• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, May 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বংগদেশ, বঙ্গালী জাতি, প্ৰাচীন কামৰূপ আৰু অসমীয়া জাতিঃ এক বিহঙ্গম দৃষ্টি

-চম্পক শইকীয়া

by Anjan Sarma
June 26, 2021
in Special Report
Reading Time: 1 min read
0
বংগদেশ, বঙ্গালী জাতি, প্ৰাচীন কামৰূপ আৰু অসমীয়া জাতিঃ এক বিহঙ্গম দৃষ্টি
Share on FacebookShare on TwitterShare on LinkedIn

-চম্পক শইকীয়া |

এখন দেশ হিচাপে বংগদেশ আৰু জাতি হিচাপে বঙ্গালী জাতি গঢ় লৈ উঠাৰ আগতেই প্ৰাচীন কামৰূপত লিপি, ভাষা-সাহিত্যৰ সমৃদ্ধ পৰম্পৰাৰ উমান পোৱা যায়। এসময়ত সমগ্ৰ বংগদেশ শাসন কৰা পৰাক্ৰমী শাসক জাতি হিচাপে আজি আমি এচাম ধুৰন্ধৰ মানুহৰ কবলত পৰি নিজৰ স্বাভিমান এৰি দিয়াতো সমীচিন নহয়। বঙ্গালী জাতিৰ স্বাভিমানী সত্তাৰ পৰা আমাৰ শিকিবলগীয়া বহু আছে। সময় এতিয়াও শেষ হৈ যোৱা নাই। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে যে দীঘলীয়া ঐতিহাসিক পৰিক্ৰমাত সংমিশ্ৰণ আৰু সমাহৰণৰ ফলত গঠিত হোৱা শাসকীয় অসমীয়া জাতিৰ অস্তিত্ব উগ্ৰ বঙ্গালী জাতীয়তাবাদৰ কবলত জাহ যাব সেইটো নিশ্চিত। বংগ দেশ আৰু বঙ্গালী জাতি গঢ় লৈ উঠাৰ সময়চোৱাৰ পৰা আজিৰ বঙ্গালী জাতিলৈ মন কৰিলে যিকোনো স্বাভিমানী মানুহ গৌৰৱান্বিত হ’ব।

RelatedPosts

Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 10, 2026
Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

