• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, February 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle food

পৰুৱা পোৱা, পৰুৱা খোৱা

-মানস প্ৰতিম দত্ত

by Anjan Sarma
June 24, 2021
in food, Lifestyle
Reading Time: 1 min read
0
পৰুৱা পোৱা, পৰুৱা খোৱা
Share on FacebookShare on TwitterShare on LinkedIn

-মানস প্ৰতিম দত্ত |

সৰুতে আমি পঢ়া-শুনা নকৰি ধিতিঙালি কোবাই ঘূৰি ফুৰিল জ্যেষ্ঠসকলে সদায়ে ভয় খুৱাই কৈছিল যে টলৌ-টলৌকৈ ঘূৰি নুফুৰিবি যেতিয়া পৰুৱাই পাব তেতিয়াহে গ’ম পাবি। মই ভাৱো- পৰুৱাই দেখোন কামুৰিবহে পাৰে, ই আকৌ কেনেকৈ আমাক পাব। মানুহে প্রায়ে কয় যে পৰুৱাই পালে হেনো মানুহে বাট হেৰুৱায়। পাছত মানুহটোও হেৰাই যায়। এই পৰুৱানো কি সেয়া এটা অভিজ্ঞতাৰ পৰা মই হয়তো এক সিদ্ধান্তত আহিব পাৰিলোঁ। আমি তেতিয়া প্রথমবাৰৰ বাবে গুৱাহাটীলৈ গৈছে। আমি মানে মই আৰু বন্ধু প্রণৱ বড়া। নাইট চুপাৰত গৈ গুৱাহাটী পোৱাৰ পাছত আমাৰ জেঠাইৰ ল’ৰা জিন্টু দাই আমাক তাৰ হেঙেৰাবাৰীৰ ৰূমলৈ লৈ গ’ল। পাছদিনা আমাৰ এন ডি এ-নেভীৰ প্রৱেশ পৰীক্ষা। এডমিট কার্ডত লিখা মতে পৰীক্ষাগৃহলৈ ম’বাইল নিব নোৱাৰি । আমি সেয়ে দাদাৰ ঘৰতে ম’বাইল থৈ কেৱল মানুহ দুটা পৰীক্ষা হ’ল পালেগৈ। যাওঁতে ৰাস্তাটো মনত ৰাখিবলৈ চেষ্টা কৰি গৈছোঁ। দাদাৰ ৰূমলৈ সোমাই যোৱাৰ সন্মুখতে ৱালত লিখা আছিল অতুল বৰা জিন্দাবাদ। সেইটোকে চিন হিচাপে ৰাখি পৰীক্ষা হ’ল পালোঁগৈ। নির্দিষ্ট সময়ত পৰীক্ষা দি পুনৰ হেঙেৰাবাৰী পালোঁহি। তেতিয়া চিকিমিকি সময়। পায়ে দেখিলোঁ কেইবা ঠাইৰ দেৱালত লিখা আছে অতুল বৰা জিন্দাবাদ । দেৱালৰ সন্মুখৰ ফালে গৈছো – নাই সেইটোও দাদাৰ ঘৰলৈ যোৱা বাট নহয়, আনটোলৈ গৈছো সেইটোও নহয়! অৱশেষত দোকান এখনলৈ গ’লোঁ। ঘেহাই ঘেহাই, ভয়ে ভয়ে দোকানী এজনক কথাষাৰ ক’লোঁ। তেওঁৰ হয়তো আমালৈ ম,ৰম ওপজিল। তেওঁৰ ফোনটো আমাক দিলে। দাদাৰ নম্বৰটো মোৰ মুখস্থ আছিল। তালৈ ফোন লগালোঁ। সি দোকানৰ সন্মুখৰ বাটটোৱেদিয়েই ঘপহকৈ ওলালহি। মই প্রণৱৰ মুখলৈ চাইছো, প্রণৱে মোৰ মুখলৈ…। মনতে ভাবিলে আমাক চাগৈ পৰুৱাই পাইছিল। এই পৰুৱাটো আচলতে মানুহ কামুৰা পৰুৱা নহয়, মনত খেলি-মেলি লাগিলে, মানসিক বিশৃংলতাৰ ফলত উদ্ভৱ হোৱা মানসিক অস্থিৰতাহে।

