-মানস প্ৰতিম দত্ত |
অলপতে ৰাহুল ধোলাকিয়াৰ দ্বাৰা পৰিচালিত ২০০৭ বর্ষৰ স্পর্শকাতৰ বিষয়ৰ এখনি বিতর্কিত নাট্যধর্মী ছবি ‘পৰজানিয়া ’ চালোঁ। পৰজানিয়াৰ অসমীয়া পৰিভাষা হ’ল – পৃথিৱীৰ স্বৰ্গ আৰু নৰক । ইয়াৰ ৰচনা ক্ৰমে ধোলাকিয়া আৰু ডেভিদ এন. ড’নিহোৰ। নাছিৰুদ্দিন শ্বাহ আৰু চাৰিকাই মুখ্য ভূমিকা পালন কৰা এই ছবিখন সহশিল্পীৰ ভূমিকা পালন কৰিছিল কৰিন নেমেক আৰু ৰাজ জোৎসী।
২০০২ চনত গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত ৬৯ জন লোক নিহত হোৱা ২৮ ফেব্ৰুৱাৰীৰ গুলবাৰ্গ সমিতি হত্যাকাণ্ডত এটা নিখোজ পাৰ্চী ল’ৰাৰ কাহিনীৰদ্বাৰা ছবিখনৰ মূল কাহিনী অনুপ্ৰানিত। ছবিখনত এই চৰিত্ৰটিক পৰজান পিঠাৱালাৰূপে চিত্ৰায়ণ কৰা হৈছে। ছবিখনে পিঠাৱালা পৰিয়ালে তেওঁলোকৰ নিৰুদ্দিষ্ট পুত্ৰৰ সন্ধানত কৰা সন্ধানী যাত্ৰাক উপস্থাপন কৰিছে। সংঘৰ্ষৰ সময়ছোৱাৰ সমগ্ৰ ঘটনা প্ৰবাহ সামৰি নলৈ চলচ্চিত্ৰখনত কেৱল সংঘৰ্ষৰ সময়ৰ একাংশ ছবিহে উপস্থাপন কৰিছে।
প্ৰায় ৭লাখ আমেৰিকান ডলাৰ বাজেটেৰে আহমদাবাদ আৰু হায়দৰাবাদত চলচ্চিত্রখনৰ চিত্রগ্রহণ কৰা হৈছিল।
উৎস আৰু মূল কাহিনী:
২০০২ চনত গুজৰাটত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ছোৱাত লছ এঞ্জেলছস্থিত পৰিচালক ৰাহুল ধোলাকিয়া এক ব্যক্তিগত দুঃখজনক ঘটনাৰ সন্মুখীন হয়। এই হিংসাত্মক ঘটনাই তেওঁৰ বন্ধুৰ পৰিয়ালটোক বিচ্ছিন্ন কৰাৰ লগতে ধোলাকিয়াৰ মনত মচিব নোৱাৰা সাঁচ বহুৱায়। নিজকে মানৱীয় তথা সামাজিকভাৱে দায়বদ্ধ অনুভৱ কৰি ধোলাকিয়াই এজন চলচ্চিত্ৰ পৰিচালক হিচাপে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ মন মেলে।
এলান নামৰ এজন আমেৰিকান (কৰিন নেমেক) পৃথিৱীখন তথা নিজৰ জটিল জীৱনটোৰ অৰ্থৰ সন্ধান আৰু শান্তিৰ উৎস বিচাৰি আহমদাবাদলৈ আহে। তাতেই তেওঁ অধ্যয়নৰ বিষয়বস্ত হিচাপে ভাৰতৰ পঢ়াশালি আৰু গান্ধীজীক বাছি লয়।
