• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

প্ৰাচীন কামৰূপৰ ইতিহাস (পাতনি)

প্ৰাচীন কামৰূপ

by Anjan Sarma
October 24, 2025
in Literature, History
Reading Time: 5 mins read
0
প্ৰাচীন কামৰূপৰ ইতিহাস (পাতনি)
Share on FacebookShare on TwitterShare on LinkedIn

প্ৰাচীন কামৰূপৰ ইতিহাস

কনকলাল বৰুৱা

প্ৰাচীন কামৰূপৰ ইতিহাস (পাতনি)

 [ কনকলাল বৰুৱাৰ বিখ্যাত ‘Early History of Kamrupa’ গ্ৰন্থখনৰ অঞ্জন শৰ্মাই কৰা অসমীয়া অনুবাদ “প্ৰাচীন কামৰূপৰ ইতিহাস”ৰ কনকলাল বৰুৱাই লেখা পাতনি তলত আগবঢ়োৱা হ’ল]

(পাতনি)


এই গ্ৰন্থখনৰ উদ্দেশ্য হ’ল প্ৰাচীন কালৰপৰাই ষোড়শ শতাব্দীৰ অন্তিম কালৰ কোচ ৰজা নৰনাৰায়ণৰ পৰলোকপ্ৰাপ্তিৰ সময়ছোৱাৰ প্ৰাগজ্যোতিষ বা কামৰূপ নামেৰে পৰিচিত প্ৰসিদ্ধ দেশখনৰ সাধ্যানুসৰি এখন ইতিহাস প্ৰস্তুত কৰা। সেয়েহে এই গ্ৰন্থখনক প্ৰাক্-আহোম কালৰ কামৰূপৰ ইতিহাস বুলি ক’ব পাৰি।

ৰাজবংশসমূহৰ সুদীৰ্ঘ সময়ছোৱাৰ কালপঞ্জী প্ৰস্তুত কৰিবলৈ সমলৰ সীমাবদ্ধতা থাকিলেও চুবুৰীয়া বংগৰ একে প্ৰাচীন কালৰ ঐতিহাসিক বিৱৰণ প্ৰস্তুত কৰোতে সংগ্ৰহ কৰা সমলতকৈ এই গ্ৰন্থখন প্ৰস্তুতৰ বাবে সংগৃহীত সমলৰ পৰিমাণ কম নহয়।

খ্ৰীষ্ট যুগৰ প্ৰায় এহেজাৰ বছৰ পূৰ্বে সাগৰৰ তলত আছিল দক্ষিণ বংগৰ অধিকাংশ স্থান, আৰু উত্তৰ বংগৰ অধিকাংশ অঞ্চল প্ৰাগজ্যোতিষৰ অন্তৰ্গত হৈ আছিল। গতিকে সাগৰৰ পানীৰ তলত নাথাকি ওপৰত থকা বংগৰ সৰু সৰু ৰাজ্যকেইখনৰ বিষয়ে প্ৰাচীনতম আৰ্য গ্ৰন্থসমূহত একো লিখা নাই বুলিও ক’ব পাৰি।

দুয়োখন মহাকাব্যকে ধৰি পুৰাণসমূহতো শক্তিশালী সমৃদ্ধিশালী প্ৰাগজ্যোতিষৰ বিষয়ে বহুবাৰ উল্লেখ কৰা হৈছে। বংগৰ নামনিভাগত মানুহে বসতি স্থাপন কৰিবলৈ উপযুক্ত হোৱাৰ বহু আগতেই বা আৰ্যসকলৰ উপনিৱেশ হ’বলৈ যোগ্য হোৱাৰ বহু পূৰ্বেই বিদেহ তথা মগধৰপৰা কামৰূপলৈ পোনপটীয়াকৈ আৰ্য-সোঁত প্ৰৱাহিত হৈছিল। সেই হেতুকেই নামনি আৰু মধ্য বংগতকৈ বহু পূৰ্বেই কামৰূপখনত আৰ্যকৰণ হৈছিল।

মগধ সাম্ৰাজ্য চন্দ্ৰগুপ্তই খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতাব্দীত প্ৰতিষ্ঠা কৰিছিল আৰু তেনে সময়ছোৱাতেই অথবা তাৰ পিছতেই জলপাইগুৰি জিলাৰ দক্ষিণ অঞ্চলক তথা ত্ৰিসোঁতাৰ পশ্চিম ফালৰ দক্ষিণ-পশ্চিমৰ তাম্ৰলিপ্তি অঞ্চল চন্দ্ৰগুপ্তৰ মৌৰ্য সাম্ৰাজ্যৰ অন্তৰ্গত হৈ পৰিছিল। অশোকৰ মৌৰ্য সাম্ৰাজ্যৰ তিস্তা (কৰতোৱা) আৰু কোশীৰ মাজত থকা অংশ নিশ্চয় উত্তৰ বংগৰ অন্তৰ্ভুক্ত হৈ আছিল, যিহেতু এই অঞ্চলটোত খ্ৰীষ্টাব্দ সপ্তম শতাব্দীত হিউৱেন চাঙে অশোকৰদ্বাৰা নিৰ্মাণ হোৱা ‘স্তূপ’ কিছুমান প্ৰত্যক্ষ কৰিছিল।

এই অঞ্চলখিনি মৌৰ্য সাম্ৰাজ্যৰ অন্তৰ্গত হৈ আছিল খ্ৰীষ্টাব্দ ষষ্ঠ শতাব্দী পৰ্যন্ত আৰু গুপ্ত সম্ৰাটসকলৰ এই অঞ্চলক পৌণ্ড্ৰবৰ্ধন বুলি অভিহিত কৰা হৈছিল। পৌণ্ড্ৰবৰ্ধনৰ পূব দিশে তথা উত্তৰ দিশে স্বাধীন কামৰূপ দেশত বাহুবলী নৰক, ভগদত্ত, বজ্ৰদত্তৰ ৰাজবংশৰ ৰাজত্বৰ বিষয়ে মহাকাব্য ৰামায়ণ, মহাভাৰততো উল্লেখ আছে।

এই পৰ্যন্ত প্ৰাপ্ত শিলালিপি আৰু তাম্ৰলিপি কিছু সংখ্যাৰপৰা খ্ৰীষ্টাব্দ চতুৰ্থ শতাব্দীৰপৰা দ্বাদশ শতাব্দী পৰ্যন্ত কিম্ৱা এশ বছৰমান সময় কামৰূপ দেশৰ ৰজাসকলৰ এখন ধাৰাবাহিক কালপঞ্জী প্ৰস্তুত কৰিব পাৰি। এইছোৱা সময়ৰ ৰজাসকলে লিপিবদ্ধ কৰোৱা খুব কমেও বাৰখনকৈ তামৰ ফলি, কামৰূপৰ বি‍ভিন্ন ৰজাৰ দিনৰ খোদিত শিলালিপিৰ আৱিষ্কাৰ, মোহৰৰ পাঠোদ্ধাৰ—ইয়াৰ সহায়ক হৈছে।

বিখ্যাত গুপ্তসম্ৰাট সমুদ্ৰগুপ্ত, যশোবৰ্মন, বিখ্যাত দিগ্বিজয়ী ৰজা ‘পৰৱৰ্তী গুপ্ত’ বংশৰ আদিত্য সেন, নেপালৰ বিখ্যাত ৰজা জয়দেৱ আৰু কিছুসংখ্যক বংগৰ পাল ৰজা তথা সেন ৰজাৰ দিনৰ ফলিসমূহে এই সময়ছোৱাৰ কামৰূপৰ ইতিহাসলৈ গুৰুত্বপূৰ্ণ সমল যোগান ধৰিছে। কালিদাসৰ ‘ৰঘুবংশ’, চীন দেশৰ লেখকসকলৰ বিৱৰণী, বাণভট্টৰ ‘হৰ্ষচৰিত’, কলহনৰ ‘ৰাজতৰংগিনী’ আৰু সম্প্ৰতি আমাৰ হাতত পৰা তিব্বতীয় নথি-পত্ৰসমূহৰ অনুবাদৰদ্বাৰাও বহুমূলীয়া বৰঙণি আগবঢ়াইছে।

kanak lal barua

স্থানীয় বিশ্বাসযোগ্য তথা নিৰ্ভৰযোগ্য ইতিহাসৰ জঁকাস্বৰূপ তামৰ ফলিসমূহৰ লিপিবোৰ ইতিহাসৰ ৰচনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভিত্তি হৈ পৰিছে আৰু সেইসমূহৰ কালপঞ্জী শৃংখলাবদ্ধকৈ দাঙি ধৰা হ’ল—

