–অৰবিন্দ ৰাভা
নতুন প্ৰজাতিৰ ওমিক্ৰণৰ হাতত হাত ধৰি ভাৰতত প্ৰৱেশ কৰিছে কৰ’নাৰ তৃতীয়টো ঢৌ। আগন্তুক ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তৃতীয়টো ঢৌ আছাৰ খাই পৰিব ভাৰতত – এনে আশংকা কৰিছে আই-আই-টি কানপুৰৰ গৱেষকসকলে। নেশ্যনেল কোভিড-১৯ চুপাৰ মডেল কমিটিৰ সদস্য তথা কানপুৰ আই-আই-টিৰ সংখ্যাতত্ত্ববিদৰ আশংকা অনুসৰি অহা বছৰৰ প্ৰথমভাগত ভাৰতত আছাৰ খাই পৰিব কৰ’নাৰ তৃতীয়টো ঢৌ। চুপাৰ মডেল কমিটিৰ প্ৰধান বিদ্যাসাগৰে কৈছে যে ওমিক্ৰণৰ হাতত ধৰি ভাৰতত ১০০০০০ ৰ পৰা ২০০০০০ মানুহ কৰ’নাৰ দ্বাৰা আৰম্ভণিতে আক্ৰান্ত হ’ব, কিন্তু দ্বিতীয় ঢৌৰ তুলনাত তৃতীয় ঢৌৰ ভয়াবহতা কম হ’ব।
চিকিৎসক সকলেও আশা কৰিছে যে ভাৰতত সিংহভাগ মানুহৰ দেহত কৰ’নাৰ ইমিউনিটি তৈয়াৰ হৈছে হেতুকে দ্বিতীয় ঢৌৰ তুলনাত তৃতীয় ঢৌৰ প্ৰাৱল্য হ্ৰাস হ’ব। কিন্তু তৃতীয় ঢৌৰ আছাৰ খাই পৰা সম্পৰ্কে তেওঁলোক নিশ্চিত। ভাৰতত এতিয়া দৈনিক আক্ৰান্তৰ সংখ্যা ৭৫০০ ৰ ওচৰে পাজৰে। কিছুদিনৰ পাছত কৰ’নাৰ ডেল্টা ভেৰাইটিৰ সলনি ভাৰতত ওমিক্ৰণৰ পৰাক্ৰম দেখিবলৈ পোৱা যাব। সেই সময়ত লক্ষাধিক আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। ডেল্টা ভেৰাইটিৰ পৰাক্ৰম দেখাৰ সময়ত , মাৰ্চ মাহৰ পৰা ভাৰত চৰকাৰে বহুত পলমকৈ টিকাকৰণ আৰম্ভ কৰিছিল; কিন্তু ডেল্টাৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠাৰ সুযোগৰ পৰা মানুহ বঞ্চিত হৈছিল – যিহেতু অতি কম সংখ্যক মানুহে হে টিকাকৰণৰ সুযোগ পাইছিল। কিন্তু যোৱা ৯/১০ মাহত প্ৰায় ১০০ কোটিৰ অধিক সংখ্যক মানুহে টিকা লৈছে আৰু তাৰফলত শৰীৰত প্ৰতিৰোধ ক্ষমতা গঢ় লৈ উঠিছে।
অধ্যাপক বিদ্যাসাগৰে কৈছে যে ওমিক্ৰণ কিমান সংক্ৰামক, আৰু এই ভেৰিয়েন্টক কিমান প্ৰতিৰোধ কৰিব পৰা যায় – তাৰেই ওপৰত নিৰ্ভৰ কৰিব তৃতীয় ঢৌৰ ভয়াবহতা। যদি তৃতীয় ঢৌ অতিৰিক্ত মাত্ৰাত ভয়াবহ হয়, তেনে ক্ষেত্ৰত দৈনিক ২০০০০০+ মানুহ কৰ’নাৰ দ্বাৰা আক্ৰান্ত হ’ব। এই পেনেলৰ সদস্যৰ মাজত আছে অধ্যাপক মণীন্দ্ৰ আগৰৱালা, যিজনে দ্বিতীয় ঢৌৰ বিষয়ে কৰা ভৱিষ্যতবাণী ফলিয়াইছে। তেওঁ যোৱা বছৰৰ নৱেম্বৰ মাহত কৈছিল ‘ডেল্টা স্ট্ৰেন ইমান ভয়াবহ হ’ব যে ৫ দিন ধৰি ভাৰতত কোনো শ্মশানৰ চিতাজুই নুমাই থকা দেখা নাযাব!’ কৰ’না মহামাৰীক লৈ প্ৰথমবাৰ ভাৰতত গাণিতিক মডেল প্ৰস্তুত কৰিছিল আই-আই-টি কানপুৰৰ অধ্যাপক মণীন্দ্ৰ আগৰৱালাই। এবছৰৰ পিছত তেওঁ পুনৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কৈছে যে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত পঞ্জাৱ, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, গোৱা, মণিপুৰৰ বিধানসভাৰ নিৰ্বাচন হ’ব হেতুকে সেই ৰাজ্যবোৰত কোভিড বিধি পালন নহ’ব। তেনেস্থলত পৰিস্থিতি ভয়াবহ হৈ পৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে।