• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, April 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

পৰেশ বৈশ্যৰ শিশু সাহিত্য

কিৰণ দাস

by Anjan Sarma
October 5, 2023
in Literature, Inspiration
Reading Time: 2 mins read
0
পৰেশ বৈশ্যৰ শিশু সাহিত্য
Share on FacebookShare on TwitterShare on LinkedIn

পৰেশ বৈশ্যৰ শিশু সাহিত্য

কিৰণ দাস

Paresh Baishya
পৰেশ বৈশ্য

দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্যই শিক্ষা জগতৰ উত্তৰণৰ বাবে উল্লেখযোগ্য বৰঙণি যোগাইছে।

পৰেশ বৈশ্য অসমৰ বৌদ্ধিক জগতৰ এটি চিনাকি নাম।‌ তেখেত এগৰাকী শিক্ষাবিদ, সাংবাদিক আৰু সু -লেখক। অসমীয়া সাহিত্যৰ ভঁৰাললৈও তেখেতে যথেষ্ট অৰিহণা যোগাইছে। তেখেত শতাধিক পাঠ্যপুথিৰো ৰচয়িতা।

RelatedPosts

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
Cli-Fi an Emerging Trend in Literature Studies

Cli-Fi an Emerging Trend in Literature Studies

April 13, 2026
Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

April 12, 2026

যোৱা শতিকাৰ নব্বৈৰ দশকৰ পৰা সাহিত্য চৰ্চাত আত্মনিয়োগ কৰা বৈশ্যই এতিয়ালৈকে তিনি শতাধিক গ্ৰন্থ লিখি পাঠক সমাজত সমাদৃত হৈছে।

তেওঁৰ সাহিত্য কৰ্মৰ এটা বিশেষ বৈশিষ্ট্য হ’ল সাহিত্য চৰ্চাৰ সকলোবোৰ বিভাগতে তেখেতে বৰঙণি আগবঢ়াইছে। শিশু সাহিত্যৰ উপৰিও তেখেতে উপন্যাস, কবিতা, ইতিহাস, সাংবাদিকতা, কলা- সংস্কৃতি, অভিধান, আইন , ভ্ৰমণ আৰু সমালোচনা বিষয়ক গ্ৰন্থ ৰচনা কৰিছে। অনুবাদ সাহিত্যলৈ তেখেতে বৰঙণি আগবঢ়াইছে।

আনহাতে অসমীয়া আৰু ইংৰাজী উভয় ভাষাতেই তেখেতে গ্ৰন্থ প্ৰণয়ন কৰিছে। তেখেত শতাধিক পাঠ্যপুথি ৰচয়িতা হিচাপে যোৱা প্ৰায় তিনিটা দশকৰ শিক্ষাৰ্থীসকলৰ মাজত সুপৰিচিত। সম্ভৱতঃ বৈশ্যই হ’ব সৰ্বাধিক পাঠ্যপুথি লিখা সকলৰ অন্যতম। অসমৰ শিশু সাহিত্যৰ জগতখনলৈও পৰেশ বৈশ্যই অনবদ্য অৱদান আগবঢ়াইছে।

যোৱা চাৰিটা দশকত তেখেতে প্ৰায় চাৰি কুৰি শিশু উপযোগী জীৱনী গ্ৰন্থ, সাতখন সাধুকথা,ছয়খন শিশু উপযোগী জনপ্ৰিয় গণিতৰ পুথি লিখিছে। শিশুৰ বাবে অসমীয়া আৰু ইংৰাজী আৰু অসমীয়া উভয় ভাষাতেই তেখেতে জীৱনী গ্ৰন্থ ৰচনা কৰিছে। শংকৰদেৱৰ পৰা নৰেন্দ্ৰ মোদীলৈকে শ্ৰেষ্ঠ অসমীয়া আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বৰেণ্য ব্যক্তিৰ জীৱন লিখি তেখেতে মহৎ কাম কৰিছে।

