ্গ মণিপুৰ

ইয়াৰে মাজতে এটা শক্তিশালী চক্ৰই মণিপুৰৰ হিংসাত্মক ঘটনাবোৰত মুছলমান লোক জড়িত বুলি প্ৰচাৰ কৰি ইয়াক অইন পিনে ঢাল খুৱাবলৈ চেষ্টা চলোৱা দৃষ্টিগোচৰ হৈছে। ইয়েই প্ৰমাণ কৰে যে এই সমগ্ৰ ঘটনাৰ আঁৰত নিশ্চয় কোনো ষড়যন্ত্ৰ আছে। এই ষড়যন্ত্ৰৰ জালৰ পৰা সকলোৱে মুক্ত হৈ থাকিবলৈ পৰিবেশ ৰচনা কৰা প্ৰয়োজন। 

মণিপুৰে আজি নিজে নিজৰেই শৌয্য বীৰ্য্য, অতীত গৌৰৱ গাঁথা ধুলিস্যাত কৰি দিছে । এয়া স্বত:স্ফূৰ্ত নে ? কাৰ প্ৰৰোচনাত আজি মণিপুৰে বিশ্বৰ আগত শিৰনত কৰিব লগা হৈছে। এই কথা মণিপুৰৰ স্বাভিমানী নাগৰিকে চিন্তা কৰিব লাগিব।

মণিপুৰত হোৱা নাৰী নিৰ্যাতনৰ প্ৰসঙ্গত দুটামান কথা আলোচনা হোৱা উচিত। আমাৰ দেশখনে যিমানেই প্ৰগতি নকৰক কিয়, দেশৰ নাগৰিকৰ আধা অংশ নাৰীয়ে যদি নিজ দেশত, নিজ ৰাজ্যত, নিজ ঘৰত সুৰক্ষিত অনুভৱ নকৰে তেনেহলে বুজিব লাগিব ক’ৰবাত কিবা এটা ঠিক থকা নাই। 

নাৰী, সকলো ক্ষেত্ৰতে মানুহৰ সহজ লাঞ্ছনাৰ বলি হৈ আহিছে। সময় সলনি হৈছে আৰু লগে লগে লাঞ্ছনাৰ ধৰণো সলনি হৈছে। দৰিদ্ৰ সমাজত নাৰীয়েই দৰিদ্ৰতাৰ প্ৰথম চিকাৰ হয়। সংঘৰ্ষৰ সময়ত নাৰী শাসক পক্ষ, বিৰোধী পক্ষ আৰু প্ৰতিৰক্ষা বাহিনীৰ সহজ যৌন নিৰ্যাতনৰ আহিলা হৈ পৰে। যুদ্ধৰ সময়ত নাৰীৰ দুৰ্যোগৰ সীমা নোহোৱা হয়।

অনুভৱ হয় নাৰী যেন কোনো দেশৰে সন্মানীয় নাগৰিক নহয়। সামৰিক বাহিনীয়েও নাৰীক প্ৰতিশোধৰ সহজ টাৰ্গেট কৰি যৌন নিৰ্যাতন কৰি বীৰত্বৰ পৰিচয় দিয়ে। শত্ৰু অথবা মিত্ৰ যিয়ে নহওঁক নাৰীৰ অৱয়ব একেই। নাৰীৰ শ্লীলতা ধৰ্ম আৰু গোষ্ঠীভেদে বেলেগ নহয়। অথচ, যৌন নিৰ্যাতনৰ সময়ত নাৰীক ধৰ্ম আৰু গোষ্ঠীগতভাৱে নিৰ্যাতন কৰি সেই নিৰ্যাতনৰ মান্যতা দিয়া হয়। 

