• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Environment

পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

মানস প্ৰতিম দত্ত

by Anjan Sarma
October 9, 2023
in Environment
Reading Time: 4 mins read
0
পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 
Share on FacebookShare on TwitterShare on LinkedIn

পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
মানস প্ৰতিম দত্ত

পৰিৱেশ সুৰক্ষাৰ হেতু আমি নৈতিকভাৱে প্রকৃতিৰ প্রতি দায়বদ্ধ হোৱা উচিত।

পৰিৱেশৰ প্রত্যেক উপাদানৰে আমাৰ ওপৰত প্রত্যক্ষ প্রভাৱ আছে। গতিকে মানুহ এই উপাদানসমূহৰ প্রতি দায়িত্বশীল নহ’লে  ভৱিষ্যত অন্ধকাৰ পূর্ণ হৈ পৰিব।

বিভিন্ন সময়ত মানুহে ন্যস্ত স্বার্থ সিদ্ধিৰ বাবে প্রকৃতিৰ ওপৰত অত্যাচাৰ চলাই আহিছে। এই অত্যাচাৰৰ পৰা মুক্ত হ’বলৈ, প্রকৃতিক সুৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য। 

মানুহ প্রকৃতিৰ এক উপাংশহে। সেয়েহে মানুহ প্রকৃতিকেন্দ্রিক মতবাদসমূহৰ প্রতি দায়িত্বশীল হ’বই লাগিব। আমাৰ দেশৰ সংস্কৃতিয়ে আমাক মূল্যবোধৰ শিক্ষা প্রদান কৰে। পৃথিৱীৰ প্রত্যেক সমলৰে মূল্য আছে। সমল এটাৰ প্রয়োজনীয়তা আৰু সমাজৰ প্রতিথকা অৱদানৰ ওপৰত ভিত্তি কৰি এই মূল্য নির্ধাৰণ কৰা হয়। এনে মূল্য আচলতে সমাজ অথবা পৃথিৱীৰ প্রতি সমল সমূহে আগবঢ়োৱা সেৱা মূল্য।

পশ্চিমীয়া দেশসমূহৰ তুলনাত আমাৰ দেশৰ পৰিৱেশ নৈতিকতা আৰু মূল্যবোধৰ ধাৰণাৰ প্রতি দায়বদ্ধতা অধিক। উদাহৰণস্বৰূপে, আমাৰ দেশত নদ-নদীক মাতৃ হিচাপে, গছ-গছনিক পূজনীয় হিচাপে পূর্বৰে পৰা সন্মান কৰি অহাৰ বিপৰীতে পশ্চিমীয়া দেশত নদীয়ে দিয়া পানী, গছে দিয়া খাদ্য, জীৱ-জন্তুৱে দিয়া মাংস আদিৰ ওপৰত নির্ভৰ কৰিহে মূল্য প্রদান কৰা হয়।

অর্থাৎ পশ্চিমীয়া দেশৰ মূল্যবোধৰ হিচাপ অর্থনৈতিক লাভালাভ নির্ভৰ হোৱাৰ বিপৰীতে আমাৰ দেশৰ মূল্যবোধ হ’ল সামগ্রিক মূল্যবোধ। সেয়েহে বর্তমান প্রতিযোগিতামুখী মানসিকতাৰ মাজত আৱদ্ধ নহৈ আমি সামগ্রিক মূল্যবোধৰ কথা উপলব্ধি কৰিবই লাগিব। অত্যাধিক আত্মমুখী মনোভাৱৰ বাবে আজি আমাৰ মাজৰ পৰা সামগ্রিক মূল্যবোধৰ ধাৰণা সমূহ হেৰাই যোৱাৰ উপক্রম ঘটিছে।

সাম্প্রতিক সময়ত আমি আমাৰ চিন্তা-চর্চাবোৰ ধর্মীয় দৃষ্টিকোণৰ পৰা বিচাৰ কৰাৰ পৰিৱর্তে বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে, বিভিন্ন জীৱ-জন্তুৰ হত্যা, চিকাৰ কৰি হত্যা কৰিলে জীৱ হত্যা মহাপাপ বোলাৰ পৰিৱর্তে জীৱ হত্যাৰ ফলত হ’বপৰা অসুবিধা, খাদ্যজালৰ ওপৰত ইয়াৰ প্রভাৱ সম্পর্কে বুজোৱা উচিত।

