দেশে দেশে ফুটবল

হানিদ ৰঞ্জন ভূঞা

(খণ্ড-১)
বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত কৰি ৰখা খেলবিধেই হৈছে ফুটবল।
পৃথিৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰতি ভিন্ন ধৰ্ম-বৰ্ণ, ভাষা-ভাষীৰ অগনণ পুৰুষ-মহিলাৰ হৃদয়ত ফুটবলে সুকীয়া স্থান দখল কৰি আহিছে।
ফুটবল নামটো দুটা ইংৰাজী শব্দৰে গঠিত। ফুট (Foot) মানে ভৰি আৰু বল (ball) মানে গোলাকাৰ খেলৰ আহিলা বিধক বুজোৱা হয়। মূলতঃ দুভৰিৰ সঞ্চালনৰ যোগেদি এই খেলবিধ খেলা হয়।

ফুটবল খেলবিধক বুজাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ , কানাডা, অষ্ট্ৰেলিয়া আদি দেশত চকাৰ (Soccer) শব্দৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। আনহাতে ইংলেণ্ডক প্ৰমুখ্যে কৰি ইউৰোপ, দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এচিয়া মহাদেশ আদিৰ দেশসমূহত ফুটবল শব্দটোকে ব্যৱহাৰ কৰা হয়।
নব্বৈ দশকৰ ফুটবলৰ ক্ৰীড়াজগতৰ এজন প্ৰবাদ পুৰুষ পেলেৰ ফুটবলৰ সন্দৰ্ভত এক মন্তব্য আছিল এনেধৰণৰঃ “ফুটবল মোৰ বাবে ধৰ্মৰ দৰে। বলটোক মই পূজা কৰোঁ আৰু ইয়াক ভগৱান বুলি গণ্য কৰোঁ। বহুতৰ বাবে ফুটবল গোৰ মৰা সামগ্ৰী। তেওঁলোকক ইয়াৰ আদৰ কৰিবলৈ আৰু ইয়াক এক বহুমূলীয় ৰত্নৰ দৰে ব্যৱহাৰ কৰিবলৈ শিকোৱা উচিত।“ (১)
পেলেৰ উপৰোক্ত ভাষ্যই ফুটবলৰ প্ৰতি তেখেতৰ শ্ৰদ্ধা আৰু অনুভূতিক প্ৰতিফলিত কৰিছিল।
বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ চহৰ আৰু গ্ৰামাঞ্চলৰ খেলপথাৰসমূহত যোৱা কেইবা দশক জুৰি ফুটবলৰ চৰ্চা অব্যাহত আছে। অসম আৰু উত্তৰ-পূব ভাৰতৰ গ্ৰাম্য ক্ৰীড়াৰ ক্ষেত্ৰখনত ফুটবল খেলে ব্যাপক জনপ্ৰিয়তা লাভ কৰি আহিছে। তুলনামূলকভাৱে কম ব্যয়বহুল আৰু অত্যাধিক দৰ্শকক আপ্লুত কৰিব পৰা খেলবিধে অসমৰ জনজীৱনত প্ৰভাৱ বিস্তাৰ কৰি আহিছে।
অসম আৰু উত্তৰ-পূব ভাৰতৰ বহুকেইজন খেলুৱৈক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিছিল। তথাপি পৰ্যাপ্ত সুযোগ-সুবিধাৰ পৰা বঞ্চিত হোৱা হেতু সৰহ সংখ্যক প্ৰতিভাৱান খেলুৱৈয়ে ফুটবলৰ ক্ৰীড়াজগতখনৰ পৰা বিদায় ল’ব লগা হয়। অসমৰ গ্ৰামাঞ্চলসমুহত আজিও ফুটবলক কেন্দ্ৰ কৰি উচ্ছাস-উদ্দীপনাৰ হ্ৰাস পোৱা নাই।পুৰুষৰ সমান্তৰালভাৱে মহিলাৰ ফুটবল খেলেও সমাদৰ লাভ কৰি আহিছে।
