• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, June 24, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

প্ৰি’ মেৰীজ কাউন্সিলিঙ  আৰু প্ৰয়োজনীয়তা

ASSAMESE Section / Special Report

by Sanghamitra Kashyap
December 29, 2024
in ASSAMESE SECTION, Special Report
Reading Time: 3 mins read
0
Why Should Women and Not Men Live With And Serve Their in-laws?
Share on FacebookShare on TwitterShare on LinkedIn

প্ৰি’ মেৰীজ কাউন্সিলিঙ  আৰু প্ৰয়োজনীয়তা

সংঘমিত্ৰা কাশ্যপ

Sanghamitra kashyap
সংঘমিত্ৰা কাশ্যপ

       হঠাৎ ৯ ডিচেম্বৰৰ নিশা এজন ৩৪ বছৰীয়া ভাৰতীয় যুৱকে আত্মহত্যা কৰে। তেওঁৰ মৃতদেহৰ কাষত “ন্যায়ৰ প্ৰাপ্য” বুলি লিখা এখন প্লেকাৰ্ড আছিল,লগত আছিল ২৪ পৃষ্ঠাৰ বিশদ ছুইচাইড নোট আৰু ৮১ মিনিটৰ ভিডিঅ’ এটি ভিডিঅ’ য’ত তেওঁ নিজৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াত হোৱা সমস্যাৰ বাবে কথা কোৱা দেখা যায়।

তেওঁৰ জীৱনৰ দুখজনক সবিশেষ সন্নিবিষ্ট কৰা চিঠিখন আৰু ভিডিঅ’টোৱে সামাজিক মাধ্যমত ভাইৰেল হৈ ক্ষোভৰ সৃষ্টি কৰিছে।

    “বিয়া” বুলি ক’লে সাধাৰণতে আমি দুজন ব্যক্তিৰ মাজৰ এটা ভালপোৱা আৰু সামাজিক সম্পৰ্কৰ কথাই বুজো। বিয়া এখনৰ ক্ষেত্ৰত লাগিলে সেইয়া এৰেঞ্জ মেৰীজ হওঁক বা ল’ভ মেৰীজ আমি সাধ্য অনুসৰি সকলো ধৰণৰ যোগাৰ কৰিব খোজোঁ আৰু কৰাও হয়। 

প্ৰি’ মেৰীজ কাউন্সিলিঙ  আৰু প্ৰয়োজনীয়তা

দুখন ঘৰ , বেলেগ পৰিৱেশ সকলো জুখি চাবলৈ যাওঁতে আমি এটা কথা আওকাণ কৰোঁ আৰু সেইয়া হৈছে বিবাহ হ’বলগীয়া ব্যক্তি দুজনৰ মাজৰ বুজাবুজি আৰু মানসিক সন্তুষ্টি । কিন্তু আমাৰ সমাজত বাৰু বিয়াৰ ক্ষেত্ৰত এই বিষয়ত লৈ গুৰুত্ব কিমান?

আচলতে বিয়া এখনৰ আগত দুজন ব্যক্তিয়ে বৈবাহিক জীৱনত মানসিক আৰু আৱেগিক ভাৰসাম্যতা বচাই ৰাখিবলৈ প্ৰি’ মেৰীজ কাউন্সিলিঙ ( pre marital counselling) ল’ব পাৰে আৰু ই বৰ্তমান সমাজত খুবেই প্ৰয়োজন। কাৰণ আজিকালি প্ৰায়ে বিবাহ বিচ্ছেদৰ খবৰ আমি শুনিবলৈ পাওঁ, লাগিলে সেয়া কোনোবা এজন তাৰকাৰ জীৱনতেই হওঁক বা সাধাৰণ ব্যক্তিৰ জীৱনৰ ঘটনাই হওঁক।

RelatedPosts

shallow focus of clear hourglass

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত

June 23, 2025
Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War

Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War

June 23, 2025
How Proactive Cyber Intelligence Can Empower Northeast India’s Digital Future

How Proactive Cyber Intelligence Can Empower Northeast India’s Digital Future

June 23, 2025

বহু বছৰ বিয়া হোৱাৰ পিছতো, এজনে সিজনক জনাৰ  পিছতো বিভিন্ন নিৰ্যাতনৰ ঘটনাই দেশ কঁপাই যোৱা আমি দেখিছোঁ আৰু তাৰে এটা উদাহৰণ হৈছে ওপৰত উল্লেখ কৰা অতুল সুভাষৰ ঘটনা। সেয়ে এই ক্ষেত্ৰত প্ৰি মেৰীজ কাউন্সিলিঙে এটা শুদ্ধ বিচাৰ কৰাত সহায় কৰিব পাৰে বুলি মই ভাবো।