১। ‘এপিগ্ৰাফিয়া ইণ্ডিকা’ৰ দশম আৰু ঊনবিংশ খণ্ডত প্ৰকাশিত পণ্ডিত বিদ্যাবিনোদে আৱিষ্কাৰ তথা পাঠোদ্ধাৰ কৰা ভাস্কৰবৰ্মা (৬১০ খ্ৰীষ্টাব্দ)ৰ নিধনপুৰ তামৰ ফলি। ইয়াৰে এখন ফলি এতিয়ালৈ সন্ধানহীন হৈ আছে।

২। ভাস্কৰবৰ্মাৰ দিনৰ (৬৪৩ খ্ৰীষ্টাব্দ)ৰ মাটিৰ ৰাজমোহৰটো—যিটো মোহৰ কাশীনাথ দীক্ষিতে পাঠোদ্ধাৰ কৰিছিল তথা ‘বিহাৰ আৰু উৰিষ্যা ৰিছাৰ্চ ছ’ছাইটি’ৰ নৱম খণ্ডৰ ‘জাৰ্নেল’ত প্ৰকাশিত হৈছিল।

৩। পণ্ডিত পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদে উদ্ধাৰ কৰা আৰু পাঠোদ্ধাৰ কৰা তথা তেওঁৰদ্বাৰা ৰচিত-প্ৰকাশিত ‘কামৰূপ শাসনাৱলী’ প্ৰকাশ পোৱা হৰ্জৰবৰ্মা (৮২৫ খ্ৰীষ্টাব্দ)ৰ তামৰ ফলিৰ লিপি। এই লিপিৰ মাথোঁ মাজৰ ফলিখনহে পোৱা গৈছে।

৪। মহামহোপাধ্যায় পণ্ডিত হৰপ্ৰসাদ শাস্ত্ৰীয়ে আৱিষ্কাৰ কৰাৰ পিছত ‘বিহাৰ আৰু উৰিষ্যা ৰিছাৰ্চ ছ’ছাইটি’ৰ ‘জাৰ্নেল’ত ১৯১৭ চনত প্ৰকাশ পোৱা তেজপুৰৰ সমীপৰ হৰ্জৰবৰ্মাৰ দিনৰ (৫১০ গুপ্তাব্দ, অৰ্থাৎ প্ৰায় ৮২৯ খ্ৰীষ্টাব্দ) পাহাৰৰ গাত খোদিত শিলালিপি।

৫। পণ্ডিতপ্ৰবৰ কমলাকান্তই পাঠোদ্ধাৰ কৰা আৰু ‘এছিয়াটিক ছ’ছাইটি অৱ বেংগল’ৰ নৱম খণ্ড ‘জাৰ্নেল’ত ১৯৪০ খ্ৰীষ্টাব্দত প্ৰকাশ হোৱা বনমাল বৰ্মাদেৱৰ সময়ৰ (৮৫৪ খ্ৰীষ্টাব্দ) তামৰ ফলি।

৬। প্ৰয়াত মহামহোপাধ্যায় পণ্ডিত ধীৰেশ্বৰ ভট্টাচাৰ্য কবিৰত্নৰদ্বাৰা পাঠোদ্ধাৰ হোৱা আৰু ‘অসম’ত প্ৰকাশিত হোৱা তৃতীয় বলবৰ্মাদেৱৰ নগাঁও তামৰ ফলিৰ লিপি (৮৮৩ খ্ৰীষ্টাব্দ)—যিখনৰ পাঠ পিছত ড০ হৰ্ণলেৰদ্বাৰা উদ্ধাৰ হৈ ‘এছিয়াটিক ছ’ছাইটি অৱ বেংগল’ৰ ‘জাৰ্নেল’ৰ ১৮৯৭ খ্ৰীষ্টাব্দৰ প্ৰথম সংখ্যাত প্ৰকাশ হয়।

৭। ৰত্নপাল বৰ্মাদেৱৰ ৰাজত্বৰ সময়ৰ (১০২৫ খ্ৰীষ্টাব্দ) বৰাগাঁৱৰ তামৰ ফলি—যিখনৰ ড০ হৰ্ণলে পাঠ উদ্ধাৰ কৰে আৰু ‘এছিয়াটিক ছ’ছাইটি অৱ বেংগল’ৰ ১৮৯৮ খ্ৰীষ্টাব্দৰ প্ৰথম সংখ্যাত প্ৰকাশ কৰে।

৮। ৰত্নপাল বৰ্মাদেৱৰ ৰাজত্বৰ (১০২৬ খ্ৰীষ্টাব্দ) সময়ৰ শুৱালকুছিৰ তামৰ ফলি—যিখনৰ পাঠোদ্ধাৰ ড০ হৰ্ণলে কৰিছিল আৰু ‘এছিয়াটিক ছ’ছাইটি অৱ বেংগল’ৰ ১৮৯৮ খ্ৰীষ্টাব্দৰ প্ৰথম সংখ্যাত প্ৰকাশ কৰে।

৯। ড০ হৰ্ণলে পাঠোদ্ধাৰ কৰা আৰু ‘এছিয়াটিক ছ’ছাইটি অৱ বেংগল’ৰ ‘জাৰ্নেল’ (প্ৰথম খণ্ড, ১৮৯৭ খ্ৰীষ্টাব্দ)ত প্ৰকাশিত হোৱা ইন্দ্ৰপাল বৰ্মাদেৱ (১০৩৮ খ্ৰীষ্টাব্দ)ৰ সময়ৰ গুৱাহাটীৰ তামৰ ফলি।

১০। পণ্ডিত পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদৰদ্বাৰা পাঠোদ্ধাৰ হোৱা আৰু তেওঁৰেই ‘কামৰূপ শাসনাৱলী’ত প্ৰকাশিত হোৱা ইন্দ্ৰপাল বৰ্মাদেৱৰ (১০৫১ খ্ৰীষ্টাব্দ) গুৱাকুছি তামৰ ফলিৰ লিপি।

১১। প্ৰয়াত হেমচন্দ্ৰ গোসাঁইয়ে উদ্ধাৰ কৰা আৰু পণ্ডিত পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদৰদ্বাৰা তেওঁৰ ‘কামৰূপ শাসনাৱলী’ত প্ৰকাশ হোৱা ধৰ্মপাল বৰ্মাদেৱ (১০৯২ খ্ৰীষ্টাব্দ)ৰ দিনৰ প্ৰথমখন তামৰ ফলি।

১২। প্ৰয়াত হেমচন্দ্ৰ গোসাঁইৰদ্বাৰা পাঠোদ্ধাৰ হোৱা আৰু পণ্ডিত বিদ্যাবিনোদৰদ্বাৰা ‘কামৰূপ শাসনাৱলী’ত প্ৰকাশ হোৱা ধৰ্মপাল বৰ্মাদেৱৰ দ্বিতীয় বা পুষ্পভদ্ৰা তামৰ ফলি (১১১০ খ্ৰীষ্টাব্দ)ৰ লিপি।

