-নাৰায়ণ চন্দ্ৰ গোস্বামী |
বজালীৰ জুনা নামৰ বিষয়েঃ
জুনা শব্দৰ অৰ্থ হৈছে অভিধান মতে চুটি। জুনা বুলি ক’লেও ইয়াৰ দুটা ভাগ দেখা যায়। শ্ৰীমন্ত শংকৰদেৱে ‘বা’ আখৰেৰে গুৰু আৰু লঘু অনুসাৰে ষোল্লৰপৰা ওঠৰটা আখৰেৰে জুনা পদ ৰচনা কৰিছে। কিন্তু জুনা নামত বৰ্গীয় ‘জ’ ব্যৱহাৰ কৰা হৈছে। এই জুনাৰ অৰ্থও চুটি। কিন্তু জুনা নামত চুটি চুটি তাল বা খণ্ডত ব্যৱহাৰ কৰি নাম গোৱা হয়। সেইবাবে ইয়াৰ নাম জুনা বোলা হয়। আন এটা অৰ্থ হৈছে ৰাগৰ শেষত চুটি চুটি খণ্ড তালেৰে এটা নাম পৰিৱেশন কৰা হয়। তাক জুনা বোলা হয়। এই অৰ্থতো এই নাম জুনা নামেৰে পৰিচিত। জুনা নামত পংক্তি আখৰৰ গণনা গুৰু-লঘুৰ বিচাৰ কৰি চৈধ্য আখৰৰপৰা চৌবিশ আখৰলৈকে দেখা যায়। জুনা নাম চুটি চুটিকৈ তিনিটা খণ্ডত পৰিৱেশন কৰা হয়।
জুনা শব্দৰ অৰ্থঃ
জুনা শব্দৰ জন্ম হৈছিল জাগৰ পদৰপৰা। এই শব্দটো বৰ্গীয় ‘জ’ দেখা যায়। দৰং জিলাত যিকোনো ধৰ্মীয় কাৰ্যৰ আগত জাগৰ পদ গাই কৰ্মটো জগাই তোলা নিয়ম। আমাৰ এই ঠাইতো ধৰ্মীয় কৰ্মৰ আগতে জাগৰ পদ গাই দেৱ বিগ্ৰহক জাগ্ৰত কৰাৰ নিয়ম অপৰিহাৰ্য। জাগৰ পদ গাওঁতে দেহক গতিবদ্ধ কৰি ভৰি সঞ্চালনৰ দ্বাৰা হাতৰ মুদ্ৰাসহিতে পালিসকলক পদ লগাই দিয়ে। পালিসকলে হাতত খুটি তাল লৈ পাঠকৰ গতি সমন্বিতে পদ গায়।
আনুমাণিক পোন্ধৰ শতিকাৰ শেষ ভাগত পাঠশালাৰ ওচৰৰ মুগুৰীয়া গাঁৱত বকুল কায়স্থ নামৰ মানুহ এজনে দৰং জিলাৰপৰা আহি বসবাস কৰি আছিল। তেওঁ জাগৰ পদৰ খ্যাতিসম্পন্ন পণ্ডিত। সেই সময়তে বকুল কায়স্থই কালৰ বুকুত পৰিচয় নিশ্চিহ্ন হোৱা দল এটাৰ জন্ম দি জুনা পদ শিকাইছিল। প্ৰাচীন লোকসকলৰ মুখৰপৰা এই কথাবোৰ কিংবদন্তি কথা হিচাপে ময়ো সেয়া শুনাৰ সুযোগ পাইছিলো। মুগুৰীয়া গাঁৱৰ পশ্চিম ফালে ভেটি এটা সাজি তাত তেওঁ কিছু কাল বসবাস কৰি আছিল। কিন্তু সময়ত তেওঁৰ ঘৰটো জুইত জাহ যায়। তাৰ পিছত তেওঁ স্থান পৰিত্যাগ কৰি কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ ৰাজসভালৈ গৈ সভাপণ্ডিতৰূপে আসনাধিষ্ঠিত হয়। মুগুৰিয়াৰ পশ্চিমফালে থকা ভেটিটোৰ নাম আজিও পোৰা ভিঠা নামেৰে চিনাকি হৈ তেওঁৰ সাক্ষ্য বহন কৰি আছে।
জুনা নাম কলা-কৌশলেৰে সমৃদ্ধ। জুনা দল এটাই পূৰ্ণ নাম গাবলৈ কেইবাপ্ৰকাৰ কৌশল সংযোজন কৰিহে পূৰ্ণতা লাভ কৰিব পাৰে। জুনা নামসমূহ কেইবাটাও বিভাগত বিভক্ত। যেনে- দিহা নাম, ৰাগ, ৰাগৰ দিহা বা জুনা, গীত আৰু পদ। দিহা নাম চুটি চুটি খণ্ডত পদ সংযোজন কৰি শান্ত তাল, মধ্য তাল আৰু খৰতালসহিতে দহজন বা তাতোধিক পালিৰ সহায়ত গোৱা হয়। দলৰ পাঠকৰ বাহিৰে আনবিলাকক পালি নামেৰে চিনাকি কৰা হয়। তেওঁলোকে পালনীয় কাৰ্যসমূহ দক্ষতাৰে পালন কৰা বাবে তেওঁলোকৰ নাম পালি বুলি কোৱা হয়। দিহানাম ভাগ ঈশ্বৰ স্তুতিপূৰ্ণ। ৰাগৰো কেইবাটাও বিভাগ। যেনে- পাতনি ৰাগ, মূল ৰাগ, ৰাগৰ পাতনি, ৰাগৰ পৰাণ বা গৰ্ভ আৰু মালিতা। ৰাগৰ পৰাণ বা গৰ্ভ ভাগত ঈশ্বৰীয় মহৎ কৰ্মৰাজিৰ কব্যিক ৰস সংস্থাপন হয়। ইয়াক পঞ্চাংগ ৰস বুলিও জনাজাত। ৰাগৰ দিহা বা জুনা ভাগত পাঠক আৰু পালিৰ নাম বিষয়ৰ বৈশিষ্ট্যপূৰ্ণ কলা-কৌশলৰ সংযোজন ঘটোৱা হয়। গীতসমূহ ঈশ্বৰ চিন্তাযুক্ত। তাত ঈশ্বৰীয় হাত চাপৰি আৰু ভোৰতালৰ বিশেষ সহযোগ থাকে। পদ নামত শ্ৰোতাসকলে ইমান আকৰ্ষিত হয় যে কিমান সময় অতিবাহিত হ’ল তাৰ গমকে নাপায়। পদ নাম ৰসৰ ভাণ্ডাৰ এই ৰসমাধুৰী ভক্তসকলে পান কৰি সাংসাৰিক মায়া অন্ধকাৰ ভেদ কৰি পৰম সত্যৰ সন্ধান কৰে।
জুনা নামৰ আধাৰ পাত্ৰ গীতা, ভাগৱত, মহাভাৰত, ৰামায়ণ আৰু বিভিন্ন পুৰাণ। সেই বাবে নামৰ ভাষা অতি প্ৰাঞ্জল আৰু ব্ৰহ্মসূত্ৰৰে আৱদ্ধ। ভোৰতাল বাদনৰ কৌশল অতিশয় মোহনীয় আৰু চিত্তাকৰ্ষক।
(সংগ্ৰহ)