ফুটবল খেলত সফল হ’বলৈ একোজন যুৱক বা যুৱতীয়ে দীৰ্ঘদিন ধৰি অনুশীলন কৰাৰ প্ৰয়োজন হয়। খেলুৱৈসকলে নিয়মিতভাৱে শাৰীৰিক ব্যায়ামৰ সমান্তৰালভাৱে এক সু-শৃংখল জীৱনশৈলী বজাই ৰখাৰ প্ৰয়োজন আহি পৰে। ফুটবলৰ স’তে জড়িত খেলুৱৈসকল এক সুস্থ শৰীৰৰ অধিকাৰী হব পাৰে।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবলৰ তদাৰকৰ বাবে গঠিত সংস্থা ফিফা (FIFA: Federation International De Football Association)-ৰ দ্বাৰা ফুটবলৰ কেতবোৰ নিয়মাৱলী নিৰ্ধাৰণ কৰা হয়। সেই অনুসৰি ফুটবল প্ৰতিযোগিতাসমূহৰ বাবে প্ৰয়োজন হোৱা আয়তাকাৰ খেলপথাৰ বা ফিল্ডৰ দৈৰ্ঘ সৰ্বনিম্ন ৯০ মিটাৰ আৰু সৰ্ব্বোচ্চ ১২০ মিটাৰ। আনহাতে প্ৰস্থ সৰ্বনিম্ন ৪৫ মিটাৰ আৰু সৰ্ব্বোচ্চ ৯০ মিটাৰ।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলৰ প্ৰতিযোগিতাসমূহৰ ক্ষেত্ৰত খেলপথাৰখনৰ দৈৰ্ঘ সৰ্বনিম্ন ১০০ মিটাৰ আৰু সৰ্ব্বোচ্চ ১১০ মিটাৰ। আনহাতে, প্ৰস্থ সৰ্বনিম্ন ৬৪ মিটাৰ আৰু সৰ্ব্বোচ্চ ৭৫ মিটাৰ। খেলপথাৰৰ দুয়োমূৰে গললাইনৰ (Goalline) মাজত দুটা উলম্ব খুঁটা বা গলপষ্ট (Goalpost) অৱস্থিত। দুটা গলপষ্টৰ মাজৰ ব্যৱধান ৭.৩২ মিটাৰ। দুটা গলপষ্টৰ সংযোগী ক্ৰচবাৰ (Crossbar) ডাল মাটিৰ পৰা ২.৪৪ মিটাৰ উচ্চতাত অৱস্থিত।
ফুটবলৰ প্ৰতিযোগিতাসমূহ দুটা দলৰ মাজত অনুষ্ঠিত হয়। প্ৰতিটো দলত গলৰক্ষকক সামৰি ১১জনীয়া খেলুৱৈ থাকে। প্ৰতিটো দলে অতিৰিক্ত ৫ জন (সৰ্ব্বোচ্চ)-লৈকে খেলুৱৈ ৰাখিব পাৰে। প্ৰতিপক্ষক দিয়া গলৰ ওপৰত ভিত্তি কৰি একোটা দল বিজয়ী হিচাপে চিহ্নিত হয়। খেলত ব্যৱহৃত এটা গোলাকাৰ বলৰ ব্যাসাৰ্ধ ৬৮ ছেণ্টিমিটাৰৰ পৰা ৭০ ছেণ্টিমিটাৰ। ইয়াৰ ওজন ৪১০-ৰ পৰা ৪৫০ গ্ৰামৰ ভিতৰত হয়।(২)

মানৱৰ ক্ৰমবিকাশৰ স’তে ফুটবলৰ বিকাশৰ ধাৰাটো সাঙোৰ খায়। মানৱ জাতিয়ে সম্ভৱতঃ চকাৰ প্ৰয়োগ শিকাৰ পূৰ্বৰে পৰা গোলাকাৰ সামগ্ৰীক আমোদ-প্ৰমোদৰ বাবে ব্যৱহাৰ কৰিবলৈ লৈছিল। হয়তো আদিম মানৱে দুভৰিৰে খোজ কাঢ়িব, দৌৰিব পৰা হোৱাৰে পৰা হয়তো গোলাকাৰ শিল বা কাঠৰ টুকুৰা ভৰিৰে গুৰিয়াই বা হাতেৰে দলিয়াই আমোদ লভিছিল নতুবা নিজৰ বল-বুদ্ধিৰ পৰিচয় দিছিল।