প্ৰসঙ্গ মণিপুৰ

“মণিপুৰৰ জনগণ আজি চক্ৰবেহুত সোমাইছে। আমাৰ বোধেৰে কোনো ৰাজ্যৰ বাসিন্দাই নিজৰ বিচাৰ বুদ্ধিৰে ইমান দিনলৈকে এনে নাৰকীয় ঘটনা সংঘটিত নকৰে। ভাৰতৰ ভিতৰত মণিপুৰ এখন বিখ্যাত সাংস্কৃতিক ৰাজ্য। ভাৰতৰ ভিতৰত মণিপুৰৰ মহিলাক অতি সাহসী বুলি কোৱা হয়। মণিপুৰীসকলৰ স্বাভিমান মহাভাৰতৰ সময়ৰ পৰাই জনাজাত। যি মণিপুৰী মহিলাই মহিলাৰ স্বাভিমান ঘুৰাই অনাৰ উদ্দেশ্যে, ভাৰতীয় সেনাই কৰা ধৰ্ষণৰ বাবে ৰাজপথত উলংগ হৈ প্ৰতিবাদ কৰিবলৈ কুণ্ঠাবোধ নকৰে সেই মণিপুৰী মহিলাই কিদৰে ধৰ্ষণকাৰী সন্তান প্ৰসৱ কৰিব পাৰে ? কিদৰে সেই মণিপুৰী মহিলাই ধৰ্ষণকাৰীৰ হাতত আন মহিলাক ধৰ্ষণ কৰিবলৈ গতাই দিব পাৰে ? এই ঘটনাসমূহ স্বত: স্ফূৰ্ত নে ? আমাৰ বোধেৰে এই মুহূৰ্তত মণিপুৰ চক্ৰবেহুৰ আৱৰ্তত। কোনোবাই তেখেতসকলৰ আৱেগক ৰাজনৈতিক হাথিয়াৰলৈ ৰূপান্তৰ কৰিছে। আৰু তেওঁলোকে নিজৰ অজ্ঞাতে নিজেই গোটেই বিশ্বত লজ্জানত হৈছে। যিমান সোনকালে তেওঁলোকে এই সত্য উপলব্ধি কৰে তেওঁলোকৰ কাৰণে সিমানেই মঙ্গল।”

আমাৰ দেশো এনে বৈষম্যমূলক ঘটনাৰ পৰা পিছ পৰি থকা নাই। নাৰী সৱলীকৰণৰ নামত অনেক চৰকাৰী আঁচনি আছে । ‘বেটি বাচাও বেটি পঢ়াও’ এটা আকৰ্ষণীয় শ্লোগান। অথচ চৰকাৰৰ ঘৰত ইয়াৰ মান্যতা বিচাৰি ফুৰিব লাগে। আমাৰ দেশৰ মাননীয় ৰাষ্ট্ৰপতি গৰাকী নাৰী। দুগৰাকীকৈ নাৰী কেবিনেট মন্ত্ৰী। ৰাজনৈতিক দলৰ কেইবাগৰাকী সুবক্তা হৈছে নাৰী। আজিৰ দিনত আমাৰ দেশৰ আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কেইবা গৰাকী খেলুৱৈ হৈছে নাৰী।

প্ৰসঙ্গ মণিপুৰ

এই সকলোবোৰেই দেশৰ আভ্যন্তৰৰৰ নাৰীৰ শক্তি আৰু মৰ্যাদাক প্ৰতিফলিত নকৰে। কিছুদিন আগতে মহিলা মল্লযোদ্ধা সম্পৰ্কে কৰা এটা মন্তব্যত মাননীয় ৰাষ্ট্ৰপতি গৰাকীয়ে কৈছিল যে তেওঁৰ ওচৰলৈ অহা সকলো কাগজ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰলৈ পঠিয়াই দিয়ে।

কিন্তু কেতিয়াবা তেওঁৰ ওচৰলৈ কিছুমান কাগজ নাহে। আমাৰ দৃষ্টিত এইটো দেশৰ মুৰব্বী গৰাকীৰ অসহায়বোধৰ প্ৰকাশ। 

এম, জি, আকবৰৰ কথা সকলোৰে মনত আছেনে বাৰু ? এইগৰাকী ব্যক্তিক এজন শক্তিশালী সাংবাদিক বুলি সকলোৱে জানিছিল। তেওঁ আছিল দেশৰ বিদেশ ৰাজ্য মন্ত্ৰী। তেওঁৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ লগে লগেই তেওঁক পদত্যাগ কৰিবলৈ কোৱা হৈছিল আৰু তেওঁ পদত্যাগ কৰিছিল। এতিয়া তেওঁ পাহৰণিৰ গৰ্ভত। নি:সন্দেহে চৰকাৰৰ এই সিদ্ধান্ত আছিল নাৰীৰ মৰ্যাদা ৰক্ষাৰ সপক্ষে।

অথচ একেই চৰকাৰৰ দিনত দেশৰ ছয় গৰাকী প্ৰসিদ্ধ মহিলা মল্লযোদ্ধাই সাংসদ আৰু মহিলা মল্লযোদ্ধা ফেডাৰেচনৰ অধক্ষ্য ব্ৰীজভূষণ চাৰণ সিঙৰ বিৰুদ্ধে অনা যৌন আতিশয্যৰ গোচৰ দিবলৈ যাওতে পুলিছে তেখেতসকলৰ দৰ্খাস্ত গ্ৰহণেই নকৰিলে। পুলিচে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে দৰ্খাস্ত গ্ৰহণ কৰিবলৈ চুপ্ৰিম কোৰ্টৰ আদেশৰ বাবে বাট চাব ল’গা হয়। আনকি আজিলৈকে শাসকীয় দলে তেওঁক পদৰ পৰা পদত্যাগ কৰিবলৈকো নিৰ্দেশ দিয়া নাই।

