• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

প্ৰাচীন ভাৰতৰ মুদ্ৰা ব্যৱস্থা

গৌতম শৰ্মা

by Anjan Sarma
May 3, 2023
in Special Report
Reading Time: 5 mins read
0
প্ৰাচীন ভাৰতৰ মুদ্ৰা ব্যৱস্থা
Share on FacebookShare on TwitterShare on LinkedIn

প্ৰাচীন ভাৰতৰ মুদ্ৰা ব্যৱস্থা

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

প্ৰত্নতাত্বিক সমলবোৰৰ ভিতৰত অন্যতম এক প্ৰধান ভাগ হৈছে মুদ্ৰা।

ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰে প্ৰাচীন যুগৰ ইতিহাস উদ্ধাৰত এই মুদ্ৰাবোৰৰ গুৰুত্ব অপৰিসীম। ভাৰতবৰ্ষৰ প্ৰাচীন যুগৰ ইতিহাসৰ সমল হিচাপে মুদ্ৰাবোৰৰ যথেষ্ট নিৰ্ভৰযোগ্যতা আছে।

এই মুদ্ৰাবোৰৰ অধ্যয়নৰ বিশেষ শাখাটোক মুদ্ৰাবিজ্ঞান অৰ্থাৎ “NUMISMATICS” বুলি জনা যায়। এই শাখাৰ অধ্যয়নৰ মূল উদ্দেশ্য হৈছে মুদ্ৰাবোৰৰ আকাৰ, আকৃতি, ৰূপাংকন, ওজন, ইয়াৰ উৎস, ইয়াক তৈয়াৰ কৰাৰ প্ৰযুক্তি আদি বিচাৰি উলিওৱা।

উল্লেখযোগ্য যে, ভাৰতবৰ্ষত পোনপ্ৰথমে ক’ত, কেতিয়া মুদ্ৰা তৈয়াৰ কৰা হৈছিল সেই বিষয়ে জানিবলৈ ঐতিহাসিক তথ্যপাতিৰ অভাৱ। কেতিয়াবা আকস্মিকভাবে উদ্ধাৰ হোৱা কেতবোৰ মুদ্ৰাইহে আমাক তাৰ আদি অৱস্থালৈ লৈ যায়। এই মুদ্ৰাবোৰত অংকিত ছবি, চন, তাৰিখ, ইয়াৰ প্ৰাপ্তিস্থান আদিৰ পৰা ঐতিহাসিক তথ্যসমূহৰ উদ্ঘাটনৰ বাট আমি বিচাৰি পাওঁ। সেইবাবে এই মুদ্ৰাবোৰৰ প্ৰয়োজনীয়তাক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ।

প্ৰাচীন ভাৰতৰ আদিম অৱস্থাত অৰ্থাৎ শৈল যুগত কোনো বিনিময়ৰ মাধ্যম তথা মুদ্ৰাদি নাছিল বুলি আমাক ইতিহাসে কয়। প্ৰস্তৰ যুগবোৰতো মুদ্ৰা ব্যৱহাৰৰ কোনো ইংগিত এতিয়ালৈকে পোৱা হোৱা নাই। অন্যহাতেদি, ভাৰতবৰ্ষৰ প্ৰথম উল্লেখযোগ্য সভ্যতা সিন্ধু সভ্যতাত আৱিষ্কৃত কোনো এটা সূত্ৰই মুদ্ৰা ব্যৱহাৰৰ কথা আমাক আজিলৈকে স্পষ্টকৈ ক’ব পৰা নাই।

হয়তো সিন্ধু সভ্যতাত উল্লেখ থকা বিশাল বাণিজ্যখন বিনিময় প্ৰথাৰ মাজেৰেই চলিছিল বুলি ঠাৱৰ কৰিব পৰা যায়। বৈদিক যুগৰ অন্যতম প্ৰধান অংগ তথা প্ৰধান সৃষ্টি ঋকবেদত কিছুমান শব্দ যেনে- নিষ্ক আৰু নিষ্ক গ্ৰীভ’, হিৰণ্য পিণ্ড আদিবোৰ পোৱা গৈছিল। কিন্তু এইবোৰে কোনো ক্ষেত্ৰতেই মুদ্ৰা তথা মুদ্ৰাৰ সমপৰ্যায়ৰ আছিল বুলি আমি ক’ব নোৱাৰোঁ।

প্ৰাচীন ভাৰতৰ মুদ্ৰা ব্যৱস্থা

পৰৱৰ্তী বৈদিক যুগৰ সাহিত্যবোৰত কেতবোৰ অন্যান্য নতুন শব্দ যেনে- সুবৰ্ণ, সাতমান, পদ আদিবোৰ পোৱা গৈছিল। এইবোৰ সম্ভৱত কেতবোৰ ধাতুৰৰে টুকুৰা আছিল, যিবোৰ ওজনৰ হেতু ব্যৱহাৰ কৰা হৈছিল। কিন্তু এইবোৰক সেইসময়ত মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিছিল বুলি আমি আনুমানিকতাৰ অবিহনে কৈ দিব নোৱাৰোঁ। খ্ৰীষ্টপূৰ্ব ষষ্ঠ আৰু পঞ্চমশ শতিকা মানৰ পৰা প্ৰাচীন ভাৰতত কেতবোৰ তথ্যৰ পৰা মুদ্ৰা ব্যৱহাৰৰ তথ্য পোৱা যায়।

