প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে আই. এম. ডি. টি. আইন বাতিল কৰিব বিচাৰিছিল
যুগান্ত বায়ন
সদৌ অসম ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত ভাৰতৰ অখণ্ডতা ৰক্ষাৰ বাবে অবৈধ বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ দাবীত সমগ্ৰ পৃথিৱী কঁপাই তোলা ঐতিহাসিক অসম আন্দোলনৰ সময়ত সংঘটিত হোৱা কেইবাটাও গুৰুত্বপূৰ্ণ অধ্যায় বৰ্তমানলৈ ৰাইজৰ অলক্ষিতে ৰৈ গৈছে।
বহু ঘটনা পৰিঘটনা আৰু দমন নীতিৰ পিছত ১৯৮৫ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষত পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত প্ৰধান মন্ত্ৰীৰ দায়িত্ব লাভ কৰা ৰাজীৱ গান্ধীয়ে অসম আন্দোলনৰ মূল সত্তাটোক সন্মান জনাই অসম চুক্তি স্বাক্ষৰ কৰিছিল।
চুক্তি সম্পাদন কৰাৰ পিছত অসমৰ ৰাজনৈতিক পৰিস্থিতি সলনি হোৱাত ১৯৮৫ চনৰ ১৬ ডিচেম্বৰত অনুষ্ঠিত হোৱা অসমৰ সাধাৰণ নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত গঠিত অসম গণ পৰিষদ দলে ৰাজ্যখনৰ শাসন ভাৰ গ্ৰহণ কৰিছিল।
উল্লেখযোগ্য যে, প্ৰয়াত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে ১৯৮৩ত অসমৰ জনসাধাৰণৰ প্ৰবল জনমতৰ বিৰুদ্ধে গৈ অনুষ্ঠিত কৰা নিৰ্বাচনত জয়ী হোৱা হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ যাক অসমৰ ৰাইজে অবৈধ চৰকাৰ হিচাপে অভিহিত কৰিছিল সেইখন চৰকাৰক ৰাজীৱ গান্ধীয়ে বৰ্খাস্ত কৰিছিল।
অসম গণ পৰিষদ দলৰ প্ৰথমখন চৰকাৰে ৰাজীৱ গান্ধীৰ প্ৰত্যক্ষ হস্তক্ষেপত অসম চুক্তিৰ বিভিন্ন দফা ৰূপায়ণৰ বাবে অতি আন্তৰিকতাৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু কংগ্ৰেছ দলত থকা এক শক্তিশালী অসম বিৰোধী চক্ৰৰ প্রৰোচনাত এনেধৰণৰ সকলো পদক্ষেপ বিফল হৈছিল।
অতি শেহতীয়াভাৱে এনে এক প্ৰচেষ্টাৰ এক আশ্বৰ্যজনক তথ্য অলপতে এটা বৈদ্যুতিক মাধ্যমত প্ৰচাৰ হোৱা এক অনুষ্ঠানৰ জৰিয়তে পোহৰলৈ আহিছে।
অসম গণ পৰিষদ চৰকাৰৰ প্ৰথমটো কাৰ্য্যকালত গৃহ, ৰাজনৈতিক বিভাগ আৰু মুখ্যমন্ত্ৰীৰ সচিব হিচাপে কাৰ্য্যভাৰ চলাই যোৱা ভাৰতীয় প্ৰশাসনিক সেৱাৰ পঞ্চম গৰাকী অসমীয়া বিষয়া মদন প্ৰসাদ বেজবৰুৱাই উক্ত অনুষ্ঠানত সদৰী কৰা তথ্যই ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত থকা অসম বিৰোধী চক্ৰৰ ষড়যন্ত্ৰৰ বাবে ৰাজীৱ গান্ধীৰ অসমৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে থকা একান্ত ইচ্ছা ব্যৰ্থ হোৱা তথ্যই কংগ্ৰেছ দলে অসম চুক্তি প্ৰকৃতাৰ্থত ৰূপায়ণ কৰিবলৈ নিবিচৰা কথাকে প্ৰমাণ কৰিছে।
