পৰ্বতাৰোহন অভিযানৰ বাবে আৱেদন বিচাৰি আহ্বান
মানস বৰুৱা
![পৰ্বতাৰোহন অভিযানৰ বাবে আৱেদন বিচাৰি আহ্বান 2 Manas Barua 2](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/06/Manas-Barua-2.jpg?resize=377%2C340&ssl=1)
উত্তৰ পূৱ ভাৰতৰ দুঃসাহসিক ক্ৰীড়া ক্ষেত্ৰৰ বাটকটীয়া স্বৰূপ অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত ২০১৬ চনত অসম এভাৰেষ্ট অভিযান আৰু ২০২৩ চনত পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা অভিযানৰ ধাৰাবাহিক সফলতাৰ পিছত ২০২৫ চনত পুনৰবাৰ অসম পৰ্বতাৰোহন সন্থাকে প্ৰমুখ্যে কৰি আন কেইবাটাও দুঃসাহসিক ক্ৰীড়া সংগঠৰ উদ্যোগত আন এক বৃহৎ পৰ্বতাৰোহণ কাৰ্য্যসূচী আয়োজনৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।
![পৰ্বতাৰোহন অভিযানৰ বাবে আৱেদন বিচাৰি আহ্বান 3 AMA Ghy](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/04/AMA-Ghy.jpg?resize=225%2C225&ssl=1)
এই অভিযানৰ যোগেদি পৰ্বতাৰোহণৰ ক্ষেত্ৰখনত অসমক অনন্য মাত্ৰা প্ৰদান কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।
উল্লেখযোগ্য যে অসম পৰ্বতাৰোহণ সন্থাৰ দ্বাৰা আয়োজিত মানস বৰুৱাৰ নেতৃত্বত ২০১৬ চনত পৃথিৱীৰ সৰ্বোচ্চ শিখৰ এভাৰেষ্ট অভিযান সফলতাৰে আৰোহণ কৰিছিল হেনৰী দেভিদ টেৰণ, নন্দ দুলাল দাস আৰু খৰচিং টেৰাঙ আৰু ইয়াৰ পিছতে পুনৰ ২০২৩ চনত পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শিখৰ কাঞ্চনজংঘা সফলভাৱে আৰোহন কৰে ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে।
আৰু এই সফলতাৰ জড়িয়তে দেশৰ পৰ্বতাৰোহণৰ ক্ষেত্ৰখনত অসমে নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সমৰ্থ হৈছে।
পুনৰবাৰ ৰাজ্যখনৰ নবীন-প্ৰবীন পৰ্বতাৰোহীসকলক সংগঠিত কৰি ২০২৫ চনত এক বৃহৎ পৰ্বতাৰোহণ অভিযান আয়োজন কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে যিটো পৰৱৰ্তী সময়ত পৃথিৱীৰ ভিতৰতে এক অনন্য প্ৰচেষ্টা হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
উদ্যোক্তা সকলে অসমৰ সকলো পৰ্বতাৰোহীক কাৰ্য্যসূচীভাগত অংশগ্ৰহন কৰি সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে ইচ্ছুক পৰ্বতাৰোহী সকলক অহা ১৫ মে ২০২৪ৰ ভিতৰত নিজৰ সন্থাৰ জৰিয়তে অসম পৰ্বতাৰোহন সন্থাৰ মেইল ঠিকনা assammount@gmail.com ত মেইলযোগে অথবা অসম পৰ্বতাৰোহণ সন্থাৰ নেহৰু ষ্টেডিয়াম স্থিত কাৰ্যালয়ত পোনপতীয়াকৈ আৱেদন কৰিবলৈ অনুৰোধ জনাইছে।
মানস বৰুৱা , সাধাৰণ সম্পাদক, অসম পৰ্বতাৰোহণ সন্থা; Phone ৯৪৩৫১-০৬৭৪৮, ২ মে ২০২৪
![পৰ্বতাৰোহন অভিযানৰ বাবে আৱেদন বিচাৰি আহ্বান 4 person climbing glacier mountain during day](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/05/matterhorn-hornligrat-cold-climb-53213.jpeg?resize=1733%2C1300&ssl=1)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)