-মহাবাহু |
ৱাশ্বিংটন : এটা চোবোৱা ছুইংগামৰ দাম ৩.৫০ কোটি টকা!!
শুনিয়েই আশ্চৰ্য হ’বলগীয়া বিষয়। এয়াই সংঘটিত হৈছে ৱাশ্বিংটনৰ এক সংগ্ৰহালয়ত। কাৰণ যিজনে সেই ছুইংগামটো চোবাইছিল, তেওঁ হ’ল ফুটবল জগতৰ নামজ্বলা ব্যক্তিত্ব। তেওঁ হ’ল ছাৰ এলেক্স ফাৰ্গুচন। মানচেষ্টাৰ ইউনাইটেডৰ মেনেজাৰ ফাৰ্গুচনৰ দলটো যেতিয়াই খেলপথাৰত নামিছিল, তেতিয়াই ছুইংগাম চোবোৱাটো আছিল ফাৰ্গুচনৰ এৰাব নোৱৰা অভ্যাস। খেলা চলি থাকোতে ‘ছাইড লাইন’ত থিয় হৈ অসংখ্য ছুইংগাম চোবাইছিল ফাৰ্গুচনে।
মানচেষ্টাৰ ইউনাইটেডৰ দায়িত্বত থাকি জীৱনৰ অন্তিম খেলখন খেলিছিল ৱেষ্ট ব্ৰমউইচৰ বিৰুদ্ধে। তেওঁ নিজে খেলপথাৰত নানামিলেও ‘ছাইড লাইন’ত থিয় হৈ মানচেষ্টাৰ ইউনাইটেডৰ সদস্যসকলক খেলাৰ নিৰ্দেশ দিছিল আৰু সেই সময়ত চিন্তামগ্ন হৈ এটাৰ পিছত এটাকৈ ছুইংগাম চোবাইছিল ফাৰ্গুচনে। ছুইংগামবোৰ চোবাই চোবাই খেলপথাৰত পেলাইছিল তেওঁ। সেইদিনাই তেওঁৰ এজন ভক্তই ফাৰ্গুচনে চোবোৱা অন্তিমটো ছুইংগাম পথাৰৰপৰা বুটলি আনি নিজৰ লগত সযতনে থৈ দিছিল, কাৰণ সেইখনেই আছিল তেওঁৰ শেষ খেলা। সেইদিনাৰ খেলাত মানচেষ্টাৰ ইউনাইটেডে ‘ৱেষ্ট ব্ৰমউইচ’ৰ বিৰুদ্ধে ৫-৫ গ’লত ড্ৰ কৰিছিল আৰু সমগ্ৰ খেলখনত অত্যন্ত উদ্বিগ্ন হৈ থকা ফাৰ্গুচনে অসংখ্য ছুইংগাম চোবাইছিল। সেইদিনাৰ বুটলি অনা চোবোৱা অন্তিম ছুইংগামৰ টুকুৰাটো ৱাশ্বিংটনৰ মিউজিয়াম কৰ্তৃপক্ষই ছুইংগামৰ চোবোৱা টুকুৰাটোৰ সত্যতা নিৰূপণ কৰি চায় আৰু ছুইংগামত লাগি থকা লেলাৱটিৰ ‘ডি-এন-এ’ৰ লগত ফাৰ্গুচনৰ ‘ডি-এন-এ’ মিলি যোৱাত কৰ্তৃপক্ষ নিশ্চিত হয়। তাৰ পিছতেই সেই ছুইংগামৰ উচ্ছিষ্ট তিনিসপ্তাহৰ বাবে প্ৰদৰ্শন কৰা হয় আৰু অৱশেষত নিলামত বিক্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিলামৰ বিজ্ঞাপন প্ৰকাশ হোৱাৰ পিছতেই ফাৰ্গুচনৰ উচ্ছিষ্টৰ দাম ঊর্ধ্বমুখী হ’বলৈ আৰম্ভ কৰে। মিউজিয়াম কৰ্তৃপক্ষই প্ৰাথমিক মূল্য নিৰ্ধাৰণ কৰিছিল ১০০০০ ডলাৰ। কিন্তু ক’ত মাত্ৰ ১০০০০ ডলাৰ!? দাম বাঢ়ি বাঢ়ি অৱশেষত নিলামত বিক্ৰী হ’ল ৩,৯০,০০০ পাউণ্ডত, অৰ্থাৎ ফাৰ্গুচনৰ চোবোৱা ছুইংগামৰ টুকুৰাৰ ভাৰতীয় মূল্য হ’ল ৩.৫ কোটি টকা!! ৱাশ্বিংটনৰ মিউজিয়ামে নিলামৰ এই ধন মানচেষ্টাৰ ইউনাইটেডক অৰ্পণ কৰিছে আৰু আমেৰিকাৰ চৰকাৰে এই বিশাল পৰিমাণৰ ধনক কৰমুক্ত ঘোষণা কৰিছে এই চৰ্তত যে সমুদায় ধন তৰুণ প্ৰজন্মৰ ফুটবল প্ৰেমৰ বাবে খৰচ কৰিব মানচেষ্টাৰ ইউনাইটেডে।