বৈশ্যই ৰচনা কৰা জীৱনী গ্ৰন্থ আৰু সাধুকথাৰ গ্ৰন্থবোৰৰ ভাষা প্ৰাঞ্জল,সহজ- সৰল আৰু শিশু উপযোগী। তেখেতে যিসকল ব্যক্তিৰ জীৱনী লিখিছে,সেই আটাইবোৰৰ জীৱন দৰ্শন নতুন প্ৰজন্মৰ বাবে অনুকৰণীয়। তেখেতৰ সাধুকথাৰ পুথিবোৰত সন্নিৱিষ্ট সাধুসমূহো শিশুৰ মন জয় কৰিব পৰা বিধৰ। সাধুসমূহ পঢ়ি শিশুসকলে নৈতিক শিক্ষা লাভৰ সুযোগ আছে।

পৰেশ বৈশ্যৰ শিশু সাহিত্য

পৰেশ বৈশ্যৰ চাৰি কুৰি জীৱনী গ্ৰন্থসমূহৰ উল্লেখযোগ্য কেইখনমান হ’ল: শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰ, লক্ষ্মীনাথ বেজবৰুৱা,ভবেন্দ্ৰ নাথ শইকীয়া, আনন্দ ৰাম বৰুৱা, ভূপেন হাজৰিকা, নৱকান্ত বৰুৱা, লক্ষ্যধৰ চৌধুৰী, গোপীনাথ বৰদলৈ, ড.সৰ্বেপল্লী ৰাধাকৃষ্ণণ, চৰ্দাৰ বল্লভভাই পেটেল, শ্বহীদ কুশল কোঁৱৰ, মামণি ৰয়ছম গোস্বামী, নিৰ্মল প্ৰভা বৰদলৈ, শোভাব্ৰহ্ম, জ্যোতিপ্ৰসাদ আগৰৱালা, সতী জয়মতী, মণিৰাম দেৱান, ড.ভীমৰাও আম্বেদকাৰ, চন্দ্ৰপ্ৰভা শইকীয়ানী, হেমাংগ বিশ্বাস, হীৰেন ভট্টাচাৰ্য, পাৰ্বতি প্ৰসাদ বৰুৱা, অমলপ্ৰভা দাস, মহেন্দ্ৰ মোহন চৌধুৰী, খগেন মহন্ত, ড.গুণাৰাম খনিকৰ, আবুল কালাম আজাদ, আমাৰ হেম বৰুৱা, বিষ্ণুৰাম মেধি, কৃষ্ণকান্ত সন্দিকৈ, এপিজে আব্দুল কালামৰ সোণসেৰীয়া কথা, নৰেন্দ্ৰ মোদী, বাৰাক ওবামা, বৰেণ্য গণিতজ্ঞ, বৰেণ্য অসমীয়া, শ্ৰেষ্ঠ অসমীয়াৰ জীৱনী আৰু অসমৰ স্বাধীনতা যুঁজাৰুসকল আদি।

পৰেশ বৈশ্যৰ শিশু সাহিত্য

তেওঁ ইংৰাজীতো শিশু উপযোগী জীৱনী গ্ৰন্থ লিখিছে। সেই কেইখন হ’ল Makers of Assam, Freedom Fighters of Assam, Jyoti Prasad Agarwalaআৰু Bhabendra Nath Saikia । পৰেশ বৈশ্যৰ সাধুকথাৰ কিতাপ কেইখন হ’ল: ৰচকী আইতাৰ সাধু, সাউদৰ সাধু, লাপুং ককাৰ সাধু, পৰীৰ দেশৰ সাধু, আইতাৰ সাধু, ককাৰ সাধু আৰু ককাৰ যাদুকৰী সাধু।