May 10, 2026
Sangken Festival: The Tai New Year’s Sacred Splash

Sangken Festival: The Tai New Year’s Sacred Splash

May 9, 2026

আধুনিক ভাৰতীয় ভাষা-সংস্কৃতি অধ্যয়নৰ অন্যতম পুৰোধা, পণ্ডিত সুনীতি কুমাৰ চেটাৰ্জীৰ মতে, বংগদেশ আদিতে এখন দেশ নাছিল আৰু (বঙালী) এটা জাতি নাছিল।[The Origin and Development of the Bengali Language, (ODBL) 67] গুৰুত্বপূৰ্ণ এয়ে যে, কোনো এজন পণ্ডিতেও অষ্টম শতিকাৰ মাজ ভাগৰ ৰজা গোপালৰ আগৰ বংগ দেশৰ ৰজা এজনৰো নাম দিব পৰা নাই, ৰাজবংশৰতো কথাই নুঠে। ভূতত্ত্ববিদ চাৰ চাৰ্লছ লায়েলৰ মতে,(১৭৯৭-১৮৭৫), প্ৰাচীন কালত বংগদেশ নাছিল; হিমালয়ৰ পাদদেশলৈকে সাগৰ বিয়পি আছিল। History of North Eastern India-ত বাবু এচ এন ভদ্ৰই লিখিছে- “ৰামায়ণ ও মহাভাৰতেৰ যুগে পূৰ্ব্ব ভাগ আৰ্য্যদেশে পৰিণত হইয়াছিল। কিন্তু বাঙ্গালাৰ অনেক স্থান তাহাৰ পৰবৰ্তী কাল পৰ্য্যন্তও সমুদ্ৰ গৰ্ভে মগ্ন ছিল। খৃষ্টীয় ষষ্ঠ শতাব্দীতেও হিমালয়েৰ উভয় প্ৰান্ত সমুদ্ৰ গৰ্ভে মগ্ন ছিল।” আনহাতে সুনীতি কুমাৰ চেটাৰ্জীৰ মতে, – “যি পালি জাতক আৰু ত্ৰিপিটক সাহিত্যই মৌৰ্য যুগৰ ঠিক আগৰ শতিকাবোৰৰ আৰ্য ৰাজ্যবোৰৰ বিশ্বাসযোগ্য বিৱৰণ দিছে, সেই সাহিত্যই নাম উল্লেখ কৰা ১৬টা জাতিৰ ভিতৰত পুন্ড্ৰ, বংগ, ৰাঢ় বা সুক্ষ্মৰ স্থান নাই।” (ODB, 70-71) বৰ্তমান বংগদেশ থকা ঠাইখনত পূৰ্বসাগৰ নামৰ এখন সাগৰ আছিল আৰু ইয়াতেই গংগা আৰু ব্ৰহ্মপুত্ৰত পৰিছিল। খৃ. পূ. চতুৰ্থ শতিকাৰ গ্ৰীক লিখকসকলৰ বিৱৰণ মতে এই সাগৰখনত “দ্বীপ” নামৰ কিছুমান মাজুলী আছিল। বৌদ্ধ জাতকবোৰত পোৱা যায় যে ডাঙৰ ডাঙৰ সাগৰৰ জাহাজবোৰ বিহাৰৰ ভাগলপুৰলৈকে (চম্পালৈকে) মাল-বস্তু লৈ গৈছিল (Early History of Kamarupa, K. L. Barua) গংগা আৰু ব্ৰহ্মপুত্ৰৰ পলস পৰি লাহে লাহে এই সাগৰ পোত যোৱাত ব-দ্বীপটোৰ সৃষ্টি হয়। সেই কাৰণেই “বংগদেশৰ বুৰঞ্জীৰ আদি কালত এই ব-দ্বীপটোৰ অধিকাংশ ঠাই পিটনি আৰু অ-বাসযোগ্য আছিল।” (ODBL, 67) খৃ. পূ. ৪ৰ্থ শতিকাতো বংগদেশৰ বহুতো ঠাই পিটনি আৰু বাসৰ অনুপযোগী হৈ থকাৰ কথাৰ ওপৰত যোৰ দি সু. কু. চেটাৰ্জীয়ে লিখিছে- “দক্ষিণ বংগৰ (গংগাৰ ব-দ্বীপৰ তল অংশটো) ২৩ ডিগ্ৰী অক্ষাংশৰ পৰা তলৰখিনি, সম্ভৱতঃ কৰ্কটকান্তিৰ বেছি অদূৰৰ ঠাইখিনি, আমি কোৱা সময়ত (খৃ. পূ. চতুৰ্থ শতিকামানত) বৰ বেছি বাসযোগ্য আছিল যেন নালাগে। পিতনি আৰু হাবিৰে ভৰা এই ঠাইখিনিত পিচলৈ পুন্ড্ৰ, ৰাঢ় আৰু বংগৰ পৰা গৈ লোকে বসতি কৰা যেন লাগে।” (ODBL, 74)
স্বাভাৱিকতে বাসযোগ্য নোহোৱা ঠাই এখনত মানুহ নাথাকে, মানুহ নবহিলে সম্পত্তি সৃষ্টি নহয়, সম্পত্তি সৃষ্টি নহলে সম্পত্তি ৰক্ষা কৰিবলৈ ৰজাৰ আৱশ্যক নহয়, ৰজা নাথাকিলে ৰাজ্য নহয়, ৰাজ্য নহ’লে কাৰো বুৰঞ্জীত সেই অঞ্চলৰ নাম নাথাকে। খৃষ্টাব্দ চতুৰ্থ শতিকালৈকে আধুনিক বংগদেশৰ তেনে অৱস্থা আছিল। সুনীতি কুমাৰ চেটাৰ্জীৰ মতেও- “খৃষ্টাব্দ ৪ৰ্থ শতিকাৰ গুপ্ত ৰজাসকলৰ সময়লৈকে বংগদেশৰ বিষয়ে সঠিককৈ একো জানিব পৰা নাযায়।” (ODBL, 74) আকৌ মন কৰিবলগীয়া যে, প্ৰাচীন পূৰ্বসাগৰ বুলি কোৱা সাগৰখনৰ তলৰ পৰা ওলোৱাৰ দিন ধৰি বংগদেশ যে কামৰূপৰ ৰজাসকলৰ অধীন আছিল এইকথা বিভিন্ন তথ্যৰ দ্বাৰা সমৰ্থিত। গুপ্ত ৰাজশক্তি দুৰ্বল হৈ অহা সময়ত কামৰূপৰ ৰজাসকলে উত্তৰ আৰু মধ্য বংগলৈকে শাসন কৰি আছিল। শশাঙ্কৰ সহযোগত মহাসেনগুপ্তই কামৰূপৰ শাসক সুস্থিতবৰ্মাক (৫৮৫-৯৩) পৰাজিত কৰি কিছু অংশ মুকলি কৰিছিল যদিও ২৫ বছৰৰ পাছত কামৰূপৰ পৰাক্ৰমী শাসক ভাস্কৰবৰ্মাই (৬১৮) পুনৰ সমগ্ৰ বংগদেশ নিজৰ অধীনলৈ আনিছিল। সুনীতি কুমাৰ চেটাৰ্জীৰ মতেও- “৭ ম শতিকাৰ আদি দশকবোৰত হৰ্ষ (বৰ্ধন)-ৰ সমসাময়িক কামৰূপৰ ৰজা ভাস্কৰবৰ্মাৰ দ্বাৰা বঙ্গদেশ বিজিত হৈছিল যেন লাগে।” (ODBL- 79-80) অষ্টম শতিকাৰ পাল বংশৰ প্ৰতিষ্ঠাতা গোপালৰ পৰৱৰ্তী শাসকসকলে ৩৫০ বছৰৰো অধিক কাল বংগ শাসন কৰাৰ পাছত, বঙ্গালীসকলে একাদশ শতিকাৰ পৰাহে জাতি হিচাপে প্ৰতিষ্ঠা লাভ কৰে বুলিব পাৰি। সু. কু. চেটাৰ্জীৰ মতে-“প্ৰায় ১১০০ খৃষ্টাব্দত পাল বংশৰ শক্তি কমি যোৱাৰ পাছত…. বঙ্গৰ জনসাধাৰণে সম্ভৱতঃ বেলেগ ব্যক্তিত্ব লাভ কৰে।” (ODBL, 81)

