• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, April 21, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

পৰীক্ষা : সফলতা আৰু বিফলতা উদ্বেগ

ASSAMESE SECTION / Special Report

by Sanghamitra Kashyap
March 1, 2025
in ASSAMESE SECTION, Special Report
Reading Time: 3 mins read
0
woman in desperate and anxiety sitting alone

Photo by Alex Green on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

পৰীক্ষা : সফলতা আৰু বিফলতা উদ্বেগ

সংঘমিত্ৰা কাশ্যপ

Sanghamitra pic
সংঘমিত্ৰা কাশ্যপ

জানুৱাৰী ফেব্ৰুৱাৰী মাহটোৰ কথা ভাবিলেই আমাৰ মেট্ৰিক – হায়াৰ চেকেণ্ডেৰী পৰীক্ষা বোৰৰ কথা মনত পৰে।

এই সময়ত খিনি সকলোৰে বাবে আশা আৰু  উদ্বেগ ভৰা হয়। তাৰোপৰি পৰীক্ষাৰ বুলি ক’লে এটা ভয়ও থকা দেখা যায়। পৰীক্ষাৰ সময়ত বহু ছাত্ৰ ছাত্ৰী হতাশাটো ভোগে। পৰীক্ষাৰ উদ্বেগ ( Examination Anxiety) হৈছে এনে এক মানসিক অৱস্থা য’ত মানুহে পৰীক্ষাৰ পৰিস্থিতিত অত্যন্ত ভয় আৰু উদ্বেগ অনুভৱ কৰে।

পৰীক্ষাৰ উদ্বেগক এনে উদ্দীপকৰ প্ৰতিক্ৰিয়া বুলি সংজ্ঞায়িত কৰা হয়,  যিটো ব্যক্তিৰ পৰীক্ষা বা পৰিস্থিতিৰ মূল্যায়নৰ অভিজ্ঞতাৰ সৈতে জড়িত হৈ থাকে।  কেতিয়াবা ছাত্ৰ-ছাত্ৰীৰ বাবে ই এক সাধাৰণ সঁহাৰি, আৰু কিছু মানসিক চাপ যি আনকি আপোনাক মনোনিৱেশ কৰাত সহায় কৰিব পাৰে।

পৰীক্ষা : সফলতা আৰু বিফলতা উদ্বেগ
Image: Powershift

কিন্তু যেতিয়া উদ্বেগ অত্যধিক তীব্ৰ হৈ পৰে তেতিয়া ই আপোনাৰ প্ৰদৰ্শনত বাধাৰ সৃষ্টি কৰিব পাৰে। গৱেষণাৰ মতে প্ৰায় ৬৬.৭৮% ছাত্ৰ ছাত্ৰীৰে পৰীক্ষাৰ আগত বা সময়ত এই সমস্যা হোৱা দেখা যায়।

পৰীক্ষাৰ উদ্বেগ থাকিলে শাৰীৰিক, আৱেগিক, আৰু জ্ঞানমূলক লক্ষণৰ সন্মুখীন হ’ব পাৰে। কেতিয়াবা আমি দেখা পাওঁ যে কিছুমান ছাত্ৰ বা ছাত্ৰীৰ পৰীক্ষাৰ সময়ত পেটৰ বিষ বা জ্বৰ হয়। এইয়া ঠিক পৰীক্ষাৰ আগদিনা ৰাতি হোৱা দেখা যায়। তাৰ কাৰণ হৈছে মনৰ ভিতৰত থকা চিন্তা আৰু উদ্বেগ। পৰীক্ষাৰ ইতিবাচক বা নেতিবাচক দিশটোৰ কথা ভাবি তেওঁলোক ইমান চিন্তিত হয় যে ই শাৰীৰিক ভাৱেও ক্ষতি কৰে। আন কিছুমান শাৰিৰীক লক্ষণ হৈছে :

RelatedPosts

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

April 17, 2026
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026
চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

April 16, 2026

অত্যধিক ঘামচি

বমি ভাৱ বা ডায়েৰিয়া

দ্ৰুত হৃদস্পন্দন

শ্বাস-প্ৰশ্বাসৰ চুটি হোৱা

মূৰৰ বিষ

লঘু বা ক্ষীণ অনুভৱ

পৰীক্ষাৰ উদ্বেগে কেৱল শাৰীৰিক নহয় , আৱেগিক ভাৱেও প্ৰভাৱ পেলায়।  কেতিয়াবা পৰীক্ষাৰ্থী  সকলৰ আত্মসন্দেহ, ভয়, চাপ, আশাহীনতা, অপৰ্যাপ্ততা আৰু অত্যধিক খং হোৱা দেখা যায়। “ মই নোৱাৰিম “ বা মোৰ দ্বাৰা নহ’ব এই ধৰণৰ কথা অনৰগল তেওঁলোকৰ মূৰত চলি থাকে।

