• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

প্ৰাচীন কামৰূপৰ হৃৎপিণ্ড ‘বজালী’ আজিও অসম্পূৰ্ণ !

ASSAMESE SECTION / HISTORY / BAJALI / PATHSALA

by Anjan Sarma
March 30, 2025
in ASSAMESE SECTION, Geography, History
Reading Time: 6 mins read
0
প্ৰাচীন কামৰূপৰ হৃৎপিণ্ড ‘বজালী’ আজিও অসম্পূৰ্ণ !
Share on FacebookShare on TwitterShare on LinkedIn

প্ৰাচীন কামৰূপৰ হৃৎপিণ্ড ‘বজালী’ আজিও অসম্পূৰ্ণ !

অঞ্জন শৰ্মা

Anjan Sarma
অঞ্জন শৰ্মা

‘বজালী’ কিম্বা বজালীৰ হৃৎপিণ্ড ‘পাঠশালা’ –উচ্চাৰণ কৰিলেই অনুভূত হয় এক বিশেষ স্পন্দনৰ সুৰ, আৰু য’তেই নাথাকো কিয়– প্ৰাণিত কৰি তোলে আমাৰ কল্পনাৰ ৰাজ্য, বৰ্ণময় হৈ পৰে আমাৰ শৈশৱ, আমাৰ কৈশোৰ, আমি এৰি অহা দিনবোৰ৷

 কিন্তু সেই সিমানখিনিয়েই !

 আমাৰ মনৰ অভ্যন্তৰত দোলা নিদিয়ে কোনোধৰণৰ ক্লান্তিহীন কৌতুহলে আৰু সেইবাবেই– গভীৰভাবে ভাবিলে ভাব হয় যে নিজৰ জন্মস্থানতেই আমি যেন ‘ৰিফিউজি’৷ প্ৰশ্নৰ উদ্ৰেক হয়, আমি আমাৰ পাঠশালাৰ বিষয়ে বা বজালীৰ বিষয়ে যিখিনি জানো বুলি ভাবো বা জানো বুলি অইনৰ সন্মুখত সদৰি কৰো– সেইখিনিয়েই যথেষ্ট নে? সেই জ্ঞানৰ পৰিমাণ কিমান?

প্ৰাচীন কামৰূপৰ হৃৎপিণ্ড ‘বজালী’ আজিও অসম্পূৰ্ণ !

 বিশ্বৰ বুকুত এডোখৰ ক্ষুদ্ৰতম স্থান বজালী৷ পেলিয়’জয়িক (Paleeozoic Era) যুগৰ শেষৰছোৱাৰ পৰা চেনোজ’য়িক (Cenozoic Era) যুগলৈকে বৰ্তি থকা গ্ৰীষ্মমণ্ডলীয় নিমখৰ পানীৰ টেথিছ সাগৰ (Tethys Sea) ৰ তলত হিমালয় পৰ্বতমালাৰে সৈতে ডুব গৈ আছিল আমাৰ বজালী আৰু ভূ-তাত্বিক তথ্য অনুসৰি ২৫০ নিযুত বছৰ পূৰ্বেই গঠন হৈছিল বজালীৰ ভূ-ভাগ৷

উল্লেখযোগ্য যে পেলিয়’জয়িক যুগ বুলিলে ৫৪১ নিযুত বছৰৰ পৰা ২৫২ নিযুত বছৰৰ মাজৰ যুগটোকেই বুজোৱা হয়৷ ‘পেলিয়’জয়িক’ শব্দৰ অৰ্থ হ’ল প্ৰাচীন জীৱন (Ancient Life)৷ একেদৰে চেনোজ’য়িক (Cenozoic Era) যুগ বুলিলে ৬৬ নিযুত বছৰ আগৰ পৰা বৰ্তমানলৈ বুজোৱা হয়৷ ‘চেনোজ’য়িক’ৰ অৰ্থ হ’ল সাম্প্ৰতিক জীৱন (Recent Life)৷

 হিমালয় পৰ্বতমালা, ব্ৰহ্মপুত্ৰ উপত্যকা [বৰ্তমানৰ]ৰ লগতে আমাৰ বজালীও প্ৰাক্‌-অভিনৱ (Sub-recent) যুগলৈ, অৰ্থাৎ সাম্প্ৰতিক সময়ছোৱাৰ পৰা প্ৰায় ০.০১২ নিযুত বছৰ আগলৈকে টেথিছ সাগৰৰ তলত ডুব গৈ আছিল৷ লাহে লাহে এটা সময়ত হিমালয় পৰ্বতমালা টেথিছ সাগৰৰ তলৰ পৰা মহাজাগতিক ক্ৰিয়া-কলাপৰ ফলত উত্থিত হৈ আমি এতিয়া প্ৰত্যক্ষ কৰা হিমালয় পৰ্বতমালা সৃষ্টি হোৱাৰ পিছত নৱ-গঠিত পৰ্বতমালাৰ পৰা বাগৰি অহা শিল, বোকা, বালি জমা হৈ হৈ বজালী অঞ্চলৰ মূল পৃষ্ঠভাগ গঠন হ’ল৷

