• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ইতিহাসপ্ৰসিদ্ধ ঢকুৱাখনাৰ ফাটবিহু 

ASSAMESE SECTION / Culture / Bihu

by Gautam Sarmah
April 15, 2025
in ASSAMESE SECTION, Cultural, Dance, Folk, Heritage
Reading Time: 3 mins read
0
ইতিহাসপ্ৰসিদ্ধ ঢকুৱাখনাৰ ফাটবিহু 
Share on FacebookShare on TwitterShare on LinkedIn

ইতিহাসপ্ৰসিদ্ধ ঢকুৱাখনাৰ ফাটবিহু

 গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

বাৰেৰহনীয়া কৃষ্টি, সংস্কৃতি আৰু সমন্বয়ৰ বৰঘৰ ঢকুৱাখনাৰ ঐতিহ্যক বৰ্তমানেও উজ্বলাই ৰখোৱাৰ এক উৎকৃষ্ট চিৰপৰিচিত উৎসৱ হৈছে ফাটবিহু।

লখিমপুৰ জিলাৰ একমাত্ৰ মহকুমা ঢকুৱাখনা টাউনৰ নিচেই কাষেদি বৈ যোৱা চাৰিকড়ীয়া নৈৰ পাৰতে ম’হঘুলি চাপৰিত আহোম ৰজাসকলৰ ৰাজত্বৰ দিনৰেপৰা এই উৎসৱটিক উদযাপন কৰি অহা হৈছে বুলি পণ্ডিতসকলে ক’ব খোজে।

ঢকুৱাখনাত বাস কৰা সকলো জাতি-জনগোষ্ঠীয়ে একেলগে মিলি প্ৰতিবছৰে আয়োজন কৰি অহা এই ফাটবিহুৱেই হৈছে ঢকুৱাখনাবাসীৰ এক নিজস্ব পৰিচয়; যাৰ ফলশ্ৰুতিত ঢকুৱাখনা আজি বিশ্ববিদিত।

Kopou

এই ফাটবিহুৰ সুকীয়া পৰিচয় সম্পৰ্কে ফাটবিহুৰ ১৯৯৯ চনৰ মুখপত্ৰ “বিহুৱান“ৰ সম্পাদক অমিয় কুমাৰ সন্দিকৈৰ ভাষাৰেই আমিও ক’ব খুজিছোঁ, “ফাটবিহু ঢকুৱাখনীয়া ৰাইজৰ জীৱন স্পন্দন, আৱেগৰ প্ৰৱাহ। ফাটবিহু মহা আনন্দৰ বিমল উৎসৱ, সকলো হেঙাৰ ভাঙি এক জাতি, এক প্ৰাণ হোৱাৰ উৎসৱ । ফাটবিহু ঢকুৱাখনীয়া ৰাইজৰ প্ৰাণ-প্ৰাচুৰ্য, দিয়া-লোৱাৰ মাজেৰে এক হৈ হাঁহিব পৰা হৃদয় বৈভৱৰ উমাল চিনাকি পোৱাৰ উৎসৱ। আনুষ্ঠানিক ফাটবিহুৱে অতীতৰ বহু ৰং ৰূপ-ৰস হেৰুৱালেও বছৰেকত কেইদিনমান বা কেইটিমান সুগন্ধি, সুৱদি ক্ষণ প্ৰাণে-প্ৰাণে মিলি যোৱাৰ সুযোগ দিয়ে। এই সুযোগে আনে বছৰটোলৈ শান্তিৰ অমিয়া। বহু দুখ, আলৈ-আহুকাল, জঞ্জালৰ মাজতো খন্তেকলৈ হ’লেও ফাটবিহুৰ প্ৰাণ-চাঞ্চল্যৰ সৈতে একাকাৰ হৈ মিলি যাবলৈ সমষ্টিপ্ৰেমী, সংস্কৃতিপ্ৰেমী ৰাইজ আহে।”