প্ৰসঙ্গ মণিপুৰ

বৰ্তমানে তেওঁৰ বিৰুদ্ধে চাৰ্জচীট দাখিল কৰাৰ পাছতো কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা লোৱা হোৱা নাই। হাথৰাচৰ দলিত মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত বিচাৰ হোৱা দুৰৰে কথা তেওঁৰ মৃতদেহটোকো নিশাৰ অন্ধকাৰত দাহ কৰা হৈছিল।

এই ঘটনাৰ বাতৰি যুগুত কৰিবলৈ অহা কেৰেলাৰ সাংবাদিক এজনক ভুৱা গোচৰ জাপি দি এৰেষ্ট কৰি জেলত ভৰাই থোৱা হৈছিল। অৱশেষত উচ্চতম ন্যায়ালয়ে তেওঁক নিৰ্দোষী বুলি ঘোষণা কৰাত জেলৰ পৰা মুক্তি পাইছিল।

গুজৰাটৰ বিলকিচ বাণুক ধৰ্ষণ কৰি দোষী সাব্যস্ত হৈ কাৰাবাস খটা পাচ অভিযুক্তক ৰাজ্য চৰকাৰেই মুকলি কৰি দিছে। এনেদৰে মুকলি হোৱা ধৰ্ষণকাৰীক ফুলৰ মালা পিন্ধাই আদৰি অনা হৈছে।

এনেদৰেই নাৰীৰ মৰ্যাদাক ধুলিস্যাত কৰা হৈছে। একেদৰেই কোনো শাস্তি নাপালে উন্নাওৰ দুৰ্ভগীয়া শিশুজনীয়েও। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে আইনৰ সহায় অনেক দুৰ। কিন্তু দেশৰ স্বাভিমান ৰক্ষা কৰা আন্তঃৰাষ্ট্ৰীয় মহিলা খেলুৱৈ সকলক কোনোপধ্যেই দুৰ্বল বুলি ক’ব নোৱাৰি।

অথচ দেখা গ’ল দেশৰ সন্মান আৰু স্বাৰ্থতকৈ ৰাজনৈতিক দলৰ স্বাৰ্থহে উৰ্ধত। গতিকে অবলা নাৰীয়ে এইখন দেশত কেনেকৈ ন্যায়ৰ আশা কৰিব পাৰে ? অতিকৈ আচৰিত হ’ব লগা কথা হৈছে যে দেশখনৰ এগৰাকী মহিলা ৰাজনৈতিক নেতাই কৈছে যে মণিপুৰৰ নাৰীয়ে নিজৰ দেহটোকো অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। গতিকে দেশৰ বাকী অংশৰ মহিলাৰ সৈতে মণিপুৰৰ মহিলাক ৰিজাব নোৱাৰি।

প্ৰসঙ্গ মণিপুৰ

মনোৰমা দেৱী নামৰ মণিপুৰী মহিলা এগৰাকীক সেনাই ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত মণিপুৰৰ মহিলা সংগঠন এটাই ৰাজপথত উলংগ হৈ ‘ আহা, ভাৰতীয় সেনা আমাক ধৰ্ষণ কৰাহি ‘ বুলি কৰা প্ৰতিবাদৰ জেৰ টানি উল্লিখিত মহিলা নেতৃ গৰাকীয়ে মণিপুৰী মহিলাই নিজৰ দেহটোকো অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে বুলি কৈছে। তেওঁ বুজাব খুজিছে নেকি যে উলংগ হোৱা বা উলংগ কৰাটো মণিপুৰৰ মহিলাৰ বাবে কোনো সন্মানহানিৰ কথা নহয় ?

তেখেতে চাগে পাহৰি গৈছে যে ঐৰম শৰ্মিলাই ভাৰতীয় সেনাৰ অত্যাচাৰৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ কৰি সেনা প্ৰত্যাহাৰৰ বাবে একেৰাহে দহ বছৰৰো অধিককাল অনশন কৰিও কোনো সঁহাৰি নাপালে। এয়াও ৰাষ্ট্ৰৰে অবিচাৰ নহয় জানো ?