 প্ৰি’ মেৰীজ কাউন্সিলিঙ  হৈছে এক প্ৰকাৰ থেৰাপী যিয়ে আপোনাক আৰু আপোনাৰ সংগীক বিবাহৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিব পাৰে। ই এক প্ৰকাৰৰ চিকিৎসা যিয়ে দাম্পত্য জীৱনৰ সমস্যাসমূহৰ সমাধান, লক্ষ্য নিৰ্ধাৰণ আৰু একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰি বিবাহৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰে।

 এতিয়া কথাটো হৈছে প্ৰি মেৰীজ কাউন্সিলিঙ কেতিয়া আৰম্ভ কৰাৰ সঠিক সময় কি বাৰু? আচলতে বিয়াৰ প্ৰায় ছয় পৰা বাৰ মাহৰ আগতে এই প্ৰক্ৰিয়া আৰম্ভ কৰাটো ভাল। এই সময়সীমাই খৰখেদা অনুভৱ নকৰাকৈয়ে মূল বিষয়সমূহৰ বিস্তৃত অন্বেষণৰ অনুমতি দিয়াত সহায় কৰিব পাৰে । আগতীয়াকৈ আৰম্ভ কৰিলে যিকোনো সমস্যাৰ সমাধানৰ বাবে যথেষ্ট সুযোগ পোৱা যায়।

প্ৰি মেৰীজ কাউন্সিলিঙৰ কিছুমান পদ্ধতি হৈছে :

গটমেন পদ্ধতি :  ড° জন গটমেনৰ বিস্তৃত গৱেষণাৰ ভিত্তিত এই পদ্ধতি বহুলভাৱে ব্যৱহৃত । ই যোগাযোগৰ উন্নতি আৰু সংঘাত পৰিচালনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সম্পৰ্ক অধিক শক্তিশালী কৰে। তেওঁ তত্ত্ব আগবঢ়ায় যে আপুনি আপোনাৰ সম্পৰ্কত লোৱা সকলো সৰু সৰু সিদ্ধান্তই ইয়াক শক্তিশালী বা দুৰ্বল কৰি তুলিব পাৰে। গতিকে বিয়াৰ ক্ষেত্ৰত  কিদৰে দুজন ব্যক্তিৰ বুজাবুজিৰ মাজত সঠিক সিদ্ধান্ত লোৱাৰ দক্ষতা বৃদ্ধি কৰিব পাৰি এই প্ৰক্ৰিয়াত তাকেই শিকোৱা হয় ।

ইমাগো ৰিলেচনশ্বিপ থেৰাপী (IRT):  হাৰভিল হেণ্ড্ৰিক্স আৰু হেলেন লেকেলি হাণ্টে বিকশিত কৰা এই থেৰাপীয়ে দম্পতীক অতীতৰ সম্পৰ্কৰ সংঘাতবোৰ বুজিবলৈ আৰু সুস্থ কৰাত সহায় কৰে, সহানুভূতি আৰু সংযোগৰ পোষকতা কৰে।

আৱেগিকভাৱে কেন্দ্ৰীভূত থেৰাপী (EFT): ডাঃ ছ্যু জনছনৰ দ্বাৰা সৃষ্টি কৰ এই থেৰাপীত বিবাহৰ পূৰ্বে দুজন ব্যক্তিক তেওঁলোকৰ আৱগিক শৈলী আৰু ই তেওঁলোকৰ সম্পৰ্কত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে বুজিবলৈ সহায় কৰে।

চাইকোডাইনামিক থেৰাপী ( দম্পতিৰ বাবে) : এই পদ্ধতিত দম্পতীক তেওঁলোকৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ ,তাৰ অন্তৰ্নিহিত সমস্যাসমূহ চিনাক্ত আৰু সমাধান কৰাত সহায় কৰে।

প্ৰি’ মেৰীজ কাউন্সিলিঙ  আৰু প্ৰয়োজনীয়তা

সমাধান কেন্দ্ৰীভূত চিকিৎসা (SFT) : যদি আপুনি আৰু আপোনাৰ ভৱিষ্যত সংগীয়ে এতিয়াও কোনো সমস্যাৰ ওপৰত গুৰুত্ব দি আছে আৰু সেইটো সমাধান কৰিব পৰা নাই যেন লাগে, তেন্তে সমাধান-কেন্দ্ৰিক চিকিৎসাই সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ই আপোনাৰ সম্পৰ্কক আগবাঢ়ি যাবলৈ বাধা দিয়া সমস্যাসমূহ অতিক্ৰম কৰি হ্ৰস্বম্যাদী লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে। এই পদ্ধতিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে, যেনে আপোনাৰ আৰু আপোনাৰ সংগীক সন্তুষ্ট কৰিব পৰাকৈ দুয়োজনৰ মাজত ঘনিষ্ঠতা বিচাৰি উলিওৱাৰ আদি।

