পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব
মানস প্ৰতিম দত্ত

পৰিৱেশ সুৰক্ষাৰ হেতু আমি নৈতিকভাৱে প্রকৃতিৰ প্রতি দায়বদ্ধ হোৱা উচিত।
পৰিৱেশৰ প্রত্যেক উপাদানৰে আমাৰ ওপৰত প্রত্যক্ষ প্রভাৱ আছে। গতিকে মানুহ এই উপাদানসমূহৰ প্রতি দায়িত্বশীল নহ’লে ভৱিষ্যত অন্ধকাৰ পূর্ণ হৈ পৰিব।
বিভিন্ন সময়ত মানুহে ন্যস্ত স্বার্থ সিদ্ধিৰ বাবে প্রকৃতিৰ ওপৰত অত্যাচাৰ চলাই আহিছে। এই অত্যাচাৰৰ পৰা মুক্ত হ’বলৈ, প্রকৃতিক সুৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য।
মানুহ প্রকৃতিৰ এক উপাংশহে। সেয়েহে মানুহ প্রকৃতিকেন্দ্রিক মতবাদসমূহৰ প্রতি দায়িত্বশীল হ’বই লাগিব। আমাৰ দেশৰ সংস্কৃতিয়ে আমাক মূল্যবোধৰ শিক্ষা প্রদান কৰে। পৃথিৱীৰ প্রত্যেক সমলৰে মূল্য আছে। সমল এটাৰ প্রয়োজনীয়তা আৰু সমাজৰ প্রতিথকা অৱদানৰ ওপৰত ভিত্তি কৰি এই মূল্য নির্ধাৰণ কৰা হয়। এনে মূল্য আচলতে সমাজ অথবা পৃথিৱীৰ প্রতি সমল সমূহে আগবঢ়োৱা সেৱা মূল্য।
পশ্চিমীয়া দেশসমূহৰ তুলনাত আমাৰ দেশৰ পৰিৱেশ নৈতিকতা আৰু মূল্যবোধৰ ধাৰণাৰ প্রতি দায়বদ্ধতা অধিক। উদাহৰণস্বৰূপে, আমাৰ দেশত নদ-নদীক মাতৃ হিচাপে, গছ-গছনিক পূজনীয় হিচাপে পূর্বৰে পৰা সন্মান কৰি অহাৰ বিপৰীতে পশ্চিমীয়া দেশত নদীয়ে দিয়া পানী, গছে দিয়া খাদ্য, জীৱ-জন্তুৱে দিয়া মাংস আদিৰ ওপৰত নির্ভৰ কৰিহে মূল্য প্রদান কৰা হয়।
অর্থাৎ পশ্চিমীয়া দেশৰ মূল্যবোধৰ হিচাপ অর্থনৈতিক লাভালাভ নির্ভৰ হোৱাৰ বিপৰীতে আমাৰ দেশৰ মূল্যবোধ হ’ল সামগ্রিক মূল্যবোধ। সেয়েহে বর্তমান প্রতিযোগিতামুখী মানসিকতাৰ মাজত আৱদ্ধ নহৈ আমি সামগ্রিক মূল্যবোধৰ কথা উপলব্ধি কৰিবই লাগিব। অত্যাধিক আত্মমুখী মনোভাৱৰ বাবে আজি আমাৰ মাজৰ পৰা সামগ্রিক মূল্যবোধৰ ধাৰণা সমূহ হেৰাই যোৱাৰ উপক্রম ঘটিছে।
সাম্প্রতিক সময়ত আমি আমাৰ চিন্তা-চর্চাবোৰ ধর্মীয় দৃষ্টিকোণৰ পৰা বিচাৰ কৰাৰ পৰিৱর্তে বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে, বিভিন্ন জীৱ-জন্তুৰ হত্যা, চিকাৰ কৰি হত্যা কৰিলে জীৱ হত্যা মহাপাপ বোলাৰ পৰিৱর্তে জীৱ হত্যাৰ ফলত হ’বপৰা অসুবিধা, খাদ্যজালৰ ওপৰত ইয়াৰ প্রভাৱ সম্পর্কে বুজোৱা উচিত।