ইয়াৰ বাহিৰেও উদ্বেগেও মনোনিৱেশ কৰাত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। তেওঁলোকে অনুভৱ কৰিব পাৰে যে তেওঁলোকৰ চিন্তাবোৰ অস্থিৰ হৈ পৰিছে আৰু তেওঁ শিকি অহা সকলো কথা পাহৰি গৈছে৷ লগতে পৰীক্ষাৰ্থী সকল অধিক অনিৰ্ণায়ক হ’ব পাৰে, আৰু দুটা বেলেগ উত্তৰৰ মাজৰ পৰা এটা বাছি ল’বলৈও সংগ্ৰাম কৰিব পাৰে। কেতিয়াবা এজন পৰীক্ষাৰ্থীৰ এই উদ্বেগ  ইমানেই বাঢ়ি যায় আত্মহননৰ দৰে পথ তেওঁলোকে শ্ৰেষ্ঠ বুলি ভাবিবলৈ বাধ্য হয়।

পৰীক্ষা : সফলতা আৰু বিফলতা উদ্বেগ

পৰীক্ষাৰ উদ্বেগৰ সম্ভাৱ্য কাৰণ কমেইহে আছে। কিন্তু তাৰ ভিতৰত কিছুমান হৈছে :

বিফলতাৰ ভয়: জীৱনত বিফল হ”বলৈ সকলোৱে ভয় কৰে। পৰীক্ষা বুলি ক’লেই আমাৰ সমাজত পৰীক্ষাৰ্থী সকলৰ ওপৰত নম্বৰ বা parcentage লৈ হেঁচা দিয়া দেখা যায়, সেইয়া লাগিলে ঘৰতেই হওঁক বা বিদ্যালয়সমূহৰ ব্যৱস্থাই হওঁক আৰু লগতে মনত উদয় হোৱা নেতিবাচক কথাৰ পৰাও বিফলতাৰ ভয় এটাৰ আৰম্ভণি হয় যি পিছত হৈ বিষম হৈ উঠিব পাৰে।

প্ৰত্যাশা : আন পৰীক্ষাৰ্থীসকলে কি আশা কৰিছে ঠিক সেই মতে আনক অনুকৰণ কৰিবলৈ যোৱাৰ  কথাটো বহু ছাত্ৰ-ছাত্ৰীৰ আৰু অভিভাৱকৰ বাবে শুদ্ধ নহয়।  সকলো ব্যক্তিৰে পাৰদৰ্শিতা বা গুণ বেলেগ বেলেগ। ইয়াত যদি প্ৰতি জন ছাত্ৰ – ছাত্ৰীয়ে আৰু অভিভাৱকে নিজকে তুলনা কৰি বেলেগৰ দৰে হ’বলৈ যায় , নিজৰ ল’ৰা- ছোৱালীক আনে কি ধৰনে পঢ়িছে, এইবোৰ লৈ তুলনা কৰে তেন্তে এই প্ৰত্যাশাই তেওঁলোকৰ মনত ভয় আৰু উদ্বিগ্নতাৰ সৃষ্টি কৰাৰ লগতে তেওঁলোকক  হতাশ কৰি তুলিব পাৰে যিয়ে পৰীক্ষাৰ সময়ত এক বাধা হ’ব পাৰে। এই কথা সেই বাবে সমাজৰ সকলোৱে বুজা উচিত।

পৰীক্ষাৰ ইতিহাস বেয়া: যদি আগতেও ছাত্ৰ বা ছাত্ৰী এজনৰ পৰীক্ষা বেয়া হৈছে, তেন্তে ইয়াৰ কাৰণ হয়তো আগতীয়াকৈ তেওঁ ভালদৰে অধ্যয়ন নকৰা,  পৰীক্ষাৰ দিনা উত্তৰবোৰ মনত পেলাব নোৱাৰা, আদি হ’ব পাৰে। ইয়াৰ ফলত প্ৰতিবাৰেই আৰু অধিক উদ্বেগ আৰু ভয় মনোভাৱৰ সৃষ্টি হ’ব পাৰে আৰু পিছৰ পৰীক্ষালৈ ইয়াৰ স্বাভাৱিকতা বৃদ্ধি হ’ব পাৰে।

অপ্ৰস্তুত: যদি পৰীক্ষাৰ্থী এজনে ভালদৰে অধ্যয়ন নকৰে , আগদিনা ৰাতি পঢ়িম বুলি ভাৱে বা ব্যক্তিগত সমস্যাৰ বাবে প্ৰস্তুতি ভাল নহয়, তেন্তে ইয়াৰ দ্বাৰা উদ্বেগৰ অনুভৱ বৃদ্ধি পাব পাৰে ৷