পানীনিৰ অস্তাধ্যায়ী আৰু কিছুমান বৌদ্ধ ধৰ্মীয় সাহিত্যত কেতবোৰ নতুন শব্দৰ সন্ধান পোৱা গৈছিল। যিবোৰে মুদ্ৰাৰ ব্যৱহাৰ তথা আগমনৰ সম্ভেদ দিছিল। কিন্তু এটা কথা সঁচা যে মুদ্ৰাবোৰৰ আগমনে পূৰ্বৰ পৰা চলি অহা বিনিময় প্ৰথাত কোনো বাধাৰ সৃষ্টি কৰা নাছিল; যাৰ প্ৰভাৱ আজি একবিংশ শতিকাৰ মাজমজিয়াতো বিৰাজমান হৈ আছে।

ঐতিহাসিক দৃষ্টিভংগীৰে ক’বলৈ গ’লে ভাৰতবৰ্ষৰ ভূখণ্ডত এতিয়ালৈকে উদ্ধাৰ হোৱা আটাইতকৈ পুৰণি মুদ্ৰাবোৰ হৈছে ‘পানছ মাৰ্ক’ মুদ্ৰাবোৰ। যিবোৰ সৰহসংখ্যকেই ৰূপৰ আছিল আৰু অন্য কিছুমানক তাম ব্যৱহাৰ কৰিও বনোৱা হৈছিল। এইবোৰৰ আকৃতি আয়তাকাৰ আছিল, কিছুমান বৰ্গাকৃতি আৰু অন্য কিছুমান ঘূৰণীয়াও আছিল।

অৱশ্যে এই মুদ্ৰাবোৰৰ আকাৰ-আকৃতিবোৰ তথা নিৰ্মাণ কৌশলবোৰ সম্পূৰ্ণ তথা পৰিপক্ক নাছিল। ৰূপৰ পানছ মাৰ্ক মুদ্ৰাবোৰৰ ওজন আছিল ৩২ ৰতি বা ৫৬ গ্ৰেইন। এই পানছ মাৰ্ক মুদ্ৰাবোৰ ভাৰতবৰ্ষৰ উপ-মহাদেশৰ প্ৰায়বোৰ ঠাইতেই আৱিষ্কৃত হৈছিল; যিবোৰৰ পৰা বহু গুৰুত্বপূৰ্ণ ঐতিহাসিক নিৰ্ভৰযোগ্য তথ্য আহৰণ কৰিব পৰা গৈছে।

প্ৰাচীন ভাৰতৰ মুদ্ৰা ব্যৱস্থা

উত্তৰ ভাৰতৰ পানছ মাৰ্ক মুদ্ৰাবোৰৰ সিহঁতৰ প্ৰাপ্তিস্থান, ওজন তথা প্ৰকৃতি অনুসৰি চাৰিটা বিশেষ ভাগত ভগাব পাৰি,

১/ উত্তৰ-পশ্চিমৰ তক্ষশিলা আৰু গান্ধাৰ পানছ মাৰ্ক মুদ্ৰাবোৰ; যিবোৰ আছিল উচ্চ মানদণ্ডৰ।

২/ মধ্যগঙ্গা উপত্যকা কোশলৰ পানছ মাৰ্ক মুদ্ৰা; এই মুদ্ৰাবোৰো বহু উচ্চ মানদণ্ডৰ আছিল।

৩/ পশ্চিম ভাৰতৰ অৱন্তীৰ পানছ মাৰ্ক মুদ্ৰা; আৰু

৪/ মগধৰ পানছ মাৰ্ক মুদ্ৰা; এইবাৰো উচ্চ ওজন আৰু উচ্চ মানদণ্ডৰ আছিল।

এই পানছ মাৰ্ক মুদ্ৰাবোৰৰ পৰা বহুবোৰ তথ্য পোৱা গৈছে। এই প্ৰকাৰৰ মুদ্ৰাত অৱশ্যে কোনো আখ্যানৰ ব্যৱহাৰ পোৱা নাযায়। এইবোৰৰ সৰহসংখ্যকেই বিভিন্ন ৰাজ্যবোৰে খোদিত কৰাইছিল। পিছৰ অৱস্থাত অৱশ্যে গিল্ড আৰু বিভিন্ন চহৰবোৰেও এনে মুদ্ৰা প্ৰস্তুত কৰাৰ তথ্য পোৱা যায়।

এই পানছ মাৰ্ক মুদ্ৰাবোৰৰ ওপৰত বিভিন্ন ৰূপাঙ্কন কৰা হৈছিল। এইবোৰৰ ওপৰত গছ-গছনি, জীৱ-জন্তু, বেলি, চকা, পৰ্বত, বিভিন্ন মানুহৰ চিত্ৰ অংকন কৰা আছিল। এই চিহ্নবোৰ ধৰ্মীয় আৰু ৰাজনৈতিক দুয়োদিশৰে পৰা গুৰুত্বপূৰ্ণ আছিল।

