• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, August 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

প্ৰস্ৰাৱৰ সংক্ৰমণ

-ডাঃ হেমন্ত কুমাৰ নাথ

by Anjan Sarma
June 29, 2021
in Health, Lifestyle
Reading Time: 3 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ হেমন্ত কুমাৰ নাথ |

*প্ৰস্ৰাৱৰ সংক্ৰমণ হ’লে কেনেকৈ বুজিম…

লক্ষণসমূহ

১. প্ৰস্ৰাৱৰ জ্বলনৰ লগতে ঘনাই খুব জোৰেৰে প্ৰস্ৰাৱ লগা

২. কম পৰিমাণে কষ্টযুক্ত প্ৰস্ৰাৱ হোৱা

৩. তলপেটত বিষ অনুভৱ কৰা

৪. ঘোলা, তেজযুক্ত বা উগ্ৰ গোন্ধযুক্ত প্ৰস্ৰাৱ হোৱা

৫. হঠাতে মাজে মাজে খুব ঠাণ্ডা অনুভৱ কৰা

৬. ঠাণ্ডা লাগি কঁপি কঁপি তীব্ৰ জ্বৰ হোৱা

৭. গাৰ বিষ হোৱা বা বমি বমি লগা

৮. কঁকালৰ বিষ অনুভৱ কৰা

ভয়াৱহতা

১. যদি প্ৰাথমিক অৱস্থাত উপযুক্ত চিকিত্সা কৰা নহয় তেন্তে প্ৰস্ৰাৱৰ নলীৰপৰা বীজাণু মূত্ৰথলীয়েদি মূত্ৰবাহী নলীত প্ৰৱেশ কৰিব পাৰে আৰু ই দুই বৃক্কৰ সংক্ৰমণ ঘটাই পায়েল’নেফ্ৰাইটিছ ৰোগৰ উৎপন্ন কৰিব পাৰে বা বৃক্ক অকামিলা হৈ যাব পাৰে। অন্যথা মূত্ৰথলীৰ সংক্ৰমণ (ছিছ্টাইটিছ), প্ৰস্ৰাৱদ্বাৰৰ সংক্ৰমণ (ইউৰেথ্ৰাইটিছ) আদিৰ পুন:সংক্ৰমণ ঘটাব পাৰে।

২. মহিলাৰ প্ৰস্ৰাৱদ্বাৰ চুটি আৰু মলদ্বাৰৰ ওচৰত হোৱা বাবে মলদ্বাৰৰপৰা বীজাণু সহজে প্ৰস্ৰাৱদ্বাৰেদি প্ৰৱেশ কৰি সংক্ৰমণ ঘটাব পাৰে বাবে প্ৰায় ৫০শতাংশ মহিলাই জীৱনত এবাৰ হ’লেও এই ৰোগত আক্ৰান্ত হয়। ইয়াৰে প্ৰায় ২০ ৰপৰা ৩০ শতাংশ মহিলাৰ পুন:সংক্ৰমণ হয়। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই ভয়াৱহতা অতি বেছি।

৩. কিছুমানে হঠাতে খুব বেছিকৈ হোৱা প্ৰস্ৰাৱৰ সংক্ৰমণৰ ফলত তেজত বীজাণুৰ প্ৰৱেশ ঘটাই অতিপাত বৃদ্ধিৰ ফলত ছেপ্টিছেমিয়া নামৰ এক প্ৰাণঘাতী অৱস্থাৰ সৃষ্টি কৰিব পাৰে।

*প্ৰস্ৰাৱৰ সংক্ৰমণৰপৰা নিজকে কিদৰে বচাই ৰাখিব পাৰি…

  পুৰুষৰ ক্ষেত্ৰত –

১. দিনত যথেষ্ট পৰিমাণে জলীয় দ্ৰবৰ লগতে পানী খাওক যাতে প্ৰস্ৰাৱৰ ৰং ফটফটীয়া পানীৰ নিচিনা হৈ থাকে। গৰমৰ দিনত কুহুমীয়া গৰম পানী বেছিকৈ খাওক।|

২. কেতিয়াও মূত্ৰথলীত বহু দেৰিলৈকে প্ৰস্ৰাৱ ধৰি ৰাখিব নালাগে। প্ৰস্ৰাৱ নালাগিলেও অন্তত: চাৰিঘন্টাৰ মূৰে মূৰে হ’লেও প্ৰস্ৰাৱ কৰিব লাগে।

৩. দিনত অন্তত: দুই-তিনিবাৰ মুত্ৰদ্বাৰৰ লগতে মলদ্বাৰ ভাল পানীৰে ধুই ল’ব লাগে।|

৪. শৌচ কৰি মলদ্বাৰ ধোওঁতে হাতখন সম্মুখৰ ফালে নাটানি ইফালে-সিফালে লৰাই ধুব লাগে আৰু লগে লগে মচি শুকাই ল’ব লাগে।