পৰীক্ষা : সফলতা আৰু বিফলতা উদ্বেগ

টোপনি ক্ষতি আৰু খাদ্য প্ৰণালীত পৰিবৰ্তন :  বহু সময়ত দেখা যায় পৰীক্ষাৰ্থী সকলে পৰীক্ষাৰ আগদিনা ৰাতি দুই তিনি বজালৈকে পঢ়ি ৰাতিপুৱাই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যায় আৰু খাদ্যও ভালদৰে গ্ৰহণ নকৰে। টোপনি ক্ষতি হোৱাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ থাকিলেও তেওঁলোকৰ গা বেয়া হোৱা নতুবা চাপ বৃদ্ধি হোৱা হে দেখা যায়। শাৰীৰিক দুৰ্বলতা হোৱাৰ ফলত ওপৰত উল্লেখ কৰা ধৰণে ৰক্ত চাপ কমি যাব পাৰে আৰু লগতে উদ্বেগৰ পৰিমাণো বাঢ়িব পাৰে।

তলত কিছুমান কাৰ্য্য ইয়াত উল্লেখ কৰা হৈছে যিয়ে আপোনাৰ পৰীক্ষাৰ উদ্বেগ কমোৱাত সহায় কৰিব পাৰে:

 ১)  প্ৰথমেই দক্ষতাৰে কেনেকৈ অধ্যয়ন কৰিব লাগে সেয়া শিকাটো  জৰুৰী। প্ৰতিটো বিষয়ত কি ধৰণে অধ্যয়ন কৰিলে সহায়ক হৈ উঠিব পাৰে তাৰ বাবে বিদ্যালয় শিক্ষকৰ সহায় ল’ব লাগে। লগতে  যদি নিয়মিতভাৱে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সামগ্ৰীসমূহ অধ্যয়ন কৰে আৰু অনুশীলন কৰে তেন্তে ইয়াক অধিক সহজ যেন অনুভৱ কৰিব পাৰে আৰু ই উদ্বেগও কম কৰি ৰাখে।

2)  কেইদিনমান আগতীয়াকৈ আৰু একে ঠাইতে অধ্যয়ন কৰাৰ ব্যৱস্থা কৰি ল’ব লাগে। এটা নিয়মিত সময় বান্ধি লোৱাৰ লগতে  অধ্যয়নৰ মাজত অলপ মন বিৰতিও লোৱা উচিত যাতে আপোনাৰ মগজু কোষৰবোৰ নতুনকৈ শিকিবলৈ প্ৰস্তুত হয়। একে বাৰতে বিৰতি নোহোৱাকৈ পঢ়ি গ’লে কেতিয়াবা ভাগৰুৱা অনুভৱ হোৱাৰ লগতে তেতিয়া পঢ়া খিনিও পাহৰি যোৱাৰ সম্ভাৱনা বেছি থাকে। এখন তালিকা বা ৰুটিনৰ মাজেৰে পঢ়িব চেষ্টা কৰিলে উদ্বেগ বা চিন্তা কমকৈ হোৱা দেখা যায়।

৩) তাৰ বাহিৰেও শিক্ষকৰ লগত কথা পাতক। প্ৰতিটো পৰীক্ষাতে কি হ’ব সেয়া বুজি পোৱাটো নিশ্চিত কৰক আৰু কেনেকৈ সৰ্বোত্তমভাৱে প্ৰস্তুত হ’ব লাগে সেই কথা জানিব পাৰিব। লগতে, আপোনাৰ শিক্ষকক জনাওক যে পৰীক্ষা কৰিলে আপুনি উদ্বিগ্নতা অনুভৱ কৰে। যিটো বিষয় বুজি পোৱাত অসুবিধা হয়, সেই বিষয় শিক্ষকক প্ৰতিটো বস্তু ভালদৰে আগতীয়াকৈ সুধি বুজি লওক।আপোনাৰ শিক্ষকৰ পৰামৰ্শই  আপোনাক পৰীক্ষা আৰু বেছি ভাল কৰাত সহায় কৰিব পাৰে।

