• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, March 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

প্ৰহেলিকাময় ডিবৰুৰ পম খেদি

হানিদ ৰঞ্জন ভূঁঞা, ক্ষীৰোদ শইকীয়া

by Anjan Sarma
September 29, 2022
in Special Report, Geography, History
Reading Time: 5 mins read
0
প্ৰহেলিকাময় ডিবৰুৰ পম খেদি
Share on FacebookShare on TwitterShare on LinkedIn

ডিবৰু

হানিদ ৰঞ্জন ভূঁঞা, ক্ষীৰোদ শইকীয়া

প্ৰহেলিকাময় ডিবৰুৰ পম খেদি

ব্ৰিটিচ শাসনৰ ফেঁহুজালিত উজনি অসমত বিকশিত হোৱা শিল্প বাণিজ্য কেন্দ্ৰসমুহৰ প্ৰসংগ আহিলে পোনপ্ৰথমে ডিব্ৰুগড় নগৰৰ কথাই মনলৈ আহে।

RelatedPosts

Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026

ডিব্ৰুগড়ৰ আৰ্থসামাজিক আৰু শৈক্ষিক কাঠামো গঢ়াৰ বেলিকা হয়তো ইংৰাজসকলৰ অৱদানেই সৰহ। কিন্তু তাৰ সমান্তৰালভাৱে ইয়াৰ লগত সাঙোৰ খাই আছে সতকাই উপলব্ধ নোহোৱা এচাম থলগিৰি লোকৰ পুৰাতন জীৱনধাৰাৰ কাহিনী।

পুৰাতন বোলাৰ কাৰণটো হ’ল একালত ডিব্ৰুগড় নগৰৰ কাষেৰে বৈ যোৱা ডিব্ৰু(ডিবৰু বা ডিবাৰু) নদীৰ আশে পাশে হয়তো বিকশিত হৈছিল এক প্ৰাচীন সভ্যতাৰ। ডিব্ৰু নদীৰ নামটোৰ লগত কছাৰী মূলৰ ডিমাচা ভাষাৰ পানীৰ সমাৰ্থক ডি শব্দৰ উপস্থিতিয়ে যেন তাৰেই তাৎপৰ্য্য বহন কৰিছে । অনুৰূপ ভাৱে নদীৰ সমাৰ্থক দেউৰী ভাষাৰ জি শব্দৰ কথাও উনুকিয়াব পাৰি। নৃতত্ত্ববিদ ড°পৱনচন্দ্ৰ শইকীয়াদেৱে ‘ দ্যা ষ্টন টুলচ অফ ডিব্ৰু ভেলী‘(The stone Tools of Dibru Valley) নামৰ পুথিৰ যোগেদি ডিব্ৰু উপত্যকা সভ্যতাৰ বিষয়ে আলোকপাত কৰিছিল ।

নব্বৈদশকৰ সময়ত তেখেতৰ তত্ত্বৱধানত চলা এলানি অন্বেষণত জিলাখনৰ কেতবোৰ গাঁও যেনে ৰহমৰীয়া মৌজাৰ আহুতলী, কচুৱনীপথাৰ, লাহুৱাল মৌজাৰ কানাইগাঁও ,চান্দৈপথাৰ ,আৰু চাবুৱাৰ বগদুং মৌজাৰ দেওধাই গাঁও আদিত আদিমমানৱৰ অসংখ্য নিওলিথিক যূগৰ সজুলি, মৃন্ময় পাত্ৰ আৰু শিলৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হৈছিল । উক্ত সন্দৰ্ভত এক বিশদ বিৱৰণ নৃতত্ত্ববিদজনে ২০০১ চনত প্ৰকাশিত ডিব্ৰুগড়ৰ বুৰঞ্জীত দাঙি ধৰিছিল। জিলাখনৰ বিষয়ে অলেখ তথ্যৰে সমৃদ্ধ “ডিব্ৰুগড়ৰ বুৰঞ্জী“খনৰ সম্পাদনা কৰিছিল শ্ৰদ্ধাৰ বুৰঞ্জীবিদ ড° ডম্বৰুধৰ নাথ দেৱে।

                   অসমৰ মধ্যযূগৰ তথ্যসমূহত দৃষ্টিপাত কৰিলে, বৰ্তমানৰ ডিব্ৰুগড়ৰ জিলাৰ ভূখন্দ ১৬শ শতিকালৈকে প্ৰাচীন চুতীয়া ৰাজ্যৰ অন্তৰ্গত হোৱাৰ উমান পোৱা যায়। ১৩শ শতিকাত অসমৰ পটভূমিত ভূমুকি মৰা টাইমূলীয় আহোম সকলে সৌমাৰখন্দত ৰাজ্য বিস্তাৰৰ বেলিকা চুতীয়াসকলেই মূল প্ৰত্যাহ্বান ৰূপে থিয় দিছিল। বিশেষকৈ চুতীয়া ৰাজ্যৰ নৃপতি ধীৰনাৰায়নৰ (১৫০০-১৫২২খ্ৰীঃ) ৰাজত্বকালত দিখৌ নৈৰ পাৰত সীমাবিবাদক কেন্দ্ৰ কৰি আহোম চুতীয়াৰ মাজত কেইবালানি যূদ্ধৰ সুত্ৰপাত হৈছিল।