 আজি কিছু দশক ধৰি সমগ্ৰ বিশ্বত বিভিন্ন ক্ষেত্ৰত অদমনীয় আৰু ক্লান্তিহীন কৌতূহলৰ অধিকাৰী কিছুমান মানুহে আৰম্ভ কৰিছে অন্বেষণৰ এক নতুন যুগ৷ এতিয়াৰে পৰা প্ৰায় ৬০০০০ বছৰ আগতে আমাৰ পূৰ্বপুৰুষে আফ্ৰিকাৰ পৰা যাত্ৰা কৰাৰ পিছৰে পৰা, নজনা কথাবোৰ জনাৰ দূৰন্ত হেঁপাহে নতুন নতুন ভূ-খণ্ড আৱিষ্কাৰ কৰিবলৈ তেওঁলোকক যিদৰে প্ৰৰোচিত কৰিছিল আৰু যি প্ৰচণ্ড কৌতুহ’লে তেওঁলোকৰ যাত্ৰাপথত সহায় কৰিছিল, তাৰে পটভূমিতেই বিশ্বৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছিল নতুন নতুন সভ্যতা আৰু সংস্কৃতি; আৰু সেই অনুভূতি, হেঁপাহ, কৌতুহল আজিও প্ৰৱল হৈ বৰ্তি থকা বাবেই আজিও মানুহে অন্বেষণ কৰে, মহাসাগৰৰ গৰ্ভত ডুব দিয়ে, মহাকাশলৈ যাত্ৰা কৰে, গৱেষণাগাৰত সোমাই থাকে মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ৷ সৃষ্টি হয় অন্বেষণৰ নতুন যুগ৷

প্ৰাচীন কামৰূপৰ হৃৎপিণ্ড ‘বজালী’ আজিও অসম্পূৰ্ণ !
https://education.nationalgeographic.org/resource/global-human-journey

আধুনিক মানৱে [হোমো চেপিয়েন্স] আফ্ৰিকাৰ বাহিৰলৈ প্ৰায় ৬০০০০ বছৰ পূৰ্বে যাত্ৰা কৰি পৃথিৱীৰ বিভিন্ন কোণলৈ বিয়পি পৰালৈকে তেওঁলোকৰ সাৰথি হৈ আছিল ‘অন্বেষণাত্মক মন’৷ তেওঁলোকে কিমান দূৰলৈ আৰু কিমান দ্ৰুততাৰে যাত্ৰা কৰিছিল, সেইবোৰ নিৰ্ভৰ কৰিছিল জলবায়ু, জনসংখ্যা, নাও আৰু অন্যান্য প্ৰযুক্তিৰ আৱিষ্কাৰ তথা কল্পনাশক্তি, অভিযোজন ক্ষমতা, পৰৱৰ্তী স্থান সম্পৰ্কে জাগ্ৰত হোৱা প্ৰচণ্ড কৌতুহলৰ ওপৰত ৷

প্ৰাচীন কামৰূপৰ হৃৎপিণ্ড ‘বজালী’ আজিও অসম্পূৰ্ণ !
( source) https://professortaboo.wordpress.com

 সাম্প্ৰতিক কালত জিনীয় বিজ্ঞানীসকলে অন্বেষণ কৰি, অধ্যয়ন কৰি, এই সিদ্ধান্তত উপনীত হৈছে যে আমাৰ পূৰ্বপুৰুষসকল– যিসকলে আফ্ৰিকাৰ পৰা ৬০০০০ বছৰ পূৰ্বে যাত্ৰা কৰিছিল বা আফ্ৰিকাৰ পৰা ওলাই আহিছিল (out of Africa), তেওঁলোকৰ মগজুত DRD4-7R নামৰ বিশেষ জিন থকা হেতুকেহে সেয়া সম্ভৱপৰ হৈছিল৷ DRD4-7R জিন (Gene) হ’ল অস্থিৰতাক প্ৰভাৱিত কৰা জিন, কৌতুহল জাগ্ৰত কৰা জিন; মগজুৰ ৰাসায়নিক বাৰ্তাবাহক ড’পামিনৰ নিয়ন্ত্ৰক এই জিন-এ প্ৰত্যাহ্বানক আঁকোৱালি ল’বলৈ, নতুন স্থানত উপনীত হ’বলৈ, সুযোগৰ অন্বেষণ কৰিবলৈ, দুঃসাহসিকতাক সঙ্গী কৰিবলৈ উৎসাহ যোগায়৷ ২০১১ চনত কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ চুৱানচেং চেন-অৰ নেতৃত্বত হোৱা এক কঠিন আৰু বৃহৎ গৱেষণাই দাঙি ধৰিছে যে অন্বেষণকাৰী তথা কৌতূহলী মানৱৰ ক্ষেত্ৰত এনে জিনৰ উপস্থিতি অধিক৷ 

 মানুহৰ মগজুত DRD4-7R জিনে কৰা ক্ৰিয়াৰ ফলতেই সৃষ্টি হ’ল ইতিহাসৰ এক অনন্য অধ্যায়, সংঘটিত হ’ল বোধশক্তিৰ বিপ্লৱ; আৰু এদিন, দক্ষিণ ফ্ৰান্সৰ চোভে-পোণ-ড’ আৰ্ক গুহাত প্ৰায় ৩০০০০ বছৰ পূৰ্বে আমাৰেই পূৰ্বপুৰুষৰ কোনোবা এজনে নিজৰ হাতৰ ছাপ অংকণ কৰি নীৰৱে ঘোষণা কৰিলে– ‘মই ইয়াতে আছোঁ৷’

প্ৰাচীন কামৰূপৰ হৃৎপিণ্ড ‘বজালী’ আজিও অসম্পূৰ্ণ !
https://www.bradshawfoundation.com/clottes/ ( ‘মই ইয়াতে আছোঁ৷)

 টেথিছ সাগৰৰ পৰা বজালীৰ ভূ-ভাগ উঠি অহাৰ পিছত আৰু তাৰে বহু বহু কালৰ পিছত আফ্ৰিকাৰ পৰা আমাৰ পূৰ্বপুৰুষসকল ওলাই আহি পৃথিৱীৰ চুকে-কোণে খোপনি পোতাৰ সময়ত আমাৰ উত্তৰে থকা হিমালয়ৰ কাষে কাষেও হয়তো যাত্ৰা কৰিছিল বা আমাৰ ভূ-খণ্ডৰ মাজেৰেও আমাৰ পূৰ্বপুৰুষৰ কোনো দলে যাত্ৰা কৰিছিল দক্ষিণ-পূৱ এছিয়ালৈ বা চীনদেশলৈ– যাৰ বিষয়ে আমি [বিশেষকৈ এই লেখকে] একোৱেই নাজানো৷

আমাৰ পূৰ্বপুৰুষৰ সেই যুগান্তকাৰী যাত্ৰাৰ সময়ছোৱাৰ পৰা, অৰ্থাৎ ৬০০০০ বছৰ পূৰ্বৰ পৰা, প্ৰায় ৫৮৭৭২ বছৰলৈ, অৰ্থাৎ ১২২৮ খ্ৰীষ্টাব্দলৈ আমি সম্পূৰ্ণ অন্ধকাৰত বুৰ গৈ থাকিলো– যেন অইন এখন অন্ধকাৰময় টেথিছ সাগৰ !