পৃথিৱীয়েই হ’ল একমাত্ৰ গ্ৰহ য’ত মানুহ বসবাস কৰিব পাৰে। জলবায়ুৰ পৰিৱৰ্তন, অত্যধিক বৃষ্টিপাত, প্ৰখৰ ৰ’দ, খৰাং পৰিস্থিতিয়ে মানুহৰ জীৱনলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই অনাৰ লগতে মানুহৰ একমাত্ৰ বাসোপযোগী পৃথিৱী আৰু প্ৰকৃতিলৈয়ো দুৰ্যোগ কঢ়িয়াই আনিছে।
মানুহৰ সজাগতা আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি দায়বদ্ধতা সোঁৱৰি পৰিৱেশ সুৰক্ষাৰ দায়িত্ব সাদৰেৰে গ্ৰহণ নকৰিলে মানুহৰ একমাত্ৰ বাসোপযোগী গ্ৰহটোত বাস কৰিব নোৱাৰা পৰিস্থিতি উদ্ভৱ নহ’ব বুলি ক’ব নোৱাৰি। কেৱল দিৱসৰ নামত দিৱস আয়োজন কৰিলেই আমি পৰিৱেশ সুৰক্ষিত কৰিব নোৱাৰো।

প্ৰকৃতিনিৰ্ভৰশীল মানৱ সমাজৰ দ্ৰুত বিকাশে যিদৰে মানৱ জীৱনলৈ সা-সুবিধা কঢ়িয়াই আনে। তাৰ বিপৰীতে পৰিৱেশৰ প্ৰতি বেয়া মনোভাৱহে কঢ়িয়াই আনে।মনস্তাত্বিকভাৱে হ’লেও এই কথাৰ।বহুলাংশে সত্য। অথচ মানুহৰ বাবে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক একেটি মুদ্ৰাৰ দুটা পিঠিৰ দৰে। অৱশ্যে প্ৰকৃতি মানৱ নিৰ্ভৰ নহয়।
গতিকে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কৰ প্ৰতি সজাগ কৰা আৰু সজাগ হোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ৫ জুন তাৰিখটোত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি অহা হৈছে।
পৰিৱেশ নৈতিকতাত কূঠাৰঘাত পৰাৰ মূল কাৰণটোৱেই হ’ল বর্দ্ধিত জনসংখ্যা। জনসংখ্যাৰ বৃদ্ধিৰ ফলত থাকিবলৈ, খেতি কৰিবলৈ ঠাইৰ অভাৱ হৈছে। ফলত গছ-গছনি কাটি টহিলং কৰিছে। ইয়াৰ উপৰিও মানুহে প্রযুক্তি আৰু আধুনিকতাৰ নামত অত্যাধিক যান-বাহানৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। য’ত চাৰিজনীয়া এখন ঘৰত কেৱল এখন গাড়ী আছিল , আজি তাত প্রত্যেকৰে একোখনকৈ গাড়ী আছে। ফলত প্রদূষণ বাঢ়িছে।
গতিকে পৰিৱেশ দিৱসৰ দিনা জনসংখ্যা বৃদ্ধিৰ ভয়াৱহতাৰ বিষয়েও আমি সজাগ কৰিব পাৰোঁ। নিজেও সজাগ হ’ব পাৰো। ইয়াৰ উপৰিও আমাৰ প্রাকৃতিক সম্পদসমূহ কিদৰে ব্যৱহাৰ কৰা উচিত, আমি য’তে ত’তে জাবৰ-যোথৰ পেলালে পৰিৱেশৰ লগতে যে আমাৰ স্বাস্থ্য ক্ষতি হয়, বেমাৰ আজাৰ হয় সেই বিষয়েও সজাগ কৰিব পাৰোঁ।

ইয়াৰ উপৰিও আৱর্জনাৰ নিষ্কাশন আৰু পুন:ব্যৱহাৰ সম্পর্কেও সজাগ কৰিব পাৰো। আমি বাৰু আৱর্জনাৰ নিষ্কাশন আৰু পুন:ব্যৱহাৰ পদ্ধতি সম্পর্কে জানোনে?