আনহাতে খৃষ্টপূৰ্ব কালৰে পৰা আমাৰ অস্তিত্বৰ উমান মহাকাব্যসমূহত আছে। খৃ. পূ. পঞ্চম শতিকা মানৰ পূৰ্বতে ৰচিত বুলি অনুমান কৰা ‘ৰামায়ণ’ত নৰকৰ বসতি স্থান হিচাপে প্ৰাগজ্যোতিষ উল্লেখ পোৱা যায়। (তত্ৰ প্ৰাগজ্যোতিষং নাম জাতৰূপময়ং পুৰম। তস্মিন্ ৱসতি দুষ্টাত্মা নৰকো নাম দানৱঃ।। অৰ্থাৎ তাত প্ৰাগজ্যোতিষ নামে ধুনীয়া নগৰ আছে। তাতে নৰক নামৰ দুষ্ট দানৱ থাকে। ) আনহাতে খৃ. পূ. কালীন মহাকাব্য মহাভাৰতত ৰজা প্ৰাগজ্যোতিষৰ ৰজা ভগদত্তক প্ৰাগজ্যোতিষ বুলিছে। তদুপৰি খৃ. পূ. চতুৰ্থ শতিকাত ৰচিত কৌটিল্যৰ অৰ্থশাস্ত্ৰত আছে- “ভদ্ৰশ্ৰিয়ং পাৰলৌহিত্য জাতীৱৰ্ণম। ২।১১।৬৬” অৰ্থাৎ পাৰলৌহিত্যজাত চন্দন জাতি ফুলৰ বৰণৰ। অৰ্থশাস্ত্ৰৰ ভাষ্য লিখা শ্ৰীমূল আৰু ভট্টস্বামীয়ে পাৰলৌহিত্যক কামৰূপৰ অঞ্চল বুলি কৈছে। চাৰ্লছ লেচলি আমচৰ দ্বাৰা অংকিত “কৌটিলীয় অৰ্থশাস্ত্ৰ কালীন ভাৰতবৰ্ষ” শিতানৰ মানচিত্ৰত ‘পাৰলৌহিত্য’ক ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাজ্য হিচাপে দেখুৱাইছে।
এইখিনি অস্বীকাৰ কৰিলেও খৃ. চতুৰ্থ শতিকাৰ সমুদ্ৰগুপ্তৰ শিলালিপিত সমুদ্ৰগুপ্তৰ দাঁতিকাষৰীয়া ৰাজ্য হিচাপে কামৰূপৰ স্পষ্ট উল্লেখ অনস্বীকাৰ্য।। গোলাঘাটৰ দূৱৰণিৰ শিলালিপি, নগাজৰী খনিকৰ গাঁওৰ শিলালিপি আৰু উমাচল শিলালিপিৰ পাঠ উদ্ধাৰে খৃ. চতুৰ্থ পঞ্চম শতিকাৰ আৰ্য উপনিৱেশ আৰু এই ভূ-খণ্ডৰ ভাষা-সংস্কৃতিৰ সমৃদ্ধ ঐতিহ্যৰ আভাস দিয়ে। তদুপৰি প্ৰাগজ্যোতিষ যে প্ৰাগৈতিহাসিক আৰ্য ৰাজ্য আছিল আৰু পূৱ ভাৰতৰ একমাত্ৰ আৰ্য ৰাজ্য আছিল, তাক ড. দীনেশচন্দ্ৰ সেন (History of Bengali Language and Literature), বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় (বাঙ্গালাৰ ইতিহাসেৰ ভগ্নাংশ)-ৰ দৰে বঙালী পণ্ডিতসকলেও স্বীকাৰ কৰি গৈছে।