আমাৰ কৈশোৰকালত, আমাৰ যৌৱনকালৰ সন্ধিক্ষণত, আমাৰ বাবে অসমৰ সভ্যতা-সংস্কৃতি-ইতিহাস সকলোৰে আৰম্ভণি যেন ১২২৮ খ্ৰীষ্টাব্দৰ পৰা, স্বৰ্গদেউ চুকাফাই সিংহাসনত আৰোহণ কৰাৰ সেই বিশেষ চনটোৰ পৰা, আৰু পিছলৈ, সামান্যতম পৰিমাণে আমাৰ জ্ঞান ভাণ্ডাৰত যোগ হ’ল ১৫১৫ চনৰ পৰা ১৫৮৭ চনৰ সময়ছোৱাৰ [মহাৰাজ বিশ্বসিংহৰ দিনৰ পৰা মহাৰাজ নৰনাৰায়ণৰ সময়ছোৱালৈ] কিছু অংশ৷ আমি তাতেই সন্তুষ্ট হৈ থাকিলো৷

আমাৰ মন-মগজুত কোনোধৰণৰ কৌতুহল নাই, কোনো প্ৰকাৰৰ অন্বেষণাত্মক ব্যাকুলতা নাই৷ প্ৰাচীন প্ৰাগজ্যোতিষপুৰ, নৰকাসুৰ, ভগদত্ত, ঘটোৎকচ আমাৰ বাবে হৈ ৰ’ল ‘পৌৰাণিক আখ্যান’ [উচ্চতম ন্যায়ালয়ে কিন্তু ৰামচন্দ্ৰক বা ৰামৰ সময়ছোৱাক পৌৰাণিক সাধুকথা বুলি ঘোষণা কৰা নাই]৷ প্ৰাচীন কামৰূপ আমাৰ বাবে হৈ থাকিল কুঁৱলীয়ে অদৃশ্য কৰি পেলোৱা পাহাৰৰ দৰে অলীক ৷

প্ৰাচীন কামৰূপৰ হৃৎপিণ্ড ‘বজালী’ আজিও অসম্পূৰ্ণ !
হিউৱেন চাং

কিন্তু দুটা নাম আমাৰ বাবে কেনেবাকৈ স্মৰণীয় হৈ ৰ’ল– কামৰূপাধিপতি ভাস্কৰ বৰ্মা আৰু চীনা পৰিব্ৰাজক হিউৱেন চাং [তথা হিউৱেন চাং-অৰ বিখ্যাত প্ৰতিকৃতি]৷ আমি ৬০০ বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসতেই তৃপ্ত হৈ ৰ’লো, DRD4-7R জিনৰ অস্তিত্বই যেন নাছিল আমাৰ মগজুত অথবা নাছিল ৬০০০০ বছৰ পূৰ্বৰ পূৰ্বপুৰুষসকলৰ দৰে দূৰন্ত কৌতুহল৷ আমাৰ পূৰ্বপুৰুষে আফ্ৰিকাৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ সময়ছোৱাৰ পৰা ৫৮৭৭২ বছৰছোৱা সম্পৰ্কে আমি সম্পূৰ্ণ অজ্ঞ, অৰ্থাৎ আমি ‘যিখিনি জানো’ বুলি ভাবো– শতাংশৰ হিচাপ উলিয়ালে সেয়া হ’ব মাত্ৰ ১% ! ৬০০০০ বছৰ আৰু আহোম ৰাজত্বৰ ৬০০ বছৰ– শতাংশৰ হিচাপ অনুসৰি ১% !

 প্ৰাগজ্যোতিষপুৰ, প্ৰাচীন কামৰূপ সম্পৰ্কে আমি যিদৰে অজ্ঞ হৈ ৰ’লো, আমি আমাৰ জন্মস্থান পাঠশালা তথা বজালী সম্পৰ্কেও অজ্ঞ হৈ ৰ’লো ৷ ড॰ সূৰ্যকুমাৰ ভূঁঞাই সম্পাদনা কৰা ‘কামৰূপৰ বুৰঞ্জী’ৰ ‘বজালীয়া কোঁৱৰ’ কোন আছিল বা ‘বজালী’ নামটো কিদৰে সৃষ্টি হ’ল– স্পষ্টকৈ আমি একো নাজানিলো আৰু এতিয়াও নাজানো, যি জানো সেয়া মাথো আনুমানিক৷

আমাৰ ছাত্ৰাৱস্থাৰ কালডোখৰত, বজালীৰ ইতিহাসৰ আৰম্ভণি যেন ১৮৬৯ চনৰ গোবিন্দপুৰ গাঁৱত ৰাইজ গোট খাই বদ্ধিৰ্ত খাজনা বন্ধ কৰাৰ বাবে ৰাইজমেলৰ সূচনা কৰা সময়ৰ পৰাহে বা ১৯৪২ চনৰ ২৫ ছেপ্তেম্বৰৰ পৰাহে– যিদিনা মদন আৰু ৰাউতা শ্বহীদ হৈছিল আৰু এই লেখকৰ পিতৃ প্ৰয়াত অজুৰ্ন চন্দ্ৰ শৰ্মাকে ধৰি কেবাজনো গুলীবিদ্ধ হৈছিল৷

