বঁটা প্ৰদানৰ দৌৰাত্ম্য
যুগান্ত বায়ন

সাম্প্ৰতিক সময়ত অসমৰ প্ৰায়বোৰ ঠাইতে বিভিন্ন উপলক্ষ্যত বঁটা প্ৰদানৰ এক প্ৰতিযোগিতা আৰম্ভ হৈছে।
দেশ, সমাজ, তথা জাতি লৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পুৰোধাব্যক্তিসকলৰ সোঁৱৰণত অঞ্চলে অঞ্চলে বিভিন্ন ক্ষেত্ৰৰ লোকসকল বঁটা প্ৰদান কৰা কাৰ্য্য নিঃসন্দেহে অতি আদৰণীয় আৰু প্ৰশংসনীয়।
এনে বঁটা প্ৰদানে বঁটা প্ৰাপকসকলক নিজৰ জ্ঞান, গৰিমা আৰু প্ৰতিভাক সামাজিক স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকক ভৱিষ্যতৰ সৃষ্টিৰ বাবে এক অনুপ্ৰেৰণা আৰু উৎসাহ প্ৰদান কৰে। এই ব্যৱস্থাই নিশ্চয় এটা জাতিক কৃতজ্ঞ জাতি হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰে।

কিন্তু এনে বিজ্ঞ লোকৰ নামত দিয়া বঁটাই যাতে এটা অঞ্চলৰ সামগ্ৰিক চিত্ৰখন প্ৰতিফলিত কৰিব পাৰে, তাৰবাবে সচেতন হোৱাটো অতি প্ৰয়োজন। নহলে এনেলোকৰ জ্ঞান, গৰিমা এক নিৰ্দিষ্ট পৰিসৰ আৰু সীমাৰেখাৰ মাজতে আৱদ্ধ হৈ ৰ’ব আৰু তেনে ব্যক্তিসকলৰ ব্যক্তিত্বই সাৰ্বজনীন ৰূপ লাভ কৰাত ব্যৰ্থ হ’ব।
উল্লেখযোগ্য যে, জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ নামত অসম চৰকাৰে ১৯৮৬ চনৰ পৰা প্ৰৱৰ্তন কৰা “শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা” অসমৰ স্বনামধন্য ব্যক্তিসকলৰ উপৰিও ভাৰতবর্ষৰ কেইবাগৰাকীও বিখ্যাত লোকক এই বঁটা প্ৰদান কৰা হৈছে। এইসকলৰ ভিতৰত প্ৰখ্যাত চিত্ৰ পৰিচালক সত্যজিৎ ৰায়, কপিলা বৎসায়ণৰ নিচিনা ভাৰতবৰ্ষক গৌৰৱান্বিত কৰা লোকসকলক শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা প্ৰদান কৰি গুৰুজনাৰ অতুলনীয় প্ৰতিভাক সৰ্বভাৰতীয় পৰ্য্যায়লৈ লৈ যোৱা হৈছে।
সত্যজিৎ ৰায়ক এই বঁটা প্ৰদান কৰাৰ বাবে বিভিন্ন মহলত বিতৰ্কৰ সূত্ৰপাত হৈছিল যদিও এনে বিতৰ্কক ৰাইজে প্ৰত্যাখ্যান কৰিছিল। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা মহাপুৰুষজনাৰ নামত প্ৰৱৰ্তিত বঁটাটো যদিহে ৰাজ্যখনৰ সীমাৰ মাজতে আৱদ্ধ থাকিলহেঁতেন, তেতিয়া মহাপুৰুষজনাৰ বিৰল ব্যক্তিত্বই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মৰ্য্যাদা লাভৰ পৰা বঞ্চিত হ’লহেঁতেন।
গতিকে এনেধৰণৰ বঁটা প্ৰদান কৰাৰ ক্ষেত্ৰত এইবোৰ দিশ বিবেচনাৰ অধীনলৈ অনাটো অতি জৰুৰী। নহ’লে বিচিত্ৰ অসমৰ, বিচিত্ৰ প্ৰতিভাৰে উজ্জীৱিত লোকসকল বিচিত্ৰতাৰ পৰিধিৰ পৰা এদিন হেৰাই যাব। ঠিক তেনেদৰেই বিভিন্ন সংগঠনে বঁটা প্ৰদান কৰা সন্মানীয় ব্যক্তিসকলৰ ক্ষেত্ৰটো কিছু বিষয় বা দিশ বিবেচনা কৰা উচিত।
একো একোটা অঞ্চলক সৰ্ব দিশতেই প্ৰতিষ্ঠা কৰি নতুন প্ৰজন্ম লৈ এক সেন্দুৰীয়া পথৰ সন্ধান দিয়া এটা অঞ্চল বা সমাজৰ নেতৃস্থানীয় লোকক এনে বঁটা প্ৰদান কৰিলে- কবি আনন্দচন্দ্ৰ আগৰৱালাই কোৱাৰ দৰে “মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গঢ়িত………..” কথাশাৰীৰে বাট বুলিবলৈ প্ৰেৰণা পাব।
কেৱল সাময়িক জনপ্ৰিয়তাৰ দৌৰত দৌৰি থকা, সমাজৰ মূলসুঁতিৰ পৰা বিছিন্ন হৈ পৰা জাতীয় লোকক এনে পুৰোধা ব্যক্তিৰ নামত প্ৰৱৰ্তন কৰা বঁটা প্ৰদানে সমাজ এখনক সঠিক আৰু শুদ্ধ পথৰ সন্ধান দিয়াত ব্যৰ্থ হ’ব। ইয়াৰ লগতে এইটোও লক্ষ্য ৰাখিব লাগে যে, এনেবোৰ বিষয়ক আওকাণ কৰি বঁটা প্ৰদান কৰিলে সমাজ যাতে বিভাজনৰ সৃষ্টি নহয়।
ৰাইজে কথাবোৰ সময়ৰ আহ্বান হিচাপে বিবেচনা বা অধ্যয়ন কৰিলে সমাজ বা জাতিৰ বাবে নিশ্চয় মংগলদায়ক হ’ব।

যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.