প্ৰহেলিকাময় ডিবৰুৰ পম খেদি

প্ৰথম পৰ্য্যায়ত আহোমৰ আক্ৰমণ ধীৰনাৰায়নে প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। কিন্তু অত্যাধিক ধাৰ্মিক এইজনা ৰজাই ভাটি বয়সত গ্ৰহণ কৰা কেতবোৰ ভূল সিদ্ধান্তৰ বাবে চুতীয়া ৰাজ্য পতনমুখী হৈছিল। নিজৰ একমাত্ৰ কুঁৱৰী সাধনীক নীতাই (পিছলৈ নীতিপাল বা চন্দ্ৰনাৰায়ণ নাম লয়) নামৰ এক কাড়ীৰ সতে বিয়া দিয়াৰ লগতে সমস্ত ৰাজ্যভাৰ জোৱাইয়েকক অৰ্পণ কৰাৰ পিছৰে পৰা চুতীয়া ৰাজ্যখনৰ পতনমূখী হৈছিল।

ৰাজকাৰ্য্যত অনভীজ্ঞ চুতীয়া ৰজা নীতিপালৰ (চন্দ্ৰনাৰায়ণ) দিনত আহোমৰ লগত চুতীয়া ৰাজ্যৰ সম্বন্ধ অধিক অৱনতি ঘটে। দিহিঙীয়া ফৈদৰ ৰজা তাওখামথিয়ে বিশাল সৈন্যবাহিনীৰে জলে স্থলে চুতীয়া ৰাজ্যৰ দূৰ্গসমূহ আক্ৰমণ কৰে। ১৫২২ খ্ৰীষ্টাব্দত জলপথেদি উজাই অহা আহোম সৈন্যই দিখৌমূখ,দিহিংমুখ ,চেচামুখ আদিত চুতীয়া সৈন্যক ঘটূৱাই আহি ডিব্ৰুমুখত অভিযান চলায়।

চুতীয়া সৈন্যই পুনৰ সংগঠিত হৈ ডিব্ৰু নদীয়েদি ভটিয়াই ভাসমান পচলা গড় (floating moat) সাজি প্ৰত্যাক্ৰমণ কৰিছিল। সেইদৰে আহোমসৈন্যই চুতীয়া সৈন্যক প্ৰতিৰোধ কৰিবলৈ মাটিৰ গড় নিৰ্মাণ কৰিছিল । ডিব্ৰুমুখৰ জলযুদ্ধত আহোমৰ হাতত চূতীয়াসকলৰ পৰাজয়ে সৌমাৰখন্দৰ ইতিহাসত এক নিৰ্ণায়ক ভূমিকা লয়। ১৫২৪ খ্ৰী:লৈকে চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়াৰ পতন হোৱাৰ পিছত আহোম ৰাজতন্ত্ৰই উজনি অসমত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হয়। উক্ত অঞ্চলটো নিয়ন্ত্ৰণৰ বাবে আহোম প্ৰশাসনত শদীয়াখোৱা গোঁহাইৰ পদৰ সুচনা হৈছিল। (তথ্য- চুতীয়া জাতিৰ বুৰঞ্জী, সম্পাদনা: ড°স্বৰ্ণলতা বৰুৱা আৰু ড° ডম্বৰুধৰ নাথ)

আহোম-চুতীয়াৰ ৰণৰ সময়ত ডিব্ৰুমুখত নিৰ্মাণ হোৱা গড়ৰ পৰাই ডিব্ৰুগড় জিলাখনৰ নামাংকন হৈছিল বুলি কিছু গৱেষকে মত পোষণ কৰে। প্ৰামানিক তথ্য অবিহনে গড়ৰ নিৰ্মাণ পদ্ধতি সম্বন্ধে একেষাৰে কোৱা টান। আহোমযুগৰ প্ৰায়বিলাক গড় সাধাৰণতে মাটিৰে নিৰ্মাণ কৰি (দ-খাৱৈৰে পৰিৱেষ্টিত), তাৰ ওপৰত কোটোহা বাঁহ ৰুই দিছিল। অৱশ্যে গুৱাহাটীৰ শৰনীয়া পৰ্বতৰ পুবে অৱস্থিত গড়টোত মাটিৰ লগতে যথেষ্ট ইটা পোৱা গৈছিল। ( ইতিহাসে সোঁৱৰা ছশটা বছৰ,ঁসৰ্বানন্দ ৰাজকোঁৱৰ,পৃ : ২৫২ )

