• নেকিব আলি শইকীয়া
পৰমাণু অস্ত্ৰ
ৰাছিয়া-ইউক্ৰেন সংকটক লৈ সমগ্ৰ ইউৰোপতে এতিয়া তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। ৰাছিয়াই দুদিনমানৰ ভিতৰতে ইউক্ৰেন আক্ৰমণ কৰিব পাৰে বুলি আমেৰিকাই দাবী কৰিছে। শনিবাৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে জাৰ্মানীৰ মিউনিখত ভ্ৰাম্যমাণ আন্তৰ্জাতিক নিৰাপত্তা কনফাৰেন্সত ঘোষণা কৰিছে যে ৰাছিয়াই ইউক্ৰেনক আক্ৰমণ কৰিলে ‘নজীৰবিহীন’ মূল্য পৰিশোধ কৰিব লাগিব।
কিন্তু এনে এক সময়তে মস্কোই নানা ধৰণৰ ক্ষেপনাস্ত্ৰৰ পৰীক্ষামূলক উৎক্ষেপণ কৰিছে। তাৰে ভিতৰত পাৰমাণৱিক অস্ত্ৰবাহী ক্ষেপনাস্ত্ৰও আছে (‘এ-এফ-পি’ৰ খবৰ অনুসৰি)। ইউক্ৰেন সীমান্ত অঞ্চলত ৰাছিয়াৰ সৈন্যৰ উপস্থিতিক লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰিলেও ৰাছিয়াই সেই সংকট দিনে বৃদ্ধি কৰি আছে। ৰাছিয়াৰ এনে ভূমিকাৰ প্ৰতিবাদ কৰি পশ্চিমীয়া সামৰিক জোঁট ‘নাটো’ইও পূব ইউৰোপত সেনাৰ উপস্থিতি বৃদ্ধি কৰিছে।
নানা পক্ষৰ মাজত ভালেমান বৈঠক হ’লেও কোনোসমাধান সূত্ৰ বাহিৰ হোৱা নাই। যোৱাকালি শনিবাৰে ( ১৯-০২-২০২২) ৰাছিয়াৰ এক টেলিভিছন চেনেলত কিছুসংখ্যক ছৱি প্ৰচাৰ কৰা হয়, আৰু সেই ছৱিবোৰত দেখা যায় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাছেঙ্কো ক্ৰেমলিনৰ এটা কক্ষত বহি আছে আৰু তেওঁলোকৰ সন্মুখতে এখন ডাঙৰ পৰ্দাত হাইপাৰছ’নিক, ক্ৰুইজ আৰু পাৰমাণৱিক অস্ত্ৰবাহী ক্ষেপনাস্ত্ৰৰ পৰীক্ষামূলক উৎক্ষেপণৰ ভিডিঅ’ দেখুওৱা হয়।
ক্ৰেমলিনৰ পক্ষৰ পৰা কোৱা হৈছে যে পৰীক্ষামূলক উৎক্ষেপণ কৰা আটাইবোৰ ক্ষেপনাস্ত্ৰই লক্ষ্য ভেদ কৰিছে তথা ক্ষেপনাস্ত্ৰৰ বাহিৰেও টি-ইউ-৯৫ বোমাৰু বিমান, ছাবমেৰিনৰ পৰীক্ষাও চলিছে। (২০-০২-২০২২)