ফাটবিহুৰ ঐতিহ্য সম্পৰ্কে বহু প্ৰবাদ আৰু কাহিনী জনমানসত প্ৰচলিত হৈ আছে, যিবোৰ প্ৰবাদ তথা কাহিনী আজি ঢকুৱাখনাবাসীৰ মুখে-মুখে শুনিবলৈ পোৱা যায়। ইয়াৰে প্ৰথমটো কাহিনী মতে, মধ্যযুগত অৰ্থাৎ আহোম ৰজাসকলৰ ৰাজত্বকালতে চাৰিকড়ীয়া নৈৰ পাৰত অনুষ্ঠিত হোৱা বিহু চাবলৈ বহু দূৰৰপৰা দৰ্শকসকল আহিছিল, তাত গৈ সমবেত হোৱা হাজাৰ হাজাৰ ৰাইজৰ ভৰত বিহুতলী ফাট মেলিছিল; আৰু তেতিয়াৰে পৰাই ঢকুৱাখনাৰ এই বিহুক ফাটবিহু বুলি কোৱা হৈছিল।

আকৌ অন্য একাংশ ৰাইজৰ মতে, ঢকুৱাখনাত বিহু চলি থাকোঁতে আগতে ঢোল ফাটিছিল, নাচোতে নাচনীৰ ৰিহা-মেখেলা ফাটিছিল, ঢুলীয়াই নাচনীক পলুৱাই নিওঁতে নাচনীৰ আঁচল ফাটিছিল আৰু বিহু নাম গাওঁতে মাত ফাটিছিল। সেই গতিকে ইয়াত উদযাপিত বিহুক ফাটবিহু বুলি জনা গৈছিল।

প্ৰচলিত অন্য এক প্ৰবাদ অনুসৰি, সমাজৰ উচ্চ বৰ্ণৰ লোকসকলৰ সৈতে মতানৈক্য হৈ কেতবোৰ লোকে এই বিহু পতা বাবে ইয়াক ফাটবিহু বোলা হৈছিল।

চতুৰ্থটি মত অনুসৰি, ইংৰাজ চাহাব স্ফাটগ্ৰীণ ঢকুৱাখনালৈ আহোঁতে বিহুৰে আদৰণি জনোৱা হৈছিল, সেয়েহে তেওঁ নাম অনুসৰি প্ৰথমে স্ফাট আৰু তাৰপিছত ফাট লৈ ৰূপান্তৰ হৈ তাৰপৰাই ফাটবিহু শব্দৰ উৎপত্তি হয়।

অন্য এক কাহিনী মতে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিহু দল এটি আহোম ৰজাৰ দিনতেই ৰংঘৰৰ বাকৰিত বিহু প্ৰদৰ্শনৰ বাবে গৈছিল, অনাহকত তেওঁলোকক বিহু প্ৰদৰ্শনত কোনোবাই বাধা দিয়াত তেওঁলোকে ফালৰি কাটি আহি উত্তৰ পাৰত বেলেগকৈ মুকলি আৰু ডাঙৰকৈ বিহু পাতিবলৈ লৈছিল। সেই বিহুকেই কালক্ৰমত ফাটবিহু হিচাপে জনা গৈছিল।

ইতিহাসপ্ৰসিদ্ধ ঢকুৱাখনাৰ ফাটবিহু 

প্ৰবাদ মতে, ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত আহোম ৰাজত্বৰ দিনত এটা ফাট বা ঘাট আছিল, যিটো ঘাটক পানীফাট বোলা হৈছিল। এই পানীফাটত আহোম ৰজাৰ বিষয়াই কৰ-কাটল তথা ৰাজহ তুলিছিল। চাৰিকড়ীয়াৰ পাৰৰ এই পানীফাটতেই ৰাইজে একগোট হৈ ব’হাগ মাহৰ সপ্তম দিনা বিহু পাতিছিল। ফাটত অনুষ্ঠিত হোৱা বাবে এই বিহুক ফাটবিহু বুলি জনা গৈছিল বুলিও কোৱা হয় ।

