• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস

ASSAMESE SECTION / Statistics Day

by Editor
June 29, 2025
in ASSAMESE SECTION, News
Reading Time: 3 mins read
0
ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস
Share on FacebookShare on TwitterShare on LinkedIn

ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস

মূল ইংৰাজী: মনজিৎ নাৰায়ণ ডেকা

ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস
অনুবাদ: তপনজিৎ ডেকা
Manjit Narayan Deka
মনজিৎ নাৰায়ণ ডেকা

“এটা মৃত্যু হৈছে এক ট্ৰেজেডী; এক নিযুত মৃত্যু হৈছে এক পৰিসংখ্যা” – জোচেফ ষ্টেলিন।

২৯ জুন তাৰিখতো ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ দিন হিচাপে মান্যতা দি “ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস” হিচাপে উদযাপনৰ বাবে ২০০৭ চনৰ ৫ জুন তাৰিখে ভাৰতৰ চৰকাৰে ৰাজপত্ৰিকা যোগে অধিসূচনা জাৰি কৰে ।

এই দিনতোতে ১৮৯৩ চনত ভাৰতীয় পৰিসংখ্যাৰ পিতৃ স্বৰূপ অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহলানবিছৰ কলিকতাত জন্ম হৈছিল।

ভাৰতৰ পৰিসংখ্যা আন্দোলনৰ পথ প্ৰদৰ্শক আৰু স্বাধীনোত্তৰ ভাৰতত অৰ্থনৈতিক পৰিকল্পনা আৰু পৰিসংখ্যাগত উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ উল্লেখযোগ্য অৱদানৰ বাবে আজি সমগ্ৰ দেশে ঊনবিংশতম ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰিবলৈ আয়োজন কৰিছে।

ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস

ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱসৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষ্য-জনসাধাৰণৰ মাজত ভাৰতীয় পৰিসংখ্যা ব্যৱস্থাক জনপ্ৰিয় কৰি তুলিবলৈ আৰু ভাৰতৰ পৰিসংখ্যাবিদসকলে আগবঢ়োৱা অসাধাৰণ বৰঙণিসমূহ স্বীকৃতি দিবলৈ আৰু মূল্যায়ন কৰিবলৈ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা।
 
পৰিসংখ্যা বিষয়তো হৈছে এক অন্তহীন জিজ্ঞাসা, অতীতৰ বিষয়ে অধ্যয়ন কৰি বৰ্তমানৰ অভিজ্ঞতাৰে প্ৰজ্বলিত হৈ ভৱিষ্যতৰ পথ পোহৰাবলৈ কৰা প্ৰচেষ্টা সম্ভৱত মানৱজাতিৰ আৰম্ভণিৰে পৰাই প্ৰচলিত হৈ আহিছে । এইছ. জি. ৱেলছে আধুনিক যুগত পৰিসংখ্যাগত সাক্ষৰতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে দুৰদৰ্শিতাৰ পৰিচয় দি উল্লেখ কৰিছিল, “দক্ষ নাগৰিকত্বৰ বাবে লিখা-পঢ়া যিমানেই প্ৰয়োজনীয় এদিন পৰিসংখ্যাগত চিন্তাধাৰাৰ সিমানে প্ৰয়োজন হ’ব ।”

ভাৰতত শাসনকলা হিচাপে চৰকাৰী প্ৰশাসনিক খতিয়নি ৰখাৰ এক অতি বিশদ ব্যৱস্থা খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ যুগতে আৰম্ভ হৈছিল যাৰ বৰ্ণনা ৰজা চন্দ্ৰগুপ্ত মৌৰ্য্যৰ ৰাজসভাৰ মন্ত্ৰী কৌটিল্য (চানক্য)ৰ ’অৰ্থশাস্ত্ৰ’ গ্ৰন্থত আৰু সম্ৰাট আকবৰ (অনুমানিক ১৫৯০ খ্ৰীষ্টাব্দ) ৰাজসভাৰ নব ৰত্নৰ এজন চেইখ আবু অল-ফজল বিন মুবাৰকে লিখা ’আইন-ই-আকবৰি’ গ্ৰন্থত লেশ পোৱা যায়।