ইয়াতেই তেওঁ চাইৰাছ (নাছিৰুদ্দিন শ্বাহ), তেওঁৰ পৰিবাৰ শ্বেৰনাজ (চাৰিকা), পুত্ৰ পৰজান (পৰজান দস্তুৰ) আৰু কন্যা দিলশ্বাদ (পাৰ্ল বৰ্চিৱালা)ক লগ পায়। পিঠাৱালা আছিল পাৰ্চী ধমাৱলম্বী। তেওঁলোকৰ শিকনিসমূহৰ জৰিয়তে এলানে মানসিক শান্তিৰ সন্ধান চলাব পাৰিছিল।
গুজৰাটত হিন্দু মৌলবাদীৰ হাতত মুছলমান লোকসকল নিহত আৰু ধৰ্ষিত হোৱা বুলি সন্দেহ কৰা হিংসাত্মক ঘটনালানিৰ মাজেদি কাহিনীয়ে ৰূপ লয়। পিঠাৱালা পৰিয়ালটো পাৰ্চী হোৱা স্বত্ত্বেও এই সংঘৰ্ষত মৌলবাদীহঁতে তেওঁলোকৰ চুবুৰীটোও আক্ৰমণ কৰে আৰু আক্ৰমণৰ সময়ছোৱাত দহ বছৰীয়া পৰজান নিৰুদ্দেশ হয়। চাইৰাছ, শ্বেহনাজ আৰু দিলশ্বাদ এই হত্যালীলাৰ পৰা পলাই সাৰে। এই ঘটনাৱলীৰ পিছত চাইৰাছ হেৰুওৱা পুত্ৰৰ সন্ধানত নামে। তেওঁলোকক সহায় কৰাৰ লগতে এই ঘটনাৰ কাৰণ বিচাৰি উলিওৱাৰ চেষ্টাত লাগে। জনসাধাৰণে এই ঘটনাৰ বিষয়ত ষড়যন্ত্ৰৰ গোন্ধ থকা চৰকাৰী উদ্ধৃতি সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ ফলস্বৰূপে এখন মানৱাধিকাৰ আয়োগ গঠন কৰা হয়। আয়োগৰ যোগেদি বহুসংখ্যক চাক্ষুসদৰ্শী আৰু ঘটনাৰ বলি হোৱা লোকে তেওঁলোকৰ সুৰক্ষা দিবলৈ আৰক্ষীৰ উদাসীনতা সম্পৰ্কে সাক্ষ্য প্ৰদান কৰে। সাম্প্ৰদায়িক হিংসাৰ বলি হোৱা লোকসকললৈ উৎসৰ্গাৰে ছবিখনৰ সামৰণি ঘটে।
‘পৰজানিয়া’ৰ জৰিয়তে সম্প্রদায়ভিত্তিক বিভাজন ঘটি এচাম উগ্র ধর্মীয় সংগঠনৰ উচটনিত কিদৰে সাম্প্রদায়িক ঐক্য ভাঙি ঠানবান হৈ যায় আৰু সাম্প্রদায়িক সংঘর্ষ প্রভাৱিত এলেকাত সম্প্রদায়ভিত্তিক বিভাজন আৰু বৈষম্যবাদে সমাজ ব্যৱস্থাক কিদৰে ভাঙুনমুখী দিশলৈ লৈ গৈছে তাৰেই স্বত:স্ফুট প্রকাশ ঘটিছে। ৰাজনৈতিক উলম্ব বিভাজন ঘটি সামাজিক অৱক্ষয়ৰ কবলত পৰি সামাজিক ঐক্য আৰু আর্থ-সামজিক স্থিতিৰ অধোমুখী গতি আৰু ভূৱা সমাজবাদ তথা ধর্মীয় উন্মাদনাৰ গান্ধীবাদত বিশ্বাসী এটা পৰিয়ালৰ জীৱনশৈলী আৰু তেওঁলোকৰ শৈক্ষিক-সামাজিক জীৱনলৈ কিদৰে ভয়াবহ ভাবুকি কঢ়িয়াই আনিছে তাৰেই চিন্তাকর্ষক, আৱেগবর্জিত, বিশ্লেষণাত্মক চলচ্চিত্র – পৰজানিয়া। নাট্যধর্মী চিনেমাখনৰ প্রতি অভিনেতাসকলৰ বাস্তৱিক অভিনয়ে চিনেমাখনক দর্শকৰ উপভোগ্য কৰি তুলিছে। যদিওবা নিৰপেক্ষতাৰ দিশৰ পৰা চলচ্চিত্রখনৰ প্রতি বিতুষ্ট হোৱাৰ সম্ভাৱনাও অধিক। এইখিনি একাষৰীয়াকৈ ৰাখি যদিহে চলচ্চিত্রখনৰ বাকী দিশবোৰ বিশ্লেষণ কৰা হয় তেন্তে চলচ্চিত্রখনৰ শব্দ, সংগীত, চৰিত্র আদি সকলো দিশতে ন্যায় পোৱা যেন বোধ হয়।
