• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

by Dr. MUKUL SARMA
June 4, 2026
in Health, Lifestyle
Reading Time: 4 mins read
0
ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

3d illustration showing liver in human body

Share on FacebookShare on TwitterShare on LinkedIn

ফেটি লিভাৰ ডিজিজ্

ডাঃ মুকুল শৰ্মা

Dr Mukul Sarma
মুকুল শৰ্মা

লিভাৰ বা যকৃত হ’ল আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। ই আমাৰ শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পাদন কৰে, তাৰ ভিতৰত উল্লেখযোগ্য হ’ল আমি খোৱা খাদ্যৰ পৰা পোৱা চৰ্বী, কাৰ্বহাইড্ৰেট, প্ৰটিন, খনিজ লবণ আদিৰ বিপাক ক্ৰিয়া সম্পাদন কৰা।

ইয়াৰ উপৰিও আমাৰ শৰীৰত উৎপন্ন হোৱা বিভিন্ন ধৰণৰ বিষতুল্য ৰাসায়নিক পদাৰ্থবিলাকক বিশুদ্ধীকৰণ কৰে, আমি সেৱন কৰা বিভিন্ন বেমাৰৰ ঔষধবিলাকো লিভাৰতে বিপাকীত হয়, লগতে ই পিত্ত বা Bile উৎপন্ন কৰে যিয়ে আমি খোৱা চৰ্বীজাতীয় খাদ্যবস্তুবিলাক পাচন প্ৰক্ৰিয়াত সহায় কৰে।

Fatty Liver

ফেটি লিভাৰ ডিজিজ্ এনেকুৱা এটা অৱস্থা যত লিভাৰত চৰ্বী জমা হয়। যেতিয়া লিভাৰৰ ওজনতকৈ ৫-১০ শতাংশ অধিক চৰ্বী জমা হয় ইয়াৰ ফলত আমাৰ সম্পূৰ্ণ শৰীৰৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে আৰু লিভাৰৰ কোষবিলাক ধ্বংস হবলৈ ধৰে।

 ফেটি লিভাৰ ডিজিজ্ মূখ্যতঃ দুই প্ৰকাৰৰ:

১/এলকহলিক লিভাৰ ডিজিজ্ আৰু

২/নন-এলকহ’লিক লিভাৰ ডিজিজ্

 এলকহলিক লিভাৰ ডিজিজ্ এলকহল বা মদ্য সেৱনৰ অভ্যাসৰ ফলত হয় আৰু নন-এলকহলিক লিভাৰ ডিজিজৰ মূল কাৰণ হ’ল অস্বাস্থ্যকৰ আহাৰ সেৱনৰ অভ্যাস, অত্যধিক চৰ্বীজাতীয়, ভজা-পোৰা, অত্যধিক শৰ্কৰাজাতীয় খাদ্য সেৱনৰ অভ্যাস, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ ইত্যাদি।

 কেতিয়াবা গৰ্ভাৱস্থাৰ বাবেও ফেটি লিভাৰ ডিজিজ্ হব পাৰে। বহুদিন চিকিৎসা নকৰাকৈ থকা ফেটি লিভাৰ ডিজিজ্ অৱশেষত গৈ হেপাটাইটিছ বা লিভাৰ চিৰ’চিচৰও সৃষ্টি কৰিব পাৰে।

ফেটি লিভাৰ ডিজিজৰ কাৰণসমূহ:-

মেদবহুলতা, অস্বাস্থ্যসন্মত খাদ্য, দৈনিক মদ্যপানৰ অভ্যাসে ফেটি লিভাৰ ডিজিজ্ হোৱাৰ আশংকা বৃদ্ধি কৰে। অন্য কিছুমান সমস্যা যেনে – ডায়েবেটিজ, প্ৰাক ডায়েবেটিজ, তেজত উচ্চ মাত্ৰাৰ কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, উচ্চ ৰক্তচাপ, ভাইৰাছ জনিত হেপাটাইটিছ ইত্যাদিয়েও এই সমস্যাটো হোৱাত উদগনি যোগায়।

কিছুমানৰ ক্ষেত্ৰত ই বংশগত হয়। পুষ্টিহীনতা আৰু অতি কম সময়ৰ ভিতৰতে শৰীৰৰ অত্যধিক ওজন হ্ৰাস ইত্যাদিও এই সমস্যাৰ কাৰক হিচাপে দেখা দিব পাৰে। মধ্যবয়সীয়া আৰু অধিক ওজনযুক্ত লোক যাৰ ওপৰোক্ত সমস্যাবোৰৰ অতি কমেও এটা সমস্যা থাকে তেনে মানুহ এই সমস্যাটোৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা অতি বেছি থাকে।

