• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Remembrance

প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি

ASSAMESE SECTION

by Editor
January 31, 2025
in Remembrance, ASSAMESE SECTION
Reading Time: 6 mins read
0
প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি
Share on FacebookShare on TwitterShare on LinkedIn

প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি

ৰণজিৎ কুমাৰ দাস

Ranjeet Kumar Dass
ৰণজিৎ কুমাৰ দাস

অসমৰ যিসকল সু-সন্তানে জীৱনকালত বিভিন্ন কৰ্মৰ মাজেৰে নিস্বাৰ্থভাৱে দেশ আৰু জাতিক সমৃদ্ধ কৰি গৈছে সেইসকল বৰেণ্য ব্যক্তিৰ ভিতৰত মুক্তিযোদ্ধা, সমাজসেৱক, শিক্ষাবিদ, ৰাজনীতিবিদ্‌ তথা অসম লোকসেৱা আয়োগৰ প্ৰথম গৰাকী অসমীয়া অধ্যক্ষ কামেশ্বৰ দাস আছিল অন্যতম৷

                সেইহেন এগৰাকী সু-সন্তানৰ বিষয়ে বজালীৰ কেন্দুগুৰি-বামাখাটাত দুষাৰ ক’বলৈ সুযোগ দিয়া বাবে মই নিজকে ধন্য মানিছো আৰু প্ৰয়াত কামেশ্বৰ দাস সম্পৰ্কীয় এক অসাধাৰণ অধ্যায়ৰ বিষয়ে আলোকপাত কৰিবলৈ মনস্থ কৰিছো ৷
                অসম বিধান সভাৰ অধ্যক্ষ হিচাবে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত মই অসম বিধান সভাৰ কিছুমান ঐতিহাসিক বিৱৰ্ণ পৃষ্ঠা লুটিয়াই চাবলৈ সুযোগ পাইছিলো আৰু তেতিয়াই মই প্ৰয়াত কামেশ্বৰ দাস সম্পৰ্কে যিখিনি নতুন জ্ঞান অৰ্জন কৰি টোকাবহীত লিখি থৈছিলো , তাৰেই সাৰাংশ হিচাবে আজিৰ এই বক্ততাত উল্লেখ কৰিব বিচাৰিছো–যিহেতু এই দিশৰ ওপৰত এতিয়াও  বিশদভাৱে চৰ্চা হোৱা প্ৰত্যক্ষ হোৱা নাই ৷
                কামেশ্বৰ দাস আছিল সৰ্বতোমুখী প্ৰতিভাশালী ব্যক্তি৷ ৰাজনীতি, সমাজসেৱা, আইন, শিক্ষা, প্ৰশাসন আদি সকলো ক্ষেত্ৰতে তেখেতৰ কৃতিত্ব আছিল অসাধাৰণ৷

পাটাছাৰকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত বামাখাটা গাঁৱত জন্ম গ্ৰহণ কৰা কামেশ্বৰ দাসে পৰিয়ালৰ আৰ্থিক অভাৱ, অনাটনৰ মাজতো সৰুৰে পৰাই ছাত্ৰ জীৱনত প্ৰৱল মেধাশক্তিৰ পৰিচয় দিছিল আৰু  কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অংকশাস্ত্ৰত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সোণৰ পদক অৰ্জন কৰিছিল৷ আইনৰ ডিগ্ৰীও তেখেতে সুখ্যাতিৰে লৈছিল ৷

কামেশ্বৰ দাস ডাঙৰীয়াই বৰপেটা সমষ্টিৰ পৰা ১৯২৬-২৯ আৰু ১৯২৯-৩৬ চনত  দুবাৰকৈ লেজিছলেটিভ কাউন্সিলৰ সদস্য নিৰ্বাচিত হৈ  বৰপেটা লোকেল বোৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈ দুটা কাৰ্যকাল বৰপেটা উত্তৰ সমষ্টিৰ পৰা বিধান সভাৰ সদস্য ৰূপে নিৰ্বাচিত হৈ জনসাধাৰণৰ সেৱা কৰিছিল ৷

RelatedPosts

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026

সমাজৰ সৰ্বাংগীন উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ কামত সদায়ে অগ্ৰণী ভূমিকা পালন কৰা কামেশ্বৰ দাস ডাঙৰীয়া আছিল ৰাইজৰ অতি প্ৰিয় নেতা৷ ৰাজ্যখনৰ শিক্ষা খণ্ডলৈও তেখেতে অশেষ অৱদান আগবঢ়াই  গৈছে ৷

দাস ডাঙৰীয়াই বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় আৰু পাঠশালাৰ বজালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অবৈতনিক অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে চৌখুটী এম ই স্কুল, বজালী হাইস্কুল, গিৰিশ বিদ্যাপীঠ, ভৱানীপুৰ হাইস্কুল আদিকে ধৰি বৰপেটা-বজালী অঞ্চলৰ বহু ভিতৰুৱা গাঁৱত  শিক্ষানুষ্ঠান স্থাপনত অগ্ৰণী ভূমিকা লৈছিল ৷

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপেও  বিশিষ্ট শিক্ষাবিদ-সমাজসেৱক কামেশ্বৰ দাস ডাঙৰীয়াই নিষ্ঠা, দায়বদ্ধতা আৰু  আদি দক্ষতাৰে কাৰ্য সম্পাদন কৰিছিল৷ তেখেত আছিল অসম লোকসেৱা আয়োগৰ প্ৰথম গৰাকী অসমীয়া অধ্যক্ষ ৷

এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে The Government of India Act, ১৯১৯ আইনখন ১৯৩৫ চনত সংশোধন হৈছিল ৷ The Government of India Act, ১৯৩৫ ৰ বিধি অনুসৰি Legislative Council  Legislative Assembly লৈ উন্নীত কৰা হৈছিল আৰু কেবিনেট গঠন কৰাৰ ব্যৱস্থা লোৱা হৈছিল ৷ তাৰোপৰি পূৰ্বৰ ব্যৱস্থাপক সভাত তদানীন্তন বৰপেটা মহকুমাত অমুছলমানলোকৰ বাবে এটা সমষ্টি আছিল৷