১৩। মহম্মদ-ই-বখতিয়াৰ পৰাস্ত হোৱা সম্পৰ্কীয় ১১২৭ শক (অথবা ১২০৫-০৬ খ্ৰীষ্টাব্দ)ৰ উত্তৰ-গুৱাহাটীৰ শিলালিপি—যিখনৰ সম্পৰ্কে কৰ্নেল গৰ্ডনে ১৯১৮ খ্ৰীষ্টাব্দত এক লিখিত প্ৰবন্ধ পাঠ কৰি শুনাইছিল। পণ্ডিত বিদ্যাবিনোদৰ ‘কামৰূপ শাসনাৱলী’ত এই শিলালিপিৰ এখন আলোকচিত্ৰ ছপাই প্ৰকাশ কৰা হৈছে। এই শিলালিপিখন সম্পৰ্কে কামৰূপ অনুসন্ধান সমিতিৰ ১৯৩১ চনৰ বাৰ্ষিক অধিৱেশনত এই লেখকৰদ্বাৰা লিখিত (অৰ্থাৎ ‘লেখক কনকলাল বৰুৱা’—অনুবাদক) “Earlier Mahammadan Invasion of Kamurp” প্ৰবন্ধ পাঠ কৰি উনুকিওৱা হৈছিল।

জেনেৰেল জেনকিন্সে সংগ্ৰহ কৰা বনমালৰ ফলি আৰু ধৰ্মপালৰ ৰাজত্বৰ ৩৬ তম বছৰৰ বুলি কোৱা অইন এখন ফলি ‘এছিয়াটিক ছ’ছাইটি অৱ বেংগল’লৈ প্ৰেৰণ কৰিছিল, কিন্তু ‘ছ’ছাইটি’য়ে বনমালৰ ফলিখনৰ লিপি প্ৰকাশ কৰিছিল যদিও ধৰ্মপালৰ ফলি বুলি ধাৰণা কৰাখনৰ লিপি প্ৰকাশেই কৰা নহ’ল তথা পিছলৈ সেইখনৰ কোনো সন্ধানেই পোৱা নগ’ল।

সম্ভৱতঃ সেইখনেই ধৰ্মপালৰ ফলি, যিখন এতিয়া পণ্ডিত বিদ্যাবিনোদে প্ৰকাশ কৰিছে। যিসমূহ ফলিৰ পাঠ ড০ হৰ্ণলেই উদ্ধাৰ কৰিছিল, সেই আটাইবোৰ সেই সময়ৰ অসমৰ মুখ্য আয়ুক্ত (Chief Commissioner)-ৰ সচিব ছাৰ এডৱাৰ্ড গেইটে তেওঁৰ ‘History of Assam’ গ্ৰন্থৰ বাবে অন্যান্য তথ্য-পাতিৰ বাবে সংগ্ৰহ কৰিছিল তথা তেওঁ ড০ হৰ্ণলেক প্ৰেৰণ কৰিছিল আৰু গেইটে অসম ত্যাগ কৰাৰ পিছতহে সেয়া প্ৰকাশ কৰা হৈছিল।

পণ্ডিত বিদ্যাবিনোদে প্ৰাচীন তথা অত্যন্ত মূল্যৱান তামৰ ফলি অতিশয় কষ্ট-অধ্যৱসায়েৰে সংগ্ৰহ কৰিছিল—যিবোৰৰ ভিতৰত ভাস্কৰবৰ্মাৰ ফলিৰ লগতে হৰ্জৰবৰ্মনৰো খণ্ডিত ফলি অন্তৰ্ভুক্ত হৈছে। পোনপ্ৰথমবাৰৰ বাবে ইন্দ্ৰপালৰ গুৱাকুছি দানৰ ফলি আৰু ধৰ্মপালৰ দানৰ ফলি পণ্ডিত বিদ্যাবিনোদে প্ৰকাশ কৰিছিল।

ভাস্কৰবৰ্মাৰ সময়ছোৱাৰ আটাইকেইখন ঐতিহাসিক ফলিৰ বিষয়ে কৰা আশাশুধীয়া অনুসন্ধান আৰু প্ৰায় সকলোকেইখনৰেই উদ্ধাৰ কাৰ্যৰ ক্ষেত্ৰত তেওঁৰ প্ৰচণ্ড ইচ্ছাশক্তি আৰু কষ্টকৰ প্ৰয়াস তথা সাফল্যক প্ৰশংসা কৰিবলৈ ভাষা নাই। স্বৰ্গীয় হেমচন্দ্ৰ গোসাঁইয়ে ধৰ্মপালৰ দুয়োখন ফলি সংগ্ৰহ কৰাৰ উপৰি এখন ফলিৰ পাঠ উদ্ধাৰো কৰিছিল।

হৰ্জৰবৰ্মনৰ শিলালিপিখনৰ পাঠোদ্ধাৰ পণ্ডিত হৰপ্ৰসাদ শাস্ত্ৰীয়ে কৰাৰ পিছত, আমি কৰ্নেল পি-আৰ গৰ্ডনৰদ্বাৰা উত্তৰ গুৱাহাটীৰ শিলালিপিৰ (কানাই বৰশী বোৱা শিল)ৰ ইংৰাজী অনুবাদ সম্ভৱ হৈ উঠা হেতুকে তেওঁৰ প্ৰতিও ধৰুৱা হৈ ৰ’লো।

প্ৰাচীন কামৰূপৰ ইতিহাস (পাতনি)

এডৱাৰ্ড গেইটৰ ‘হিষ্টৰি অৱ আছাম’ (History of Assam)-ৰ প্ৰথম সংস্কৰণৰ পিছতেই ভালেমান বহুমূলীয়া ঐতিহাসিক লিপিৰ পাঠ ইত্যাদিৰ লগতে, প্ৰয়াত মহামহোপাধ্যায় পণ্ডিত ধীৰেশ্বৰ কবিৰত্ন, পণ্ডিত বিদ্যাবিনোদ আৰু ৰায়বাহাদুৰ কালীচৰণ সেনক কৰ্নেল গৰ্ডন চাহাবে শক্তিশালী সমৰ্থন আগবঢ়োৱাৰ পটভূমিত গঠন হোৱা ‘কামৰূপ অনুসন্ধান সমিতি’য়ে চৰকাৰী স্বীকৃতি লাভ কৰাৰ উপৰি আৰ্থিক অনুদান লাভ কৰি ঐতিহাসিক গৱেষণাৰ ক্ষেত্ৰখনত কৰা আশাশুধীয়া প্ৰচেষ্টাৰ বাবে বহুকেইখন আপুৰুগীয়া তামৰ ফলিৰ লিপি উদ্ধাৰ কৰা সম্ভৱপৰ হৈছিল আৰু এইবোৰ অতি অমূল্য ঘটনা আছিল।

যদিও খ্ৰীষ্টাব্দ চতুৰ্থ শতাব্দীৰপৰা খ্ৰীষ্টাব্দ দ্বাদশ শতাব্দী পৰ্যন্ত কামৰূপ দেশৰ ৰজাসকলৰ বিষয়ে প্ৰায় ধাৰাবাহিক কালপঞ্জী প্ৰস্তুত কৰিব পৰাকৈ কিছুসংখ্যক গুৰুত্বপূৰ্ণ বিশ্বাসযোগ্য লিপি আমাৰ হস্তগত হৈছে, কিন্তু আশ্চৰ্যজনকভাৱে খ্ৰীষ্টাব্দ ষোড়শ শতাব্দীৰ কোচ ৰজা নৰনাৰায়ণৰ পূৰ্বৰ বহুসংখ্যক ৰজাৰ দিনৰ এটা মুদ্ৰাও আমাৰ হাতত পৰা নাই। এই কথা কোনোমতে মানি ল’ব নোৱাৰি যে কামৰূপৰ ৰজাসকলে মুদ্ৰা প্ৰচলন কৰা নাছিল বা মুদ্ৰা মৰোৱা নাছিল।

