• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle

পৱিত্ৰ কাতিমাহ আৰু অসমীয়া সমাজ

কাতিমাহ

by Pushpanjali Shivom Sarma
October 17, 2024
in Lifestyle, Special Report
Reading Time: 4 mins read
0
পৱিত্ৰ কাতিমাহ আৰু অসমীয়া সমাজ
Share on FacebookShare on TwitterShare on LinkedIn

পৱিত্ৰ কাতিমাহ আৰু অসমীয়া সমাজ

 পুষ্পাঞ্জলি শিৱমশৰ্মা

Pushpanjali
 পুষ্পাঞ্জলি শিৱমশৰ্মা

স্কন্দপুৰাণত উল্লেখ আছে-–

”মাসানাং কাৰ্তিকঃ শ্ৰেষ্ঠৌ দেৱানাং মধুসুদনঃ। 

তীৰ্থ নাৰায়ণাস্য হি ত্ৰিতয়ং দুৰ্লভং কলৌ। ।” 

অৰ্থাৎ,  মাহৰ ভিতৰত কাতি মাহ সকলোতকৈ শ্ৰেষ্ঠ, যেনেকৈ বিষ্ণু শ্ৰেষ্ঠ সকলো দেৱৰ মাজত। 

সেইহেতুকে কলিযুগত সকলো তীৰ্থস্থানৰ ভিতৰত বিষ্ণুৰ স্থান সমূহক শ্ৰেষ্ঠ বুলি গণ্য কৰা হব। প্ৰবাদ আছে কাতি মাহৰ এই পবিত্ৰ তিথিত ভগৱান বিষ্ণুৱে যোগনিদ্ৰা ভঙ্গ কৰি পুনৰ জগত পালনৰ দায়িত্ব লয়।   

দেখা যায় যে কাতি মাহত হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হয়। প্ৰাচীনকলৰে পৰাা চলি অহা লোকমত আৰু প্ৰবাদ অনুসৰি কাতি মাহত মাধৱ মন্দিৰ দৰ্শন কৰি তুলসীৰ মালা অৰ্পণ কৰিলে পুণ্য লাভ হয়। 

ডাকৰ বচনত কোৱা আছে – ‘আহিনে কাতিয়ে ৰাখিবা পানী, যেনেকৈ ৰাখে ৰজাই ৰাণী’। 

– অসমীয়া চহা ৰাইজে খেতিৰ শস্যৰ উন্নতিৰ কামনাৰে অতীজৰে পৰা জুইৰ প্ৰয়োগ কৰি আহিছে।  জুইৰ ব্যৱহাৰৰ দ্বাৰা খেতিয়কসকলে তেওঁলোকৰ খেতিপথাৰক অনিষ্ট কৰিব পৰা বিভিন্ন অপকাৰী উপাদানৰ পৰা শস্যদৰাৰ ৰক্ষাৰ প্ৰচেষ্টা কৰে।  লাহে লাহে সময়ৰ পৰিৱৰ্তনত এই জুইৰ ব্যৱহাৰৰো তাৰতম্য ঘটি এতিয়া মাটিৰ চাকিত তেল আৰু শলিতাৰে জ্বলোৱা এগছি বন্তিলৈ সীমাবদ্ধ হৈ ৰৈছে। 

নিশ্চয়কৈ এই মাটিৰ চাকিগছিয়েই অতীজৰ সেই জুইকুৰাক প্ৰতিনিধিত্ব কৰে যাৰবাবে আজিও বোধকৰো  কাতি বিহুৰ দিনা খেতিপথাৰত শস্যৰ মাজত সভক্তিৰে মাটিৰ চাকিগছি জ্বলোৱা হয়।   প্ৰতিঘৰ অসমীয়াই কাতি বিহুৰ দিনা ঘৰ – দুৱাৰ, চোতাল – পদূলি পৰিষ্কাৰকৈ সাৰিমচি ৰাখে কিয়নো পৰিষ্কাৰ পৰিছন্ন হৈ থকা ঘৰতহে সৌভাগ্য আৰু শস্যৰ প্ৰতীক লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। । 

 বাৰটা মাহৰ ভিতৰত কাতি মাহক পৱিত্ৰ আৰু মঙ্গলকাৰী মাহ হিচাপে ধৰা হয়। 

”স্কন্ধ পুৰাণ’ৰ মতে, “এই মাহতে সকলো দেৱ-দেৱীয়ে পৃথিৱীলৈ আহি মানৱৰ পৰা নৈৱেদ্য গ্ৰহণ কৰে।