প্ৰাচীন ভাৰতৰ মুদ্ৰা ব্যৱস্থা

পানছ মাৰ্ক মুদ্ৰাবোৰৰ পিছত অখোদিত কেতবোৰ তামৰ মুদ্ৰা প্ৰবলভাৱে জনপ্ৰিয় হৈ পৰিছিল। এই তামৰ মুদ্ৰাবোৰ দেশখনৰ বিভিন্ন ঠাইত পোৱা গৈছে; অৱশ্যে একেবাৰে দক্ষিণলৈ এইসমূহ পোৱা নগৈছিল। খ্ৰীষ্টপূৰ্ব তৃতীয় আৰু দ্বিতীয় শতিকাত তৈয়াৰ কৰা কেতবোৰ এনে তামৰ মুদ্ৰা অযোধ্যা আৰু কৌশাম্বীত পোৱা গৈছিল।

এইবোৰ বিভিন্ন ধাতুৰে মাটি সাচত কটা হৈছিল। মাটিৰ সাচত কটাবোৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আৰু ব্ৰঞ্জৰ সাচত কটাবোৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় অঞ্চলত পোৱা গৈছে। পানছ মাৰ্ক মুদ্ৰাবোৰৰ দৰে এই অখোদিত তামৰ মুদ্ৰাবোৰৰো যথেষ্ট গুৰুত্বতা আছে। প্ৰাচীন ভাৰতত পোৱা অখোদিত কেতবোৰ ধাতুৰ মুদ্ৰা চতুৰ্থ শতিকাৰ আৰম্ভণিৰ পৰা পোৱা গৈছিল।

এই মুদ্ৰাবোৰৰ সৰহসংখ্যকেই তামৰ আছিল, কেতবোৰ ৰূপৰো আছিল; কিন্তু ৰূপৰ খুব দুৰ্লভ আছিল। পানছ মাৰ্ক মুদ্ৰাবোৰৰ দৰেই কেতবোৰ চিত্ৰ এইবোৰত অঙ্কন কৰা হৈছিল। এই মুদ্ৰাবোৰৰ গৰিষ্ঠসংখ্যকেই তক্ষশীলা আৰু উজ্জয়িনীত পোৱা গৈছিল।

ভাৰতৰ ইতিহাসৰ প্ৰাচীন যুগক ইণ্ডো-গ্ৰীক মূদ্ৰাবোৰে এক অভিনৱত্ব প্ৰদান কৰিছে। খ্ৰীষ্টপূৰ্ব দ্বিতীয় আৰু প্ৰথম শতিকাৰপৰা এই মুদ্ৰাবোৰ তৈয়াৰ কৰা হৈছিল। এই মুদ্ৰাবোৰৰ তৈয়াৰ খুব সুন্দৰভাৱে সম্পন্ন কৰা হৈছিল। সৰহসংখ্যক মুদ্ৰাই ঘূৰণীয়া প্ৰকৃতিৰ আছিল, খুব কমসংখ্যকহে বৰ্গ আৰু আয়তাকৃতিৰ আছিল।

প্ৰাচীন ভাৰতৰ মুদ্ৰা ব্যৱস্থা

সৰহসংখ্যক ইণ্ডো-গ্ৰীক মুদ্ৰা ৰূপৰ আছিল, ইয়াৰোপৰি এই মুদ্ৰাবোৰ তাম, বিলন, নিকেল, সীহ আদি ব্যৱহাৰ কৰিও বনোৱা হৈছিল। মুদ্ৰাবোৰত শাসকসকলৰ নাম, তেওঁলোকৰ ছবি আৰু দীঘলীয়া শাসনৰ সময়ৰ কথা অংকন কৰা হৈছে। তদুপৰি ইয়াত কেতবোৰ ধৰ্মীয় চিনো পোৱা যায়। ইণ্ডো-গ্ৰীকসকলে দ্বিভাষী আৰু দ্বিলিপিত মুদ্ৰাবোৰ মৰাইছিল।

ইয়াত গ্ৰীক ভাষাত মুদ্ৰা মৰাজনৰ নামটো আৰু প্ৰাকৃত ভাষাকো ব্যৱহাৰ কৰা হৈছে; সৰ্বসাধাৰণতে বহুত মুদ্ৰাত খাৰোষ্টি লিপিও ব্যৱহাৰ কৰা হৈছিল, ব্ৰাহ্মী লিপিৰ ব্যৱহাৰ দুৰ্লভ আছিল। ইণ্ডো-গ্ৰীকসকলৰ মুদ্ৰাৰ প্ৰভাৱত শক, পাৰ্থিয়ান, ক্ষত্ৰপ আদি মুদ্ৰাবোৰ তৈয়াৰ কৰা হৈছিল, যিবোৰত দ্বিভাষী আৰু দ্বিলিপিৰ প্ৰভাৱ স্পষ্ট।