      আনহাতে অৰুনাচলৰ দিবাঙভেলী জিলাত প্ৰত্যক্ষ হয় প্ৰাচীন চুতীয়া ৰাজ্যৰ অন্যতম পুৰাতাত্বীক নিদৰ্শন ভীষ্মকনগৰৰ ভগ্নাৱশেষ। উক্ত ভীষ্মকনগৰৰ পুৱদিশে ১.৫০ কি:মি: আতৰৰ ইত্তি নামৰ এখন পাহাৰীয়া নৈৰ পাৰত দুটা সম্পুৰ্ণ ইটাৰে নিৰ্মিত গড়ৰ অৱশেষ পৰিলক্ষিত হয়। অনুৰূপ ধৰণেৰে আন এটা ইটাৰ গড় ভীষ্মনগৰৰ পশ্চিম দিশৰ অৰণ্যৰ মাজত দিফু বা কুন্দিল নৈৰ সমিপত আছে। এই দুই ভগ্নাৱশেষক ক্ৰমে ভীষ্মকনগৰৰ পূৱ আৰু পশ্চিম দিশৰ প্ৰৱেশদ্বাৰ ( Eastern & Western gate of Bhismakanagar) বুলি অভিহিত কৰা হয়। 

    এতিয়া ডিব্ৰুমুখৰ গড়টোৰ(rampart) নিৰ্মানশৈলী কেৱল মাটিৰ নে ইটাশিলৰ প্ৰয়োগ হৈছিল, একেষাৰে কোৱা টান। কিয়নো ডিব্ৰু ব্ৰক্ষ্মপুত্ৰৰ বুকুত উচন হোৱা উক্ত ভগ্নাৱশেষৰ সঠিক বিৱৰণ বা চিত্ৰ পোৱাটো কঠিন। তদুপৰি মধ্যযূগৰ ডিব্ৰুমূখৰ ভৌগোলিক অৱস্থিতি থিৰাং কৰিবলৈ হ’লে অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োজন হব । যিকি নহওক প্ৰতিৰক্ষামূলক কাৰনত ডিব্ৰুমুখৰ গড়টোৰ আহোম যুগত গুৰুত্বপূৰ্ণ ভূমিকা আছিল আৰু পিছলৈ ইংৰাজ বিষয়াসকলেও সেয়া উপলব্ধি কৰিছিল। 

       মোৱামৰীয়া বিদ্ৰোহৰ পিছত এই অংশটো সৰ্বানন্দ ৰাজকোঁৱৰৰ শাসনকালত মটক ৰাজ্যৰ অৰ্ন্তভূক্ত হয়। মানৰ আক্ৰমণৰ পৰা অঞ্চলটো নিৰাপদ আছিল বুলিয়ে জনা যায়। ১৮২৬খ্ৰীঃৰ ইয়ান্দাবু সন্ধিৰ পিছত সেয়া মটক ৰজা মাটিবৰ সেনাপতিৰ দিনলৈকে মটক ৰাজ্যৰ প্ৰতিপত্তি একপ্ৰকাৰ অক্ষুন্ন আছিল। কিন্তু মাটিবৰ সেনাপতিৰ মৃত্যুৰ পিছত তেঁওৰ পুত্ৰ ভগীৰথ মাজুগোহাঞীক বঞ্চিত কৰি, ১৮৩৯চনৰ নৱেম্বৰ মাহত ইষ্ট ইন্দিয়া কোম্পানীয়ে ষড়যন্ত্ৰ মুলকভাৱে দিহিঙৰ পাৰৰ পৰা শদিয়াৰ ধলা পৰ্য্যন্ত মটক ভূখন্দ হস্তগত কৰে।

অনুৰূপভাৱে ইংৰাজে শদিয়াৰ খামতিসকলৰ ওপৰত দমনমুলক নীতি গ্ৰহণ কৰে। কিয়নো ১৮৩৯ চনৰ জানুৱাৰী মাহত শদিয়াৰ চুনপুৰাস্থিত ইংৰাজ চাউনিত খামতিসকলে আক্ৰমণ কৰাত ইংৰাজ বিষয়া কৰ্ণেল হোৱাইটকে সামৰি বহু নিহত হৈছিল।

কোম্পানীয়ে শাস্তিমুলক ব্যৱস্থা হিচাপে খামতিসকলক বক্ষ্মপুত্ৰ দোয়োপাৰে সৰু সৰু গোটত বিভক্ত কৰি সিচৰিত কৰি দিছিল। তাৰে এজন দলপতি চৌকিংগোঁহাইক মানকটাৰ ওখ টিং চানেকিয়া ঠাইত থাকিবলৈ দিছিল।(ডিব্ৰুগড়ৰ বুৰঞ্জী পৃ ২৮- ৩১) । উল্লেখযোগ্য যে ৰংপুৰত মানৰ আক্ৰমণৰ সমান্তৰালভাৱে শদিয়া খামতি সকলে অধিকাৰ কৰিছিল। 

প্ৰহেলিকাময় ডিবৰুৰ পম খেদি

          ইংৰাজৰ আমোলত ডিব্ৰুগড় অবিভক্ত লক্ষীমপুৰ জিলাৰ অন্তঃভূক্ত হয়। সেয়া ১৯৭১চনত লক্ষীমপুৰ জিলাৰ পৰা বিভক্ত হৈ ডিব্ৰুগড় জিলাই স্বীকৃতি লাভ কৰালৈকে বাহাল আছিল। জিলাখনৰ নিয়ন্ত্ৰনৰ বাবে চাৰিটা প্ৰশাসনীক কেন্দ্ৰ বা ষ্টেচন স্থাপন হৈছিল সেয়া ক্ৰমে: ১)ডিব্ৰুমুখ বা ডিব্ৰুগড়, ২) বিশ্বনাথ, ৩) শদিয়া আৰু ৪) জয়পুৰ। 