Kati Bihu

পদ্ম পুৰাণতো সেই একে ধৰণেৰেই কোৱা হৈছে যে এই মাহত আত্মসংযমী হৈ থাকিলে মানুহে অনেক পাপৰ পৰা মুক্তি লাভ কৰিব পাৰে। পুত: স্নান কৰি এই মাহত ব্ৰত কৰিলে বাঞ্জিত আশা পুৰ্ণ হয়। এই পুত: স্নানকে ‘কাৰ্তক স্নান’বুলিও কোৱা হয়। কাতি মাহত দৰিদ্ৰ ভোকাতুৰক দান কৰিব পাৰিলে স্বৰ্গ সুখ প্ৰাপ্তি হয় বুলি গীতাত উল্লেখ আছে। কোনো পৱিত্ৰ নদীত নিতৌ স্নান কৰি ১০৮টা তুলসীৰ পাত উছৰ্গা কৰিলে বিশেষ পুণ্য হয় বুলি কোৱা হয়।” 

অসমীয়া সমাজ জীৱনৰ বাপতিসাহোন বিহু তিনিটাৰ অন্যতম কাতি বিহু পালন কৰা হয় আহিন মাহৰ সংক্ৰান্তিৰ দিনা।  চহা ৰাইজৰ বুকুৰ এফাল ধাননি পথাৰত শস্যই শ্যামলীমা ৰূপত সেউজীয়া হয়হে মাথোন, যাৰবাবে এই বতৰত অভাৱ-অনাটনেৰে ভৰা দুটিমান দিনো পাৰ কৰিব লগা হয় ৰাইজে। সেয়ে এই বিহুক ‘কঙালী বিহু’ও বোলা হয়।

Kati bihu 1

এই  কঙালীৰ দিনতে ৰোপণ কৰে তুলসী, তাৰ গুৰিত মাটিৰ চাকি অথবা ঔটেঙাৰ বকলাত সৰিয়হ তেল আৰু কপাহৰ ধিমিক-ধামাক অগ্নিশিখাৰে আলোকিত হয়। এনেকৈ কোৱও হয় যে, 

তুলসীৰ তলে তলে মৃগপহু চৰে

তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে।” 

প্ৰচলিত নিয়ম অনুসৰি কাতিবিহুত প্ৰতিজন অসমীয়াই আগচোতালত তুলসী ৰোপণ কৰি তাৰ তলত বন্তি জ্বলায় শৰাই আগবঢ়ায়। 

ঘৰৰ গৃহিণীসকলে পৰিয়ালসহ খেতিপথাৰত চাকি-বন্তি জ্বলাই শৰাই আগবঢ়াই খেতিডৰাত লহপহকৈ বাঢ়ি অহা থোৰ মেলা শস্যক প্ৰণাম জনায়। আকাশ বন্তিৰ ঢিমিকি ঢিমিক পোহৰত সকলো অপশক্তি আৰু আন্ধাৰৰ যেন বিনাশ হৈ যায়।

থোৰ মেলা তথা গেৰ ধৰা ধানেৰে লহপহীয়া হৈ পৰা ধাননি পথাৰত অনিষ্টকাৰী পোক-পতংগৰ পৰা শস্য ৰক্ষা কৰিবলৈ চোৱা গছৰ ডাল পোতাৰ বিপৰীতে জাকে জাকে যুৱক-যুৱতী আৰু মহিলাসকলে পথাৰলৈ গৈ হাঁহি-তামাচাৰে ৰবাব টেঙা খাই তাৰ বাকলিবোৰ ঠন ধৰি উঠা ধাননিলৈ দলিয়াই দিয়াৰ পৰম্পৰাও কিছু কিছু অঞ্চলত দেখা পোৱা যায়। 

আমাৰ খেতিয়কসকলে আশা-ভৰষাৰ স্থল তথা সোণালী সপোন স্বৰূপ চেনেহৰ পথাৰৰ ধাননিৰ উন্নতিমংগল কামনা কৰিয়েই পথাৰ, ভঁৰাল আৰু তুলসীৰ তলত বন্তি জ্বলায়।  পথাৰৰ লখিমীক যেন কোনো বিপদ আপদত পৰিব নিদি কুশলে ঘৰৰ ভঁৰাললৈ আনিব পাৰে তাৰ বাবে বাট দেখুৱাবলৈ আকাশ বন্তি জ্বলোৱা হয় 

তুলসীৰ উপৰিও কোনো কোনো অঞ্চলত পৰম্পৰা অনুসৰি তামোলৰ পুলি, নাৰিকলৰ পুলিও ৰোৱা হয় আৰু সন্ধিয়া চাকি জ্বলোৱা হয়। আকাশ বন্তি জ্বলাবৰ বাবে এডাল দীঘল বাঁহৰ প্ৰয়োজন হয়। আধা ডোখৰ কোমোৰাৰ মাজৰ গুটি অংশ উলিয়াই এটা চাকি বাঁহডালৰ মুৰত খোপ কাটি সুমুৱাই লোৱা হয়। 

তাতে তেল-শলিতা জ্বলাই পথাৰৰ মাজত নাইবা ঠাইভেদে চোতালৰ আগত বাঁহডাল পুতি দিয়া হয়। ইয়াৰ উপৰি তাল-খোল আদি বাদ্য বজাই ধাননি পথাৰখনৰ মাজতো চাকি এগচি জ্বলাই দিয়া হয়।

Kati Bihu3

বিশ্বাস কৰা হয় যে এই চাকিৰ পোহৰত শইচৰ অনিষ্টকাৰী পোক-পৰুৱা জাহ যায় আৰু কৃষকে মুৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা শস্য নিৰাপদে চপাই আনি ঘৰৰ ভৰাঁল ওপচাই পেলায়। যাতে সোণোৱালী শইচৰ সোণোৱালী পৰশে প্ৰতিজন চহাৰ মন প্ৰান জুৰ পেলাব পাৰে তাৰবাবেই এই আকাশবন্তিৰ মৃদু পোহৰ। 

 এই কাতি বিহুত পৰম্পৰাগতভাৱে প্ৰচলিত নিয়মসমূহৰ বৈজ্ঞানিক দৃষ্টিভঙ্গী অতি গুৰুত্বপুৰ্ণ। উদাহৰণস্ৱৰূপে এই বিহুৰ এটা সংস্কাৰশীল মুল উপাদান “তুলসী গছৰ” কথাই উনুকিয়াব পাৰি। 

 তুলসী এবিধ ঔষধি গছ আৰু এই গছ ক সমস্ত উদ্ভিদজগতৰ ভিতৰত আটাইতকৈ বিশুদ্ধ অক্সিজেন প্ৰদান কৰা উদ্ভিদ বুলি জনা যায়। 

সেয়ে সন্ধিয়া পৰত এগছি বন্তিৰে যদি তুলসীৰ তলত সেৱা এটি কৰা হয় তেন্তে এই সুবিধা আৰু সময়তে তুলসীয়ে প্ৰদান কৰা বিশুদ্ধ অক্সিজেন গ্ৰহণ কৰি ল’ব পাৰোঁ। 

তদুপৰি তুলসী পাতৰ ৰস কাহ, পানীলগা আদি ৰোগৰ বাবেও উপকাৰী বুলি আমি সকলোৱে জানো। গতিকে ঘৰৰ পদূলি নাইবা আশেপাশে এডাল তুলসীৰ উপস্থিতিয়ে আমাক সকলো দিশৰ পৰাই লাভান্বিত কৰে। সেয়ে প্ৰতিজন অসমীয়াৰ কণ্ঠত নিগৰিত হওক

কাতি মাহত খেতিপথাৰত, 

জ্বলাও আকাশবন্তি। 

 চাকি জলাই তুলসীৰ তলত

আমি অসমীয়াই

নতশিৰ কৰি, 

লওঁ আহা হৰি নামৰ ধ্বনি।” 

Kati Bihu4

পুষ্পাঞ্জলি শিৱমশৰ্মা, অনসূয়া আবাস, Nh37, লঙ্কেশ্বৰ। জালুকবাৰী, গুৱাহাটী781014 ; যোগাযোগঃ 8486894916

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Pushpanjali Shivom Sarma

Pushpanjali Shivom Sarma

Related Posts

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation
food

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

by Rituraj Phukan
September 7, 2026
0

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation RITURAJ PHUKAN The first Global...

Read moreDetails
গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

September 6, 2026
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

September 5, 2026
Who Decided We Should Eat Three Meals a Day?

Who Decided We Should Eat Three Meals a Day?

September 3, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d