-মনোজ কুমাৰ ডেকা |
একাধিক কাৰণত গুৱাহাটী মোৰ প্ৰিয় । আৰু সেয়ে মই গুৱাহাটীৰ খবৰ ৰাখো।
গুৱাহাটীৰ বিষয়ে বহু কথা কব মন যায় । কব মন যায় যে গুৱাহাটী, ভাৰতবর্ষ উপমহাদেশৰ 2nd oldest living city. পৃথিৱীৰ চাৰিখন মহাকাব্যৰ দুখনতেই গুৱাহাটীৰ বিষয় উল্লেখ আছে । নৱগ্ৰহত “আদিত্যাদি নৱগ্ৰহ”ই বাস কৰিছিল বুলি কোৱা হয় । শৰাণীয়া পাহাৰ আছিল কিৰাত ৰজাৰ ৰাজধানী । নৰকাসুৰ পাহাৰ আছিল ৰজা নৰকৰ ৰাজধানী । বিষ্ণুৰ পৰামৰ্শ অনুসৰি নৰকে কিৰাত ৰজাক যুদ্ধত পৰাজিত কৰি খেদি পঠিয়াইছিল । হিউয়েনচাঙে তেখেতৰ ভ্ৰমণৰ সময়ত হেনো তাল -তামোলৰ তলত গুণী জ্ঞানী সকলক শাস্ত্ৰ আদি অধ্যয়ন কৰি থকা দেখিছিল।…বহু কথা । সেয়া পিছত কম । বেলেগে ।
লক্ষণীয় কথাষাৰ হল, গুৱাহাটীয়ে সকলোকে কিবা নহয় কিবা দিছে । বিশেষকৈ জনা মানুহক । কামৰ মানুহক । সেয়ে হেজাৰ মানুহ আজিও গুৱাহাটীলৈ আহে । সেয়ে ওঠৰ বিশটা জুপুৰীৰ গুৱাহাটীত এতিয়া প্ৰায় একুৰী চৈধ্য লাখ বা তাতকৈ বেছি মানুহে ঘৰৰ ওপৰত ঘৰ সাজি বাস কৰে ।
এবাৰ লিখিছিলো-
“এয়া গুৱাহাটী
এ হে হে…
এয়া গুৱাহাটী…!
হেজাৰ মানুহক সপোন দেখুৱাই
হাত বাউ দি মাতে
অলেখ আহিলেও
থাকিব নোৱাৰে
জনা মানুহে ঘৰ পাতে…!
এয়া গুৱাহাটী…
ব্ৰহ্মপুত্রই সদায় সোঁৱৰে
বীৰ লাচিতৰ গাঁথা
কামাখ্যাই কয় নৰকে সজোৱা
মেখেলা উজুৱাৰ কথা ।
এয়া গুৱাহাটী…
নৱগ্রহতেই এদিন আছিলে
নৱগ্ৰহ আৰু সূৰ্য্য
জ্যোতিষ শাস্ত্ৰত
নিপুণ দেশ মোৰ
মুঠিতে আছিলে ব্ৰহ্মাণ্ড ।
এয়া গুৱাহাটী…
ৰবীন্দ্ৰ ভৱনত মঞ্চ কঁপিছে
সমাজ জীৱনৰ ছবিকে আঁকিছে
মিউজিয়ামৰ ওখ দেৱালৰ
সিপাৰত দেশৰ অতীত শুইছে ।
এয়া গুৱাহাটী…!”
তিনিৰ পৰা চাৰিশ বছৰ পুৰণি কলকাতাত লৈ চুবুৰীয়া বংগৰ মানুহে গীত লিখে । গায় । কিন্তু, গুৱাহাটীত থাকি, খাই, উপাৰ্জন কৰি গুৱাহাটীক একো নিদি গুৱাহাটীৰ খবৰ নৰখা মানুহ এতিয়া গছে গছে, ডালে ডালে, পাতে পাতে…! (বৰষুণত আহিব । গুৱাহাটীয়ে আপোনাক নিজেই কব, গুৱাহাটীৰ শিক্ষিত মানুহে গুৱাহাটীৰ কিমান যত্ন লয় ।)
এই গুৱাহাটীৰ অন্যতম পুৰণি আবাসীক অঞ্চল, উজান বজাৰ । এই উজান বজাৰ আৰু ইয়াৰ সংলগ্ন অঞ্চলত বাস কৰে এনে একাধিক ব্যক্তি বা বিশিষ্ট লোকৰ পৰিয়াল, যাৰ অৱদান অসমৰ সমাজ জীৱনলৈ বহু বেছি !