ইয়াৰ বাবে বিভিন্ন পদ্ধতি আছে। যেনে-
আমি সচৰাচৰ বিভিন্ন আৱর্জনা সমূহ প্লাষ্টিকৰ মোনাত ভৰাই ৰাস্তাৰ কাষত পেলাই দিওঁ। ফলত সেই প্লাষ্টিকৰ ভিতৰৰ আৱর্জনাসমূহ গেলি দুর্গন্ধৰ সৃষ্টি কৰে। পদপথেদি মানুহ যাব নোৱাৰা হয়। এই ক্ষেত্রত নগৰাঞ্চলত পৌৰনিগমে আৱর্জনাবোৰ সংগ্রহ কৰি বিজ্ঞানসন্মতভাৱে পেলাই দিয়াটো নিয়ম। ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে ইয়াক গণমুখী কৰিবলৈ চেষ্টা কৰিছে।
তোমালোকে নিশ্চয় আজিকালি জাৱৰ-জোথৰ সংগ্রহ কৰিবলৈ অহা ব্যক্তি দেখিছা। সেয়েহে য’তে ত’তে জাৱৰ-জোথৰ নেপেলায় নির্দিষ্ট সময়ত সংগ্রহ কৰিবলৈ অহা ব্যক্তিক জাৱৰ-জোথৰবোৰ যোগান দিয়া উচিত।
যিবোৰ কাৰণৰ বাবে আৱর্জনা সৃষ্টি হয় সেইবোৰ কাৰণ নোহোৱা কৰিবলৈ চেষ্টা কৰা উচিত। আমি পৰাপক্ষত এবাৰ ব্যৱহাৰযোগ্য সামগ্রী কিনবলৈ কমাই দিয়া উচিত। তদুপৰি দোকানত প্লাষ্টিক বিচৰাৰ সলনি পৰাপক্ষত বজাৰ-সমাৰ কৰিবলৈ নিজৰ লগত এটা পলিথিন ৰখা উচিত।
এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব পৰা সামগ্রীসমূহ পুন:ব্যৱহাৰ কৰিলে অর্থনৈতিকভাৱেবও লাভৱান হ’ব পাৰোঁ। উদাহৰণস্বৰূপে, ভঙা-চিঙা আইনাসমূহ পুন:ব্যৱহাৰৰ বাবে আমি কোম্পানীসমূহক যোগান ধৰিব পাৰোঁ।তেওঁলোকে তাৰপৰা পুন: আইনা প্রস্তুত কৰিব পাৰে।
ওপৰোক্ত কার্যসমূহৰ দ্বাৰাহে সম্পদৰ সৈতে থকা মানুহৰ অসমতাসমূহ দূৰ কৰা সম্ভৱ। ব্যক্তিগতভাৱেও সম্পদৰ ব্যৱহাৰৰ ল্ষেত্রত সমতাপূর্ণ ব্যৱহাৰ নিশ্চিত কৰিব পাৰিবই লাগিব। গতিকে নিজা অঞ্চলসমূহৰ বহনক্ষম কিকাশৰ বাবে পৰিৱেশ সম্পদৰ যথোচিত ব্যৱহাৰত গুৰুত্ব দিব লাগে। ই আমাৰ দৈনন্দিন কার্যৰ অন্তর্গত হোৱা উচিত।
প্রকৃতি সুৰক্ষাৰ ক্ষেত্রত পথ আৰু পৰিবহণ বিভাগো দায়িত্বশীল হোৱা উচিত । পথ নির্মাণৰ সময়ছোৱাত জধে-মধে গছ কাটি পথ বহলোৱা হয় গতিকে সেই গছসমূহ সুৰক্ষিত ৰাখি পথ বহলোৱাৰ পৰিকল্পনা কৰা উচিত।

পৰিৱেশৰ প্রতি শিপা বা মূলস্তৰৰ পৰা সমগ্র শ্রেণীৰ জনগণ জাগ্রত আৰু নৈতিকভাৱে দায়িত্বশীল হ’লেহে এই ধুনীয়া পৃথিৱীখন বর্তি থাকিব।
সুস্থ পৰিৱেশে আমাক সুখী জীৱন দিয়ে। প্রকৃতি হ’ল এনে এক অনবদ্য অৱদান য’ত মানুহে নিজৰ অৱসৰী সময় অতিবাহিত কৰিবলৈ বিচাৰে । সংযুক্ত ৰাষ্ট্রৰ এটা জৰীপত গম পোৱা গৈছে যে শতকৰা ৯০ ভাগ মানুহেই গ্রামাঞ্চলৰ পৰিৱেশৰ মাজত জিৰণি লৈ, মুক্ত বায়ু সেৱন কৰি, শান্তি উপভোগ কৰিব বিচাৰে। আমি যেতিয়া খিৰিকীখন খুলি দিও তেতিয়া আমি কি দেখো বাৰু, ক’লৈ চকু যায় বাৰু?
