–ডা° সুকৃতি চৌধুৰী |
নমস্কাৰ বন্ধু-বান্ধৱী সকল
প্ৰেমৰ ৰসায়ন
নতুনকৈ প্ৰেমত পৰাৰ যি মধুৰতা সেয়া কেৱল অনুভৱহে কৰিব পাৰি৷
ধৰি লোৱা হ’ল আপুনি কাৰোবাৰ প্ৰেমত পৰিছে৷
ইয়াৰ আগতে মই প্ৰেমত পৰাৰ আঠটা লক্ষণ কি কি সেয়া সবিস্তাৰে মহাবাহুত বৰ্ণনা কৰিছোৱেই৷
ধৰক, আপোনালোক দুয়োজনৰ মাজত এদিন কেনেবাকৈ প্ৰেমৰ প্ৰকাশ কৰা হৈ গ’ল৷ এতিয়া আপুনি ফেচবুকৰ ভাষাৰে ক’লে ‘In a relationship বা Engaged’.
থিক আছে৷
কিন্তু কেৱল ভাল লগা বা ভাল পোৱাইটো সম্পৰ্কটোক জীয়াই নাৰাখে৷ ভালপোৱাৰ যি সম্পৰ্ক তাৰ মুঠতে ৪ টা স্তৰ / stage আছে৷
কি কি বাৰু? আহকচোন আজি আপোনাক কৈ শুনাও:
প্ৰেমৰ চাৰিটা স্তৰ
============
প্ৰথম স্তৰ: সীমাহীন আনন্দৰ স্তৰ
———————————————–
প্ৰেমৰ প্ৰথমটো স্তৰ হ’ল সীমাহীন আনন্দৰ স্তৰ৷ এহাল নৰ-নাৰীয়ে এই স্তৰত প্ৰেমৰ পৰা ভীষণ আনন্দ লাভ কৰে৷ ইয়াক হ’নিমুন ষ্টেজ বা ইউফ’ৰিয়া ষ্টেজ বুলিও কয়৷ পৃথিৱীৰ সকলোবোৰ কেৱল ৰঙীন লাগে৷ এজনে আনজনক যেন এক মুহূৰ্তও এৰি নিদিম এনে লাগে৷ খাওঁতে শুওতে উঠোতে বহুতো প্ৰতিটো উশাহত কেৱল প্ৰেমাস্পদৰ নাম৷ জীৱনৰ সমস্ত ক্লেশ, দুখ-যন্ত্ৰণা কেৱল প্ৰেমাস্পদৰ নামতেই যেন মধুৰ হৈ পৰে৷ খুব ‘strongly’ আপুনি অনুভৱ কৰিব যে আপোনালোক দুয়ো দুটা দেহত বাস কৰা এটাই আত্মা……..ইয়াৰ পিছত আপোনাৰ মনে লাহে-ধীৰে গতি কৰে পৰৱৰ্তী পৰ্যায়লৈ—–
দ্বিতীয় স্তৰ: প্ৰাথমিক আকৰ্ষণৰ স্তৰ
—————————————————
এই স্তৰত আপোনাৰ মগজুৰ ‘Ventral Pallidum’ অংশই অধিক সক্ৰিয়ভাৱে কাম কৰে৷ মগজুৰ এই অংশটো হ’ল মানুহৰ আকৰ্ষণ, অনুৰাগ আৰু আৱেগ আদিৰ কেন্দ্ৰ৷ শক্তিশালী ‘love’ হ’ৰমনবোৰ (), যেনে:-‘Vesopressin, Oxytocin’ আদিয়ে আপোনাৰ ওপৰত দৃঢ়তাৰে ক্ৰিয়া কৰা আৰম্ভ কৰিব৷ আপুনি অনুভৱ কৰিব যে কাৰোবাৰ সৈতে আপুনি প্ৰেমৰ সম্পৰ্কৰে আৱদ্ধ হ’ল৷ কিন্ত এই স্তৰত আপুনি লাহে লাহে অনুভৱ কৰে যে তেওঁ আৰু আপুনি দুজন বেলেগ ব্যক্তি যাৰ প্ৰয়োজনবোৰ বেলেগ বেলেগ হ’ব পাৰে৷ মাত্ৰ ইজনে আনজনক ভাল পায়৷
তৃতীয় স্তৰ: সংকট আৰম্ভণিৰ স্তৰ
————————————————
এই স্তৰত আপোনালোক দুজনৰ মাজত ঠেহপেঁচ, সন্দেহ, খং আৰু অভিমান বাঢ়িব৷
আজি মোৰ ইমান জ্বৰ৷ অথচ তুমি এবাৰো ফ’ন কৰা নাই পুৱাৰে পৰা—
ইচ্ ৰ’বাচোন তুমি কি বুজিবা৷ মই যে মাক লৈ ডাক্তৰৰ ওচৰত পুৱাৰে পৰা শাৰী পাতিছো—-
তোমাৰ ফ’ন এংগেজ কিয়? কাৰ সৈতে ইমান কথা পাতা, হা?