ভাৰতবৰ্ষৰ ভূখণ্ডত পোনপ্ৰথমবাৰৰ বাবে উচ্চ মানদণ্ডৰ তথা সৰহসংখ্যক মুদ্ৰা কুষাণসকলৰ দিনত প্ৰস্তুত কৰা হৈছিল। এইবোৰ সোণৰ আছিল, কুষাণসকলৰ ৰূপৰ আৰু তামৰ মুদ্ৰা প্ৰথমাৱস্থাত দুৰ্লভ আছিল। অৱশ্যে মুদ্ৰা অৰ্থনীতিক সজীৱ কৰিবৰ বাবে তেওঁলোকে বহু কম মানবিশিষ্ট বহু তামৰ মুদ্ৰাও পাছত মৰাইছিল।

কুষাণসকলৰ মুদ্ৰাত মানুহৰ অবয়ব, ৰজাৰ নাম, উপাধি আদিবোৰ পোৱা যায়। তেওঁলোকৰ মুদ্ৰাবোৰত হিন্দু, বৌদ্ধ, গ্ৰীক, ৰোমান আদি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ দেৱ-দেৱীসকলৰ ছবি পোৱা গৈছে, কেতবোৰ আখ্যানো ইয়াত পোৱা গৈছে; যিবোৰ গ্ৰীক আৰু খাৰোষ্টিত লিখা হৈছিল।

প্ৰাচীন ভাৰতৰ মুদ্ৰা ব্যৱস্থা

নতুন আন এক প্ৰকাৰৰ মুদ্ৰা খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা খ্ৰীষ্টীয় চতুৰ্থ শতিকালৈকে পোৱা গৈছে। ভাৰতবৰ্ষৰ কেন্দ্রীয় আৰু উত্তৰ-ভাৰতৰ ইতিহাস জনাত এই মুদ্ৰাবোৰে আমাক সহায় কৰে। এই মুদ্ৰাবোৰ বিশেষকৈ জনজাতীয়, জনপদ তথা স্থানীয় শাসকসকলৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল। ইয়াত ব্যৱহৃত ধাতুবোৰ ৰূপ, তাম, সীহ, টিন, দ্ৰু’ছ আদি আছিল।

এইবোৰ বিশেষকৈ ‘নন-মনাৰকিকেল’ কিছুমান ৰাজ্য যেনে- অৰ্জুন, উদ্দেহিক, মালৱা, য়ুধেয় আদিয়ে বনাইছিল। অন্যহাতেদি কেতবোৰ চহৰ যেনে- ত্ৰিপুৰী, উজ্জয়িনী, কৌশাম্বী, বিদিশা, ঐৰিকণ, মহিশমতি, মধ্যমিকা, বাৰাণসী, তক্ষশীলা আদিতো এনেধৰণৰ কেতবোৰ মোহৰ মৰা অৰ্থাৎ তৈয়াৰ কৰা হৈছিল। যিবোৰে সেই অঞ্চলৰ প্ৰশাসনিক ক্ষেত্ৰত প্ৰভূত সহায় কৰিছিল বুলি ভবাৰ বহু থল আছে।

ইয়াৰ সমান্তৰালকৈ অন্য কেতবোৰ মুদ্ৰা আকৌ নিগমবোৰত গিল্ডৰ সদাগৰসকলে তৈয়াৰ কৰিছিল। তক্ষশীলাত পোৱা এনে মুদ্ৰাবোৰ পাঁচখন নিগম অৰ্থাৎ পাঁচখন গিল্ডৰ তত্বাৱধানত তৈয়াৰ কৰা হৈছিল। দক্ষিণত বিশেষকৈ সাতবাহনসকলৰ ৰাজত্বৰ আগৰ সময়চোৱাত তাম আৰু ৰূপৰ মুদ্ৰাবোৰ প্ৰচলিত আছিল।

সাতবাহনসকলেও ইয়াক অনুসৰণ কৰি কেতবোৰ ধাতুৰ মুদ্ৰা মৰাইছিল, অৱশ্যে তেওঁলোকৰ মুদ্ৰাবোৰ ইমান উচ্চ গুণবিশিষ্ট আছিল বুলি ক’ব পৰা নাযায়। তেওঁলোকে মুদ্ৰাবোৰ কেতবোৰ আখ্যান উল্লেখৰ বাবে প্ৰাকৃত ভাষা আৰু ব্ৰাহ্মী লিপি ব্যৱহাৰ কৰিছিল। অৱশ্যে তেওঁলোকে মুখায়বৰ অংকিত চিত্ৰত দ্ৰাবিড়ীয়ান ভাষা আৰু ব্ৰাহ্মী লিপি ব্যৱহাৰ কৰিছিল।

ভাৰতৰ দক্ষিণ-পশ্চিম অংশত ৰূপৰ মুদ্ৰাবোৰৰ যথেষ্ট পৰিমাণে গুৰুত্ব আছিল, হয়তো বাণিজ্যিক কাৰণত এইবোৰৰ গুৰুত্ব অত্যাধিক আছিল। শকসকলৰ শাসক তথা ক্ষত্ৰপ নাহপানে নাচিক অঞ্চলত এবিধ ৰূপৰ মুদ্ৰা পোনপ্ৰথমবাৰৰ বাবে তৈয়াৰ কৰি উলিয়াইছিল। তদুপৰি এই অঞ্চলটোত ৰোমানসকলৰ সোণৰ মুদ্ৰাবোৰ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল, যিবোৰ অতি উচ্চ মানদণ্ড আছিল।