হয় ফুলনিৰ ফুলজোপালৈ, নহয় সেউজীয়া গছেৰে আৱৰা বাৰীখনলৈ, অথবা নগৰৰ ৰাজপথৰ কাষত থকা একমাত্র গছজোপালৈ– নহয়নে? আমি কিয় সেই সেউজ পৃথিৱীখনলৈ চাও বুলি প্রশ্ন কৰো ইয়াৰ প্রথম উত্তৰটোৱেই হ’ব আমিও জীৱমণ্ডলৰ এক অংশ, আমাৰ মনত আজিও প্রকৃতি-প্রীতি প্রবাহমান। সুস্থ পৰিৱেশ এটাৰ প্রতি এই বোধৰ উপৰিও আমাক সুস্থ পৰিৱেশে কৃতজ্ঞ আৰু সুখী হোৱাৰ গুণো প্রদান কৰে।
সুন্দৰ পৰিৱেশে আৱৰা ঠাইসমূহৰ জনগনৰ মাজত সহযোগিতামূলক মনোভাৱ, অধিক সুদৃঢ় হোৱা দেখা যায়। ইয়াৰ উপৰিও চৌপাশত গছ-গছনি নথকা খেলপথাৰৰ তুলনাত চৌপাশে গছ-গছনিৰে আৱৰা খেলপথাৰত খেলা-ধূলা কৰা খেলুৱৈয়ে বহু সময়লৈ সক্রিয়ভাৱে খেল খেলাৰ লগতে অধিক সহযোগিতা আৰু সৃজনশীলতাৰে খেলিব পাৰে।

অৰণ্যত বিভিন্ন প্ৰকাৰৰ গছ-গছনি থকা বাবে সেই গছ-গছনিতে বিভিন্ন প্ৰাণীয়ে বসবাস কৰিবলৈ লয়। ফলত এই অৰণ্যাঞ্চলসমূহ প্ৰাণী বৈচিত্ৰৰ ক্ষেত্ৰটো চহকী। সৃষ্টিৰ আৰম্ভণিৰে পৰ এই উদ্ভিদ আৰু অৰণ্যাঞ্চলে পৃথিৱীক সুৰক্ষিত কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
প্রকৃতিৰ নান্দনিক সৌন্দর্যই অনবৰতে সৌন্দর্য পিয়াসীসকলক আকর্ষিত কৰি ৰাখে। প্রকৃতিৰ অপৰূপ সৌন্দর্যই মন মুগ্ধ নকৰাকৈ থকা প্রাণী সমগ্র পৃথিৱীতে বিৰল। আমি পোনপটীয়া দর্শন নকৰা পর্যন্ত বিষয়বস্তু সম্পর্কীয় প্রকৃত তথ্য আৰু জ্ঞান আহৰণ কৰিব নোৱাৰোঁ।
জ্ঞান আহৰণৰ অবিহনে শিকন কার্য সম্পন্ন নহয় আৰু কার্যক্ষেত্রত ইয়াক প্রয়োগৰ ক্ষেত্রত কোনো ব্যক্তিকে অভিৰোচিত কৰিব পৰা নাযায়। ই পুথিগত অথবা ‘থিয়ৰীটিকেল’ জ্ঞান হিচাপেই থাকি যায়। ফলত শিকন কার্য সম্পূর্ণ হৈছে বুলিব নোৱাৰি।
আমি কোনো বস্তু ক্রয় কৰিবলৈ যাওঁতে তাৰ প্রয়োজনীয়তা আৰু গুণাগুণ অনুসৰি পৃথক পৃথক মূল্য দিবলগীয়া হয়। এই মূল্য মূলত: নির্ভৰ কৰে সামগ্রীবিধে প্রদান কৰা সেৱা মূল্যৰ ওপৰত। এনে মূল্যাংকনৰ জৰিয়তে আমি আমাৰ অস্তিত্ব আৰু প্রকৃতিৰ গুৰুত্ব মূল্যাংকন কৰোঁ।
