• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Culture

প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

by Anjan Sarma
August 11, 2024
in Culture, History, Nature
Reading Time: 8 mins read
0
প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি
Share on FacebookShare on TwitterShare on LinkedIn

প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

ইতিহাসৰ আৰম্ভণি আৰু শ্ৰেণী বিভাগ :

যদিও ভিন্ন পটভূমিৰ পৰা অহা তথাপিও অসমৰ প্ৰেক্ষাপটত ‘বুৰঞ্জী‘, সৰ্বভাৰতীয় প্ৰেক্ষাপটত ‘ইতিহাস’, আৰু ইংৰাজীৰ ‘History’ বুলি ক’লে আমি সকলোৱে এটা অৰ্থই বুজি পাওঁ। ইংৰাজী ভাষাৰ এই ‘History’ শব্দটো গ্ৰীক ভাষাৰ ‘Historia’ শব্দৰ পৰা আহিছে; ইয়াৰ অৰ্থ হৈছে “অনুসন্ধান বা অনুসন্ধানৰদ্বাৰা জ্ঞান অৰ্জন কৰা”৷

অতীতত সংঘটিত ঘটনা প্ৰবাহক প্ৰণালীবদ্ধ অধ্যয়ন কৰাই হৈছে এই বিষয়টিৰ মূল কাম; য’ত বহুদিশ জড়িত হৈ থাকিলেও অধ্যয়নৰ বাবে মানুহকেই মুখ্য কৰি লোৱা হয়। 

ঐতিহাসিক দৃষ্টিকোণেৰে ইতিহাসত সংঘটিত ঘটনা প্ৰবাহক প্ৰধান তিনিটা ভাগত বিভক্ত কৰা হৈছে।

১/ প্ৰাক-ইতিহাস বা (Prehistory) : লিখন বিদ্যাৰ উদ্ভাৱন (Invention of writing) হোৱাৰ আগৰ ঘটনা প্ৰবাহক প্ৰাক-ইতিহাস বা pre-history বুলি কোৱা হয়। এইচোৱা বিশেষ সময়ক আকৌ তিনিটা বিশেষ শৈল-যুগক বিভক্ত কৰা হৈছে। (অধিক তথ্য আগলৈ)

২/ প্ৰোটো-ইতিহাস (Proto-history) : প্ৰাক-ইতিহাস আৰু ইতিহাস (Between Prehistory and History) ৰ মাজৰ সময়খিনিক প্ৰোটো-ইতিহাস বা Proto-history বুলি জনা যায়। যিচোৱা সময়ত সভ্যতা-সংস্কৃতি আৰু লিখন বিদ্যাৰ উদ্ভাৱন তথা বিকাশ ঘটিছিল কিন্তু সেইসমূহ পঢ়িব পৰা হোৱা নাছিল লগতে অন্যান্য সমসাময়িক সভ্যতাসমূহেও সেইচোৱা সময়ৰ বিষয়ে উল্লেখ কৰি গৈছিল।

উদাহৰণস্বৰূপে, সিন্ধু বা হৰপ্পা সভ্যতাবাসীয়ে লিখন বিদ্যা জানিছিল কিন্তু সেইসমূহ অদ্যাপী পাঠোদ্ধাৰ হোৱা নাই; আকৌ এই সভ্যতাৰ বিষয়ে সমসাময়িক মেচ’পটেমিয়া সভ্যতাবাসীয়েও উল্লেখ কৰি গৈছে। ঠিক একে ধৰণেই খ্ৰীষ্টীয় ১৫০০-৬০০ খ্ৰীষ্ট পূৰ্বলৈকে বৈদিক সভ্যতাৰ অধিবাসীসকলে মৌখিক সাহিত্যৰ পৰম্পৰাৰ ওপৰতেই নিৰ্ভৰ কৰি চলিছিল; সেই সময়ৰলৈকে তেওঁলোকৰ মাজত কোনো লিখিত সাহিত্যৰ বিকাশ হোৱা নাছিল।

সেইবাবেই ভাৰতীয় ইতিহাসত সিন্ধু বা হৰপ্পা সভ্যতাৰ বিকাশৰ সময়খিনিৰ লগতে বৈদিক সভ্যতাৰ বিকাশৰ এচোৱা বিশেষ সময়ক (c 1500-600 b.c.) প্ৰোটো-ইতিহাস (Proto-history) ৰ সময় বুলি গণ্য কৰা হয়। প্ৰত্নতত্ববিদসকলৰ মতে, ভাৰতীয় ইতিহাসৰ নৱ-প্ৰস্তু (Neolithic) আৰু তাম্ৰ-যুগক (Chalcolithic) এইচোৱা সময়তেই অন্তৰ্ভুক্ত কৰিব পাৰি।

৩/ ‘ইতিহাস’ (History) : অন্যহাতেদি লিখন প্ৰযুক্তি উদ্ভাৱনৰ পৰা ইয়াৰ পৰৱৰ্তী সময়খিনিক লিখিত বা সাহিত্যিক আৰু প্ৰত্নতাত্বিক সমলৰ ওপৰত ভিত্তি কৰি পঢ়িব আৰু লিখিব পৰা শিক্ষিত সমাজৰ অভ্যুত্থানৰ সময়খিনিৰ পৰা ‘ইতিহাস’ অৰ্থাৎ ‘history’ ৰ শুভাৰম্ভৰ সময় বুলি গণ্য কৰা হয়। 

