• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Nature

প্ৰেমিক পক্ষীঃ শগুন আৰু ধনেশ

মানস প্ৰতিম দত্ত

by Anjan Sarma
April 13, 2024
in Nature
Reading Time: 3 mins read
0
প্ৰেমিক পক্ষীঃ শগুন আৰু ধনেশ
Share on FacebookShare on TwitterShare on LinkedIn

প্ৰেমিক পক্ষীঃ শগুন আৰু ধনেশ

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
মানস প্ৰতিম দত্ত

প্ৰকৃতিৰ প্ৰতিটো উপাদানৰ দৰেই বন্যপ্ৰাণীৰ জীৱন আৰু আচৰণ জগতখন আচৰিতধৰণে বৈচিত্ৰময়। অন্য প্ৰাণীৰ দৰে বন্যপ্ৰাণীসমূহেও বিভিন্ন প্ৰকাৰৰ জীৱনশৈলী আৰু যৌন বৈশিষ্ট্য প্ৰকাশ কৰে।

এতিয়া ফেব্ৰুৱাৰী মাহ। ফেব্ৰুৱাৰী আৰু ফাগুন দুয়োটা মাহকেই যেন প্ৰেমৰ বাবেই ন-ৰূপ দিয়া হয়। এই প্ৰেমৰ বতৰতে চৰাইবোৰৰ মাজলৈ আমি এপাক ঘূৰি চাওঁ।

চৰাইৰ মাজতো প্ৰেম হয়। নিভাজ প্ৰেম। প্ৰকৃতিত বহুতো চিৰসেউজ প্ৰেমিক চৰাই দেখা যায়।

সাধাৰণতে আমি ভাবোঁ যে, চৰাইসমূহ দেখাত একে হয় বাবে কিবা কাৰণত যদিহে মতা বা মাইকী চৰাইটো মৰি যায় তেন্তে ই আন মতা বা মাইকী চৰাইৰ সৈতে সংসাৰ আৰম্ভ কৰিব পাৰে।

আচলতে, চৰাইবোৰ দেখাত একে হ’লেও ইয়াৰ মাত বা আকাৰৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ পাৰ্থক্য থাকে। তদুপৰি বহু পক্ষীয়ে সমগ্ৰ জীৱনজুৰি এজন বা এজনী চৰাইকহে সংগী হিচাপে নিৰ্বাচন কৰে। এনে চৰাইবোৰক মন’গেমাচ বা একপত্নীক প্ৰজনন কৌশল দেখুওৱা চৰাই বুলি কোৱা হয়।

আহকচোন আজি তেনে দুবিধ চৰাই শগুন আৰু ধনেশ পক্ষীৰ বিষয়ে আলোচনা কৰোঁ।

প্ৰেমিক পক্ষীঃ শগুন আৰু ধনেশ
ধনেশ

    প্রকৃতিৰ জমাদাৰ হিচাপে পৰিচিত শগুন মূলতঃ এবিধ মাংসহাৰী চৰাই। ইহঁতে গেলা-পচা জীৱ, মৰাশ আদি খাই নিজৰ জীৱন নিৰ্বাহ কৰাৰ লগতে প্ৰকৃতিক প্ৰদুষণৰ পৰা মুক্ত কৰে। ভাৰতবৰ্ষত পোৱা মুঠ ৯টা প্ৰজাতিৰ শগুনৰ ভিতৰত ৬টা প্ৰজাতিৰ শগুনহে আমাৰ ৰাজ্যত পোৱা যায়।

শগুণৰ ঠোঁট খুউব দুৰ্বল  হয়। সেয়েহে, মাংস ফালিব পৰাৰ আগতে ইহঁতৰ খাদ্য আংশিকভাৱে পচি যাব লাগিব। শগুন হৈছে জাকপাতি থকা চৰাই আৰু ইয়াৰ গোটবোৰ খাদ্য গ্ৰহণ কৰা ঠাইৰ চাৰিওফালে বহুসময় ধৰি বহি থাকে। উৰি গৈ মৃতদেহৰ সন্ধান কৰি ইহঁতে মৃতদেহটো খাদ্য হিচাপে গ্ৰহণ কৰে।  শগুণৰ জাকে এটা মৰা ম’হৰ মৃতদেহ খাবলৈ প্ৰায় ৩০ৰ পৰা ৪০ মিনিট সময় লয়। 

মৃতদেহ ভক্ষণৰ জৰিয়তে শগুনে যিকোনো মহামাৰীৰ মলি আৰু বিপদৰ পৰা ওচৰ-চুবুৰীয়া অঞ্চলক সুৰক্ষিত কৰি ৰাখে। শগুনৰ জীৱনকাল যথেষ্ট দীঘলীয়া। ইহঁতে ৫ বছৰ বয়সতে প্ৰাপ্তবয়স্ক স্তৰত প্রবেশ কৰে।