মিঃ আৰ-জি বসাক মহোদয়ে উদ্ধাৰ কৰা শিলিমপুৰ লিপিৰ পাঠৰপৰা আমি গম পাইছো যে আনুমানিক খ্ৰীষ্টাব্দ দ্বাদশ শতাব্দীত কামৰূপৰ ৰজা ধৰ্মপালৰেই সম্ভৱতঃ পুত্ৰ ৰজা জয়পালে প্ৰহাস নামৰ ব্ৰাহ্মণ এগৰাকীক ৯০০ সোণৰ মুদ্ৰাৰে ‘তুলাপুৰুষ’ দান কৰিছিল। এই ঘটনাই প্ৰমাণ কৰে এইসকল কামৰূপৰ ৰজাই সোণৰ মুদ্ৰা মৰাইছিল তথা ভাস্কৰবৰ্মাৰ নালন্দা মোহৰৰ জৰিয়তে খ্ৰীষ্টাব্দ সপ্তম শতাব্দীৰ আগৰ সময়ছোৱাত ‘মৃত্তিকা মোহৰ’ বা গলোৱা ধাতুৰ কাৰু-কলাৰ প্ৰচলন আছিল।

কোচ ৰজাসকলৰ আগৰ কালছোৱাৰ কামৰূপৰ ৰজাসকলৰ সময়ছোৱাৰ, মাটিৰ তলত পুতি থৈ দিয়া ধন-ৰত্নসমূহ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। শতাব্দীৰ পিছত শতাব্দী ধৰি সেই সোণ-ৰূপ-আ-অলংকাৰ-মুদ্ৰা-ৰত্ন মাটিৰ গৰ্ভত পৰি থাকিল আৰু শতাব্দীৰ পিছত শতাব্দী ব্ৰহ্মপুত্ৰৰ বানপানীৰ পলসে সেইবোৰৰ প্ৰকৃত ঠিকনা মচি পেলালে।

সম্ভৱপৰ স্থানসমূহত ভালদৰে গভীৰ খননকাৰ্য কৰিলে কামৰূপৰ ৰজাসকলৰ মুদ্ৰা আৰু পুৰণি সামগ্ৰীসমূহ উদ্ধাৰ হ’ব পাৰে যদিও ই অতি দুৰ্ভাগ্যৰ কথা যে আজি পৰ্যন্ত তেনে ধৰণৰ খননকাৰ্য চলোৱা হোৱা নাই আৰু তেনে খননকাৰ্যৰ বিষয়ে চিন্তাও কৰা চকুত পৰা নাই। কামৰূপৰ ৰজাসকলৰ শাসন পিছলৈ কোচ ৰজাসকলৰ হাতলৈ যায় আৰু তাৰ পিছত দৃশ্যমান হয় নিজৰ ৰাজত্বৰ মুদ্ৰা মৰোৱা আহোম ৰজাসকল।

স্বাভাৱিকতেই, যিবোৰ সোণৰ মুদ্ৰা কামৰূপৰ ৰজাসকলে প্ৰচলন কৰিছিল—সেই পুৰণি মুদ্ৰাসমূহ অচল হৈ পৰিছিল আৰু সম্ভৱতঃ সেইবোৰ গলাই অলংকাৰ বা ‘পিণ্ড’ (ballion)-ত পৰিণত কৰা হৈছিল। বোধকৰো সেইহেতুকেই কামৰূপৰ প্ৰাচীন ৰজাসকলৰ এটাও মুদ্ৰা আমাৰ হাতত পৰা নাই। সেইবাবেই প্ৰাচীন কালৰ ইতিহাস প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমি মুদ্ৰা-সাক্ষ্যৰ অভাৱৰ সন্মুখীন হৈছো।

আমাৰ হস্তুগত হোৱা লিপিৰ পৰিমাণ তেনেই কম নহয় যদিও য’তে-ত’তে সিঁচৰতি হৈ পৰি থকা মূৰ্তি, ৰাজকাৰেং-মন্দিৰ আদিৰ খণ্ড-বিখণ্ড কিছুমান টুকুৰাবোৰক বাদ দিলে মুদ্ৰা, প্ৰাক্-আহোম যুগৰ প্ৰাচীন কালৰ ৰাজকাৰেং, মন্দিৰ আদিৰ চিহ্ন পাবলৈ নাই বুলিয়েই ক’ব পাৰি। ইয়াৰ কাৰণ সম্পৰ্কে ছাৰ এডৱাৰ্ড গেইটে তেখেতৰ ‘হিষ্টৰি অৱ আছাম’ত প্ৰাচীন কালৰ কামৰূপ দেশৰ স্মৃতিচিহ্নৰ সংখ্যা ইমান তাকৰ কিয় সম্পৰ্কে সুন্দৰকৈ দাঙি ধৰিছে। তেখেতে লিখিছে—

‘‘ভালেমান কিম্ৱদন্তিৰ মতে বৰ্তমান অসম নামেৰে জনাজাত অঞ্চলটোৰ প্ৰাচীন অধিৱাসীসকল অতি সুসভ্য আৰু পৰাক্ৰমী আছিল। চীন দেশৰ পৰিব্ৰাজক হিউৱেন চাঙৰ বিৱৰণী আৰু প্ৰাচীন কালৰ তামৰ ফলিসমূহেও সেই তথ্য সমৰ্থন কৰিছে—পৰৱৰ্তী অধ্যায়ত তামৰ ফলিৰ বিৱৰণ সম্পৰ্কে দাঙি ধৰা হ’ব। যদি সেয়াই হয়, তেনেহ’লে বাস্তৱিকতে প্ৰশ্নৰ উদ্ৰেক হয় ইমান সুসভ্য লোকসকলৰ প্ৰত্নতাত্ত্বিক নিদৰ্শনৰ ইমান অভাৱ হৈছেই বা কিয়?

প্ৰাচীন কামৰূপৰ ইতিহাস (পাতনি)

ইয়াৰ সম্ভাৱ্য কাৰণ হিচাপে ক’ব পাৰি প্ৰকৃতি আৰু মানুহ—দুয়ো মিলি সেইবোৰ লুপ্ত কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকা বালি-চাপৰিৰে ভৰা। হিমালয়ৰপৰা সৃষ্টি হোৱা বৰফে ঢাকি পেলোৱা নদীবোৰে ক্ৰমান্বয়ে আহি আহি প্ৰচণ্ড বেগেৰে এই ভূখণ্ডত প্ৰৱেশ কৰি বাধাহীনভাৱে সমতলৰ উপত্যকাত অকাই-পকাই বিস্তাৰিত হৈ ক’ৰবাত উপত্যকা খান্দি পেলাইছে, ক’ৰবাত সৃষ্টি কৰিছে, ক’ৰবাত ভাঙিছে, তদুপৰি ব্ৰহ্মপুত্ৰ আৰু উপনদীসমূহে বহুবাৰ গতিও সলনি কৰিছে—যাৰ ফলত প্ৰত্নতাত্ত্বিক নিদৰ্শনসমূহৰ বিলুপ্তি ঘটিছে। পাৰ খহাব নোৱৰা গুৱাহাটীৰ দৰে শিলাময় স্থান দুই-এখনৰ বাহিৰে নদীৰ ওচৰে-পাঁজৰে নিৰ্মিত ভৱন আৰু মন্দিৰবোৰ নিৰ্দিষ্ট সময়ৰ ওপৰঞ্চি দণ্ডায়মান হৈ থাকিব বুলি আশা কৰিব নোৱাৰি। তেনে স্থানসমূহত নদীয়ে পেলোৱা পলসৰ ওপৰত কেইখনমান পাহাৰ প্ৰত্যক্ষ হয়।