প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি

গতিকে নতুন আইন প্ৰৱৰ্তন হোৱাত বৰপেটাত অমুছলমানলোকৰ বাবে দুটা সমষ্টি হয়৷ অৰ্থাৎ, বজালী আৰু বৰনগৰক লৈ বৰপেটা উত্তৰ সমষ্টি আৰু বৰপেটাৰ দক্ষিণৰ বাকী অঞ্চলক লৈ দক্ষিণ বৰপেটা সমষ্টি ৷

এই আইনৰ আধাৰত অনুষ্ঠিত ১৯৩৭ চনত নিৰ্বাচনত কামেশ্বৰ দাস বৰপেটা উত্তৰ বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছ-স্বৰাজ দলৰ প্ৰাৰ্থীৰূপে বিধান সভালৈ নিৰ্বাচিত হৈছিল৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে কামেশ্বৰ দাসে ১৯২৭-২৯  আৰু ১৯২৯-৩৬  দুটা  কাৰ্যকাললৈ বৰপেটা সমষ্টিৰ পৰা দুবাৰো Legislative Council  সদস্য হিচাপে নিৰ্বাচিত হৈছিল৷ পৰৱৰ্তী সময়ত তেওঁ ১৯৩০ চনৰ পৰা ১৯৩৫ চনলৈ বৰপেটা লোকেল বৰ্ডৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল৷ ইয়াৰোপৰি কামেশ্বৰ দাস ১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈ স্বাধীনোত্তৰ অসমৰ বৰপেটা উত্তৰ সমষ্টিৰ পৰা অসম বিধান সভাৰ সদস্য আছিল৷

১৯৩৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে ১০৮ খন আসনৰ ভিতৰত ৩৩ খন আসন লাভ কৰি একক সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল যদিও সেই সময়ত গৱৰ্ণৰ Robert Neil Reid য়ে ইউৰোপীয় সদস্যৰ সহযোগত ১০ খন আসন লাভ কৰা মুছলিম লীগৰ নেতা মহম্মদ ছাদুল্লাক চৰকাৰ গঠন কৰাৰ বাবে আহ্ৱান কৰিছিল আৰু ১৯৩৭ চনৰ এপ্ৰিলত মহম্মদ ছাদুল্লাই এখন জোঁট বন্ধা চৰকাৰৰ  Premier ৰূপে শপত লৈছিল৷ সদনৰ সংখ্যা গৰিষ্ঠতা নথকাৰ বাবে এই চৰকাৰৰ পতন হৈছিল৷

কিন্তু ৰাজ্যপাল পুনৰ মহম্মদ ছাদুল্লাকে চৰকাৰে গঠন কৰিবলৈ সুবিধা দিয়াত ছাদুল্লাই মুছলিম লীগ, প্ৰগ্ৰেছিভ নেছনেলিষ্ট পাৰ্টী, কনষ্টীটিউছনেলিষ্ট, ইউৰোপীয়ান গ্ৰুপ, ইউনাইটেড গ্ৰুপ আৰু নিৰ্দলীয় বিধায়কক লৈ ১৯৩৮ চনৰ ৫ ফেব্ৰুৱাৰীত পুনৰ জোঁটবন্ধন চৰকাৰ গঠন কৰি Premier হয় ৷

ইয়াৰ পিছত১৯৩৮ চনৰ  ১৮ ছেপ্টেম্বৰত ছাদুল্লা চৰকাৰৰ পুনৰ পতন হয় ৷ ১৯৩৮ চনৰ  ১৯ ছেপ্টেম্বৰত গোপীনাথ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ গঠন হয় ৷ ইয়াৰ পিছত কেইবাবাৰো চৰকাৰ ভঙাপতা হৈছিল ৷

প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি
স্থান : কেন্দুগুৰি-বামাখাটা, বজালী

এইখিনিত উল্লেখ কৰা উচিত হব যে– The Government India Act, ১৯৩৫১ অধীনত মহম্মদ ছাদুল্লাৰ নেতৃত্বত ১৯৩৯ চনৰ ১৭ নৱেম্বৰৰ পৰা ১৯৪১ চনৰ ২৫ ডিচেম্বৰলৈ জোঁটবন্ধন চৰকাৰ, ১৯৪২ চনৰ ২৫ আগষ্টৰ পৰা ১৯৪৫ চনৰ ২৩ মাৰ্চলৈ লীগ চৰকাৰ, ১৯৪৫ চনৰ ২৩ মাৰ্চৰ পৰা ১৯৪৬ চনৰ ১১  ফেব্ৰুৱাৰীলৈ জোঁট বন্ধন চৰকাৰ গঠন হৈছিল৷ কামেশ্বৰ দাস অসম বিধান সভাৰ এগৰাকী অতি সক্ৰিয় সদস্য আছিল৷

সেই সময়ৰ কেইবাখনো গুৰুত্বপূৰ্ণ আইন তথা বিধি প্ৰণয়ন ক্ষেত্ৰত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ৷

( অসম বিধান সভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিবাহ কৰাৰ সময়ত মই সেই সময়ৰ বিশেষকৈ ১৯৩৭-৪৬ চনৰ সময়ছোৱাৰ বিধান সভাৰ কিছু পুৰণি নথি-পত্ৰ চোৱাৰ সুযোগ পাইছিল৷ বিধান সভাৰ পুৰণি প্ৰচিডিং চাই আভাস পাইছিলো তদানীন্তন বিধায়ক কামেশ্বৰ দাসে সদনত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা )

The Assam Land and Revenue Regulation Act, ১৮৮৬ ৰ সংশোধনীৰ বাবে বিধান সভাত The Assam Land and Revenue  (Amendment) Bill, ১৯৩৮ উত্থাপন কৰাৰ সময়ত কামেশ্বৰ দাসে উল্লেখনীয় ভূমিকা লৈছিল৷ তেতিয়া এই আইনৰ দুটা ধাৰাত সংশোধনী অনা হৈছিল৷ বিধান সভাৰ সদস্য হিচাপে কামেশ্বৰ দাসে বিধান সভাৰ মজিয়াত সদায়ে জনসাধাৰণৰ অভাৱ-অভিযোগ, সমস্যাৰ কথা উত্থাপন কৰিছিল ৷