 ১৮৪০ চনত ডিব্ৰুমুখৰ পৰা ৮ কি:মি: উজনিত ইংৰাজসকলে ওখ গড় মাৰি এটা সেনা ছাউনী পাতিছিল। ডিব্ৰুমুখ বুলিলে সেইসময়ত ডিব্ৰু নদী বক্ষ্মপুত্ৰ মিলিত হৈ ভটীয়াই বৈ যোৱা অংশটোকে বুজা যায়। সেয়াই মোহনাঘাটৰূপে কালক্ৰমত পৰিচিত হৈছিল। মোহনাঘাটৰ পৰা পুৱ দিশে আৱৰ্টভৱনৰ কাষতে ইংৰাজৰ সেনা চাউনিটো থকাৰ তথ্য পোৱা যায়।

” ডিব্ৰুমুখত ব্ৰিটিছে নিৰ্মাণ কৰা গড়টোৰ মাজৰ অংশটো পকী আছিল আৰু মাজত এটা পকী ঘৰ আছিল। তাৰ এফুটীয়া বহল দেৱালবোৰত চাৰিওফালে মাটিৰ পৰা চাৰিফূট ওপৰত দীঘলীয়া বন্দুক বা ৰাইফলৰ নলী সোমাব পৰা বিন্ধা আছিল। পকী ঘৰটোৰ বাহিৰে গড়টোৰ চাৰিওফালে দহফূট ব্যৱধান ৰাাখি গোটা, আগজোঙা ভলুকা বাঁহৰ চকুৱা আছিল। গড়টোৰ কাষৰ পৰা সেন্দূৰী নামৰ এটা আলি দুভাগ হৈ এটা পোনে পোনেই গৈছিল আৰু আনটো বাঁওফালেদি নৈৰ পাৰে পাৰে গৈ তেতিয়াৰ তিনিকোণীয়া বজাৰৰ ওচৰ পাইছিলগৈ।” –ডিব্ৰুগড়ৰ বুৰঞ্জী পৃঃ ৮১-৮২।

পৰৱৰ্তী সময়ত, ১৮৬৯ চনৰ পৰা এক ভূঁইকপৰ পিছৰে পৰা ডিব্ৰুগড় নগৰলৈ বানপানীয়ে ভাবুকি আনে । হয়তো ডিব্ৰুনদীৰ বানৰ কবলৰ পৰা ৰক্ষা পাবলৈ নগৰৰ মুখ্যকাৰ্য্যালয়টো পিছুৱাই অনা হৈছিল।

ইংৰাজ বিষয়া চাৰ উইলিয়াম উইলচন হান্টাৰ চাহাবৰ ১৮৭৯ চনত প্ৰকাশিত “এ স্টেটিচটিকেল একাউন্ট অৱ আচাম” ( A Statistical Account of Assam vol-I, Pg-291) ৰ তথ্য অনুসৰি ডিব্ৰুগড় নগৰৰ মূখ্য কাৰ্য্যালয় ২৭°২৯’ উত্তৰে দ্ৰাঘীমাংশ আৰু ৯৪°৫৬ পুৱে অক্ষ্যাংশত ডিব্ৰুু নদীৰ পাৰত অৱস্থিত আছিল । কিমানদুৰ শুদ্ধ নাজানো এই স্হানডোখৰে গুগুল আৰ্থত চকুফূৰালে সেউজপুৰৰ কাষৰ জালান চাহ বাগিচাৰ আশে পাশে অৱস্থিত যেন অনুমান হয়। বানপানীৰ পৰা পৰিত্ৰাণ পাবলৈ কোম্পানীৰ কাৰ্য্যালয়টো হয়টো কেইবাবাৰো স্থানান্তৰিত হৈছিল। 

             ১৮৬৯ চনৰ টি.টি.কোপাৰ ( Thomas Thornville Cooper 1839-1878 ) নামৰ বাৰ্মাত কৰ্মৰত ইংৰাজ পলিটিকেল এজেন্টৰ, মিচিমি পাহাৰ (The Mishimi Hills- New Routes for Commerce) ভ্ৰমণৰ এক বিৱৰণত ডিব্ৰুগড়ৰ কাছাৰী অফিচৰ কাষত কিছু ভগ্নাৱশেষ দেখাৰ কিছু ইংগিত পোৱা যায় “The native town of Debrughur consisted of a long row of brick and mat built houses along the left bank of the Debru river, nearly all occupied by native traders from Calcutta, and almost constituting a bazaar, in the rear of which a few Assamese dwellings of mud or bamboo mat walls, thatched with reeds or straw, comprise the whole of the native town. About a half a mile further up the river on the same bank, are the barracks of a regiment of Assam Light Infantry, while a few scattered bungalows occupied by the civil and military officers, with a church, a gaol, and a large heap of ruins called the new Cutcherry or Court House, form the European part of the station.”

      সংক্ষেপে ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰৰ ভৌগোলিক পৰিৱৰ্তনৰ বিষয়ে কিছু কথা চালিজাৰি চোৱা যাঁওক। আজিৰ দিনত ব্ৰহ্মপুত্ৰৰ সতে বিলিন হোৱা ডিব্ৰু বা ডিবৰু নদীৰ সুকিয়া অস্তিত্ব দেখা নাযায়। কিন্তু পুৰ্ব্বে ডিব্ৰু নদী ব্ৰহ্মপুত্ৰৰ পৰা পৃথকভাৱে বৈ গৈছিল।

প্ৰহেলিকাময় ডিবৰুৰ পম খেদি
the Dibrugarh town by Brahmaputra

কথিত আছে গদাধৰ সিংহৰ (১৬৪৮-১৬৬৩ খ্ৰী:) ৰাজত্বকালত, লোকসহিত্যত প্ৰচলিত ৰতনপুৰৰ (একালত ভূঁঞাসামন্ত সকলৰ কেন্দ্ৰস্থল আছিল) বা মাজালিৰ উত্তৰ দিশেৰেহে লুইত বৈ গৈছিল।

প্ৰায় ১৭৩৫চনৰ পৰা আৰম্ভ হোৱা এলানি ভূইকঁপৰ ফলত ফলত ১৭৬৯ চনত লুইতৰ সোঁতে দক্ষিণ ফালে ঢাল খাই বৰ্তমানৰ দিহিংমুখৰ ওচৰত বুঢ়ীদিহিং নদীৰ সতে মিলি মাজুলীৰ সৃষ্টি কৰিছিল। উত্তৰ পাৰে বৈ যোৱা লুইতৰ পুৰনি সুতিটোক খেৰকুতা বা খেৰসুঁতি হিচাপে জনা যায়। এটা সময়ত ডিব্ৰু, চেঁচা আদি নৈয়ো লুইতৰ নতুন সোঁতৰ সতে মিলিছিল হয়টো।

     ইংৰাজৰ দিনত ডিব্ৰু ব্ৰহ্মপুত্ৰৰ সংগমস্হলী পুৰনি মোহনাঘাটত জাহাজঘাট আছিল বুলি জনা যায়। তাৰ সমিপত ১৯৫০ চনলৈকে ৰেলপথ নগাখেলিয়া গাঁওপৰ্যন্ত বিস্তৃত আছিল হেনো। উজনি অসমত উৎপাদিত চাহ, কয়লা আদিৰ ৰপ্তানিৰ বাবে এই জলপথ আৰু ৰেলপথ যথেষ্ট গুৰুত্বপুৰ্ণ আছিল।

১৮৬৯ চনৰ ভূইকঁপৰ পিছৰে পৰা দোয়োখন নদীৰ মোহনা কেইবাবাৰো সলনি হৈছিল, অৰ্থাৎ মাজৰ ভূ-ভাগ ক্ৰমাৎ খহনীয়াত জাহ গৈছিল। ব্ৰক্ষ্মপুত্ৰৰ গভীৰতা ক্ৰমাৎ হ্ৰাস পোৱাৰ ফলত বাৰিষাৰ পানী উফন্দি দুয়োপাৰ বুৰাই পেলাব ধৰিছিল।

১৯৩২চনৰপৰা ভয়াবহ ৰূপ লোৱা ডিব্ৰু ব্ৰক্ষ্মপুত্ৰৰ বান গড়াখহনীয়াই বৰভূইকপৰ পিছত ব্যাপক ৰূপ লয়। ১৯৫০চনৰ ভূইকম্পৰ পিছৰ খহনীয়াত পুৰনি ৰেলপথ, পুৰনি ডিব্ৰুগড় নগৰৰ বজাৰ, চাৰ্কিট হাউচ, ডিব্ৰুগড় হাইস্কুল,ব্ৰিটিছে নিৰ্মাণ কৰা গড় , সেন্দুৰী আলি আদি প্ৰায়সংখ্যক ব্ৰিটিছৰ দিনৰ স্থান নদীৰ বুকুত জাহ গৈছিল। বৰ্তমান খ্ৰীষ্টান চিমেট্ৰী, ডাঃ জন বেৰী হোৱাইটৰ মেডিকেল স্কুল, জুদিচিয়েল কোৰ্ট আদি কেইটামান ব্ৰিটিছ যূগৰ স্মাৰকহে বাকী ৰলগৈ। ১৯৫৫ চনত মাইজান বিলৰ পৰা ডিব্ৰুগড় নগৰৰ নদীৰ কাষে কাষে 

৯ কিঃমিঃ দৈঘ্যৰ মাথাউৰি নিৰ্মাণ কৰা হয়। ডিব্ৰুগড় নগৰৰ সূৰক্ষা ক্ষেত্ৰত এই মাথাউৰিটোৱে মূখ্য ভূমিকা লৈ আহিছে।  