 সাম্প্ৰতিক গৱেষণাই আৰু এটা কথা উনুকিয়াই দিছে যে ক্ষুদ্ৰান্ত্ৰত হোৱা অত্যধিক বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰাও এই সমস্যাটোৰ সৃষ্টি হব পাৰে।

Liver4

ফেটি লিভাৰ ডিজিজৰ লক্ষণ :- প্ৰথম অৱস্থাত সাধাৰণতে এই সমস্যাটোৰ কোনো চকুত পৰা ধৰণৰ লক্ষণেই দেখা পোৱা নাযায়। সচৰাচৰ দেখা দিয়া লক্ষণবিলাক হ’ল পেটৰ মাজভাগত বা ওপৰ পেটৰ সোঁফালে বিষ হব পাৰে, ভাগৰ ভাগৰ লাগিব পাৰে, শৰীৰ দুৰ্বলতা, ওজন হ্ৰাস, ভোক নলগা, লিভাৰ ফুলি যোৱা, ডিঙি আৰু কাষলতিৰ তলৰ ছাল ডাঠ ক’লা ৰঙৰ হৈ যোৱা।

সাধাৰণতে দৈনন্দিন স্বাস্থ্য পৰীক্ষাৰ সময়তহে এই অৱস্থাতো ধৰা পৰে। লগতে বমি বমি ভাব, কোনো কামত মন নবহা, ভ্ৰম ইত্যাদিও হব পাৰে।

liver1
Illustration of the progression of liver disease from fatty liver to cancer

বেমাৰ কেনেকৈ নিৰ্ণয় কৰা হয়?

আৰম্ভণিতে ফেটি লিভাৰ ডিজিজ্ তেজৰ লিভাৰ ফাংচন টেষ্টৰ(Liver function test) দ্বাৰা নিৰ্ণয় কৰা হয়। আল্ট্ৰাচনগ্ৰাফী আৰু চি টি স্কেনৰ দ্বাৰা এই নিৰ্ণয় আৰু গাঢ় হয়। কেতিয়াবা লিভাৰৰ বায়’প্চিও কৰিব লগীয়া হব পাৰে।

আয়ুৰ্বেদৰ সহায়ত ফেটি লিভাৰ ডিজিজৰ চিকিৎসা :-

আয়ুৰ্বেদত লিভাৰক যকৃত হিচাপে জনা যায়। যকৃতৰ কাৰ্য্য পিত্ত দোষৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সেয়েহে লিভাৰৰ কোনো সমস্যাৰ সৃষ্টি হ’লে পিত্ত বিকাৰজনিত লক্ষণ যেনে- এলাৰ্জী, ছালৰ ৰোগ, উচ্চ কলেষ্টেৰল, ভাগৰুৱা, পাচন প্ৰক্ৰিয়াৰ সমস্যা ইত্যাদি লক্ষণ দেখা দিয়ে।

যদি লিভাৰৰ এই সমস্যা বহু দিনলৈ চিকিৎসা নকৰাকৈ ৰখা হয় তেনেহলে গম্ভীৰ স্বাস্থ্য সমস্যা যেনে – হেপাটাইটিছ, চিৰ’চিচ্, জণ্ডিচ আৰু শেষত কৰ্কট ৰোগ পৰ্যন্ত হব পাৰে। যদিও ফেটি লিভাৰ ডিজিজ্ আৰোগ্য কৰাৰ বাবে কোনো চমৎকাৰী ঔষধ নাই তথাপিও প্ৰকৃতিৰ বুকুত বহুতো এনেকুৱা ঔষধি গুণেৰে ভৰপূৰ গছ লতা আছে যাৰ দ্বাৰা লিভাৰক বিশুদ্ধীকৰণ কৰি ইয়াক সুস্থ কৰি ৰাখিব পৰা যায়।

Liver2

যিহেতু লিভাৰ হ’ল আমাৰ শৰীৰক বিশুদ্ধীকৰণ কাৰী অংগ আৰু লগতে আমাৰ পাচন প্ৰক্ৰিয়া থিকে ৰখাৰ বাবে, খাদ্যৰ পৰা পোষকতত্ব বিলাক তেজলৈ শোষণ কৰিবলৈ, শৰীৰক সংক্ৰমণৰ পৰা বচাই ৰাখিবলৈ আমাক এটা সুস্থ সবল লিভাৰৰ দৰকাৰ হয়। আয়ুৰ্বেদত লিভাৰটোক বিশুদ্ধীকৰণ কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন ঔষধী গুণযুক্ত গছ লতাৰ বৰ্ণনা আছে। তাৰ ভিতৰত উল্লেখযোগ্য হ’ল –

