• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

পৰিৱেশ সংৰক্ষণত নাৰী

ASSAMESE SECTION

by Manas Pratim Dutta
May 24, 2026
in ASSAMESE SECTION
Reading Time: 5 mins read
0
পৰিৱেশ সংৰক্ষণত নাৰী

hand holding tree on blur green nature background. concept eco earth day

Share on FacebookShare on TwitterShare on LinkedIn

পৰিৱেশ সংৰক্ষণত নাৰী

মানস প্রতিম দত্ত

Manas Pratim Dutta
মানস প্রতিম দত্ত

পৰিৱেশক নাৰীৰ সৈতে তুলনা কৰা হয়৷ পৰিৱেশ নাৰীৰ দৰে মমতাময়ীও৷ 

পৃথিৱীত বহুকেইগৰাকী নাৰীয়ে পৰিৱেশ সুৰক্ষাৰ হকে মাত মাতি আন বহুজনৰ বাবে আদৰ্শ হিচাপে ঠিয় দিছে৷ 

তেনেকেইগৰাকীমানৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে এই লেখাত আলোকপাত কৰিব খোজা হৈছে৷ প্ৰকৃতি প্ৰেমৰ কথা ক’লেই আমাৰ মনলৈ প্ৰথমে আহে চিপ‌কো আন্দোলনৰ কথা৷

 চিপকো শব্দৰ অৰ্থ হ’ল সাৱটি ধৰা৷ সত্তৰ দশকত আৰম্ভ হোৱা এই আন্দোলন কেৱল এক আন্দোলন নহয়, ই ভাৰতবৰ্ষৰ প্ৰতিজন মানুহক শিকাই যোৱা প্ৰকৃতি প্ৰেমৰ আদিপাঠ৷ সেই সময়ৰ অবিভক্ত উত্তৰ প্ৰদেশৰ তথা বৰ্তমানৰ উত্তৰাঞ্চলৰ এখন ৰেণী গাঁৱৰ গাঁওবাসীয়ে ওচৰৰ অৰণ্যৰ পৰা খৰি, ফলমূল আদি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিছিল৷ 

এবাৰ এজন ঠিকাদাৰে সেই অৰণ্যৰ পৰা গছ কাটিবলৈ আহোঁতে গাঁৱৰ মহিলা মণ্ডলে গৌৰা দেৱীৰ নেতৃত্বত গছবোৰ সাৱটি ধৰি থাকিল আৰু গছবোৰ কটাত বাধা দিলে৷ ফলত ঠিকাদাৰ উভতি যাবলৈ বাধ্য হ’ল৷ চিপ্‌কো আন্দোলনৰ দৰেই অন্য এক আন্দোলন হৈছিল ১৮শতিকাত, ৰাজস্থানৰ প্ৰসন্ন খামকাৰ গাঁৱত৷ ৰজাই এটা দুৰ্গ সাজিবলৈ কাঠৰ প্ৰয়োজন হোৱাত বিষ্ণৈ সম্প্ৰদায় বাস কৰা গাঁওখনৰ কাষৰ অৰণ্যৰ পৰা গছ কাটিবলৈ নিৰ্দেশ দিছিল৷

 কিন্তু গাঁৱৰ মানুহে অমৃতা দেৱীৰ নেতৃত্বত গছবোৰ বচাবলৈ গছবোৰ সাৱটি ধৰি আছিল৷ ফলত গছ কাটিবলৈ অহা সৈন্য সামান্তই সেই ঠাইৰ পৰা উভতি যাবলগীয়া হৈছিল৷ এই কাৰ্যত ৰজাৰ খং উঠিল আৰু যেনেকৈ নহ’লেও গছ কাটি কাঠ আনিবলৈ নিৰ্দেশ দিয়ে৷ উপায়হীন সৈন্য বাহিনীয়ে গাঁওবাসীক আক্ৰমণ কৰে আৰু প্ৰায় ৩৬৩ গৰাকী বিষ্ণৈ সম্প্ৰদায়ৰ আবাসীয়ে খেজৰী গছ ৰক্ষা কৰি প্ৰাণ দিবলগীয়া হৈছিল৷ 

পৰিৱেশ সংৰক্ষণত হাক্কানি জনজাতিৰ এগৰাকী মহীয়সী নাৰী তুলসী গৌড়াৰ ভূমিক সদায়ে প্রাত:স্মৰণীয় হৈ থাকিব। কৰ্ণাটকৰ উত্তৰ কানাড়াত অন্যান্য জাতি-জনগোষ্ঠীৰ লগতে বসবাস কৰে এটি অন্যতম জনজাতি হাক্কানিসকল৷ হাহাক্কানি জনজাতিৰ গাঁও খনতে ১৯৪৪ চনত জন্ম গ্ৰহণ কৰে এগৰাকী কণমানিয়ে৷ মাক-দেউতাকে নাম ৰাখে তুলসী৷ 

ভাৰতীয় জনসমাজত ঔষধি গছ হিচাপে পৰিচিত তুলসী গছৰ নামৰ সৈতে জড়িত এইগৰাকী চিৰতৰুণীয়ে লাভ কৰিছে ২০২০বৰ্ষৰ সন্মানীয় পদ্মশ্রী সন্মান৷ ৮ নৱেম্বৰ ২০২১ তাৰিখে সেই সময়ৰ ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ হাতৰ পৰা পদ্ম সন্মান গ্ৰহণ কৰাৰ পাছৰে পৰা দেশবাসীৰ মাজত তেনেই এটি চিনাকি আৰু অনুপ্ৰেৰণাদায়ক ব্যক্তিত্ব হিচাপে পৰিচিত হৈ পৰা তুলসীৰ পিতৃমাতৃ খুবেই দুখীয়া আছিল৷ 