      কিন্তু ৰহমৰীয়া আৰু লাহোৱাল মৌজাৰ অন্তৰ্গত নৈকাষৰীয়া গাঁওসমুহৰ ওপৰত গড়াখহনীয়াৰ প্ৰকোপ অব্যাহত থাকিল । ডিব্ৰুগড় নগৰত এটা সময়ত নিত্য প্ৰয়োজনীয় অন্ন-দুগ্ধজাত সামগ্ৰীৰ প্ৰয়োজন ৰহমৰীয়াৰ কৃষক, পশুপালক সকলেই পুৰণ কৰিছিল বুলি কলে অত্যুক্তি কৰা নহব নিশ্চয়।

ৰহমৰীয়া অঞ্চলটো ডিব্ৰুগড় চহৰৰ পৰা ২০ কি:মি: পুৱলৈ অৱস্থিত। উত্তৰে ব্ৰক্ষ্মপুত্ৰ আৰু ডিব্ৰু নৈ সমান্তৰালকৈ বৈ গৈছিল। ডিব্ৰু নদী পশ্চিম দিশেৰে ভটিয়াই নগাঘূলী, মাইজান হৈ ডিব্ৰুগড় চহৰৰ কাষেৰে বৈ মোহনাঘাটত ব্ৰহ্মপুত্ৰত পৰিছিল।

ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ অংশত বিশাল জলাহ, খাল বিল,কাঠনি বেতনিৰে ভৰা অৰন্যভূমি বনজসম্পদৰ ভান্দাৰ আছিল। মানুহৰ বসতিস্থলবোৰ দক্ষীন দিশে সৰহ আছিল। অৱশ্যে ১৯৫০ৰ আগলৈকে ডিব্ৰু নৈৰ উত্তৰ পাৰেও কেইবাখনো গাঁও আছিল। ডিব্ৰু-ব্ৰহ্মপুত্ৰ মাজৰ অংশত কেতবোৰ বালিচহিয়া ঠাইত হাবি মুকলাই খেতিবাতি আৰু পশুপালন কৰা পৰিয়ালো তাকৰ নাছিল।

  ড°যোগেন শৰ্মাদেৱৰ “ৰহমৰীয়াত বৰলুইতৰ হেংদাঙৰ ঘাপ” শীৰ্ষক প্ৰৱন্ধৰ অনুসৰি ১৯২৩-২৪ চনলৈকে ৰহমৰীয়াৰ পৰা ৩কি:মি: উত্তৰলৈ আৰু তাৰো ৩কি:মি: আগলৈ ব্ৰহ্মপুত্ৰ নদী বৈ গৈছিল। অৰ্থাৎ ব্ৰক্ষ্মপুত্ৰৰ পৰা ৰহমৰীয়াৰ ব্যৱধান হৈছিল ৬কি:মি:। কিন্তু ১৯৫০ ৰ ভূইকপৰ পাছৰ খহনীয়াত ব্ৰহ্মপুত্ৰ-ডিব্ৰুৰ মোহনা পিছুৱাই আহি ৰহমৰীয়াৰ দক্ষীন দিশৰ ৰঙাগড়া অঞ্চলত পাইহি।

সেইদৰে ১৯৬৭চনৰ পৰা ১৯৭১চনলৈকে ৰঙাগড়া, লাৰুপুৰিয়া, লাৰুপুৰিয়া পথাৰ, পানধোৱা, নগাও, পিপৰাতলি, চৰাইবাহী, লকচনি, গাহৰি পথাৰ, ৰহমৰীয়া গাও,সৰুগাও আদি অনেক গাঁও ব্ৰহ্মপুত্ৰই নিচিহ্ণ কৰে। ইয়াৰে

কেইখনমান গাঁও ডিব্ৰুনদীৰ উত্তৰে অৱস্থিত আছিল। ১৯৬৭চনৰ পৰা ২০০১ চনলৈকে হোৱা খহনীয়াত নগাঘূলি-মাইজানৰ পৰা কানাইগাও হৈ ৰহমৰীয়া অঞ্চলটো সামৰিলে প্ৰায় ১০৪বৰ্গকি:মি: ভূমি নদীত জাহ গৈছিল।

 ২০০১ চনৰ পৰা ২০১০চনলৈকে পুৰনি তামুলি আলিটো কেইবাঠাইতো ছিগি যাতায়তৰ বাবে অনুপযোগী হৈ পৰে। শেহতীয়াকৈ নিৰ্মাণ কৰা বান্ধটোৱে গড়াখহনীয়া কিছু প্ৰতিহত কৰিছে যেন ভাৱ হয়। ২০২২চনলৈকে ব্ৰহ্মপুত্ৰৰ পাৰত আংশিকভাৱে ৰৈ যোৱা ৰহমৰীয়া আৰু বগদুং মৌজাৰ অন্তৰ্গত গাঁওকেইখনমান হ’ল ক্ৰমে কচুৱনিপথাৰ ,কচুৱনি , গড়পৰা ,গড়পৰা কোৱৰ গাঁও, নিজ ৰহমৰীয়া, ৰহমৰীয়া, বগৰীতলীয়া, বালিজান বংগালী ,বালিজান চাহ বাগিচা, ৰাইদাং, বিন্ধাকটা,মোলোক গাঁও, গেৰাকী, গেৰেকী নেপালী ইত্যাদি।

ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী ৰূপৰ সাক্ষী ৰহমৰীয়াৰ নৈভগনীয়া পৰিয়ালবোৰ। একালত ৰহমৰীয়া মৌজাৰ গাঁওসমুহত চুতীয়া , মটক , আহোম , কোচ, ব্ৰাক্ষ্মণ, কলিতা , কছাৰী, কৈৰ্ৱত্ত্ব , মিচিং, চাহ বনুৱা(কিছুসংখ্যক খ্ৰীষ্টান ধৰ্ম্মাৱলম্বী) আদি জনগোষ্ঠীৰ উপৰিও কেইটামান বিষ্ণূপ্ৰীয়া মনিপুৰী, নেপালী ,বিহাৰী গোপালক, মাৰোৱাৰী সম্প্ৰদায়ৰ পৰিয়ালৰো বসতিস্থল আছিল। প্ৰকৃতিৰ প্ৰাচুৰ্য্যতাৰ উপভোগ কৰা পৰিয়ালবোৰৰ জীৱনলৈ লৌহিত্যৰ ৰুদ্ৰৰূপে অমানিশা নমাই আনিছিল।

বিশেষকৈ ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা দিঘলী বা লুইতৰ ওপৰত নিৰ্ভৰশীল নৃগোষ্ঠীয় লোকসকলৰ বাবে ই একপ্ৰকাৰৰ অস্থিত্ব সংকটৰ কাৰক হৈ পৰিছিল। কৃষিভূমিসমুহ খহনীয়াত জাহ যোৱাৰ ফলত একালৰ স্বাভিমানী লোকসকলক আৰ্থিক সমস্যাই জুৰুলা কৰাৰ লগতে মানসিক ভাৱেও কোঙা কৰি তুলিছিল।

অসমৰ প্ৰায়বোৰ আদিম জনগোষ্ঠীৰ দৰে ইবিলাকৰ নদীৰ কাষৰ পলসুৱা মাটিৰ প্ৰতি আছিল দুৰ্বাৰ হেপাহ। পলসুৱা মাটিত লহপহাই উঠা আহুধানৰ সুৱাসে মতলিয়া কৰাৰ বাবেই হয়তো আভাজনৰ পুৰনি গাঁওখনৰ কথিত নাম হৈছিলগৈ আহুতলি। 

১৯৫০চনৰ প্ৰলয়ঙকাৰী ভূইকপৰ পাছত ভূমিহীন হোৱা ৰহমৰীয়াৰ সৰহসংখ্যক লোক ফীলবাৰী, ডিগবৈৰ বৰজান আদি বনগাও আৰু ডিব্ৰুগড় জিলাৰ বকুলৰ ফালে স্থানান্তৰিত হয়। নদীখনে প্ৰতি বছৰে নিজৰ সীমা বহলাই আনি ডিব্ৰুগড়-ৰঙাগড়া-তিনিচুকীয়া সংযোগী পথলৈ (যাক তামুলী আলি বুলিও অভিহিত কৰা হয়) ভাবুকি নমাই আনিছিল।

যিমানদুৰ মনত পৰে ১৯৯০চনলৈকে তামুলী আলিৰ উত্তৰ দিশে থকা বাসিন্দা সকলে পথৰ দাতিত , দুই একে গড়পৰাৰ ৰাজহুৱা খেলপথাৰৰ কাষৰ মাটিত ঘৰ সাজি লৈছিলহি। তামুলী আলিয়েই একপ্ৰকাৰৰ শেষ ভৰসা হিচাপে পৰিগনিত হৈছিল। কিন্তু ১৯৯৫ৰ পৰা ২০০১ চনলৈকে গড়াখহনীয়াই প্ৰৱলৰূপ লোৱাত অৱশিষ্ট পৰিয়ালবোৰে ডিব্ৰুগড় জিলাৰ বানিপুৰ, লাহোৱাল,ডিকম, চাবুৱা, আদি ঠাইত আশ্ৰয় লবলৈ বাধ্য হল। এনেদৰে বিতাৰিত হোৱা বহু পৰিয়াল আজিও ভূমিহীন হৈয়েই আছে।

প্ৰহেলিকাময় ডিবৰুৰ পম খেদি

যোৱা দশকৰ ভিতৰত ডিব্ৰুচৈখোৱাৰ লাইকা, দধীয়া,নগাও আদি বনগাওঁ , মিৰিগাও , বালিজান , নেফাফো আদিৰ অৱশিষ্ট অঞ্চলবোৰ যিকোনো মুহুৰ্ত্তত নদীৰ কোবাল সোতত নিঃশেষ হোৱাৰ সম্ভাৱনা আছে।

 আনহাতে বিন্ধাকতা, মুলুকগাও, পুখুৰিজান, বালিজানঘাট, দিনজান , গুইজানঘাট আদিত গড়াখহনীয়া নিত্যনৈমিত্তিক ঘটনা হৈ পৰিছে। শেহতীয়াকৈ নিৰ্মাণ হৈ থকা খহনীয়া প্ৰতিৰোধী বান্ধকেইতাৰ নিৰ্মান খৰতকীয়া হলে বহুপৰিয়ালে সকাহ পাব নিশ্চয়।