পোনপ্ৰথমে ভাৰতবৰ্ষৰ ভূখণ্ডত প্ৰথম মানৱৰ স্থিতি আৰু বসতি প্ৰাক-ইতিহাস (prehistory) সময়তেই হৈছিল বুলি ঐতিহাসিকসককে কয়। প্ৰাক-ইতিহাসৰ অধ্যয়নৰ ক্ষেত্ৰত Robert Bruce Foote ৰ নামেই আমি পোনপ্ৰথমে ল’ব লাগিব। যিয়ে ভাৰতৰ ইতিহাসৰ প্ৰত্ন-প্ৰস্ত যুগবাসীয়ে ব্যৱহাৰ কৰা অস্ত্ৰ ‘Pallavaram Handaxe’ ক পোনপ্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰিছিল।

প্ৰাক-ইতিহাস (Prehistory) বিকাশত Sir Mortimer Wheeler ৰ অৱদানো বহু আছিল; Wheeler এ প্ৰাক-ইতিহাস (Prehistory) সময়ৰ মানুহৰ সংস্কৃতি আৰু বিভিন্ন ঘটনাৰ বিষয়ে অধ্যয়ন কৰিছিল। ভূ-তাত্বিক সময়, শৈল অস্ত্ৰৰ প্ৰকাৰ, প্ৰযুক্তি আৰু আদিম মানুহৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আৰু কৌশলৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাক-ইতিহাস (Prehistory) ক তিনিটা প্ৰধান শৈল যুগত ভাগ কৰা হৈছে-

১/ পুৰণি শৈল যুগ বা প্ৰত্ন-প্ৰস্তৰ যুগ (৫,০০,০০০-১০,০০০ খ্ৰীষ্টপূৰ্ব)
২/ পৰৱৰ্তী শৈল যুগ বা মধ্য-প্ৰস্তৰ যুগ (১০,০০০-৬০০০ খ্ৰীষ্টপূৰ্ব)
৩/ নতুন শৈল যুগ বা নব্য-প্ৰস্তৰ যুগ (৬০০০-১০০০ খ্ৰীষ্টপূৰ্ব)
প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

● প্ৰত্ন প্ৰস্তৰ যুগ বা চিকাৰ বৃত্তি আৰু খাদ্যসামগ্ৰী সংগ্ৰহৰ সময় (৫,০০,০০০-১০,০০০ BCE) : প্ৰাক-ইতিহাস (prehistory) ৰ অন্তৰ্গত শৈল যুগৰ প্ৰথম সময়ছোৱাক  বৰফৰ যুগ (Ice age or Pleistocene period) বুলি জনা যায়। সিন্ধু আৰু গংগা নদীৰ পলসুৱা উপত্যকাৰ বাহিৰে ভাৰতবৰ্ষৰ প্ৰায়বোৰ অংশতেই এই যুগৰ বিকাশ ঘটিছিল। এই প্ৰত্ন প্ৰস্ত যুগৰ মানুহবোৰ নেগ্ৰিট’ নৃগোষ্ঠীৰ বুলি কোৱা হয়; আৰু তেওঁলোকে গুহাকেই প্ৰধান বাসস্থান, আশ্ৰয় হিচাপে লৈছিল।

প্ৰত্ন প্ৰস্ত যুগৰ লোকসকলে জীৱন নিৰ্বাহৰ বাবে চিকাৰ আৰু খাদ্যসামগ্ৰী সংগ্ৰহত গুৰুত্ব দিছিল। কৃষি কৰ্ম, গৃহ নিৰ্মাণ, বাচন-বৰ্তন সজা, যিকোনো ধাতুৰ বিষয়ে তেওঁলোকৰ কোনো জ্ঞান নাছিল। এইছোৱা সময়ৰ মানুহে প্ৰথমে খহটা কেতবোৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল লগতে তেওঁলোক নগ্ন আছিল। বিশেষকৈ হস্তকুঠাৰ, দা, কাটাৰী, বটালি, চোঁচনী আদি ধৰণৰ কেতবোৰ হাথিয়াৰ তেওঁলোকৰদ্বাৰা ব্যৱহৃত হৈছিল।

এই অস্ত্ৰ-শস্ত্ৰবোৰক ‘কোৱাৰ্টজাইট’ (Quartzite) নামৰ এবিধ কঠিন শিলেৰে নিৰ্মাণ কৰা হৈছিল; আৰু সেইবাবেই এই প্ৰত্ন প্ৰস্ত যুগৰ মানুহক ‘কোৱাৰ্টজাইট মানুহ’ (Quartzite Man) বুলিও জনা যায়। 

প্ৰত্ন প্ৰস্ত যুগৰ মানুহে  ব্যৱহাৰ কৰা শিলেৰে নিৰ্মিত অস্ত্ৰবোৰৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি এই যুগক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে-