পৃথিৱীয়েই হ’ল একমাত্ৰ গ্ৰহ য’ত মানুহ বসবাস কৰিব পাৰে। জলবায়ুৰ পৰিৱৰ্তন, অত্যধিক বৃষ্টিপাত, প্ৰখৰ ৰ’দ, খৰাং পৰিস্থিতিয়ে মানুহৰ জীৱনলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই অনাৰ লগতে মানুহৰ একমাত্ৰ বাসোপযোগী পৃথিৱী আৰু প্ৰকৃতিলৈয়ো দুৰ্যোগ কঢ়িয়াই আনিছে।

মানুহৰ সজাগতা আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি দায়বদ্ধতা সোঁৱৰি পৰিৱেশ সুৰক্ষাৰ দায়িত্ব সাদৰেৰে গ্ৰহণ নকৰিলে মানুহৰ একমাত্ৰ বাসোপযোগী গ্ৰহটোত বাস কৰিব নোৱাৰা পৰিস্থিতি উদ্ভৱ নহ’ব বুলি ক’ব নোৱাৰি। কেৱল দিৱসৰ নামত দিৱস আয়োজন কৰিলেই আমি পৰিৱেশ সুৰক্ষিত কৰিব নোৱাৰো।

পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব

প্ৰকৃতিনিৰ্ভৰশীল মানৱ সমাজৰ দ্ৰুত বিকাশে যিদৰে মানৱ জীৱনলৈ সা-সুবিধা কঢ়িয়াই আনে। তাৰ বিপৰীতে পৰিৱেশৰ প্ৰতি বেয়া মনোভাৱহে কঢ়িয়াই আনে।মনস্তাত্বিকভাৱে হ’লেও এই কথাৰ।বহুলাংশে সত্য। অথচ মানুহৰ বাবে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক একেটি মুদ্ৰাৰ দুটা পিঠিৰ দৰে। অৱশ্যে প্ৰকৃতি মানৱ নিৰ্ভৰ নহয়।

গতিকে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কৰ প্ৰতি সজাগ কৰা আৰু সজাগ হোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ৫ জুন তাৰিখটোত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি অহা হৈছে।

পৰিৱেশ নৈতিকতাত কূঠাৰঘাত পৰাৰ মূল কাৰণটোৱেই হ’ল বর্দ্ধিত জনসংখ্যা। জনসংখ্যাৰ বৃদ্ধিৰ ফলত থাকিবলৈ, খেতি কৰিবলৈ ঠাইৰ অভাৱ হৈছে। ফলত গছ-গছনি কাটি টহিলং কৰিছে। ইয়াৰ উপৰিও মানুহে প্রযুক্তি আৰু আধুনিকতাৰ নামত অত্যাধিক যান-বাহানৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। য’ত চাৰিজনীয়া এখন ঘৰত কেৱল এখন গাড়ী আছিল , আজি তাত প্রত্যেকৰে একোখনকৈ গাড়ী আছে। ফলত প্রদূষণ বাঢ়িছে।

গতিকে পৰিৱেশ দিৱসৰ দিনা জনসংখ্যা বৃদ্ধিৰ ভয়াৱহতাৰ বিষয়েও আমি সজাগ কৰিব পাৰোঁ। নিজেও সজাগ হ’ব পাৰো। ইয়াৰ উপৰিও আমাৰ প্রাকৃতিক সম্পদসমূহ কিদৰে ব্যৱহাৰ কৰা উচিত, আমি য’তে ত’তে জাবৰ-যোথৰ পেলালে পৰিৱেশৰ লগতে যে আমাৰ স্বাস্থ্য ক্ষতি হয়, বেমাৰ আজাৰ হয় সেই বিষয়েও সজাগ কৰিব পাৰোঁ।

পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব

ইয়াৰ উপৰিও আৱর্জনাৰ নিষ্কাশন আৰু পুন:ব্যৱহাৰ সম্পর্কেও সজাগ কৰিব পাৰো। আমি বাৰু আৱর্জনাৰ নিষ্কাশন আৰু পুন:ব্যৱহাৰ পদ্ধতি সম্পর্কে জানোনে?