 ১৮৬৯ চনৰ গোবিন্দপুৰ গাঁৱৰ সেই ৰাইজমেলৰ পৰা আমি বজালী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ১৯৭৬ চনলৈ সময়ৰ তুলাচনীত জুখিলে ১০৭ বছৰ; আৰু ১৯৪২ চনৰ পৰা ১৯৭৬ চনলৈ ৩৪ বছৰ– এইখিনিৰেই আমি তৃপ্ত হৈ ৰ’লো৷

দ্যা টেম্পেষ্ট্‌, অশ্বখুৰা হ্ৰদ, গৰ্জনমুখৰ চল্লিশ, কচ্‌ থিটা, টেন থিটা, বাৰংবাৰতা, ত্বৰণ, তৰে-তক্কা [টেলিগ্ৰাফৰ শ্ৰেণী], ল-সা-গু, গ-সা-গু, বানপানীৰ বিষয়ে ৰচনা লিখা, শিল্প বিপ্লৱ ইত্যাদি ভালেমান বিষয়ক লৈ ছাত্ৰাৱস্থাত আমি আমাৰ মস্তিষ্কৰ ‘টিউনিং’ কৰি থাকিলো যদিও ‘বজালী’ সম্পৰ্কে আমাৰ মস্তিষ্কত কোনোপ্ৰকাৰৰ কৌতূহ’ল সৃষ্টি নহ’ল বা আমাক কৌতূহলী কৰিবলৈও কোনেও প্ৰয়াস নকৰিলে৷ ‘পাঠশালা’ সম্পৰ্কেও আমাৰ মনত জাগ্ৰত নহ’ল কোনোধৰণৰ অনুসন্ধিৎসা !

 ইতিপূৰ্বে উল্লেখ কৰিছো, এতিয়াৰে পৰা ৩০০০০ বছৰ পূৰ্বে দক্ষিণ ফ্ৰান্সৰ গুহাত আমাৰেই পূৰ্বপুৰুষৰ কোনো এজনে যিদৰে হাতৰ ছাপ অংকন কৰি ঘোষণা কৰিছিল– ‘মই ইয়াতে আছো’; একেদৰেই পাঠশালা ৰেল ষ্টেচনৰ পৰা দক্ষিণে থকা ডুবি গাঁৱত, বিখ্যাত পৰিহৰেশ্বৰ দেৱালয়ৰ সমীপত কোদালৰ আঘাতত, ১৯৫০ চনত, ঠন্‌ ঠন শব্দ হৈছিল ডুবিৰ লোকনাথ শৰ্মা [পিতৃঃ লক্ষ্মীকান্ত শৰ্মা]ৰ ঘৰৰ চৌহদৰ মাটিৰ তলত৷

মাঙ্গলিক কৰ্মৰ বাবে কাম কৰি থাকোঁতে হোৱা সেয়া আছিল নিতান্তই এক দুৰ্ঘটনা আৰু সেই দুৰ্ঘটনাৰ ফলতেই এক ঐতিহাসিক ঘটনা সংঘটিত হৈ জ্যোতিৰ্ময় ভাস্কৰৰ দৰে উদ্ভাসিত হৈ পৰিছিল কামৰূপাধিপতি ভাস্কৰবৰ্মা, বজালী, প্ৰাচীন কামৰূপ, ভূতিবৰ্মন, অসম!

 কোনো গৱেষণাৰ ফলত বা কোনো অন্বেষণৰ ফলত নহয়, লোকনাথ শৰ্মাৰ চৌহদত কোদালৰ আঘাতত হঠাৎ, আমি ৩৪ বছৰ বা ১০৭ বছৰৰ ভিতৰতে সীমিত কৰি থৈ দিয়া বজালীৰ ইতিহাসক, প্ৰাচীন কামৰূপক, ভাস্কৰ বৰ্মাক, ভূতি বৰ্মাক, বজালীৰ ব্ৰাহ্মণক আৱিষ্কাৰ কৰিলো প্ৰায় ১৫০০ বছৰ পূৰ্বৰ সময়ছোৱাত৷ আমাৰ ঘাইশিপাৰ কিছু অংশ আমি বিচাৰি পাই গৌৰৱান্বিত হৈ পৰিলো৷

 বজালী ১৫০০+ বছৰীয়া হৈ পৰিল ! আমাৰ জ্ঞানৰ সীমা ১% ৰ পৰা বৃদ্ধি হ’ল, কাৰণ ৬০০ বছৰীয়া আহোম ৰাজত্বৰ পৰা আমি ১৫০০+ বছৰ প্ৰাচীন ভূতিবৰ্মাৰ দিনলৈ পিছুৱাই গ’লো৷ 

 ২০২৪ চনৰ নৱেম্বৰ মাহৰ ২০ তাৰিখে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক মহোদয়ৰ অনুমতি সাপেক্ষে বজালী সম্পৰ্কীয় সুবৃহৎ স্মৃতিগ্ৰন্থ ‘বজালী বৈভৱ’ৰ প্ৰয়োজনত কুমাৰ ভাস্কৰবৰ্মাৰ সেই ঐতিহাসিক ফলিকেইখন তথা মোহৰৰ ছৱি তোলাৰ সময়ত যেতিয়া ফলিসমূহ হাতত তুলি লৈছিলো, এক অনিৰ্বচনীয় অনুভূতিয়ে সমগ্ৰ সত্বা ৰোমাঞ্চিত কৰি তুলিছিল আৰু এনে লাগিছিল যেন মোৰ দুবাহুৰে মই আলিঙ্গন কৰিছো প্ৰাচীন কামৰূপক, কুমাৰ ভাস্কৰ বৰ্মাক, ভূতি বৰ্মাক! এনে লাগিছিল, মোৰ দুহাতত থকা সেই বিখ্যাত তামৰ ফলিকেইখন যেন ভাস্কৰ বৰ্মাই আমাক সকলোকে প্ৰদান কৰা সাতৰজাৰ ধন !