RelatedPosts

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

February 8, 2026
The History of Blouse: Tied in with both Modesty and Sexuality

The History of Blouse: Tied in with both Modesty and Sexuality

February 4, 2026
অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

February 2, 2026

এই ঘটনাৰ পাছতে পৰুৱাই পোৱানো কি সেই সম্পর্কে এক নতুন ধাৰণা আহিল। বহাগ আহিলেই যেতিয়া আমৰলি পৰুৱাৰ টোপ খোৱা হয় বা মানুহে টোপ গোটায় তেতিয়াই এই ঘটনাটো  মোৰ মনলৈ আহে। অসমত বাস কৰা প্রায়বোৰ মংগোলীয় জনগোষ্ঠীয় লোকৰ বিশ্বাস যে গৰু বিহুৰ দিনা আমৰলি টোপ খাব লাগে। ইয়াক বিভিন্ন ধৰণেৰে ভাজি খায়। ইয়াত বহু পৰিমাণৰ প্র’টিন থাকে। তদুপৰি আমাৰ সমাজত এক বিশ্বাস আছে যে আমৰলি পৰুৱা খালে ছালৰ ৰোগ নহয়। আচলতে আমৰলি পৰুৱাৰ উদৰৰ পশ্চাদ অংশত এবিধ এচিড থাকে । সেই এচিডৰ নাম হ’ল ফৰমিক এচিড।সেয়েহে আমৰলি পৰুৱাই কামুৰিলে কামুৰা স্থানত ই ফৰমিক এচিড উলিয়াই দিয়ে। ফলত সেই অংশ ফুলি উঠে। এনেদৰে কামুৰিলে বসন্ত ৰোগ নহয় বুলি পৰম্পৰাগতভাৱে আমাৰ সমাজত  কৰি অহা দেখা গৈছে। অসমৰ উপৰিও নগালেণ্ড, চট্টিশগড়, মধ্যপ্রদেশ আদিত ইয়াক খাদ্য  হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতবর্ষৰ উপৰিও থাইলেণ্ড আৰু ফিলিপাইনছত আমৰলি পৰুৱাৰ খেতি কৰা হয় আৰু টোপবোৰ বজাৰত বিক্রী কৰা হয়। ইণ্ডোনেছিয়াত আমৰলি পৰুৱাক চংবার্ডছৰ খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ লগতে কুকুৰাৰ পাখি আৰু মাংসৰ বৃদ্ধিৰ বাবে কুকুৰাৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়।

সম্প্রতি আমাৰ দেশত যিহেতু ইয়াৰ খেতি কৰা নহয় বা উৎপাদন কৰা নহয় গতিকে আমি বিহুৰ সময়ত পৰম্পৰা ৰক্ষাৰ সময়ত ইয়াক খাবৰ বেলিকা এই কথা মনত ৰখা উচিত যে আমাৰ এই পৰম্পৰা বর্তি থাকিবলৈ পৰুৱা সমূহ থাকিবই লাগিব। গতিকে পৰুৱা সমূহ পৰাৰ পাছত ইয়াৰ বাঁহসমূহ নষ্ট নকৰি পুনৰ পৰুৱাই বাঁহ সাজিব পৰাকৈ গছত সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। আমাৰ পৰম্পৰাই আমাৰ প্রকৃতি সংৰক্ষণৰ প্রতি

শ্রদ্ধাশীল হ’বলৈ শিকাই আহিছে। সেয়েহে এয়া আমাৰ দায়িত্ব বুলি গ্রহণ কৰি প্রকৃতিৰ প্রতি আমি শ্রদ্ধাশীল হৈ থাকিলেহে প্রকৃতি-মানুহৰ মাজৰ সু-সম্পর্ক বর্তি থাকিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: পৰুৱা খোৱাপৰুৱা পোৱাফৰমিক এচিড
Anjan Sarma

Anjan Sarma

Related Posts

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?
Health

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

by Dr. MUKUL SARMA
February 8, 2026
0

কোষ্ঠকাঠিন্য- এটি ৰোগ নে? ডা. মুকুল শৰ্মা কিছুমান স্বাস্থ্য সমস্যা প্ৰত্যক্ষ ভাবে আমাৰ জীৱনশৈলী আৰু খাদ্যাভাসৰ লগত জড়িত। এই সমস্যাবিলাকৰ...

Read moreDetails
The History of Blouse: Tied in with both Modesty and Sexuality

The History of Blouse: Tied in with both Modesty and Sexuality

February 4, 2026
অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

February 2, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

January 31, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

January 31, 2026
BEYOND THE DEBATE BETWEEN PLANT- AND ANIMAL-BASED FOODS: INTENSIVE PRODUCTION AND ENVIRONMENTAL DEGRADATION

BEYOND THE DEBATE BETWEEN PLANT- AND ANIMAL-BASED FOODS: INTENSIVE PRODUCTION AND ENVIRONMENTAL DEGRADATION

January 31, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Phoolan Devi: How India created its Bandit Queen?

Phoolan Devi: How India created its Bandit Queen?

February 8, 2026
AI : Balancing Innovation, Job Disruption, and Societal Adaptation

AI : Balancing Innovation, Job Disruption, and Societal Adaptation

February 8, 2026
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

February 8, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

February 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    26814 shares
    Share 10725 Tweet 6703
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    10331 shares
    Share 4132 Tweet 2583
  • Latest COVID data confirm infections have risen globally

    1933 shares
    Share 773 Tweet 483
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3206 shares
    Share 1282 Tweet 802
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6350 shares
    Share 2540 Tweet 1588
  • Winter without Sleep: Kashmir’s Black Bears in a Warming World

    112 shares
    Share 45 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3452 shares
    Share 1381 Tweet 863
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    731 shares
    Share 292 Tweet 183
  • Perks of Leaving Your Hometown Behind

    96 shares
    Share 38 Tweet 24
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4105 shares
    Share 1642 Tweet 1026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d