• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, April 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Spirituality Spirituality

পৰাশক্তিয়ে যেতিয়া মন্ত্রেৰে আত্ম প্রকাশ কৰে—ঋষিকা ৱাকদেৱীৰ “দেৱী সুক্তম্”

by Sanjeev Kumar Nath
September 29, 2025
in Spirituality, Special Report
Reading Time: 4 mins read
0
Things to Learn in Navratri
Share on FacebookShare on TwitterShare on LinkedIn

পৰাশক্তিয়ে যেতিয়া মন্ত্রেৰে আত্ম প্রকাশ কৰে—ঋষিকা ৱাকদেৱীৰ “দেৱী সুক্তম্”

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

কিছুমান সংকীর্ণ মনা মানুহে সৃষ্টি কৰা কেতবোৰ নীতি-নিয়ম, নিষেধ আদি মন কৰিলে বহুতৰে ভাৱ হ’ব পাৰে যে হিন্দু ধর্মত নাৰীৰ স্থান সন্মানজনক নহয়। প্রায় সকলো হিন্দু ধর্মস্থানত ৰজস্বলা নাৰীৰ প্রবেশ নিষেধ।

আধ্যাত্মিক সাধনাত ব্রতী প্রত্যেকেই শৰীৰ আৰু মন শুদ্ধ, পৰিস্কাৰ কৰি ৰখাটো ভাল নিয়ম, কিন্তু শৰীৰটোৰ এটা স্বাভাবিক প্রক্রিয়াৰ বাবে এগৰাকী নাৰীক বর্জন কৰাটো শুদ্ধ জানো?

কেতিয়াবা আকৌ একোখন জনপ্রিয় শাস্ত্রতো হঠাতে একোটা নাৰী বিদ্বেষী কথা দেখা পোৱা যায়। উদাহৰণ – তুলসী দাসৰ ৰামচৰিতমানস।
পৰাশক্তিয়ে যেতিয়া মন্ত্রেৰে আত্ম প্রকাশ কৰে—ঋষিকা ৱাকদেৱীৰ “দেৱী সুক্তম্”

উত্তৰ ভাৰতৰ অতি প্রিয় ধর্ম গ্রন্থ গোস্বামী তুলসীদাসৰ ৰামচৰিতমানসৰ সুন্দৰকাণ্ডৰ শেষৰ ফালে যেতিয়া সাগৰে ৰামৰ প্রার্থনা উপেক্ষা কৰি সেতু বন্ধা বা বাট দিয়াৰ কোনো আগ্রহ নেদেখুৱালে, আৰু ৰামে ধনুত শৰ টানি সাগৰলৈ টোঁৱালে, তেতিয়া ভয়ত আতুৰ হৈ, ভাৰ-ভেটি লৈ সাগৰে আহি ৰামৰ বন্দনা কৰাৰ লগতে নিজৰ মূর্খামিৰ কথাও মানিলে।

কিন্তু নিজৰ মূখার্মিৰ কথা ক’বলৈ গৈ সাগৰে মূর্খামি বা অকৰামি বা অন্য “কাৰণ”ত শাস্তিৰ যোগ্য সকলৰ নাম লয় : “ঢোল, গৱাঁৰ, সূদ্র পসু নাৰী। সকল তাড়না কে অধিকাৰী”—অর্থাৎ “ঢোল, অঁকৰা, শূদ্র, পশু আৰু নাৰী—এই সকলৰ প্রত্যেকেই শাস্তি পাবৰ যোগ্য”।

RelatedPosts

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

April 17, 2026
চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

April 16, 2026
Hungary’s energy dependence on Russia: why It will be difficult even after the 2026 elections

Hungary’s energy dependence on Russia: why It will be difficult even after the 2026 elections

April 15, 2026

পোনপটীয়া অর্থ হ’ল যে ঢোল যিদৰে কোবোৱা যায়, সেইদৰে অঁকৰা মানুহ, বর্ণত শূদ্র সকল, সকলো জীৱ-জন্তু আৰু নাৰীক কোবাব পাৰি; এই সকলোবোৰ শাস্তি পাবৰ যোগ্য। অনেক সুন্দৰ উপদেশেৰে ভৰা, এখন শ্রেষ্ঠ ভক্তি-গ্রন্থত এনে অদ্ভূৎ কথা কেনেকৈ লিখা হ’ল?