আকৌ অনেকৰ মতে, ব’হাগত সাতদিন ধৰি চলা ৰাতিবিহু চাবলৈ বহু দূৰৰপৰা বিহুবলিয়া ডেকা-গাভৰুবোৰ পলাই আহি ম’হঘুলি চাপৰিত লগ লাগিছিল। ঢুলীয়াৰ ঢোলৰ ছেৱত নাচনীৰ কঁকাল ভাগিছি। ঢোল বাই-বাই ঢুলীয়া ভাগৰি পৰিলে নাচনী জিকিছিল আৰু নাচি-নাচি নাচনী ভাগৰি পৰিলে ঢুলীয়া জিকিছিল। ঢুলীয়া আৰু নাচনীৰ কাৰ্যক্ষমতা তুলনা কৰিবলৈ এটা দলৰ নাচনী আনটো দললৈ গৈছিল; আৰু এইদৰে এটা দলে আনটো দলৰ সমকক্ষ হ’বলৈ ফালৰি কাটি আহি বিহু মৰা বাবে এই বিহুক ফাটবিহু হিচাপে জনা গৈছিল।

কেতবোৰ লোকৰ মতে, ম’হঘুলি চাপৰিত বিহুত ডেকা-গাভৰুৰ মনত প্ৰেমৰ নৈ বয়, মনে মিলিলে কেতিয়াবা ডেকা-গাভৰু যুটিয়ে বিহুতলীৰ পৰাই পলাই ফাট মাৰে অৰ্থাৎ গুচি যায়। বিহুতলীৰ পৰা ব্যাপক মাত্ৰাত এনেকৈ ডেকা-গাভৰুসকল পলাই যোৱা বা ফাট মৰা বাবে এই বিহুক ফাটবিহু বুলি জনা যায়।

প্ৰচলিত অন্য এক প্ৰবাদ অনুসৰি, এবাৰ খুব খৰাং হৈছিল। ফলত এই অঞ্চলৰ মাটি ফাট মেলিছিল। খৰাঙৰ পৰা ৰক্ষা পাবলৈ নিৰাময় উৎসৱ পতা হৈছিল। এই উৎসৱৰ পাছতেই মাটি ফাট মেলা বন্ধ হয়। খৰাঙৰ বতৰত মাটি ফাট মেলা সময়ৰ পৰাই প্ৰতিবছৰে ইয়াত বিহু উদযাপন কৰা হৈ আহিছে। যাৰ পৰিপ্ৰেক্ষিতত এই বিহুটো ফাটবিহু নামেৰে জনাজাত হৈছে।

ৰাইজৰ মাজত আজিকোপতি বিপুলভাৱে জনপ্রিয় আৰু প্ৰচলিত উপৰোক্ত কাহিনী তথা প্ৰবাদসমূহে প্ৰমাণ কৰে যে, ইতিহাসপ্ৰসিদ্ধ ঢকুৱাখনাৰ ফাটবিহুৰ উৎপত্তিৰ অন্তৰালত কোনো বিশেষ ধৰাবন্ধা কাৰক আজিকোপতি উদ্ধাৰ হোৱা নাই। উল্লেখিত কাহিনীবোৰক পৰ্যবেক্ষণ কৰি পণ্ডিতসকলে আজি ফাটবিহুৰ আদি ইতিহাস তথা আচল সম্পৰ্কে দাঙি ধৰা বক্তব্যসমূহতো বহু মতৰ অমিল দেখিবলৈ পোৱা গৈছে।

তৎস্বত্বেও, ঐতিহ্য আৰু সমন্বয় বহনকাৰী এই ফাটবিহু আজি বিশ্ববন্দিত ৰূপত পৰিস্ফুট; ইয়াৰ মূলতেই আছে ইয়াক পালনৰ বিশেষত্বসমূহ।