মাত্ৰ দুবছৰ বয়সতে পিতৃক হেৰুৱাই নিঠৰুৱা হৈ পৰা তুলসীয়ে কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা লাভ কৰিবলৈ সক্ষম নহ’ল৷ অতি কম বয়সতে মাকৰ লগত কৰ্ণাটকৰ এখন স্থানীয় নাৰ্চাৰীত কাম কৰিবলৈ আৰম্ভ কৰে৷ অতি কম বয়সতে [আনুমানিক ১০-১২ বছৰ বয়সত] গোবিন্দ গৌড়াৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা  তুলসীয়ে ৫০ বছৰ বয়সত স্বামীক হেৰুৱায়৷ 

নাৰ্চাৰীত কাম কৰাৰ পাছত তেওঁ অস্থায়ীভাৱে বনবিভাগৰ চাকৰিত যোগদান কৰে৷ প্ৰথমাৱস্থাত স্বেচ্ছাসেৱক হিচাপে যোগদান কৰা তুলসীৰ কৰ্ম-স্পৃহা আৰু প্ৰকৃতিৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই তিনি দশকৰ পাছত স্থায়ী চাকৰি লাভ কৰিবলৈ সক্ষম হয়৷ নাৰ্চাৰী আৰু বনবিভাগত কাম কৰা অভিজ্ঞতাৰে তেখেতে অৰণ্য আৰু বনবননি সম্পৰ্কে অপৰিসীম জ্ঞান লাভ কৰে৷ 

পৰিৱেশ সংৰক্ষণত নাৰী
Photo by Kazi Omar Sany on Pexels.com

এই বাবেই তেখেতক সমগ্ৰ বিশ্বই সম্প্ৰতি অৰণ্যৰ বিশ্বকোষ বা এনচাইক্ল’পেডিয়া অব্‌ ফৰেষ্ট হিচাপে চিনি পায়৷ ইয়াৰ উপৰিও স্থানীয় জনগণৰ মাজত তেখেত বৃক্ষদেৱী নামেৰে অধিক পৰিচিত৷ তুলসীয়ে অৰণ্যভূমিৰ প্ৰতিটো প্ৰজাতিৰ মূল মাতৃ উদ্ভিদক যিকোনো স্থানতে চিনাক্ত কৰিব পৰা জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছে৷ যোৱা ছয় দশক ধৰি প্ৰকৃতি সংৰক্ষণৰ সৈতে জড়িত গৌড়াই গছপুলি ৰোপণৰ জৰিয়তে জনসচেতনতা বৃদ্ধিৰো উদ্যোগ লৈছে৷ 

পৰিৱেশ প্ৰকৃতিৰ প্ৰতি তুলসীয়ে আগবঢ়োৱা নিৰৱচ্ছিন্ন সেৱাৰ বাবে ১৯৯৯ চনত কৰ্ণাটকৰ দ্বিতীয় সৰ্বোচ্ছ অসামৰিক সন্মান কৰ্ণাটক ৰাজ্যোৎসৱ সন্মান লাভ কৰিছিল৷ ইয়াৰ উপৰিও ১৯৮৬ চনত তেওঁ ইন্দিৰা প্ৰিয়দৰ্শিনী বৃক্ষমিত্ৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল৷ 

চিম্পাঞ্জী

ওচৰলৈ যাবলৈ সাধাৰণতে ভয় কৰা মানুহৰ বিপৰীতে ইয়াৰ অধ্যয়ন আৰু সংৰক্ষণৰ বাট মোকলাইছিল এগৰাকী নাৰীয়ে।

 ১৯৩৪ চনৰ কথা৷ এগৰাকী কণমানিৰ কান্দোনৰ শব্দত হাঁহি বিৰিঙি উঠিছিল মাকদেউতাকৰ মুখত৷ কাৰণ ঘৰখনলৈ আহিছিল মৰমলগা পুতলা যেন এগৰাকী কণমানি৷ অৱশ্যে তেওঁৰ বয়সৰ শিশুসকলতকৈ ব্যতিক্ৰম নাছিল৷ কণ কণ শিশুবিলাকে পুতলা লৈ খেলি থকাৰ দৰে তেৱোঁ পুতলাৰ সৈতে খেলি ভাল পাইছিল৷  পুতলাক লৈ তাইৰ কিমান যে ব্যস্ততা! 

তাইৰ ব্যস্ততা দেখি মাকদেউতাকে অপাৰ আনন্দ লাভ কৰে৷ এদিনাখনৰ কথা৷ দেউতাকে তাইক উপহাৰ দিলে এটা পুতলা৷ চিম্পাঞ্জীৰ পুতলা৷ পুতলাটো দেখি  লিৰিকি বিদাৰি চাবলৈ ধৰিলে৷ পুতলাটো দেখোন মানুহৰ দৰে দেখিবলৈ একে৷ এইটো বাৰু কেনেকুৱা পুতলা! পুতলাৰ সৈতে খেলি ভালপোৱা ছোৱালীজনী লাহে লাহে বৰ এজনী হ’ল যদিও সেই পুতলাটোৱে কণমানিজনীৰ মনত গভীৰ সাঁচ বহুৱাই থৈ গ’ল৷ সেয়ে তেওঁ অধ্যয়নৰ বাবেও বাচি ল’লে চিম্পাঞ্জীকে৷

 তেতিয়া তেওঁৰ বয়স ২৬ বছৰ৷ চন ১৯৪০৷ হাতত কলম বহী লৈ তাঞ্জিনীয়াৰ গম্বে ষ্ট্রীম ৰাষ্ট্রীয় উদ্যান পালেগৈ৷ আৰম্ভ কৰিলে চিম্পাঞ্জীৰ অধ্যয়ন৷ মানুহৰ  সবাতোকৈ ওচৰৰ প্ৰাণী চিম্পাঞ্জীৰ ক্ষেত্ৰত তেওঁ লক্ষ্য কৰিলে যে মানুহৰ দৰেই চিম্পাঞ্জীবোৰো সৰ্বভক্ষী৷ ইহঁতে মাংস আৰু তৃণ খাদ্য হিচাপে ব্যৱহাৰ কৰে৷ তেওঁ এই কথাও আৱিষ্কাৰ কৰিছিল যে ইহঁতে আহিলা প্ৰস্তুতিৰ লগতে জটিল সামাজিক চৰিত্ৰও প্ৰকাশ কৰে৷ 

চিম্পাঞ্জী বিষয়ক প্ৰায় ৪০ বছৰজোৰা গৱেষণা আৰু অধ্যয়নপুষ্ট এই বিজ্ঞানীগৰাকীয়েই আছিল জেন গুডল৷ জেন আছিল চিম্পাঞ্জী সংৰক্ষণ আন্দোলন আৰু  সজাগতাৰ এগৰাকী গুৰুত্বপূৰ্ণ প্ৰচাৰক৷ কিয়ট’ পুৰস্কাৰ, হাবাৰ্ড মেডেল আদিৰে সন্মানিত জেনৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হ’ল ১৯৬৬ চনত প্ৰকাশিত ‘বিহেভিয়েৰ অব্‌ ফ্ৰী লিভিং চিম্পাঞ্জীচ্’৷ 

পৰিৱেশ সংৰক্ষণত নাৰী
Photo by Francesco on Pexels.com

জেনৰ দৰে সমবয়সীয়া পৰিৱেশকৰ্মী হ’ল বাইৰুট গালডিকাছ৷ ১৯৪৬ চনৰ ১০ মে’ তাৰিখে জাৰ্মানীত গালাডিকাছৰ জন্ম হৈছিল যদিও জন্মৰ পাছতে ল’ৰালি  কালচোৱা কানাডাত কটাবলগীয়া হৈছিল৷ পাছলৈ সিহঁতৰ পৰিয়ালটো আমেৰিকালৈ গুচি যায়৷ গালডিকাছে লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত নৃতত্ত্ব  অধ্যয়নৰ বাবে নামভৰ্ত্তি কৰে৷ বিশ্ববিদ্যালয়ত অধ্যয়নৰ বেলিকা গালাডিকাছে মানৱ আচৰণবাদ অধ্যয়নৰ প্ৰতি আগ্ৰহী হৈ উঠে৷ 

মানুহৰ আচৰণৰ বিষয়ে অধ্যয়নৰ বাবে তেওঁ স্তন্যপায়ী জীৱ-জন্তু অধ্যয়নৰ প্ৰতি মন মেলে৷ এইক্ষেত্ৰত লুই লিকি নামৰ কেনিয়াৰ এগৰাকী নৃতত্ত্ববিদ কাম-কাজৰ দ্ৰাৰা তেওঁ অনুপ্ৰাণিত হৈছিল৷ লিকি কেৱল গালাডিকাছৰে নহয় বৰং জেন গুডলৰো প্ৰেৰণাৰ অমল উৎস আছিল৷ তেওঁৰ তত্ত্বাৱধানতে জেন গুডল আৰু ডায়েন ফ’ছিয়ে চিম্পাঞ্জী আৰু পৰ্বতীয়া গৰিলা সম্পৰ্কে অধ্যয়ন কৰিছিল৷

 গতিকে অভিজ্ঞ তত্ত্বাৱধায়ক লিকিক অনুৰোধ কৰে যে তেওঁ সুমাত্ৰা আৰু বৰ্ণিঅ’ৰ বৈচিত্র্যময় ওৰাং-ওটাঙৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰে৷  সেই সময়ত ওৰাং-ওটাং আছিল বহুতৰ বাবে এবিধ ৰহস্যময় প্ৰাণী৷ গতিকে এই প্ৰাণীবিধৰ বিষয়ে অধ্যয়ন কৰাটো দুৰূহ কাম বুলিয়ে সেই সময়ৰ বিজ্ঞানীসকলে ভাবিছিল৷ কিন্তু  গালাডিকাছ আছিল নাচোৰবান্দা৷

 ১৯৭১ চনত তেওঁ স্বামী ৰড ব্ৰিণ্ডামৌৰৰ সৈতে ইণ্ডোনেছিয়াৰ বৰ্ণিওৰ এটা বিচ্ছিন্ন অংশত উপস্থিত হয় আৰু তাৰে এখন নদীৰ পাৰত কেম্প লিকি নামেৰে এটা শিবিৰ স্থাপন কৰে৷ সেই শিবিৰৰ পৰাই গালাডিকাছে ওৰাংওটাং অধ্যয়নৰ প্ৰাথমিক কামকাজ আৰম্ভ কৰে৷ ওৰাংওটাঙৰ গৱেষণাৰ বাবে প্ৰথমবাৰ ইণ্ডোনেচিয়াৰ অৰণ্যলৈ যাওঁতে বহুতো সমস্যাৰ সন্মুখীন হৈছিল৷ থাকিব পৰাকৈ নাছিল ভাল স্থান, চৌপাশে বিষাক্ত উদ্ভিদ, ভাইৰাছ আৰু হিংস্ৰ জীৱৰ আক্ৰমণৰ বলি হোৱাৰ ভয়৷ বহুতে সেই সময়ত এই কথাও ক’বলৈ আৰম্ভ কৰিছিল যে তেওঁ ওৰাং-ওটাং সম্পৰ্কে গৱেষণা কৰাত সফল হোৱাটো অসম্ভৱ৷ অৱশ্যে লাহে লাহে তেওঁ ওৰাং-ওটাঙৰ সৈতে একাত্ম হৈ পৰিছিল৷

পৰিৱেশ সংৰক্ষণত নাৰী
Photo by Public Domain Pictures on Pexels.com

 তেওঁ মূলতঃ ওৰাংওটাঙৰ জীৱন চক্ৰ, সামাজিকীকৰণ কৌশল আদি অধ্যয়ন আৰু আয়ত্ত কৰিছিল৷ গালাডিকাছৰ গৱেষণাত আৰু এই কথাও পোহৰলৈ আহে যে, স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত ইহঁতৰ জন্মৰ ব্যৱধান সবাতোকৈ দীঘলীয়া৷ ইহঁতে জ্জ্ব বছৰৰ মূৰে মূৰেহে একোটাকৈ পোৱালি জগায়৷ গালাডিকাছৰ মতে ওৰাং  ওটাং হ’ল দীৰ্ঘজীৱী স্তন্যপায়ী জীৱ যিবোৰে অতি লাহে লাহে বংশবৃদ্ধি কৰে৷ 

গালাডিকাছৰ অধ্যয়নৰ পূৰ্বে ওৰাংওটাঙবোৰ অকলশৰীয়া বুলি ধাৰণা কৰা হৈছিল৷ গালডিকাছে ওৰাংওটাঙৰ সামাজিকীকৰণ বৈশিষ্ট্যৰ কথা প্ৰকাশ কৰে৷ 

গালাডিকাছে কয় ওৰাংওটাঙবোৰে যেতিয়া মাকক লগ কৰিবলৈ যায়, তেতিয়া তেওঁলোকে যথেষ্ট মিলাপ্ৰীতিৰে সময় অতিবাহিত কৰে৷ অৱশ্যে বয়স বঢ়াৰ লগে লগে তেওঁলোক ক্ৰমান্বয়ে নিসংগ হৈ পৰে৷ বাইৰুট গালডিকাছে ১৯৯০ চনত পেটাৰ হিউমেনেটেৰিয়ান বঁটা, ১৯৯৩ চনত ৰাষ্ট˜সংঘৰ গ্ল’ৱেল ৫০০ বঁটা, ১৯৯৭ চনত ইণ্ডোনেচিয়াৰ কল্পতৰু সন্মান লাভ কৰিছে৷ 

পৰিৱেশ সুৰক্ষাত আৰু বহনক্ষম বিশ্ব গঢ়াত গছপুলি ৰোপণে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে

গছপুলি ৰুই বৃক্ষমাতৃ হিচাবে পৰিচিত হৈ পৰা এগৰাকী পৰিবেশকৰ্মী হ’ল চালুমাৰাডা থিমাক্কা৷ কানাড়া ভাষাত চালুমাৰাডা শব্দৰ মূল অৰ্থ হ’ল– গছৰ শাৰী ৷ গছৰ শাৰী শব্দৰ এই অৰ্থৰ দৰেই শাৰী শাৰী গছপুলি ৰুই বৃক্ষমাতৃ হিচাবে পৰিচিত হৈ পৰা এগৰাকী পৰিবেশকৰ্মী হ’ল চালুমাৰাডা থিমাক্কা৷ মাতৃত্বৰ উমাল মৰমেৰে প্ৰায় ৮০০০ৰো অধিক বৃক্ষৰ লালনপালন কৰি বৃক্ষমাতৃৰূপে পৰিচয় দিছে কৰ্ণাটকৰ চালুমাৰাডা থিমাক্কাই৷ থিমাক্কাৰ জন্মৰ চন সম্পৰ্কে সঠিক  তথ্য পোৱা নাযায় যদিও ১৯১০-ৰৰ চনৰ ভিতৰতে তেখেতৰ জন্ম বুলি অনুমান কৰা হয়৷ 

কম বয়সতে বিক্কলা চিক্কায়া নামৰ এজন গোপালকলৈ বিয়া হোৱা থিমাক্কাই সন্তান জন্ম দিব নোৱাৰা বাবেই স্বামীৰ পৰিয়ালৰ পৰা নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ পত্নীৰ ওপৰত এই নিৰ্যাতন চিক্কায়াই সহ্য কৰিব পৰা নাছিল৷  