প্ৰাচীন ভাৰতৰ মুদ্ৰা ব্যৱস্থা

অন্যহাতেদি কেতবোৰ স্থানীয় অঞ্চলটো এই ৰোমান মুদ্ৰা তৈয়াৰ কৰাৰ কথা বহু ঐতিহাসিকে কয়। সেইদিশৰ পৰা আমি ক’ব পাৰো যে এই বিশেষ সময়ছোৱাত ভাৰতবৰ্ষৰ দক্ষিণ-পশ্চিম অংশত সাতবাহন, ক্ষত্ৰপ, পানছ মাৰ্ক আদি মুদ্ৰাবোৰৰ লগতে ৰোমান সোণৰ মুদ্ৰাবোৰেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল; আৰু ক্ৰমশঃ এই মুদ্ৰাবোৰ দক্ষিণ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈ গতি কৰিছিল।

দক্ষিণ ভাৰতত উদ্ধাৰ হোৱা পানছ মাৰ্ক মুদ্ৰাবোৰেও আমাক সেই ঠাইৰ বহু তথ্য দিয়ে, যিবোৰ মুদ্ৰা দক্ষিণ ভাৰতৰ কেতবোৰ ৰাজবংশই বিভিন্ন সময়ত খোদিত কৰিছিল। এই মুদ্ৰাবোৰত অংকিত চিত্ৰবোৰে বহু ঐতিহাসিক তথ্য পোহৰলৈ আনিছে। উদাহৰণস্বৰূপে, মাদুৰাই ওচৰৰ বোদিনায়কানুত পোৱা মুদ্ৰাত দ্বীকাৰ্প মাছৰ চিত্ৰ অংকন কৰা আছিল, আৰু এই চিত্ৰ পাণ্ড্যসকলৰ আছিল।

এই মুদ্ৰাসমূহত উপলব্ধ আখ্যানসমূহেও সেইবোৰৰ উৎসৰ বিষয়ে জনাত সহায় কৰিছে। ভেলুটি আখ্যানৰ মুদ্ৰাবোৰ পাণ্ড্যসকলৰ, কাৰুৰৰ ওপৰৰ কৃষ্ণা নদীৰ আশে-পাশে পোৱা মুদ্ৰাবোৰত মাকোতাই আখ্যান (চেৰা ৰাজ্যৰ চিহ্ন) পোৱা গৈছে। তদুপৰি কুটুবন কূটাই, কলিপ্পুৰাই আখ্যানযুক্ত কেতবোৰ চেৰা ৰাজ্যৰ মুদ্ৰাও পোৱা গৈছে, যিবোৰত ধনু-কাঁড়, বাঘ, দ্বিমাছ আদি চিত্ৰবোৰ অংকন কৰা আছে।

coins

        গুপ্ত সাম্ৰাজ্যৰ কালতো ভাৰতবৰ্ষত উচ্চ মানবিশিষ্ট মুদ্ৰা তৈয়াৰ কৰা হৈছিল। তেওঁলোকৰ মুদ্ৰাবোৰ সোণৰ আৰু সংস্কৃতত লিখা হৈছিল। গুপ্তসকলৰ মুদ্ৰাবোৰক ‘দিনাৰ’ বুলি জনা যায়; এই মুদ্ৰাবোৰ বিশেষকৈ উত্তৰ ভাৰতত প্ৰচুৰ পৰিমাণে পোৱা গৈছে। গুপ্ত ৰজা সমুদ্ৰগুপ্ত আৰু কুমাৰগুপ্তৰ মুদ্ৰাত বীণবাদনৰ চিত্ৰ পোৱা যায়। অন্যহাতেদি, ধৰ্মীয় কেতবোৰ ছবিও এই মুদ্ৰাসমূহত অংকন কৰা হৈছিল।

উল্লেখনীয় কথাটো হ’ল যে, গুপ্তৰাজ স্কন্দগুপ্তৰ ৰাজত্বৰ শেষৰফালে এই সোণৰ মুদ্ৰাবোৰৰ ধাতুৰ গুণাগুণ নিম্ন হৈ পৰা দিশটো পৰিলক্ষিত হৈছিল। সোণৰ উপৰিও গুপ্ত ৰজাসকলে ৰূপৰ মুদ্ৰাও মৰাইছিল; গুপ্তসকলৰ তামৰ মুদ্ৰা দুৰ্লভ আছিল। গুপ্ত আৰু সাতবাহনসকলৰ শাসনৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ দক্ষিণ-পূব অংশত ইক্সবাকুছসকলে কৃষ্ণা নদী উপত্যকাৰ নিম্নাংশত সাতবাহনসকলৰ দৰেই কেতবোৰ মুদ্ৰা মৰাইছিল।

এইছোৱা সময়ত শালনকায়ন ৰাজবংশ আৰু বিষ্ণুকুণ্ডিনসকলে কেতবোৰ তামৰ মুদ্ৰা তৈয়াৰ কৰিছিল। তদুপৰি ত্ৰৈকুটকা মুদ্ৰাবোৰে দক্ষিণ-পশ্চিম অঞ্চলত আৰু কালাছুৰিসকলৰ ৰূপৰ মুদ্ৰাবোৰ বিভিন্ন অঞ্চলত এইছোৱা সময়তেই পোৱা গৈছিল।

