-ডাঃ মুকুল শৰ্মা |
ফলমূল খাব কোনেনো বেয়া পায়? তাতে যদি আৰু সতেজ, সুস্বাদু আৰু সুগন্ধিযুক্ত ফলমূল হয় জিভাৰ পানী নিজে নিজে ওলায়। বজাৰত বিধে বিধে সজাই থোৱা তজবজীয়া ফলমূলবোৰ দেখি প্ৰায়েই আমাৰ কিনিবলৈ মন যায় আৰু বেছিভাগ ক্ষেত্ৰতেই কোনো কথা চিন্তা নকৰি ফলমূল কিনি আনো। আমাৰ বজাৰবোৰত সাধাৰণতে স্হানীয় ফলমূলতকৈ আমদানিকৃত ফলমূলহে বেছিকৈ দেখিবলৈ পোৱা যায় আৰু এই আমদানিকৃত ফলমূলৰ কিছু সংখ্যক ফলমূল বিদেশৰ পৰা আমদানিকৃতও হয়। এই ফলমূল বিলাকৰ কিছুমান ফলমূলত হয়তো আপুনি সৰু সৰু ষ্টীকাৰ লগাই থোৱা দেখিছে। কিন্তু কেতিয়াবা জানিবলৈ ইচ্ছা কৰিছে নে এই ষ্টীকাৰৰ ৰহস্যৰ কথা বা ষ্টীকাৰত নিহীত হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ তথ্যৰ কথা। সাধাৰণতে এই ষ্টীকাৰ সমূহত উৎপাদনকাৰী সংস্হা বা আমদানিকাৰীৰ নাম, উৎপাদনকাৰী দেশৰ নাম বা PLU (Price look-up) ক’ড থাকে । উৎপাদনকাৰী সংস্হা সমূহে নিজৰ সংস্হাৰ প্ৰচাৰৰ লগতে PLU ক’ডৰ জড়িয়তে আমাক কিছুমান তথ্যৰ যোগান ধৰে। তলত এই বিষয়ে কিছু তথ্য আগবঢ়োৱা হ’ল।
⏩যদি ষ্টীকাৰত চাৰিটা সংখ্যাযুক্ত ক’ড থাকে আৰু ক’ডৰ আৰম্ভণিৰ সংখ্যাটো ৩ বা ৪ হয় তেন্তে বুজা উচিত যে ফলবিধ আধুনিক কৃষি প্ৰযুক্তিৰ সহায়ত উৎপাদন কৰা হৈছে আৰু ফলবিধ উৎপাদন কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণে কৃত্ৰিম সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে
⏩ষ্টীকাৰৰ ক’ড সংখ্যা পাঁচটা সংখ্যাযুক্ত হ’লে আৰু ক’ডৰ আৰম্ভণিৰ সংখ্যাটো যদি আঠ হয় বুজিব লাগিব যে সেই ফলবিধ জেনেটিক ভাবে সংশোধিত বা পৰিবৰ্তিত কৰা হৈছে যাক ইংৰাজীত GMO (Genetically modified organisms) বুলি কোৱা হয়। পৃথিৱীৰ প্ৰায় ২৬ খন ৰাষ্ট্ৰই ইতিমধ্যে GMO পদ্ধতিৰে উৎপাদিত ফলমূল বা খাদ্য সামগ্ৰীৰ ওপৰত প্ৰতিবন্ধকতা বা কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।
⏩পাঁচটা সংখ্যাযুক্ত ষ্টীকাৰ থাকিলে আৰু আৰম্ভণিৰ সংখ্যাটো ৯ হ’লে বুজা উচিত যে সেই ফলবিধ আমাৰ পূৰ্বপুৰুষৰ পৰা চলি অহা জৈৱিক পদ্ধতিৰে কোনো ৰাসায়নিক সাৰ ইত্যাদি ব্যৱহাৰ নকৰাকৈ উৎপাদন কৰা হৈছে। এনে ফলমূলৰ দাম অকণমান বেছি হয় যদিও পুষ্টিকৰ গুণেৰে ভৰপূৰ হয়।
⏩PLU ক’ড বা ষ্টীকাৰ নথকা আমদানিকৃত ফলমূল কিনোতে সদায় সাবধানতা অৱলম্বন কৰিব লাগে। সাধাৰণতে স্হানীয় ফলমূল আৰু লগতে কিছুমান আমদানিকৃত ফলমূলতো ষ্টীকাৰ নাথাকে। তেনে ফলমূল কিনাৰ সময়ত ফলমূল বিক্ৰী কৰা মানুহজন বা সংস্হাটো যদি আপোনাৰ একেবাৰে বিশ্বাসী নহয় বা মনত যদি সন্দেহ থাকে তেনে ফলমূল ক্ৰয় নকৰাই ভাল। অৱশ্যে PLU ক’ড চৰকাৰৰ ফালৰ পৰা বাধ্যতামূলক কৰা হোৱা নাই। এনে ষ্টীকাৰসমূহ সংস্হাসমূহে স্বয়ংক্ৰিয় ভাবে ব্যৱহাৰ কৰে। এই ষ্টীকাৰ সমূহৰ ব্যৱহাৰ ১৯৯০ চনৰ পৰাই চলি আহিছে।
গতিকে ফলমূল কিনাৰ সময়ত এই ষ্টীকাৰসমূহ ভালদৰে লক্ষ্য কৰি ক্ৰয়ককৰা উচিত।