প্ৰাপ্ত তথ্য মতে, বহু বিতৰ্কিত আই. এম. ডি. টি. আইন সন্দৰ্ভত দিল্লীত হোৱা এক আলোচনাত অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, গৃহ মন্ত্ৰী ভৃগু কুমাৰ ফুকন, আইন মন্ত্ৰী সুৰেন্দ্ৰ নাথ মেধি, সাংসদ দীনেশ চন্দ্ৰ গোস্বামীয়ে যুক্তি আৰু তথ্য সহকাৰে উক্ত আইনখন যে এখন অবৈধ আইন আৰু আইনখন কেৱল অসমৰ বাবেহে প্ৰযোজ্য সেই কথা ৰাজীৱ গান্ধীক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল।
দীনেশ চন্দ্ৰ গোস্বামীয়ে ৰাজীৱ গান্ধীক কৈছিল যে, দিছপুৰৰ পৰা ২২ কিলোমিটাৰ দূৰত্বত থকা মেঘালয়ৰ বৰ্ণিহাতত এজন নাগৰিক বিদেশী বুলি চিনাক্ত হ’লে তৎকালে পুলিছে দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে। কিন্তু বৰ্ণিহাতৰ পৰা একে দূৰত্বত থকা দিছপুৰত এগৰাকীৰ লোক বিদেশী বুলি চিনাক্ত হ’লে এক দীঘলীয়া আইনী প্ৰক্ৰিয়াৰে এই কাৰ্য্য সমাপন কৰিব লগীয়া হয়।
গোস্বামীৰ এনেধৰণৰ বক্তব্য শুনি ৰাজীৱ গান্ধীয়ে সভাত উপস্থিত থকা তেতিয়াৰ কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী চিদাম্বৰমক প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে অসমত নাগৰিকসকলক হাৰাশাস্তি কৰাৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনে আইন প্ৰৱৰ্তন কৰা গৈছে বুলি ক’বলৈ চেষ্টা কৰে। কিন্তু ৰাজীৱ গান্ধীয়ে চিদাম্বৰমৰ কথাক নস্যাৎ কৰি দীনেশ গোস্বামীয়ে উত্থাপন কৰা বক্তব্য শুদ্ধ হয় নে নহয় বুলি ওলোটাই প্ৰশ্ন কৰে।
তেতিয়া চিদাম্বৰমে গোস্বামীৰ কথাখিনিৰ সত্যতা স্বীকাৰ কৰে। তেতিয়া ৰাজীৱ গান্ধীয়ে চলি থকা সংসদৰ অধিৱেশনতে আইনখন সংশোধন কৰি সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এখনে শক্তিশালী আইন প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে আৰু অসমৰ বিষয়াসকলক দিল্লীত অপেক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। প্ৰধান মন্ত্ৰীৰ পৰামৰ্শ মতে বিষয়াসকলে দুদিন ধৰি অপেক্ষা কৰাৰ পিছতো গৃহমন্ত্ৰীৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো ধৰণৰ প্ৰস্তাৱ লাভ নকৰিলে।
অৱশেষত কংগ্ৰেছৰ অসম বিৰোধী চক্ৰটোৰ প্ৰবল হেঁচাত ৰাজীৱ গান্ধী আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল। তেতিয়াৰ অগপ চৰকাৰে অহৰহভাৱে অসম চুক্তি ৰূপায়ন মূল হেঙাৰ স্বৰূপ এই অবৈধ আইনখন বাতিল কৰাৰ বাবে চলোৱা সকলো চেষ্টা এনেধৰণৰ চক্ৰান্তৰ বাবে ব্যৰ্থ হয়। এনেধৰণৰ ঘটনা-পৰিঘটনাই দিল্লীত সক্ৰিয় হৈ থকা অসম বিৰোধী একাংশ লোকে আজিও অসম আন্দোলনৰ মূল সত্ত্বাক অস্বীকাৰ কৰাৰ এক পৰিৱেশ ৰচনা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
এনে চক্ৰৰ চক্ৰান্ততে বৰ্তমান অসমৰ ৰাজনৈতিক নেতৃত্বই আন্দোলনৰ নেতাসকলৰ উপস্থিতিতেই অসম আন্দোলনক এক ব্যৰ্থ আন্দোলন বুলি ক’বলৈ আৰম্ভ কৰিছে।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)