কালক্ৰমত তেওঁলোকে জন্তুৰ ছাল, ৰবৰ, কাঠেৰে নিৰ্মিত গোলাকাৰ আহিলা সাজি আমোদ ক্ৰীড়াৰ বাবে ব্যৱহাৰ কৰিবলৈ লৈছিল। পৃথিৱীৰ কেইবাটাও প্ৰাচীন সভ্যতাই গোলাকাৰ বল খেলৰ বাবে ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়। [গোলাকাৰ বল লৈ খেলা খেলসমূহক ইংৰাজীত বলগেম (Ball game) শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হয়। এই শ্ৰেণীৰ অন্তৰ্ভুক্ত খেলসমূহৰ আওতাত বিশেষতঃ ফুটবল, বাস্কেটবল, ভলিবল, আমেৰিকান ফুটবল আদিৰ উপৰি ক্ৰিকেট, বেচবল, টেনিচ আদিও আহি পৰে।] এইক্ষেত্ৰত চীনা সভ্যতাৰ অগ্ৰণী ভূমিকা উল্লেখনীয়। চীনৰ হান ৰাজবংশৰ (Han Dynasty, 206BC- 09 AD)
ৰাজত্বকালত চুজু (Cuju) বা চু-চু (Tsu- Chu) নামৰ এবিধ খেলৰ প্ৰচলন আছিল।(৩) ‘চু’ মানে ভৰিৰে গোৰ মৰা ‘জু’ মানে চামৰাৰ বল। বিশেষতঃ চুজু মানে ভৰিৰে খেলা বল ( Kick ball)। চুজু খেলবিধত দুডাল ৩০ ফুট ওখ বাঁহৰ খুঁটাত এখন ৰেচমৰ কাপোৰ আঁৰি দিয়া হয়।
ৰেচমৰ কাপোৰখনৰ মাজত ৩০-৪০ ছেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা ৰখা হয়। খেলুৱৈসকলে চামৰাৰ বল এটা ভৰিৰে গুৰিয়াই উক্ত ফুটাটোৱেদি সৰকাই দিব পাৰিলে গল হিচাপে ধৰা হৈছিল। খেলত ব্যৱহৃত চামৰাৰ বলটোত চুলি আৰু চৰাইৰ পাখি ভৰাই প্ৰস্তুত কৰিছিল। চুজু খেলবিধ সম্ৰাটৰ জন্মদিন বা তেনে কোনো ৰাজকীয় অনুষ্ঠানত আয়োজন কৰা হৈছিল। খেলৰ নিয়ম ভংগ হ’লে প্ৰাণদণ্ড দিয়াৰো বিধান আছিল।(৪)
চুজু খেলবিধে উত্তৰ পূৱ এচিয়াৰ অন্যান্য দেশতো প্ৰভাৱ বিস্তাৰ কৰিছিল।
অনুৰূপভাৱে জাপানত কেমাৰি নামৰ আন এবিধ খেলৰ প্ৰচলন হৈছিল। প্ৰায় পঞ্চম শতিকামানৰ পৰা জাপানত কেমাৰি (Kemari) নামৰ খেলবিধৰ বিকাশ ঘটিছিল। কেমাৰি শব্দৰ অৰ্থ হৈছে ভৰিৰে খেলা বল (kick ball)। জাপানত ৰাজকীয়ভাৱে এই খেলবিধ আয়োজন কৰা হৈছিল আৰু এয়া সম্ভ্ৰান্ত শ্ৰেণীৰ মাজতহে সীমাবদ্ধ আছিল।
চীনৰ চুজু খেলবিধ প্ৰতিযোগিতামূলক হোৱাৰ বিপৰীতে জাপানৰ কেমাৰি খেলবিধ প্ৰীতিমূলকৰূপেহে প্ৰাধান্য পাইছিল। এই খেলৰ বাবে ৰাজ-কাৰেঙৰ কাষৰীয়া একোখন বৰ্গাকাৰ চোতাল নিৰ্বাচন কৰা হৈছিল। চোতালখন সাতৰ পৰা আঠ বৰ্গমিটাৰৰ ভিতৰত আছিল। চোতালৰ চাৰিটাকোণত একোজোপাকৈ গছক খেলপথাৰৰ সীমা হিচাপে গণ্য কৰা হৈছিল।

কেমাৰি খেলত সাধাৰণতে আঠজন খেলুৱৈয়ে ভাগ লৈছিল। খেলত ব্যৱহৃত বলটো পহুৰ ছালেৰে সজা হৈছিল আৰু ইয়াৰ ভিতৰৰ ভাগ ফোপোলা আছিল। এই বলবিলাক ২০ ছেণ্টিমিটাৰ ব্যাসাৰ্ধৰ আৰু ওজন ১০০-ৰ পৰা ২০০ গ্ৰাম আছিল। বলটোৰ বাহিৰ ভাগত কণীৰ বীজলেৰে প্ৰলেপ দিয়া হৈছিল। ইয়াৰে কিছুমান বলত মুখত ঘহা পাউদাৰ আঠাৰ সৈতে মিহলাই সনা হৈছিল। আন কেতবোৰত পাইন গছৰ কাঁইটৰ জুইৰ ধোঁৱা দি হালধীয়া বৰণৰ পৰশ দিয়া হৈছিল।