বৰপেটা সমষ্টিৰ ৰাইজৰ প্ৰতিটো গুৰুত্বপূৰ্ণ সমস্যা তেওঁ বিধান সভাত উত্থাপন কৰিছিল আৰু এইবোৰৰ সমাধানৰ বাবে ব্যৱস্থা লৈছিল ৷

খিলঞ্জীয়া অসমীয়া তথা জনজাতীয় লোকসকলৰ স্বাৰ্থত কামেশ্বৰ দাস বিধান সভাত সদায়ে সৰৱ আছিল৷ এই প্ৰসংগত এটা গুৰুত্বপূৰ্ণ বিষয়ৰ কথা কব পাৰি–কামেশ্বৰ দাসে ২৯-০২-১৯৪০ তাৰিখে অসম বিধান সভাত তদানীন্তন বৰপেটা মহকুমাৰ কাউৰবাহা, বেন্নিবাৰী, উলুবাৰী, ৰঙদিয়া, বনমাজাপাম, বেলগুৰিকে ধৰি হাউলী মৌজাৰ কেইবাখনো গাঁৱৰ জনজাতীয় লোকৰ মাটি, খেতি, পাম ঘৰ আদি বহিৰাগত চৰুৱা মুছলমান লোকে আগ্ৰাসন কৰি বিনস্ত কৰাৰ অভিযোগ কৰি চৰকাৰে খিলঞ্জীয়া অসমীয়া তথা জনজাতীয় লোকসকলক নিৰাপত্তা আৰু সুৰক্ষা প্ৰদান ব্যৰ্থ হোৱা বুলি অভিযোগ আনি সভা স্থগিত প্ৰস্তাৱ আনিছিল৷

প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি
স্থান : কেন্দুগুৰি-বামাখাটা, বজালী

বৰপেটা মহকুমাৰ হাউলী মৌজাৰ অন্তৰ্গত সংশ্লিষ্ট অঞ্চল কেইটাৰ স্থানীয় গাঁওবাসীয়ে ১৯২৪-২৫ চনৰ ছেটেলমেণ্টৰ আগৰে পৰাই ভূমি পট্টালৈ নিজ মাটিত নিৰ্ব্বিবাদে ভোগ দখল কৰি আছিল ৷ কিন্তু, তেওঁলোকৰ এই ভূমিৰ  ৮০-১০০ বিঘামান আৰু  পামঘৰবোৰ বহিৰাগত চৰুৱা-মুছলমানে বলেৰে দখল কৰিছিল ৷ চৰুৱা মুছলমানসকলে গাঁৱৰ মানুহৰ সা-সম্পত্তি, খেতি-বাতিও বিনষ্ট কৰিছিল ৷

স্থানীয়লোকে বিষয়টো আগতীয়াকৈ উমান পাই আৰক্ষীক অৱগত কৰিছিল যদিও আৰক্ষীয়ে গাঁৱৰ ৰাইজৰ নিৰাপত্তা তথা সুৰক্ষাৰ বাবে একো ব্যৱস্থা লোৱা নাছিল ৷ বহিৰাগত চৰুৱা-মুছলমানৰ এই আগ্ৰাসনত জনজাতীয় আৰু খিলঞ্জীয়া লোকসকল আতংকিত হৈ পৰাৰ কথা উত্থাপন কৰি তদানীন্তন বিধায়ক কামেশ্বৰ দাসে কয় যে, চৰকাৰে বহিৰাগতৰ এনে আগ্ৰাসন ৰোধ কৰি জনজাতীয় খিলঞ্জীয়া লোকক সুৰক্ষা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে ৷

পট্টা থকা ভূমি চৰুৱা মুছলমানে জোৰেৰে কৰা বেদখলৰ পৰা মুক্ত কৰাৰ কোনো ব্যৱস্থা জিলাধিপতি, মহকুমাধিপতি, আৰক্ষীয়ে কিয় ল’ব নোৱাৰিলে সেই সম্পৰ্কত কামেশ্বৰ দাসে বিধান সভাত প্ৰশ্ন উত্থাপন কৰে ৷

কিন্তু অসমৰ তদানীন্তন প্ৰিমিয়াৰ ছৈয়দ ছাদুল্লাই বিষয়টো তদানীন্তন বুলি মন্তব্য দি দায় সাৰিছিল৷ এই খিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে দেশৰ স্বাধীনতাৰ পূৰ্বৰ সেই সময়ছোৱাতো অসম প্ৰভিন্সত পূৰ্ব-বংগৰ মুছলমান লোককে ধৰি অন্যান্য অঞ্চলৰ বহিৰাগতৰ আগ্ৰাসনে থলুৱা জনজাতি-অজনজাতি লোকসকলৰ বাবে সংকট মাতি আনিছিল ৷ বৃটিছ শাসকসকলে তেওঁলোকৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক লাভালাভৰ স্বাৰ্থত এনে  আগ্ৰাসনত সাৰ-পানী যোগাইছিল ৷

প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি
স্থান : কেন্দুগুৰি-বামাখাটা, বজালী

ছাদুল্লা চৰকাৰৰ ভূমিকাও এই ক্ষেত্ৰত সন্দেহজনক আছিল৷ অসমৰ সাৰুৱা খেতি মাটি তথা ভূমিৰ প্ৰাৰ্চুয্যৰ বাবে পূৰ্ব বংগৰ প্ৰব্ৰজনকাৰীয়ে ৮৫ শতাংশই মুছলমান [অসমত সোমাই মাটিবোৰ দখল কৰি ক্ৰমাৎ  খিলঞ্জীয়া জনজাতি-অজনজাতিলোকৰ বসতি অঞ্চল আৰু খেতি-মাটিবোৰো দখল কৰিবলৈ আৰম্ভ কৰিছিল৷ খিলঞ্জীয়া লোকৰ নিৰাপত্তা আৰু ৰক্ষণাবেক্ষণৰ বিষয়টো এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছিল৷ 