*********************
উজনবজাৰৰ গাতে লাগি থকা খাৰঘুলিত বাস কৰিছিল চি পি শইকীয়াই । আমাৰ চিনাকি চন্দ্ৰ প্ৰসাদ শইকীয়া । গৰিয়সী, প্ৰকাশ, নতুন দৈনিক বা অসম বাতৰিৰ সম্পাদক চন্দ্ৰ প্ৰসাদ শইকীয়া । কোনোবা ঘৰলৈ গলে তেওঁ পোনে পোনে অতিথিক লৈ যায় নিজৰ শুৱা কোঠালৈ । তাৰ পৰা দেখুৱাই, ব্ৰহ্মপুত্ৰ খনক । ব্ৰহ্মপুত্ৰ তেওঁৰ আপোন আছিল । খাৰঘুলিৰ পৰা ব্ৰহ্মপুত্ৰখন বৰ ধুনীয়াকৈ দেখা পায় ।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মভূষণ চন্দ্ৰপ্ৰসাদ শইকীয়া আছিল অসমীয়া কাকতৰ পৰম্পৰাগত আৰ্হি বা lay out নকৈ গঢ়োতা । তাকে কৰিবলৈ তেওঁ এদল উৎসাহী যুৱকক নেতৃত্ব দিছিল । সেই যুৱকসকল আছিল যেনে, মিহিৰ দেউৰী, মনোজ কুমাৰ গোস্বামী, নৱ ঠাকুৰীয়া, ৰূপম বৰুৱা, হিতেন মহন্ত, দিৱস ফুকন ইত্যাদি ।
কাকতৰ প্ৰথম পৃষ্ঠাৰ পিছত চতুৰ্থ পৃষ্ঠাক পাঠকৰ প্ৰথম পছন্দ কৰিবলৈ তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল । জনমত গঠন, সুস্থ বিতৰ্কৰ সৃষ্টি, নৱ প্ৰজন্মক বিভিন্ন বিষয়ৰ প্ৰতি আকৃষ্ট কৰিবলৈ তেওঁ ন ন কৌশল গ্ৰহণ কৰিছিল । সতীশ চৌধাৰী বা নিৰোদ চৌধাৰীক তেখেতে সাঙুৰিছিল চতুৰ্থ পৃষ্ঠাৰ সৈতে…!
সাহিত্য অকাডেমি বা অসম উপত্যকা সাহিত্য বঁটা প্ৰাপক গৰাকী আছিল অতি মুকলি মনৰ । ৰসাল । কেতিয়াবা নিজৰ টেবুলৰ পৰা উঠি আহি বিৰাট মনযোগেৰে লিখি থকা এজনলৈ চাই কয়-” হেৰা ডেকা ল’ৰা, আমাৰ প্ৰতি অলপ উদাৰ হোৱাচোন । তোমাৰ প্ৰচণ্ড গতিত লিখা এই লেখা অলপ সময়লৈ বন্ধ কৰিলে বিশ্ব সাহিত্যৰ একো ক্ষতি নহয় ! অলপ সময় লিখা বন্ধ কৰা “
*************************
এবাৰ শিশু সাহিত্যিক (তেতিয়া নতুন দৈনিকৰ শিশু শিতানৰ পৰিচালক) গগন অধিকাৰীক নিজৰ কোঠালৈ মাতি নি খঙত সুধিলে-“হেৰা, কাকতৰ সম্পাদক মই নে তুমি…!?”
অধিকাৰীৰ হাহাকাৰ লাগিল । কথা কি ! হ’ল কি ?
“ছাৰ, সম্পাদক আপুনি…তাত কাৰো সন্দেহ নাই !”
“তেন্তে মোতকৈ তোমালৈ কিয় বেছি চিঠি আহে !?”- কৈয়েই ছাৰে হাঁহি দিছিল ।
মোৰ চন্দ্ৰ প্ৰসাদ শইকীয়া ছাৰৰ সৈতে কাম কৰা নহ’ল । কিন্তু , মই তেখেতক দেখিছিলো । অনুসৰণ কৰিছিলোঁ । তেওঁলোকৰ বিষয় কোনোৱে কোৱা কথাবোৰ কান পাতি শুনিছিলো । এনেকৈ শুনিছিলো যাতে মই পিছত কব পাৰো…! কাৰণ মই জানিছিলো, আমাৰ সমাজ জীৱন সমৃদ্ধ কৰা সকলো এদিন আতঁৰিব । এজন এজনকৈ । এনেয়ে আমি শিপা বা ঠাৰিৰ যত্ন নোলোৱা জাতিৰ মানুহ । যদি মই নুশুনো, মই নেচাওঁ… কেনেকৈ জানিব মানুহে । কেনেকৈ জানিব আমাৰ পৰৱৰ্তী প্ৰজন্মই !
তেওঁলোকৰ বিষয়ে বিভিন্ন কথা শুনি থাকোতে মোৰ মনলৈ আহিছিল আন কেতবোৰ অদ্ভুত চিন্তা । আপোনাৰ, মোৰ দৰে তেওঁলোকৰো বাৰু ঠাণ্ডাত গা ধুব এলাহ লাগেনে ? আপোনাৰ, মোৰ দৰে তেওঁলোকৰো এসময়ত চেন্ডেলৰ নিলাখিনি ওলাই যায়নে ? তেওঁলোকেও কেতিয়াবা আমাৰ দৰে কলগেটৰ শেষৰখিনি উলিয়াবলৈ আপ্ৰাণ চেষ্টা কৰেনে ? গা ধুৱতে চাবোন টুকুৰা সাউতকৈ হাতৰ পৰা ওলাই দৌৰ মাৰেনে ? তেওঁলোকেও আপোনাৰ মোৰ দৰে বজাৰ কৰেনে ?
কৰে ।
কৰে ।
কৰে ।
…চন্দ্ৰ প্ৰসাদ শইকীয়া ছাৰে উজান বজাৰত পাচলি কিনি থকা মই দেখিছিলো । বজাৰ কৰা দেখিছিলো । সেয়ে ধৰি ৰাখিছিলো । কাৰণ তেওঁলোকৰ সৈতে মোৰ একো নিমিলে । মিলাখিনি ধৰি নাৰাখিম ? কওঁক…নাৰাখিম ?