তুলসীদাসক দোষমুক্ত কৰিবলৈ কোৱা যায় যে এই কথা সাগৰেহে কৈছে, তুলসী দাসে কোৱা নাই; কিন্তু এই বিষয়ে হোৱা যুক্তি-যুদ্ধৰ অন্ত নাই। বিভিন্ন সময়ত পিছপৰা জাতিৰ মানুহৰ সংগঠন, নাৰী সংগঠনে ক্ষোভ প্রকাশ কৰিছে।

        কিন্তু এনেবোৰ কথাৰ বাবে হিন্দু ধর্মত নাৰীৰ স্থান সদায়েই অসন্মানজনক বুলি ক’লে শুদ্ধ নহ’ব। কিছুমান গণ্ডগোলীয়া কথা—যি কাৰণতে নহওক লাগে—নাই বুলি ক’ব নোৱাৰি, কিন্তু সামগ্রিক বাবে ধর্মটোকেই দোষ দিয়া অনুচিত হ’ব। এনেয়ো, সকলো ধর্মতে বিভিন্ন গণ্ডগোলীয়া কথা থাকেই—জুই থাকিলে যিদৰে ধোঁৱা থাকে, সেইদৰে।

হিন্দু ধর্মত নাৰীৰ উচ্চ স্থানৰ এটা গুৰুত্বপূর্ণ প্রমাণ হ’ল যে বিশ্বৰ প্রাচীনতম ধর্মশাস্ত্র ঋকবেদৰ মন্ত্র-দ্রষ্টা সকলৰ ভিতৰত পুৰুষ ঋষি সকলৰ উপৰি ২৭ গৰাকী নাৰী মন্ত্র-দ্রষ্টা ঋষিকাৰ কথা পোৱা যায়। (ঋক বেদৰ এই ২৭ ঋষিকাৰ উপৰিও অনেক ঋষিকাৰ উল্লেখ বেদ আৰু অন্য শাস্ত্রত পোৱা যায়।) বোধকৰোঁ এই ঋষিকা সকলে ৰচনা কৰা মন্ত্র সমূহেই বিশ্বৰ প্রাচীন সাহিত্যত নাৰীৰ দ্বাৰা সৃষ্টি হোৱা দার্শনিক, আধ্যাত্মিক ৰচনাৰ প্রথম।

এই ঋষিকা সকলৰ সৃষ্টিৰ ভিতৰত অতি বিখ্যাত এক সৃষ্টি হ’ল ঋষিকা ৱাক দেৱীৰ “দেৱী সূক্তম”।

পৰাশক্তিয়ে যেতিয়া মন্ত্রেৰে আত্ম প্রকাশ কৰে—ঋষিকা ৱাকদেৱীৰ “দেৱী সুক্তম্”

বৈদিক ঋষি-ঋষিকা সকল মন্ত্র-দ্রষ্টা আছিল বুলি কোৱা হয়, অর্থাৎ বিশ্বাস কৰা যায় যে গভীৰ ধ্যান, নিদিধ্যাসনৰ একোটা মুহূর্তত তেওঁলোকে মন্ত্র দেখা পাইছিল। আজিকালি বহুতে এনে কথাক সাধুকথা বুলি ভাবিব পাৰে, কিন্তু মৌখিক সাহিত্যৰ সৃষ্টিৰ, আৰু প্রসাৰৰ দিনত মানুহৰ শ্রৱণ শক্তি, স্মৃতি শক্তি যিদৰে অবিশ্বাস্য ভাবে বেছি আছিল, সেইদৰে বোধকৰোঁ অতি পৰিশীলিত মনৰ অধিকাৰী সকলে মন্ত্র দেখা পোৱাটোও অসম্ভৱ নাছিল।