ধোঁৱা দিয়া বলটো সূৰ্য্যৰ প্ৰতীকৰূপে আৰু বগা ৰঙৰ বলটো চন্দ্ৰৰ প্ৰতীকৰূপে গণ্য কৰা হৈছিল। অনুৰূপভাৱে দুটা পৃথক ৰঙে প্ৰকৃতিৰ দুটা বিপৰীত শক্তি ক্ৰমে য়িঙ (Ying ) আৰু য়াঙ (Yang)-ক প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস কৰা হৈছিল।
মুখ্য খেলুৱৈজনে পাইন গছৰ গুৰিত থিয় হৈ বলটো সতীৰ্থলৈ গুৰিয়াই পঠিয়াই খেলৰ শুভাৰম্ভ কৰে। খেলুৱৈসকলে সোঁ-ভৰিৰে বলটো শূন্যলৈ গুৰিয়াই যিমান পৰলৈকে পাৰে নিজৰ আয়ত্ত্বত ৰখাৰ চেষ্টা কৰে। বলটোক কেইবাৰমান ভৰিৰে গুৰিয়াই অৱশেষত সতীৰ্থ খেলুৱৈলৈ পঠিয়াই দিয়ে।
এইদৰে এজনৰ পিছত আনজনলৈ বলটো সম্প্ৰসাৰিত হৈ থাকে। একোজন খেলুৱৈয়ে যিমানবাৰ বলটোত গুৰিয়াই শূন্যত ৰাখিবলৈ সক্ষম হয়, তাৰ হিচাপ ৰখা হয়। সেই অনুযায়ী এজন বিষয়াই একোজন খেলুৱৈয়ে লাভ কৰা নম্বৰসমূহ নথিভুক্ত কৰি ৰাখে, এই নম্বৰবিলাকক কাজুমাৰি ( Kazumari) বোলা হয়।

সাধাৰণতে এনেধৰণৰ প্ৰীতিমূলক খেলত জয়-পৰাজয় নিৰ্ণয় নহয়। কিন্তু কিছুক্ষেত্ৰত আঠজনীয়া দুটা দলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰো নজিৰ আছিল। এক ৰাউণ্ডত যিটো দলে সৰ্বাধিক নম্বৰ বা কাজুমাৰি লাভ কৰিছিল সেইটো দলকে বিজয়ী ঘোষণা কৰা হৈছিল। এনে প্ৰতিযোগিতাসমূহক চবুমাৰি (shōbu mari) বোলা হৈছিল।(৫)(৬)
দশম শতিকাৰ জাপানৰ এগৰাকী লেখিকা চেই চনাগন (Sei Shonagon)-ৰ দ্বাৰা ৰচিত “মাকোৰা ন চচি” (Makura no soshi : Pillow Book) নামত গ্ৰন্থত কেমাৰি খেলৰ বিষয়ে উল্লেখ কৰিলে। একাদশ শতিকাৰ জাপানৰ আন এগৰাকী লেখিকা মোৰাচাকি চিকিবো (Murasaki Shikibu )-ৰ অমৰ ৰচনা “গেনজি মনগাতাৰি” (Genji Monogatari) বা দ্য টেল অৱ গেনজি (The Tale of Genji)-ত কিমেৰি খেলৰ আভাস পোৱা যায়।
গেনজি নামৰ এজন ৰাজকোঁৱৰৰ জীৱনক কেন্দ্ৰ কৰি জাপানৰ ৰাজকীয় পৰিয়ালৰ ভিতৰচৰাৰ মাজত সংঘটিত এলানি ঘটনা লেখিকাই উপস্থাপন কৰিছিল। মোৰাচাকি চিকিবোৰ “গেনজি মনগাতাৰি” বা “দ্য টেল অৱ গেনজি“ বিশ্বৰ প্ৰথমখন উপন্যাস হিচাপে গণ্য কৰা হয়।(৭)

চুজু আৰু কেমাৰিৰ অনুৰূপভাৱে দক্ষিণ এচিয়াৰ মালয় ৰাজ্যসমূহত চেকাব ৰাগা (Sekab Raga) নামৰ আন এবিধ পাৰম্পৰিক বল খেলৰ প্ৰচলন আছিল। চেকাব ৰাগা খেলৰ পৰাই পৰৱৰ্তী সময়ত চেকাপ টাক্ৰ (Sekap Takro) নামৰ খেলবিধ বিকশিত হৈছিল। বৰ্তমান মালায়েচিয়া, চিংগাপুৰ, থাইলেণ্ড, ম্যানমাৰ আদি দেশে এই খেলবিধ চৰ্চা আৰু প্ৰসাৰত অৰিহণা যোগাই আহিছে। ইবিলাকৰ বাদেও বিশ্বৰ কেতবোৰ অন্যান্য প্ৰান্ততো বিভিন্ন ধৰণৰ বলখেলৰ প্ৰচলন আছিল।

ফুটবলৰ ইতিহাসত অন্য এক সংযোজন আছিল মেচ’-আমেৰিকান সভ্যতাৰ কেতবোৰ বিশেষ পৰম্পৰা। দক্ষিণ আমেৰিকাৰ ভূখণ্ডৰ মেচ’-আমেৰিকান সভ্যতাসমূহ আনুমানিক খ্ৰীষ্টপূৰ্ব ২০০০ বছৰৰ পুৰণি আছিল। ইবিলাৰ ভিতৰত মায়া সভ্যতাত পক-তা-পক (Pok-ta-pok) আৰু এজটেক (Aztec) সভ্যতাত উল্লামলিজটলি (Ullamatzli) নামৰ বলখেল উল্লেখযোগ্য আছিল। মেচ’-আমেৰিকান ৰাজ্যসমূহত ৰাবাৰৰ পৰা প্ৰস্তুত কৰা বলৰ ব্যৱহাৰ হৈছিল। মায়াসকলে শিলৰ প্ৰাচীৰেৰে আগুৰা ইংৰাজী আই (I) আখৰটোৰ নিচিনা খেলপথাৰৰ ব্যৱহাৰ কৰিছিল। তেনে ক্ৰীড়াভূমিৰ অৱশেষ মেস্কিকোৰ প্ৰাচীন চহৰ চিচেন ইটজা(Chichen Itza)ত পৰিলক্ষিত হয়।খেলুৱৈসকলে প্ৰাচীৰৰ স’তে সংলগ্ন এটা ঘূৰণীয়া শিলৰ আঙঠিৰ ফুটাৰ মাজেৰে বলটো সৰকাব লাগে।এই ক্ষেত্ৰত খেলুৱৈসকলে হাত ভৰিৰ প্ৰয়োগ নকৰাকৈ বাহু, কান্ধ আৰু কঁকালৰ প্ৰয়োগ কৰিব পাৰিছিল।
চিচেন ইটজাত ত্ৰিছখন বল খেলৰ ফিল্ড আছিল। তাৰে ভিতৰত সৰ্ববৃহৎখন ১৪৯ মিটাৰ দীঘল আৰু আগুৰি থকা দেৱালবিলাক ৮.২ মিটাৰ ওখ আছিল। মায়া সভ্যতাৰ প্ৰায়বিলাক চহৰত বলখেলৰ পথাৰ বা ফিল্ড আছিল।(৮)
মায়াসকলৰ জনবিশ্বাসত বলটোক সূৰ্য্যৰ প্ৰতীকৰূপে গণ্য কৰা হৈছিল। মায়াসকলৰ দেৱতাৰ বাবে নৰবলি উছৰ্গা কৰা অনুষ্ঠানত দেৱতাৰ সন্তুষ্টিৰ বাবে এনে বল খেলৰ আয়োজন কৰা হৈছিল। খেলত পৰাজিতসকলক বলিশালত উছৰ্গা কৰাৰ নজিৰ আছিল। মায়াসকলৰ মাজত এই খেলক কেন্দ্ৰ কৰি এক লোককথা প্ৰচলিত আছিল। সেই অনুসৰি দুজন যমজ বীৰ ভ্ৰাতৃ ক্ৰমে হুনাপু (Hunapo) আৰু চাবালনকিউ (Xbalanque) বলখেলৰ যোগেদি মৃত্যুৰ দেৱতাক কৌশলেৰে প্ৰতিহত কৰিছিল। দুই ভ্ৰাতৃয়ে পাতালত থকা অৱস্থাত মৃত্যুৰ দেৱতাক অৱজ্ঞা কৰি, কেইবা নিশা ধৰি ৰবৰৰ বলৰ খেলত ব্যস্ত আছিল। এই কথাত পাতালৰ অপদেৱতাসকল ক্ৰোধিত হৈ হুনাপুৰ মূৰটো ছিঙি খেলৰ বল হিচাপে ব্যৱহাৰ কৰিব খোজে। তেতিয়া চাবালনকিউয়ে ভ্ৰাতৃৰ মূৰটো শহালৈ ৰূপান্তৰ ঘটায়। এই কৌশলত অপদেৱতাসকলৰ ধ্যান বিচলিত হোৱাৰ সুযোগতে চাবালনকিউয়ে হুনাপুৰ দেহত বিচ্ছিন্ন হোৱা মূৰটো পুনৰ সংযোজন কৰি তেওঁক জীৱিত কৰি তোলে।(৯)