১/ আদি প্ৰত্ন প্ৰস্ত যুগ (Early or lower palaeolithic age – 5,00,000 BCE-50,000 BCE) : বৰফৰ যুগৰ এক বৃহৎ অংশ এই যুগৰ অন্তৰ্ভুক্ত। এই সময়ছোৱাত শিলেৰে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰবোৰক প্ৰধানকৈ কাটিবলৈ, খান্দিবলৈ, জন্তুৰ গাৰ ছাল এৰুৱাবলৈ ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান পাকিস্তানৰ সোণ আৰু সোহান উপত্যকা, কাশ্মীৰ, ৰাজস্থানৰ থৰ মৰুভূমি, গুজৰাটৰ হীৰণ উপত্যকা, মধ্যপ্ৰদেশৰ ভীমবেটেকা শৈলআশ্ৰয় (Rock shelter), উত্তৰ প্ৰদেশৰ বেলন উপত্যকা হৈছে আদি প্ৰত্ন প্ৰস্ত যুগৰ প্ৰধান অন্তৰ্ভুক্ত ঠাই।

প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

২/ মধ্য প্ৰত্ন প্ৰস্ত যুগ (Middle Paleolithic Age – 50,000 BCE-40,000 BCE) : চেপেটা কঠিন শিলেৰে নিৰ্মিত কেতবোৰ জোঙা আৰু ব্লেডৰ দৰে মসৃণ কেতবোৰ শৈল অস্ত্ৰৰ ব্যৱহাৰৰ বৈশিষ্ট্যপূৰ্ণ এই যুগৰ অন্তৰ্ভুক্ত প্ৰধান ঠাইসমূহ আছিল সোণ, নৰ্মদা আৰু তুংগভদ্ৰা নদী উপত্যকা, সিন্ধু আৰু ঝিলাম নৈৰ মাজৰ পট’ৱাৰ সমভূমি, পাকিস্তানৰ পেছোৱাৰ ওচৰৰ সাংহৌ গুহা।

৩/ পৰৱৰ্তী প্ৰত্ন প্ৰস্ত যুগ (Late or Upper Paleolithic Age – 40,000 BCE-10,000 BCE) : “হম’ চেপিয়েনছ” (Homo Sapiens) ৰ পোনপ্ৰথমবাৰৰ বাবে আর্ৱিভাবৰ সময় বুলি ঠাৱৰ কৰা এই পৰৱৰ্তী প্ৰত্ন প্ৰস্ত যুগক ‘শেষ বৰফৰ যুগ’ বুলিও জনা যায়; যি সময়ত বতৰ তুলনামূলকভাৱে গৰম আৰু কম আৰ্দ্র (Warm and less humid) হৈছিল।

শিলেৰে নিৰ্মিত সমান দাঁতিৰ অৰ্থাৎ মসৃণ ব্লেড, বটালি আদিৰ দৰে কেতবোৰ অস্ত্ৰৰ লগতে এইখিনি সময়ত মানুহে কিছুমান হাড়ে তৈয়াৰ কৰা হাথিয়াৰো (Some instances of bone tool) ব্যৱহাৰ কৰিছিল। অন্ধপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশৰ কেন্দ্ৰিয় অংশ, উত্তৰ প্ৰদেশৰ দক্ষিণ অংশ, চোটনাগপূৰ মালভূমি আদি ঠাইসমূহ এই পৰৱৰ্তী প্ৰত্ন প্ৰস্ত যুগৰ অন্তৰ্গত ঠাই।

উল্লেখ্য যে, এই যুগত ব্যৱহৃত হাড়ৰদ্বাৰা নিৰ্মিত কেতবোৰ হাথিয়াৰ একমাত্ৰ কুৰনোলৰ গুহা আৰু অন্ধপ্ৰদেশৰ মোচ্ছাতলা চিন্তামনী গভী (Muchchatla Chintamani Gavi in Andhra Pradesh) ত পোৱা গৈছে।

● মধ্য-প্ৰস্ত যুগ – চিকাৰ আৰু পশুপালনৰ সময় (Mesolithic Age – Hunters & Herders) :

 মধ্য-প্ৰস্ত যুগ হৈছে শৈল যুগৰ মধ্যৱৰ্তী সময়ছোৱা। চিকাৰ, মাছ ধৰা, খাদ্যসামগ্ৰী সংগ্ৰহ আৰু শেষৰ ফালে আৰম্ভ হোৱা পশুপালন বৃত্তি আছিল এই যুগৰ প্ৰধান বিশেষত্ব। মধ্য-প্ৰস্ত যুগৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশ আছিল আদিম মানৱৰ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণত এক অভূতপূৰ্ব সাফল্য; এই যুগত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰবোৰৰ নিৰ্মাণৰ বৈশিষ্ট্যগত দিশৰপৰা সেইসমূহক ‘মাইক্ৰ’লিথছ’ (Microliths) বুলি জনা যায়।