যোগাত্মক আৰু ঋণাত্মক দিশ:
সাম্প্রতিক প্রেক্ষাপট:
সাম্প্রতিক প্রেক্ষাপট শব্দটোৱে বর্তমান সময়ত বিষয়স্তুৰ গুৰুত্বতাক সূচায় । সাম্প্রতিক সময়ছোৱা বৰ ভয়ানক । সম্প্রীতি আৰু একতাৰ সুদৃঢ় এনাজৰীক বর্ণ বৈষম্য আৰু ধর্মীয় উন্মাদনাই মষিমুৰ কৰি পেলাইছে । বিশ্বাসহীনতা আৰু আৱেগসমর্পিত কাৰুকার্যই একতাৰ এনাজনৰীক প্রভাৱিত কৰিছে।
অভিৰোচন হৈছে এক আভ্যন্তৰীণ শক্তি যিয়ে শিকিবলৈ বা কোনো কার্য কৰিবলৈ প্রয়োজনীয় মানসিক শক্তিক অনুপ্রাণিত কৰে। পৰজানৰ সন্ধানত চাইৰাছ আৰু শ্বেৰনাজৰ আৱেগিক বান্ধোন আৰু ধৈর্য্যই সংঘর্ষজর্জৰ জীৱনক প্রতিফলিত কৰাৰ উপৰিও সেই সন্ধানকামী সময়ছোৱাত সন্মুখীন হোৱা বিভিন্ন সমস্যা সমূহক নিটোল ৰুপত তুলি ধৰিছে।
একাগ্রতা আৰু কঠোৰ অনুশীলন হ’ল মানৱ জীৱনৰ মূল চালিকা শক্তি । এই গুণাৱলীৰে মানুহে সন্মুখীন হোৱা যিকোনো বিপদ হেলাৰঙে পাৰ কৰিব পাৰে ।
নায়কৰ ভূমিকা:
প্রতিটো মুহূর্ততে চাইৰাছ আৰু শ্বেৰনাজ সাহস আৰু সততাৰে আগবঢ়িছে। এই সাহস আৰু সততাই তেওঁলোকক ধৈর্য্যশীলতাৰ গুণ প্রদান কৰিছে, ধৈর্য্য গুণ আয়ত্ব কৰিছে । অতি শক্তিশালী ৰূপত তেওঁলোক নিজ লক্ষ্যৰ উদ্দেশ্যে আগবাঢ়িছে । হেৰুৱা সন্তানৰ দুখ আৰু বিষাদৰ আৱেগিকতাক পিতৃ-মাতৃতকৈ কোনেও বেছি অনুভৱ কৰিব নোৱাৰে। সেই সকলো আৱেগিক বান্ধোনৰ সুদৃঢ়তা চিনেমাখনত ফুটি উঠিছে।
চাইৰাছৰ পৰিয়ালটোৱে পৰিচয়ৰ সংকটৰ সন্মুখীন হৈছিল । ভাৰতীয় সমাজৰ প্রতিটো জনস্তৰীকৃত গাঁঠনিয় নিজকে ভাৰতীয় বুলি কৈ গৌৰেৱবোধ কৰে । কিন্তু সাম্প্রদায়ভিত্তিক বিভাজনে মানুহৰ ব্যক্তিসত্বালৈ চৰম ভাবুকি কঢ়িয়াই আনে। নিজ পৰিচয় সংকটৰ সন্মুখীন হোৱা যেন অনুভৱ কৰে। ফলস্বৰূপে বিভাজনকামী মনোভাৱ গঢ় লৈ উঠে । দেশৰ প্রতি থকা নৈতিক দায়িত্ববোধে অৱশ্যে মানুহক সহনশীল হ’বলৈ শিকায় যদিও এই সহনশীলতাই শোষিত শ্রেণীক শোষণৰ অধিকাৰ প্রদান কৰাৰ দৰে হৈ পৰে।