“চৰাইৰ মাজতো প্ৰেম হয়। নিভাজ প্ৰেম। প্ৰকৃতিত বহুতো চিৰসেউজ প্ৰেমিক চৰাই দেখা যায়। সাধাৰণতে আমি ভাবোঁ যে, চৰাইসমূহ দেখাত একে হয় বাবে কিবা কাৰণত যদিহে মতা বা মাইকী চৰাইটো মৰি যায় তেন্তে ই আন মতা বা মাইকী চৰাইৰ সৈতে সংসাৰ আৰম্ভ কৰিব পাৰে। আচলতে, চৰাইবোৰ দেখাত একে হ’লেও ইয়াৰ মাত বা আকাৰৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ পাৰ্থক্য থাকে। তদুপৰি বহু পক্ষীয়ে সমগ্ৰ জীৱনজুৰি এজন বা এজনী চৰাইকহে সংগী হিচাপে নিৰ্বাচন কৰে। এনে চৰাইবোৰক মন’গেমাচ বা একপত্নীক প্ৰজনন কৌশল দেখুওৱা চৰাই বুলি কোৱা হয়।”

অর্থাৎ ৫ বছৰ বয়সৰ পৰাই ইহঁত প্রজননক্ষম হয় আৰু  যোৰা বান্ধিবলৈ আৰম্ভ কৰে। কিন্তু যৌৱনৰ আগছোৱাতে যদিহে কিবা কাৰণত প্ৰথমে যোৰা বন্ধা যিকোনো এটা শগুনৰ মৃত্যু হয় তেতিয়া আনটো শগুনে সমগ্র জীৱনজুৰি আন শগুনৰ সৈতে সংসাৰ নাপাতে আৰু নিসংগ জীৱন অতিবাহিত কৰে।

প্ৰেমিক পক্ষীঃ শগুন আৰু ধনেশ
ধনেশ

         ধুনীয়া মূৰৰ গৰাকী ধনেশ পক্ষীসমূহো একপত্নীক হয়। ইহঁতে সাধাৰণতে ওখ গছৰ ধোন্দত বাঁহ সাজে। ভাৰতত ন টা প্ৰজাতিৰ হৰ্ণবিল (ধনেশ) পোৱা যায় আৰু ইয়াৰে চাৰিটা প্রজাতি পশ্চিম ঘাট অঞ্চলত পোৱা যায়। ওখ গছ আৰু খাদ্য উপযোগী ফল-মূল পোৱা অঞ্চলত ধনেশ পক্ষীয়ে বাহ সাজে। ইহঁতে সাধাৰণতে প্ৰজননৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত প্রজনন কার্য সম্পন্ন কৰে।

Vulture
শগুন

ওখ গছৰ ধোন্দত ইহঁতে বাহ সাজে। মাইকী চৰাইজনীয়ে খাদ্য উপলব্ধতা স্থান আৰু সুৰক্ষিত হ’ব পৰাকৈ ওপৰত ধোন্দৰ পৰীক্ষা কৰে। মাইকী চৰাইয়ে এবাৰ বাহ সাজিবলৈ ধোন্দ বাছি লোৱাৰ পাছতে যোৰা বন্ধা কার্য সম্পন্ন কৰে।

যোৰা বন্ধাৰ পাছত মাইকী চৰাইজনীয়ে বোকা, বাকলি, মল-মূত্ৰ আদিৰে ধোন্দটো ঢাকি ধোন্দৰ ভিতৰত সোমাই থাকে। মতা চৰাইটোৱে খাদ্য দিব পৰাকৈ সৰু খোলা এটা এৰি দিয়ে। মতা চৰাইটোৱে মাইকী আৰু পোৱালিৰ বাবে খাদ্য সংগ্ৰহ কৰে।

প্ৰেমিক পক্ষীঃ শগুন আৰু ধনেশ
শগুন

মাইকী চৰাইজনীয়ে সৰু খোলাটোত মুখখন উলিয়াই খাদ্যৰ বাবে অপেক্ষা কৰি থাকে। ইহঁতে সাধাৰণতে জামুজাতীয় ৰসাল ফল-মূল খায় যদিও প্ৰজননৰ সময়ত খাদ্যৰ নাটনি হ’লে সৰু জীৱ-জন্তু আৰু আন চৰাইৰ পোৱালিও চিকাৰ কৰি খায়।

মাইকী আৰু পোৱালিবোৰে পূৰ্ণবয়স্ক নোহোৱালৈকে মতা চৰাইটোৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হয়। এই প্ৰজনন কালত যদি মতা চৰাইটোৰ মৃত্যু হয়, তেন্তে খাদ্যৰ অভাৱত মাইকী চৰাই আৰু পোৱালিৰো মৃত্যু হ’ব।

Hornbill1

তথ্যসূত্র:

 ১। Radhakrishnan, sajeesh. Love till death — Hornbill’s Monogamous behavious sajeesh radhakrishnan, Pixel Stories- Documenting Life through lens

২। www.audubon.org

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 
Climate Change

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

by Astha Bharadwaj
August 17, 2026
0

Hakama Beel: A Community’s Effort to Protect a Changing Wetland  Astha Bharadwaj There are places that become part of us...

Read moreDetails
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

August 14, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 18, 2026
15 more pygmy hogs return to their historical home in Manas National Park

15 more pygmy hogs return to their historical home in Manas National Park

June 7, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d