ইয়াৰ বাবে বিভিন্ন পদ্ধতি আছে। যেনে-

আমি সচৰাচৰ বিভিন্ন আৱর্জনা সমূহ প্লাষ্টিকৰ মোনাত ভৰাই ৰাস্তাৰ কাষত পেলাই দিওঁ। ফলত সেই প্লাষ্টিকৰ ভিতৰৰ আৱর্জনাসমূহ গেলি দুর্গন্ধৰ সৃষ্টি কৰে। পদপথেদি মানুহ যাব নোৱাৰা হয়। এই ক্ষেত্রত নগৰাঞ্চলত পৌৰনিগমে আৱর্জনাবোৰ সংগ্রহ কৰি বিজ্ঞানসন্মতভাৱে পেলাই দিয়াটো নিয়ম। ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে ইয়াক গণমুখী কৰিবলৈ চেষ্টা কৰিছে।

তোমালোকে নিশ্চয় আজিকালি জাৱৰ-জোথৰ সংগ্রহ কৰিবলৈ অহা ব্যক্তি দেখিছা। সেয়েহে য’তে ত’তে জাৱৰ-জোথৰ নেপেলায় নির্দিষ্ট সময়ত সংগ্রহ কৰিবলৈ অহা ব্যক্তিক জাৱৰ-জোথৰবোৰ যোগান দিয়া উচিত।

যিবোৰ কাৰণৰ বাবে আৱর্জনা সৃষ্টি হয় সেইবোৰ কাৰণ নোহোৱা কৰিবলৈ চেষ্টা কৰা উচিত। আমি পৰাপক্ষত এবাৰ ব্যৱহাৰযোগ্য সামগ্রী কিনবলৈ কমাই দিয়া উচিত। তদুপৰি দোকানত প্লাষ্টিক বিচৰাৰ সলনি পৰাপক্ষত বজাৰ-সমাৰ কৰিবলৈ নিজৰ লগত এটা পলিথিন ৰখা উচিত।

এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব পৰা সামগ্রীসমূহ পুন:ব্যৱহাৰ কৰিলে অর্থনৈতিকভাৱেবও লাভৱান হ’ব পাৰোঁ। উদাহৰণস্বৰূপে, ভঙা-চিঙা আইনাসমূহ পুন:ব্যৱহাৰৰ বাবে আমি কোম্পানীসমূহক যোগান ধৰিব পাৰোঁ।তেওঁলোকে তাৰপৰা পুন: আইনা প্রস্তুত কৰিব পাৰে।

ওপৰোক্ত কার্যসমূহৰ দ্বাৰাহে সম্পদৰ সৈতে থকা মানুহৰ অসমতাসমূহ দূৰ কৰা সম্ভৱ। ব্যক্তিগতভাৱেও সম্পদৰ ব্যৱহাৰৰ ল্ষেত্রত সমতাপূর্ণ ব্যৱহাৰ নিশ্চিত কৰিব পাৰিবই লাগিব। গতিকে নিজা অঞ্চলসমূহৰ বহনক্ষম কিকাশৰ বাবে পৰিৱেশ সম্পদৰ যথোচিত ব্যৱহাৰত গুৰুত্ব দিব লাগে। ই আমাৰ দৈনন্দিন কার্যৰ অন্তর্গত হোৱা উচিত।

প্রকৃতি সুৰক্ষাৰ ক্ষেত্রত পথ আৰু পৰিবহণ বিভাগো দায়িত্বশীল হোৱা উচিত । পথ নির্মাণৰ সময়ছোৱাত জধে-মধে গছ কাটি পথ বহলোৱা হয় গতিকে সেই গছসমূহ সুৰক্ষিত ৰাখি পথ বহলোৱাৰ পৰিকল্পনা কৰা উচিত।

পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব

পৰিৱেশৰ প্রতি শিপা বা মূলস্তৰৰ পৰা সমগ্র শ্রেণীৰ জনগণ জাগ্রত আৰু নৈতিকভাৱে দায়িত্বশীল হ’লেহে এই ধুনীয়া পৃথিৱীখন বর্তি থাকিব।

সুস্থ পৰিৱেশে আমাক সুখী জীৱন দিয়ে। প্রকৃতি হ’ল এনে এক অনবদ্য অৱদান য’ত মানুহে নিজৰ অৱসৰী সময় অতিবাহিত কৰিবলৈ বিচাৰে । সংযুক্ত ৰাষ্ট্রৰ এটা জৰীপত গম পোৱা গৈছে যে শতকৰা ৯০ ভাগ মানুহেই গ্রামাঞ্চলৰ পৰিৱেশৰ মাজত জিৰণি লৈ, মুক্ত বায়ু সেৱন কৰি, শান্তি উপভোগ কৰিব বিচাৰে। আমি যেতিয়া খিৰিকীখন খুলি দিও তেতিয়া আমি কি দেখো বাৰু, ক’লৈ চকু যায় বাৰু?