মায়াৰ শাসকসকলে ঐশ্বৰিক প্ৰতিপত্তি আৰু মৃত্যুৰ পিছত স্বৰ্গীয় সুখ লাভ কৰাৰ আশাত খেলৰ মাধ্যমেৰে মৃৰ্ত্যুৰ দেৱতাক পৰাজিত কৰা কাৰ্যক বিশেষভাৱে গুৰুত্ব দিছিল। সেয়ে তেওঁলোকৰ সমাধিত ব্যৱহৃত সাজ-পোচাকত মৃত্যুৰ অপদেৱতাক পৰাজিত কৰা প্ৰতিকাত্মক চিত্ৰ সংযোজন কৰা হৈছিল। তেঁওলোকে পক-তা-পক (Pok-ta-pok) খেলৰ আয়োজন কৰি মৃত্যুৰ হাতোৰাৰ পৰা হাত হৰাৰ আশা কৰিছিল।
১৬শতিকাত স্পেনিয়াৰ্ডসকলৰ(Spaniard) আক্ৰমণত মেচ’-আমেৰিকান ৰাজ্যসমূহ ক্ৰমান্বয়ে ধ্বংসৰ গৰাহত পৰিবলৈ ধৰিছিল। তাৰ লগে লগে পৰাম্পৰাগত পক-তা-পক(Pok-ta-pok)ৰ দৰে খেলসমুহৰ চৰ্চাও ম্লান পাৰিল।
উপৰোক্ত উদাহৰণসমূহৰ পৰা বুজা যায় যে বিশ্বৰ বিভিন্ন সভ্যতাত স্বকীয়ভাৱে ফুটবলৰ দৰে খেলৰ প্ৰচলন আছিল। কিন্তু ইবিলাকৰ সতে আধুনিক ফুটবলৰ প্ৰত্যক্ষ যোগসূত্ৰ আছিলনে নাই সেয়া বিচাৰ্যৰ বিষয়। ■
প্ৰসংগ–টীকাঃ–
(১) “ Football is like a religion to me. I worship the ball, and I treat it like a god. Too many player think of a football as something to kick. They should be taught to caress it and to treat it like a precious gem.” – Pele( Edson Arantes Do Nascimento)
(২) Laws of the Game 2024/25 by
The International Football Association Board
Münstergasse 9, 8001 Zurich, Switzerland T: +41 (0)44 245 1886, F: +41 (0)44 245 1887
www.theifab.com
Effective from 1st July 2024
(৩)J.A.G.Robert,
The Complete History of China
Sutton Publishing, Reprinted 2006. pp.XXI.
(৪)
“Recorded in a military manual dating back to the Han Dynasty (200-300 BC), it is usually I said that the Chinese Tsu Chu is the earliest form of football known to man, though in truth it more closely resembles a fairground game than the football we know today. Two 30-feet high bamboo canes were used to suspend a large piece of silk cloth with a hole 30cm-40cm in diameter cut into it. Competitors would then attempt to kick a leather ball filled with hair and feathers through the hole. sometimes with the added difficulty of being pressured by opponents. Tsu Chu, it seems, was played to celebrate the Emperor’s birthday. The penalty for losing was death.”
