• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, May 23, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

-ডাঃ মুকুল শৰ্মা

by Admin
June 16, 2021
in Health, Lifestyle
Reading Time: 2 mins read
0
crop doctor with stethoscope preparing for surgery in hospital

Photo by RF._.studio on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ মুকুল শৰ্মা |

লিভাৰ বা যকৃত হ’ল আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। ই আমাৰ শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পাদন কৰে, তাৰ ভিতৰত উল্লেখযোগ্য হ’ল আমি খোৱা খাদ্যৰ পৰা পোৱা চৰ্বী, কাৰ্বহাইড্ৰেট, প্ৰটিন, খনিজ লবণ আদিৰ বিপাক ক্ৰিয়া সম্পাদন কৰা। ইয়াৰ উপৰিও আমাৰ শৰীৰত উৎপন্ন হোৱা বিভিন্ন ধৰণৰ বিষতুল্য ৰাসায়নিক পদাৰ্থবিলাকক বিশুদ্ধীকৰণ কৰে, আমি সেৱন কৰা বিভিন্ন বেমাৰৰ ঔষধবিলাকো লিভাৰতে বিপাকীত হয়, লগতে ই পিত্ত বা Bile উৎপন্ন কৰে যিয়ে আমি খোৱা চৰ্বীজাতীয় খাদ্যবস্তুবিলাক পাচন প্ৰক্ৰিয়াত সহায় কৰে। ফেটি লিভাৰ ডিজিজ্ এনেকুৱা এটা অৱস্থা যত লিভাৰত চৰ্বী জমা হয়। যেতিয়া লিভাৰৰ ওজনতকৈ ৫-১০ শতাংশ অধিক চৰ্বী জমা হয় ইয়াৰ ফলত আমাৰ সম্পূৰ্ণ শৰীৰৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে আৰু লিভাৰৰ কোষবিলাক ধ্বংস হবলৈ ধৰে।

RelatedPosts

 A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

 A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

May 23, 2022
হিকটি কিয় আহে আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়

হিকটি কিয় আহে আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়

May 22, 2022
Multi-country monkeypox outbreak in non-endemic countries

Multi-country monkeypox outbreak in non-endemic countries

May 22, 2022

 ফেটি লিভাৰ ডিজিজ্ মূখ্যতঃ দুই প্ৰকাৰৰ।

১/এলকহলিক লিভাৰ ডিজিজ্ আৰু

২/নন-এলকহ’লিক লিভাৰ ডিজিজ্

 এলকহলিক লিভাৰ ডিজিজ্ এলকহল বা মদ্য সেৱনৰ অভ্যাসৰ ফলত হয় আৰু নন-এলকহলিক লিভাৰ ডিজিজৰ মূল কাৰণ হ’ল অস্বাস্থ্যকৰ আহাৰ সেৱনৰ অভ্যাস, অত্যধিক চৰ্বীজাতীয়, ভজা-পোৰা, অত্যধিক শৰ্কৰাজাতীয় খাদ্য সেৱনৰ অভ্যাস, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ ইত্যাদি।

 কেতিয়াবা গৰ্ভাৱস্থাৰ বাবেও ফেটি লিভাৰ ডিজিজ্ হব পাৰে। বহুদিন চিকিৎসা নকৰাকৈ থকা ফেটি লিভাৰ ডিজিজ্ অৱশেষত গৈ হেপাটাইটিছ বা লিভাৰ চিৰ’চিচৰও সৃষ্টি কৰিব পাৰে।