        আদি মধ্যযুগৰ মুদ্ৰাবোৰৰ ইতিহাস উদ্ধাৰৰ সম্পৰ্কত ঐতিহাসিকসকলৰ মাজত মতবিৰোধ দেখা যায়। কিছুমান ঐতিহাসিকৰ মতে, এই সময়ছোৱাত সামন্তবাদৰ প্ৰভাৱত দেশৰ অৰ্থনীতি বিপৰ্যস্ত হৈছিল, চহৰবোৰৰ লগতে ব্যৱসায়-বাণিজ্যবোৰৰ পতনৰ ফলাফলবোৰ মুদ্ৰা অৰ্থনীতিৰ ওপৰতো পৰিছিল। অৱশ্যে এই সামন্তবাদী মতবাদটো বহু প্ৰশ্ন আৰু বিতৰ্কই ভৰা।

coin11

পণ্ডিত জন এছ. দীয়েলে প্ৰমাণ কৰিব বিচাৰিছিল যে, এইছোৱা সময়ত মুদ্ৰা অৰ্থনীতিৰ বিশেষ কোনো ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা নগৈছিল। আদি মধ্যৰ এই সময়ছোৱাত কিছুমান মুদ্ৰা সেই সময়ৰ কিছুমান ৰাজবংশয়ো মৰাইছিল। গংগা উপত্যকাত বিশেষকৈ গুজ্জৰ-প্ৰতিহাৰসকলৰ বিলন মুদ্ৰাবোৰ পোৱা গৈছে, অন্য কেতবোৰ মুদ্ৰা এই সময়ত ৰাজপুতনা আৰু গুজৰাটৰ বিভিন্ন অঞ্চলত পোৱা গৈছে।

আৰৱসকলৰ সিন্ধু বিজয়ৰ পাছতেই কেতবোৰ তেওঁলোকৰ তামৰ মুদ্ৰা পোৱা গৈছিল। কাশ্মীৰৰ হুন্দীকাছৰ যোগেদি তামৰ মুদ্ৰাবোৰ যোগান ধৰা হৈছিল। খ্ৰীষ্টীয় ষষ্ঠ-সপ্তমশ শতিকাত বংগৰাজ শশাংকই সোণৰ মোহৰ মৰাৰ কথা জনা যায়। বৰ্মন, পাল, শেনসকলে মুদ্ৰা মৰাৰ কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই। অৱশ্যে তেওঁলোকৰ লিপিসমূহে কড়িবোৰৰ ব্যৱহাৰৰ কথা কয়। 

খ্ৰীষ্টীয় সপ্তম আৰু তেৰশ শতিকাৰ মাজত বংগৰ পূব অংশত কেতবোৰ মুদ্ৰা মৰাৰ কথা উমান পোৱা যায়। এইছোৱা সময়ত উদ্ধাৰ হোৱা ৰূপৰ মুদ্ৰাবোৰক ‘হেৰীকেল মুদ্ৰা’ বুলি জনা যায়। এই বিশেষ সময়ছোৱাত ভাৰতৰ দক্ষিণ-পশ্চিম অংশত বাদামীৰ চালুক্যসকলৰ কিছুমান মুদ্ৰা পোৱা গৈছে। অন্ধ অঞ্চলত পোৱা সোণ আৰু ৰূপৰ এনে মোহৰবোৰ চালুক্যসকলৰ প্ৰথমাৱস্থাৰ বুলি ঠাৱৰ কৰা হৈছে।

কল্যাণৰ চালুক্যসকলৰ লগতে কালাছুৰি ৰাজপুতসকলৰো কেতবোৰ সোণ আৰু তামৰ মোহৰ পোৱা গৈছে। অন্যহাতেদি গোৱাৰ কাদম্বসকলেও এইছোৱা সময়ত খুব কমসংখ্যক সোণৰ মুদ্ৰা মৰোৱাৰ তথ্য পোৱা যায়।

coin12

        এই বিশেষ সময়ছোৱাত ভাৰতবৰ্ষৰ একেবাৰে দক্ষিণলৈ ৰাজত্ব কৰা চোল, পাণ্ড্য, চেৰা আদি ৰাজবংশবোৰৰ দ্বাৰা তৈয়াৰ কৰা কেতবোৰ মুদ্ৰাও পোৱা গৈছে। এই মুদ্ৰাবোৰত অংকিত চিত্ৰবোৰে সেইবোৰৰ গৰাকীৰ বিষয়ে জনাত সহায় কৰিছে। চোল শাসনৰ শেষছোৱা সময়ৰ কেতবোৰ তামৰ মুদ্ৰা পোৱা গৈছে, এইছোৱা সময়ৰ পাণ্ড্যসকলৰ তামৰ মুদ্ৰাও পোৱা গৈছে। পাণ্ড্য ৰজা বীৰ পাণ্ড্য আৰু সুন্দৰ পাণ্ড্যৰ মুদ্ৰা শ্ৰীলংকাত পোৱা গৈছে।