তদানীন্তন ছাদুল্লা চৰকাৰৰ ছত্ৰছায়াত প্ৰব্ৰজনকাৰী মুছলমানে অসমৰ সাৰুৱা ভূমিবোৰত স্থায়ীভাৱে বহিবলৈ লয়৷ পাকিস্তান প্ৰেমী আৰু পমুৱা মুছলমানক অসমলৈ অবাধ প্ৰব্ৰজনৰ সুবিধা দিয়া বুলি ছাদুল্লা চৰকাৰৰ বিৰুদ্ধে অভিযোগ আছিল ৷

বহুতে মহম্মদ ছাদুল্লাক বৃটিছ ভক্ত আৰু সাম্ৰাজ্যবাদৰ সমৰ্থক বুলি ভাবিছিল৷ তদানীন্তন অসমৰ প্ৰিমিয়াৰ মহম্মদ ছাদুল্লাই প্ৰব্ৰজনকাৰী মুছলমান লোকেৰে অসমক মুছলিম গৰিষ্ঠ অঞ্চলত পৰিণত কৰাৰ চেষ্টা চলাইছিল বুলি অনেকে অভিযোগ কৰে ৷

সেই সময়ত অসমৰ প্ৰিমিয়াৰ মহম্মদ ছাদুল্লাই ‘‘অধিক খাদ্য শস্য গজোৱা’’ (Grow more food) ৰ অজুহাতত অধিক মুছলমান গজোৱা (Grow more Muslims) নীতি লৈছিল বুলি কোৱা হয় ৷ ‘‘ য’তে পতিত মাটি, তালৈকে মৈমনসিঙিয়াই জাকে জাকে ঢাপলি মেলে’’ বুলি সেই সময়ত কোৱা হৈছিল ৷ 

অসমৰ খিলঞ্জীয়া জনজাতি আৰু অজনজাতিসকলৰ এই সংকটৰ সময়ত যিসকল ৰাজনীতিকে বিধান সভাত সৰৱ আছিল সেইসকলৰ ভিতৰত কামেশ্বৰ দাস আছিল অন্যতম৷ পমুৱা প্ৰব্ৰজনকাৰী মুছলমানে খিলঞ্জীয়া লোকসকলৰ বাবে  সংকট মাতি অনা বিষয়টোৱে জটিল ৰূপ লোৱাত বৃটিছ প্ৰশাসনে ১৯২০ চনত লাইন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল৷ এই ব্যৱস্থা প্ৰথমে নগাঁৱত আৰু তাৰ পিছত কামৰূপৰ বৰপেটা মহকুমাত প্ৰৱৰ্তন হৈছিল ৷

প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি

এই ব্যৱস্থাৰ জৰিয়তে পতিত মাটি বন্দৱস্তি দিয়াৰ ক্ষেত্ৰত কিছুমান নীতি-নিয়ম কৰা হৈছিল৷ আৰম্ভণিতে কেৱল এবছৰীয়া পট্টা দিয়া হৈছিল৷ তদুপৰি, লাইন ব্যৱস্থাৰ জৰিয়তে অধিক জনসংখ্যাৰ হেঁচা পৰা  জিলা সমূহত প্ৰব্ৰজনকাৰীসকলক তেওঁলোকৰ বসতিৰ বাবে আছুতীয়া কিছুমান পৃথকীকৃত এলেকাত পট্টন দিয়াৰ বাবে লাইন টানি সীমা নিৰ্ধাৰণ কৰা হৈছিল ৷

কিন্তু প্ৰব্ৰজনকাৰী মুছলমানে আগ্ৰাসী ৰূপত অসমৰ ভূমি ক্ৰমাৎ দখল কৰিব লোৱাত সমস্যাই জটিল ৰূপ লৈছিল৷ প্ৰব্ৰজনকাৰীসকলে খেতি পথাৰৰ লগতে গো-চৰণীয়া পথাৰবোৰো দখল কৰাত লাগিছিল ৷

এনে পৰিস্থিতিত তদানীন্তন চৰকাৰে ১৯৩৭ চনত এফ ডব্লিউ হোকেনহুলক অধ্যক্ষ হিচাপে লৈ কামেশ্বৰ দাস, সৰ্বেশ্বৰ বৰুৱা, মহেন্দ্ৰ নাথ শইকীয়া, ৰবীচন্দ্ৰ কছাৰী, আব্দুল মতিন চৌধুৰী, ছৈয়দ আব্দুৰ ৰৌফ আৰু ছয়দুৰ ৰহমানক সদস্য হিচাপে লৈ এখন সমিতি গঠন কৰি লাইন ব্যৱস্থাটো সন্দৰ্ভত পৰামৰ্শ আগবঢ়াবলৈ দিছিল ৷

কামেশ্বৰ দাসকে ধৰি অসমীয়া সদস্যসকলে এই সম্পৰ্কত ভালেমান পৰামৰ্শ আগবঢ়াইছিল যদিও বহিৰাগতৰ আগ্ৰাসন ৰোধ কৰিবলৈ কোনো কাৰ্যকৰী ব্যৱস্থা চৰকাৰে লোৱা নাছিল৷ কামেশ্বৰ দাসে গো-চৰণীয়া পথাৰ পমুৱা মুছলমানে দখল কৰা অথবা চৰকাৰে তেওঁলোকৰ বাবে মুকলি কৰি দিয়াৰ ঘোৰ বিৰোধিতা কৰিছিল ৷

বৰপেটা মহকুমাত হোৱা পমুৱা মুছলমানৰ আগ্ৰাসন ৰোধ কৰাটো তেওঁ বিচাৰিছিল৷ বিধান সভাত এগৰাকী সদস্য আব্দুৰ ৰোফে ভূমিহীন প্ৰব্ৰজনকাৰীসকলক অসম প্ৰভিন্সত মাটি দিব লাগে দাবী উত্থাপন কৰাৰ বিষয়টোত কামেশ্বৰ দাসে আপত্তি কৰিছিল ৷

প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি
কামেশ্বৰ দাস

বৰপেটা মহকুমাত প্ৰব্ৰজনকাৰী মুছলমানলোকক বহিবলৈ দিবলৈ বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছিল তদানীন্তন বিধায়ক কামেশ্বৰ দাসে৷ অসম বিধান সভাত  ৰাজহ সম্পৰ্কীয় আৰু লাইন প্ৰথাৰ প্ৰসংগত হোৱা আলোচনাত তদানীন্তন বিধায়ক কামেশ্বৰ দাসে অতি সক্ৰিয়ভাৱে যুক্তিনিষ্ঠ মন্তব্য প্ৰকাশ কৰিছিল ৷

