পৰেশ বৈশ্যৰ ব্যতিক্ৰমী প্ৰয়াস
ধনঞ্জয় শৰ্মা

অসমৰ হাজাৰৰো অধিক বিদ্যালয়ত শৈক্ষিক মাৰ্গদৰ্শন প্ৰদান দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্যৰ ব্যতিক্ৰমী প্ৰয়াস – যিটো সময়ত ৰাজ্যৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলে অৱসৰৰ পাছত ঘৰতে থাকি নিজৰ পৰিয়ালৰ কথাত নিমজ্জিত হৈ আছে বা কোনো কোনো অৱসৰপ্ৰাপ্ত শিক্ষকে চৰকাৰৰ পৰা পেঞ্চন লৈ বেচৰকাৰী স্কুলৰ শিক্ষক বা মুৰব্বী হৈ আছে বা বেচৰকাৰী বিদ্যালয় আৰম্ভ কৰিছে , সেই সময়ত কামৰূপ জিলাৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষই অসমজুৰি শিক্ষাৰ পোহৰ বিলাই ফুৰিছে।তেওঁ হ’ল কামৰূপ জিলাৰ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য।
অৱসৰৰ পাছত কমেও দহ হাজাৰ শিক্ষানুষ্ঠানলৈ শৈক্ষিক সহায়তা আগবঢ়াবলৈ সংকল্প লৈ তেওঁ আৰম্ভ কৰিছে এই যাত্ৰা। ইতিমধ্যে বিগত ১৬ বছৰ ধৰি নিজৰ উপাৰ্জনৰ ধন খৰচ কৰি শিক্ষাৰ উত্তৰণৰ হকে কাম কৰিবলৈ পৰেশ বৈশ্য ফাউণ্ডেচন নামৰ এটি দাতব্য ন্যাস খুলি সেৱা আগবঢ়াই আহিছে।
এইগৰাকী অৱসৰী অধ্যক্ষই নিজৰ কাৰ্যকালত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনক অসমৰ এখন জাকত জিলিকা বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰি অসমৰ বিদ্যালয়সমূহৰ মাজত অনুপম আৰ্হি হৈ পৰিছিল। মাত্ৰ চাৰে তিনি বছৰীয়া অধ্যক্ষৰ কালছোৱাত কৰা ভাল কামৰ বাবে অসমৰ তদানীন্তন ৰাজ্যপালে বিদ্যালয়খন পৰিদৰ্শন কৰিছিল। অসমৰ তদানীন্তন মুখ্য সচিব ভি.কে পিপাৰছেনীয়াই বিদ্যালয়খনৰ উত্তৰণ দেখি অতি উচ্চ প্ৰশংসাসূচক টোকা লিখি থৈ গৈছে।
২০২০ চনৰ ৩১ ডিছেম্বৰত অৱসৰ গ্ৰহণ কৰা এই গৰাকী কৃতী অধ্যক্ষই বিগত তিনি বছৰে পেঞ্চনৰ ধন খৰচ কৰি অসমৰ ইমূৰৰপৰা পৰা সিমূৰলৈ বিদ্যালয়ে বিদ্যালয়ে গৈ শিক্ষকসকলক দিছে শিক্ষাদানৰ কৌশল বৃদ্ধিৰ পৰামৰ্শ আৰু ছাত্ৰ- ছাত্ৰীক দিছে জীৱন গঢ়াৰ সঞ্জীৱনী বাণী। বিদ্যালয বিলাকলৈ যাওতে অতি দুখীয়া অথচ প্ৰতিভাৱান ছাত্ৰ -ছাত্ৰীৰ সন্ধান পালে তেওঁলোকক কিতাপ পত্ৰ দি সহায় কৰি আহিছে।
পৰেশ বৈশ্য ফাউণ্ডেচনৰ পোহৰ বিদ্যালয়ৰ উদ্যোগত তেওঁ অসমৰ বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ -ছাত্ৰীৰ মাজত অসমৰ ইতিহাস চেতনা জাগ্ৰত কৰা আৰু লগতে ভূগোলৰ জ্ঞান বৃদ্ধিৰ বাবে আৰম্ভ কৰি অন্য এক ব্যতিক্ৰমী শৈক্ষিক কাৰ্যসূচী। সেয়া হ’ল অকণিৰ বুৰঞ্জী মেল আৰু অকণিৰ ভূগোল মেল। বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীৰ জৰিয়তে অসম বুৰঞ্জীৰ বিভিন্ন বিষয় লৈ তেওঁ এই বুৰঞ্জী মেল অনুষ্ঠিত কৰি আহিছে।