মধ্য-প্ৰস্ত যুগৰ মানুহে পূৰ্বে ব্যৱহাৰ কৰা হাথিয়াৰবোৰৰ লগতে কৌশলগতভাৱে নিৰ্মিত অন্য কেতবোৰ যৌগিক বা মিশ্ৰিত হাথিয়াৰ যেনে- যাঠি-জোং, ধনু-কাঁড়, ধেনুভিৰীয়া (কাচিৰ দৰে) অস্ত্ৰ-শস্ত্ৰবোৰ কাঠ বা হাড়ৰ নাল লগাই ব্যৱহাৰ কৰিবলৈ লৈছিল।

মধ্য-প্ৰস্ত যুগৰ কেইটামান বিশেষ দিশ আছিল এনেধৰণৰ…

১/ একমাত্ৰ গুজৰাটৰ লানগঞ্জ আৰু উত্তৰ প্ৰদেশৰ কাইমূৰ অঞ্চলৰ বাহিৰে এই যুগত নিৰ্মিত কোনো মৃৎ পাত্ৰৰ সন্ধান আজিলৈকে পোৱা হোৱা নাই।

২/ মধ্য-প্ৰস্ত যুগৰ শেষৰফালে ‘ৰোপণ খেতি’ (অর্থাৎ plant cultivation) ৰ আৰম্ভ হৈছিল।

৩/ এই যুগ হৈছে প্ৰাক-ইতিহাস (pre-history) ৰ এনে এছোৱা সময় যিছোৱা সময়ত পোনপ্ৰথমবাৰৰ বাবে প্ৰাচীন ভাৰতত শৈল ভাস্কৰ্যসমূহৰ উত্থান ঘটিছিল। ১৮৬৭ চনত কাশ্মীৰৰ কাইমূৰ পাহাৰৰ ছোহাগীঘাটত পোনপ্ৰথমে এই যুগত শিলত অংকিত ছবিসমূহ উদ্ধাৰ হৈছে।

শেহতীয়াকৈ মধ্যপ্ৰদেশৰ ভীমবেটকাৰ গুহা, খাৰবাৰ, জাওৰা আৰু কাথোতিয়া; উৰিষ্যাৰ সুন্দৰগড় আৰু চম্বলপূৰ; কেৰেলাৰ ইজহুটো গুহাকে আদি কৰি সমগ্ৰ ভাৰতবৰ্ষজুৰি প্ৰায় ১৫০ খনমান মধ্য-প্ৰস্ত যুগৰ এনে শৈল ভাস্কৰ্য বিকাশৰ ঠাইসমূহ আৱিষ্কাৰ হৈছে। মধ্য-প্ৰস্ত যুগত শিলত অঁকা এই ছবিবোৰৰ সৰহসংখ্যতেই আদিম মানুহে জীৱ-জন্তুবোৰক বশ কৰাৰ ছবি দেখিবলৈ পোৱা গৈছে।

অন্যহাতেদি আৱিষ্কৃত হোৱা এই ছবিসমূহে মধ্য-প্ৰস্ত যুগৰ মানুহৰ ধৰ্মবিশ্বাস আৰু লিংগভেদে থকা শ্ৰম শ্ৰেণীবিভাজনৰ কথাও আমাক কয়।

৪/ ৰাজস্থানৰ কোঠাৰী নৈৰ পাৰৰ বাগৰ আছিল ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ আৰু অতি গুৰুত্বপূৰ্ণ তথ্যপূৰ্ণ মধ্য-প্ৰস্ত যুগৰ ঠাই।

৫/ কেন্দ্ৰিয় ভাৰতৰ চোটনাগপূৰ অঞ্চল, মধ্যপ্ৰদেশৰ দুয়োখন আদমগড় আৰু বাগৰেই হৈছে মধ্য-প্ৰস্ত যুগৰ মানুহে পোনপ্ৰথমবাৰৰ কাৰণে গ্ৰহণ কৰা পশুপালন বৃত্তিক জনাৰ একমাত্ৰ ঠাই।

৬/ উত্তৰ প্ৰদেশৰ মহাদহা ঠাইখন হৈছে মধ্য-প্ৰস্ত যুগৰ  এনে এখন ঠাই য’ত হাড়েৰে নিৰ্মিত যাঠি-জোং, অলংকাৰ আদি পোৱা গৈছে।

৭/ কৃষ্ণা নদীৰ দক্ষিণ অংশ, তামিলনাডুৰ তিনিভেলী হৈছে অন্য দুখন মধ্য-প্ৰস্ত যুগৰ প্ৰধান ঠাই।

৮/ এলাহাবাদৰ ওচৰৰ চৰাই নাহৰ ৰায়, প্ৰতাপগড় হৈছে অন্য দুখন মধ্য-প্ৰস্ত যুগৰ প্ৰধান ঠাই।

৯/ পশ্চিম বংগৰ বীৰভনপুৰ হৈছে মধ্য-প্ৰস্ত যুগৰ অন্য এখন প্ৰধান ঠাই।

● নৱ-প্ৰস্তৰ যুগ – খাদ্যসামগ্ৰী উৎপাদনৰ সময় (Neolithic Age – Food Producing Stage) :