ভালেমান দিনৰ অন্তৰে অন্তৰে অসম ভূমিকম্পৰো বলি হৈছিল। এনে ভূমিকম্পবোৰে ভঙা আৰু গঢ়াৰ নতুন নতুন অধ্যায়ৰ সৃষ্টি কৰিছিল। ১৮৯৭ চনৰ ‘বৰ ভূঁইকঁপ’ (ডাঙৰ ভূমিকম্প)ৰ জোকাৰণি অসমৰ মাত্ৰ কেইটামান দালানেহে সহ্য কৰিব পাৰিছিল। সেই ভূমিকম্পই শ্বিলং, গুৱাহাটী আৰু চিলেট নগৰ ধ্বংস কৰাই মাথোঁ নহয়, খাচিয়া আৰু জয়ন্তীয়া পাহাৰৰ অজস্ৰ শিলাখণ্ড বগৰাই দিয়াৰ উপৰি সুদূৰ অতীতত গতিপথ সলনিৰ বাবে নদীৰ বক্ষ হৈ থকা হাজোৰপৰা সামান্য দূৰত্বত থকা ‘শিল-সাঁকো’ নামৰ প্ৰাচীন শিলৰ সাঁকোখনৰ শিলৰ স্তম্ভ তথা খণ্ডশিলাবোৰৰ অধিকাংশই ভাঙি পেলাইছিল।

অসমৰ কিছুমান গছ-গছনিয়েও প্ৰত্নতাত্ত্বিক নিদৰ্শনসমূহৰ ধ্বংস সাধন কৰিছিল। উদাহৰণ হিচাপে, যদিহে আঁহত গছৰ এটা গুটি কেনেবাকৈ যদি কোনোবা এক অট্টালিকাক নিৰ্ভৰ কৰি পুলি-পোখা মেলিবলৈ ধৰে, তেনেহ’লে সেই অট্টালিকাৰ ধ্বংস অনিবাৰ্য হৈ পৰে। এইদৰে গছ-গছনিয়েও আধুনিক কালৰো ভালেমান আহোম যুগৰ দালান-মন্দিৰ আদিৰ ধ্বংস সাধন কৰিছে।

মানুহে কৰা ধ্বংসৰ বিষয়ে ক’বলগীয়া হ’লে মুছলমান আক্ৰমণকাৰীসকলে ধৰ্মৰ নামত অন্ধ হৈ হিন্দুসকলৰ মঠ-মন্দিৰ ধ্বংস কৰা বা এনেয়ে ধ্বংসৰ আনন্দত মহা মতলীয়া হৈ পৰা মানসকলৰ বিষয়েও ক’ব লাগিব।বৰ্তমান সময়লৈ কৰা প্ৰত্নতাত্ত্বিক নিদৰ্শনৰ ধ্বংসাৱশেষবোৰ প্ৰাচীন প্ৰত্নতত্ত্বৰ এটা ক্ষুদ্ৰ অংশহে। কিন্তু অসমৰ হাবি-জংগলৰ মাজতো নিশ্চয় এনে বহু নিদৰ্শন লুকাই থকাটো অসম্ভৱ নহয়। এতিয়ালৈ জংগলত পৰিণত হৈ থকা অসমৰ বিশাল-বিস্তীৰ্ণ অঞ্চলবোৰ যেতিয়া খেতিৰ উপযোগী কৰা হ’ব, তেতিয়া নিশ্চিতভাৱে বহুতো লুপ্ত নিদৰ্শন আৱিষ্কাৰ হ’ব।’’

মই ভাবো যে ছাৰ এডৱাৰ্ড গেইটে মানুহৰদ্বাৰা ধ্বংস হোৱা প্ৰাচীন কীৰ্তিচিহ্নবোৰৰ বিষয়ে বিশদ বিৱৰণ আগবঢ়োৱা নাই। ছাত্ৰ হৈ থকা কালতেই মই প্ৰত্যক্ষ কৰিছিলো গুৱাহাটীৰ পূব দিশে প্ৰাচীন গড় এটা খান্দি বাহিৰ কৰা হৈছিল তথা ভালেমান শিলাখণ্ড ভঙা হৈছিল, টুকুৰা-টুকুৰ কৰা হৈছিল—পকী আলিৰ প্ৰয়োজনত। নিখুঁতভাৱে কটোৱা সুন্দৰ শিলাখণ্ডবোৰ খান্দি উলিয়াই নিৰ্দয়ভাৱে টুকুৰা-টুকুৰ কৰা দেখি কৈশোৰ কালতেই স্তম্ভিত হৈ পৰিছিলো।

এতিয়া মই হৃদয়ংগম কৰিছো যে তাহানি দৃশ্যমান হৈ থকা প্ৰাচীৰৰ ভগ্নাৱশেষ বোধহয় একাদশ শতাব্দীৰ ৰত্নপালে নিৰ্মাণ কৰা ‘‘শ্ৰীদুৰ্জয়’’ বা জয় কৰিব নোৱৰা দুৰ্গ এটাৰেই ভগ্নাৱশেষ আছিল। সেই সময়ত ক্ষমতাত থকা কৰ্তৃপক্ষৰ কোনো এজনেও তেনে ধ্বংসকাৰ্যত বাধা প্ৰদান কৰা নাছিল।

ছাৰ এডৱাৰ্ড গেইটে দিয়া নিজস্ব বৰ্ণনা অনুসৰি ১৮৯৭ খ্ৰীষ্টাব্দৰ ডাঙৰ ভূমিকম্পই ধ্বংস কৰা ‘‘শিল-সাঁকো’’ নামৰ প্ৰাচীন শিলৰ সাঁকোখনৰ স্তম্ভ আৰু চটীয়া শিলাখণ্ডসমূহ বৰপেটাকে ধৰি অন্যান্য স্থানৰ মানুহে কঢ়িয়াই লৈ যোৱাৰ সময়তো শাসনাধিষ্ঠ কৰ্তৃপক্ষৰ কোনো এজনেও নিজৰ কেঞা আঙুলিটোও টোঁওৱা নাছিল—যদিও সেই সময়ত প্ৰাচীন কীৰ্তিচিহ্নৰ সংৰক্ষণ তথা ইতিহাসৰ গৱেষণাৰ প্ৰচুৰ আগ্ৰহ থকা কৰ্নেল গৰ্ডন চাহাব কামৰূপৰ জিলাধিপতি আছিল আৰু অসম চৰকাৰৰ মুখ্য সচিবৰ পদত আছিল ‘হিষ্টৰি অৱ আছাম’ৰ লেখক স্বয়ং ছাৰ এডৱাৰ্ড গেইট! কে-এন ভট্টশালীয়ে তেওঁৰ শেহতীয়া প্ৰবন্ধ এটাত মহম্মদ বখতিয়াৰৰ অভিযান আৰু শিলৰ সেই সাঁকোখনৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে—

‘‘ভূমিকম্পই ধ্বংস সাধন কৰাৰ পিছত অসম চৰকাৰে সেইহেন এখন অমূল্য প্ৰাচীন সম্পদৰ পুনৰুদ্ধাৰৰ প্ৰচেষ্টা হাতত নোলোৱা কাৰ্য পৰম দুৰ্ভাগ্যজনক বিষয়। এতিয়াও সেই সাঁকোখনৰ পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলোৱা প্ৰয়োজন আৰু অসম কাউন্সিলে খৰচৰ ব্যয় বহন কৰা উচিত।’’

যি কোনো সুসভ্য দেশতেই এনে ধৰণৰ কাম সম্ভৱপৰ হ’লহেঁতেন যদিও অসমত এনে ধৰণৰ কাম কৰা দূৰৰ কথা, কামৰূপ অনুসন্ধান সমিতিয়ে সংগ্ৰহ কৰি থোৱা পুৰণি আপুৰুগীয়া ধ্বংসাৱশেষ কিছুসংখ্যক ৰাখিবলৈ প্ৰয়োজনীয় গৃহ এটা নিৰ্মাণ কৰিবলৈ সামান্য দহ হাজাৰ টকাও খৰচ কৰাৰ সামৰ্থ নাই।