হয় ফুলনিৰ ফুলজোপালৈ, নহয় সেউজীয়া গছেৰে আৱৰা বাৰীখনলৈ, অথবা নগৰৰ ৰাজপথৰ কাষত থকা একমাত্র গছজোপালৈ– নহয়নে? আমি কিয় সেই সেউজ পৃথিৱীখনলৈ চাও বুলি প্রশ্ন কৰো ইয়াৰ প্রথম উত্তৰটোৱেই হ’ব আমিও জীৱমণ্ডলৰ এক অংশ, আমাৰ মনত আজিও প্রকৃতি-প্রীতি প্রবাহমান। সুস্থ পৰিৱেশ এটাৰ প্রতি এই বোধৰ উপৰিও আমাক সুস্থ পৰিৱেশে কৃতজ্ঞ আৰু সুখী হোৱাৰ গুণো প্রদান কৰে।

সুন্দৰ  পৰিৱেশে আৱৰা ঠাইসমূহৰ জনগনৰ মাজত সহযোগিতামূলক মনোভাৱ, অধিক সুদৃঢ় হোৱা দেখা যায়।   ইয়াৰ উপৰিও চৌপাশত গছ-গছনি নথকা খেলপথাৰৰ তুলনাত চৌপাশে গছ-গছনিৰে আৱৰা খেলপথাৰত খেলা-ধূলা কৰা খেলুৱৈয়ে বহু সময়লৈ সক্রিয়ভাৱে খেল খেলাৰ লগতে অধিক সহযোগিতা আৰু সৃজনশীলতাৰে খেলিব পাৰে।

পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব

    অৰণ্যত বিভিন্ন প্ৰকাৰৰ গছ-গছনি থকা বাবে সেই গছ-গছনিতে বিভিন্ন প্ৰাণীয়ে বসবাস কৰিবলৈ লয়। ফলত এই অৰণ্যাঞ্চলসমূহ প্ৰাণী বৈচিত্ৰৰ ক্ষেত্ৰটো চহকী। সৃষ্টিৰ  আৰম্ভণিৰে পৰ এই উদ্ভিদ আৰু অৰণ্যাঞ্চলে পৃথিৱীক সুৰক্ষিত কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

প্রকৃতিৰ নান্দনিক সৌন্দর্যই অনবৰতে সৌন্দর্য পিয়াসীসকলক আকর্ষিত কৰি ৰাখে। প্রকৃতিৰ অপৰূপ সৌন্দর্যই মন মুগ্ধ নকৰাকৈ থকা প্রাণী সমগ্র পৃথিৱীতে বিৰল। আমি পোনপটীয়া দর্শন নকৰা পর্যন্ত বিষয়বস্তু সম্পর্কীয় প্রকৃত তথ্য আৰু জ্ঞান আহৰণ কৰিব নোৱাৰোঁ।

জ্ঞান আহৰণৰ অবিহনে শিকন কার্য সম্পন্ন নহয় আৰু কার্যক্ষেত্রত ইয়াক প্রয়োগৰ ক্ষেত্রত কোনো ব্যক্তিকে অভিৰোচিত কৰিব পৰা নাযায়। ই পুথিগত অথবা ‘থিয়ৰীটিকেল’ জ্ঞান হিচাপেই থাকি যায়। ফলত শিকন কার্য সম্পূর্ণ হৈছে বুলিব নোৱাৰি।

আমি কোনো বস্তু ক্রয় কৰিবলৈ যাওঁতে তাৰ প্রয়োজনীয়তা আৰু গুণাগুণ অনুসৰি পৃথক পৃথক মূল্য দিবলগীয়া হয়। এই মূল্য মূলত: নির্ভৰ কৰে সামগ্রীবিধে প্রদান কৰা সেৱা মূল্যৰ ওপৰত। এনে মূল্যাংকনৰ জৰিয়তে আমি আমাৰ অস্তিত্ব আৰু প্রকৃতিৰ গুৰুত্ব মূল্যাংকন কৰোঁ।

পৰিৱেশ সম্পর্কে আমি সচেতন হৈ ইয়াৰ মূল্যাংকন কৰিব পৰাকৈ আমাৰ বোধৰ বিকাশ সম্পূর্ণ নোহোৱাৰ দোহাই দি আমি পৰিৱেশক আওকান কৰোঁ। অৱশ্যে পৰিৱেশৰ মূল্য ইয়াৰ ওপৰত জীৱৰ নির্ভৰশীলতা অনুসৰি আগবঢ়োৱা সেৱা মূল্যৰ জৰিয়তে উপলব্ধি কৰিব লাগিব। এই যে আমি উশাহ লৈছোঁ, ভোকত খাদ্য খাইছোঁএয়া সকলো প্রকৃতিৰ  আমাৰ প্রতি থকা দয়া আৰু সেৱা।  প্রকৃতিয়ে নিবিচৰাকৈ, যোগান নধৰাকৈ আমি কোনো সামগ্রী সৃষ্টি কৰিব পৰা নাই ।

পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব

আমি যদি কোনো ঠাইত প্রকৃতিক আঘাত কৰিছোঁ তেন্তে আমিয়েই সেই ঠাইৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছোঁ। গছ কাটি তহিলং কৰিছোঁ – উৎকট গৰম হৈছে, গৰাখহনীয়া হৈছে। ফলত আমিয়েই সেই ঠাইৰপৰা আঁতৰি আহিবলৈ বাধ্য হৈছোঁ। গতিকে যি আমাক জীয়াই ৰাখিছে সেই উপাদান গছ-বিৰিখক, প্রকৃতিক আমি সন্মান কৰিব লাগিব। প্রকৃতি সুৰক্ষাৰ প্রতি, সংৰক্ষণৰ প্রতিও দায়বদ্ধ হ’ব লাগিব।

শিক্ষাই পাৰিৱেশিক সুৰক্ষা আৰু সজাগতাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ইতিবাচক পৰিৱেশ শিক্ষাই একক দিশৰ সূচনা কৰাৰ লগতে পাৰিৱেশিক তথ্যৰ আদান-প্রদান কৰাত নির্ণায়ক ভূমিকা পালন কৰে। ই পাৰিৱেশিক মনোভাৱ, ইতিবাচক সজাগতা, সংৰক্ষণ দক্ষতা আদি গুণৰ বিকাশ ঘটোৱাৰ লগতে এককভাৱে আৰু সমজুৱাকৈ আঁচনি গ্রহণ কৰিব পৰা সক্ষমতাৰো বিকাশ ঘটায়।

স্থানীয় জীৱবৈচিত্র সুৰক্ষাৰ ক্ষেত্রত শিক্ষার্থীসকলৰ অংশগ্রহণে বহনক্ষম বিকাশৰ লগতে মূল লক্ষ্যত উপনীত হ’বলৈ উৎসাহমূলক পৰিৱেশ গঢ় দিয়ে।

জীৱ বৈচিত্র শিক্ষণৰ মূল উদ্দেশ্যই হ’ল স্থানীয় এলেকাত দেখা পোৱা পৰিৱেশজনিত সমস্যাৰ প্রতি জ্ঞান, আগ্রহ আৰু সমাধানৰ প্রয়োজনীয় দক্ষতাৰ বিকাশ ঘটোৱা । শিক্ষার্থীৰ মাজত জীৱবৈচিত্র্যৰ প্রতি সজাগতা বৃদ্ধিৰ বাবে সক্রিয় শ্রেণীকোঠা, হাতে-কামে কার্য, ব্যৱহাৰীক অভিজ্ঞতা আৰু ক্ষেত্রভিত্তিক জৰীপ আৰু অধ্যয়নে লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে।

উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক স্তৰত আমি বিভিন্ন কার্যকৰী পদক্ষেপ গ্রহণৰ জৰিয়তে পৰিৱেশ সজাগতাৰ ইতিবাচক বিকাশ সম্ভৱ কৰি তোলাৰ বাবে চেষ্টা কৰিব পাৰে।

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

The River That Became a Drain: Bharalu and the Death of a Memory
Environment

The River That Became a Drain: Bharalu and the Death of a Memory

by Editor
July 4, 2026
0

The River That Became a Drain: Bharalu and the Death of a Memory RAHUL ROHAN PAUL There is a photograph...

Read moreDetails
তুষাৰ অদৃশ্য, বৰফ গলি আছে,  কিন্তু সুযোগ এতিয়াও আছে

CLIMATE CHANGE IS EVERYWHERE

June 26, 2026
Gujarat : Sustainable Initiative Under ‘Vikas Saptah’ Celebrations

The Plastic Plague: Why the World Must Act Now

June 26, 2026
Eco-Warriors of the Northeast: How Indigenous Practices Combat Climate Change

Eco-Warriors of the Northeast: How Indigenous Practices Combat Climate Change

May 28, 2026
macro photo of butterfly perched on pink flowers

অসমীয়া গীত-মাতত পখিলাৰ ৰহস্যময় জগতখন

April 15, 2026
আৰ্দ্ৰভূমি আৰু মানৱ কল্যাণ

আৰ্দ্ৰভূমি আৰু মানৱ কল্যাণ

April 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d