#ফেটি লিভাৰ ডিজিজৰ কাৰণসমূহ:-

মেদবহুলতা, অস্বাস্থ্যসন্মত খাদ্য, দৈনিক মদ্যপানৰ অভ্যাসে ফেটি লিভাৰ ডিজিজ্ হোৱাৰ আশংকা বৃদ্ধি কৰে। অন্য কিছুমান সমস্যা যেনে – ডায়েবেটিজ, প্ৰাক ডায়েবেটিজ, তেজত উচ্চ মাত্ৰাৰ কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, উচ্চ ৰক্তচাপ, ভাইৰাছ জনিত হেপাটাইটিছ ইত্যাদিয়েও এই সমস্যাটো হোৱাত উদগনি যোগায়। কিছুমানৰ ক্ষেত্ৰত ই বংশগত হয়। পুষ্টিহীনতা আৰু অতি কম সময়ৰ ভিতৰতে শৰীৰৰ অত্যধিক ওজন হ্ৰাস ইত্যাদিও এই সমস্যাৰ কাৰক হিচাপে দেখা দিব পাৰে। মধ্যবয়সীয়া আৰু অধিক ওজনযুক্ত লোক যাৰ ওপৰোক্ত সমস্যাবোৰৰ অতি কমেও এটা সমস্যা থাকে তেনে মানুহ এই সমস্যাটোৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা অতি বেছি থাকে।

 সাম্প্ৰতিক গৱেষণাই আৰু এটা কথা উনুকিয়াই দিছে যে ক্ষুদ্ৰান্ত্ৰত হোৱা অত্যধিক বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰাও এই সমস্যাটোৰ সৃষ্টি হব পাৰে।

#ফেটি লিভাৰ ডিজিজৰ লক্ষণ :- প্ৰথম অৱস্থাত সাধাৰণতে এই সমস্যাটোৰ কোনো চকুত পৰা ধৰণৰ লক্ষণেই দেখা পোৱা নাযায়। সচৰাচৰ দেখা দিয়া লক্ষণবিলাক হ’ল পেটৰ মাজভাগত বা ওপৰ পেটৰ সোঁফালে বিষ হব পাৰে, ভাগৰ ভাগৰ লাগিব পাৰে, শৰীৰ দুৰ্বলতা, ওজন হ্ৰাস, ভোক নলগা, লিভাৰ ফুলি যোৱা, ডিঙি আৰু কাষলতিৰ তলৰ ছাল ডাঠ ক’লা ৰঙৰ হৈ যোৱা। সাধাৰণতে দৈনন্দিন স্বাস্থ্য পৰীক্ষাৰ সময়তহে এই অৱস্থাতো ধৰা পৰে। লগতে বমি বমি ভাব, কোনো কামত মন নবহা, ভ্ৰম ইত্যাদিও হব পাৰে।

#বেমাৰ কেনেকৈ নিৰ্ণয় কৰা হয়?

আৰম্ভণিতে ফেটি লিভাৰ ডিজিজ্ তেজৰ লিভাৰ ফাংচন টেষ্টৰ(Liver function test) দ্বাৰা নিৰ্ণয় কৰা হয়। আল্ট্ৰাচনগ্ৰাফী আৰু চি টি স্কেনৰ দ্বাৰা এই নিৰ্ণয় আৰু গাঢ় হয়। কেতিয়াবা লিভাৰৰ বায়’প্চিও কৰিব লগীয়া হব পাৰে।