প্ৰাচীন কামৰূপৰ হৃৎপিণ্ড ‘বজালী’ আজিও অসম্পূৰ্ণ !
কুমাৰ ভাস্কৰবৰ্মাৰ ঐতিহাসিক ফলি

 ডুবিৰ তাম্ৰলিপি মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা কাৰ্য যদিও এক দুৰ্ঘটনা, সিয়েই আমাৰ বাবে হৈ পৰিল ঐতিহাসিক ঘটনা৷ ই আমাৰ ইতিহাস কৰি তুলিলে বৰ্ণময় আৰু আজিৰ অসমক, অসমীয়া ভাষাক, কামৰূপীয়াক, অসমীয়াক কৰি পেলালে গৌৰৱান্বিত৷ উল্লেখযোগ্য যে অসমত এই পৰ্যন্ত ২৩২ খন [তামৰ ফলি, শিলালিপি] লিপি উদ্ধাৰ হৈছে যদিও পৰম পৰিতাপৰ বিষয় এয়াই যে সেইসমূহৰ মাত্ৰ ২০ খনৰহে অধ্যয়ন এতিয়ালৈ কৰা হৈছে৷

ইয়াৰে শতাংশ উলিয়ালে সি হৈ পৰে মাত্ৰ ৮.৬২% ! যদি ২৩২ খন লিপি অধ্যয়ন হ’লহেঁতেন, তেন্তে আমি হয়তো আমাক বিচাৰি পালোহেঁতেন ২০০০ বছৰ বা ৩০০০ বছৰ বা ৪০০০+ বছৰৰ আগৰ কোনো সময়ছোৱাত কিম্বা তাৰো আগৰ কোনো কালত ! কিন্তু আমি সন্তুষ্ট৷ আমি ৮.৬২% অধ্যয়নতেই সন্তুষ্ট ! অসমীয়াও এটা জাতি !

 আমাৰ এই ভূখণ্ডৰ, সি লাগিলে বজালীৰেই হওক, প্ৰাচীন কামৰূপৰেই হওক বা অসমৰেই হওক, প্ৰাচীন যুগৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক ইতিহাস অধ্যয়ন কৰা প্ৰধান সমলেই হৈছে প্ৰাচীন কালৰ বিভিন্ন ৰজাই প্ৰদান কৰা ভূমিদান অভিলেখাসমূহ৷ এই কথা ইতিহাসে প্ৰমাণ কৰিছে যে প্ৰাচীন কামৰূপৰ ভূতি বৰ্মন [৫২০-৫৬০ খৃঃ] আছিল এজন মহাশক্তিশালী ৰজা আৰু বঙ্গৰ পৰা কপিলী, দৈয়াং উপত্যকা পৰ্যন্ত বিস্তাৰিত হৈছিল কামৰূপ দেশৰ সীমা৷ মহাৰাজ ভাস্কৰ বৰ্মনৰ ডুবি আৰু নিধনপুৰ তাম্ৰশাসন পূৰ্বপুৰুষ ভূতি বৰ্মনৰেই কোনো তাম্ৰশাসনৰ নামান্তৰস্বৰূপ৷ 

 স্বৰ্গদেউ চুকাফাৰ পৰা হিচাপ কৰিলে এতিয়া আমাৰ বয়স ৭৯৭ বছৰ, ভূতিবৰ্মনৰ পৰা হিচাপ কৰিলে আমাৰ বয়স ১৫০৭ বছৰ, ভাস্কৰবৰ্মাৰ পৰা হিচাপ কৰিলে আমাৰ বয়স ১৪২৫ বছৰ; আৰু মহাভাৰতৰ কুৰুক্ষেত্ৰত, ভীষ্ম পৰ্বত, দুই প্ৰাগজ্যোতিষ সন্তান ঘটোৎকচ- ভগদত্তৰ যুদ্ধৰ পটভূমিত আমাৰ বয়স ৫০২৫ বছৰ [খ্ৰীঃপূঃ ৩১০০-৩০০০ চনৰ ভিতৰত কুৰুক্ষেত্ৰৰ যুদ্ধ সংঘটিত হোৱা বুলি বিশেষজ্ঞসকলে দাবী কৰা অনুসৰি], হয়তো আৰু অধিক [জ্যোতিৰ্বিজ্ঞান আৰু জলবিজ্ঞানৰ তথ্যৰ পটভূমিত গৱেষণা কৰা নতুন এটা সূত্ৰ অনুসৰি কুৰুক্ষেত্ৰৰ যুদ্ধ এতিয়াৰে পৰা ৭০০০ বছৰ পূৰ্বে সংঘটিত হোৱা বুলি দাবী কৰা হৈছে– মহাভাৰতৰ শ্লোক অনুসৰি মহাকাশৰ তৰাৰ অৱস্থান আৰু নদীৰ বিৱৰণ আদিক লৈ] ! মহাভাৰতৰ ভীষ্ম পৰ্বত কোৱা হৈছে–

 ‘‘তং আপতন্তং সহসা প্ৰাগজ্যোতিষ নৃপঃ৷

 চিচ্চেদ তৎ মহৎ সহসা শূলং অৰ্ধচন্দ্ৰেন বেগৱান৷৷’’১৫৷৷

 [অৰ্থাৎ, সেই ডাঙৰ শূলদাল গাত পৰিব খোজা দেখি বেগৱন্ত প্ৰাগজ্যোতিষৰ ৰজাই তৎক্ষণাৎ অৰ্ধচন্দ্ৰৰে তাক কাটিলে]