আজি আমি এখন সম্পূর্ণ স্বাক্ষৰ সমাজ বিচাৰোঁ। কিন্তু অনাখৰী মানুহৰ অতি অদ্ভূৎ স্মৃতি শক্তিৰ বিষয়ে প্রমাণ পোৱা গৈছিল কুৰি শতিকাৰ প্রথমার্দ্ধত পুৰণি মৌখিক সাহিত্যৰ বিষয়ে হোৱা দুই এক গৱেষণাত।

আমেৰিকাৰ হার্বাড বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ মেধাবী গৱেষক মিলমেন পেৰী আৰু তেওঁৰ সহকর্মী এলবার্ট লর্ডে য়ুগ’স্লাভিয়াৰ, দুর্গম, পিছপৰা অঞ্চলত প্রাচীন মহাকাব্যৰ বহু হাজাৰ শাৰী কবিতা কেৱল স্মৃতিৰ পৰা আওৰাব পৰা কেইজন মান গাঁৱলীয়া গায়কক লগ পাইছিল, আৰু তেওঁলোকে গোৱা সেই মহাকাব্য-গীত সমূহ বাণীবদ্ধ কৰিছিল। বিস্ময়কৰ স্মৃতিশক্তিৰ অধিকাৰী এই গাঁৱলীয়া মানুহ কেইজন প্রত্যেকেই নিৰক্ষৰ আছিল।

লিখিত গ্রন্থাদিৰ প্রচলন হোৱাৰ সমান্তৰালকৈ স্মৃতি শক্তিৰ প্রয়োজনো কিছু কমিল, আৰু সঁচাকৈ মানুহৰ স্মৃতি শক্তি কমি আহিল। আধুনিক কম্পিউটাৰ, প্রযুক্তিবিদ্যাৰ বিকাশ আৰু প্রসাৰৰ লগে লগে স্মৃতি শক্তি আৰু অপ্রয়োজনীয় হৈ পৰিল, আৰু এতিয়া কৃত্রিম বুদ্ধিমত্তাৰ দিনত যিদৰে চমৎকাৰী গতিত প্রযুক্তিৰ শক্তি বাঢ়িছে, মানৱ সভ্যতাৰ ভৱিষ্যতৰ বিষয়ে সঠিক উমান কৰাই টান হৈ পৰিছে।

পৰাশক্তিয়ে যেতিয়া মন্ত্রেৰে আত্ম প্রকাশ কৰে—ঋষিকা ৱাকদেৱীৰ “দেৱী সুক্তম্”

কিন্তু কোনো সন্দেহ নাই যে প্রাচীন অনাখৰী মানুহৰ স্মৃতি শক্তি আধুনিক মানুহতকৈ বহুত বেছি আছিল। বৈদিক ঋষি, ঋষিকা সকল অনাখৰী নাছিল, অতি বিদ্বান আছিল, কিন্তু তেওঁলোকৰ শিক্ষণ পদ্ধতি আমাতকৈ বহুত বেলেগ আছিল, আৰু শ্রৱণ আৰু স্মৰণৰ ওপৰত খুব বেছি গুৰুত্ব আছিল। মন্ত্র-দ্রষ্টা সকল আছিল সেই সময়ৰ সৃষ্টি, শ্রৱণ-স্মৰণ-মনন-নিদিধ্যাসন সর্বস্ব শিক্ষণৰ গুৰুত্ব থকা এক প্রাচীন সমাজৰ সৃষ্টি।

ঋক বেদৰ ঋষিকা সকলৰ অন্যতম আছিল ঋষি অম্ভৃণৰ দুহিতা ৱাগম্ভৃণী বা ৱাকদেৱী। ঋক বেদৰ দশম মণ্ডলৰ এশ পঁচিছ সংখ্যক সূক্তক ৱাক সুক্ত বুলি জনা যায়। এই ৱাক সূক্তৰ মন্ত্র-দ্রষ্টা, ৰচয়িতা হ’ল ঋষিকা ৱাগম্ভৃণী। ৱাক সূক্তক আত্মাৰ গীত বা আত্মা সূক্ত বা দেৱী সূক্ত বুলিও জনা যায়।