১/ক্ষিৰীবৃক্ষ – (Milk thistle) ইয়াৰ বীজে যকৃত বিশুদ্ধীকৰণ কৰাৰ লগতে বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ পৰা হোৱা যকৃতৰ ক্ষয় ক্ষতি প্ৰতিৰোধ কৰে। লিভাৰ টনিক বনাবলৈ ব্যৱহাৰ হোৱা চিলিমাৰিন নামৰ পদাৰ্থবিধ ইয়াৰ পৰাই উৎপাদন কৰা হয়।

২/আঙুৰ – যকৃতৰ বিশুদ্ধীকৰণ কৰাৰ লগতে ই ফেটি লিভাৰ ডিজিজৰ ফলত হোৱা যকৃতৰ জড়তা কমাত সহায় কৰে।

৩/কালমেঘ– সকলোৰে পৰিচিত কালমেঘেও যকৃতৰ বিশুদ্ধীকৰণ কৰাৰ উপৰিও ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই যকৃতক অধিক সুৰক্ষা প্ৰদান কৰে। লগতে ই গলব্লাডাৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে।

Liver 5
3d illustration showing liver in human body

৪/হিম্স্ৰা – যকৃতৰ কোষবিলাকলৈ নতুন চেতনা প্ৰদান কৰে, ফলত যকৃতৰ কাৰ্য্যক্ষমতা বৃদ্ধি পায় আৰু ইয়াক সুস্থ কৰি ৰাখে।

৫/কাসনী– ই পিত্তৰ(bile) উৎপাদন বৃদ্ধি কৰি পাচন প্ৰক্ৰিয়াত সহায় কৰে।

৬/কাকমাসী – এই গছৰ নিৰ্যাস স্বাভাৱিকতে বিষাক্ততা নাশক হয় বিশেষকৈ ৰাসায়নিক পদাৰ্থৰ পৰা হোৱা বিষাক্ততা।

৭/অৰ্জুন– ই যকৃতৰ কোষবিলাকক বিষাক্ত পদাৰ্থৰ বিৰুদ্ধে যুঁজিবলৈ চালিকাশক্তি প্ৰদান কৰে আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে।

 ইয়াৰ উপৰিও বহুতো আয়ুৰ্বেদীয় শাস্ত্ৰীয় আৰু পেটেন্ট ঔষধ বজাৰত উপলব্ধ হয় যাক ফেটি লিভাৰ ডিজিজত ব্যৱহাৰ কৰিব পৰা যায়।

Liver6

স্বাভাৱিক ভাবে ফেটি লিভাৰ হোৱাত বাধা দিব পৰা উপায়:

*অত্যধিক আৰু দৈনিক মদ্যপান পৰিহাৰ কৰিব লাগে।

*দৰকাৰ নোহোৱাকৈ চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধৰ সেৱন কৰিব নালাগে ।

*কম কেলৰিযুক্ত সুষম আহাৰ যি ভিটামিন আৰু খনিজ লৱণ সমৃদ্ধ হয় গ্ৰহণ কৰিব লাগে।

*শৰীৰক বিশুদ্ধীকৃত কৰিব পৰা ফলমূল যেনে – তৰমুজ, আম, নাচপতি, জাম ইত্যাদিৰ সেৱন বেছিকৈ কৰিব লাগে।

*ৰিফাইনযুক্ত কাৰ্বহাইড্ৰেটৰ সেৱন বন্ধ কৰিব লাগে। যেনে – ময়দাৰ দ্বাৰা বনোৱা খাদ্য (পাউৰুটি, কেক, পেষ্টি, চাউমিন, নুডুলচ্ ইত্যাদি), মছলাযুক্ত খাদ্য, চৰ্বীজাতীয় খাদ্য, শীতল পানীয় ইত্যাদি।

*দৈনিক শাৰিৰীক পৰিশ্ৰম আৰু ব্যায়ামৰ অভ্যাস কৰিব লাগে।

*দেহৰ ওজন হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

photo of woman studying anatomy
Photo by RF._.studio on Pexels.com

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ফেটি লিভাৰ ডিজিজ্
Dr. MUKUL SARMA

Dr. MUKUL SARMA

Related Posts

কচু শাকৰ গুণাগুণ
Health

কচু শাকৰ গুণাগুণ

by Editor
August 10, 2026
0

কচু শাকৰ গুণাগুণ (Colocasia) ডাঃ ৰেইনী দেৱী খাটি অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জন লেখত লবলগীয়া।...

Read moreDetails
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
The fountain of youth

The fountain of youth

July 7, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026
AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

August 17, 2026
Attending RAI’S Class

Attending RAI’S Class

August 17, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d