• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

প্ৰিয়তমা

-অনুবাদ : অঞ্জন শৰ্মা

by Anjan Sarma
June 28, 2021
in Literature
Reading Time: 2 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

মূল: তাৰাপদ ৰায়                                                                   

অনুবাদ : অঞ্জন শৰ্মা

 “প্ৰিয়তমাসু”

যোৱা পৰহিও সন্ধিয়া অফিচৰ পৰা ঘৰলৈ আহি সামান্য বিশ্ৰাম লৈ চিকিৎসকৰ নিৰ্দেশানুযায়ী সান্ধ্যভ্ৰমণৰ বাবে বাহিৰ হৈছিলো। খোজকাঢ়ি গৈ গৈ ঘৰৰ পৰা ১ কিলোমিটাৰ দূৰৰ ভিক্টোৰিয়া মেম’ৰিয়েলৰ অইনটো প্ৰান্তত উপনীত হোৱাৰ লগে লগেই কলহৰ কাণে ঢলা বৰষুণ আকাশৰ পৰা নামি আহিল, লগতে তীব্ৰ বেগেৰে বতাহ। ক’তো মূৰটো গুজিবলৈও সামান্য আশ্ৰয় নাই। খুব বেগেৰে দোৰি দৌৰি ঘৰলৈ হেপাই-ফেপাই উভতি থাকোতে বিদ্যুত বিভাগৰ বা পানী যোগানৰ বা পাতখল ৰেলৰ বা গড়কাপ্তানী বিভাগৰ বা ৰিলায়েন্সৰ অপ্টিকেল ফাইবাৰৰ বাবে খান্দি থোৱা প্ৰাচীন গাঁত এটাত পৰি যাও আৰু কোনোমতে আত্মৰক্ষা কৰি সমগ্ৰ শৰীৰত জঘণ্য ক’লা পনীয়া বোকামাটিৰ প্ৰলেপ লৈ খোৰাই খোৰাই ঘৰ পাওঁ।

          মোৰ পত্নীৰ অৱশ্যেই কৰ্তব্য আছিল মোক তেনে অৱস্থাত দেখি উ: আ: কৰা, মোক সোধা- ‘কি হৈছিল প্ৰাণনাথ, ক’ত আঘাত পালে বাৰু(?)’… ইত্যাদি কৈ মোক সান্তনা দি শুকান তাৱেলেৰে মোৰ মূৰটো মচি দিয়া, শুকান লুঙি-গেঞ্জি আগবঢ়াই দিয়া, মোক বাথৰুমলৈ আগবঢ়াই নি গা ধুৱাই দি একাপ গৰম গৰম আদাযুক্ত চাহ আগবঢ়োৱা।

            হে মোৰ কপাল! সেইবোৰ দূৰৰেই কথা, মোক ঘৰত সোমোৱা দেখিয়েই পত্নীয়ে বাঘিনীৰ দৰে হৈ পৰিল আৰু ক’লে -‘আপুনি এই জঘণ্য বোকা-মাটি গাত সানি ঘৰত সোমাল!! এতিয়া তেনেকৈ ভৰিৰ ওপৰত থিয় হৈ আছে কিয়? ঘৰৰ মজিয়াৰ বোকা পানী এতিয়া মচিব কোনে?’ ইয়াৰ পিছত মোৰ হতবুদ্ধি তথা পৰাস্ত চেহেৰা আৰু নিৰুত্তৰ মুখ দেখি সামান্য নৰম হৈ ক’লে, ‘আপুনি সচাই কোনোদিনে মানুহ নহবই নেকি? চিৰকাল বোকা-মাটি লৈ ঘৰত সোমায়েই থাকিব নে কি?’

             চিৰকাল মানে কিমান কাল? সেই মুহুৰ্তত মোৰ মনত পৰিছিল, অন্তিমবাৰ বৰষুণত তিতি-বুৰি ঘৰত সোমাইছিলো প্ৰায় ৭ বছৰ আগতে, তাকো কলেজ ষ্ট্ৰীটৰ জোতাৰ দোকানত আগদিনা পত্নীয়ে নিজে কিনা ছেন্দেল ঘৰলছ আহি অপছন্দ হোৱা বাবে সলনি কৰিবলৈ গৈ উভতি আহোতে বৰষুণৰ আক্ৰমণ হওতে! চিৰকাল? ঘৰলে তিতি বুৰি আহি সযতনে প্লাষ্টিকৰ বেগত ভৰাই লৈ অহা একচাইজ ডাঙৰ ছেন্দেল পত্নীক দিয়াৰ লগে লগেই -‘আগৰ চাইজটোৱেই ভাল আছিল, এইযোৰ দেখিবলৈ ভাল লগা নাই….’, ইত্যাদি ভাষণ দি দি চাহ কৰিবলৈও পাহৰি গৈছিল, তাৱেল দূৰৰ কথা!! ‘চিৰকাল’? সেইযোৰো সলনি কৰি পিছদিনা আগৰযোৰ লৈ আহিছিলো, সিদিনাও বৰষুণৰ পানী-বোকামাটি গাত লৈ‌ ঘৰত সোমাইছিলো আৰু পাইছিলো একেই অভ্যৰ্থনা!!