#আয়ুৰ্বেদৰ সহায়ত ফেটি লিভাৰ ডিজিজৰ চিকিৎসা :-

আয়ুৰ্বেদত লিভাৰক যকৃত হিচাপে জনা যায়। যকৃতৰ কাৰ্য্য পিত্ত দোষৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সেয়েহে লিভাৰৰ কোনো সমস্যাৰ সৃষ্টি হ’লে পিত্ত বিকাৰজনিত লক্ষণ যেনে- এলাৰ্জী, ছালৰ ৰোগ, উচ্চ কলেষ্টেৰল, ভাগৰুৱা, পাচন প্ৰক্ৰিয়াৰ সমস্যা ইত্যাদি লক্ষণ দেখা দিয়ে। যদি লিভাৰৰ এই সমস্যা বহু দিনলৈ চিকিৎসা নকৰাকৈ ৰখা হয় তেনেহলে গম্ভীৰ স্বাস্থ্য সমস্যা যেনে – হেপাটাইটিছ, চিৰ’চিচ্, জণ্ডিচ আৰু শেষত কৰ্কট ৰোগ পৰ্যন্ত হব পাৰে। যদিও ফেটি লিভাৰ ডিজিজ্ আৰোগ্য কৰাৰ বাবে কোনো চমৎকাৰী ঔষধ নাই তথাপিও প্ৰকৃতিৰ বুকুত বহুতো এনেকুৱা ঔষধি গুণেৰে ভৰপূৰ গছ লতা আছে যাৰ দ্বাৰা লিভাৰক বিশুদ্ধীকৰণ কৰি ইয়াক সুস্থ কৰি ৰাখিব পৰা যায়। যিহেতু লিভাৰ হ’ল আমাৰ শৰীৰক বিশুদ্ধীকৰণ কাৰী অংগ আৰু লগতে আমাৰ পাচন প্ৰক্ৰিয়া থিকে ৰখাৰ বাবে, খাদ্যৰ পৰা পোষকতত্ব বিলাক তেজলৈ শোষণ কৰিবলৈ, শৰীৰক সংক্ৰমণৰ পৰা বচাই ৰাখিবলৈ আমাক এটা সুস্থ সবল লিভাৰৰ দৰকাৰ হয়। আয়ুৰ্বেদত লিভাৰটোক বিশুদ্ধীকৰণ কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন ঔষধী গুণযুক্ত গছ লতাৰ বৰ্ণনা আছে। তাৰ ভিতৰত উল্লেখযোগ্য হ’ল – – – – –

১/ক্ষিৰীবৃক্ষ – (Milk thistle) ইয়াৰ বীজে যকৃত বিশুদ্ধীকৰণ কৰাৰ লগতে বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ পৰা হোৱা যকৃতৰ ক্ষয় ক্ষতি প্ৰতিৰোধ কৰে। লিভাৰ টনিক বনাবলৈ ব্যৱহাৰ হোৱা চিলিমাৰিন নামৰ পদাৰ্থবিধ ইয়াৰ পৰাই উৎপাদন কৰা হয়।

২/আঙুৰ – যকৃতৰ বিশুদ্ধীকৰণ কৰাৰ লগতে ই ফেটি লিভাৰ ডিজিজৰ ফলত হোৱা যকৃতৰ জড়তা কমাত সহায় কৰে।

৩/কালমেঘ- সকলোৰে পৰিচিত কালমেঘেও যকৃতৰ বিশুদ্ধীকৰণ কৰাৰ উপৰিও ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই যকৃতক অধিক সুৰক্ষা প্ৰদান কৰে। লগতে ই গলব্লাডাৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে।

৪/হিম্স্ৰা – যকৃতৰ কোষবিলাকলৈ নতুন চেতনা প্ৰদান কৰে, ফলত যকৃতৰ কাৰ্য্যক্ষমতা বৃদ্ধি পায় আৰু ইয়াক সুস্থ কৰি ৰাখে।

৫/কাসনী- ই পিত্তৰ(bile) উৎপাদন বৃদ্ধি কৰি পাচন প্ৰক্ৰিয়াত সহায় কৰে।

৬/কাকমাসী – এই গছৰ নিৰ্যাস স্বাভাৱিকতে বিষাক্ততা নাশক হয় বিশেষকৈ ৰাসায়নিক পদাৰ্থৰ পৰা হোৱা বিষাক্ততা।

৭/অৰ্জুন- ই যকৃতৰ কোষবিলাকক বিষাক্ত পদাৰ্থৰ বিৰুদ্ধে যুঁজিবলৈ চালিকাশক্তি প্ৰদান কৰে আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে।

 ইয়াৰ উপৰিও বহুতো আয়ুৰ্বেদীয় শাস্ত্ৰীয় আৰু পেটেন্ট ঔষধ বজাৰত উপলব্ধ হয় যাক ফেটি লিভাৰ ডিজিজত ব্যৱহাৰ কৰিব পৰা যায়।