The Complete Book of Football,
Edited by Chris Hunt
First Published in Great Britain in 2003 by Hayden Publishing.
Hayden Publishing Limited
32 Winifred Road
Apsley, Hemel Hempstead , pp.9-10.
(৫) The game was played outdoors on a square earthen court with sides about 6 or 7 meters in length, depending on the space available. At each of the four corners of the court there was a tree. These trees were so central to the game that playing kemari was often referred to as “standing under the trees.” The ball, made of deerskin, was hollow. Existing balls are about 20 centimeters in diameter, and weigh around 100 to 120 grams. These light balls were so delicate that they were liable to collapse if kicked too hard. The balls were coated with albumen (egg white). Some were then given an additional coat of white face powder mixed with glue; still others were dyed yellow by smoking them over a pine-needle fire. The “smoked” and white balls were sometimes said to symbolize not only the sun and the moon but also the opposing principles of yin and yang.
Allen Gutemann, Japanese Sports, A History, University of Hawai’i Press, Honolulu.
@2001 University of Hawai’i Press. Printed in the United States of America. pp.28
(৬)
“Eight players normally participated, one on each side of the four trees. The player enjoying the highest court rank stood closest to the pine tree. He was the first to kick the ball, which he was required to pass to the player with the next highest rank. Once play began in earnest, the eight players moved freely to follow the ball, but they returned to their original positions whenever play was interrupted. The ball was kicked with the right foot, often several times in succession, before it was passed to another player. The object was to keep the ball in the air for as many kicks as possible.
When a formal count was kept, the game was called kazumari (number ball) and an official was designated to keep score. He counted silently until 50 and then announced every tenth kick. Sometimes, when a player executed a particularly skillful kick, the official awarded a bonus. Counting silently, “51, 52, 53,” he saw an especially impressive kick and shouted “!”
At most marikai (ball meets), there was an upper limit-usually set before the game-at which a volley was to be discontinued. One treatise mentions limits of 120, 300, 360, 700, and 1,000. These numbers, which might at first glance be thought to anticipate the modern craze for quantifying sports, actually came from astrology.
Played in this way, kemari had no winners and no losers, but contests could be and were arranged. Two teams of eight players each performed a preset number of trials, and the team with the most kicks in a single trial was the winner. This contest was called shōbu mari (competitive ball).
Allen Gutemann, Japanese Sports, A History, University of Hawai’i Press, Honolulu.
@2001 University of Hawai’i Press. Printed in the United States of America. pp. 29.
(৭) Allen Gutemann, Japanese Sports, A History, University of Hawai’i Press, Honolulu.
@2001 University of Hawai’i Press. Printed in the United States of America. pp.31.
(৮)“Lastly, Chichén Itzá had at least thirteen ball courts, including the largest one in Mesoamerica, which measures approximately 490 feet (149 m) in length and has sloping walls that are roughly 27 feet (8.2 m) high. Balcourts have been found at almost all Maya sites of the Classic Period, and it is believed that the game was derived from one of the many mythical exploits of the Hero Twins and their victory over the Gods of the Underworld. Yet, the ball game was played elsewhere in Mesoamerica among non-Maya peoples from very early times. So both the true origin of the intriguing and often deadly ball game, as well as the rules by which it was played, remain mysteries to this day.”
Perl, Lila, The ancient Maya, Library of Congress Cataloging-in-Publication Data, Published in Canada,2005, pp-69.
(৯) One of the Many Adventures of the Hero Twins:-
“The Hero Twins, named Hunapu and Xbalanque, play the game of infuriating and overpowering the Lords of Death of Xibalba, not with brute strength but with mischief and cunning. During their stay in the Underworld, the twins annoy the gods by engaging, night after night, in the traditional Maya ball game, which is played on a court with a rubber ball. At last the gods become so angry that they substitute Hunapu’s head for the ball But the quick-thinking Xbalanque saves the life of his hapless brother by turning his severed head into a rabbit that bounds away. The evil lords are so distracted by this trick that Xbalanque has time to restore Hunapu’s head to his body, and both twins survive.”
Perl, Lila,The ancient Maya ,
Library of Congress Cataloging-in-Publication Data, Published in Canada,2005, pp-29

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.