প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

খ্ৰীষ্টপূৰ্ব ৮০০০ ৰ পৰা ৬০০০ ৰ ভিতৰত উত্তৰ ভাৰতক কেন্দ্ৰ কৰি নৱ-প্ৰস্তৰ যুগৰ বিকাশ ঘটিছিল। অন্যহাতেদি দক্ষিণ আৰু পূব ভাৰতত বহু পলমকৈ অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ১০০০ মানতহে এই যুগৰ আৰম্ভ হৈছিল। নৱ-প্ৰস্তৰ যুগে আদিম মানৱৰ জীৱনলৈ বহু নতুন পৰিৱৰ্তন আনিছিল। 

খাদ্যসামগ্ৰী উৎপাদন আছিল নৱ-প্ৰস্তৰ যুগৰ এক প্ৰধান বিশেষত্ব আছিল। সেইসময়ৰ মানুহে বিভিন্ন ফলমূল আৰু চেপেটা কলাই (kulathi) ৰ দৰে শস্যবোৰৰ খেতি কৰিছিল। লগতে গৰু-ম’হ, ভেড়া, ছাগলী আদি জন্তুক পোহপাল দিছিল।

অস্ত্ৰ-শস্ত্ৰৰ নিৰ্মাণত প্ৰযুক্তিগত বিকাশ এই যুগৰ অন্য এক দিশ আছিল। নৱ-প্ৰস্তৰ যুগৰ মানুহে মসৃণ, জোঙা শৈল অস্ত্ৰবোৰৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেওঁলোক হস্তকুঠাৰ (hand axe) নিৰ্মাণতো সিদ্ধহস্ত আছিল। উল্লেখযোগ্য যে, ভাৰতবৰ্ষৰ উত্তৰ-পশ্চিম অংশত আয়তাকৃতিৰ বেঁকা ধাৰ থকা হস্তকুঠাৰ, উত্তৰ পূবত মসৃণ শিলেৰে নিৰ্মিত হস্তকুঠাৰ আৰু কোৰ আৰু দক্ষিণৰ ফালে ডিম্বাকাৰ হস্তকুঠাৰ দৰে অস্ত্ৰ-শস্ত্ৰবোৰ এইছোৱা সময়ত প্ৰচলন আছিল।

মৃৎ পাত্ৰৰ  (pottery) উদ্ভাৱন এইছোৱা সময়ৰ অন্য এক বিশেষত্ব। নৱ্য-প্ৰস্তৰ যুগৰ মানুহে মাটিৰ পাত্ৰসমূহ নিৰ্মাণত বহু সফলতা অৰ্জন কৰিছিল। এই যুগৰ মাটিৰ পাত্ৰসমূহ ক’লা চিকমিকিয়া, ধোঁৱা বৰণীয়া আৰু অমসৃণ আছিল। (Black Burnish, Grey and Mat) নৱ-প্ৰস্তৰ যুগতেই প্ৰাক-ইতিহাস কালৰ বৃহৎ পৰিমাণৰ মাটিৰ পাত্ৰবোৰৰ প্ৰথম সন্ধান পোৱা গৈছিল।

স্বয়ংসম্পূৰ্ণ গ্ৰাম্য সম্প্ৰদায়সমূহৰ (self-sufficient village communities) উত্থান নৱ-প্ৰস্ত যুগৰ অন্য এক বিশেষত্ব। এই যুগৰ শেষৰফালে মানুহে স্থায়ীভাৱে বাস কৰা জীৱনৰ ওপৰত অধিক গুৰুত্ব দিয়ে। তেওঁলোকে ইকৰা বেৰত বোকাৰে লিপা ঘূৰণীয়া আৰু আয়তাকৃতি গৃহসমূহত বাস কৰিছিল। নৌকা নিৰ্মাণ, কপাহী আৰু ঊণৰ সূতা কটা বিদ্যাকো এই যুগৰ মানুহে আয়ত্ব কৰিছিল।

      লিংগ আৰু বয়সভেদে হোৱা শ্ৰম বিভাজন এই নৱ-প্ৰস্তৰ যুগৰে অন্য এটা বিশেষত্ব তথা গুৰুত্বপূৰ্ণ দিশ।

ভাৰতবৰ্ষৰ  বিভিন্ন ঠাইত আৱিষ্কৃত হোৱা নৱ-প্ৰস্তৰ যুগৰ কেইখনমান গুৰুত্বপূৰ্ণ ঠাই (আৰু লগতে সেইসমূহৰ গুৰুত্ব) আছিল এনেধৰণৰ…

১/ বুৰজাম (famous for rectangular chopper, domestic dogs buried with their masters in graves) আৰু জম্মু-কাশ্মীৰৰ গুফক্ৰাল (famous for pit dwelling, stone tools and graveyards located within households) ।

২/ মাস্কি, ব্ৰহ্মগিৰী (evidences of cattle herding) পিকনিহ’ল, বুদিহল (community food preparation and feasting) আৰু কৰ্ণাটকৰ টেক্কালকোটা।

৩/ তামিলনাডুৰ পয়ামপাল্লী আৰু উটনুৰ।

৪/ মেঘালয়ৰ গাৰো পাহাৰ, বিহাৰৰ চিৰাণ্ড (famous for use of bone implements especially those made of antlers)।