             কিন্তু এইবোৰক লৈ দু:খ কৰি লাভ নাই। মোৰ পত্নীয়ে মোক পিটন দিবও পাৰিলেহেতেন, পানীৰে ভিজা জোতাও আছিল বা বেলনা-মাৰীৰেও প্ৰহাৰ কৰিবও পাৰিলেহেতেন। কিন্তু সেইবোৰ একোকে নকৰি জোতাযোৰত ভৰি সুমুৱাই আপোনবিভোৰ হৈ পৰিছিল। গৰম চাহ!!

           আটলান্টিকৰ পাৰৰ এখন চহৰত পুৰুষ মদাহীৰ বাৰত সকলোৰে চকুত পৰাকৈ ডাঙৰ। ডাঙৰ হৰফেৰে পদ্য লিখা আছিল…

“ঘৰলৈ উভতি আজিও তেওঁ

            পত্নীৰ প্ৰহাৰ-কিল-চৰ খাবই খাব

সেয়েই সখা, আৰু অলপ সময়

   ইয়াতেই পাৰ কৰাই জানো ভাল নহব?”

কোৱা বাহুল্য, পদ্যৰ গুণতেই হওক বা অইন কাৰণতেই হওক, বাৰখনৰ ভীৰ নিশা গভীৰ হোৱাৰ লগে লগে বাঢ়ি গৈছিল, মদাহীবোৰূ পুৱতি নিশা হে ঘৰমুৱা হৈছিল।

        ‌যি কি নহওক, বিলাতত আজিকালি মেমচাহাববোৰে স্বামীদেৱতাসকলক খুব বেছি মাৰধৰ, বেয়া ব্যৱহাৰ নকৰে। অইন কাৰণ একো নাই, মূল কাৰণ হ’ল অধিকাংশ পতিয়েই পলায়ন কৰিবলৈ প্ৰস্তুত। তেনে অৱস্থাত নতুনকৈ চাহাব দৰা লাভ কৰাটোও সহজ হৈ থকা নাই। আগতে মেমবোৰে পলাইছিল, কিন্তু আজিকালি চাহাব পলায়।

        কিন্তু বঙ্গত ঘটনাবোৰ অলপ বেলেগ ধৰণৰ। স্বামীসকল পলাব ক’লৈ? পলাই যাব ক’লৈ? ভালকৈ অনুসন্ধান কৰিলে দেখা যাব যে ১০০০ পত্নীৰ পলায়ন কৰা ঘটনাৰ বিপৰীতে হয়তো এজন মাত্ৰ স্বামী পলায়ন কৰাৰ তথ্য হাতত পৰিছে!

    ‌    এটা গল্প শুনিছিলো। এগৰাকী মধ্যবয়সীয়া অবিবাহিত মহিলাই বিয়াত বহিবলৈ দৃঢ়সংকল্প গ্ৰহণ কৰি বাতৰিকাকতত ‘স্বামী লাগে” বুলি বিজ্ঞাপন দিয়াত বহুহাজাৰ চিঠি পাইছিল তেওঁ; কিন্তু এখনো পুৰুষ মানুহৰ চিঠি নাছিল। হাজাৰ হাজাৰ বিবাহিত মহিলাই তেওঁলোকৰ স্বামীৰ ফটো পঠিয়াই, গুণানুকীৰ্তন কৰি কাতৰ অনুৰোধ কৰিছিল,’তুমি মোৰ স্বামীকেই গ্ৰহণ কৰা’!

          ইয়াৰ বিপৰীতে মোৰ এজনী বান্ধৱীয়ে এবাৰ তেওঁৰ স্বামীক অনুৰোধ কৰিছিল, আপুনি বাতৰিকাকতত বিজ্ঞাপন দিয়ক,’বিবাহযোগ্যা স্ত্ৰী আছে’ বুলি।

       বিয়া পাতিবলৈ অকণো দম তথা সৎসাহস নথকা অহংকাৰী কৃপণ এজধ চিৰকুমাৰে কোনো অভিজ্ঞতা আহৰণ নকৰাকৈয়ে এবাৰ কৈছিল,’ বিবাহ হ’ল এক ৰোমাঞ্চকৰ কাহিনী যাৰ প্ৰথম অধ্যায় আৰম্ভ হয় নায়কৰ মৃত্যুৰে।’ মোৰ মাত্ৰ কুৰি বছৰৰ বৈবাহিক অভিজ্ঞতাৰ ভিত্তিত এনে উক্তি দিবলৈ মোৰ মৰসাহস এতিয়াও হোৱা নাই। কিন্তু নিপীড়িত, নিৰ্যাতিত স্বামীসকলক। ৰাছিয়াৰ পৰা ধাৰ কৰা এটা বাক্য উপহাৰ দিব পাৰো, ‘হে ভদ্ৰলোক, আপোনাৰ সন্তানে আপোনাক যিমানেই ডাঙৰ হিৰো বুলি নাভাবক কিয়, আপুনি সচাই তেনে হিৰো হয়তো নহয়; কিন্তু আপোনাৰ স্ত্ৰীৰত্নইও আপোনাক যিমানেই বুৰ্বক বুলি নাভাবক কিয়, আপুনি তেনে বুৰ্বকো নহয়।’