মূল লক্ষ্য:
পৰজানিয়াৰ মূল লক্ষ্য আছিল সাম্প্রদায়িকতাবাদক মষিমূৰ কৰাৰ সপক্ষে প্রবল জনমত সৃষ্টি কৰাৰ লগতে পৰজানৰ দৰে সন্ত্রাসজর্জৰ সময়ছোৱাত সন্ধানহীন হোৱা শিশুসকলক উদ্ধাৰ কৰা । মানৱ অধিকাৰৰ অৱক্ষয়কো চিনেমাখনত উপস্থাপন কৰা হৈছে। আৰক্ষীয়ে এনে সময়ছোৱাত এচাম ধর্মান্ধ ব্যক্তিৰ প্রৰোচনাত পৰি পথ বন্ধ কৰি এম্বুলেঞ্চৰ চলাচলতো বাধা প্রদান কৰাৰ দৰে কার্য সংঘটিত কৰাকো ফুটাই তোলা হৈছে।
শৈক্ষিক ক্ষেত্রত কাহিনীৰ ভূমিকা:
পৰজানিয়া চলচ্চিত্রই প্রদান কৰা এটি গুৰুত্বপূর্ণ বার্তা হ’ল – এটা শিশুক সামাজিক সমতা আৰু শিক্ষাৰ অধিকাৰ প্রদান কৰা। শিশুৱে যিখন সমাজত বাস কৰে সেই সমাজৰ প্রচলিত আচাৰ-ব্যৱহাৰ পদ্ধতি, আইন-কানুন, আদর্শ আদিয়ে শিশুৰ মনোজগতত ক্রিয়া কৰে। সমাজভেদে এই দিশসমূহ ভিন্ন হোৱা দেখা যায়। সমাজ ব্যৱস্থাৰ ওপৰত কেন্দ্র
কৰিয়েই শিশু এটিয়ে নিজক গঢ়ি তোলে। ইয়াৰ পাছতে শিশুৱে বিদ্যালয়ত সহপাঠী, শিক্ষক, কর্তৃপক্ষ আদিৰ দ্বাৰা প্রভাৱিত হয়। সামাজিক ঐক্য আৰু সমতাৰ শিক্ষাও শিশুৱে ইয়াতেই লাভ কৰে । কিন্তু বিভেদকামী সমাজ ব্যৱস্থাই যেতিয়াই যেতিয়া শিশু এটিক প্রভাৱিত কৰিব তেতিয়া সুস্থ নৈতিক বিকাশ হোৱাৰ পৰিৱর্তে আৱেগিক বৈষম্যতাৰহে সৃষ্টি হ’ব। তদুপৰি এনেবোৰ কাৰকে শৈক্ষিক ক্ষেত্রকো প্রভাৱিত কৰে।
বাস্তৱিক চিত্রায়নত কাহিনীৰ ভূমিকা:
ধার্মিক বিভাজনমুখীতাৰ স্পষ্ট প্রকাশ চিনেমাখনত দেখা পোৱা গৈছে। কিয়নো এই সংঘর্ষত হিন্দু আঅৰু মুছলমান উভয় সম্প্রদায়ৰে লোক ক্ষতিগ্রস্ত হৈছিল যদিও চিনেমাখনত কেৱল মুছলমানৰ কাৰণে পৰিচালক-কাহিনীকাৰ দয়াশীল যেন দেখা গ’ল, যিয়ে কাহিনীক পক্ষপাতিত্ব কৰা যেনহে বোধ হ’ল । তদুপৰি চিনেমাখন চাই হিন্দু ধর্মালম্বী দর্শকৰ মনত কিছু পৰিমাণে হ’লেও চিনেমাখনৰ দায়বদ্ধতাৰ প্রতি শংকা থকাৰ অৱকাশ নিশ্চিতভাৱে থাকি গ’ল।