৫/ তক্ষশীলা ওচৰৰ পট’ৱাৰ মালভূমিৰ চৰাইখোলা, আজ্জী, কটডিজি আৰু মেহৰগড়। (Mehrgarh is the earliest Neolithic site known as BREADBASKET OF BALOCHISTAN)

৬/ বেলন উপত্যকাৰ কলদিহৱা (presence of a three-fold Neolithic, Chalcolithic & Iron-Age settlements) ; উল্লেখযোগ্য যে, নৱ-প্ৰস্তৰ যুগৰ কলদিহৱা, মহাগড়া আৰু এলাহাবাদৰ দক্ষিণ অংশ হৈছে হস্তনিৰ্মিত মৃৎ শিল্প আৰু ধান খেতি উৎপাদনৰ বাবে খ্যাত বিশ্বৰ ভিতৰতেই অতি প্ৰাচীন ঠাই। (earliest evidence of rice cultivation in the world)

৭/ মাণ্ডুৰ চ’পানী, বেলন উপত্যকাও হৈছে নৱ-প্ৰস্তৰ যুগৰ মৃৎ শিল্প বিকাশৰ প্ৰধান ঠাই। (earliest evidence of use of pottery)

৮/ বিন্ধ্য পৰ্বতৰ উত্তৰ অংশৰ বেলন উপত্যকা, নৰ্মদা উপত্যকাৰ মধ্যৱৰ্তী অংশ আছিল প্ৰত্ন-প্ৰস্ত, মধ্য-প্ৰস্ত আৰু নব্য-প্ৰস্ত এই তিনিও যুগৰ আদিম মানৱৰে বসতিস্থল। (they followed by each other)

● তাম্ৰ-প্ৰস্তৰ যুগ (Chalcolithic Age) :

প্ৰাচীন ভাৰতৰ ইতিহাসত পোনপ্ৰথম আৱিষ্কৃত ধাতু তামৰ ব্যৱহাৰক কেন্দ্ৰ কৰি খ্ৰীষ্ট পূৰ্ব ৩০০০ ৰ পৰা ৫০০ ৰ মাজৰ সময়খিনিক তাম্ৰ-প্ৰস্তৰ যুগ বুলি জনা যায়। এইছোৱা সময়ত তামৰদ্বাৰা তৈয়াৰ কৰা নতুন অস্ত্ৰ-শস্ত্ৰ তথা হাথিয়াৰবোৰৰ লগতে পূৰ্বে ব্যৱহৃত শৈল হাথিয়াৰবোৰৰো ব্যৱহাৰ বাহাল থকা বাবে তাম্ৰ-প্ৰস্তৰ যুগক তাম্ৰ-শৈল যুগ বুলিও কোৱা হয়।

প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

উল্লেখ্য যে, এইখিনি সময়ত তামৰ লগতে অতি কমকৈ হ’লেও ব্ৰঞ্জৰো (তাম আৰু টিনৰ মিশ্ৰিত ধাতু) ব্যৱহাৰ হৈছিল বুলি প্ৰমাণ পোৱা গৈছে। যি নহওক, প্ৰযুক্তিগত দিশত এই তাম্ৰ-প্ৰস্তৰ যুগৰ লোকসকলে ব্ৰঞ্জ যুগ অৰ্থাৎ হৰপ্পা সভ্যতা আৰু সংস্কৃতি বিকাশলৈও প্ৰভূত অৰিহণা যোগাইছিল।

হৰপ্পা সংস্কৃতিৰ বিকাশৰ আগত, হৰপ্পাৰ সমসাময়িক সময়ত আৰু হৰপ্পা সংস্কৃতি পতনৰ পিছতো বহুঠাইত এই তাম্ৰ-প্ৰস্তৰ যুগৰ বিকাশ হোৱাটো তাম্ৰ-প্ৰস্তৰ যুগৰ প্ৰথম আৰু প্ৰধান বিশেষত্ব।

প্ৰাক-হৰপ্পা কাল অৰ্থাৎ হৰপ্পাৰ আগৰ সময়ছোৱাত তাম্ৰ-প্ৰস্তৰ যুগৰ বিকাশ সাধন হোৱা কেইখনমান অতি গুৰুত্বপূৰ্ণ ঠাই আছিল ৰাজস্থানৰ ক্ষেত্ৰী তামৰখনিৰ ওচৰৰ গণেশ্বৰ, ৰাজস্থানৰে কালিবঙ্গন, হাৰিয়ানাৰ বানাৱলী আৰু পাকিস্তানৰ সিন্ধুৰ কটডিজি। হৰপ্পা সভ্যতা-সংস্কৃতি বিকাশৰ অভিন্ন অংগ এই বিশেষ ঠাইকেইখনৰ বিকাশ তাম্ৰ-প্ৰস্তৰ যুগতেই হোৱাটো অন্য এক প্ৰধান দিশ। (or these all sites were also some prominent sites of Indus valley civilization)