এতিয়া মন কৰিব, প্ৰাচীন কামৰূপতকৈ বহু পাছত একত্ৰিত হোৱাৰ পাছতো দেশ তথা বৰ্তমান এক জাতিসত্তা হিচাপে বঙ্গালী জাতি ক’ৰ পালৈগৈ আৰু আমি ক’ত আছোঁ!! ভাষিক-সাংস্কৃতিক, সামাজিক-শৈক্ষিক সকলো ক্ষেত্ৰতে তেওঁলোকৰ প্ৰগতি ঈৰ্ষণীয়। বিশ্বৰ সৰ্বাধিক কথিত ভাষাসমূহৰ ভিতৰত অন্যতম বঙ্গালী ভাষাই সমগ্ৰ জাতিটোকে এক কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। অথচ অসমত কি হৈছে !! ঐতিহ্য আৰু পৰম্পৰাত বঙালী ভাষাতকৈ সমৃদ্ধিশালী হোৱাৰ পাছতো বঙালী ভাষাৰ বিপক্ষে ভাষিক আধিপত্যৰ যুঁজখনতো একত্ৰিত হৈ আমি আজিও যুঁজ দিব পৰা নাই। আজিৰ অসমীয়া জাতিৰ অস্তিত্ব সংকটৰ সময়ত আমি একত্ৰিত নহ’লে আমাৰ জাতীয় পৰিচয় কিমান দিনলৈ বৰ্তি থাকিব ? বঙ্গালী জাতিৰ জাতীয় চেতনাৰ প্ৰেৰণাৰে আমি আমাৰ শত্ৰুসকলৰ বিপক্ষে একত্ৰিত হৈ যুঁজ দিয়াৰ সময় সমাগত।।

[বি.দ্ৰ. ইতিহাস সম্পৰ্কীয় সকলো তথ্য আৰু বৰ্ণনা বিশ্বেশ্বৰ হাজৰিকাদেৱৰ “অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ” শীৰ্ষক গ্ৰন্থৰ পৰা একেদৰে তুলি দিয়া হৈছে।(পৃ. ৩৯-৫১) বৰ্ণনাৰ স্বাৰ্থত কোনো কোনো ঠাইত অৱশ্যে কেতবোৰ বাক্য সংযোগ কৰা হৈছে আৰু ক্ৰমৰ ইফাল-সিফাল কৰা হৈছে। ]

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: প্ৰাচীন কামৰূপ আৰু অসমীয়া জাতিঃবংগদেশবঙ্গালী জাতি
Anjan Sarma

Anjan Sarma

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
May 10, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

May 10, 2026
Sangken Festival: The Tai New Year’s Sacred Splash

Sangken Festival: The Tai New Year’s Sacred Splash

May 9, 2026
FROM CURIOSITY TO COMPULSION: THE DOOMSCROLL ERA

FROM CURIOSITY TO COMPULSION: THE DOOMSCROLL ERA

May 6, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 5, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

May 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Youth for COP: Building the Next Generation of Climate Leaders from the Global South

Youth for COP: Building the Next Generation of Climate Leaders from the Global South

May 11, 2026
পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

May 11, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 10, 2026
Preserving Deepor Beel

দীপৰ বিলৰ নীৰৱ বিননি আৰু উন্নয়নৰ কুঠাৰঘাত : “তহঁতে মোক মাৰি পেলালি”

May 10, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    31925 shares
    Share 12770 Tweet 7981
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13729 shares
    Share 5492 Tweet 3432
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    168 shares
    Share 67 Tweet 42
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3702 shares
    Share 1481 Tweet 926
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6509 shares
    Share 2604 Tweet 1627
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    911 shares
    Share 364 Tweet 228
  • Love in the Age of Ghosting and Situationships

    75 shares
    Share 30 Tweet 19
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    74 shares
    Share 30 Tweet 19
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    73 shares
    Share 29 Tweet 18
  • Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

    63 shares
    Share 25 Tweet 16
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d