ছাৰ এডৱাৰ্ড গেইটে ইতিপূৰ্বে উল্লেখ কৰা তেখেতৰ নিজস্ব মতামতৰ অন্তিমচ্ছেদৰ ভৱিষ্যবাণী অৱশ্যে কাৰ্যকৰী হৈছে। ছাৰ গেইটে অসম ত্যাগ কৰাৰ পিছত অসমত বহুতো প্ৰাচীন মূৰ্তি আৰু ধ্বংসাৱশেষ আৱিষ্কাৰ হৈছে।

গেইটৰ ‘হিষ্টৰি অৱ আছাম’ৰ দ্বিতীয় সংস্কৰণ যেতিয়া প্ৰকাশিত হৈছিল, তেতিয়ালৈ ওপৰত তালিকাত সন্নিৱিষ্ট কৰা ভাস্কৰবৰ্মাৰ মাটিৰ মোহৰ, হৰ্জৰবৰ্মাৰ অকলশৰীয়া বিচ্ছিন্ন ফলি, ইন্দ্ৰপালৰ গুৱাকুছি লিপি আৰু ধৰ্মপালৰ সময়ৰ দুখন ফলিৰ বাহিৰে প্ৰায়বোৰ লিপি উদ্ধাৰ হোৱাৰ পিছতো চতুৰ্থ শতাব্দীৰপৰা দ্বাদশ শতাব্দীৰ মাজৰ সময়ছোৱাৰ বাবে গেইটৰ বুৰঞ্জী গ্ৰন্থখনৰ মাত্ৰ ১৪ টা পৃষ্ঠাহে ব্যৱহৃত হৈছে।

অন্যহাতে আকৌ ষোড়শ শতাব্দী আৰু সপ্তদশ শতাব্দীৰ মাজৰ সময়ছোৱা যদিও আপেক্ষিকভাৱে কম সময়. তত্সত্ত্বেও সেই সময়ছোৱাত ৰাজত্ব কৰা কোচবংশৰ ৰাজত্বৰ সময়খিনিৰ বাবে গেইটে তেওঁৰ বুৰঞ্জী গ্ৰন্থখনৰ ২৩ টা পৃষ্ঠা ব্যৱহাৰ কৰিছে। ছাৰ এডৱাৰ্ড গেইটে অৱশ্যে আহোমৰ ৰাজত্বৰ সময়ছোৱাৰ বিষয়ে বিশদভাৱে লিখিছে তথা তেওঁৰ ইতিহাস গ্ৰন্থখন যে আহোম ৰাজত্বৰহে ধাৰাবাহিক ইতিহাস সেই সম্পৰ্কে কোনো দ্বিমত নাই।

গতিকে প্ৰাক্-আহোম যুগৰ এখন বহলাই লেখা ইতিহাসৰ অভাৱ পূৰণৰ চিন্তা কৰি অহা হৈছিল আৰু এই পৰ্যন্ত সংগ্ৰহ হোৱা ইতিহাসৰ সমলবোৰ এই অভাৱ পূৰণৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি ধাৰণা কৰা হৈছে। মই এই কামত হাত দিয়াৰ সময়ত মই সামান্যও গম পোৱা নাছিলো যে পণ্ডিত বিদ্যাবিনোদেও এনে ধৰণৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থৰ কাম বঙলা ভাষাত কৰি আছিল।

পণ্ডিত বিদ্যাবিনোদৰ ‘কামৰূপ শাসনাৱলী’ত ফলিসমূহৰ পাঠবোৰ প্ৰকাশিত হৈছে আৰু বিশদভাৱে টোকাসহকাৰে লিপিবোৰ বঙলা ভাষালৈও অনুবাদ কৰাৰ লগতে গ্ৰন্থখনৰ পাতনিত তেখেতে ‘কামৰূপ ৰাজাৱলী’ নামেৰে কামৰূপৰ ৰজাসকলৰ কালপঞ্জী এখনো দাঙি ধৰিছে। যিছোৱা সময়ৰ বিষয়ে লিপিবোৰ তেওঁৰ গ্ৰন্থখনৰ জৰিয়তে দাঙি ধৰিছে, সেই সময়ছোৱাৰ বিশদ ইতিহাস পণ্ডিত বিদ্যাবিনোদে গ্ৰন্থখনত পিছে লিপিবদ্ধ কৰা নাই; কিন্তু সমস্ত প্ৰাচীন লিপিৰ পাঠ একেখন গ্ৰন্থৰ জৰিয়তে প্ৰকাশ কৰা বাবে ইতিহাস অধ্যয়ন কৰাসকলে তেখেতৰ প্ৰতি নিশ্চিতভাৱে কৃতজ্ঞ হৈ ৰ’ব।

এই লিপিসমূহৰ অধিকাংশৰে পাঠসমূহ শুদ্ধ কৰাৰ ক্ষেত্ৰতো তেখেতৰ কষ্টকৰ প্ৰচেষ্টা চিৰস্মৰণীয় হৈ ৰ’ব।কামৰূপৰ প্ৰাচীন ইতিহাস অতিকে আকৰ্ষণীয়। সমগ্ৰ উত্তৰ ভাৰতত পুষ্যবৰ্মনৰ ৰাজবংশৰ দৰে একেৰাহে ৮০০ বছৰ ধৰি ৰাজত্ব কৰি অহা ৰাজবংশৰ অস্তিত্ব নাই বুলিয়েই কৈ দিব পাৰ। যদিও দিগ্বিজয়ী বীৰ সমুদ্ৰগুপ্ত, যশোবৰ্মন, মহাসেন গুপ্ত আৰু যশোবৰ্মন আদি ৰজাই কামৰূপৰ ৰজাসকলক যুদ্ধক্ষেত্ৰত পৰাজিত কৰিছিল, তত্সত্ত্বেও কামৰূপ দেশখন তেওঁলোকৰ সাম্ৰাজ্যৰ সৈতে চামিল কৰা নাছিল।

anjan2

তদুপৰি মোগলেও অধিকাৰ কৰিবলৈ সক্ষম নোহোৱা কামৰূপখনৰ ৰাজপাটত স্বাধীন হিচাপে অধিষ্ঠিত হৈ থকা ৰজাসকলে একাদিক্ৰমে মুছলমানৰ আক্ৰমণসমূহ হেলাৰঙে ওফৰাই তেওঁলোকক খেদি পঠিয়াইছিল। কোচ ৰজাসকলৰ পিছত অহা আহোম ৰজাসকলে স্ব-ইচ্ছাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল তথা অলেখ হিন্দু মন্দিৰ নিৰ্মাণ কৰিছিল।

আহোমসকলৰ দিনত দেশখনৰ পৰিসৰ হ্ৰাস পালে আৰু ‘অসম’ নামেৰে পৰিচিত হ’ল—কিন্তু পৰ্যাপ্ত সম্পদেৰেই ক্ষুদ্ৰ অসমখনে মুছলমানৰ ধাৰাবাহিক আক্ৰমণবোৰ সফলভাৱে প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল আৰু ইংৰাজৰ আগমনৰ আগলৈকে খ্ৰীষ্টাব্দ ১৮২৬ চন পৰ্যন্ত দেশখন স্বাধীন হৈ আছিল।কোচ ৰজাসকলৰ শাসনৰ শেষছোৱালৈকে দেশখনক কামৰূপ বুলি কোৱা হৈছিল।

সেইহেতুকে মই নৰনাৰায়ণৰ মৃত্যুৰ সময়লৈ এই গ্ৰন্থখনত কোচ আৰু কমতাৰ ৰজাসকলৰ কাহিনীৰে সমাপ্ত কৰিছো। কমতাৰ ৰাজত্বকালৰ ২৫০ বছৰৰ ইতিহাস বৰ আন্ধাৰ। কমতাৰ ৰজাসকলে সম্ভৱতঃ কিছুমান ভূঞা নায়কৰ ওপৰতেহ আধিপত্য বিস্তাৰ কৰিছিল। এইসকল ৰজাই আমাৰ বাবে কোনো ফলিৰ লিপিও এৰি থৈ যোৱাৰ তথ্য নাই হেতুকে সেইসকল ৰজাৰ কালপঞ্জী এখন প্ৰস্তুত কৰাৰ প্ৰচেষ্টাত নিশ্চিত অনুমানকেই কম-বেছি পৰিমাণে সাৰথি কৰি আগবাঢ়িছো—যদিও মোৰ কিছুমান অনুমানৰ ভিত্তি নাথাকিবও পাৰে; কিন্তু কোনোবাই যদি এই সময়ছোৱাৰ এক অধিক প্ৰমাণিত ইতিহাস প্ৰণয়ন কৰিৱ পাৰে, ময়েই পোনপ্ৰথমে তেওঁক অভিনন্দন জনাম।

বাবু নগেন্দ্ৰনাথ বসু মহোদয়ে পৰিচিত-জনাজাত কায়স্থ পৰিয়াল কিছুসংখ্যকৰ ঘৰুৱা নথি-পত্ৰ-পুৰুষনামা আদিৰ সহায়ত এই সময়ছোৱাৰ ইতিহাসক সংকলিত কৰাৰ প্ৰচেষ্টা চলাইছে যদিও তেওঁ এইক্ষেত্ৰত পাবলগীয়া প্ৰশংসাক তেওঁৰেই অইন এক প্ৰচেষ্টা অসমৰ ভূঞা-কায়স্থসকলক বঙালী মূলৰ বুলি প্ৰমাণ কৰিব বিচৰা আঞ্চলিকতাবাদী দোষৰদ্বাৰা ঢাকনি দিয়াৰ দৰে হৈছে।

বাবু নগেন্দ্ৰনাথ বসুৱে হয়তো গমেই পোৱা নাই যে ‘আদিসুৰ’ বোলা কালছোৱাৰ বহু পূৰ্বেই খ্ৰীষ্টাব্দ সপ্তম শতাব্দীৰ আৰম্ভণী কালত কামৰূপ দেশত কায়স্থ লোকে বসবাস কৰাৰ প্ৰমাণ ভাস্কৰবৰ্মাৰ লিপিয়ে দাঙি ধৰিছে। তদুপৰি বৰ্তমানৰ ‘উত্তৰবংগ’ বুলি পৰিচিত এসময়ৰ দেশখনৰ সমগ্ৰ অঞ্চল প্ৰাচীন কালৰ কামৰূপৰ অন্তৰ্গত হৈ আছিল তথা উত্তৰবংগত বসবাস কৰা বঙালীসকলো কেইটামান শতাব্দীৰ আগতে ‘কামৰূপীয়া’ বুলি পৰিচিত আছিল।

পশ্চিম-কামৰূপ (বৰ্তমানৰ উত্তৰবংগ)ত বসবাস কৰা ভালেসংখ্যক পুৰণি ব্ৰাহ্মণ আৰু কায়স্থ পৰিয়াল আধুনিক কালৰ অসমখনৰ গোৱালপাৰা আৰু কামৰূপ জিলালৈ প্ৰকৃতাৰ্থত শৰণাৰ্থী হৈ আহিছিল তথা সেইসকলৰ পৰিয়ালৰ ইতিহাসে দাঙি ধৰা অনুসৰি আৰু মিঃ ষ্টেপলেটনে ব্যাখ্যা কৰা অনুসৰি—পঞ্চদশ শতাব্দীৰ আৰম্ভণিৰ সময়ছোৱাত ৰজা গণেশৰ পুত্ৰ জালালুদ্দিনে নতুনকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰি ‘নতুন মুছলমান’ হোৱাৰ পৰম আনন্দত হিন্দুসকলক বলপূৰ্বক ইছলামলৈ ধৰ্মান্তৰিত কৰা অভিযান চলোৱা সময়ছোৱাত—শৰণাৰ্থী হিচাপে তেওঁলোকে প্ৰৱেশ কৰিছিল, কিন্তু সেই কাৰণতেই উত্তৰবংগৰপৰা ভগনীয়া হৈ অহাসকলে বা তেওঁলোকৰ বংশধৰসকলে নিজকে বঙালী বুলি দাবী কৰিব নোৱাৰে।

আধুনিক অসম উপত্যকাৰ আৰ্যসকল ভাৰতৰ অইন স্থানৰপৰা—বিশেষকৈ উত্তৰ বিহাৰৰপৰা ইয়ালৈ আহিছিল। এতিয়াও অসমীয়া ব্ৰাহ্মণৰ মাজত মিছেৰছ, সুকুল, তিৱাৰী আৰু তিৰোতিয়া (তিৰহুটৰপৰা অহা) ব্ৰাহ্মণৰ অস্তিত্ব আছে।

কোচ ৰাজত্বৰ ইতিহাসৰ বাবে অজস্ৰ সমল আছে। যিহেতু গেইটে তেখেতৰ ‘হিষ্টৰি অৱ আছাম’ত ‘কামৰূপৰ কোচ ৰজাসকল’ সম্পৰ্কে বিশদভাৱে লিখিছে আৰু এছ-এন ভট্টাচাৰ্য ডাঙৰীয়াইও তেখেতৰ ‘মোগল নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ পলিচি’ত কামৰূপৰ সেইছোৱা সময়ৰ বিষয়ে বহলাই লিখিছে, সেয়েহে মই সেইছোৱা সময়ৰ বিষয়ে সংক্ষিপ্তকৈ বৰ্ণনা কৰিছো আৰু ৰজা নৰনাৰায়ণৰ মৃত্যুৰ পিছৰ কোচ ৰাজত্বৰ ইতিহাস একেবাৰে বাদ দিছো।

ৰজা বিশ্বসিংহ আৰু ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত অসমৰ বিখ্যাত যশস্বী ধৰ্মীয় সংস্কাৰক শংকৰদেৱৰ অস্তিত্ব আছিল, আৰু সেই সময়ত কামৰূপী সাহিত্যও অতি সমৃদ্ধ আছিল। সেয়েহে মই গ্ৰন্থখনৰ শেহৰছোৱাত ‘বৈষ্ণৱ ধৰ্ম’ আৰু ‘সাহিত্য’ সম্পৰ্কীয় দুটা অধ্যায় সংযুক্ত কৰিছো।

কামৰূপৰ একেবাৰে উত্তৰ-পূব কোণত চুটিয়াৰ ৰাজত্ব আছিল আৰু সম্ভৱতঃ আহোমসকল এই ভূখণ্ডলৈ অহাৰ পূৰ্বেই চুটিয়াৰ ৰাজ্যৰ অস্তিত্ব আছিল। চুটিয়াসকলৰ ৰাজ্যখন জয় কৰাৰ পিছতহে আহোমে পূব অসমত খোপনি দৃঢ় কৰিবলৈ সক্ষম হৈছিল। এই সময়লৈ মোৰ হাতত আহি পৰা নথি-পত্ৰৰ সহায়ত চুটিয়া ৰাজ্যখনৰ এক চমু বিৱৰণ আগবঢ়াইছো আৰু এটা চুটি অধ্যায় সংযুক্ত কৰিছো।

শেষৰ আধ্যায়টোত মই কামৰূপীয়া সাহিত্যৰ বিকাশ সম্পৰ্কে আলোচনা কৰাৰ লগতে ইচ্ছাকৃতভাৱেই ‘‘কামৰূপী’’ শব্দটো ব্যৱহাৰ কৰিছো—কাৰণ যি সময়ছোৱাৰ ইতিহাস মই এই গ্ৰন্থখনত দাঙি ধৰিছো, সেই বিশাল কালছোৱাৰ অন্তিমভাগতহে অসম উপত্যকাৰ পূব অংশত সৃষ্টি হোৱা আহোম ৰাজ্যখনৰ ক্ষেত্ৰতহে ‘এছাম’ বা ‘অসম’ শব্দ প্ৰয়োগ কৰা হৈছিল। ধৰ্মপালে সিংহাসনত আৰোহণ কৰা সময়লৈ সমগ্ৰ অসম উপত্যকা কামৰূপৰ অন্তৰ্গত হৈ আছিল।