৫. পুৰুষৰ অন্তৰ্বাস সদায় বতাহ সোমাব পৰা কপাহী কাপোৰৰ হ’ব লাগে আৰু সদায় ভালদৰে ধুব লাগে। ঘাম লগা কাপোৰ নোধোৱাকৈ পুনৰ পিন্ধিব নালাগে।

৬. যৌন সম্ভোগৰ পিছত লগে লগে প্ৰস্ৰাৱ কৰিব লাগে; যৌনাংগ ভালদৰে ধুই ল’ব লাগে আৰু যথেষ্ট পৰিমাণে পানী খাব লাগে।

৭. পুন:সংক্ৰমণ হোৱাসকলে অন্তৰ্বাস সদায় ধুই বিছ মিনিটলৈ পানীত উতলাই বীজাণুমুক্ত কৰি ল’ব লাগে।

৮. ৰক্ত শৰ্কৰাৰ পৰীক্ষা কৰাই প্ৰয়োজনত উপযুক্ত চিকিত্সা কৰাই ল’ব লাগে।

৯. ষ্টেৰয়ড বা আন প্ৰতিৰোধ-ক্ষমতাৰোধী দৰব সেৱন কৰাসকলে সদায় সাৱধানতা অৱলম্বন কৰিব লাগে।

১০. এলাৰ্জীৰ ঔষধ খোৱাসকলৰ প্ৰস্ৰাৱৰ উদ্পাদন কম হয় বাবে সংক্ৰমন হোৱাৰ ভয় থাকে। গতিকে পানী বেছিকৈ খাব লাগে |

১১. বহুগামিতা বা অসুৰক্ষিত যৌন সম্ভোগৰপৰা দূৰত থাকিব লাগে।

১২. উতলাই নোলোৱা গাখীৰ, আধা সিজা মাংস, ভালদৰে নোধোৱা কেঁচা ফল-মূল, শাক-পাচলি, দূষিত পানী আদিৰপৰা ইচ্ছেৰিয়া কলাই ( E. Choli) বেক্টেৰিয়াৰ সংক্ৰমণ হোৱাৰ ভয় থাকে। গতিকে সাৱধান হ’ব লাগে।

১৩. শৌচ কৰাৰ পাছত আৰু খোৱাৰ আগত সদায় ভালদৰে চাবোনেৰে হাত ধুই ল’ব লাগে।

*মহিলাৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা

১. প্ৰতিবাৰ প্ৰস্ৰাৱ আৰু পাইখানা কৰোতে প্ৰস্ৰাৱদ্বাৰ ধুই ল’ব লাগে।

২. ধোওঁতে বা মচোতে হাতখন সম্মুখৰপৰা পিছফাললৈ টানিব লাগে আৰু সম্মুখৰপৰা পানী ঢালিব লাগে।

৩. সহবাসৰ লগে লগে প্ৰস্ৰাৱ কৰিব লাগে।

৪. মহিলাৰদ্বাৰা ব্যৱহৃত বিশেষভাৱে উত্তেজিত ক্ৰীম, জেলী আদি ব্যবহাৰ কৰিব নালাগে।

৫. জন্মনিয়ন্ত্ৰণ-পদ্ধতিৰ পৰিৱৰ্তন কৰিব লাগে। পৰাপক্ষত ডায়েফ্ৰাম, শুক্ৰনাশক জেলী আদি ব্যৱহাৰ কৰিব নালাগে।

৬. টাব-বাথ, নদীত বা পুখুৰীত সাঁতোৰাতকৈ পানী ঢালি গা ধুব লাগে।

৭. মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত প্ৰস্ৰাৱদ্বাৰ শুকাই ৰাখিব পৰাকৈ টেমপন্ ব্যবহাৰ কৰিব লাগে। অৱশ্যে আজিকালি শুকান ৰাখিব পৰা নেপকিন্ বা ছেনিটাৰী পেড্ বজাৰত উপলব্ধ; গতিকে তেনে পেড্ ব্যৱহাৰ কৰিব পাৰে যদিও সঘনাই সলাই থাকিব লাগে।

৮. কেতিয়াও বায়ু সোমাব নোৱৰা বা সংশ্লেষিক কাপোৰৰ অন্তৰ্বাস পৰিধান কৰিব নালাগে।

৯. গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাৰ সময়ত মূত্ৰথলী ঢিলা বা শিথিল হৈ থাকে বাবে প্ৰস্ৰাৱ বহু দেৰিলৈ জমা হৈ থাকে, যাৰ ফলত সংক্ৰমণ হোৱাৰ ভয় থাকে। গতিকে সঘনাই প্ৰস্ৰাৱ কৰি থকাটো ভাল; লগতে যোনিদ্বাৰৰ পৰিচ্ছন্নতা বজাই ৰখাটো অত্যন্ত জৰুৰী।

