-মনোজ কুমাৰ ডেকা |
১. Covid 19 নামৰ বেমাৰবিধ ধৰা পেলাবলৈ কৰা RT PCR test ১০০ শতাংশ শুদ্ধ ফলাফল নিদিয়ে। তদুপৰি বহু লোকৰ ক্ষেত্ৰত কোনো লক্ষণেই দেখা নিদিয়ে বা ভাল হোৱাৰ পিছত গম পোৱা নাযায় আগতে হৈছিল নে নাই। গতিকে কাৰোবাৰ এই বেমাৰ হৈছিল নেকি ধৰা পেলাবলৈ নতুনকৈ এন্টিবডীৰ পৰীক্ষা আৰম্ভ হৈছে। কম সময়ত বেমাৰীৰ তেজ লৈ এনে পৰীক্ষা কৰাটো সম্ভব হৈছে। ইয়াৰ ফলত বেমাৰীৰ যোগাযোগ অনুসন্ধান কৰাত সুবিধা হব। আনহাতে যদি বহুতো স্বাস্থ্যকর্মীৰ যদি লক্ষণ নেদেখুৱাকৈ ভাল হয় (যদিও দুবাৰ সংক্রমন নোহোৱাটো খাটাং নহয়) তেন্তে PPE, mask নোহোৱাকৈ তেওঁলোকে কাম কৰিব পাৰিব।
২. বিশ্বৰ সকলোতকৈ বেগত গণনা কৰিব পৰা চুপাৰ কম্পিউটাৰ SUMMIT ক নাছাৰ বতৰ বিজ্ঞানৰ কামৰ পৰা আনি কামত লগোৱা হৈছে। ভাইৰাচটোৰ spike protein বা s-protein ৰ যোগেদি আমাৰ দেহৰ কোষত থকা ACE-2 receptor (Angiotensin-converting enzyme-2) ত লগ লাগেহি। এই ACE-2 টো হাওফাও, বৃক্ক, কলিজাৰ ওপৰিও পাকস্থলীটো পোৱা যায়। গতিকে ভাইৰাচতো এই অংগসমূহত আক্রমন কৰাৰ সম্ভাৱনা থাকে। Oak ridge national lab ৰ গবেষকসকলে প্রায় ৮০০০ ইতিমধ্যে ঔষধ বুলি বজাৰত থকা ঔষধৰ অনুৰ এই s-proteinৰ লগত লগ লাগিব পৰা সম্ভাবনা গণনা কৰি মাত্র ৭৭ টা অনুৰ তালিকা দিছে। এতিয়া স্বাস্থ্যকর্মীসকল এই অনুসমূহৰ ওপৰত কাম কৰি আছে। নতুন ঔষধ বজাৰত অনাৰ নীতি নিয়ম বহুত হোৱা বাবে তেওঁলোকে ইতিমধ্যে স্বীকৃত ঔষধৰ ওপৰতে কাম কৰিছিল। ৰাছিয়া, জার্মানী আদি দেশেও নিজৰ নিজৰ চুপাৰকম্পিউটাৰ সমূহ drug modeling ত লগাইছে। তেওঁলোকৰ তালিকাত থকা valporic acid ৰ কথা ভাৰতৰ বিজ্ঞানীয়েও কৈছে। এইবিধ ঔষধ মৃগীৰোগত ব্যৱহাৰ হয়। Remdesevir নামৰ ইবলাৰ বাবে তৈয়াৰ ক’ৰা ঔষধবিধৰ লগতে হাইড্রক্সিক্লৰকুইনৰো পৰীক্ষা চলি আছে।
৩. ভাৰতৰ International center for genetic engineering and biotechnology, new delhi, ৰ বিজ্ঞানী দিনেশ গুপ্তা আৰু তেওঁৰ দলে ভাৰতৰ লোকৰ দেহত এবিধ মাইক্ৰ আৰ এন এ (micro RNA) পাইছে যাৰ নাম has-miR-27b। ভাইৰাছে আক্রমন কৰি আমাৰ দেহৰ কোষত RNA এডাল সোমাই দিয়ে আৰু এই RNA ডালে পুনৰ নতুন একেধৰনৰ RNA তৈয়াৰ কৰি আমাৰ কোষক ভাইৰাছৰ প্রটিন গঢ়িব দিয়ে। আমাৰ দেহৰ micro RNA ডালে ভাইৰাছৰ RNA ৰ লগ হৈ ভাইৰাছৰ RNA ৰ mutation ঘটাব পাৰে। যাৰ ফলত ভাইৰাছটো কম বিপদজনক হৈ পৰে। ভাৰতৰ সংক্রমিত লোকসকলৰ দেহত পোৱা ভাইৰাছটোৰ RNA sequencing কৰি ভাৰতৰ বাবে এই ভাইৰাচটো কম বিপদজনকো হব পাৰে বুলি সম্ভাবনা ব্যক্ত কৰিছে।