দুয়োৱে সিদ্ধান্ত ল’লে যে, তেওঁলোকৰ সন্তান নাই তাতে কি হ’ল/ সাধ্যানুসৰি তেওঁলোকে গছপুলি ৰুব আৰু লালন-পালন কৰিব৷ তেওঁলোক গছপুলিৰ পিতৃ-মাতৃ হৈ পৰিব৷ স্বামীৰ সৈতে লগ লাগি থিমাক্কাই প্ৰথম বছৰ ১০ জোপা, দ্বিতীয় বছৰ ১৫ জোপা আৰু তৃতীয় বছৰ ২০ জোপা বটবৃক্ষৰ পুলি ৰোপণ কৰিলে৷ দিনহাজিৰা কৰি উভতি আহি দুয়ো সদায় ৪ কিঃমিঃ খোজ কাঢ়ি গৈ গছপুলিসমূহত পানী দিয়ে, পশুৰ পৰা ৰক্ষা পাবৰ বাবে বেৰাও  দিয়ে৷ 

মুঠতে লালনপালনৰ সম্পূৰ্ণ দায়িত্ব সাদৰেৰে পালন কৰিবলৈ ধৰিলে৷ ১৯৯১ চনত চিক্কায়াৰ মৃত্যু হয়৷ চিক্কায়াৰ মৃত্যুৰ পাছত তেওঁ পুনৰ চাৰিওফালে অন্ধকাৰ যেন দেখিবলৈ ধৰে৷ ক্ষুধা নিবাৰণৰ বাবে দিনহাজিৰা কৰিবলৈ গৈ তেওঁ গছক সময় দিব নোৱাৰা অৱস্থা হ’ল৷ ইতিমধ্যে তেওঁলোকে ৰোপণ কৰা পুলিসমূহ লহপহকৈ বাঢ়ি আহিছিল৷ তেওঁলোক দুয়োৰে গছপুলি ৰোপণৰ কাহিনী মানুহৰ মাজত বিয়পি পৰিল৷ ভিন্ন সংগঠনেও তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিল৷

brown photo of girl standing near tree
Photo by David McEachan on Pexels.com

 সহায়ৰ হাত পাই তেওঁ পুনৰ গছপুলি ৰোপণৰ সৈতে জড়িত হৈ পৰিল৷ ২০১৬ চনত BBCএ প্ৰস্তুত কৰা ১০০ গৰাকী অনুপ্ৰেৰণাদায়ক মহিলাৰ এগৰাকী হিচাপে স্থান লাভ কৰিছে৷ ১৯৯৫ চনত জাতীয় নাগৰিক সন্মান, ১৯৯৭ চনত ইন্দিৰা প্ৰিয়দৰ্শিনী বৃক্ষমিত্ৰ বঁটা, ১৯৯৭ চনত বীৰচক্ৰ প্ৰশস্থি বঁটা, ২০০০ চনত কৰ্ণাটকা কল্পভল্লী বঁটা, ২০১৫ চনত বিশ্বত্থমা বঁটা ২০১৯ চনত পদ্মশ্রী সন্মান আদি সন্মানেৰে সন্মানিত হৈছে৷ 

উদ্ভিদ ৰক্ষাৰ বাবে স্থিতপ্ৰজ্ঞ নাৰীৰ কথা ক’বলৈ গ’লে আমাৰ মনলৈ প্ৰথমে আহে জুলিয়া হিলৰ নাম৷ জুলিয়াৰ সম্পূৰ্ণ নাম – জুলিয়া ল’ৰৰেইন হিল৷ ১৯৭৪ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে মিছৌৰীৰ মাউণ্ট ভাৰ্ননত জুলিয়া হিলৰ জন্ম হৈছিল৷ দেউতাকৰ কৰ্মসূত্ৰে জুলিয়াহঁতৰ পৰিয়ালটো বিভিন্ন ঠাই ঘূৰি ফুৰিবলগীয়া হৈছিল৷ বিভিন্ন ঠাইলৈ যাওঁতে তেওঁলোকে বহু জান-জুৰি, পাহাৰ অতিক্ৰম কৰিবলগীয়াও হৈছিল৷ 

জানজুৰি, পাহাৰৰ  শ্যামলীমাই জুলিয়াক মুহি পেলাইছিল৷ জুলিয়াৰ ঘৰত মতা মৰমৰ নাম আছিল বাটাৰফ্লাই [পখিলা]৷ এই নামৰ আঁৰতো এটি কাহিনী আছে৷  এবাৰৰ কথা৷ জুলিয়াই খোজ কাঢ়ি ঘূৰি ফুৰোতে হঠাতে এটা পখিলা আহি জুলিয়াৰ হাতৰ আঙুলিত পৰিল৷ পখিলাটো বহু সময়লৈকে তাইৰ আঙুলিৰ পৰা আঁতৰি যোৱা নাছিল৷ তাকে দেখি সিদিনাৰ পৰা সকলোৱে জুলিয়াক বাটাৰফ্লাই বুলি মৰমতে মাতিবলৈ আৰম্ভ কৰে৷ 