উল্লেখ্য যে, ভাৰতবৰ্ষৰ ইতিহাসৰ আদি মধ্যযুগত মুদ্ৰাবোৰৰ সমান্তৰালকৈ বহু কড়ি বিভিন্ন ঠাইত প্ৰবলভাৱে প্ৰচলিত হৈছিল। এইবোৰ সৰ্বসাধাৰণ প্ৰজাৰ লগতে ৰজাসকলেও বিনিময়ৰ মাধ্যম ৰূপে গ্ৰহণ কৰিছিল। এই বিশেষ সময়ছোৱাৰ ২৫,০০০ কড়ি উৰিষ্যাৰ ছোহেলপুৰৰ পৰা উদ্ধাৰ কৰা হৈছে, ইয়াৰে ২৭ টা কালাছুৰিসকলৰ আছিল। অন্যহাতেদি উত্তৰ প্ৰদেশৰ ভাওন্দী গাঁৱত প্ৰতিহাৰসকলৰ ৫৪ টা মুদ্ৰা আৰু ৯৪৩৪ টা কড়ি পোৱা গৈছে।

ইতিহাসৰ সমল হিচাপে উদ্ধাৰ হোৱা মুদ্ৰাবোৰৰ যথেষ্ট গুৰুত্ব আছে। আকস্মিকভাৱে দেশখনৰ ভিন্ন প্ৰান্তত উদ্ধাৰ হোৱা প্ৰাচীন ভাৰতৰ মুদ্ৰাবোৰে আমাক বিভিন্ন সময়ৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক, ধৰ্মীয়, ব্যৱসায়-বাণিজ্য আদি দিশবোৰৰ বিষয়ে জনাত প্ৰভূত সহায় কৰিছে। তদুপৰি মুদ্ৰাত ব্যৱহৃত বিভিন্ন আখৰ, আখ্যান আদিৰ পৰা আমি ভাষাৰ বিকাশ আৰু প্ৰভাৱৰ উমান পাওঁ।

coin13

উদাহৰণস্বৰূপে, কুষাণসকলৰ মুদ্ৰাবোৰ দেশখনৰ বিভিন্ন অঞ্চলত পোৱা হেতু আমি সেইসময়ত তেওঁলোকৰ ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণৰ উমান পাওঁ। সাতবাহনসকলৰ মুদ্ৰাত নৌকা অংকনৰ ছবিয়ে তেওঁলোকৰ সামুদ্ৰিক অভিযান আৰু বাণিজ্যৰ কথাকে কয়। ভাৰত ভূমিত উদ্ধাৰ হোৱা ৰোমান মুদ্ৰাবোৰে সেইসময়ত ভাৰতৰ সৈতে ৰোমান সাম্ৰাজ্যৰ থকা বাণিজ্যিক লেনদেনৰ কথা স্পষ্টকৈ জনাই।

কেতবোৰ মুদ্ৰা গিল্ডবোৰৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল, ইয়াৰ যোগেদি সেইসময়ত এই অনুষ্ঠানবোৰৰ গুৰুত্বতা আৰু প্ৰভাৱৰ বিষয়ে জানিব পাৰি। অন্যহাতেদি, গুপ্ত সাম্ৰাজ্যৰ শেষৰফালে গুপ্ত ৰজাসকলৰ মুদ্ৰাৰ মূল্য হ্ৰাস পাইছিল; ইয়াৰ জৰিয়তে গুপ্ত সাম্ৰাজ্যৰ দুৰ্বল অৰ্থনৈতিক দিশটোৰ বিষয়ে জানিব পৰা যায়। মুদ্ৰাবোৰত উল্লেখ থকা চন, তাৰিখবোৰ ইতিহাসৰ অতি মূল্যৱান সম্পদ।

মুদ্ৰাত শক শাসকসকলে ব্যৱহাৰ কৰা ‘শক বৰ্ষ’, গুপ্ত ৰজাসকলে ব্যৱহাৰ কৰা ‘ৰেগনেল বৰ্ষ’ ইত্যাদিবোৰৰ যোগেদি তেওঁলোকৰ ৰাজত্বৰ সময় নিৰ্ধাৰণত সহায়ক হৈছে।

coin14

        প্ৰতিটো মুদ্ৰাই আমালৈ এক ৰাজকীয় বার্তাও কঢ়িয়াই আনিছে। সেয়েহে মুদ্ৰাবোৰক ‘ৰাজনৈতিক ইতিহাসৰ সঞ্জীৱনী’ বুলি আখ্যা দিয়া হয়। মুদ্ৰাসমূহৰ প্ৰাপ্তিস্থান, তাত খোদিত ৰজা-মহাৰজাবোৰৰ নামবোৰে তেওঁলোকৰ পৰিচয় আমাৰ আগত দাঙি ধৰে। মুদ্ৰাৰ অবয়ব, ধাতুৰ গুণাগুণ, সেইবোৰৰ বহল সম্প্ৰসাৰণে তেওঁলোকৰ শাসনৰ দুৰ্বলতা, শৌৰ্য্-বীৰ্যৰ দুয়ো দিশৰ তথ্যকে আমাক দিয়ে।