 ২০২৪ চনৰ ৬ ডিচেম্বৰ তাৰিখে নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ত ‘অসমীয়া ভাষাৰ ক্ৰমবিকাশ’ সম্পৰ্কীয় এক বক্তৃতা প্ৰদান কৰি সাম্প্ৰতিক অসমৰ এগৰাকী কষ্ট সহিষ্ণু লিপি বিশেষজ্ঞ ভাস্কৰ বৰদলৈয়ে দ্ব্যৰ্থহীনভাৱে কৈছিল যে বিশ্বৰ ভাষা অধ্যয়নৰ ক্ষেত্ৰত, ভাষা জৰীপ অনুসৰি কামৰূপী ভাষাৰ পীঠস্থান প্ৰাচীন কামৰূপ গুৰুত্বপূৰ্ণ যদিও সেই বিষয়টোৱে গুৰুত্ব নোপোৱা হেতুকে বিশ্বৰ ভাষা অধ্যয়ন সম্পূৰ্ণ নহয়৷ প্ৰচলিত ভাৰতীয় ভাষা অধ্যয়নৰ ভিত্তিত কামৰূপী ভাষা আৰু কামৰূপী ভাষাৰ পৰা উদ্ভৱ হোৱা অসমীয়া ভাষাৰ জন্ম বিশ্লেষণ কৰিবলৈ কোনো তথ্য নাই৷ প্ৰচলিত অধ্যয়নবোৰত আৰ্য ভাষাৰ প্ৰাচীনতা প্ৰতিপন্ন কৰিবলৈ সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলিৰ লগতে বৈদিক আৰু মহাকাব্যৰ কথা কোৱা হয়৷ কিন্তু যুগৰ তেনে ধাৰণাবোৰ কল্পনাপ্ৰসূত বুলি গৱেষকসকলে মত পোষণ কৰি আহিছে৷ বৈদিক আৰু মহাকাব্য যুগৰ ভিত্তিত কামৰূপী ভাষাৰ প্ৰাচীনতা অধ্যয়ন কৰিব নোৱাৰি৷ অসমীয়া ভাষাৰ মূল হ’ব পৰাকৈ সংস্কৃত প্ৰাচীন ভাষা নহয়৷ প্ৰাচীন কামৰূপৰ প্ৰাচীনতম প্ৰত্নলিপিখন খ্ৰীষ্টপূৰ্ব নৱম শতিকাৰ আৰু পাঠোদ্ধাৰ নহ’লেও ইয়াৰ ভাষা কামৰূপী বুলি নিশ্চিত, কাৰণ প্ৰাচীন কামৰূপ কেতিয়াও পৰাধীন নাছিল তথা কামৰূপৰ মানুহে প্ৰাচীন কালত প্ৰত্নলিপি নিজৰ ভাষাৰে লিখিছিল৷’

 লিপি বিশেষজ্ঞ ভাস্কৰ বৰদলৈৰ বক্তব্যৰ সৈতে সংগতি ৰাখি আৰু বজালীৰ ডুবি তাম্ৰলিপিৰ সৈতে সংগতি ৰাখি থোৰতে মহাস্থানগড় লিপিৰ বিষয়েও দুষাৰ দাঙি ধৰিব বিচাৰিছো৷ তৃতীয় [কিছুমানৰ মতে ‘চতুৰ্থ’] শতিকাৰ ‘ মহাস্থানগড় লিপি’ৰ ভাষাও কামৰূপী আছিল, কাৰণ মহাস্থানগড় বৰ্তমানৰ বাংলাদেশত পৰিলেও প্ৰাচীন কামৰূপৰ অধীনস্থ আছিল৷ মহাস্থানগড়ৰ প্ৰাচীনতম লিপিতাত্বিক দলিলখন গোলাকাৰ শিলৰ বক্ষত লিখা হৈছিল আৰু সম্প্ৰতি কলকাতাৰ সংগ্ৰহালয়ত আছে৷ সেই ফলিখনৰ পাঠোদ্ধাৰ কৰিছিল দেৱদত্ত ৰামকৃষ্ণ ভাণ্ডাৰকাৰে আৰু ‘ইপিগ্ৰাফিয়া ইণ্ডিকা’ গ্ৰন্থৰ ২১ তম খণ্ডত প্ৰকাশিত হৈছিল৷ সেই পাঠোদ্ধাৰেও প্ৰাচীন কামৰূপৰ ‘নগৰায়ন’ৰ বিষয়ে দাঙি ধৰে৷

Bajali Baibhav 1
Bajali Baibhav 2 1

 আমি ধন্য, আমি গৌৰৱান্বিত, কাৰণ আমাৰ পাঠশালাৰ সমীপৰ বা বজালীৰ ডুবিতেই আৱিষ্কৃত হ’ল কুমাৰ ভাস্কৰ বৰ্মনৰ তাম্ৰলিপি৷ জনৈক পণ্ডিতে কৈছিল– কোনো ঠাইৰ সভ্যতাৰ ইতিহাস অধ্যয়ন কৰোঁতে দেখা যায়, জুইৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি নগৰ সভ্যতা গঢ়ি তোলালৈকে বিভিন্ন স্তৰৰ সৰু-সুৰা সমলেও বহল বুৰঞ্জী ক’ব পাৰে৷ মাটিৰ বুকুত বহু হাজাৰ বছৰ সোমাই থকা এটুকুৰা এঙাৰে, এটুকুৰা ভগা মাটিৰ পাত্ৰই, এডাল সৰু লোহাই বা অন্য ধাতুৰ শলাই এক দীঘলীয়া ইতিহাস দাঙি ধৰিব পাৰে; দীঘলীয়া ইতিহাস দাঙি ধৰিব হাজাৰ হাজাৰ বছৰ মাটিৰ বুকুত শুই থকা জোঙা এটুকুৰা শিলে, শিল বা ধাতুত কাটি থোৱা কোনো সৰু নক্সাৰ অকণমান ভগ্নাৱশেষে, পোৰা মাটি, ধাতু বা শিলৰ কোনো ব্যৱহাৰ্য সামগ্ৰীৰ অৱশিষ্টাংশই৷