ইতিহাসপ্ৰসিদ্ধ ঢকুৱাখনাৰ ফাটবিহু 

“ফাটবিহুৰ ইতিহাস আৰু ঐতিহ্য” শীৰ্ষক গ্ৰন্থৰ প্ৰণেতা ইছমাইল হুছেইন ডাঙৰীয়াই গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণৰ ২৯ নং পৃষ্ঠাত ফাটবিহুক ব’হাগৰে এটা ঠাল বুলি উল্লেখ কৰিছে। লেখক, পণ্ডিত ঢকুৱাখনাৰ সু-সন্তান প্ৰয়াত ড° চন্দ্ৰধৰ চমুৱাই ফাটবিহু সম্পৰ্কীয় এখন আলেখ্য প্ৰকাশ কৰি ফাটবিহুৰ সম্পৰ্কত কৈছে যে, “লুইতপৰীয়া মিছিং ডেকা গাভৰুসকলে ৰং বিৰঙৰ পোচাকেৰে ফাটবিহুলৈ ভাগি-ভুঁহৰি আহি দিনৰ ভাগত বাটৰ কাষত কিম্বা বৰচাপৰি ম’হঘুলি চাপৰিৰ গছৰ তলত এই বিহু কৰিছিল।

পশ্চিমীয়া, বিশেষকৈ বঙ্গীয় সংস্কৃতিৰ প্ৰভাৱত আঢ্যৱন্ত বা সম্ভ্ৰান্ত পৰিয়ালৰ জ্যেষ্ঠ লোকে বিহুৰ নৃত্য-গীতক অৱজ্ঞাৰ চকুৰে চাইছিল। সেয়েহে ৰাতি বিহুলৈ ডেকা গাভৰু ওলাই যোৱাটোক বিহু জুপিবলৈ যোৱা বুলি কোৱা হৈছিল। পিছে অনুন্নত সম্প্ৰদায়ৰ ডেকা-গাভৰুৰ মাজত আছিল বিহুৰ প্ৰকৃত প্ৰাণ-প্ৰাচুৰ্য আৰু ঢকুৱাখনাৰ ফাটবিহুৰ প্ৰাণকেন্দ্ৰই আছিল কৈৱৰ্ত্ত আৰু মিচিং সম্প্ৰদায়ৰ লোক।”

অন্যহাতেদি, ঢকুৱাখনাৰ অন্য এগৰাকী সু-সাহিত্যক তথা সাংবাদিক হোমেন বৰগোহাঞিয়ে এই সম্পৰ্কত লিখিছে যে, “ফাটবিহু ঢকুৱাখনাৰ এটা নিজস্ব উৎসৱ। ঢকুৱাখনাৰ চাৰিওফালে অসংখ্য মিছিং গাওঁ আছে। প্ৰতিবছৰে ব’হাগ বিহুৰ সময়ত বিহু বলীয়া মিছিং ডেকা গাভৰুৱে দল বান্ধি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত বিহু মাৰিবলৈ আহে।

এই বিহু চাবলৈ গাঁও-ভুঁই ভাঁহি-ভুহৰি আহি হাজাৰ-হাজাৰ মানুহ ঢকুৱাখনাত জমা হয়। ঠাইখন লোকে লোকাৰণ্য হয়। সাতদিন সাতৰাতি এই বিহু চলে। কেৱল যে মিছিং সকলেই এই বিহু উৎসৱত অংশ লয় এনে নহয়, ঢকুৱাখনাৰ আহোম, চুতীয়া, কৈৱৰ্ত আদি সকলো সম্প্ৰদায়ৰ মানুহেই আনন্দৰ এই বিহুৰ বলিয়া বানত নিজক উটুৱাই দিয়ে।”

