–পুষ্পাঞ্জলী শিৱম শৰ্মা |
পৰচৰ্চাক আমি সকলোৱেই বেয়া পাওঁ,কেতিয়াবা নিজকেও সুধি চাইচোনে যে ইয়াৰ হাতোৰাৰ পৰা আমিও সাৰিব পাৰিছো জানো?
নিশ্চয় নাই !
কিয়নো পৰচৰ্চা, সমালোচনা আদি মানুহৰ জীৱনৰ যেন এক অবিচ্ছেদ্য অংগ ৷ ইয়াৰ পৰা মানুহমাত্ৰেই ভুক্তভোগী ৷ কোনেও ইয়াৰ পৰা সাৰিব নোৱাৰে ৷
কিন্ত পৃথিৱীত বোধকৰো তেওঁৰ সমান অকলশৰীয়া মানুহ নাই যিয়ে অহৰহ পৰচৰ্চা আৰু লোক নিন্দা কৰি ফুৰে ৷
সকলোৰে যেন পুতৌৰহে পাত্ৰ হৈ পৰে সেইজন । এবাৰৰ বাবে কিন্ত কোনেও এই সৰু কথাটো ভাবি নেচায় ৷ কিমান মানসিক অকলশৰীয়তাবোধত ভুগিলে এজন মানুহে ইজনৰ কথা আজি ইয়াত , সিজনৰ কথা কালি তাত কৈ গাই এনেকৈ ঢপলিয়াই ফুৰে ৷ বিনিময়ত কি প্ৰাপ্তি হয় তেওঁলোকৰ,নিশ্চয়কৈ কেৱল “অকলশৰীয়া বোধ” ৷
মানুহবোৰ আজিকালি সিয়ান হল ৷পৰনিন্দা পৰচৰ্চাকো ক্ষন্তেকীয়া জুতিৰ বাবে লোৱাত গুৰুত্ব দিয়া হল ৷ অৰ্থাৎ, এতিয়া আৰু কোনেও কাৰোকে কেৱলমাত্ৰ অইনৰ কথা শুনিয়েই পতিয়ন নাযায় ৷ মানুহবোৰ সৰ্বজ্ঞানী, বিশাৰদ হল ৷
গতিকে যদিওবা কোনোবাই ভাবে যে তেওঁ কোৱামাত্ৰকে অইনে তেওঁৰ প্ৰতিটো কথা শুনিব বা বিশ্বাস কৰিব তেতিয়া সেইটো হব আটাইতকৈ হাস্যকৰ ৷
অন্তত আজিৰ দিনত কেৱল মাত্ৰ শুনা কথাৰ ওপৰত ভিত্তি কৰি মানুহে মানুহৰ ওপৰত চকুমুদি বিশ্বাস নকৰা যে হল সেইটো খাটাং ৷পৰচৰ্চা আৰু নিন্দাৰ স্তৰ যেন এতিয়া আৰু এঢাপ আগবাঢ়িল ৷ সময়ৰ লগে লগে পৰচৰ্চা কৰিবলৈ নতুন পদ্ধতিৰ প্ৰয়োগৰ প্ৰয়োজন আহি পৰিল ৷
ঈগলৰ উচ্চ উৰণ দেখি সৰু চৰাই এজনী কেতিয়াও হতাশাত ভাঙি নপৰে,। কাৰন তাই নিজৰ অস্তিত্ব আৰু সীমাবদ্ধতাক জানে বুজি পাই আৰু তাৰ পৰিসীমাত নিমগ্ন থাকি ,সুখী হয় ৷ তাই জানে ঈগলৰ দৰে তাই ইমান ওপৰত উৰিব নোৱাৰে আৰু সেইবাবেই তাই নিজক লৈ সন্তুষ্ট, আত্মবিহ্বল হৈ উলাহত উৰি ফুৰে ৷
অনাহকত তুলনা কৰি তাইৰ সৰু জীৱনটো নষ্ট নকৰে ৷ সচাকৈয়ে এজনী সৰু নিঃকিন চৰাই অথচ কিমান জ্ঞানী!
কিন্ত মানুহে কৰে কি?
অইন এজন মানুহক উচ্চতাত আৰোহণ কৰা দেখিলে হতাশাত ভূগে, নিজে কি কৰিছে কিমান কৰিছে তাক বিচাৰ নকৰি অইনৰ লগত অনৰ্থক তুলনা কিছুমান কৰি জ্বলনত দিন কটায় ৷
নিজে কি কৰিছে বা কৰিব পাৰিছে তাত গুৰুত্ব নিদি অন্যজনৰ কৰ্ম কাণ্ডত মুৰ ঘমাই থাকে ৷
অপ্ৰিয় হলেও এটা অপবাদ চলি আহিছে যে তিৰোতা মানুহৰ মাজত এই প্ৰবণতা অধিক দেখা পোৱা যায় ৷
অপ্ৰিয় সত্য যে ইফালৰ কথা সিফাল, সিফালৰ কথা ইফাল কৰাত পাকৈত এচাম ৷ কিন্ত কৰবাত নহয় কৰবাত তেনে ব্যক্তি কিন্ত ভিতৰি সাংঘাতিক অস্থিৰ, অসুখী আৰু অকলশৰীয়া ৷
অন্যহাতে প্ৰকৃতিৰ অন্য জীৱজন্তুৰ পৰা কিন্ত আমি শিকিবলগীয়া বহুত কথাই আছে ৷প্ৰশ্ন এটা সদায়েই মনত আহে কোনে বনালে মানুহক জীৱশ্ৰেষ্ঠ যে প্ৰকৃতিৰ সৰু সৰু কথাবোৰো অনুধাৱন কৰিব নোৱাৰে!