গ্ৰুপ কাউন্সেলিংৰ কৰ্মশালা: ইয়াত দুজন ব্যক্তিৰ মাজত কিছুমান সহযোগিতামূলক পৰিৱেশ প্ৰদান কৰা হয় য’ত দম্পতীয়ে ইজনে সিজনৰ পৰা বহু শিকিব পাৰে আৰু নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব পাৰে। ই প্ৰেৰণা দায়ক হিচাপেও কাম কৰে।

  আমাক “ প্ৰি’ মেৰীজ কাউন্সিলিঙৰ”ৰ প্ৰয়োজন কি ? মনত ভাৱ হয়, নহয় নে? ইয়াৰ কাৰণ হৈছে বৰ্তমান সমাজ, মানুহ আৰু জীৱন সকলোৰে সলনি হৈছে। চিন্তা আৰু ব্যৱস্থা সলনি হৈছে আৰু বিশেষকৈ সময়ৰ অভাৱ দেখা গৈছে। গতিকে এই পদ্ধতিত প্ৰয়োজন আছে।

 ১) এই পদ্ধতিয়ে সংগীৰ মাজত যোগাযোগ উন্নত কৰাত সহায় কৰে আৰু বিবাহৰ বাবে বাস্তৱিক লক্ষ্য নিৰ্ধাৰণ কৰে। ইয়াৰ উপৰিও ই সংঘাত-নিৰাময়ৰ ( conflict) দক্ষতা বিকাশ কৰাত সহায় কৰে। আনকি বিবাহৰ পূৰ্বে ই দম্পতীহালৰ মাজত ইতিবাচক মনোভাৱ গঢ়ি তোলাত সহায় কৰে ।

২) প্ৰি’ মেৰীজ কাউন্সিলিঙৰ প্ৰধান পদক্ষেপ হ’ল হ’বলগীয়া দৰা-কইনাক বিবাহৰ তাৎপৰ্য্য বুজিবলৈ প্ৰস্তুত কৰা। এনে পৰামৰ্শই তেওঁলোকক নিজকে সলনি কৰাৰ মানসিকতা গঢ়ি তোলাত , মানসিক ভাবে এজনে আন জনৰ যোগ্য হয় নে নহয় আৰু নিজৰ স্থানত সংগীৰ সৈতে খাপ খুৱাই লোৱাত সহায় কৰে।

৩) অতীতৰ বিষয়বোৰৰ ওপৰত আলোচনা কৰাটো গুৰুত্বপূৰ্ণ যিহেতু অতীতৰ ৰোমান্টিক আৰু পাৰিবাৰিক সম্পৰ্কই কেতিয়াবা সংঘাত আনিব পাৰে। এই কাউন্সেলিঙৰ যোগেদি অতীতৰ সৈতে মোকাবিলা কৰিবলৈ শিকোৱাৰ লগতে কেনেকুৱা পৰিস্থিতিত কি ধৰণৰ প্ৰতিক্ৰিয়া আৰু সঁহাৰি জনোৱা উচিত সেয়াও অৱগত কৰা হয় আৰু এজনে আনজনৰ আবেগিক স্বভাৱক বুজি পাবলৈ সহায় কৰে।

প্ৰি’ মেৰীজ কাউন্সিলিঙ  আৰু প্ৰয়োজনীয়তা

উদাহৰণস্বৰূপে, বিবাহ বিচ্ছেদ হোৱা সন্তানৰ অবিশ্বাস বা পৰিত্যাগৰ অযুক্তিকৰ ভয় হোৱাৰ সম্ভাৱনা বেছি হ’ব পাৰে। এনে বিষয়ৰ ওপৰত আলোচনা কৰিলে এজন ব্যক্তিৰ সংগী জনক সান্ত্বনা আৰু আশ্বস্ত কৰাৰ সৰ্বোত্তম উপায় শিকাব পাৰি। নহ’লে বহু সময়ত দেখা যায় এজন সংগী বিভিন্ন কথা লৈ খুব কেতিয়াবা আবেগিক হৈ পৰে আৰু আন জনে হয়টো আওকাণ কৰে নাইবা কিধৰণে বুজাব লাগে তাৰ সঠিক দিশটো নাজানে।