ঢকুৱাখনাৰ অন্য এজন শিক্ষক ইণ্ডিবৰ বুঢ়াগোহাঁয়ে ১৯৮৫ চনতেই ‘প্ৰান্তিক’ আলোচনীত লিখিছিল, “ব’হাগ মাহৰ তিনিদিনৰ পাছত অঞ্চলটোৰ ডেকা-গাভৰুবোৰে চাৰিকড়ীয়া নৈৰ পাৰৰ চাপৰিলৈ দৌৰ দিছিল। কঁহুৱা-বিৰিণা বনৰ আঁৰে-আঁৰে, জৰী আঁহতৰ তলে-তলে জুম বান্ধি দল-দল হৈ সিহঁতে বিহু জুৰিছিল। এই বিহু একেলেথাৰিয়ে পোন্ধৰ দিনলৈকে হৈছিল। ইয়াত জাতি, বৰ্ণ, সম্প্ৰদায়ৰ কোনো বাছ-বিচাৰ নাছিল। দূৰ দূৰণিৰ পৰা আহি জনজাতীয় লোকসকলেও ফাটবিহুত যোগ দিছিল। আমাৰ দেউতাহঁতৰ দিনতো ফাটবিহু আছিল। আমাৰ দিনত অৱশ্যে কম হৈ আহিল। এই বিহুৰ অন্য এটা ডাঙৰ কথা হ’ল, ইয়াৰ কোনো সংগঠক নাছিল।” উল্লেখ্য যে, লেখক ইণ্ডিবৰ বুঢ়াগোহাঁয়ে এই কথাষাৰ ১৮৮৯ চনতে জন্মগ্ৰহণ কৰা এজন ককাৰ মত বুলিও লেখনিৰ প্ৰথমতে উল্লেখ কৰিছে।

ইতিহাসপ্ৰসিদ্ধ ঢকুৱাখনাৰ ফাটবিহু 

ইতিহাসৰ পৃষ্ঠাত  ১৯১৮ চনটো আছিল আমাৰ বাবে অতিকৈ দুখজনক বৰ্ষ। এই বৰ্ষতেই আহোম ৰজাসকলৰ ৰাজত্বৰ দিনৰে পৰা উদযাপিত হৈ অহা ফাটবিহুৱে হেৰুৱাই পেলাইছিল ইয়াৰ সোণালী ঐতিহ্য। ঐতিহাসিকসকলৰ মতে, ১৯১৭ চনৰ বিশ্ব ইতিহাসৰ পৰিৱৰ্তনকামী ৰুচ বিপ্লৱৰ প্ৰভাৱে অসমতো ইংৰাজ বিৰোধী ঢৌৰ জন্ম দিছিল। ফলত অবিৰতভাৱে উদযাপিত হৈ অহা এই ফাটবিহুৰ গতিত প্ৰায় ত্ৰিশ বছৰৰ কাৰণে যতি পৰিছিল; বিভিন্ন তথ্যসূত্ৰৰ পমখেদি যিটো ৰাজনৈতিক কাৰকক বিচাৰি পোৱা গৈছে।

এইক্ষেত্ৰত লেখক জগদীশ গগৈয়ে তেওঁৰ ‘ফাটবিহুৰ পম খেদি এখন চিঠি : ৰাইজলৈ’ শীৰ্ষক লেখাত ১৯১৮ চনত বন্ধ হোৱা ফাটবিহুৰ পুনৰ উত্তৰণ ঘটে ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পাছৰপৰা বুলি উল্লেখ কৰিছে।