মোৰ মিত্ৰ প্ৰয়াত পণ্ডিত হেমচন্দ্ৰ গোস্ৱামীয়ে পুৰণি ‘পুথি’ কিছুমান সংগ্ৰহ কৰি তথা সেইসমূহৰ চমু আভাসেৰে প্ৰস্তুত কৰা তালিকাৰে এই বিষয়টোক লৈ উপযুক্ত আলোচনা সম্ভৱপৰ হৈছে। তেনে এক গুৰুত্বপূৰ্ণ কৰ্মৰ বাবে প্ৰয়াত পণ্ডিত গোসাঁইক প্ৰেৰণ কৰা আৰু তালিকা প্ৰস্তুতকৰণৰ ক্ষেত্ৰত উত্সাহ-সহায় আগবঢ়োৱাৰ বাবে যিখন তালিকা সম্পূৰ্ণ কৰা সম্ভৱপৰ হ’ল—তাৰ বাবে কৰ্নেল গৰ্ডন আৰু ছাৰ আৰ্কডেল আৰ্ল চাহাব প্ৰশংসা-যশস্যাৰ পাত্ৰ, তেওঁলোকৰ আন্তৰিক মনোনিৱেশ অবিহনে পুথিসমূহ সংগ্ৰহ কৰা সম্ভৱপৰ নহ’লহেঁতেন।

১৯২৯ চনত ‘বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম’-এ এই তালিকাখন অধ্যাপক সূৰ্যকুমাৰ ভূঞাৰ পাতনি এখন সংযোজন কৰি প্ৰকাশ কৰিছিল। এইখন প্ৰকাশ হোৱা চাবলৈ পণ্ডিত গোসাঁই জীৱিত হৈ থকা নাছিল। এইখন গ্ৰন্থৰ শেষৰ ফালে মই তিনিটা পৰিশিষ্ট সংযোজন কৰিছো—সেয়া হ’ল শেহতীয়াকৈ পোহৰলৈ অহা তামৰ ফলিৰ লিপিৰ ইংৰাজী অনুবাদ।

মই গ্ৰন্থখনৰ শেষৰ ফালে সংযোজন কৰা “Addenda and Corrigenda”-ৰ প্ৰতিও পাঠকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছো—যিবোৰৰদ্বাৰা মই গ্ৰন্থখনৰ কিছুমান পৃষ্ঠাৰ ভুল দূৰ কৰাৰ লগতে বৰ্ণাশুদ্ধি কৰাৰো প্ৰয়াস কৰিছো। অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি থকা অৱস্থাত মই যিখিনি অৱসৰৰ সময় পাইছিলো, সেই সময়ৰ সদ্ব্যৱহাৰ কৰি এই গ্ৰন্থখন যুগুত কৰোতে যিমানদূৰ পাৰো চকুত পৰা ভুল আঁতৰ কৰিবলৈ যত্ন কৰিছো যদিও কিছুমান চকুত নপৰা ভুল ৰৈ যাব পাৰে হেতুকে পাঠক-সমাজৰপৰা ৰেহাই বিচাৰিছো।

সদৌ শেষত, এই গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত লাভ কৰা সহায়, পৰামৰ্শ, আলোচনা আদিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাটো মোৰ বাবে অতি আনন্দময় দায়িত্ব হেতুকে পণ্ডিত পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ, ৰায়বাহাদুৰ আনন্দ চন্দ্ৰ আগৰৱালা, ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱা, মিঃ ষ্টেপলেটন, বংগৰ শিক্ষাধিকৰ্তা, মিঃ এছ-চি গোস্বামী, অসম উপত্যকাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, কটন কলেজৰ অধ্যাপকদ্বয় সূৰ্যকুমাৰ ভূঞা আৰু বাণীকান্ত কাকতি, মুৰাৰীচান্দ কলেজৰ ড০ কে-এম গুপ্তা, গুৱাহাটীৰ সোণাৰাম চৌধুৰী আৰু শ্ৰীযুত সৰ্বেশ্বৰ কটকী—যিসকলে মোক বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে কিছুমান ফলিৰ ছবিও অৰ্পণ কৰিছিল; মোৰ ভাগিন মিঃ এ. বৰা, এম-এ, প্ৰবক্তা, কলকাতা বিশ্ববিদ্যালয়—তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছো ফলিসমূহৰ ছপাকাৰ্যৰ বাবে প্ৰয়োজনীয় ‘ব্লক’সমূহ প্ৰস্তুতকৰণত তেওঁ আগবঢ়োৱা সহায়ৰ বাবে।

‘এছিয়াটিক ছ’ছাইটি অৱ বেংগল’ৰ সাধাৰণ সম্পাদক আৰু ‘জাৰ্নেল অৱ দ্য বিহাৰ এণ্ড উৰিষ্যা’ৰ ৰিছাৰ্চ ছ’ছাইটি’ৰ সম্পাদকে মোক অনুগ্ৰহ কৰি কিছুসংখ্যক ‘ব্লক’ দিয়াৰ উপৰি তেখেতসকলে ইতিপূৰ্বে ‘জাৰ্নেল’ত প্ৰকাশ কৰা আলোকচিত্ৰৰ ‘ব্লক’ কৰিবলৈ অনুমতি প্ৰদান কৰা হেতুকে দুয়োগৰাকীকে মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলো।

‘আৰ্কিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া’ৰ ওচৰতো একে ধৰণৰ অনুমতি লাভ কৰাৰ বাবে মই কৃতজ্ঞ হৈ ৰ’লো। প্ৰাচীন কামৰূপৰ মূৰ্তিকে ধৰি পুৰাতাত্ত্বিক ধ্বংশাৱশেষ কিছুসংখ্যকৰ ব্যখ্যা-বিশ্লেষণৰ বাবে ‘ঢাকা মিউজিয়াম’ৰ ‘কিউৰেটৰ’ মিঃ এন-কে ভট্টশালী, এম-এ; আৰু পুৰাতত্ত্ব বিভাগৰ মিঃ কে-এন দীক্ষিত, এম-এ—দুয়োগৰাকীৰ ওচৰত মই ঋণী হৈ ৰ’লো।

[ প্ৰাচীন কামৰূপৰ ইতিহাস’ৰ অসমীয়া ভাঙনিৰ নতুন সংস্কৰণ পাণবজাৰৰ ‘বান্ধৱ’ৰ বিপনীত উপলব্ধ]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: প্ৰাচীন কামৰূপৰ ইতিহাসবিহাৰ আৰু উৰিষ্যা ৰিছাৰ্চ ছ’ছাইটিমগধ সাম্ৰাজ্য চন্দ্ৰগুপ্ত
Anjan Sarma

Anjan Sarma

Related Posts

সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন
Literature

ভূপেন হাজৰিকা আৰু লুইত

by Rezaul Karim
September 6, 2026
0

ভূপেন হাজৰিকা ৰেজাউল কৰিম নদী হৈছে সংস্কৃতিৰ বোৱঁতী সুঁতি। নদীৰ পাৰতে পৃথিৱীৰ পুৰণি সভ্যতা গঢ়ি উঠিছে। বাস্তৱিকতে নদী হৈছে সংস্কৃতিৰ...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 2, 2026
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
NEPAL: What if the mud is already here?

NEPAL: What if the mud is already here?

September 7, 2026
The River That Sang Through Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

September 7, 2026
গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

September 6, 2026
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40591 shares
    Share 16236 Tweet 10148
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18865 shares
    Share 7546 Tweet 4716
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3994 shares
    Share 1598 Tweet 999
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    950 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    151 shares
    Share 60 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4079 shares
    Share 1632 Tweet 1020
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d