 ভাস্কৰ বৰ্মাৰ ডুবি তাম্ৰশাসনে আমাক অতীতলৈ নি শিপাৰ সন্ধান দিয়াই নহয়, নৰক, ভগদত্ত আদিক প্ৰশংসাৰে ওপচাই দি বজ্ৰদত্তৰ বিষয়ে কওঁতে কৈছে যে তেওঁ ইন্দ্ৰৰ দৰে শক্তিশালী আছিল; তেওঁ বেদ আৰু বেদাংগ, ব্যাকৰণ আৰু ন্যায়শাস্ত্ৰ এবছৰত অধ্যয়ন কৰি সমাপ্ত কৰিছিল; তেওঁ হাতী প্ৰশিক্ষণ দিয়া আৰু প্ৰতিপালনৰ বিষয়ে জানিছিল; ঘোঁৰাৰ প্ৰকৃতি আৰু শ্ৰেষ্ঠত্ব বিচাৰৰ তেওঁৰ জ্ঞান আছিল আৰু দেৱাসুৰৰ গুৰুৰ [বৃহস্পতি আৰু শুক্ৰ] তত্ত্ব জানিছিল আৰু অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল৷

 ভাস্কৰ বৰ্মাৰ ডুবি তাম্ৰশাসনত চন্দ্ৰমুখ বৰ্মাৰ পুত্ৰৰ বিষয়ে কৈছে যে ‘সাগৰৰ দাঁতি পৰ্যন্ত পৃথিৱী অধিকাৰ কৰি, ঘনাই যজ্ঞ পাতি, অৰ্থীসকলক দানেৰে আৰু বন্ধুসকলক ধনেৰে সন্তুষ্ট কৰি নিজ পুত্ৰক ৰাজ্যভাৰ অৰ্পণ কৰি ইন্দ্ৰৰ ৰাজ্যলৈ [স্বৰ্গ] গতি কৰিলে৷’ শ্ৰীস্থিৰবৰ্মা [সুস্থিৰবৰ্মা]ৰ বিষয়ে কওঁতে ‘নানা শাস্ত্ৰৰ শব্দাৰ্থৰ জ্ঞানেৰে নিশ্চিতমতি, বেদাধ্যয়নশীল’ বুলিছে আৰু কৈছে যে ‘তেওঁ প্ৰৱল সোঁতেৰে উত্তাল হৈ থকা বিভিন্ন বিষয়ৰ গভীৰ আৰু ব্যাপক সাগৰখন সাঁতুৰি পাৰ হৈছে য’ত পানীৰ দৰে ব্যাকৰণ, তিমি মাছৰ দৰে ৰাজনীতি, সাংখ্যৰ দৰে ঘঁৰিয়াল, মীমাংসাৰ দৰে বক আছে, য’ত যুক্তিৰ বতাহে চাৰিও দিশত খলকনি লগাই থাকে, ব্যাখ্যা বা ভাষ্যৰ ৰূপত য’ত ঢৌৰ পিছত ঢৌ বাগৰি থাকে আৰু ন্যায়ৰূপী ফেনাই ঢাকি ধৰি থাকে…৷’

প্ৰাচীন কামৰূপৰ হৃৎপিণ্ড ‘বজালী’ আজিও অসম্পূৰ্ণ !
কুমাৰ ভাস্কৰবৰ্মাৰ মোহৰৰ ছৱি

 ভাস্কৰ বৰ্মাৰ ডুবি তাম্ৰশাসনত থকা এনেবোৰ উল্লেখে প্ৰাচীন প্ৰাগজ্যোতিষপুৰ, সমকালীন কামৰূপৰ শিক্ষা, ধৰ্মনীতি, শৌৰ্য, ৰাজনীতি, ভূগোল আদিৰ পৰিচয়ৰ আভাস দাঙি ধৰে, আৰু ডাঙি দৰে যে নিশ্চিতভাৱে সমকালীন কামৰূপত আমাৰ বজালীৰো আছিল ঐতিহাসিক গুৰুত্ব, আমাৰ বজালীতো নিঃসন্দেহে একেই শিক্ষা, ধৰ্মনীতি, ৰাজনীতি প্ৰচলিত আছিল; কিন্তু যাৰ বিষয়ে কোনো ধৰণৰ গৱেষণা হোৱা নাই, কৌতুহলৰ উদ্ৰেক হোৱা নাই৷

আজি ‘বজালী বুলিলে যিখন বজালী আমাৰ দুচকুত ভাঁহি উঠে, সেই বজালীখনত আমি প্ৰত্যক্ষ কৰো কথা সাহিত্যিক তথা অসমীয়া গদ্য সাহিত্যৰ পথ-প্ৰদৰ্শক ভট্টদেৱ [বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য]ৰ পৰা আৰম্ভ কৰি নৰনাৰায়ণৰ ৰাজসভা শুৱনি কৰা গণিতজ্ঞ বকুল কায়স্থক, পুৰুষোত্তম ভট্টাচাৰ্যক; পিছলৈ আমি স্মৰণ কৰোঁ সনাতন কোঁচক; কালিদাস খাটনিয়াৰ- প্ৰেমনাৰায়ণ দত্ত- চন্দ্ৰপ্ৰভা শইকীয়ানী- হৰেন্দ্ৰ নাথ শৰ্মা- কামেশ্বৰ দাস- ত্ৰৈলোক্য দত্ত- সন্তৰাম চৌধুৰী- অচ্যুত লহকৰ- চন্দ্ৰ চৌধুৰী- কৃষ্ণ ৰয়- ৰতন লহকৰ- ৰাজেন শৰ্মা আদিকে ধৰি বহুজনক; আমি প্ৰত্যক্ষ কৰোঁ মদন-ৰাউতাক, সাম্ৰাজ্যবাদী ইংৰাজৰ বিৰুদ্ধে সংগ্ৰাম কৰাসকলক, গোবিন্দপুৰৰ ৰাইজমেলক, অসম আন্দোলনৰ সময়ছোৱাৰ বজালীক, শ্বহীদসকলক; ১৯২৬ চনৰ বজালী হাইস্কুলক, ১৯৫৫ চনৰ বজালী মহাবিদ্যালয়ক, ‘বজালী বান্ধৱ সন্মিলন’ক, ‘বজালী ছাত্ৰ সন্মিলন’ক, ১৯৪২ চনৰ ছেপ্তেম্বৰত গঠন হোৱা ‘স্বাধীন জাতীয় চৰকাৰ’ক আৰু স্মৰণ কৰোঁ অলেখজনক৷ কিন্তু এই স্মৃতি তথা সাম্প্ৰতিক সময়ছোৱা– সময়ৰ তুলাচনীত একেবাৰে নগণ্য শতাংশ !