এগৰাকী মহিলা মন্ত্ৰীক সিদিনা চিঞৰ বাখৰ কৰা শুনিলো যে, ৰাহুল গান্ধীয়ে হেনো এই সংঘাতৰ সৃষ্টি কৰিছে। অনেকে এতিয়া ঘটনাৰ দোষীক বিচাৰি শাস্তি প্ৰদান কৰি মণিপুৰত শান্তি ঘুৰাই অনাৰ চেষ্টা কৰা এৰি কোন চৰকাৰৰ দিনত কিমান ধৰ্ষণ হৈছিল সেই পৰিসংখ্যা দাঙি ধৰি নিজৰ পাণ্ডিত্য জাহিৰ কৰিবলৈ ওলাইছে।

প্ৰসঙ্গ মণিপুৰ

তেওঁলোকৰ জ্ঞাতাৰ্থে এই কথা ক’ব খুজিছো যে এনে পৰিসংখ্যাই ভাৰতবৰ্ষক গোটেই বিশ্বত এটা ধৰ্ষণকাৰীৰ দেশ বুলিহে প্ৰমাণ কৰিব। দেশৰ নাক কাটি নিজ দলক সুৰক্ষা দিয়াৰ এই প্ৰৱণতা কিমান ভয়াবহ হ’ব পাৰে সকলোৱে উপলব্ধি কৰা উচিত। 

মণিপুৰৰ ঘটনা অকল মণিপুৰৰ কাৰণেই উদ্বেগৰ কথা নহয়। অসমৰ বাবেও ই চিন্তাৰ বিষয়। কাৰণ অসম, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ। তদুপৰি অসমত অনেক মণিপুৰি লোকে বসবাস কৰে। অসমৰ সামগ্ৰীক উন্নয়নৰ বাবে উত্তৰ পূৰ্বাঞ্চল শান্ত হৈ থকাটো অত্যন্ত জৰুৰী। 

মণিপুৰৰ জনগণ আজি চক্ৰবেহুত সোমাইছে। আমাৰ বোধেৰে কোনো ৰাজ্যৰ বাসিন্দাই নিজৰ বিচাৰ বুদ্ধিৰে ইমান দিনলৈকে এনে নাৰকীয় ঘটনা সংঘটিত নকৰে। ভাৰতৰ ভিতৰত মণিপুৰ এখন বিখ্যাত সাংস্কৃতিক ৰাজ্য। ভাৰতৰ ভিতৰত মণিপুৰৰ মহিলাক অতি সাহসী বুলি কোৱা হয়। মণিপুৰীসকলৰ স্বাভিমান মহাভাৰতৰ সময়ৰ পৰাই জনাজাত।

প্ৰসঙ্গ মণিপুৰ

যি মণিপুৰী মহিলাই মহিলাৰ স্বাভিমান ঘুৰাই অনাৰ উদ্দেশ্যে, ভাৰতীয় সেনাই কৰা ধৰ্ষণৰ বাবে ৰাজপথত উলংগ হৈ প্ৰতিবাদ কৰিবলৈ কুণ্ঠাবোধ নকৰে সেই মণিপুৰী মহিলাই কিদৰে ধৰ্ষণকাৰী সন্তান প্ৰসৱ কৰিব পাৰে ? কিদৰে সেই মণিপুৰী মহিলাই ধৰ্ষণকাৰীৰ হাতত আন মহিলাক ধৰ্ষণ কৰিবলৈ গতাই দিব পাৰে ? এই ঘটনাসমূহ স্বত: স্ফূৰ্ত নে ?

আমাৰ বোধেৰে এই মুহূৰ্তত মণিপুৰ চক্ৰবেহুৰ আৱৰ্তত। কোনোবাই তেখেতসকলৰ আৱেগক ৰাজনৈতিক হাথিয়াৰলৈ ৰূপান্তৰ কৰিছে। আৰু তেওঁলোকে নিজৰ অজ্ঞাতে নিজেই গোটেই বিশ্বত লজ্জানত হৈছে। যিমান সোনকালে তেওঁলোকে এই সত্য উপলব্ধি কৰে তেওঁলোকৰ কাৰণে সিমানেই মঙ্গল। 

modi1 1

29-07-2023

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

How the Iran Conflict is Triggering an LPG Shortage in India?
Special Report

How the Iran Conflict is Triggering an LPG Shortage in India?

by Nilim Kashyap Barthakur
March 12, 2026
0

How the Iran Conflict is Triggering an LPG Shortage in India? Nilim Kashyap Barthakur The escalating conflict involving the United...

Read moreDetails
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 8, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026
WOMEN: BE IN LOVE WITH YOURSELF

WOMEN: BE IN LOVE WITH YOURSELF

March 8, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026
How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

March 12, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 12, 2026
New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d