সেইদৰে অসমৰ ভূগোল বিষয়ক মেলো অনুষ্ঠিত কৰি আছে। তেওঁৰ এই প্ৰয়াসক অসমৰ বিদ্বৎ মহলে উচ্চ প্ৰশংসা কৰিছে। উল্লেখযোগ্য যে অধ্যক্ষগৰাকী অৱসৰৰ পাছত বিগত তিনি বছৰত অসমৰ প্ৰায় ১৪০০ বিদ্যালয়লৈ গৈ সংশ্লিষ্ট শিক্ষক আৰু ছাত্ৰ -ছাত্ৰী শৈক্ষিক মাৰ্গদৰ্শন দিছে। তেওঁ জনোৱা মতে অৱসৰৰ পাছত অসমৰ ইমূৰৰপৰা সিমূৰলৈ বিদ্যালয়ত পদাৰ্পণৰ নামত প্ৰায় ৭৬ হাজাৰ কিলোমিটাৰ পথ ভ্ৰমণ কৰিছে।
বৈশ্যই জনোৱা মতে তেওঁ ছাত্ৰ- ছাত্ৰীসকলৰ উপযোগী কিছুমান মহৎ লোকৰ জীৱনী বিষয়ক সৰু হাত পুথি ছপাই তেওঁলোকৰ মাজত বিনামূলীয়াকৈ বিতৰণৰো ব্যৱস্থা কৰিছে। তেওঁ বহু বছৰ ধৰি কামৰূপৰ শিক্ষা বিভাগকো শৈক্ষিক ক্ষেত্ৰত মাৰ্গদৰ্শন দি আহিছে। শেহতীয়াকৈ কামৰূপৰ শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ বাবে প্ৰৱৰ্তন কৰা “ মিছন অল এচিভাৰ্ছ” আঁচনিখনৰো তেওঁ অন্যতম পৰামৰ্শদাতা।

তেওঁ বিদ্যালয় বিলাকলৈ গৈ শ্ৰেণীকোঠাত নিজেও পাঠদান কৰে । তেওঁৰ পাঠদানত যথেষ্ট প্ৰেৰণা পাই শিক্ষাৰ্থীসকলে। অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৈশ্যই কলা আৰু বিজ্ঞান দুয়োটা শাখাৰ বিষয় পাঠদান কৰাৰ দক্ষতা থকাৰ সুবাদতেই ছাত্ৰ- ছাত্ৰীৰ লগতে শিক্ষক- শিক্ষয়িত্ৰী সকলক যিকোনো বিষয়ত সহায়তা আগবঢ়াব পাৰে। তেওঁৰ প্ৰয়াস হ’ল সীমিত সা-সুবিধাৰ উচিত ব্যৱহাৰৰ জৰিয়তে কেনেকৈ এখন ভাল বিদ্যালয় গঢ়ি তুলিব পাৰি সেই বিষয়ত বিজ্ঞানসন্মত পৰামৰ্শ প্ৰদান কৰা।

তেওঁৰ মতে বিদ্যালয় উত্তৰণৰ আটাইতকৈ ভাল কামবোৰ ধন নোহোৱাকৈয়ে কৰিব পাৰি। কিন্তু সেইখিনিৰ অৱহেলাৰ বাবেই সম্প্ৰতি চৰকাৰী বিদ্যালয়ৰ অৱক্ষয়ৰ অৱস্থা হোৱা বুলি তেওঁ কয়। তেওঁ অসমৰ বিশেষকৈ শংকৰদেৱ শিশু- বিদ্যা নিকেতন সমূহতো নিয়মীয়াকৈ শৈক্ষিক সহায়তা দি সেই বিদ্যালয়সমূহৰ মাজতো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।
নিজৰ অধ্যক্ষৰ কালছোৱাত এদিনো ছুটী নোলোৱাকৈ নিষ্ঠাৰে সেৱা আগবঢ়াই বাতৰি কাকতত স্থান দখল কৰিবলৈ সক্ষম হোৱা বৈশ্যৰ এই ইতিবাচক সেৱাসমূহৰ কথা ইতিমধ্যে অসমৰ বৌদ্ধিক মহলত সৰৱ চৰ্চা হৈছে। শিক্ষকতা লগতে বৈশ্যই শতাধিক পাঠ্যপুথিকে ধৰি প্ৰায় ৩৫০ খন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। বৈশ্যৰ পাঠ্যপুথি আৰু শিশু সাহিত্যই বিগত চাৰি দশক ধৰি শিক্ষাৰ্থীৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।
নিজে আবেদন কৰি শিক্ষকৰ ৰাজ্যিক বঁটা বা সাহিত্যিক পেঞ্চন লোৱাৰ ইচ্ছা প্ৰকাশ নকৰা বৈশ্যই অসমৰ কৃতী শিক্ষক-শিক্ষয়িত্ৰী আৰু ভাল ভাল বিদ্যালয়বোৰক পৰেশ বৈশ্য ফাউণ্ডেচনৰ পৰা বঁটা প্ৰদান কৰি অহা কথাটো সঁচাকৈয়ে মনকৰিবলগীয়া।
নিজৰ উপাৰ্জনৰ ধন বা পেঞ্চনৰ ধন খৰচ কৰি সম্পূৰ্ণ ত্যাগৰ মনোভাৱেৰে শিক্ষাৰ পোহৰ বিলোৱা অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্যৰ এনে ব্যতিক্ৰমী প্ৰয়াস নিশ্চয় ৰাজ্যখনৰ শৈক্ষিক জগতখনৰ বাবে এক ইতিবাচক খবৰ।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)