#স্বাভাৱিক ভাবে ফেটি লিভাৰ হোৱাত বাধা দিব পৰা উপায়

*অত্যধিক আৰু দৈনিক মদ্যপান পৰিহাৰ কৰিব লাগে।

*দৰকাৰ নোহোৱাকৈ চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধৰ সেৱন কৰিব নালাগে ।

*কম কেলৰিযুক্ত সুষম আহাৰ যি ভিটামিন আৰু খনিজ লৱণ সমৃদ্ধ হয় গ্ৰহণ কৰিব লাগে।

*শৰীৰক বিশুদ্ধীকৃত কৰিব পৰা ফলমূল যেনে – তৰমুজ, আম, নাচপতি, জাম ইত্যাদিৰ সেৱন বেছিকৈ কৰিব লাগে।

*ৰিফাইনযুক্ত কাৰ্বহাইড্ৰেটৰ সেৱন বন্ধ কৰিব লাগে। যেনে – ময়দাৰ দ্বাৰা বনোৱা খাদ্য (পাউৰুটি, কেক, পেষ্টি, চাউমিন, নুডুলচ্ ইত্যাদি), মছলাযুক্ত খাদ্য, চৰ্বীজাতীয় খাদ্য, শীতল পানীয় ইত্যাদি।

*দৈনিক শাৰিৰীক পৰিশ্ৰম আৰু ব্যায়ামৰ অভ্যাস কৰিব লাগে।

*দেহৰ ওজন হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: ফেটি লিভাৰ ডিজিজ্
Admin

Admin

Related Posts

 A sneak peek to Auroville: ‘The City of Dawn’ and Dreams
Travel

 A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

by Admin
May 23, 2022
0

The world is full of chaos and conflicts, and finding peace has become a dream for many. Especially after Russia...

Read more
হিকটি কিয় আহে আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়

হিকটি কিয় আহে আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়

May 22, 2022
Multi-country monkeypox outbreak in non-endemic countries

Multi-country monkeypox outbreak in non-endemic countries

May 22, 2022
adult biology chemical chemist

World Health Statistics 2022

May 21, 2022
RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

May 21, 2022
গাজী মগুৰ চমৎকাৰীতা

গাজী মগুৰ চমৎকাৰীতা

May 21, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Inflation: Difference between 2014 and 2022

Inflation: Difference between 2014 and 2022

May 23, 2022
 A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

 A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

May 23, 2022
Muuzzer – A truly open Writing Platform

Muuzzer – A truly open Writing Platform

May 23, 2022
হিকটি কিয় আহে আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়

হিকটি কিয় আহে আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়

May 22, 2022

Popular Stories

  •  A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

     A sneak peek to Auroville: ‘The City of Dawn’ and Dreams

    17 shares
    Share 7 Tweet 4
  • Emergence Of The KNF In Chittagong Hill Tracts

    307 shares
    Share 123 Tweet 77
  • RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

    19 shares
    Share 8 Tweet 5
  • বিবাহৰ পিছত ৩ দিনলৈ শৌচাগাৰ নিষিদ্ধ দৰা-কইনাৰ

    9 shares
    Share 4 Tweet 2
  • Multi-country monkeypox outbreak in non-endemic countries

    7 shares
    Share 3 Tweet 2
  • PPFA demands a correct NRC with 1951 cut-off year

    6 shares
    Share 2 Tweet 2
  • The Heaven on Earth: KASHMIR

    19 shares
    Share 8 Tweet 5
  • NEIPF’s ‘Diphupar Declaration’

    80 shares
    Share 32 Tweet 20
  • JUSTICE FOR REZWAN KOHISTANI

    5 shares
    Share 2 Tweet 1
  • AFGHAN WOMEN: ‘My life was never easy as everyone’s life’

    8 shares
    Share 3 Tweet 2
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: