• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

বগাস্ৰাৱ/শ্বেতপ্ৰদৰ (Leucorrhea)

-ডাঃ মুকুল শৰ্মা

by Anjan Sarma
June 29, 2021
in Health, Lifestyle
Reading Time: 3 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ মুকুল শৰ্মা |

আজি যিটো সমস্যাৰ বিষয়ে আলোকপাত কৰিবলৈ গৈ আছো, সেই সমস্যাটো সম্পূৰ্ণৰূপে ছোৱালী বা মাইকী মানুহৰ লগত জড়িত এটা সমস্যা। ছোৱালীবিলাকে তেওঁলোকৰ অন্তৰ্বাসত প্ৰায়ে বগা বগা দাগ লগা প্ৰত্যক্ষ কৰে আৰু তেওঁলোকে জননাংগৰপৰা কিছুমান বগা বগা স্ৰাৱ হোৱা প্ৰায়ে অনুভৱ কৰে। যদিও এইটো এটা চিন্তনীয় বিষয়, তথাপি তেওঁলোকে প্ৰায়ে এই বিষয়টো নিজৰ মাক বা পৰিয়ালৰ সদস্য, আনকি চিকিৎসকৰপৰাও লুকুৱাই ৰাখিবলৈ চেষ্টা কৰে। কেতিয়াবা এনেকুৱা বগা স্ৰাৱৰ লগতে দুৰ্গন্ধ ওলোৱাও দেখা যায়; যাৰ ফলত এই সমস্যাত আক্ৰান্ত ছোৱালীবিলাক অন্য মানুহৰ ওচৰলৈ যাবলৈ সংকোচবোধ কৰে। এনেকুৱা ছোৱালী বা তিৰোতা মানুহবিলাকক শ্বেতপ্ৰদৰত আক্ৰান্ত হোৱা বুলি কোৱা হয়।

শ্বেতপ্ৰদৰ গোটেই পৃথিৱীৰ বাবে এটা ডাঙৰ স্বাস্থ্য-সমস্যা। শিশুকালৰপৰা ষাঠি বছৰীয়া মাইকী মানুহো এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। বিশেষকৈ যৌন শিক্ষা আৰু সঠিক দিহা-পৰামৰ্শৰ অভাৱত ভাৰতবর্ষৰ দৰে দেশত এই সমস্যাটোৰ চিকিৎসা সদায় দেৰিকৈ আৰম্ভ হয় আৰু বেছিভাগ ক্ষেত্ৰতে সাধাৰণতে বিয়াৰ পিছতহে চিকিৎসাৰ ব্যৱস্থা কৰা দেখা যায়। ময়ো মোৰ চিকিৎসক-জীৱনত এনেকুৱা বহু ৰোগীক চিকিৎসা তথা দিহা-পৰামৰ্শ প্ৰদান কৰিছো, আৰু বেছিভাগ ক্ষেত্ৰতে দেখিছো যে ছোৱালীৰ অভিভাৱকসকল এই বিষয়ে যিমান সজাগ হ’ব লাগে, সিমান নহয়। আয়ুৰ্বেদত – যি প্ৰায় ২০০০ বছৰ পুৰণি – বহুতো ভাল ভাল ঔষধ থকাৰ পিছতো আমি এই ছোৱালী বা মহিলাসকললৈ সহায়ৰ হাত আগবঢ়াব নোৱৰাটো দুৰ্ভাগ্যজনক।

এই বেমাৰটোৰদ্বাৰা আক্ৰান্ত হৈ ছোৱালীবিলাক মানসিকভাৱে অশান্তিজৰ্জৰ হৈ পৰে আৰু বেছিভাগ ক্ষেত্ৰতে সঠিক চিকিৎসাৰ অভাৱত মহিলাসকলৰ গৰ্ভাশয়ৰ অনিয়মীয়া ৰক্তস্ৰাৱ হয় আৰু কেতিয়াবা মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত মজলীয়াৰপৰা তীব্ৰ পেটৰ বিষ হয়।

শ্বেতপ্ৰদৰ হ’ল মহিলাসকলৰ জননাংগৰপৰা নিঃসৰণ হোৱা বগা জুলীয়া স্ৰাৱ। ই পানীৰ নিচিনা বা অৰ্ধ জুলীয়া বা আঠাজাতীয় হ’ব পাৰে। যেতিয়া এই স্ৰাৱ হালধীয়া বা দুৰ্গন্ধযুক্ত হয়, বুজা উচিত যে এই সমস্যাটো কিবা সংক্ৰমণৰ বাবে হৈ আছে।

মহিলাসকলৰ হোৱা এই বগা ৰঙৰ স্ৰাৱ অন্য ধৰণৰ কোনো পদাৰ্থ নহয়। ই হ’ল গৰ্ভাশয়ৰ ভিতৰৰপৰা ওলাই অহা শ্লেষ্মাৱৰণৰ (mucosal layer) তৰপ মাত্ৰ আৰু ই এটা দেহৰ সাধাৰণ প্ৰতিৰোধ-প্ৰক্ৰিয়া যিয়ে মহিলাৰ জননাংগৰ pH-অৰ মাত্ৰা স্বাভাৱিক অৱস্থাত ৰাখিবলৈ চেষ্টা কৰে। pH  হ’ল এটা সংখ্যা, যিয়ে কোনো এটা দ্ৰৱ আম্লিক নে ক্ষাৰীয় সেইটো নিৰ্ধাৰণ কৰে। স্বাভাৱিক অৱস্থাত pH-অৰ মান ৭ হ’ব লাগে য’ত দ্ৰৱটোৰ ক্ষাৰ আৰু অম্লৰ মাত্ৰা সমান অনুপাতত থাকে। যদি pH-অৰ মাত্ৰা ৭ তকৈ বাঢ়ি যায়, তেনেহ’লে দ্ৰৱটো ক্ষাৰযুক্ত হয় আৰু ৭ তকৈ কমিলে আম্লিক হয়।

শ্বেতপ্ৰদৰ দুই ধৰণৰ হয় –

১। স্বাভাৱিক বা শাৰীৰিক শ্বেতপ্ৰদৰ – য’ত কোনো চিকিৎসাৰ দৰকাৰ নহয়।

২। অস্বাভাৱিক বা বীজাণুযুক্ত সংক্ৰমিত শ্বেতপ্ৰদৰ – য’ত চিকিৎসাৰ দৰকাৰ হয়।

#স্বাভাৱিক বা শাৰীৰিক শ্বেতপ্ৰদৰ

স্বাভাৱিকতে হৰমন বা কিবা উত্তেজনাৰ প্ৰভাৱত হোৱা শ্বেতপ্ৰদৰ, য’ত সাধাৰণতে কোনো চিকিৎসাৰ দৰকাৰ নহয়। ইয়াৰ কাৰণবিলাক হ’ল –

ক) মাকৰ দেহৰ ভিতৰত অত্যধিক ইষ্ট্ৰজেন হৰমন নিঃসৰণ হোৱাৰ বাবে কিছুমান সদ্যোজাত শিশুৰপৰা বগা বগা কিছু পৰিমাণৰ স্ৰাৱ নিৰ্গত হোৱা দেখা যায় আৰু এইটো এক স্বাভাৱিক পৰিঘটনা।

খ) ডিম্বাশয়ৰপৰা ডিম্ব বা কণী ওলোৱাৰ সময়ত (ovulation) আৰু গৰ্ভধাৰণৰ প্ৰথম অৱস্থাত মহিলাবিলাকৰ কিছু পৰিমাণে বগা বগা স্ৰাৱ হোৱা দেখা যায় আৰু এইটো স্বাভাৱিকভাৱে হয়। ইয়াৰ কাৰণে কোনো চিকিৎসাৰ দৰকাৰ নহয় কিন্তু এই স্ৰাৱৰ বৰণ বগা আৰু ই গোন্ধহীন হোৱা উচিত।

গ) যৌন উত্তেজনাৰ সময়তো মহিলাৰ জননাংগৰপৰা বগা বগা স্ৰাৱ ওলোৱা দেখা যায় আৰু ইয়ো এটা স্বাভাৱিক পৰিঘটনা। ইয়াৰ বাবেও কোনো চিকিৎসাৰ দৰকাৰ নহয়।

ঘ) গৰ্ভাৱস্থাৰ অগ্ৰগতিৰ লগে লগে কিছুমান মহিলাৰ গোন্ধহীন, পাতল গাখীৰৰ নিচিনা বগা স্ৰাৱ নিৰ্গত হোৱা দেখা যায় আৰু সময়ৰ লগে লগে ই কমি যায়। অত্যধিক ইষ্ট্ৰজেন হৰমনৰ প্ৰভাৱত আৰু জননাংগ অঞ্চললৈ ৰক্তসঞ্চালন বৃদ্ধি পোৱা বাবে এনে হয়।

ঙ) স্কুলত পঢ়া কিছুমান ছোৱালীৰ কন্যাকাল প্ৰাপ্তিৰ আদি অৱস্থাত কেতিয়াবা বগা, গোন্ধহীন স্ৰাৱ নিৰ্গত হোৱা দেখা যায় আৰু ই নিজে নিজে কিছু মাহৰ পিছত নোহোৱা হৈ যায়। হৰমনৰ তাৰতম্যৰ ফলত এনে ঘটে। যদি এই স্ৰাৱ বেছি দিনৰ বাবে থাকে তেন্তে চিকিৎসাৰ প্ৰয়োজন হয়।

# অস্বাভাৱিক বা বীজাণুৰ সংক্ৰমণৰ ফলত হোৱা শ্বেতপ্ৰদৰ

এই ক্ষেত্ৰত কোনো বেমাৰ বা সংক্ৰমণৰ ফলত শ্বেতপ্ৰদৰ এটা লক্ষণ হিচাপে দেখা দিয়ে। এই প্ৰদৰ বা স্ৰাৱ পিছল, ডাঠ আৰু কেতিয়াবা ৰক্তমিশ্ৰিত হ’ব পাৰে। ই দুৰ্গন্ধযুক্ত হয়। বেছিভাগ ক্ষেত্ৰতে তলত দিয়া কাৰকবিলাকৰ প্ৰভাৱত বেছিকৈ হোৱা দেখা যায় –

ক) মহিলাৰ প্ৰজননতন্ত্ৰত হৈ থকা যি কোনো ৰোগ, যেনে – জননাংগত হোৱা সংক্ৰমণ ইত্যাদি। মহিলাৰ জননাংগত যি কোনো সংক্ৰমণ খুব সোনকালে হয়, কাৰণ জননাংগৰ ঠাইখিনি জীপাল হৈ থাকে আৰু বেছিভাগ সময়তে ঢাক খাই থাকে। তদুপৰি মহিলাৰ দেহৰ এই ঠাইখিনি খুব ঘামি থাকে যাৰ ফলত যি কোনো সংক্ৰমণৰ বাবে এটা উপযুক্ত বাতাৱৰণৰ সৃষ্টি হয়।

খ) পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত বিশেষকৈ গাঁৱলীয়া আৰু সৰু চহৰত বাস কৰা মহিলাসকলৰ ক্ষেত্ৰত, যিসকলে মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত এতিয়াও চেনিটাৰী পেড্ ব্যৱহাৰ নকৰি সৰু সৰু কিছুমান কাপোৰৰ টুকুৰা ব্যৱহাৰ কৰে। এনে ধৰণৰ অভ্যাসে কেৱল মহিলাগৰাকীৰ প্ৰজননতন্ত্ৰই নহয়, গোটেই মানুহজনীকে কিছুমান অনাকাংক্ষিত বিপদলৈ ঠেলি দিয়ে।

গ) শ্ৰোণী (pelvic) অঞ্চলত হোৱা প্ৰদাহজনিত বিভিন্ন বেমাৰ, যাক ইংৰাজীত Pelvic Inflammatory Disease চমুকৈ PID বুলি কোৱা হয়, ফলত মহিলাৰ গৰ্ভাশয়, ফেলোপিয়ান নলী, ডিম্বাশয়, চাৰভিক্সকে ধৰি গোটেই প্ৰজননতন্ত্ৰত বিভিন্ন ধৰণৰ সংক্ৰমণ হোৱা দেখা যায়। এনেকুৱা সংক্ৰমণ সাধাৰণতে এজনৰপৰা আনজনলৈ যৌন সংগমৰদ্বাৰা বিয়পে আৰু সেয়েহে ইয়াক যৌন সংক্ৰমিত ৰোগ বুলি কোৱা হয়, যেনে – ক্লেমাইডিয়া, গনোৰিয়া ইত্যাদি। সাধাৰণতে যিবিলাক মহিলাৰ একাধিক যৌন সংগী থাকে আৰু অসুৰক্ষিত যৌন সংগমত লিপ্ত হয়, তেনে মহিলাৰ এনে ধৰণৰ যৌন সংক্ৰমণ হোৱাৰ পূৰা মাত্ৰাই আশংকা থাকে।

ঘ) বেক্টেৰিয়া, ভেঁকুৰ বা অন্য পৰজীৱী জীৱাণুৰ সংক্ৰমণৰ ফলত, বিশেষকৈ মূত্ৰনলীত হোৱা সংক্ৰমণৰ ফলতো এনে ধৰণৰ শ্বেতপ্ৰদৰ ৰোগ হোৱা দেখা যায়।

ঙ) শৰীৰৰ ৰোগপ্ৰতিৰোধ-ক্ষমতাৰ অভাৱ, সঘনাই বেমাৰৰদ্বাৰা আক্ৰান্ত মহিলাৰ ক্ষেত্ৰত পুষ্টিহীনতা আৰু ৰক্তহীনতা হোৱা দেখা যায় আৰু ইয়ো এটা শ্বেতপ্ৰদৰ ৰোগৰ এ অন্যতম কাৰণ।

চ) গৰ্ভনিৰোধক উপকৰণ, যেনে – কপাৰ-টি ব্যৱহাৰৰ ফলত কেতিয়াবা মহিলাৰ গৰ্ভাশয়ত সংক্ৰমণ ঘটি শ্বেতপ্ৰদৰ ৰোগৰ সৃষ্টি হব পাৰে।

ছ) সন্তান প্ৰসৱৰ সময়ত কেতিয়াবা সন্তান জন্ম হোৱা পথত আঘাত লাগি ঘাঁ হ’ব পাৰে আৰু এই ঘাঁটুকুৰা ঠিকমতে নুশুকালে ই সংক্ৰমণৰ উৎস হিচাপে কাম কৰিব পাৰে আৰু তেতিয়াই চিকিৎসা-ব্যৱস্থা জৰুৰী হৈ পৰে।

গতিকে এটা কথা মনত ৰখা উচিত যে কোনো মহিলাৰ দীৰ্ঘদিন ধৰি যদি গোন্ধযুক্ত বিভিন্ন ৰঙৰ স্ৰাৱ হৈ থাকে তেন্তে অতি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

# অন্য কাৰণ

১) পুৰুষ বা মহিলা উভয়ে বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক ব্যৱস্থা, যেনে – কণ্ডম ইত্যাদি ব্যৱহাৰ কৰাৰ ফলত কেতিয়াবা যৌনাংগত প্ৰদাহ বা জ্বলনৰ সৃষ্টি হৈ শ্বেতপ্ৰদৰৰ উৎপত্তি হ’ব পাৰে।

২) যৌন উত্তেজনা বৃদ্ধিৰ বাবে ব্যৱহৃত কিছুমান মলম বা জেল জাতীয় দ্ৰব্য ব্যৱহাৰৰ ফলতো শ্বেতপ্ৰদৰ ৰোগৰ সৃষ্টি হ’ব পাৰে।

৩) যি কোনো কাৰণতে বৃদ্ধি হোৱা ইষ্ট্ৰজেন হৰমনৰ মাত্ৰা এই বেমাৰৰ এটা প্ৰধান কাৰণ।

# লেব’ৰেটৰীত কৰিবলগীয়া পৰীক্ষা

১) তেজৰ সামান্য পৰীক্ষা

২) পেচাপৰ সামান্য পৰীক্ষা

৩) পেটৰ আল্ট্ৰাছ’ন’গ্ৰাফী (বিশেষকৈ প্ৰজননতন্ত্ৰৰ)

৪) যৌনাংগৰপৰা ওলোৱা স্ৰাৱৰ বিশ্লেষণাত্মক পৰীক্ষা

৫) তেজৰ শৰ্কৰা পৰীক্ষা

# খাদ্য আৰু জীৱনশৈলী

*অত্যধিক ভোজন, চর্বিজাতীয়, অত্যধিক ভজা-পোৰা, মছলাযুক্ত, টেঙা খাদ্য পৰিহাৰ কৰিব লাগে

