–ডা° সুকৃতি চৌধুৰী
নমস্কাৰ বন্ধু-বান্ধৱীসকল
উঠি অহা ল’ৰা-ছোৱালীসকলৰ বাবে আজি কেনেকৈ পঢ়িব লাগে সেই সম্বন্ধে দুটামান কথা লিখিম বুলি ভাবিছোঃ
এক শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে যে মানুহে ‘Screen’ ৰ পৰা পঢ়ি যিমান আয়ত্ত কৰিব পাৰে তাৰ দুগুণ আয়ত্ত কৰিব পাৰে কাগজৰ পৰা পঢ়ি ৷ সেয়েহে মোবাইল আৰু লেপটপতকৈ পঢ়া সমূহ কিতাপৰ পৰা বা অনলাইন মেটেৰিয়েল বোৰৰ প্ৰিন্ট লৈ পঢ়া উচিত ৷ একেটা গৱেষণাতে বিতংকৈ কৈছে যে ‘screen’ ত পঢ়াবোৰ আমি সহজেই পাহৰো আৰু কাগজত পঢ়াবোৰ বেছিকৈ মনত ৰয়৷ দীঘলীয়া সময়জুৰি ‘screen’ ত পঢ়ি থাকিলে চকু আৰু মগজুৰ কি ক্ষতি হয় সেয়া নকলোৱেইবা৷
আমি শুনা কথাবোৰ সহজে মনত থাকে ৷ আমি পঢ়া বিষয় এটাৰ সাৰাংশ তৈয়াৰ কৰি লৈ কাৰোবাক চিঞৰি পঢ়িবলৈ দি শুনিব পাৰো বা মোবাইলত নিজে চিঞৰি পঢ়ি ‘ভইচ ৰেকৰ্ডিং’ কৰিও শুনিব পাৰো৷ কথাখিনি সম্পূৰ্ণৰূপে মনত ৰ’ব ৷
পঢ়াৰ বাবে আমি ৮০-২০ ফৰ্মূলা নামৰ এক বিধিৰ প্ৰয়োগ কৰিব পাৰো৷ এই ফৰ্মূলা এনেকুৱা : যদিহে আমি আগৰ বছৰৰ প্ৰশ্নকাকতবোৰ চিলেবাচখনৰ সৈতে খুউব ভালদৰে বিশ্লেষণ কৰো, আমি পাম যে চিলেবাচত থকা টপিকবোৰৰ ২০% এনে ‘এৰিয়া’ থাকে যাৰ ওপৰত ভিত্তি কৰিয়েই বা এই ‘core area’ টোৰ আশেপাশেই পৰীক্ষাত ৮০% প্ৰশ্ন আহে৷ আমি যদি এই ৮০% নিৰ্ভৰ কৰি প্ৰশ্ন সোধা ২০% ষ্টাডি এৰিয়াটো বিচাৰি উলিয়াই পঢ়া আৰম্ভ কৰি প্ৰথমেই আয়ত্ব কৰি লওঁ, চিলেবাচখনৰ বাকী অংশ সমূহ পঢ়িবলৈ আত্মবিশ্বাস বাঢ়িব আৰু সহজে আয়ত্ব কৰিব পাৰিম৷
পঢ়াবোৰ ‘ৰিভাইচ’ কৰাটো বৰ জৰুৰী ৷ স্মৃতিশক্তি যিমানেই প্ৰখৰ নহওক কিয়, ‘ৰিভাইচ’ নকৰিলে মানুহে পঢ়াবোৰ পাহৰি যোৱা বা পৰীক্ষা হলত খেলিমেলি লগা স্বাভাৱিক ৷ যিমানেই ‘ৰিভাইচ’ কৰা হয় সিমানেই শিকা যায়৷
পঢ়া আৰম্ভ কৰি, আৰু কিমান পঢ়িবলৈ বাকী আছে একদমেই ভাবিব নালাগে৷ কেৱল পঢ়ি গৈ থাকিব লাগে৷ পৰীক্ষাৰ আগতে সকলোবোৰ পঢ়ি হৈ উঠিবই ৷ মাত্ৰ ভাবিব নালাগে যে “ বাপৰে ইমান বিলাক বাকী আছে পঢ়িবলৈ“–ইত্যাদি৷ কেৱল পঢ়ি গৈ থাকি যিটো বিষয় পঢ়া হৈছে তাৰ ওপৰত মন দিলেই হ’ল৷ পঢ়িবলৈ কিমান বাকী আছে সেইবোৰ ভাবি নাৰ্ভাছ হ’ব নালাগে৷ হাতত যিমানেই কম সময় নাথাকক কিয়, নাৰ্ভাছ নহৈ প্ৰথমটো ‘টপিক’ৰ পৰা আৰম্ভ কৰি পঢ়ি গৈ থাকিলেই হ’ল৷এনেকুৱা কৰিলে পৰীক্ষাৰ আগে আগে আমি নিজেই চাৰপ্ৰাইজ হ’ম যে আমাৰ পঢ়াৰ প্ৰস্তুতি পুৰাদমে হৈ উঠিল৷