সমালোচনা অথবা নিন্দাৰ মাজেৰে অইনক অহৰহ ব্যতিব্যস্ত কৰি আত্মসন্টুষ্টি লাভত নিমগ্ন থাকেে এচাম আমাৰেই মাজৰ মানুহ৷এইখন পৃথিৱীত প্ৰতিটো বস্তুকে প্ৰতিটো জীৱকে সৃষ্টিকৰ্তাই এক বিশেষ উদ্দেশ্য আগত ৰাখিয়েই স্ৰজন কৰিছে সকলোৰে নিজা নিজা কৰ্ম আছে যাৰবাবে সকলোৱে নিজ কৰ্মঅনুসাৰে জীৱন নিৰ্বাহ কৰি গৈ থাকে ৷ ্ঈশ্বৰৰ এই মহান উদ্দেশ্যক আওকাণ কৰি আমি মুৰুখমতি মানবে কিন্ত সমালোচনাহে কৰোঁ, সি তাক,মই আপোনাক , আপুনি মোক, ইত্যাদি ৷
ইমানেই দম্ভ মানুহৰ যে সকলোকে আমি সমালোচনা কৰিব যাওঁ,কিন্ত ভগৱানসৃষ্ট প্ৰতিটো জীৱৰ সমালোচনা কৰা মানে সৃষ্টিকৰ্তাকে সমালোচনা কৰা হল দেখোন সেই কথাটো পাহৰি যাওঁ। কাৰোবাৰ কথা বেয়াকৈ আলোচনা কৰি হয়তো এপলকৰ বাবে কিছুমানে আত্ম অহংকাৰক সন্টুষ্টি দিয়াব পাৰে কিন্ত প্ৰকৃততে কাৰোবাৰ দক্ষতা,সক্ষমতা ভদ্ৰতাা তথা সততাক নষ্ট কৰিব নোৱাৰে। যি সূৰ্য্যৰ দৰে দিপ্তীমান, আলোকমান তেওঁৰ ওপৰত নিন্দা সমালোচনাৰ ঘন ক’লা ডাৱৰে কিন্ত তেওঁৰ প্ৰখৰতা,উৰ্জা আৰু উজ্জ্বলতাক নষ্ট কৰিব নোৱাৰে ৷
পঞ্চতন্ত্ৰত এটা সুন্দৰ কাহিনী আছে এই বিষয়ত ৷
এজন সন্ন্যাসী বনৰ মাজেৰে গৈ আছিল। তেওঁ গৈ গৈ এনেকুৱা এটা অঞ্চল পালে যত নেকি কেৱল কাইটীয়া গছৰে পৰিপূৰ্ণ আছিল , তেওঁ যিফালেৰে যাই তেওঁৰ বস্ত্ৰ কাইটে বিন্ধি চিৰাচিৰ কৰি দিছিল ৷ তেওঁ ভগৱানক উদ্দেশ্যি কলে যে হে ভগৱান আপুনি এই গছবোৰ কিয় স্ৰজন কৰিছে ইহতৰ কাম কি?
ঠিক সেই সময়তে এজন ভেৰাপালকে এপাল ভেৰা লগত লৈ আহি সেই কাইটীয়া গছবোৰ দেখি প্ৰসন্ন হৈ পৰিল আৰু কব ধৰিলে যে ইমান সুন্দৰ বননি এয়া ৷ এয়া মোৰ ভেৰা ছাগলীৰ বাবে উত্তম হব ৷
ভেৰাছাগলী বোৰে হেপাঁহ পলাই ভোজন কৰিব পাৰিব এতিয়া।
পশুপালকৰ কথা শুনি সন্ন্যাসীজনে কলে,” ভাই কাইটীয়া এই বননি দেখি তুমি কিয় ইমান প্ৰসন্ন হৈছা? তোমাৰ ছাগলীবোৰে বেলেগত ঘাহঁ খাব নোৱাৰে নেকি!