       বৰ্তমান ডিব্ৰু নদীখন কত হেৰাল সেয়া কাচিৎহে আলোচনা হয়। তিনিচুকীয়াৰ মাগুৰিবিলৰ পৰা এৰাসুতিৰ পৰিলক্ষিত হয়।সেয়াই ডিব্ৰু নদীৰ শেষ অস্থীত্ব । নামচাইৰ মাজেৰ বৈ অহা নদিহিঙৰ আশে পাশে ডিব্ৰু নদীৰ মুল জলস্ৰোত । অৰুনাচলৰ পৰশুৰাম কুন্দৰ কাষেৰে নামি ডিব্ৰুছৈখোৱা অভয়াৰন্যৰ দক্ষীন দিশেৰে বৈ অহা লোহিতৰ সতে ডিব্ৰু নৈৰ এৰাসুতিটো বিলিন হৈছে।

আনহাতে তিব্বতৰ তুষাৰ শিখৰৰ পৰা প্ৰচন্দ শক্তিৰে বৈ অহা য়াৰলুঙ চাংপো নদীখনে অৰুনাচলত দিহাঙ নামেৰে, ডিব্ৰু ছৈখোৱাৰ উত্তৰ দিশেৰে নামি আহিছে। ইয়াৰ আন এটা নামেই হয়তো চিৰি লুইত। দিহাঙ আৰু লুহিত নদীৰ জলধাৰা ব্ৰহ্মপুত্ৰৰ মুল চালিকা শক্তি। তাৰ সৈতে যোগ হৈছে দিবাং ,দিক্ৰাঙ, কুন্দিল,ন দিহিং আদি অনেক পাহাৰীয়া সৰুবৰ নৈ উপনৈসমুহে।

প্ৰকৃতিৰ ৰহস্যময় শক্তিয়ে পৰিচালনা কৰা নদ-নদীসমুহে নিৰন্তৰে নি়জক গতিপথ সলনি কৰে,আৰু তাৰ ফলতে প্ৰভাৱিত হয় দাঁতিকাষৰীয়া মানুহৰ জীৱনবোৰ। বূঢ়া লুইতৰ প্ৰচন্দ শক্তিৰ সতে শিৰনত কৰা ডিবৰু নদীৰ ধাৰা দশকৰ বিৰতিৰ সতে এনেদৰেই এদিন হেৰাই গ’ল । তাৰ লগতে ধূসৰ হৈ পৰিল হাঁহি চকুলোৰে ভৰা এখন পুৰণি সমাজৰ প্ৰতিচ্ছবি। 

“কালান্তৰৰ আকোহা ধাৰত 

তলসৰা কলাজবোৰ…

জীৱন নদীৰ দৰে 

নিৰৱধী।…………”

[শ্ৰী হানিদ ৰঞ্জন ভূঁঞা, চাবুৱা, শ্ৰী ক্ষীৰোদ শইকীয়া। ডিব্ৰুগড়]

তথ্য সংগ্ৰহঃ

১) ডিব্ৰুগড়ৰ বুৰঞ্জী, সম্পাদনা ড°ডম্বৰুধৰ নাথ 

২) প্ৰাক ঐতিহাসিক নিদৰ্শন,ড°পৱনচন্দ্ৰ শইকীয়া (ডিব্ৰুগড়ৰ বুৰঞ্জী)

২) ইতিহাসে সোঁৱৰা ছশটা বছৰ,ঁসৰ্বানন্দ ৰাজকোঁৱৰ ।

৩) চুতীয়া জাতিৰ বুৰঞ্জী ,সম্পাদনা: ড°স্বৰ্ণলতা বৰুৱা(প্ৰয়াত) আৰু ড° ডম্বৰুধৰ নাথ।

৪) A Statistical Account of Assam vol-I,1879 Pg-291 by Sir William Wilson Hunter.

৫) ৰহমৰীয়াত বৰলুইতৰ হেংদাঙৰ ঘাপ, ড°যোগেন শৰ্মা, ( সঞ্জীৱনী, স্মৃতিগ্ৰন্থ ২০০৪, ৰহমৰীয়া উচ্চত্তৰ মাধ্যমিক বিদ্যালয়।)

৬) The North East Frontier of India( 1883), Captain St. John F.Michell.

৭) The Mishimi Hills, T. T. Cooper.

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Why Should Women and Not Men Live With And Serve Their in-laws?
Special Report

Why Should Women and Not Men Live With And Serve Their in-laws?

by Kakali Das
March 8, 2026
0

Why Should Women and Not Men Live With And Serve Their in-laws? KAKALI DAS In India, we are  often told...

Read moreDetails
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026
WOMEN: BE IN LOVE WITH YOURSELF

WOMEN: BE IN LOVE WITH YOURSELF

March 8, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
নাৰীৰ মানসিক স্বাস্থ্য 

নাৰীৰ মানসিক স্বাস্থ্য 

March 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3496 shares
    Share 1398 Tweet 874
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d