৪) বিবাহৰ ক্ষেত্ৰত আটাইতকৈ কঠিন কাম কাৰণ এই সময়ত প্ৰতিজন সংগীয়ে নিজৰ নেতিবাচক চৰিত্ৰ লুকুৱাই ৰাখিবলৈ চেষ্টা কৰে আৰু নিজৰ শ্ৰেষ্ঠত্বক আগত ৰাখিবলৈ চেষ্টা কৰে। প্ৰেম হওঁক বা এৰেঞ্জড বা এৰেঞ্জড-কম-লাভ মেৰেজ হওঁক, সংগীয়ে ইজনে সিজনৰ লগত কেনে সম্পৰ্ক স্থাপন কৰিব সেয়াও তেওঁলোকৰ  বৰ্তমানৰ পৰিস্থিতি চাই কৈ দিয়াটো কঠিন। তেনে সময়ত এই বিবাহৰ আগত লোৱা প্ৰি মেৰীজ কাউন্সিলিঙে  যথেষ্ট সহায় কৰে।

৪) আন এটা খুব গুৰুত্ব পূৰ্ণ কথা হৈছে যৌন সম্পৰ্ক। বহু ক্ষেত্ৰত বৈবাহিক ধৰ্ষণ (marital rape) হোৱাৰ কথাও আমি পঢ়িবলৈ পাওঁ। সেয়ে কাউন্সেলিঙৰ যোগেদি এজনে আনজনৰ যৌন জীৱন (sexual life) আৰু কিমান সামঞ্জস্যপূৰ্ণ(compatible ) হয় জানিবলৈ সহায় কৰে। বহু দম্পতীৰ HIV/ AIDS বা অন্যান্য যৌন সংক্ৰামক ৰোগ (STD)ৰ বিষয়ে মৌলিক বুজাবুজি নাই। এনে ক্ষেত্ৰত বিবাহৰ পূৰ্বে কাউন্সেলিঙে দম্পতীহালক একে বিষয়ৰ বিষয়ে জ্ঞান আহৰণ কৰাত সহায় কৰে।

প্ৰি’ মেৰীজ কাউন্সিলিঙ  আৰু প্ৰয়োজনীয়তা
Photo by Timur Weber on Pexels.com

৫) সন্তান: দম্পতীয়ে কেতিয়াবা বিয়াৰ পিছত বহুতেই উপলব্ধি কৰে যে সন্তান জন্ম দিব বিচাৰে নে নাই সেইটো ক্ষেত্ৰত তেওঁলোকৰ  সিদ্ধান্ত একেই নহয়। আপুনি সন্তান জন্ম দিব বিচাৰে নে নাই আৰু কেনেকৈ ডাঙৰ-দীঘল কৰিব বিচাৰে সেইটো আগতীয়াকৈ সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ। কাউন্সেলিঙৰ জৰিয়তে এই কথাৰো সমাধান কৰিব পৰা যায়।

৬) পাৰিবাৰিক সম্পৰ্ক: ই আপোনাক নিজৰ পৰিয়ালৰ সৈতে সম্পৰ্কৰ লগতে আপোনাৰ সংগীৰ পৰিয়ালৰ বিষয়ে যিকোনো চিন্তাৰ বিষয়ে সৎ হোৱাৰ সুযোগ দিব পাৰে।

৭) বিত্ত: বিবাহিত দম্পতীৰ বাবে ধন এটা মানসিক চাপৰ আৰু বিতৰ্কিত বিষয় হ’ব পাৰে, গতিকে আগতীয়াকৈ আপোনাৰ বিত্তীয় ব্যৱস্থা কেনেকৈ পৰিচালনা কৰিব সেইটো সিদ্ধান্ত ল’লে বাটত সমস্যা ৰোধ কৰাত সহায়ক হ’ব পাৰে আৰু প্ৰি মেৰীজ কাউন্সিলিঙে এই ক্ষেত্ৰত মুকলিকৈ কথাবোৰ আলোচনা কৰিবলৈ সহায় কৰিব পাৰে।

৮) বিশ্বাস, মূল্যবোধ আৰু ধৰ্ম: আপোনাৰ বিশ্বাস, মূল্যবোধ আৰু ধৰ্মীয় আৱেগ আপোনাৰ সংগীৰ সৈতে ভাগ-বতৰা কৰাত উন্নত বুজাবুজি আৰু সন্মান গঢ়ি তোলাত সহায়ক হ’ব পাৰে। আপোনাৰ দৈনন্দিন জীৱনত এই দিশবোৰৰ প্ৰভাৱৰ বিষয়েও আলোচনা কৰিব পাৰে।