পৰিৱেশ সম্পর্কে আমি সচেতন হৈ ইয়াৰ মূল্যাংকন কৰিব পৰাকৈ আমাৰ বোধৰ বিকাশ সম্পূর্ণ নোহোৱাৰ দোহাই দি আমি পৰিৱেশক আওকান কৰোঁ। অৱশ্যে পৰিৱেশৰ মূল্য ইয়াৰ ওপৰত জীৱৰ নির্ভৰশীলতা অনুসৰি আগবঢ়োৱা সেৱা মূল্যৰ জৰিয়তে উপলব্ধি কৰিব লাগিব। এই যে আমি উশাহ লৈছোঁ, ভোকত খাদ্য খাইছোঁএয়া সকলো প্রকৃতিৰ আমাৰ প্রতি থকা দয়া আৰু সেৱা। প্রকৃতিয়ে নিবিচৰাকৈ, যোগান নধৰাকৈ আমি কোনো সামগ্রী সৃষ্টি কৰিব পৰা নাই ।

আমি যদি কোনো ঠাইত প্রকৃতিক আঘাত কৰিছোঁ তেন্তে আমিয়েই সেই ঠাইৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছোঁ। গছ কাটি তহিলং কৰিছোঁ – উৎকট গৰম হৈছে, গৰাখহনীয়া হৈছে। ফলত আমিয়েই সেই ঠাইৰপৰা আঁতৰি আহিবলৈ বাধ্য হৈছোঁ। গতিকে যি আমাক জীয়াই ৰাখিছে সেই উপাদান গছ-বিৰিখক, প্রকৃতিক আমি সন্মান কৰিব লাগিব। প্রকৃতি সুৰক্ষাৰ প্রতি, সংৰক্ষণৰ প্রতিও দায়বদ্ধ হ’ব লাগিব।
শিক্ষাই পাৰিৱেশিক সুৰক্ষা আৰু সজাগতাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ইতিবাচক পৰিৱেশ শিক্ষাই একক দিশৰ সূচনা কৰাৰ লগতে পাৰিৱেশিক তথ্যৰ আদান-প্রদান কৰাত নির্ণায়ক ভূমিকা পালন কৰে। ই পাৰিৱেশিক মনোভাৱ, ইতিবাচক সজাগতা, সংৰক্ষণ দক্ষতা আদি গুণৰ বিকাশ ঘটোৱাৰ লগতে এককভাৱে আৰু সমজুৱাকৈ আঁচনি গ্রহণ কৰিব পৰা সক্ষমতাৰো বিকাশ ঘটায়।
স্থানীয় জীৱবৈচিত্র সুৰক্ষাৰ ক্ষেত্রত শিক্ষার্থীসকলৰ অংশগ্রহণে বহনক্ষম বিকাশৰ লগতে মূল লক্ষ্যত উপনীত হ’বলৈ উৎসাহমূলক পৰিৱেশ গঢ় দিয়ে।
জীৱ বৈচিত্র শিক্ষণৰ মূল উদ্দেশ্যই হ’ল স্থানীয় এলেকাত দেখা পোৱা পৰিৱেশজনিত সমস্যাৰ প্রতি জ্ঞান, আগ্রহ আৰু সমাধানৰ প্রয়োজনীয় দক্ষতাৰ বিকাশ ঘটোৱা । শিক্ষার্থীৰ মাজত জীৱবৈচিত্র্যৰ প্রতি সজাগতা বৃদ্ধিৰ বাবে সক্রিয় শ্রেণীকোঠা, হাতে-কামে কার্য, ব্যৱহাৰীক অভিজ্ঞতা আৰু ক্ষেত্রভিত্তিক জৰীপ আৰু অধ্যয়নে লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে।
উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক স্তৰত আমি বিভিন্ন কার্যকৰী পদক্ষেপ গ্রহণৰ জৰিয়তে পৰিৱেশ সজাগতাৰ ইতিবাচক বিকাশ সম্ভৱ কৰি তোলাৰ বাবে চেষ্টা কৰিব পাৰে।
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)