আগতেই উল্লেখ কৰা হৈছে যে, দেশৰ স্বাধীনতাৰ পূৰ্বৰ সেই সময়ছোৱাত মুছলিমৰ প্ৰব্ৰজন, লাইন প্ৰথা, ভূমি নীতি আদি বিষয়বোৰ বিভিন্ন প্ৰসংগত অসম বিধান সভাত আলোচনাৰ মাজলৈ আহিছিল৷ তদানীন্ত অসমৰ প্ৰিমিয়াৰ মহম্মদ ছাদুল্লাৰ সময়ত হোৱা আলোচনাবোৰত সৰহ সংখ্যক মুছলমান সদস্যই প্ৰব্ৰজনকাৰীয়ে অসমত সৃষ্টি কৰা সংকট আৰু ভূমি নীতিৰ প্ৰসংগত অসমৰ থলুৱা জনজাতি আৰু অজনজাতিসকল স্বাৰ্থৰ বিৰুদ্ধে যোৱা স্থিতি লৈছিল ৷

মুছলমান প্ৰব্ৰজনকাৰীসকল অসমৰ খেতি মাটি, গ্ৰেজিংবোৰ অবাধে দখলৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল আৰু লাইন প্ৰথাৰ অসাৰতা প্ৰতিপন্ন কৰিছিল৷ কামেশ্বৰ দাসে বিধান সভাত কৈছিল যে, লাইন প্ৰথাৰ পৰা অসমৰ থলুৱা লোকসকল সুৰক্ষিত হ’ব অথবা ৰক্ষণাবেক্ষণ লাভ কৰিব বুলি ভবা হৈছিল যদিও সেয়া কাৰ্যত হোৱা নাছিল৷

প্ৰব্ৰজনে সৃষ্টি কৰা ভয়বহ সংকটৰ কথা উল্লেখ কৰি কামেশ্বৰ দাসে ডাঙৰীয়া কৈছিল যে, অসমৰ মানুহৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা চিন্তা কৰি যিমান বাধা-বিঘিনি, প্ৰত্যাহবান আহিলেও আমি তাৰ প্ৰতিকাৰ কৰিব লাগিব৷ সেই সময়ত মৌলবী আব্দুল মতিন চৌধুৰী, মৌলবী মনোৱাৰ আলি আদি সদস্যসকলে মুছলমান প্ৰব্ৰজনকাৰীসকলৰ স্বাৰ্থত মাত মাতিছিল ৷

অধিক খাদ্যৰ নামত অধিক মুছলমানৰ আগমন ঘটাই অসমৰ সাৰুৱা ভূমি, গ্ৰেজিংবোৰ দখল কৰি অসম পাকিস্তানৰ ভিতৰুৱা কৰাৰ পৰিকল্পনা এটা সুযোগ সন্ধানী একাংশ মুছলমান নেতাই চলাই আছিল আৰু এই চক্ৰটোৱে হেঁচাত সেই সময়ত বেদখলকাৰী পমুৱা উচ্চেদ নীতিটোক চৰকাৰে কাৰ্যকৰী কৰাত হেমাহী কৰিছিল ৷

বিধান সভাত মুছলমান সদস্যসকলে পমুৱা প্ৰব্ৰজনকাৰীসকল ভূমি পট্টন দিয়াৰ পক্ষত থিয় দিছিল আৰু সংৰক্ষিত ভূমিসমূহ বিভিন্ন অজুহাত দেখুওৱাই সংৰক্ষণ যুক্ত কৰিবলৈ চেষ্টা কৰিছিল ৷

কামেশ্বৰ দাসে ইয়াৰ বিৰোধীতা কৰিছিল আৰু অসমীয়া মানুহৰ ভৱিষ্যতৰ স্বাৰ্থত সংৰক্ষিত ভূমি বা গ্ৰেজিং সমূহ সংৰক্ষণ মুক্ত কৰিব নালাগে বুলি বিধান সভাত মন্তব্য কৰিছিল৷ অসমৰ জনসংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ কথা কৈ তদানীন্তন বিধায়ক কামেশ্বৰ দাসে বিধান সভাত উল্লেখ কৰে যে ১৮৯১ চনত অসম প্ৰভিন্সৰ জনসংখ্যা আছিল প্ৰায় ৫৫ লাখ ৷

প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি
আশুতোষ মুখোপাধ্যায়

১৯৩১ চনৰ লোক পিয়লত এই সংখ্যা প্ৰায় ৯২ ১/২ লাখলৈ বৃদ্ধি পালে ৷ তেওঁ লগতে কৈছিল যে, অসম উপত্যকাৰ য’ত লাইন প্ৰথা চলি আছে তাতো জনসংখ্যা ১৮৯১ চনৰ ২৬ লাখৰ পৰা ১৯৩১ চনত ৪৮১/২  লাখলৈ বৃদ্ধি পাইছে৷ বৰপেটা মহকুমাৰ প্ৰসংগ উল্লেখ কৰি দাস ডাঙৰীয়াই বিধান সভাত কৈছিল যে, ১৯২১ চনত  বৰপেটা মহকুমাৰ জনসংখ্যা আজিৰ লাখ ৮১ হেজাৰ৷

১৯৩১ চনৰ লোক পিয়লত এই সংখ্যা ৩  লাখ ১৫ হেজাৰলৈ বৃদ্ধি পায় ৷ প্ৰব্ৰজনৰ বাবেই  জনসংখ্যাৰ এনেদৰে বৃদ্ধি হৈছিল বুলি তেওঁ কৈছিল ৷ তেওঁ কৈছিল যে, লাইন প্ৰথা থকাৰ পিছতো প্ৰব্ৰজনকাৰী লোকসকলৰ যিসকলে বসতি লৈছে তেওঁলোকৰ কোনো ক্ষতি হোৱা নাই ৷ কাৰণ প্ৰব্ৰজনকাৰীৰ কোনো কোনোৱে ৫০০ বিঘাৰো অধিক মাটিৰ দখল পাইছে ৷