 ‘বজালী’ যেন সম্পূৰ্ণ নহয়৷

 হয়, বজালী এতিয়াও হৈ আছে অসম্পূৰ্ণ৷

 বজালী সম্পৰ্কে বা পাঠশালা সম্পৰ্কে যিমানবোৰ লেখা-মেলা হৈছে, চৰ্চা হৈছে– এক নিৰ্দিষ্ট সীমাৰেখা সেইসমূহে অতিক্ৰম কৰিব পৰা নাই৷ পৃথিৱীৰ বায়ুমণ্ডলত থকা ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেট’স্ফিয়াৰ, মেচ’স্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ, এক্সোস্ফিয়াৰ অতিক্ৰম কৰি আজিৰ বিজ্ঞানে ঢাপলি মেলিছে, মঙলগ্ৰহত নগৰ স্থাপনৰ সপোন দেখিছে, অন্তহীন মহাকাশত পাৰি দিছে ক’ৰবাত কেনেবাকৈ পায় নেকি উন্নততৰ জীৱৰ সন্ধান– যাক পালে আমাৰ সমগ্ৰ ধ্যান-ধাৰণাই হয়তো সলনি হৈ যাব পাৰে৷

কিন্তু আমাৰ বজালীখনে ঐতিহাসিকভাৱে যেন ট্ৰপোস্ফিয়াৰকেই অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাই– সময় মণ্ডলৰ [ডুবিৰ লোকনাথ শৰ্মাই হঠাৎ কোদালৰ আঘাতেৰে আমাক লৈ গৈছিল ‘মেচ’স্ফিয়াৰ’লৈ বা ‘থাৰ্মোস্ফিয়াৰ’লৈ– কিন্তু সেই সিমানেই] ! পুনৰ নামি আহি ‘বজালী’য়ে অৱস্থান কৰিলে আমাৰ কৈশোৰৰ স্থানত– আমাৰ কৌতুহলৰ অভাৱত, অন্বেষণৰ অভাৱত !

 ইতিহাস মাথোঁ এক বিচ্ছিন্ন অতীত নহয়৷ ইতিহাসেও উশাহ লয়, ইতিহাসেও নিশাহ এৰে; আৰু ইতিহাসেই দিয়ে আমাক প্ৰমূল্যৰ শিকনি৷ ইতিহাস হ’ল অতীতৰ সক্ৰিয় প্ৰতিধ্বনি, বৰ্তমানৰ দাপোণ আৰু ভাবীকালৰ পথ-প্ৰদৰ্শক৷ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতেই ইটালীৰ মনীষী চিচেৰ’ (Cicero) ই কৈছিল– ‘‘যিজনে নিজৰ অতীতক নাজানে, তেওঁ চিৰকালেই শিশু হৈ থাকে’’, অৰ্থাৎ সেইজনৰ বৌদ্ধিক বিকাশ কোনোদিনেই নঘটে৷

 সেই হেতুকেই আশা কৰোঁ, কেৱলমাত্ৰ ৰাইজৰ ধনেৰে আৰু এক স্বপ্নাতুৰ অন্বেষণাত্মক কৌতুহলী মনেৰে তথা সম্পূৰ্ণ আন্তৰিকতাৰে আজিৰে পৰা কেইটামান দশক পূৰ্বে এমুঠি উদ্যমী বজেইলাই আগভাগ লৈ স্থাপন কৰা ‘বজালী মহাবিদ্যালয়’ৰ পৰিৱৰ্তিত ৰূপ ‘ভট্টদেৱ বিশ্ববিদ্যালয়’খনে এইক্ষেত্ৰত আগভাগ লৈ পাঠশালাক, বজালীক, আৰু প্ৰাচীন কামৰূপৰ হৃৎপিণ্ডস্বৰূপ বজালীৰ জৰিয়তে প্ৰাচীন কামৰূপ, প্ৰাগজ্যোতিষপুৰ আৰু সাম্প্ৰতিক অসমক নতুনকৈ আৱিষ্কাৰ কৰাৰ বাবে আন্তৰ্জাতিক মানদণ্ড সম্পন্ন বিশ্ববিদ্যালয়সমূহৰ দৰে গৱেষণা কৰি সৃষ্টি কৰক বজালীৰ পূৰ্ণাঙ্গ ইতিহাস, আৰম্ভ কৰক এক অখণ্ড অন্বেষণ, সৃষ্টি কৰক পৰিৱেশ– যাতে মন হৈ পৰে কৌতূহলী আৰু মগজুত অংকুৰিত হ’ব পাৰে ৬০০০০ বছৰ পূৰ্বৰ আধুনিক মানুহৰ মগজুৰ অংকুৰিত হোৱা DRD4-7R জিন!

প্ৰাচীন কামৰূপৰ হৃৎপিণ্ড ‘বজালী’ আজিও অসম্পূৰ্ণ !

[অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ স্মৃতিগ্ৰন্থ ‘বজালী বৈভৱ’ত লেখা]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
চুনদকু

চুনদকু

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d