ভাৰতবৰ্ষত ইতিহাসত এছোৱা সুদীৰ্ঘ সময়ৰ (Between C.200 BCE & 300 CE) ইতিহাস লিপিবদ্ধত প্ৰাচীন ভাৰতীয় মুদ্ৰাবোৰ উপযুক্ত সমল হিচাপে বিবেচিত হৈছে। বিশেষকৈ ভাৰতৰ ইতিহাসৰ ইণ্ডো-গ্ৰীকসকলৰ লগতে শক, পাৰ্থিয়ান, ক্ষত্ৰপ, কুষাণ আৰু সাতবাহনসকলৰ প্ৰকৃত ইতিহাস উদ্ধাৰত এই প্ৰাচীন ভাৰতৰ মুদ্ৰাবোৰৰ অলেখ গুৰুত্ব আছে।

        বহুসময়ত আকৌ এই মুদ্ৰাবোৰে আমাক কোনো এটা ৰাজবংশৰ ৰজাৰ বংশ-পৰিয়াল আদিৰ বিষয়ে জনাটো সহায় কৰিছে। উদাহৰণস্বৰূপে, গুপ্তৰাজ প্ৰথম চন্দ্ৰগুপ্তই লিচ্ছবীসকলৰ ৰাজকন্যাক বিয়া কৰোৱাৰ কথা তেওঁৰ মুদ্ৰাত অংকিত চিত্ৰইহে আমাক কয়। সমুদ্ৰগুপ্ত আৰু প্ৰথম চন্দ্ৰগুপ্তৰ মাজৰ সময়ছোৱাত ৰামগুপ্তৰ ৰাজত্বকালৰ কথা আমাক কেৱল তেওঁৰ মুদ্ৰাবোৰেহে কয়।

coin15

সমুদ্ৰগুপ্ত আৰু কুমাৰগুপ্তৰ অশ্বমেধ যজ্ঞ সমাপনৰ কথা তেওঁলোকৰ মুদ্ৰাই প্ৰমাণ কৰে। সমুদ্ৰগুপ্তৰ মুদ্ৰাত পোৱা ধনুৰ্ধৰ, কুঠা, বীণবাদন আদি চিত্ৰবোৰে তেওঁৰ চিকাৰপ্ৰীতি, সংগীতপ্ৰীতি আদি দিশবোৰৰ বিষয়ে আমাক অৱগত কৰে। কোনো সময়ৰ ধৰ্মীয় ইতিহাস উদ্ঘাটনতো এই মুদ্ৰাবোৰৰ যথেষ্ট প্ৰয়োজনীয়তা আছে।

মুদ্ৰাবোৰৰ জৰিয়তেই শাসকসকলৰ ব্যক্তিগত আৰু ৰাজহুৱা ধৰ্ম, ধৰ্মীয় পৃষ্ঠপোষকতাৰ বিষয়ে জানিব পাৰোঁ। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ ইণ্ডো-গ্ৰীকসকলৰ মুদ্ৰাবোৰত বলৰাম আৰু কৃষ্ণৰ চিত্ৰ পোৱা যায়। ইয়াৰোপৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত উদ্ধাৰ হোৱা আন কেতবোৰ মুদ্ৰাত নানান দেৱ-দেৱীৰ চিত্ৰ অংকিত কৰা হৈছে; যিবোৰ মুদ্ৰা প্ৰাচীন ভাৰতৰ ধৰ্মীয় দিশটোক জনাও  উৎকৃষ্ট সমল।

এই মুদ্ৰাবোৰত অংকিত প্ৰাচীন ভাৰতীয়, ইৰাণীয়ান আৰু গ্ৰীক-ৰোমানসকলৰ বিভিন্ন ধৰ্ম আৰু সেইবোৰৰ লগত সংযুক্ত কেতবোৰ দেৱ-দেৱীৰ ছবিয়ে মুদ্ৰাবোৰ প্ৰাচীন যুগৰ সমাজৰ ধৰ্মীয় ব্যৱস্থাৰ ধ্বজাবাহী বাহক হিচাপে চিহ্নিত হৈছে।

মুঠৰওপৰত এই সকলোবোৰ দিশৰ ওপৰত ভিত্তি কৰি প্ৰাচীন ভাৰতৰ মুদ্ৰাবোৰক আমি ইতিহাস ৰচনাৰ অতি গুৰুত্বপূৰ্ণ আৰু নিৰ্ভৰযোগ্য সমল হিচাপে অভিহিত কৰিব পাৰোঁ।

(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন : ৯৯৫৪০০০২০০)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: প্ৰাচীন ভাৰতৰ মুদ্ৰা ব্যৱস্থা
Anjan Sarma

Anjan Sarma

Related Posts

Politics of ethnicity and Sub-Nationalism of North East India
Politics

Politics of ethnicity and Sub-Nationalism of North East India

by Editor
August 10, 2026
0

Politics of ethnicity and Sub-Nationalism of North East India Anjashi Sarkar  A two part study comprising the initial stage of...

Read moreDetails
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
Youth-led Protest, Resilience and Humanity

Youth-led Protest, Resilience and Humanity

July 25, 2026
The Wrath of Nature : Floods of Assam

The Wrath of Nature : Floods of Assam

July 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d