বৰপেটা মহকুমাৰ এনে এজনে ১০০০ বিঘাৰো অধিক ভূমিৰ দখল লৈছে বুলি তেওঁ বিধান সভাত কৈছিল৷ লাইন প্ৰথা উঠাই দিলে বেংগলৰ অন্য জিলা আৰু ভাৰতৰ অন্য প্ৰভিন্সৰ পৰা অধিক  প্ৰব্ৰজনকাৰী অসমত অবাধে অহাৰ সুযোগ পাব বুলি তেওঁ কৈছিল আৰু থলুৱা অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষাৰ বিষয়টোত অগ্ৰাধিকাৰ দিছিল৷ তেওঁ খিলঞ্জীয়া অসমীয়া মানুহৰ বাবে অধিক ভূমি সংৰক্ষণ কৰি ৰখাৰ কথা কৈছিল ৷

এই প্ৰসংগত এটা কথা উল্লেখ কৰিব পাৰি যে সেই সময়ত সকলো বাধা নিষেধ উঠাই দি প্ৰব্ৰজনকাৰীক অসমত মাটি দিয়াৰ বাবে ব্যৱস্থা কৰিব লাগে বুলি বংগ বিধান সভাই ভাৰত চৰকাৰক অনুৰোধ জনাই  প্ৰস্তাৱ লৈছিল৷

সেই সময়ত কিছুমান অসমীয়া মানুহে বৰপেটা মহকুমাত প্ৰব্ৰজনকাৰীক মাটি বিক্ৰী কৰা বিষয়টো তেওঁ ক্ষোভেৰে বিধান সভাত উত্থাপন কৰিছিল৷ সংৰক্ষিত এলেকাত হোৱা এনে ক্ৰয়-বিক্ৰয়ৰ সৈতে জড়িতক তেওঁ দোষী সাব্যস্ত কৰি জৰিমনা বিহিব লাগে বুলি কৈছিল৷              

প্ৰফেচনেল গ্ৰেজিঙৰ প্ৰসংগত হোৱা এক আলোচনাত তদানীন্তন বিধায়ক কামেশ্বৰ দাসে বৰপেটা মহকুমাত ১ লাখ 9 হেজাৰ বিঘা ভূমি প্ৰফেচনেল গ্ৰেজিং হিচাপে আছে৷ এই গ্ৰেজিঙৰ আধাতকৈ বেছি ভূমি কৃষিৰ কাৰ্যৰ বাবে সম্পূৰ্ণ অনুপোযুক্ত আছিল ৷ গতিকে প্ৰকৃত ভূমিৰ পৰিমাণ ৫৪,০০০ বিঘা বুলি ক’ব পাৰি৷ মহকুমাটোত  প্ৰফেচনেল গ্ৰেজিং ফীজ হিচাপে পোৱা গৈছিল সেই বছৰত ৩০ হেজাৰ টকা ৷

প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি
চৈয়দ মহম্মদ ছাদুল্লা

৫৫,০০০ বিঘা সাঙুৰি এই ৰিজাৰ্ভৰ বিঘাই প্ৰতি  ৭/৮ আনাকৈ ভূমি ৰাজহ গণনা কৰা তেতিয়াই হয়গৈ ২৭,০০০ টকা ৷ গতিকে দেখা যায় ভূমি ৰাজহৰ তুলনাত প্ৰফেচনেল গ্ৰেজিং হিচাপেই এই ভূমিৰ পৰা চৰকাৰে অধিক পাব ৷

            গতিকে চৰকাৰৰ এই অব্যৱহৃত ৫৪,০০০ বিঘা আৰু ব্যৱহাৰ হোৱা ৫৫,০০০ বিঘা প্ৰফেচনেল গ্ৰেজিঙৰ পৰা ৰাজহৰ ক্ষেত্ৰত কোনো ক্ষতি হোৱা নাই ৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, সেই সময়ত একাংশ লোকে ব্যৱহাৰ নোহোৱাকৈ থকা প্ৰফেচনেল গ্ৰেজিং সমূহক কৃষি ভূমিলৈ পৰিৱৰ্তন কৰি প্ৰব্ৰজনকাৰীক  দিয়াৰ  চক্ৰান্ত কৰিছিল ৷

তদানীন্তন বিধায়ক কামেশ্বৰ দাসে গ্ৰেজিং ৰিজাৰ্ভৰ কোনো অংশই প্ৰব্ৰজনকাৰীৰ বসতিৰ বাবে মুকলি কৰি দিয়াৰ পক্ষত নাছিল ৷ অসম বিধান সভাৰ অধিৱেশনত কামেশ্বৰ দাসে তেখেতৰ কাৰ্যকালত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উত্থাপনৰ লগতে বিভিন্ন প্ৰশ্নৰ জৰিয়তে ৰাইজৰ স্বাৰ্থ জৰিয়ত বিষয়বোৰ চৰকাৰৰ দৃষ্টি গোচৰ কৰিছিল৷ তদনীন্তন বৰপেটা মহকুমাৰ সদস্য জৰ্জৰিত কৃষকসকলৰ বাবে কৃষি ঋণৰ ব্যৱস্থা চৰকাৰে কৰিছে নে সেই বিষয়ে তেখেতে প্ৰশ্ন তুলিছিল৷

অসমত ঔদ্যোগিক উন্নয়নৰ বাবে Government Subsidised Bank বৰপেটাত স্থাপনৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰি কামেশ্বৰ দাস ডাঙৰীয়াই এই সন্দৰ্ভত চৰকাৰে কি পদক্ষেপ লৈছে সেয়া বিধান সভাৰ জৰিয়তে জানিব বিচাৰিছিল৷

বৰপেটা মহকুমাৰ সৰিহ, উত্তৰ বিজনী, পূৱ-বিজনী মানিকপুৰ, কাকলাবাৰী, চাপাগুৰি, হস্তিনাপুৰ, বিজনী, গোৱদ্ধৰ্না, ভবানীপুৰ, হাউলী, খৰিজা, বিজনী, লমকা চকাবাউসী মৌজাৰ ওখ আৰু কৃষি উপযোগী ভূমিবোৰত চৰকাৰে জলসিঞ্চনৰ ব্যৱস্থা লৈছেনে নাই তেখেতে বিধান সভাত প্ৰশ্ন তুলিছিল ৷         