তাম্ৰ-প্ৰস্তৰ যুগৰ মানুহৰ প্ৰধান বৃত্তি আছিল পশুপালন। তেওঁলোকে ভেড়া, ছাগলী, গাহৰি আদি পুহিছিল; পশুচিকাৰ কৰিছিল। খাদ্যৰ তালিকাত গো-মাংসও আছিল; কিন্তু তেওঁলোকে গাহৰিৰ মাংস নাখাইছিল। ঘোঁৰাৰ অস্তিত্ব তথা ব্যৱহাৰৰ কোনো উমান পোৱা নাযায় (N.B. earliest evidence says horses brought by Aryans to India with them) ।

তাম্ৰ-প্ৰস্তৰ যুগৰ মানুহে জীৱ-জন্তুবোৰ একমাত্ৰ খাদ্যৰ বাবেহে পুহিছিল; সেইসমূহৰ পৰা গাখীৰ বা অন্যান্য খাদ্যসামগ্ৰী উৎপাদনৰ জ্ঞান তেওঁলোকৰ নাছিল। তাম্ৰ-প্ৰস্তৰ যুগৰ মানুহে উৎপাদন কৰা খাদ্য-শস্যৰ ভিতৰত ধান (ভাত তেওঁলোকৰ প্ৰধান খাদ্য আছিল), ঘেঁহু, বাৰ্লি, বিভিন্ন মাহজাতীয় শস্যও আছিল। হাবি পুৰি, মোকোলাই বা ঝুম খেতিয়ে তেওঁলোকে সেইবোৰ উৎপাদন কৰিছিল।

বিচাৰ্যৰ বিষয়টো হ’ল যে, মাটি চহাবৰ কাৰণে ব্যৱহাৰ হোৱা নাঙল আৰু ফাল ব্যৱহাৰৰ তথ্য আজিলৈকে পোহৰলৈ অহা নাই।

তাম্ৰ-প্ৰস্তৰ যুগত বিভিন্ন তৰহৰ মৃৎ পাত্ৰৰ ব্যৱহাৰ হৈছিল। সেইবোৰৰ ভিতৰত ক’লা আৰু ৰঙা পাত্ৰবোৰেই প্ৰধান আছিল। যিসমূহ চকাৰ ঠাঁচত বহুৱাই তৈয়াৰ কৰি বগা-বগা শাৰীয়ে সেইসমূহত নক্সা অঁকা হৈছিল।

তাম্ৰ-প্ৰস্তৰ যুগৰ অন্য কেতবোৰ বিশেষত্ব আছিল এনেধৰণৰ..

● এই যুগত নিৰ্মিত ঘৰবোৰ কেঁচা অৰ্থাৎ কাঠ, বাঁহ, ইকৰা আদিয়ে সজা হৈছিল।

● নিৰ্মিত ঘৰবোৰ সৰু জুপুৰিৰ দৰে আছিল।

● গ্ৰাম্য প্ৰধান অৰ্থনীতিৰ প্ৰচলন আছিল।

● এই যুগৰ মানুহে সিজোৱা খাদ্যৰ সোৱাদ ল’ব জানিছিল।

● লিখন বিদ্যাৰ জ্ঞান নাছিল।

● ব্যৱহৃত মৃৎ পাত্ৰ কিছুমানত পৃথিৱী বা ভূমি দেৱী (earth goddesse) ৰ ছবি আছিল; এই ছবিয়ে সেই যুগৰ লোকসকলে দেৱী বা মাতৃৰ প্ৰতি যে সন্মান (ইয়াক ঠিক পূজা বুলি ক’ব নোৱাৰি) প্ৰদৰ্শন কৰাৰ ইংগিত দিয়ে।

● ষাঁড় আছিল সম্ভৱত সেই যুগৰ ধৰ্মীয় বিশ্বাসৰ প্ৰতীক। (based on stylised bull terracottas of Malwa & Rajasthan)

● আ-অলংকাৰ, সাজসজ্জা আদিৰ প্ৰতিও তেওঁলোকৰ অনুৰাগ আছিল। মহিলাসকলে ধাতু, হাড়ৰ অলংকাৰসমূহ পৰিধান কৰাৰ লগতে সুন্দৰকৈ চুলি ফণিয়াবও জানিছিল।

● তামৰ বাচন-বৰ্তন তৈয়াৰ কৰা বিদ্যা তেওঁলোকে আয়ত্ব কৰিছিল। তাম নিষ্কাষণ বা প্ৰস্তুতকৰণৰ জ্ঞান থকাৰ লগতে সুন্দৰ-সুন্দৰ শৈল কৰ্মতো তেওঁলোক পাৰ্গত আছিল।