‘আজিৰ শিশু কাইলৈ দেশৰ সম্পদ’, আৰু এই সম্পদ সমূহ কিমান মূল্যৱান হিচাপে গঢ়ি তুলিব পাৰোঁ সেইয়া আমাৰ হাতত । প্ৰত্যেক শিশুৱেই ভিন ভিন পৰিবেশ পৰিস্থিতিত ডাঙৰ হৈছে । সিহঁতৰ ভৱিষ্যতৰ ৬০-৭০ শতাংশ নিৰ্ভৰ কৰে শিশুকালত পোৱা পৰিবেশৰ ওপৰতেই । সিহঁতৰ অনুকূল পৰিবেশ সৃষ্টি কৰাৰ দায়িত্ব আমাৰ ।
সাম্প্রতিক সময়ত সামাজিক স্থিতি আৰু ৰাজনৈতিক মুনাফা আদায়ৰ স্বার্থত সততে ৰাজনৈতিকভাৱে বিভিন্ন ধৰণৰ বিভেদকামী শক্তিৰ উদ্ভৱ হৈ আহিছে। এই বিভেদকামী মনোভাৱে সাম্প্রদায়িক সম্প্রীতিৰ ঐক্যতাক ধ্বংস কৰি পেলাইছে। ফলস্বৰূপে গণতান্ত্রিক ব্যৱস্থাৰ প্রতি ভাবুকি আহি পৰে।
বাল্য কালত শিশুবোৰ মৰম-আকলুৱা হয়। আৱেগিকভাৱে নিজকে সুস্থিৰ কৰি ৰাখিব নোৱাৰে। এই সময়ছোৱাত শিশুৰ মনত ৰেখাপাত কৰা ঘটনাই পাছলৈ ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে। আনহাতে শিশু অৱস্থাত সন্মুখীন হোৱা ঘটনাই শিশুৰ মনোজগতক প্রভাৱিত কৰাৰ উপৰিও বিদ্রোহী কৰি তোলে । এই বিদ্রোহাত্মক মনোভাৱৰ উপৰিও শিশু অৱস্থাতে মাক-দেউতাকৰ পৰা বিচ্ছিন্ন হৈ পৰা শিশুৰ মানসিক স্থিতি আৰু মাক-দেউতাকৰ আৱেগিক দুৰৱস্থাই গণতান্ত্রিক ব্যৱস্থাৰ প্রতি তীব্র বিৰাগ আৰু ভাবুকি কঢ়িয়াই আনে ।
গণতান্ত্রিক সমাজ ব্যৱস্থাত মানুহে জীয়াই থাকিবলৈ কাৰোৱে পৰা অনুমতি লোৱাৰ প্রয়োজন নাই । ই মানুহৰ জন্মস্বত্ব অধিকাৰ, মানৱ অধিকাৰ।কিন্তু মানুহৰ সৰলতাৰ সুযোগ লৈ অর্থবান শ্রেণীটোৱে সদায় দৰিদ্র শ্রেণীক শোষণৰ চেষ্টা চলায় আহে । অৱক্ষয় হয় নৈতিকতাৰ, মানৱতাৰ। আৰু এই মানৱতাৰ স্খলনেই ভয়াবহ ৰূপ লৈ সন্ত্রাসবাদীৰ দৰে এটা ধাৰণাৰ সৃষ্টি হয়। ৰাহুল ধোলাকিয়াৰ পৰজানিয়া শীর্ষক চলচ্চিত্রখন সেয়েহে সকলোৱে চোৱা উচিত আৰু শিশুসকলৰ আৱেগিক আৰু মানসিক বিকাশত সাম্প্রদায়িক বৈষম্যই কেনেদৰে প্রভাৱিত কৰে, আৱেগিক সুৰক্ষাক কিদৰে ধ্বংস কৰে আৰু মানৱ অধিকাৰ খর্ব কৰে , কেনেকৈ সিহঁতক তাৰ পৰা আঁতৰাই সার্বজনীন বিকাশৰ জৰিয়তে আগবঢ়াই নিব লাগে সেই কথা বুজা উচিত ।