বাজেট অধিৱেশনত আবকাৰী বিভাগৰ কাট মোচনৰ ওপৰত হোৱা আলোচনাত অংশ লৈ সুৰা বা মদ, দুখীয়া-অশিক্ষিত জনসাধাৰণৰ বাবে আফিঙৰ দৰে ক্ষতিকৰ বুলি কৈছিল৷ কামেশ্বৰ দাসে মদৰ দোকানৰ সংখ্যা হ্ৰাস আৰু সুৰাৰ যোগান উৎসতে হ্ৰাস কৰাৰ বাবে চৰকাৰক নিৰ্দিষ্ট নীতি গ্ৰহণৰ বাবে অনুৰোধ কৰিছিল৷

তেওঁ লগতে কৈছিল যে, চৰকাৰে মাজে সময়ে সুৰাৰ প্ৰচলন হ্ৰাস কৰাৰ কথা কয় যদিও ৰাইজৰ প্ৰৱল আপত্তি থকাৰ পিছত মদৰ দোকান খোলাত অনুমোদন জনায়৷ বিধায়ক গৰাকী তেওঁ সমষ্টিৰ সৰুপেটাত এনে এখন দোকান খোলাৰ কথা বিধান সভাত প্ৰসংগক্ৰমে কৈছিল৷

প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি
প্ৰব্ৰজনকাৰী লোক

কামেশ্বৰ দাসে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাৰ অসম বিধান সভাৰ প্ৰচিডিং তথা সভাৰ কাৰ্য বিৱৰণি অধ্যয়ন কৰিলে দেখা যায় যে, বিধায়ক গৰাকীয়ে বাৰ্ষিক  বাজেটৰ ওপৰত হোৱা আলোচনাৰ পৰা বিভিন্ন বিভাগৰ কাট মোচনবোৰত অংশ লৈ নিজৰ মন্তব্য প্ৰকাশ কৰিছিল ৷ বিত্ত আৰু ৰাজহ বিভাগৰ বিষয়বোৰত তেখেতৰ বিশেষ দখল আছিল ৷ দাস ডাঙৰীয়াই খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থত সদায়ে মাত মাতিছিল ৷

ভূমি ৰাজহ সম্পৰ্কীয় ভালে মান গুৰুত্বপূৰ্ণ কথা চৰকাৰৰ দৃষ্টি গোচৰৰ বাবে কামেশ্বৰ দাসে বিধান সভাত প্ৰশ্ন তুলিছিল৷ সেই সময়ত এইটো  পৰিলক্ষিত হৈছিল যে, ৰাজ্যখনৰ বৃহৎ পৰিমাণৰ কৃষি উপযোগী মাটি প্ৰব্ৰজনকাৰী মুছলমানে দখল কৰিছিল আৰু বসতি স্থাপন কৰিছিল৷

তেওঁ চৰকাৰৰ পৰা জানিব বিচাৰিছিল চৰকাৰে অসম উপত্যকাৰ মহকুমা সমূহত ১৯২৭-২৮ চনৰ পৰা ১৯৩৭-৩৮ চনলৈ ১০ বছৰত কিমান পৰিমাণৰ কৃষি ভূমিত প্ৰব্ৰজনকাৰীয়ে ছেটেলমেণ্ট পাইছে আৰু কিমানত থলুৱা লোক আছে৷ চৰকাৰে নতুনকৈ অহা প্ৰব্ৰজনকাৰীক ছেটেলমেণ্ট দিয়াটো বন্ধ কৰাৰ ব্যৱস্থা ল’বনে বুলি তেওঁ প্ৰশ্ন তুলিছিল৷

তদানীন্তন বিধায়ক গৰাকীয়ে উত্থাপন কৰা এই প্ৰশ্নৰ পৰাই অসমত বহিৰাগত মুছলমান প্ৰব্ৰজনকাৰীয়ে সৃষ্টি কৰা সংকটৰ বিষয়ে কামেশ্বৰ দাস কিমান সজাগ-সচেতন আছিল তাকে প্ৰতীয়মান কৰে৷ অসম বিধান সভাত Total income and expenditure of the Partially Excluded Areas সম্পৰ্কতো তদানীন্তন বিধায়ক কামেশ্বৰ দাসে প্ৰশ্ন উত্থাপন কৰিছিল আৰু এই সম্পৰ্কত হোৱা আলোচনাত ভাগ লৈছিল ৷

ৰাজহ সংগ্ৰহ আৰু ভূমি আবণ্টন সম্পৰ্কত গঠন হোৱা কমিটী এখনতো কামেশ্বৰ দাস সদস্য আছিল ৷ নবীন চন্দ্ৰ  বৰদলৈও এই কমিটীৰ এগৰাকী সদস্য আছিল৷ বৰদলৈ আৰু কামেশ্বৰ দাসকে ধৰি কমিটীৰ অসমীয়া সদস্য কেইগৰাকীয়ে অসমীয়া মানুহৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে যথেষ্ট পতিত মাটি আছুতীয়াকৈ ৰাখিবলৈ আৰু নতুনকৈ অহা বহিৰাগত প্ৰব্ৰজনকাৰীক বসতি স্থাপনৰ বাবে অনুমতি নিদিবলৈ পৰামৰ্শ আগবঢ়াইছিল ৷

অসমীয়া আৰু খিলঞ্জীয়া লোকসকলৰ ৰক্ষণাবেক্ষণৰ বিষয়টোত কামেশ্বৰ দাসে সদায়ে অগ্ৰাধিকাৰ দিছিল৷ বৰপেটা-খোলাবান্ধা গড়কাপ্তানি (PWD)পথটো অতি গুৰুত্বপূৰ্ণ পথ আছিল৷ জাহাজ ঘাটলৈ যোৱা এইটোৱে তেতিয়াৰ মূল পথ৷ ৰোড ব’ৰ্ডে লোৱা এই পথৰ উন্নয়নৰ বাবে গুৰুত্ব আৰোপ কৰি তদানীন্তন বিধায়ক কামেশ্বৰ দাসে বিধান সভাত প্ৰশ্ন তুলিছিল ৷

ব্ৰহ্মপুত্ৰৰ বানে প্ৰায়ে ক্ষতি সাধন কৰা এই গুৰুত্বপূৰ্ণ পথছোৱাৰ উন্নতিৰ বাবে উপযুক্ত ব্যৱস্থা লোৱাৰ বাবে তেতিয়াৰ বিধায়ক দাস ডাঙৰীয়াই গুৰুত্ব দিছিল ৷ বৰপেটা পৌৰ সভাৰ গ্ৰেণ্ট সন্দৰ্ভত তদানীন্তন বিধায়ক কামেশ্বৰ দাসে সদনত প্ৰশ্ন উত্থাপন কৰিছিল ৷

বৰপেটা চহৰৰ পয় প্ৰণালী তথা Sanitary Condition বেয়া বুলি উল্লেখ কৰি তেওঁ বৰপেটা পৌৰ সভাৰ বাবে চৰকাৰৰ  পৰা Special Grants  দাবী কৰিছিল৷ তদানীন্তন বৰপেটা মহকুমাৰ পথ যোগাযোগ ব্যৱস্থা (Communication System) অতি শোচনীয় আছিল৷ মহকুমাটোৰ মুঠ যোগাযোগ ব্যৱস্থাৰ অধিক অংশই বৰপেটা লোকেল ব’ৰ্ডৰ অধীনত আছিল৷ বিষয়টো সন্দৰ্ভত কামেশ্বৰ দাস ডাঙৰীয়াই সদনত প্ৰশ্ন তুলি চৰকাৰক দৃষ্টিগোচৰ কৰিছিল৷

প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি

পাঠশালা ৰেলৱে ষ্টেচনৰ সৈতে নৰ্থ ট্ৰাংক ৰ’ডৰ গ্ৰেভেল দিয়া পথেৰে সংযোগ কৰিবলৈ তেওঁ বিধান সভাত দাবী তুলি মন্তব্য ৰাখিছিল ৷ তেওঁ এই পথৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৈছিল এই পথে অঞ্চলবোৰ ৬যজ্জ টা মৌজাৰ ৭০ হেজাৰ জনসংখ্যা উপকৃত কৰিব৷ বৰপেটা  মহকুমাৰ  নলা-নৰ্দমা আৰু মথাউৰি সন্দৰ্ভতো কামেশ্বৰ দাস ডাঙৰীয়াই সদনৰ দৃষ্টি গোচৰ কৰিছিল ৷

নিৰ্মাণ কাৰ্য চলি থকা কামবোৰ কেতিয়া কাৰ্যকৰী হ’ব সেয়া তেওঁ চৰকাৰৰ পৰা জানিব বিচাৰিছিল ৷ সেই সময়ত টিহু ৰাজহ চক্ৰৰ অধীনৰ আমনি, তাপা-চামতাত কেইবাটাও আঁচনিৰ কাম চলি আছিল ৷

বৰপেটা লোকেল বোৰ্ডৰ অধীনৰ এলেকাত পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে তেওঁ চৰকাৰৰ পৰা পুঁজি বিচাৰিছিল৷ চৰকাৰে বিষয়টোত গুৰুত্ব দি Special Case হিচাপে লৈ বৰপেটা লোকেল ব’ৰ্ডক পুঁজি আবণ্টন দিব লাগে বুলি এই সন্দৰ্ভত কামেশ্বৰ দাসে বিধান সভাত প্ৰশ্ন তুলিছিল ৷ উল্লেখ্য যে সেই সময়ত বৰপেটাৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে লোকেল ব’ৰ্ডৰ পুঁজিৰ অভাৱ আছিল ৷

বৰপেটা ৰোড ষ্টেচনত এটা PWD বিভাগৰ Inspection Bunglow স্থাপনৰ প্ৰয়োজনীয়তাৰ কথা চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ বাবে কামেশ্বৰ দাসে বিধান সভাত প্ৰশ্ন তুলি সংশ্লিষ্ট মন্ত্ৰীৰ পৰা উত্তৰ বিচাৰিছিল ৷ তেনেদৰে, তদানীন্তন বিধায়ক গৰাকী অসম বিধান সভাৰ সদস্য হৈ থকা দুয়োটা কাৰ্যকালতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মাত মাতিছিল আৰু প্ৰশ্ন উত্থাপন কৰি বিষয়সমূহ চৰকাৰৰ দৃষ্টি গোচৰ কৰিছিল ৷

এনে বিষয়বোৰৰ ভিতৰত অসম বিদ্যালয় সেৱাৰ তৃতীয় শ্ৰেণীৰ বিষয়া, বৰপেটাৰ মহকুমাৰ স্বাস্থ্য বিষয়াৰ পদ, গড়কাপ্তানি পথ, ধান ক্ৰয় আৰু বিতৰণ, বৰপেটা মহকুমাৰ মথাউৰি, লোকেল ব’ৰ্ড, অসম অইল কোম্পানী, গড়কাপ্তানি বিভাগৰ শিল পৰিবহণৰ চুক্তি, বৰপেটাৰ চিকিৎসালয়ত মহিলা চিকিৎসকৰ প্ৰয়োজনীয়তা, Assam Communication Board লোকেল বৰ্ড, পশুপালন, ষ্টেম্প ভেন্দৰ আদি বিভিন্ন বিষয়ত তেওঁ ভাগ লৈছিল ৷

[ৰণজিৎ কুমাৰ দাস, বিধায়ক, পাটাছাৰকুছি বিধান সভা সমষ্টি,১ ছেপ্তেম্বৰ, ২০২৩ চন ,স্থান : কেন্দুগুৰি-বামাখাটা, বজালী]

01-09-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Editor

Editor

Related Posts

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 
Climate Change

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

by Editor
March 10, 2026
0

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী' অৰ্পণ বজালী জিলা আয়ুক্তৰ বিশেষ প্ৰচেষ্টা মহাবাহু ক্লাইমেট ফোৰামৰ প্ৰশংসনীয় পদক্ষেপ অসম...

Read moreDetails
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026
নাৰীৰ মানসিক স্বাস্থ্য 

নাৰীৰ মানসিক স্বাস্থ্য 

March 8, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026
How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

March 12, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 12, 2026
New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d