পাছলৈ জুলিয়া বাটাৰফ্লাই হিল নামেৰে অধিক পৰিচিত হৈ পৰিছিল৷ কেলিফৰ্ণিয়াত পোৱা এবিধ মূল্যৱান গছ হ’ল ৰেডউদ গছ৷ এই গছবিধ পৃথিৱীৰ ভিতৰত পোৱা ওখ গছবোৰৰ ভিতৰত অন্যতম৷ কেলিফৰ্ণিয়াক প্ৰাকৃতিকভাৱে সমৃদ্ধ কৰা এবিধ উদ্ভিদ৷ পেচিফিক লাম্বাৰ কোম্পানী নামৰ এটা কোম্পানীয়ে বাণিজ্যিক কাৰণত এই মূল্যৱান ৰেডউড গছ কাটিবলৈ আৰম্ভ কৰিছিল৷

 কোম্পানীয়ে কাটিবলৈ লোৱা ৰেডউদ গছবোৰৰ মাজত প্ৰায় ১০০০ বছৰীয়া এজোপা গছ আছিল৷ এই গছজোপা ৰক্ষা কৰিবলৈ বহু স্থানীয় সচেতন লোক আৰু  EarthFirst নামৰ সংৰক্ষণকামী গোষ্ঠীটোৱে চিন্তা চৰ্চা কৰে৷ প্ৰায় ২০০ ফুট ওখ প্ৰকাণ্ড গছজোপাক লুনা নামেৰে নামকৰণ কৰি ৰাইজৰ মাজত জনমত গঢ়াৰ  উদ্যোগ লোৱা হৈছিল৷

 ইয়াৰ সমান্তৰালভাৱে তেওঁলোকে গছজোপাৰ ওপৰত এখন চাং সাজি তাতে পাল পাতি থাকিবলৈ আৰম্ভ কৰে, যাতে গছজোপা কটাত বাধা দিব পাৰে৷ প্ৰবল জনমতেৰ অবিহনে এই গছজোপাক কটাৰ পৰা ৰক্ষা কৰাটো সেই সময়ত অসম্ভৱ আছিল৷ সেয়া আছিল শীতকালৰ কথা৷ প্ৰচণ্ড শীতে চাঙত পাল পাতি থকা ব্যক্তিসকলৰ মাজত অসুবিধাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে৷ সেই সময়তে তেওঁলোকৰ সৈতে লগ দিয়েহি জুলিয়াই৷ 

green grass near trees
Photo by Luis Dalvan on Pexels.com

১৯৯৭ চনৰ ১০ ডিচেম্বৰ তাৰিখে জুলিয়াই প্ৰথমবাৰৰ বাবে আৰ্থ ফার্ষ্টৰ কৰ্মীসকলৰ সৈতে চাঙত উঠে যদিও শীতৰ প্ৰকোপত তেওঁ পাছদিনৰ পাছতে চাঙৰ পৰা নামি আহিবলৈ বাধ্য হয়৷ কিন্তু ইয়াৰ লগে লগে জুলিয়াই এই বিষয়ে চিন্তা কৰি ঠিক কৰিলে যে সংৰক্ষণকামী ব্যক্তিসকলে চাঙত থাকিবলৈ অসুবিধা পাই যদি এনেদৰে নামি আহে গছজোপা ৰক্ষা কৰাটো অসম্ভৱ হৈ উঠিব৷ 

সেয়েহে জুলিয়াই পেচিফিক লাম্বাৰ কোম্পানীৰ বনধ্বংসৰ পৰিকল্পনা বন্ধ কৰাৰ লগতে কোম্পানীয়ে পৰিৱেশৰ প্ৰতি কৰা অৱজ্ঞা উন্মোচন কৰি পাহাৰৰ স্থিতিশীলতাত অৰণ্যই পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে জনসজাগতা বৃদ্ধি কৰাক মূল উদ্দেশ্য হিচাপে লৈ চাঙত থকাটোকে থিৰাং কৰিলে৷ জুলিয়াই ১৮০ ফুট  ওপৰত থকা ৮ ফুট দৈৰ্ঘ্য আৰু ৬ ফুট প্ৰস্থৰ চাংখনত ১০ ডিচেম্বৰ ১৯৯৭ চনৰ পৰা ১৮ ডিচেম্বৰ ১৯৯৯ চনলৈকে ৭৩০ দিন অতিবাহিত কৰে৷ 

এই দুটা বছৰ তেওঁ গছজোপাৰ ওপৰত থকা ঠেক চাংখনতে নিত্য নিমিত্তিক কামকাজ সম্পাদনা কৰিছিল৷ এই ক্ষেত্ৰত আৰ্থ ফার্ষ্টৰ কৰ্মীসকলে জুলিয়াক সহায় কৰিছিল৷ দৃঢ়মনা জুলিয়াৰ সন্মুখন কোম্পানীয়ে নত শিৰ কৰিবলৈ বাধ্য হয় আৰু ১৯৯৯ চনৰ ডিচেম্বৰ মাহত এক চুক্তি স্বাক্ষৰিত কৰে৷ এই চুক্তিৰ ফলত লুনাৰ লগতে আন বহুতো ৰেডউদ গছৰ জীৱন ৰক্ষা পৰে৷ অৱশেষত ১৯৯৯ চনৰ ১৮ ডিচেম্বৰ তাৰিখে জুলিয়াই গছজোপাৰ পৰা নামি আহিল৷ জুলিয়াৰ অটল বিশ্বাস আৰু সতৰ্কতাৰ ফলত পৰিৱেশ সুৰক্ষাৰ এক যুগান্তকাৰী বিজয় সম্ভৱ হৈ উঠে৷ 

