• নেকিব আলি শইকীয়া
মোডীলৈ শৰ নিক্ষেপ : প্ৰাক্তনক আক্ৰমণ কৰি নিজৰ পাপ ঢাকিব নোৱাৰি!
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে মোডী চৰকাৰক ক্ষুৰধাৰ আক্ৰমণ কৰি কৈছে যে যোৱা ৭ বছৰ ধৰি শাসকৰ আসনত বহি থকা সত্ত্বেও এতিয়াও বিজেপিয়ে দোষাৰোপ কৰি আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক! ১৭ ফেব্ৰুৱাৰী, ২০২২ তাৰিখ বৃহস্পতিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে তীক্ষ্ন বাক্য প্ৰয়োগ কৰি কয় যে কৃষক বিক্ষোভ, বিদেশনীতি, দ্ৰব্যমূল্য বৃদ্ধি, নিবনুৱা সমস্যা ইত্যাদিৰ কোনো সমাধান নাই বিজেপি চৰকাৰৰ হাতত। বিজেপিৰ কেৱল মুখত হে জাতীয়তাবাদৰ কথা। এনে জাতীয়তাবাদ সম্পূৰ্ণ ভন্ডামি। বিজেপিৰ নীতি হৈছে বৃটিছৰ নীতি – ‘ ডিভাইড এন্ড ৰুল’।
ড° সিঙৰ মতে বৈদেশিক নীতিক লৈও বৰ্তমানৰ বিজেপি চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ। চীনৰ সৈন্যই আমাৰ ভূখণ্ড যোৱা এবছৰৰো অধিক কাল দখল কৰি ৰাখিছে, কিন্তু কেন্দ্ৰীয় বিজেপি চৰকাৰৰ কোনো উদ্যোগ নাই, সম্পূৰ্ণ নীৰৱ। বিদেশ তথা প্ৰতিৱেশী দেশবোৰৰ সৈতেও ভাৰতৰ সম্পৰ্ক প্ৰতিদিনে অৱনমিত হৈছে। ড° সিঙে কয় যে এয়াও সঠিক যে দেশৰ সৈতে সুসম্পৰ্ক বলপূৰ্বক গঢ়িব নোৱাৰি। ৰাষ্ট্ৰনেতাসকলক বিব্ৰত কৰি বা তেওঁলোকৰ সৈতে বহি চাহ বা বিৰিয়ানি খালেও বিদেশী ৰাষ্ট্ৰৰ সৈতে সুসম্পৰ্ক গঢ়িব নোৱাৰি। বিজেপি চৰকাৰখনক দেখা যায় মাথো বিজ্ঞাপনত।
তেওঁ কয় যে ডাঙৰ ডাঙৰ কথা সকলোৱে ক’ব পাৰে, কিন্তু কেইজনে কৰি দেখুৱাব পাৰে! কাম কৰি দেখুৱাব পাৰিব লাগে।মোডীৰ নাম উল্লেখ নকৰাকৈ পুনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে কয় যে ভাৰতৰ সংবিধানখনকো তেওঁলোকে সন্মান নকৰে, সংবিধানৰ প্ৰতিও তেওঁলোকৰ আস্থা নাই। চৰকাৰী প্ৰতিষ্ঠানবোৰক ধ্বংস কৰি পেলাইছে বিজেপি চৰকাৰে। গঢ়া দূৰৈৰ কথা, এটাৰ পিছত এটাকৈ বিক্ৰী কৰিছে। বৰ্তমানৰ ছৱিখন অতি কৰুণ। তেওঁলোকে পৰিস্থিতি অধিক বেয়াৰ ফালে নি আছে। কৰ’নাৰ বাবে পৰিস্থিতি অতি বেয়া হৈছে আৰু মানুহক দুৰ্বিসহ অৱস্থালৈ বিজেপিয়ে ঠেলি দিছে।
অৰ্থনীতি বিধ্বস্ত, মুদ্ৰাস্ফিতী বাঢ়িছে, নিবনুৱা সমস্যা আকাশলংঘী। তাৰোপৰি এই চৰকাৰৰ বয়স ৭ বছৰ পাৰ হৈ গৈছে। নিজৰ ভুল, ব্যৰ্থতা স্বীকাৰ নকৰি এতিয়াও সকলোবোৰৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক দায়ী কৰা হৈছে! ড° সিঙে কয় যে মই ভাবো – প্ৰধানমন্ত্ৰী পদটোত এক গৰিমা আছে, আস্থা আছে। গতিকে কোনো এজনক অপবাদ দি নিজৰ পাপ ঢাকিব নোৱাৰি। ড° সিঙে নিজৰ ভিডিঅ’ বাৰ্তাটোত এবাৰলৈও নৰেন্দ্ৰ মোদীৰ নাম উচ্চাৰণ নকৰিলে। তেওঁ কয় যে এই বিজেপি চৰকাৰে ‘অৰ্থনীতি’ নুবুজে।এয়া সুখদায়ক নহয়। নিবনুৱা সমস্যাই সৰ্বকালৰ ৰেকৰ্ড স্থাপন কৰিছে। মানুহ ঋণগ্ৰস্ত। মানুহৰ ৰোজগাৰ নাই। এই চৰকাৰৰ দিনত দুখীয়াসকল অধিক দুখীয়া হৈছে আৰু ধনীবোৰ অধিক ধনী হৈছে। ড° সিঙে কৈছে যে কৃষকসকলৰ আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে পঞ্জাৱ আৰু পাঞ্জাৱীসকলক অপমান কৰিছে। এনে কথা কেতিয়াও পাহৰিব নোৱাৰি। মানি লব নোৱাৰি। ইয়াৰ বাবে মৰ্মাহত হৈছো।