পৰিসংখ্যা তত্ত্বৰ বিকাশৰ আধুনিক যুগ ১৮৯৩ পৰা ১৯০৩ দশকত ব্ৰিটিছ গণিতজ্ঞ কাৰ্ল পিয়াৰছনৰ মেধাৱী অৱদানৰ জৰিয়তে আৰম্ভ হোৱা বুলি ক’ব পাৰি। বৈজ্ঞানিক কৌশলৰ ক্ষেত্ৰসমূহত এনে কোনো মানৱীয় কাৰ্য্যকলাপ নাই য’ত অনুকূল সিদ্ধান্তৰ জৰিয়তে মূল্য সংযোজন কৰিবলৈ কৰা পৰিকল্পনাত পৰিসংখ্যাগত ধাৰণাসমূহ সঞ্চাৰিত আৰু তথ্যৰ দক্ষ বিশ্লেষণ আৰু ফলাফলৰ সঠিক নিৰূপণৰ প্ৰতিক্ৰিয়া আৰু নিয়ন্ত্ৰণত পৰিসংখ্যাগত পদ্ধতি ব্যৱহাৰ কৰিব নোৱাৰি।

বৰ্তমানে পৰিসংখ্যাই- বৈজ্ঞানিক গৱেষণা, উদ্যোগ, ব্যৱসায়, সাহিত্য, চিকিৎসা, পুৰাতত্ত্ব, আইনী-আদালত, প্ৰতিৰক্ষা আৰু চোৰাংচোৱা বিভাগ আদিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
 
জাতীয় আয় নিৰূপণ কৰাৰ ক্ষেত্ৰত ভাৰতত ঔপনিৱেশিক শাসনৰ অন্তত এৰি থৈ যোৱা তথ্যৰ ধাৰাবাহিকতাৰ বিশাল অভাৱ অনুভৱ কৰা হৈছিল । অৰ্থনৈতিক পৰিকল্পনাৰ বাবে এক শক্তিশালী তথ্যৰ বুনিয়াদ সৃষ্টিৰ প্ৰয়োজনীয়তা পৰিকল্পনাকাৰী আৰু নীতি নিৰ্ধাৰকসকলে তীব্ৰভাৱে অনুভৱ কৰিছিল।

ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যৱস্থাৰ বিশ্বাসযোগ্যতা, সময়োপযোগিতা আৰু পৰ্যাপ্ততা লাভ কৰিবলৈ ভাৰত চৰকাৰে ২০০৫ চনৰ ১জুন তাৰিখে এটা স্থায়ী ৰাষ্ট্ৰীয় সাংখ্যিকী আয়োগ (এন.এছ.চি.) গঠন কৰিছিল। পৰিসংখ্যাগত তথ্য উচ্চ মানসম্পন্ন কৰিবলৈ ৰাষ্ট্ৰীয় সাংখ্যিকী সন্থাৰ মূৰব্বী হিচাপে ভাৰতৰ মূখ্য-সাংখ্যিকীবিদ (চি.এছ.আই.) পদৰ সৃষ্টি কৰা হৈছিল আৰু লগতে তেখেতক পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ সচিব পদৰ দায়িত্ব দিয়া হৈছিল ।

পৰিসংখ্যাৰ পদ্ধতিগত বিকাশৰ গুৰুত্বপূৰ্ণ প্ৰযুক্তি আৰু পৰিসংখ্যা এটা পৃথক পাঠ্যক্ৰম হিচাপে অধ্যয়নৰ ভেটি গঢ়িবলৈ অধ্যাপক মহলানবিছে কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ এটা অংশত পৰিসংখ্যা পৰীক্ষাগাৰৰ কেন্দ্ৰ গঠন কৰিছিল য’ত তেওঁ এজন শিক্ষক মণ্ডলীৰ সদস্য আছিল।

এইটো পিছলৈ ১৯৩১ চনত বিখ্যাত ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই.এছ.আই.) লৈ পৰিণত হয় আৰু ১৯৫৯ চনত ভাৰতীয় সংসদে আইন যোগে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানলৈ উন্নীত কৰে। বিশ্বপ্ৰসিদ্ধ মৌলিক আৰু ব্যৱহাৰিক পৰিসংখ্যা গৱেষক ছাৰ ৰ’নাল্ড আইলমাৰ ফিচাৰে আৰম্ভনি বছৰবোৰত আই.এছ. আইক সবল ৰূপ দিয়াত মহলানবিছক সহযোগ কৰছিল আৰু বিভিন্নতাৰ মাজত একতা বুজাবলৈ তেখেতে আই.এছ. আইক বহু শাখা যুক্ত বটগছৰ লগত তুলনা কাৰিছিল।

ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস

প্ৰতিষ্ঠাপক-সম্পাদক হিচাপে অধ্যাপক মহলানবিছে পৰিসংখ্যা সম্পৰ্কীয় ইণ্ডিয়ান জাৰ্নেল-’সংখ্যা’ (জুন ১৯৩৩) প্ৰকাশ কৰে। ভাৰতৰ ২য় পাঁচ বছৰীয়া পৰিকল্পনা প্ৰস্তুত কৰাত মহলানবিছে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ছাৰ আৰ. এ. ফিচাৰে ইম্পেৰিয়েল (বৰ্তমানে ইন্ডিয়ান) কাউন্সিল অব এগ্ৰিকালচাৰেল ৰিচাৰ্ছ (আই.চি.এ.আৰ.)ৰ প্ৰতিস্থাৰ বছৰত (১৯২৯) তেওঁলোকৰ পৰিসংখ্যাৰ কামত সহায় কৰিবলৈ পৰামৰ্শদাতা হিচাপে মহলানবিছৰ নাম প্ৰস্তাৱ কৰিছিল।

 অধ্যাপক মহলানবিছে কলিকতা বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ তথ্যসমূহ বিশ্লেষণ কৰি পৰিসংখ্যাগত সমস্যাৰ ওপৰত প্ৰথম কাম আৰম্ভ কৰে। D2-পৰিসংখ্যাৰ (মহলানবিছ সৰলীকৰণ দূৰত্ব নামেৰে জনাজাত) ওপৰত কৰা ‘টেষ্ট এণ্ড মেজাৰছ অৱ গ্ৰুপ ডাইভাৰজেন্স’ শীৰ্ষক মূল গৱেষণা পত্ৰখন পৰিসংখ্যাগত পদ্ধতিসমূহৰ বাবে কৰা মহলানবিছৰ অন্যতম মূল অৱদান আছিল আৰু ইয়াক গোটৰ মাজত পাৰ্থক্য বা সম্পৰ্কৰ পৰিসৰ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।

নৃতত্ত্ব, বায়’মেট্ৰি, জনসংখ্যাতত্ত্ব, জেনিটিক্স, ইকন’মেট্ৰিক্স, ভূতত্ত্ব, মনোবিজ্ঞান আদিত D2-পৰিসংখ্যা হৈছে আন্তঃসম্পৰ্কৰ পৰিসৰ জুখিবলৈ অতি উপযোগী আহিলা। ছাৰ আৰ. এ. ফিচাৰে ৰূপাংকন কৰা ব্যৱহাৰিক পৰিসংখ্যাগত কৃষি পৰীক্ষাৰ প্ৰয়োগৰ কৌশল ভাৰতত প্ৰথমবাৰৰ বাবে কৃষি সমীক্ষাত মহলানবিছেই প্ৰৱৰ্তন কৰিছিল।
নমুনা সমীক্ষাৰ সৌন্দৰ্য্যতা হ’ল- মহাসাগৰ এখনৰ বিষয়ে এটোপাল পানীৰ পৰা জ্ঞান আহাৰণ কৰিব পাৰাতো।

এইটো উপলব্ধিয়ে অধ্যাপক মহলানবিছক তেওঁৰ অৱদান সমূহৰ ভিতৰত উল্লেখযোগ্য আৰু স্থায়ী গৱেষণা-’বৃহৎ পৰিসৰত নমুনা জৰীপ’ গঢ়ি তোলাত সহায়ক হৈছিল । ছাৰ আৰ. এ. ফিচাৰে ভাৰতত নমুনা জৰীপ পদ্ধতিৰ বিকাশৰ প্ৰবলভাৱে সমৰ্থন আগবঢ়াইছিল। নমুনা সংগ্ৰহৰ পদ্ধতিত অধ্যাপক মহলানবিছৰ তিনিটা মূল অৱদান আছিল-

১) প্ৰাৰম্ভিক জৰীপ পদ্ধতি ২) ইন্তাৰ-পেনিত্ৰেতিং নেটৱৰ্কিং নমুনা জৰীপ (আই.পি.এন.এছ.) আৰু ৩) আটাইতকৈ সুবিধাজনক পৰিকল্পনাৰ ধাৰণাৰে নমুনা জৰীপ কৰা।

অধ্যাপক মহলানবিছৰ নিজৰ সৃষ্টি ‘ৰাষ্ট্ৰীয় নমুনা জৰীপ’ কেৱল এটা অগ্ৰণী প্ৰতিষ্ঠানে নহয়, ই ভাৰত চৰকাৰৰ এটা প্ৰধান তথ্য সন্ধানকাৰী সংস্থা যিয়ে দেশজুৰি পৰিসংখ্যাৰ ক্ষেত্ৰত বৃহৎ পৰিসৰত নমুনা জৰীপ পৰিচালনা কৰে । ভাৰতত গুৰুত্বপূৰ্ণ উন্নয়নমূলক পৰিকল্পনাৰ বাবে আৰু তথ্য প্ৰবাহৰ বাবে বিভিন্ন বিষয় সামৰিলৈ অবিৰত ভাবে কৰা ’নমুন জৰীপ’ বিশ্বৰ সৰ্ববৃহৎ সংগঠন হিচাপে গণ্য কৰা হয়। যাৰ লক্ষ্য- “বিকাশৰ বাবে তথ্য” ।
 
আজিৰ এই শুভ দিনটোত বিশ্ববৰেণ্য অসমীয়া পৰিসংখ্যাবিদ ড০ জ্যোতি প্ৰসাদ মেধি, ডি.এছ.চি., ছাৰক অসমৰ জনসাধাৰণে গৌৰৱেৰে আৰু শ্ৰদ্ধাৰে সুৱঁৰিছে। পৰিসংখ্যা বিজ্ঞান সম্পৰ্কীয় গৱেষণাত তেখেতৰ অৱদানৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল । তেখেত এগৰাকী প্ৰতিভাসম্পন্ন অসাধাৰণ জ্ঞান আৰু বুদ্ধিৰ ব্যক্তি আছিল।

Jyoti p medhi
ড০ জ্যোতি প্ৰসাদ মেধি

তেখেতে পেৰিছ বিশ্ববিদ্যালয়ৰ পৰা ডি.এছ.চি. ডিগ্ৰী লাভ কৰিছিল। কৃষ্ণকান্ত সন্দিকৈদেৱৰ পিছতে ফৰাছী ভাষাত গৱেষণা কৰা ডাঃ মেধি আছিল দ্বিতীয়জন অসমীয়া। তেখেতৰ “Waiting time distribution for Bulk-queues‘’ গৱেষণা পত্ৰখন নিঃসন্দেহে সৰ্বশ্ৰেষ্ঠ মৌলিক সৃষ্টি আছিল। উচ্চ ব্যক্তিত্বৰ বিশ্বজনীন শৈক্ষিকজনাই ’সম্ভাৱিতা তত্ত্বৰ” ’গুৰু’ হিচাপে আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি পাইছিল আৰু বিশ্বৰ মানচিত্ৰত অসমৰ পৰিচয় প্ৰতিষ্ঠা কৰিছিল।

তেখেতৰ গ্ৰন্থ ‘ষ্ট’কাষ্টিক প্ৰ’চেছেজ’ বিশ্বৰ প্ৰায় সকলো বিশ্ববিদ্যালয়ত পাঠ্যপুথি হিচাপে সমাদৃত। বিখ্যাত অসমীয়া লেখক ‘সৌৰাভ কুমাৰ চালিহা’ দেৱে লিখা ‘অশান্ত ইলেক্ট্ৰন’ কিতাপখন তেখেতৰ ভাগিন ডাঃ মেধিৰ বাবে উৎসৰ্গা কৰিছিল।

মনজিৎ নাৰায়ণ ডেকা/ ভ্ৰাম্যভাষ:–8638148495

29-06-2025

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
July 19, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

July 19, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d