পৰেশ বৈশ্যই শিশুসকলৰ মাজত অংক ভয় মৰিষণৰ বাবে এলানি জনপ্ৰিয় গণিতৰ পুথিও ৰচনা কৰি শিশুসকলৰ মহৎ উপকাৰ সাধিছে। তেখেতৰ তেনে কেইখনমান গ্ৰন্থ হ’ল: অংক মামৰ যাদু, অংকৰ অদ্ভুত কথা, অংকৰ যাদু অংকৰ সাধু, যাদুকৰী গণিত, গণিতৰ যাদু গণিতৰ সাধু আৰু জ্যামিতিৰ নানা কথা। তেখেতে শিশুসকলৰ নৈতিক চৰিত্ৰ গঠনত সহায়ক হ’ব পৰাকৈ’ ছাত্ৰ ছাত্ৰীৰ নীতিশিক্ষা’ নামৰ গ্ৰন্থৰ পাঁচটা খণ্ড প্ৰকাশ কৰিছে ।

পৰেশ বৈশ্যৰ শিশু সাহিত্য

শেহতীয়াকৈ ‘ বিদ্যাৰ্থীৰ নীতিশিক্ষা’ নামৰ আন এখনি মূল্যবান গ্ৰন্থ শিশুসকলৰ বাবে লিখি উলিয়াইছে। তেওঁ শিশুসকলৰ সহায়ক হোৱাকৈ ” বিদ্যাৰ্থীৰ অভিধান” নামৰ এখন অভিধান লিখি প্ৰকাশ কৰিছে।

‘ হাতী’ তেওঁৰ এখন অনুদিত শিশু উপযোগী গ্ৰন্থ। পৰেশ বৈশ্যৰ চন্দ্ৰপ্ৰভা শইকীয়ানী নামৰ জীৱনী গ্ৰন্থখন ইতিমধ্যে হিন্দী ভাষালৈ অনুবাদ হৈছে। আনহাতে তেওঁৰ ‘ বল্লভভাই পেটেল’ আৰু ‘ ‘ড. ভীমৰাও আম্বেদকাৰ’ নামৰ জীৱনী গ্ৰন্থ দুখন বড়ো ভাষালৈ অনুদিত হৈছে।

পৰেশ বৈশ্যৰ এই শিশু সাহিত্যসমূহে নিসন্দেহে অসমীয়া শিশু সাহিত্যৰ ইতিহাসত এক বিশেষ স্থান দখল কৰিব। শিশুৰ মনত সাঁচ বহুৱাব পৰাকৈ বৈশ্যই আৰু অধিক শিশু সাহিত্য ৰচনা কৰক।

Images collected from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 
ASSAMESE SECTION

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

by Raktim Ranjan Saikia
April 14, 2026
0

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ  ডঃ ৰক্তিম ৰঞ্জন শইকীয়া সমগ্ৰ পৃথিৱীজুৰি সকলো কৃষিজীৱি জনগোষ্ঠীয়েই বিভিন্ন ৰূপত বিভিন্ন নামত, বিভিন্ন...

Read moreDetails
Cli-Fi an Emerging Trend in Literature Studies

Cli-Fi an Emerging Trend in Literature Studies

April 13, 2026
Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

April 12, 2026
Zubeen Garg’s Death: An End to an Era

Zubeen Garg: “Sing ‘Mayabini’ for me when I am gone”

April 6, 2026
মৃতদেহৰ আকৌ অংগহানি কিহৰ?

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

April 6, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

April 4, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
macro photo of butterfly perched on pink flowers

অসমীয়া গীত-মাতত পখিলাৰ ৰহস্যময় জগতখন

April 15, 2026
Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

April 14, 2026
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
Zubeen Garg : Radical Romanticism of an Irreverent Icon

শূন্য মঞ্চ, স্তব্ধ সুৰ: জুবিনহীন বিহু

April 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    30297 shares
    Share 12118 Tweet 7574
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12662 shares
    Share 5065 Tweet 3166
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    229 shares
    Share 92 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    136 shares
    Share 54 Tweet 34
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4267 shares
    Share 1707 Tweet 1067
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3607 shares
    Share 1443 Tweet 902
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    88 shares
    Share 35 Tweet 22
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    919 shares
    Share 368 Tweet 230
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    846 shares
    Share 338 Tweet 212
  • দেশে দেশে ফুটবল

    238 shares
    Share 95 Tweet 60
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d