● বিভিন্ন তৰহৰ মণি (bead) তৈয়াৰ কৰাৰ জ্ঞানো তাম্ৰ-প্ৰস্তবাসীৰ আছিল।

● সূতাকাটি কাপোৰ ব’বও জানিছিল।

● ৰাজস্থানৰ দক্ষিণ-পূবত, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পশ্চিম অংশত উদ্ধাৰ হোৱা এই যুগৰ ঠাইসমূহত স্থানীয় সংস্কৃতিৰ প্ৰভাৱ পৰাটো মন কৰিবলগীয়া দিশ; য’ত শস্য উৎপাদন-উপভোগ, মৃৎ শিল্প আৰু ব্যক্তিৰ দৈনন্দিন জীৱনত প্ৰতিফলিত কিছুমান সংস্কাৰৰ যোগেদি তাক দেখা পোৱা গৈছে। সেই অনুসৰি, পূব ভাৰতত ধান খেতিৰ বিপৰীতে পশ্চিম ভাৰতত বাৰ্লি আৰু ঘেঁহু খেতিৰ তথ্য পোৱা গৈছে। আকৌ মহাৰাষ্ট্ৰত মৃতকক উত্তৰা-দক্ষিণাকৈ ৰাখি আৰু ইয়াৰ বিপৰীতে দক্ষিণ ভাৰতত পূবা-পশ্চিমাকৈ ৰাখি জ্বলোৱাৰ কথা উদ্ধাৰ হোৱা তথ্যই আমাক জনাইছে।

● লগতে মহাৰাষ্ট্ৰৰ পশ্চিম অংশত উদ্ধাৰ হোৱা তথ্যই কয় যে তাম্ৰ-প্ৰস্তৰ যুগত নৱজাতকৰ মৃত্যুৰ হাৰ অত্যন্ত বেছি আছিল।

● এই সময়ত গাঁৱৰ মুখীয়ালসকলে আয়তাকৃতিৰ ঘৰত আৰু তেওঁলোকৰ প্ৰভাৱধীন সাধাৰণ লোকসকলে ঘূৰণীয়া ঘৰবোৰত বাস কৰাৰ তথ্য পোৱা যায়। যিটো দিশে এই যুগ সামাজিক বৈষম্যৰ আৰম্ভণিৰো প্ৰথম সময় আছিল বুলি অনুমান কৰিব পৰা যায়।

পূৰ্বে উল্লেখ কৰি হৰপ্পাৰ সমসাময়িক ঠাইসমূহৰ লগতে  ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত বৰ্তমানলৈকে আৱিষ্কৃত হোৱা তাম্ৰ-প্ৰস্ত যুগৰ ঠাইসমূহ আছিল এনেধৰণৰ…

১/ নেভসা আৰু জৰৱে।

২/ নৱদাটোলি (cultivated almost all good grains)।

৩/ ডাইমাবাদ (largest Jorwe culture site in the Godavari valley famous for the recovery of bronz goods)।

৪/ সোণগাঁও আৰু ইনামগাঁও (large mud houses with ovens and circular pit houses)।

৫/ মহাৰাষ্ট্ৰৰে নাসিক।

৬/ পশ্চিম বংগৰ মহিচাদল।

৭/ কয়থা (mud-plastered floors & pre-harappan elements in pottery)।

৮/ মালৱা (richest Chalcolithic ceramics, spindle whorls) আৰু

৯/ মধ্যপ্ৰদেশৰ এৰাণ।

ভাৰতবৰ্ষৰ ইতিহাসত তাম্ৰ-প্ৰস্ত যুগৰ সংস্কৃতি আৰু হৰপ্পা সংস্কৃতি বিকাশৰ সময়ৰ সীমাৰেখাডাল যদিও বহু অস্পষ্ট তথাপিও কেতবোৰ বিশেষ পাৰ্থক্যই এই দুটা সময়ক স্পষ্টকৈ নিৰূপণ কৰাত আমাক সহায় কৰে। 

● তাম্ৰ-প্ৰস্ত যুগৰ সময়খিনি গ্ৰাম্য আৰু হৰপ্পাৰ সময়খিনি নগৰীয়া আছিল।

● তাম্ৰ-প্ৰস্ত যুগৰ মানুহে অধিকমাত্ৰাত তামৰ ব্যৱহাৰ কৰিছিল কিন্তু হৰপ্পাবাসীয়ে অধিকৰূপত ব্ৰঞ্জহে ব্যৱহাৰ কৰিবলৈ লৈছিল।

● তাম্ৰ-প্ৰস্ত যুগৰ সময়খিনিক প্ৰাক-ইতিহাস (prehistory) ৰ অন্তিম সময় বুলি গণ্য কৰা হয় কিন্তু হৰপ্পাৰ বিকাশৰ সময়খিনি আছিল প্ৰোটো-ইতিহাসৰ সময়। (N.B. In earlier part I defined on pre & proto history.)

● তাম্ৰ-প্ৰস্ত যুগৰ মানুহে নদী বা পাহাৰীয়া অঞ্চলবোৰতহে বসবাস কৰাৰ প্ৰমাণ পোৱা গৈছে কিন্তু হৰপ্পাবাসী কেৱল নৈ-উপত্যকাত থকাৰহে প্ৰমাণ পোৱা গৈছে। 

লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: +৯১৯৯৫৪০০০২০০

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

   

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

অসমৰ বানপানী আৰু গৰাখহনীয়া
Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

by Raktim Ranjan Saikia
August 12, 2026
0

অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান ড০ ৰক্তিম ৰঞ্জন শইকীয়া বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ...

Read moreDetails
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 18, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

August 13, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d