 ইয়াত কাউন্সেলিঙৰ সময়ত প্ৰতিজন সংগীক লিখিত আৰ্হিত উত্তৰ দিবলৈ পৃথক পৃথক প্ৰশ্ন কৰা হয় যাতে ইজনে সিজনৰ বিষয়ে তেওঁলোকৰ দৃষ্টিভংগী আৰু তেওঁলোকৰ বৈবাহিক সম্পৰ্কৰ মূল্যায়ন কৰিব পৰা যায়।

লিংগ সমতা, উদাৰীকৰণ,  মহিলাসকলে জীৱিকা হিচাপে সমান দায়িত্ব গ্ৰহণ কৰা, পাৰমাণৱিক পৰিয়াল, দাবীদাৰ জীৱনশৈলী,আৰু দৈনন্দিন জীৱনৰ মানসিক চাপ আৰু টান আদি বিভিন্ন বিষয়ৰ ওপৰত অধিবেশনৰ সময়ছোৱাত আলোচনা কৰা হয় যাতে দুজনৰ মাজত থকা অসুবিধা আৰু পচন্দবোৰ বুজি পাব পাৰি।

প্ৰি মেৰীজ কাউন্সিলিঙত আপোনাৰ আৰু আপোনাৰ সংগী দুয়ো জনৰ অংশগ্ৰহণৰ প্ৰয়োজন হয়, গতিকে আপোনালোক দুয়োজনে ইয়াক এবাৰ চেষ্টা কৰিবলৈ ইচ্ছুক হোৱা উচিত। বৰ্তমান সময়ত এখন বিবাহ সুন্দৰ ভাবে পালন কৰিবলৈ এই পদ্ধতিৰ খুবেই গুৰুত্ব আছে আৰু সময়ৰ সৈতে ইয়াৰ প্ৰয়োজনীয়তা বৃদ্ধি পাব।

প্ৰি’ মেৰীজ কাউন্সিলিঙ  আৰু প্ৰয়োজনীয়তা

সংঘমিত্ৰা কাশ্যপ, মনোবিজ্ঞানী

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Sanghamitra Kashyap

Sanghamitra Kashyap

Related Posts

shallow focus of clear hourglass
ASSAMESE SECTION

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত

by Diganta Kumar Gogoi
June 23, 2025
0

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত দিগন্ত কুমাৰ গগৈ  দিগন্ত কুমাৰ গগৈ  অসমত আহোম ৰাজ শাসনৰ শেষৰ ফালে সংঘটিত মোৱামৰীয়া...

Read moreDetails
Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War

Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War

June 23, 2025
How Proactive Cyber Intelligence Can Empower Northeast India’s Digital Future

How Proactive Cyber Intelligence Can Empower Northeast India’s Digital Future

June 23, 2025
আমেৰিকাৰ ইৰাণৰ ওপৰত আক্ৰমণৰ পটভূমিত বিশ্বত উত্তেজনা বৃদ্ধি

আমেৰিকাৰ ইৰাণৰ ওপৰত আক্ৰমণৰ পটভূমিত বিশ্বত উত্তেজনা বৃদ্ধি

June 23, 2025
সুগন্ধি পদিনা (Mint) এবিধ মহৌষধ

সুগন্ধি পদিনা (Mint) এবিধ মহৌষধ

June 22, 2025
A game of “ping pong” begins between Iran and Israel!

Israel’s Strikes on Iran: Legal Under International Law?

June 21, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Israel Strikes on Iran!

Israel-Iran Conflict Escalates: Missile Strikes, Airspace Closures, and Diplomatic Fallout

June 24, 2025
mans face in close up

অনুকম্পা

June 24, 2025
shallow focus of clear hourglass

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত

June 23, 2025
Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War

Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War

June 23, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12418 shares
    Share 4967 Tweet 3104
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1433 shares
    Share 573 Tweet 358
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2877 shares
    Share 1151 Tweet 719
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7261 shares
    Share 2904 Tweet 1815
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5569 shares
    Share 2228 Tweet 1392
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    183 shares
    Share 73 Tweet 46
  • Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

    173 shares
    Share 69 Tweet 43
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3081 shares
    Share 1232 Tweet 770
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2164 shares
    Share 866 Tweet 541
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    984 shares
    Share 394 Tweet 246
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d