          ইয়াৰোপৰি সদাসৰ্বদা পত্নীৰ সৈতে কাজিয়া-পেচাল কৰি থাকিলেও যে মাৰাত্মক ক্ষতি হ’ব পাৰে- তেনে কোনো কথা নাই। পৃথিৱীৰ শ্ৰেষ্ঠ অভিধানকাৰকক তেওঁৰ অভিধানৰ বাবে ভূয়সী প্ৰশংসা কৰি এজনে প্ৰশ্ন কৰিছিল, ‘এনে এক আশ্চৰ্যকৰ অভিধান, ইমানবোৰ বিচিত্ৰ শব্দ আপুনি কিদৰে সংগ্ৰহ কৰিছ?’ অভিধানকাৰকে মিচিকিয়াই হাঁহি উত্তৰ দিছিল, ‘পত্নীৰ সৈতে কাজিয়া কৰি ।’ উত্তৰ শুনি বিমূঢ় হৈ পৰা প্ৰশ্নকৰ্তাৰ মুখমণ্ডল দেখি অভিধান প্ৰণেতাই ব্যাখ্যা কৰিছিল,’ দিনে নিশাই অনবৰতে যোৱা ২৫ বছৰে পত্নীৰ লগত কাজিয়া-পেচাল কৰি , তেওঁৰ মুখেৰে নিৰ্গত হোৱা শব্দ-বাক্যৰ পিঠিত-বোকাত-কোলাত উঠা তথা তাৰ লগে লগে জপিয়াই জপিয়াই অহা বহু কথা-বাক্য-শব্দ কলমেৰে লিখি লিখি সঞ্চয় কৰি কৰি সেইবোৰৰ দ্বাৰা এই অভিধান সম্ভৱ হৈছে।’

          কিন্তু কাজিয়া-পেচাল হলেও , পত্নীৰ প্ৰতি দুৰ্ভগীয়া স্বামীৰ যে ‘ভালপোৱা’ হ্ৰাস পায়, তেনেও নহয়। মোৰ এগৰাকী প্ৰৌঢ় সহকৰ্মীয়ে প্ৰতিদিনে পুৱাই ঘৰত পত্নীৰ সৈতে কাজিয়া কৰি অফিচত মোৰ কাষত বহি ঘৈণীয়েকৰ বিষয়ে নানান আপত্তিকৰ অভিযোগ দি শান্তি পায়। সেই ভদ্ৰলোকৰ পত্নীয়ে এবাৰ দুদিনমানৰ বাবে স্বামীক অকলশৰীয়াকৈ ঘৰত থৈ বিয়া খাবলৈ কলকাতাৰ বাহিৰলৈ গৈছিল। দিনটো আছিল শুক্ৰবাৰ। শনি-দেও দুদিন বন্ধ। সোমবাৰে অফিছলৈ আহি ভদ্ৰলোক একেবাৰে নিশ্চুপ। প্ৰৌঢ় বয়সৰ বিৰহ, দেখি বেয়া লাগিল। সুধিলো, ‘কি হ’ল মিষ্টাৰ ধৰ?’ তেওঁ একো নকলে, কোনো শব্দ বাহিৰ নহ’ল! কিছু সময় পিছত কোনোমতে অষ্পষ্টভাৱে ক’লে,’ একো নুসুধিব, আজি তিনিদিন খোৱা-বোৱা প্ৰায় বন্ধ।’ মই হতবাক হৈ সুধিলো,’কি কৈছে আপুনি? মিছেছ ধৰ আপোনাৰ চকুৰ সন্মুখৰ পৰা সামান্য আতৰ হোৱাৰ লগে লগেই আপুনি বিৰহতে খোৱা-বোৱাও বন্ধ কৰি দিছে?’ মিষ্টাৰ ধৰে ক’লে,’উপায় নাই। মিছেছে যোৱাৰ সময়ত তেওঁৰ বেগটোত মোৰ বন্ধোৱা দাঁত দুপাৰিও লৈ গৈছে!’ ইয়াকে কৈ তেওঁ কান্দোনত ভাঙি পৰিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: প্ৰিয়তমা
Anjan Sarma

Anjan Sarma

Related Posts

Brahmaputra -The never-ending metaphor as Media of the valley
Media

Brahmaputra -The never-ending metaphor as Media of the valley

by Editor
June 11, 2026
0

175 Years of Media in Assam & Beyond Brahmaputra -The never-ending metaphor as Media of the valley DR. MOMITA GOSWAMI...

Read moreDetails
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
মৃতদেহৰ আকৌ অংগহানি কিহৰ?

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

April 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d