পৰীক্ষা : সফলতা আৰু বিফলতা উদ্বেগ

৪) পৰীক্ষাৰ সময়ত মন আৰু শৰীৰ কিদৰে শিথিলতা কৰি ৰাখিব পাৰি তাৰ কৌশল শিকি লোৱাটো প্ৰয়োজন। ই পৰীক্ষাৰ আগতে আৰু পৰীক্ষাৰ সময়ত শান্ত আৰু আত্মবিশ্বাসী হৈ থাকিবলৈ সহায় কৰে। যদি মনত ভয় বা উদ্বেগ আহে তেনেহলে পৰীক্ষাৰ্থী সকলে ঠিক পৰীক্ষা আৰম্ভ হোৱাৰ আগে আগে এইখিনি কৰিব পাৰে। ইয়াৰ ভিতৰত আছে গভীৰ উশাহ-নিশাহ( deep  breathing) , চকু বন্ধ কৰি ইতিবাচক ফলাফলৰ কল্পনা কৰা, একৰ পৰা দহ লৈ মনৰ ভিতৰত গণনা কৰা আদি। এই পদ্ধতিসমূহ দৈনিক অনুশীলন কৰিলেও সুফল পোৱা যায় । ইয়াত বিচাৰিলে আপুনি ব্যায়ামও অন্তৰ্ভু্ত কৰিব পাৰে। অধ্যয়ন কৰাৰ আগত নিয়মিত ব্যায়াম কৰিলে চাপ মুক্তও হ’ব পৰা যায়।

৫) নিজৰ ওপৰত আত্মবিশ্বাস ৰাখক। অভিভাৱক সকলেও নিজৰ সন্তানক আন পৰীক্ষাৰ্থীয়ে কিদৰে পঢ়িছে, কিমান নম্বৰ পাইছে এই ধৰণৰ কথা আলোচনা কৰাৰ পৰা বিৰত ৰাখক। তেওঁলোকক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ক আৰু লগতে এই পৰীক্ষাই যে জীৱনৰ শেষ কথা নহয়, ইয়াক বুজাই দিয়ক। বিদ্যালয় সমূহত প্ৰতি জন ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন খিনি বুজি শিক্ষক সকলে তেওঁলোকক সময় দিয়াৰ ব্যবস্থা কৰা উচিত।

ইয়াৰ বাহিৰেও আন কিছুমান কাৰ্য্য হৈছে :

খাদ্য প্ৰণালী ভাল কৰক আৰু পৰীক্ষাৰ আগত খোৱাৰ এটা ৰুটিনৰ ব্যবস্থা কৰক।  শস্য, ফল-মূল আৰু প্ৰটিনৰ দৰে স্থিৰ শক্তি প্ৰদান কৰা খাদ্য খাওক। যথেষ্ঠ পৰিমানে পানী গ্ৰহণ কৰক যাতে ই আপোনাৰ হাইড্ৰেট হৈ থকাত সহায় কৰে আৰু শৰীৰ শান্ত কৰি ৰাখে। লগতে এক সপ্তাহ মানৰ আগৰ পৰা টোপনি ক্ষতি নকৰিব। মানসিক স্বাস্থ্যৰ  বাবে টোপনি ভাল হোৱাটো প্ৰয়োজন। নহলে ই মূৰ ঘূৰোৱা বা বিষৰ সৃষ্টি কৰিব পাৰে।

 এইখিনি ব্যৱস্থাৰ পিছতো যদি আপোনাৰ পৰীক্ষাৰ  উদ্বেগ কম নহয় , তেন্তে মানসিক স্বাস্থ্যৰ পেছাদাৰীৰ লগত যোগাযোগ কৰাৰ কথা চিন্তা কৰক।

পৰীক্ষা : সফলতা আৰু বিফলতা উদ্বেগ

সংঘমিত্ৰা কাশ্যপ, মনোবিজ্ঞানী

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Sanghamitra Kashyap

Sanghamitra Kashyap

Related Posts

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings
Special Report

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

by Kakali Das
April 17, 2026
0

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings From Kenneth Arnold’s 1947 sighting to Area 51,...

Read moreDetails
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026
চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

April 16, 2026
Hungary’s energy dependence on Russia: why It will be difficult even after the 2026 elections

Hungary’s energy dependence on Russia: why It will be difficult even after the 2026 elections

April 15, 2026
চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

April 15, 2026
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

April 15, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

April 20, 2026
এশটা বসন্তৰ গান…

এশটা বসন্তৰ গান…

April 20, 2026
Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

April 20, 2026
অসমৰ অশান্তি অতীতৰ সৈতে গভীৰভাৱে বিজড়িত

Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

April 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    30719 shares
    Share 12287 Tweet 7680
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12846 shares
    Share 5138 Tweet 3212
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    229 shares
    Share 92 Tweet 57
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4271 shares
    Share 1708 Tweet 1068
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3615 shares
    Share 1446 Tweet 904
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    89 shares
    Share 36 Tweet 22
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    922 shares
    Share 369 Tweet 231
  • দেশে দেশে ফুটবল

    240 shares
    Share 96 Tweet 60
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    78 shares
    Share 31 Tweet 20
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    854 shares
    Share 342 Tweet 214
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d