৪. Lydia Bourouiba নামৰ MIT ৰ বিজ্ঞানী এগৰাকীয়ে ২৬ তাৰিখে প্রকাশ কৰা গবেষনাত কৈছে যে আমি পালন কৰা ১ মিটাৰৰ ব্যবধান ১৯৩০ চনৰ টি বি সংক্রমনৰ নির্দেশনাৰ ভিত্তিতহে চলি আছে। আচলতে হাছি বা কাহত ওলোৱা ভাইৰাচ মিহলি পানীৰ কণিকাবোৰ ২৩ ৰ পৰা ২৭ ফুটলৈ যাব পাৰে। চীন দেশৰ চিকিৎসালয়ৰ ভেন্টিলেশ্যনত পোৱা ভাইৰাচৰ উপস্থিতিয়ে তাৰ প্রমান বুলি কৈছে। আনহাতে বহুকেইটা গবেষণাই কৈছে যে গৰম আৰু আদ্র পৰিবেশত ভাইৰাচটো বেচি সংক্রমন হব নোৱাৰে। তেওঁলোকৰ মতে বতাহত ভাইৰা্ছবোৰ আমাৰ মুখৰ পানীৰ কণিকাৰ মাজত থাকে । গধুৰ কণিকাবোৰ মধ্যাকর্ষণৰ বাবে বেছি দূৰ যাব নোৱাৰি মাটিত পৰি যায়। লঘু কণিকাবোৰ aerosol হৈ বতাহত ওপঙি থাকে। শুকান আৰু কম তাপমাত্রাত এইবোৰ বেছি সুষ্ঠিৰ। কিন্তু গৰম আৰু সেমেকা পৰিবেশত বতাহৰ জলীয় বাস্প লৈ aerosol বোৰ ডাঙৰ হৈ যায়। ফলত মাটিত পৰি যায়। ৯০ শতাংশৰ ওচৰত সংক্রমিত স্থান সমূহৰ উষ্ণতা ১৭ ডিগ্রী চেলচিয়াচৰ ভিতৰত বুলি গবেষণাত কোৱা সত্বেও বহুত বিশেষজ্ঞই এই ভাইৰাছটোৰ ওপৰত জলবায়ুৰ প্রভাব কম হব বুলি কৈছে।
৫. ভাৰতৰ দৰে জনবহুল দেশত আমি চৰকাৰক যিমানেই নকও কিয় যদি এই ভাইৰাছটোৱে সংক্রামকতাৰ তৃতীয় স্তৰ অতিক্রম কৰে তেন্তে কোনেও ৰুধিব নোৱাৰিব। গতিকে এই সময়তে আমি পোৱা সময়ৰ সদব্যৱহাৰ কৰি কিদৰে খাদ্যবস্তু যোগান ধৰা হব, ঔষধৰ যোগান, চিকিৎসা সামগ্রী কেনেদৰে যোগান ধৰা হব তাৰ মডেল অনুসন্ধান তলাবন্ধৰ সময়ত ব্যক্তিগতভাবেও ক’ৰা উচিত। অইন দেশত বিভিন্ন চৰকাৰী বেচৰকাৰী সন্থাই কম খৰচী ভেন্টিলেশ্যন আদি তৈয়াৰ কৰাত লাগিছে। অর্থনীতিৰ নানা মডেল তৈয়াৰ কৰাত লাগিছে। পশু চিকিৎসকে এই কঠিন সময়ত পশুৰ যত্নৰ কাৰণে কাম কৰিছে।
এই সময়ত আমি কাঁহী বজোৱা, লাইট নুমোৱা, তবলিগ, হিন্দু মুছলমান আদি অবিজ্ঞানসন্মত কাম/আলোচনা বাদ দি নতুন উদ্যমেৰে কামত লগাৰ সময়। খেতিয়কসকলৰ যিমান লোকচান হৈছে কল্পনা কৰিব নোৱাৰি। তেওঁলোকৰ বহুত ফেচবুকত নাই বাবে আমাৰ দৰে মধ্যবিত্ত সকলে এই ভয়ংকৰ কথাবোৰ জানিব পৰা নাই । খেতিত লোকচান হোৱাৰ পিছত ফুৰাডন খোৱা খেতিয়ক দেখা সকলে বুজি পাব। লোন লৈ অনা ব্রইলাৰৰ এশপোৱালি নিশকতীয়া হ’ল। জার্চী গাইজনীৰ গাখীৰ বেচিবলৈ ঠাই নোহোৱা হ’ল। গাহৰীৰ দানা পাবলৈ নাই। তৰমুজবোৰ বিঘাত ২০ হাজাৰ খৰচ কৰি লগাইছিল KCC লৈ, এতিয়া খেতিতে পচিছে। হাজিৰা কাম কৰাসকলৰ খাদ্য কিনিবও টকা নাই। এইবাৰ ভেটিৰ মাটিও যাব। বন্ধনৰ সুত বাঢ়ি যাব। কঠিন সময়ত নতুন চিন্তাৰ দৰকাৰ।