তেখেতৰ মতে, “স্বাধীনতা লাভৰ বাতৰিটো ১৬ আগষ্টৰ আবেলি ভাগতহে জনা-জনি হৈছিল। আৰু তাৎক্ষণিকভাৱে প্ৰতিখন গাঁৱৰ ৰাইজে দবা-কাঁহ, শংখ-ঘণ্টা, ঢোল-খোল বজাই ঢকুৱাখনাৰ প্ৰধান-প্ৰধান ৰাস্তাত শোভাযাত্ৰা কৰিছিল। স্বাধীনতা লাভৰ আনন্দত আত্মহাৰা হৈ ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত সাংস্কৃতিক উৎসৱ ফাটবিহু পুনৰ অনুস্থিত কৰিবলৈ টঙালি বান্ধিলে কেইজনমান উদ্যোগী সংস্কৃতিপ্ৰেমী ব্যক্তিয়ে। স্বৰ্গীয় মহেন্দ্ৰ গগৈ, স্বৰ্গীয় জয়চন্দ্ৰ গগৈ, ডম্বৰুধৰ চেতিয়া, স্বৰ্গীয় লীলাকান্ত দাস, কবীন গগৈ, খগেশ্বৰ হাজৰিকা আদি লগ হৈ ১৯৪৮ চনত পোনপ্ৰথম বাৰৰ বাবে আনুষ্ঠানিক ফাটবিহু ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰে। ১৯৫০ চনৰ বৰ-ভূঁইকপ, ১৯৫৪ চনৰ বাৰে-চহৰীয়া সবাহ, ১৯৫৬ চনৰ কৃষক সভা, ১৯৫৭ চনৰ কৃষ্টি সভা আদি বিভিন্ন কাৰণত ফাটবিহু অনুষ্ঠিত হোৱা নাছিল। ১৯৫৮ চনত স্বৰ্গীয় জয়চন্দ্ৰ গগৈ, স্বৰ্গীয় কেঁহুৰাম গোঁহাই, স্বৰ্গীয় লীলাকান্ত দাস, স্বৰ্গীয় জগত চন্দ্ৰ দত্ত বৰা, স্বৰ্গীয় পদ্মেশ্বৰ দত্ত, স্বৰ্গীয় কেশীৰাম হাজৰিকা, স্বৰ্গীয় গজেন চমুৱা, মংগলা ফুকন, ডাঃ মুক্তি ফুকন, খগেশ্বৰ হাজৰিকা, কমল চন্দ্ৰ গগৈ, যতীন্দ্ৰ কুমাৰ বৰুৱা, ভোলানাথ তামুলী আদিৰ নেৰা-নেপেৰা চেষ্টাৰ ফলত খেৰ-বাঁহৰ চালিৰ তলে-তলে ফাটবিহু পতা হৈছিল।”

পত্ৰলেখক জগদীশ গগৈৰ এই লেখাই বিংশ শতিকাত ফাটবিহুৰ বৈশিষ্ট্য, গতি, প্ৰগতি তথা এই বিহুৱে সন্মুখীন হোৱা বাধাসমূহৰ কথা খুব সুন্দৰকৈ আমাক কয়।

ইতিহাসপ্ৰসিদ্ধ ঢকুৱাখনাৰ ফাটবিহু 

বহু ঐতিহ্য, ঘাত-প্ৰতিঘাত বহনকাৰী ঢকুৱাখনাৰ ফাটবিহুৱে পৰিৱৰ্তনৰ চাকনৈয়াত আজি বহু অতীত পৰম্পৰাক এৰাই চলিলেও বহুক্ষেত্ৰত আজিও এই বিহুৱে কেতবোৰ প্ৰাকৃতিক বৈশিষ্ট্য অক্ষুণ্ণ ৰাখিছে। ফাটবিহু হৈছে আজিও ঢকুৱাখনাবাসীৰ প্ৰাণৰো প্ৰাণৰ উৎসৱ। য’ত প্ৰতিবাৰেই আহোম, চুতীয়া, কৈৱৰ্ত, মিচিং, কছাৰী, কলিতা, দেউৰী, মুছলমান, কোঁচ, বামুণ, গোঁসাই আদি সকলো একেলগে সমবেত হৈ বিহু নাচে, গায় আৰু উপভোগ কৰে।

এই বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় সাধন কৰাৰ বাবেই ফাটবিহুক লৈ আমি আজি অত্যন্ত গৌৰৱান্বিত। ফাটবিহু হওক বিভেদকামী শক্তিসমূহক প্ৰতিহতৰ সৰ্বশেষ হাথিয়াৰ, ফাটবিহু হওক ঐক্য, সম্প্ৰীতি আৰু সমন্বয়ৰ এনাজৰী; ফাটবিহু হওক দেশী-বিদেশী পৰ্যটকসকলৰ আকৰ্ষণৰো প্ৰধান এক আহিলা।

(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক, ফোন: ৯৯৫৪০০০২০০)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Gautam Sarmah

Gautam Sarmah

Related Posts

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

by Anjan Sarma
July 16, 2026
0

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্জন শৰ্মা (এক) আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ...

Read moreDetails
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

June 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d