পৰিৱেশ সুৰক্ষাৰ বাবে সাহসেৰে মাত মাতি অহা জয়ী হোৱা এটা অন্যতম আন্দোলন হ’ল গ্রীণ বেল্ট আন্দোলন। এই আন্দোলনৰ নেতৃত্ব দিছিল ৱাংগাৰি মাথায়ে। গ্ৰীণ বেল্ট আন্দোলনৰ নেত্ৰী, আফ্ৰিকাৰ প্ৰথমগৰাকী মহিলা ন’বেল বঁটা বিজয়ী, পৰিৱেশবিদ ৱাংগাৰি মাথাইৰ জন্ম হৈছিল ১৯৪০ চনৰ ১ এপ্ৰিল তাৰিখে, কেনিয়াৰ নায়েৰিত৷ মাথাইৰ সম্পূৰ্ণ নাম ৱাংগাৰী মুতা মাথাই৷ ল’ৰালিৰ দিনবোৰত তেওঁ খেতিয়ক দেউতাকৰ সৈতে খৰি সংগ্ৰহ কৰি সময় পাৰ কৰিছিল৷ 

১১ বছৰ বয়সত তেওঁ ‘চেণ্ট চেচিলিয়া ইণ্টাৰমিডিয়েট প্ৰাইমেৰী স্কুল’ নামৰ বৰ্ডিং স্কুলত নামভৰ্তি কৰে৷ তাতে প্ৰায় চাৰি বছৰ পঢ়াশুনা কৰিছিল৷ ৱাংগাৰীয়ে  হাইস্কুলৰ পিছত বৃত্তি লাভ কৰি আমেৰিকাত অধ্যয়ন কৰে৷ তাতে তেওঁ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ১৯৭১ চনত নাইৰোবি বিশ্ববিদ্যালয়ৰ পৰা  ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ এই ডিগ্ৰী লাভ কৰা তেওঁ পূব আফ্ৰিকাৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়৷ 

Green Belt

মাথাইহঁতৰ গাঁৱত মাছ ধৰা নদীখনৰ কাষত এজোপা শতিকা পুৰণি গছ আছিল৷ সেই গছজোপা তেওঁলোকৰ সমাজে ঈশ্বৰ বুলি বিশ্বাস কৰিছিল৷ পাছলৈ ল’ৰালিৰ লগৰীয়াস্বৰূপ সেই নদীখন পুতি পেলোৱা হৈছিল আৰু গছজোপাক কাটি পেলোৱা হৈছিল৷ মাথাইৰ ভাষাত তেওঁ ‘তেওঁৰ ঈশ্বৰক উচ্ছেদ কৰা দেখিছিল’৷ ফলত  গাঁওবাসীয়ে জীৱিকা হেৰুৱাৰ উপক্ৰম হৈছিল৷ ঘৰৰ পুৰুষসকলে বেছিভাগ সময় কামৰ বাবে চহৰত কটাইগৈ৷ আন কিছুৱে আকৌ কামৰ সন্ধানত হাবিৰ বাহিৰত কটায়৷ 

গছগছনিৰ পৰিমাণ হ্ৰাস হোৱাৰ ফলত পানীৰ অভাৱ হ’বলৈ আৰম্ভ কৰিছিল৷ তেওঁলোকৰ অঞ্চলৰ মহিলাসকলে পানীৰ অভাৱত নানান দুৰ্ভোগ ভুগিবলগীয়া হৈছিল৷ তেওঁলোকে বুজি উঠিল যে, তেওঁলোকে কাৰ্যকলাপৰ প্ৰত্যক্ষ প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰিবই৷ গতিকে মাথায়ে এই ধ্বংসৰ বিৰুদ্ধে নাৰীসকলক সংগঠিত কৰিবলৈ আৰম্ভ কৰিলে৷ একত্ৰিত হৈ গাঁৱৰ সহজসৰল গৃহিণী, খেতি কৰিব জনা সৰু সৰু ছোৱালীবোৰে গছপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিলে৷ 

অতি কম সময়ৰ ভিতৰতে পুৰুষসকলেও বুজি পালে যে গছপুলি ৰোপণ কৰাটো এটা ভাল কাম৷ ই মাটিৰ গুণাগুণো বৃদ্ধি কৰে৷ লাহে লাহে মহিলাসকলৰ লগত পুৰুষসকলেও যোগ দিলে৷ কেনিয়ালৈ উভতি অহাৰ পিছত অট্টালিকা সাজিবলৈ বিস্তৰ গছ-গছনি কাটি তহিলং কথা জানিব পাৰি তেওঁ বিচলিত হৈ পৰিছিল৷ 

গছগছনিৰ এই দুৰ্দশা সহ্য কৰিব নোৱাৰি ৱাংগাৰিয়ে কেনিয়াৰ নাইৰোবি অঞ্চলৰ মহিলাসকলক লগত লৈ ১৯৭৭ চনত ‘গ্ৰীণ বেল্ট আন্দোলন’ নামৰ এক পৰিৱেশ আন্দোলন আৰম্ভ কৰে৷ এই আন্দোলনৰ জৰিয়তে তেওঁ কেনিয়াত গছপুলি ৰোপণৰ ক্ষেত্ৰত মহিলাসকলক উদ্যোগী কৰি তোলাৰ লগতে সহায়ৰ হাত আগবঢ়ালে৷ এই আন্দোলনৰ জৰিয়তে সমগ্ৰ কেনিয়াত প্ৰায় ৩০ বছৰত ৫ কোটিতকৈ অধিক গছপুলি ৰোপণ কৰা হৈছিল৷ 

মাথাইয়ে আৰম্ভ কৰা গছপুলি ৰোপণ আৰু পৰিৱেশ সুৰক্ষা আন্দোলনে সমগ্ৰ কেনিয়াত গণতান্ত্ৰিক আন্দোলনৰ ৰূপ দিবলৈ সক্ষম হৈছিল৷ ১৯৮০ চনত মাথাইয়ে নাইৰোবিত ৩ হাজাৰ মহিলাৰ সৈতে লগ লাগি প্ৰায় ৬০০খন নাৰ্চাৰী গঢ়ি তোলে৷ ১৯৯১ চনত গ্ৰীণ বেল্ট আন্দোলনৰ বাবে ৱাংগাৰী মাথাইক গ্ৰেপ্তাৰ কৰা হয়৷ ইয়াৰ পাছত ১৯৯৯ চনত নাইৰোবিৰ কাৰুৰা অৰণ্যত গছপুলি ৰোপণ কৰি থকা অৱস্থাতো তেওঁ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ 

কেনিয়াৰ তেতিয়াৰ চৰকাৰে তেওঁক কেইবাবাৰো গ্ৰেপ্তাৰ কৰিছিল৷ তথাপিও তেওঁ পৰিবেশ ৰক্ষাৰ আন্দোলনত অটল হৈ আছিল৷ মাথাইয়ে জীৱনজুৰি  সাম্ৰাজ্যবাদী আগ্ৰাসন আৰু তেতিয়াৰ কেনিয়া একনায়কত্ববাদী শাসকৰ পৰিৱেশ ধ্বংসাত্মক কাৰ্ৰযকলাপ বিৰুদ্ধে যুঁজি গৈছিল৷ তেওঁৰ এই আন্দোলনে তেতিয়াৰ একনায়কত্ববাদী ৰাষ্ট্ৰপতিজনক বিচলিত কৰিছিল৷ ৰাষ্ট্ৰপতিৰ নিৰ্দেশত তেওঁক বহুবাৰ অত্যাচাৰ কৰা হৈছিল৷ 

Enviroment

আনকি মাথাইক “কেনিয়াৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিস্বৰূপ এগৰাকী উন্মাদ মহিলা” বুলি অভিহিত কৰিছিল৷ বন সুৰক্ষা আন্দোলনৰ বাবে মথাইক বহুবাৰ চৰকাৰী বাহিনীয়ে হাৰাশাস্তি আৰু আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷ অৱশেষত ২০০৩ চনত আদালতে গ্ৰীণ বেল্টৰ সপক্ষে ৰায়দান কৰে৷ ৱাংগাৰী আৰু তেওঁৰ আন্দোলনে তেতিয়াৰ একনায়কত্ববাদী চৰকাৰক উফৰাই পেলোৱাত বহু পৰিমাণে সহায় কৰিছিল৷ 

এই আন্দোলনৰ ফলত পূৰ্বৰ একনায়কত্ববাদী চৰকাৰৰ পতন ঘটে৷ ৱাংগাৰীয়ো সাংসদ হিচাপে নিৰ্বাচিত হয় আৰু ২০০৩ চনত চৰকাৰে তেওঁক সহকাৰী মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে৷ ২০০৪ চনত তেওঁ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয়৷

 তেওঁ ন’বেল বঁটা লাভ কৰাৰ পাছত এটা সাক্ষাৎকাৰত কৈছিল যে-‘মহিলাৰ দুখকষ্ট কম কৰিবলৈ গছ থাকিব লাগিব, জাতিৰ স্বাস্থ্য ৰক্ষাৰ বাবে গছ থাকিব লাগিব, ভূমিৰ অৱক্ষয় আৰু পৰিৱেশ দুৰ্যোগ ৰোধ কৰিবলৈথাকিব লাগিব৷ সকলোতে গছ থাকিবই লাগিব৷’ ২০১১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে ৭১ বছৰ বয়সত ৱাংগাৰি মাথাইৰ মৃত্যু হয়৷ 

ইয়াৰ উপৰিও জামালআৰা,বিদ্যাআথ্রেয়া,নন্দীভেলহো, মেধা পাটকাৰ, মানেকা গান্ধী, কিনকৰি দেৱী, বন্দনা শিৱা, বাসন্তী দেৱী, সুগাথা কুমাৰী, অৰ্চনা সোৰেং, যমুনা টুডু, ৱিন’না লা ডিউক, ইৰিণ ব্ৰক’ভিচ্, গ্ৰেটা থুনবেৰী‌ আদিয়ে পৰিৱেশৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে চিৰস্মৰণীয় হৈ থাকিব৷ 

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Manas Pratim Dutta

Manas Pratim Dutta

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
July 7, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

June 26, 2026
বিষ্ণুদা উভতি আহিল

বিষ্ণুদা উভতি আহিল

June 20, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37480 shares
    Share 14992 Tweet 9370
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16979 shares
    Share 6792 Tweet 4245
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2214 shares
    Share 886 Tweet 554
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    328 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    143 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3937 shares
    Share 1575 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d