বাকী আগৰ পুৰুষৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতাৰ ১, ২, ৬, ৭, ৮, ৯, ১০, ১১, ১২, ১৩ আদি নম্বৰত উল্লিখিত কথাখিনিও মহিলাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য।

 * কেঁচুৱাৰ ক্ষেত্ৰত লব লগা সাবধানতা

১. কেঁচুৱাই কাপোৰতে পাইখানা বা প্ৰস্ৰাৱ কৰিলে লগে লগে কাপোৰ সলনি কৰি দিব লাগে।

২. বহু দেৰিলৈ বা শোষণ ক্ষমতা অতিক্ৰম হোৱাকৈ ডায়েপাৰ পিন্ধাব নালাগে, কাৰণ ডায়েপাৰৰ আর্দ্ৰতা আৰু উষ্ণতাই বেক্টেৰিয়াৰ বৃদ্ধি ঘটায়।

৩. প্ৰতিবাৰ পাইখানা বা প্ৰস্ৰাৱ কৰাৰ পাছত পানীৰে সৈতে উতলাই ঠাণ্ডা কৰি লোৱা ভিজা তুলা বা কোমল কাপোৰৰে প্ৰস্ৰাৱদ্বাৰৰপৰা মলদ্বাৰলৈকে মচি দিব লাগে। এনে কৰোতে প্ৰতিবাৰে এটুকুৰা নতুন কাপোৰ বা তুলা ল’ব লাগে। অৱশ্যে আজিকালি এলক’হ’লযুক্ত ৱাইপচ্ বজাৰত সহজলভ্য; এইক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি।

৪. প্ৰস্ৰাৱ আৰু মলদ্বাৰৰ অংশখিনি সদায় পৰিচ্ছন্ন কৰি শুকুৱাই ৰাখিব লাগে।

৫. কেঁচুৱাৰ কাপোৰ সদায় কপাহী কাপোৰৰ হ’ব লাগে আৰু পানীত ২০ মিনিটলৈ উতলাই বীজাণুমুক্ত কৰিব লাগে।

৬. শিশুক যথেষ্ট পৰিমাণে জলীয় দ্ৰব্য খুৱাই থাকিব লাগে যাতে শিশুৱে ঘনাই প্ৰস্ৰাৱ কৰে আৰু লগতে প্ৰস্ৰাৱ কৰিবলৈ উদ্দীপনা যোগাব লাগে।

৭. শিশুৰ যাতে কোষ্ঠকাঠিন্য নহয় তাৰ ওপৰত নজৰ ৰাখিব লাগে বা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

৮. টাবত বা চৰিয়াত বহুৱাই গা ধুৱাব নালাগে।

৯. চুন্নতকৰণ নকৰা কিশোৰৰ ক্ষেত্ৰত বেক্টেৰিয়াৰ সংক্ৰমণ হোৱাৰ ভয় বেছি থাকে কাৰণে সদায় প্ৰস্ৰাৱনলীৰ মূৰৰ ছালখন কোঁচাই লৈ ছাফা কৰি শুকুৱাই ৰাখিব লাগে।

৮. সঘনাই অসুখত ভুগি থকা কেঁচুৱাক চিকিত্সকৰ পৰামৰ্শ অনুসাৰে প্ৰতিৰোধ-ক্ষমতা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু লগতে পৰ্যাপ্ত সুষম পুষ্টিকৰ আহাৰ পাই আছে নে নাই তাৰ প্ৰতি নজৰ ৰাখিব লাগে।

*ঘনাই প্ৰস্ৰাৱ হোৱা বা মূত্ৰথলীৰ অতিকার্যতা হ’লেনো কেনেকৈ পৰিত্ৰাণ পাব পাৰি

কেতিয়াবা প্ৰস্ৰাৱৰ সংক্ৰমণৰ ফলত বা গৰ্ভাৱস্থা বা অন্যান্য কাৰণত মূত্ৰথলীৰ মাংসপেশীৰ দুৰ্বলতাৰ কাৰণে প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱৰা হয়, যাৰ ফলত কেতিয়াবা ঘনে ঘনে বা কেতিয়াবা অজানিতে, জোৰকৈ হাঁহিলে, কাহিলে, হাঁচিয়ালে প্ৰস্ৰাৱ ওলাই যায়। এনেক্ষেত্ৰত প্ৰয়োজনীয় ঔষধীয় চিকিত্সা কৰোৱাৰ পাছতো কেতিয়াবা সুফল পোৱা নাযায়। তেতিয়া?…

এটাই উত্তৰ – কেগেল ব্যায়াম (Kegel Exercise)।

প্ৰথমতে আপুনি প্ৰস্ৰাৱ কৰি থাকোতে মাজতে এবাৰ প্ৰস্ৰাৱ ওলোৱা বন্ধ কৰি দিয়ক আৰু মন কৰক কোনকেইটা মাংসপেশীৰ সংকোচন হ’ল। ঠিক ধৰিব নোৱাৰিলে আৰু এবাৰ কৰি ভালদৰে বুজি লওক। এতিয়া প্ৰস্ৰাৱ কৰি মূত্ৰথলী সম্পুৰ্ণ খালী কৰাৰ পাছত এই মাংসপেশীখিনি ঠিক তেনেদৰে সংকুচিত কৰাৰ চেষ্টা কৰক। এয়ে কেগেল ব্যায়াম।

 মন কৰিব, যাতে এই ব্যায়াম কৰোতে কেতিয়াও তপিনাৰ মাংসপেশী, পেটৰ মাংসপেশী আৰু উৰুৰ মাংসপেশীৰ সংকোচন নহয়, লাগিলে আপুনি প্ৰথমতে কেইদিনমান পিঠিৰ ওপৰত শুই, পেটটো ওপৰফালে ৰাখি ভৰি দুখন পেটলৈ বুলি কোঁচাই লৈ ড্ৰেছিং আইনাত চাই চাই এই ব্যায়াম কৰক আৰু ব্যায়াম কৰোতে তপিনাৰ মাংসপেশীৰ লৰচৰ হৈছে নেকি চাওক। যদি লৰচৰ নকৰে তেন্তে ব্যায়াম সঠিকভাৱে হৈছে। তেনেকৈ পেটত হাত এখন ৰাখি পেটৰ ভিতৰত মাংসপেশীৰ লৰচৰ হয় নেকি চাওক। যদি কিবা লৰচৰ কৰা যেন লাগে তেন্তে সঠিক ব্যায়াম হোৱা নাই। উৰুৰ মাংসপেশীৰ সংকোচন হয় নেকি চাই লওক। তপিনা, পেট আৰু উৰুৰ মাংসপেশীৰ সংকোচন নোহোৱাকৈ যদি ব্যায়ামটো কৰিব পাৰিছে তেনেহলেহে ই সঠিক কেগেল ব্যায়াম।

নিয়ম – প্ৰথম অৱস্থাত এবাৰ সংকোচন কৰি পাঁচ ছেকেণ্ড ধৰি ৰাখি এৰি দিয়ক আৰু পাঁচ ছেকেণ্ড পাছত পুনৰাবৃত্তি কৰক। এনেদৰে একেৰাহে চাৰি-পাঁচবাৰ কৰিব। দুই-তিনিদিন এনেদৰে কৰাৰ পাছত ১০ ছেকেণ্ডৰ বাবে সংকোচন কৰি ১০ছেকেণ্ডৰ অন্তৰালত একেৰাহে চাৰি-পাঁচবাৰ পুনৰাবৃত্তি কৰি এদিনত কমেও তিনিবাৰকৈ তিনিৰপৰা ছয় সপ্তাহলৈ এই ব্যায়াম কৰিলেহে সুফল পোৱা যায়।

গৰ্ভৱতী মহিলাও এই ব্যায়াম কৰিলে পিছলৈ ঘনাই প্ৰস্ৰাৱ হোৱা সমস্যাৰপৰা বাচিব পাৰে।

বি:দ্ৰ: প্ৰয়োজনত চিকিত্সকৰ পৰামৰ্শ লওক… তথাপি ভুল নকৰিব।

কেতিয়াও মূত্ৰথলীত প্ৰস্ৰাৱ জমা থকা অৱস্থাত এই ব্যায়াম নকৰিব, কাৰণ তেনেক্ষেত্ৰত এই ব্যায়ামে মূত্ৰথলীৰ মাংসপেশীৰ শিথিলতা আনি দিব পাৰে আৰু আপোনাৰ সমস্যা বাঢ়িহে যাব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: প্ৰস্ৰাৱৰ সংক্ৰমণ
Anjan Sarma

Anjan Sarma

Related Posts

কচু শাকৰ গুণাগুণ
Health

কচু শাকৰ গুণাগুণ

by Editor
August 10, 2026
0

কচু শাকৰ গুণাগুণ (Colocasia) ডাঃ ৰেইনী দেৱী খাটি অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জন লেখত লবলগীয়া।...

Read moreDetails
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
The fountain of youth

The fountain of youth

July 7, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d