বজালীৰ বান, শান্তিপুৰৰ আৰ্তনাদ, মানবতাৰ অৱক্ষয়, জনপ্ৰতিনিধিৰ ফটাঢোল, চকুমুদা কুলিৰ ভাওত প্ৰশাসন
কল্যাণ কলিতা

যোৱাবেলিৰ দৰে এইবেলিও বজালীত প্ৰলয়ংকাৰী বানে সংহাৰী ৰূপ ধৰণ কৰিছে৷
বিশেষকৈ কালি পুৱতি নিশা বিৰবিৰা-শান্তিপুৰ আৰু কটহবাৰীত পহুমাৰা নৈৰ মথাউৰি ভঙাৰ পিছত ভঙা মথাউৰিৰ নামনি অঞ্চলৰ লোকসকলৰ অৱস্থা বৰ্ণনাতীত৷
ক্ষন্তেক সময় পূৰ্বে বানপীড়িত দলৈগাও-শান্তিপুৰৰ এগৰাকী ব্যক্তিয়ে ফোনযোগে জনালে তেওঁলোকৰ বিপৰ্যয়ৰ কথা৷ মথাউৰি চিঙি দলৈগাও-শান্তিপুৰত সকলো একাকাৰ হৈ যোৱাৰ ৩০ ঘণ্টা পাৰ হৈ গ’ল৷
ব্যক্তিগৰাকীয়ে অভিযোগ কৰা অনুসৰি দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, বজালী মহকুমা প্ৰশাসনৰ প্ৰায় কেইটা বিভাগ, জনপ্ৰতিনিধি সকলোৰে সতে যোগাযোগ কৰিছে শান্তিপুৰৰ বানাক্ৰান্তাই৷
কিন্তু প্ৰায় ৬০ টি পৰিয়ালে বাস কৰা দলৈগাও-শান্তিপুৰত অদ্যপি উপস্থিত হোৱা নাই কোনো এগৰাকী জনপ্ৰতিনিধি, চৰকাৰী বিষয়া কিম্বা দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্মচাৰী৷
ইয়াৰ মাজতে কালি অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী আৰু বজালীৰ অভিভাৱক মন্ত্ৰীও বজালীলৈ আহি গ’ল৷ পিছে যেন সকলোৱে ফটা ঢোল বজোৱাত ব্যস্ত৷ শান্তিপুৰৰ খবৰ লবলৈ নাই কাৰো আহৰি, নাই বজালী প্ৰশাসনৰ কোনো জন সংযোগ৷
শান্তিপুৰবাসী ৰাইজে অনিদ্ৰা অনাহাৰে গোটেই নিশাটো কটালে আন্ধাৰ- বৰষুণৰ মাজত৷ অন্য খাদ্যতো বেলেগ কথা, আনকি খোৱাপানীৰো ব্যৱস্থা নাই৷ বাল্টি, বটলত জমা কৰা বৰষুণৰ পানীয়েই যেন একমাত্ৰ ভৰষা৷
গাওঁবাসীৰ অভিযোগ অনুসৰি মাত্ৰ ২৫ বটল খোৱাপানী যোগান ধৰিয়েই দায়িত্ব সামৰিছে প্ৰশাসনে৷ এতিয়া শান্তিপুৰবাসীৰ বাবে যেন সহায়, সাহাৰ্য, মানৱতা আদি শব্দ অৰ্থহীন৷ কিন্তু তাৰ মাজতে এতিয়াও এই ৬০টি পৰিয়ালে আশাৰে বাট চাইছে- “আমাক উদ্ধাৰ কৰিবলৈ আজি নিশ্চয় কোনোবা নহয় কোনোবা আহিব৷”

উল্লেখ্য যে প্ৰলয়ংকাৰী বানত যোৱা তিনিদিনধৰি দিশহাৰা হৈ পৰিছে বজালী৷ পূৰ্বে কাহানিও প্ৰত্যক্ষ নকৰা সংহাৰী বানৰ কবলত পৰা বজালীয়ে যোৱাবছৰৰ পিছত একেৰাহে দ্বিতীয় বৰ্ষৰ বাবে সন্মুখীন হৈছে ভয়াবহ বানৰ৷
বিগত এক সপ্তাহ ধৰি চলি থকা নেৰা নেপেৰা বৰষুণ আৰু ভূটানৰ পাহাৰৰ পৰা তীব্ৰভাৱে নামি অহা পানীৰ ফলত বুৰ গৈছে বজালীৰ প্ৰতিটো অঞ্চল৷ মহকুমাটোৰ বহু লোকে কটাবলগীয়া হৈছে বিনিদ্ৰ ৰজনী৷

বিভিন্ন ঠাইত বাট পথ চিঙি যোৱাৰ লগতে প্ৰতিটো পথ বানে বুৰাই জলবন্দী কৰি পেলাইছে বজালীবাসীক৷ মহকুমা সদৰ পাঠশালা নগৰৰ দহটাকৈ ৱাৰ্ডৰ লগতে ইয়াৰ দাতিকাষৰীয়া অঞ্চলৰ অধিকাংশ ঘৰ সম্প্ৰতি পানীৰ তলত৷
ভট্টদেৱ বিশ্ববিদ্যালয়কে ধৰি পাঠশালাৰ প্ৰতিখন শিক্ষানুষ্ঠান, প্ৰতিটো কাৰ্যালয় সম্প্ৰতি পানীৰ তলত৷

পাঠশালাস্থিত শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয় পানীত সম্পুৰ্ণৰূপে বুৰ যোৱাত ৰোগীসকলক যুদ্ধকালীন তৎপৰতাৰে বেজকুছিস্থিত অসামৰিক চিকিৎসালয় আৰু পাঠশালা মাৰোৱাৰী সেৱা সদনলৈ স্থানান্তৰিত কৰা হৈছে৷ উল্লেখ্য যে যোৱা কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত বজালী মহকুমা সম্পুৰ্ণৰূপে জলমগ্ন হৈ পৰিছে৷

মহকুমাটোত হৈ থকা প্ৰৱল বৃষ্টিপাতৰ লগতে কালদিয়া আৰু পহুমৰা নৈৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। বিশেষকৈ কেইবাটাও স্থানত কালদিয়া নৈৰ পানী পথৰ ওপৰেৰে বাগৰি যোৱাৰ লগতে কালি পুৱতি নিশা পহুমাৰা নদীয়ে দুটাকৈ ঠাই ক্ৰমে বিৰবিৰা-শান্তিপুৰ আৰু কতহবাৰী অঞ্চলত মথাউৰি আৰু পকী পথ চিঙি সমগ্ৰ অঞ্চল প্লাবিত কৰি পেলায়৷
যাৰ ফলত পাঠশালা, পাটাছাৰকুছি, নিত্যানন্দ, সাদেৰী, ভৌকামাৰী, কাৰাইখোৱা, নয়াপাৰা, দেনাৰটাৰী, মেধিকুছি, হাঠিনাপুৰ, চেকী, পুঠিমাৰী, মইনামতী, কলৰগুৰি, মৈৰামভিঠা, বদনকুছি, হৰিপুৰ, বৰভালা, ভালা, বামুনকুছি, ধৰমতলা, মৰ্কা, গোবিন্দপুৰ, বৰবাং, ৰহাধৰ বিৰকলা, বৰুৱাপাৰা, চৈবাৰী, অকয়া, চেমতাপাৰা, বগাপাৰা, পিপলা, মানিকপুৰ, ৰায়পুৰ, জানপাৰ, কায়স্থপাৰা, ডেকাপাৰা, কাৱৈমাৰী, হাঠিনাপুৰ, বৰশিমলা, উত্তৰ পূব পাকা, কোচদিগা, ৰূপদিগা, বৰনলিকুছি, বৰসাহান, আদি প্ৰতিটো অঞ্চল বানৰ কৱলত পৰিছে৷

ইপিনে দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্মীয়ে কালি পুৱাৰে পৰা কেবাখনো যন্ত্ৰচালিত নাৱেৰে উদ্ধাৰকাৰ্য চলাই আছে যদিও বানাক্ৰান্ত বহু লোক এতিয়াও অনিদ্ৰা অনাহাৰে থাকিবলগীয়া হৈছে৷
মহকুমাটোৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ মানুহৰ লগতে ঘৰচীয়া জীৱ-জন্তু আদিৰো আলাই আথানি হৈছে৷ মানুহৰ খাদ্যৰ লগতে পশুখাদ্যৰ ক্ষেত্ৰতো গভীৰ সংকটে দেখা দিয়াত পৰিস্থিতি অৰ্ণনীয় হৈছে৷

কালি দিনৰ ভাগত বজালীত বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা৷ মন্ত্ৰীগৰাকীয়ে পহুমৰা নদীয়ে শান্তিপুৰ আৰু কটহবাৰী অঞ্চলত মথাউৰি আৰু পকী পথ চিঙি বানৰ সৃষ্টি কৰা অঞ্চল দুটাত উপস্থিত হৈয়েই যেন দায়িত্ব সামৰে৷

আনহাতে কালি আৰু বজালী মহকুমাৰ অন্তৰ্গত একাংশ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰি ৰাজ্যৰ শক্তিমন্ত্ৰী বজালীৰ অভিভাৱক মন্ত্ৰী নন্দিতা গাৰ্লোছাই নিয়মমাফিক পৰিস্থিতিৰ বুজ লয়৷
উল্লেখ্য যে প্ৰতি বছৰে কোটি কোটি টকা খৰচ কৰি মথাউৰি নিৰ্মাণ কৰাৰ পিছতো বাৰিষা আহিলেই মথাউৰিসমূহ চিঙি ৰাইজক জ্বলা কলা খুৱাই অহাত আজি একাংশ ৰাইজে প্ৰকাশ্যেই ক্ষোভ উজাৰে৷ তেওলোকে মথাউৰি নিৰ্মাণত হেমাহি আৰু দূৰ্নীতি কৰাৰ অভিযোগেৰে মথাউৰি নিৰ্মাণকাৰী ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ মূখ্যমন্ত্ৰীক ক্ষোভেৰে আহ্বান জনায়৷

23-06-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)