*চাহ, কফি, এলক’হ’ল, ক’ল্ড ড্ৰিংক, আমিষ আহাৰ পৰাপক্ষত পৰিহাৰ কৰিব লাগে

*খাদ্য খোৱাৰ পিছত তামোল আৰু পাণ সেৱন কৰিলে ভাল ফল পোৱা যায়

*ফল-মূল, শাক-পাচলি, চালাড প্ৰচুৰ পৰিমাণে সেৱন কৰিব লাগে।

*বেছিকৈ জুলীয়া খাদ্য, যেনে – পানী, চুপ, গাখীৰ, ফলৰ ৰস ইত্যাদি সেৱন কৰিব লাগে।

# ঘৰুৱা দিহা

১) দুই বা তিনি চামুচ মেথি গুটি এক লিটাৰ পানীত উতলাই ল’ব লাগে। যেতিয়াই উতলিব ধৰে, জুই কমাই দি আধা ঘণ্টা জুইৰ ওপৰতে ৰাখি থ’ব লাগে। তাৰ পিছত ইয়াক ছাকনিৰে ছাকি ঠাণ্ডা হ’বলৈ দি যৌনাংগ প্ৰক্ষালন কৰিব লাগে।

২) এক চামুচ শতাৱৰি চূৰ্ণ মৌৰ লগত মিহলাই দিনত দুবাৰ খাব লাগে।

৩) ডাঙৰ চামুচেৰে তিনি চামুচ চাউল তিনি কাপ পানীত উতলাই লৈ পানীখিনি ছাকি চাউলখিনি আঁতৰাই ল’ব লাগে। অলপ অলপ গৰম হৈ থকা অৱস্থাত এক চামুচ চেনি মিহলাই সেৱন কৰিলে সুফল পোৱা যায়। ইয়াক তণ্ডুলোদক নামেৰে জনা যায়।

৪) এক চামুচ ধনিয়া-গুটি এগিলাচ পানীত গোটেই ৰাতি তিয়াই ৰাখি ৰাতিপুৱা পানীখিনি ছাকি খালেও ভাল ফল পোৱা যায়।

# অন্য বনৌষধি

আয়ুৰ্বেদত এই বেমাৰৰ বহু ফলপ্ৰসূ ঔষধৰ বৰ্ণনা আছে, সেইবিলাকৰ ভিতৰত তলত কেইটামান উদাহৰণ দিয়া হ’ল-

পুষ্যানুগ চূৰ্ণ, প্ৰদৰান্তক লৌহ, পত্ৰংগাসৱ, লোধ্ৰাসৱ, চন্দ্ৰপ্ৰভা বটী, সুপাৰি পাক, অশোকাৰিষ্ট ইত্যাদি। এইবোৰৰ উপৰি বজাৰত বহুতো পেটেন্ট ঔষধৰ প্ৰচলন দেখা যায়। কিন্ত ঔষধসমূহ চিকিৎসকৰ পৰামৰ্শ লৈহে সেৱন কৰা উচিত।

সংক্ৰমণ যদি অতি গম্ভীৰ ধৰণৰ হয় তেন্তে এন্টিবায়’টিকৰ সহায় লোৱা উচিত।

# সামৰণি

আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক যে আমি সভ্যতাৰ শিখৰত আৰোহণ কৰাৰ পাছতো আমাৰ মা, ভণ্টিসকলে জ্ঞানৰ অভাৱৰ বাবেই হওক বা স্বাস্থ্যকৰ্মীৰ সন্মুখত প্ৰকাশ নকৰা বাবেই হওক, বহুদিন এই বেমাৰত ভুগিব লগা হয়। সঠিক ঔষধ ব্যৱহাৰ কৰি এই ৰোগৰপৰা আশু আৰোগ্য লাভ কৰিব পৰা যায় যদিও অকণমান সময়ৰ প্ৰয়োজন হয়। আয়ুৰ্বেদিক চিকিৎসা এই ৰোগৰ বাবে অতি উত্তম আৰু কোনো পার্শ্বক্ৰিয়াও নাথাকে কিন্তু ৰোগটোৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: Leucorrhea
Anjan Sarma

Anjan Sarma

Related Posts

কচু শাকৰ গুণাগুণ
Health

কচু শাকৰ গুণাগুণ

by Editor
August 10, 2026
0

কচু শাকৰ গুণাগুণ (Colocasia) ডাঃ ৰেইনী দেৱী খাটি অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জন লেখত লবলগীয়া।...

Read moreDetails
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
The fountain of youth

The fountain of youth

July 7, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d