অদ্বৈত বেদান্তত জীৱ, জগত, আত্মাৰ যি একত্বৰ কথা কোৱা হয়, সেই একত্বক এক সর্বব্যাপী সত্তা বুলি, আৰু সেই সত্তাক নিজৰেই প্রকৃত স্বৰূপ বুলি অতি গভীৰ ধ্যান, নিদিধ্যাসনত উপলব্ধি কৰিছিল ঋষিকা ৱাগম্ভৃণীয়ে। সেই উপলব্ধিয়েই কাব্যিক ৰূপত প্রকাশ পাইছিল তেওঁৰ ৱাক সুক্ত বা দেৱী সুক্তত।

দুর্গা পূজাৰ সময়ত এই দেৱী সুক্ত পাঠৰ প্রথা চলি আহিছে। অতি যাদুকৰী এই কবিতাত ঋষিকা গৰাকীয়ে নিজতে পৰম সত্তাৰ উপলবদ্ধি কৰি প্রথম পুৰুষত, “মই…” বুলি নিজেই সম্পূর্ণ জগতৰ পৰম কাৰণ, পৰম শক্তি, পৰমেশ্বৰী হিচাপে নিজৰে অলৌকিক মহিমাৰ কথা প্রকাশ কৰিছে মহান উচ্ছাস আৰু উল্লাসৰ এক ভাবত :

ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।

अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ १॥

अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।

अहं दधामि द्रविणं हविष्मते सुप्राव्ये ए ३ यजमानाय सुन्वते ॥ २॥

अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।

तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्या वेशयन्तीम् ॥ ३॥

मया सोऽअन्नमत्ति यो विपश्यति यः प्राणिति य ईं श‍ृणोत्युक्तम् ।

अमन्तवोमान्त उपक्षियन्ति श्रुधिश्रुत श्रद्धिवं ते वदामि ॥ ४॥

अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।

यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५॥

अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवेहन्त वा उ ।

अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥ ६॥

अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्व अन्तः समुद्रे ।

ततो वितिष्ठे भुवनानु विश्वो तामूं द्यां वर्ष्मणोपस्पृशामि ॥ ७॥

अहमेव वातऽइव प्रवाम्यारभमाणा भुवनानि विश्वा ।

परो दिवा परएना पृथिव्यै तावती महिना सम्बभूव ॥ ८॥

ॐ शान्तिः शान्तिः शान्तिः ॥

পৰাশক্তিয়ে যেতিয়া মন্ত্রেৰে আত্ম প্রকাশ কৰে—ঋষিকা ৱাকদেৱীৰ “দেৱী সুক্তম্”

এই সুক্তত সমষ্ট ব্রহ্মাণ্ডৰ সৃষ্টি-স্থিতি-প্রলয়ৰ কাৰণ পৰম ব্রহ্ম বা পৰা শক্তিয়ে নাৰী ৰূপত আত্ম প্রকাশ কৰিছে। বৈদিক যুগৰ দেৱ-দেৱতা সকলৰ নাম লৈ ঋষিকাই কৈছে যে ৰুদ্র, বসু, আদিত্য, বিশ্বদেৱ আদি ময়েই, মিত্র, বৰুণ, অগ্নি, ইন্দ্র; অশ্বিনী কুমাৰ দ্বয়ো ময়েই।

বৈদিক যুগ যিহেতু যাগ-যজ্ঞৰ যুগ আছিল, ঋষিকাই ইয়াত পৰম ব্রহ্মৰ সৈতে সম্পূর্ণ একাত্মতাৰে কৈছে যে যজ্ঞত ময়েই পূজিত হওঁ আৰু যজ্ঞৰ ফল ময়েই দিওঁ। (পিছৰ যুগত গীতাত কৃষ্ণই ক’ব যে বিভিন্ন দেৱ দেৱতাক পূজা-অর্চনা কৰা সকলক তেওঁলোকৰ নিজৰ নিজৰ শ্রদ্ধা, বিশ্বাস অনুযায়ী তেওঁলোকৰ সেই উপাসনাৰ ফল ময়েই দিওঁ)।