ফেচবুকত তোমাৰ ফটোত আমুকীয়ে কিয় লাভ ৰিয়েক্ট দিব ৷ কিবা আছে নে কি হে তোমালোকৰ মাজত?
—–ব্লা ব্লা ব্লা—-এইবোৰেই চলিব৷
লাহে লাহে প্ৰথম দুটা স্তৰৰ মধুৰতা শেষ হ’ব৷ দুয়োজনৰ মাজত আৰম্ভ হ’ব কাঁজিয়া৷
চতুৰ্থ স্তৰ: সিদ্ধান্ত গ্ৰহণৰ স্তৰ
—————————————–
তীব্ৰ কাঁজিয়া আৰু বাদানুবাদৰ ফলত দুয়োজনৰ এনে এটা অৱস্থা আহি পায়হি যে হয় দুয়ো লগ হৈ জটিলতাবোৰ থিক কৰে অথবা বেলেগ হোৱাৰ সিদ্ধান্ত লয়৷ কি কৰিব সেয়া নিৰ্ভৰ কৰে তেওঁলোক দুজনৰ ব্যক্তিত্ব আৰু মানসিকতাৰ ওপৰত৷
প্ৰেমৰ শেষ পৰিণতি বিবাহ নহয়৷ আমি প্ৰায়েই প্ৰেমৰ বাবে বিবাহ হ’বই লাগে বুলি ভাবো৷ ঘৰ পৰিয়ালৰ পৰা ল’ৰা বা ছোৱালী ঠিক কৰি দিও বিবাহ হয়৷ বিবাহৰ আগতে এজনে আনজনক নাজানে৷ কিন্তু বিয়াৰ পিছতহে দুয়োজনৰ মাজত প্ৰেমৰ উন্মেষ হয়৷ আনহাতে প্ৰেমত পৰি আগগুৰি নমনি বিয়া হৈ শেষত ডাইভৰ্চ ল’বলৈ কোৰ্টৰ শৰনাপন্ন হয়৷ প্ৰেম কৰিলেই যে বিবাহ হ’বই লাগিব সেয়া নহয়৷ অথচ আমি এই সৰল সত্যটো মানি ল’বলৈ টান পাওঁ৷ আপুনি কাৰোবাক ভাল পাইছিল৷ ভাল কথা৷ দুয়োজনৰ বিবাহ নহ’ল৷ বিয়া কৰাৰ বাবে ছোৱালী বা ল’ৰা চাবলৈ গৈতো ভাল পোৱা নাছিল৷ ভাল পোৱা হৈ যায়৷ কিয় হয় তাৰ মই বৈজ্ঞানিক দেহজ ৰাসায়নিক ক্ৰিয়াবোৰ ক’ব পাৰিম৷ কিন্ত কোনো Particular ৰক দেখিলে হয়৷ আনক দেখিলে নহয়৷ এই কথাৰ উত্তৰ মইহে নালাগে কোনেও দিব নোৱাৰিব৷
বহুতেই দাৰ্শনিক ভাৱ দি কয় যে প্ৰেম আৰু যৌনতা হেনো এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ এই কথাটো ১০০% গোকাট মিছা৷
যৌনতাৰ বাবে প্ৰেমৰ দৰকাৰ নাই৷ প্ৰকৃত প্ৰেম দেহজ নহয়৷ আত্মিকহে৷ প্ৰেমৰ নামত শাৰীৰিক সম্পৰ্ক কৰা কথাটো আচলতে প্ৰেমৰ অপমান৷ এই কাম সেই সকলেই কৰে যাৰ প্ৰেমৰ ওপৰত বিশ্বাস নাই৷