তেতিয়া পশুপালকজনে ক’লে ‘‘হে ভদ্ৰ সন্ন্যাসী আপুনি এইটো জানিব লাগে যে কাইটীয়া গছৰ পাত হৈছে ছাগলীৰ বাবে উত্তম আৰু প্ৰিয় আহাৰ ৷বহুত দিনৰ মুৰত মোৰ ছাগলীবোৰে সিহঁতৰ প্ৰিয় ভোজন গ্ৰহণ কৰিব ৷” এই কাহিনীটোৰ পৰা স্পষ্টকৈ গম পাব পাৰি যে কোনো নিন্দাৰ পাত্ৰ নহয় এই পৃথিৱীত,সকলোৰে নিজা নিজা গুণ তথা মহত্ত্বতা থাকে ৷
সমস্যা প্ৰকৃততে আমাৰ মাজতেই আছে কিজানি যে আমি সমুখত থকাজনৰ মহত্ত্বতা উপলব্ধি কৰিব নোৱাৰোঁ ৷এয়া দূৰ্ভাগ্যজনক, আকৌ ওলোটাই সমালোচনা বা নিন্দা কৰাৰহে যেন সুৰুঙা বিচাৰি ফুৰোঁ ৷
জগতত বসবাস কৰি আছো যেতিয়া নিন্দাৰ পৰা হাত সৰাটোও টান ,যিমানেই ভাল কাম নকৰো কিয় নিন্দাৰ পাত্ৰ কেতিয়াবা হবলগীয়া হয় সি ধুৰূপ ৷কথা হল এই নিন্দাৰ পৰাও কিন্ত আমি যোগাত্মক দিশবোৰ তুলি লব পাৰোঁ আৰু ইয়াক যোগাত্মক ৰূপ এটা প্ৰদান কৰিব পাৰোঁ ৷
নিন্দা কৰাই কৰি থাকিব ,কৰিব দিয়ক কিন্ত আমাৰ কৰনীয় হৈছে তাৰ লগত কেনেকৈ মোকাবিলা কৰিব পাৰিম সেই দিশত চিন্তা কৰা ৷
জ্ঞানীজনে কৈ গৈছে যে নিন্দা বা সমালোচনাক কেতিয়াবা এবাৰ গুৰুত্ব সহকাৰে শুনিব লাগে যে কি নিন্দা কৰিছে আৰু তাক যোগাত্মক ভাবে লোৱাৰ অভ্যাস যদি গঢ়ি তোলা যায় ,পিছত আত্মমন্থন কৰিলে ই লাভদায়ক হয়!
যদি সেই নিন্দাত কিবা সাৰ লুকাই থাকে তেতিয়া তাক তৎক্ষণাত গ্ৰহণ কৰিব লাগে আৰু শুধৰাই লব লাগে ৷
কিন্ত সমালোচনা যদি সাৰ অৰ্থহীন হয় তাক আওকাণ কৰাটো সমানেই দৰকাৰী ৷
ব্যথিত হব নালাগে ৷ নিন্দা বা সমালোচনা অৰ্থহীন হলেও কিন্ত তাত এটা লাভ লুকাই থাকে যে আপুনি এটা সুযোগ পাইছে নিজকে আনৰ দৃষ্টিৰে চাবলৈ আৰু আত্মমূল্যায়ণ কৰিবলৈ ৷ জীৱনত ইয়াৰো প্ৰয়োজনীয়তা আছে কিন্ত ৷
সন্ত কবীৰৰ বানী আছিল যে,
“अंधे मिले हाथी छुआ, अपने अपने ज्ञान| अपनी अपनी सब कहें, किसको दीजे कान||”
অৰ্থাৎ কেইজনমান অন্ধলোকে বেলেগে বেলেগেে হাতী এটাক ছুই চাইছিল আৰু সেই হাতীটোৰ বিভিন্ন অংগবোৰ যিজনে যি চুই চাইছিল,যেনে হাতীটোৰ চকু,কান,শুৰ ইত্যাদি সেইমতে সকলোৱে হাতীটোৰ বিষয়ে মতামত দিলে যে হাতীটো এনেকুৱা তেনেকুৱা ইত্যাদি। গতিকে এতিয়া কোনজনৰ কথা বিশ্বাস কৰাটো উচিত?এনেকুৱা নিন্দকৰূপী অন্ধ এচাম লোকক প্ৰতুত্তৰ দিয়াৰ সলনি সিহঁতৰ পৰা দূৰত্ব বজায় ৰখাটোৱেই উত্তম হব৷ কবীৰে আৰু কৈছিল,
“निरजानी सों कहिये कहा, कहत कबीर लजाये| अंधे आगे नाचते, कला अकारथ जाए||” অৰ্থাৎ অজ্ঞানী কি কি কৈ বুজাব? জ্ঞানী সকলেটো তেনেকুৱা ব্যক্তিৰ লগত কথা পাতিবলৈও লজ্জাবোধ কৰে৷গতিকে সিহঁতৰ আগত কোনো কথা বুজাবলৈ যোৱাটো ব্যৰ্থ,যিদৰে অন্ধৰ সমুখত হেজাৰ নৃত্যকলাৰ প্ৰদৰ্শন কৰাটো ৷সেয়া ব্যৰ্থতাৰ বাদে একো নহব ৷
গতিকে নিন্দাক,পৰচৰ্চাক অধিক বিয়পাই নিদি তাক নিন্দো আহক ৷
পৰচৰ্চাক হিতকাৰী কৰক,পৰচৰ্চাত আত্মসমালোচনা বিচাৰক ,জীৱন সুখত পাৰ হব ৷