পঢ়াৰ মাজত ব্ৰেক লওঁতে মোবাইল নোখোলাকৈয়ে থাকিব লাগে ৷ সকলো মানুহৰে বেলেগ বেলেগ ‘Concentration level’ থাকে ৷ কোনোবাই যদি ৩ ঘন্টা একেৰাহে পঢ়িব-লিখিব পাৰে কোনোবাই হয়তো ১৫ মিনিট পাৰে৷ ৰাছিয়াৰ সুখ্যাত লেখক বালঝাকে ৫২ ঘন্টালৈকে অখণ্ড মনোযোগেৰে লিখিছিল৷ কিন্ত সকলোৰে আয়ত্ব কৰিব পৰা ক্ষমতা বেলেগ বেলেগ৷ যাৰ যিমান মনোযোগ দিব পৰা সময়ৰ দৈৰ্ঘ্যৰ ‘কেপাচিটি’, সেইমতেই সেইকণ সময় পঢ়ি দুই-তিনি মিনিট বিৰতি ল’ব লাগে৷
পঢ়া টেবুলৰ সন্মুখ খালী আৰু বেৰখন চকীৰ পিছফালে হ’ব লাগে৷চকী-টেবুলত পঢ়াটো ভাল । সেইবুলি টেবুলতেই পঢ়িব লাগিব বুলি কথা নাই । আমনি লাগিলে চোফাত, বিচনাত বা য’তেই ইচ্ছা সলাই সলাই পঢ়িলে আমনি নলগাকৈ দীঘলীয়াকৈ পঢ়িব পাৰে৷
কিমান সময় পঢ়িছে তাতকৈ বেছি জৰুৰী হ’ল পঢ়াখিনিৰ পৰা কিমান শিকিছে৷ ৰুটিন বনাই পঢ়াতো ভাল কথা হ’ব পাৰে কিন্তু ৰুটিনখন ফল’ কৰোতে যথেষ্ট Flexible হ’ব লাগে৷ যদিহে বৰকৈ অসমীয়া পঢ়িবলৈ মন গৈছে অথচ ৰুটিনত আছে বাবেই জোৰকৈ অংক কৰিব গৈ অলপো মন বহা নাই, এনেকুৱা হ’ব নালাগে৷ মাত্ৰ চাব লাগে যে ৰুটিনৰ সময়খিনি যাতে শুই থাকি বা মোবাইল টিপি নষ্ট নকৰে৷ কিমান শিকিছো আৰু আয়ত্ব কৰিছো সেইটোহে আচল কথা৷ কিন্তু ৩ ঘন্টা পঢ়িলো অথচ দহ মিনিটত শিকিব পৰাখিনিও মগজুত নোসোমাল, সেইটোক পঢ়া নকয়৷
বজাৰত আঠা লগোৱা সৰু সৰু নোটপেড পায়৷ ইয়াতেই তথ্যবোৰ লিখি পঢ়াৰূমত য’তেই চকু পৰে তাতেই লগাই থওকচোন৷ ৰিপিট কৰি কৰি মনত ৰখাত উজু হয়৷
পৰীক্ষা হলত যেন আনলৈ মন নিদিয়ে৷ আনে দুটা প্ৰশ্ন কৰিলেই মোৰ এটাও হোৱা নাই ধৰণৰ ভাৱনা একদম মনলৈ নানিব৷ সকলোৰে ‘speed’ বেলেগ হয়৷ হযতো তেওঁ কোনোবা এটা প্ৰশ্নত এইদৰে ফচি যাব যে আপোনাৰ চাৰিটা প্ৰশ্ন কৰি হোৱাৰ পিছতো তেওঁ সেই তিনি নম্বৰটোতেই লাগি থাকিব৷
তলৰ কথাখিনি ছোৱালীবোৰলৈ :
(১) আনৰ ইমান পঢ়া হ’ল৷ মোৰ একোয়েই হোৱা নাই:- নিজকে এই ভাৱনাৰ পৰা আঁতৰাব লাগে৷
(২) পৰীক্ষা হলত কি পিন্ধি যোৱা হ’ব সেইবোৰত একদম মন দিব নালাগে৷ এইবোৰ অনাহক সময় নষ্ট৷ ল’ৰাবোৰক চাবচোন: দুদিনৰ নুখুৰুৱাকৈ থকা দাড়ি, ভৰিত হাৱাই চেণ্ডেলৰ দৰে কিবা, অবিন্যস্ত চুলি, পকেটত ভৰাই অনা কলম এটা বা দুটা, পিছ পকেটত চিনেমা হলৰ টিকট , তাৰ পিছতো সৰ্বাধিক নম্বৰ আনিব৷ আমিবোৰে কোনটো বেগ ল’ম, কোনটো কলম ল’ম,কেনেকৈ সাজি যাম সেইটোকে লৈ সময় নষ্ট কৰো৷ (sorry. অপ্ৰিয় সত্য)৷
(৩) ‘PMS’ ৰ বাবে ‘mood swing’ হোৱা কথাটোৰ বাবে যেন পঢ়া হৈ উঠাৰ পিছতো নাই হোৱা বুলি আনৰ মূৰ নষ্ট নকৰে যেন
আজিলৈ নমস্কাৰ