পুণৰ ঋষিকাই পৰম ব্রহ্মৰ সৈতে একাত্মতাৰে কৈছে যে মই সর্বব্যাপী; সকলো প্রাণীৰ আত্মা ময়েই, সকলো জীৱৰ জীৱনী শক্তি, চালিকা শক্তি আদি ময়েই। কেৱল তেওঁৰ, অর্থাৎ পৰম ব্রহ্মৰ কৃপাৰ দ্বাৰাহে যে শ্রেষ্ঠতা, জ্ঞান, মুক্তি সম্ভৱ হয়, সেয়াও কৈছে ঋষিকাই। নিজকে সর্বব্যাপী আৰু সর্বশক্তিমান হিচাপে চিনাকি দি ঋষিকাই কৈছে যে দুষ্টক দমন আৰু শান্তক পালন তেৱেঁই কৰে; ৰূদ্রৰ সংহাৰকাৰী ধনু তেৱেঁই টানে।

পৰম ব্রহ্ম ৰূপী ঋষিকাই কৈছে যে আকাশ, জল, স্থল, সমস্ত ব্রহ্মাণ্ডৰ একমাত্র কাৰণ তেৱেঁই। পৰম ব্রহ্ম বা পৰা শক্তি ৰূপে ঋষিকাই অতি শক্তিশালী বজ্র নিনাদ কৰিছে এই আশ্চর্যময় সুক্তত। বিশ্বৰ মহান একেশ্বৰবাদী ধর্ম সমূহে জন্ম লাভ কৰাৰ বহু শতাব্দীৰ আগতেই এইদৰে ভাৰতবর্ষত এগৰাকী প্রাচীন ঋষিকাই পৰাশক্তি ৰূপী, সর্বব্যাপী এক পৰম সত্তাৰ কথা সজোৰে উপস্থাপন কৰিছিল।

পৰাশক্তিয়ে যেতিয়া মন্ত্রেৰে আত্ম প্রকাশ কৰে—ঋষিকা ৱাকদেৱীৰ “দেৱী সুক্তম্”

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings
Special Report

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

by Kakali Das
April 17, 2026
0

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings From Kenneth Arnold’s 1947 sighting to Area 51,...

Read moreDetails
চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

April 16, 2026
Hungary’s energy dependence on Russia: why It will be difficult even after the 2026 elections

Hungary’s energy dependence on Russia: why It will be difficult even after the 2026 elections

April 15, 2026
Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

April 14, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

April 14, 2026
Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

April 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
First Conference on Transitioning Away from Fossil Fuels

First Conference on Transitioning Away from Fossil Fuels

April 17, 2026
What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

April 17, 2026
Kuala Lumpur Declaration on Climate Justice

Kuala Lumpur Declaration on Climate Justice

April 16, 2026
Explosive Defiance in Tamil Nadu: CM MK Stalin Burns Delimitation Bill, Vows to Crush BJP’s ‘Black Law’

Explosive Defiance in Tamil Nadu: CM MK Stalin Burns Delimitation Bill, Vows to Crush BJP’s ‘Black Law’

April 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    30297 shares
    Share 12118 Tweet 7574
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12662 shares
    Share 5065 Tweet 3166
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    229 shares
    Share 92 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    136 shares
    Share 54 Tweet 34
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4267 shares
    Share 1707 Tweet 1067
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3607 shares
    Share 1443 Tweet 902
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    88 shares
    Share 35 Tweet 22
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    919 shares
    Share 368 Tweet 230
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    846 shares
    Share 338 Tweet 212
  • দেশে দেশে ফুটবল

    238 shares
    Share 95 Tweet 60
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d