বজালীৰ বান: ধ্বংসস্তুপত পৰিণত ঘৰখনত অৱশিষ্ট বিচাৰি হাহাকাৰ মেধিকুছিবাসীৰ
কল্যাণ কলিতা

পাঠশালা, ২৫ জুনঃ যেন এক কালৰাত্ৰিয়ে নিমিষতে সকলো থান বান কৰি ধ্বংসস্তুপত পৰিণত কৰিলে হাড়ভগা পৰিশ্ৰম কৰি এধাপ এধাপ কৈ গঢ়া সপোনৰ ঘৰখন৷
উল্লেখযোগ্য যে যোৱাবেলিৰ দৰে এইবেলিও বজালীত প্ৰলয়ংকাৰী বানে সংহাৰী ৰূপ ধৰণ কৰি সমগ্ৰ বজালী জলমগ্ন কৰি তোলে৷
বিশেষকৈ যোৱা ২১ জুনৰ পুৱতি নিশা বজালীৰ বিৰবিৰা-শান্তিপুৰ আৰু কটহবাৰীত পহুমাৰা নৈৰ মথাউৰি ভঙাৰ পিছত আৰু কালদিয়া নৈৰ পানী পথৰ ওপৰেৰে বাগৰাৰ পিছত ইয়াৰ নামনি অঞ্চলৰ লোকসকলৰ অৱস্থা বৰ্ণনাতীত হৈ পৰে৷
পূৰ্বে কাহানিও প্ৰত্যক্ষ নকৰা সংহাৰী বানৰ কবলত পৰা বজালীয়ে একেৰাহে দ্বিতীয় বৰ্ষৰ বাবে সন্মুখীন হয় ভয়াবহ বানৰ৷ কালান্তক বানৰ কৱলত পৰা বজালীৰ পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰে যদিও যোৱা দুটা দিনত বতৰ অনুকুল হোৱাৰ পিছত ক্ৰমাৎ বান পৰিস্থিতি উন্নত হবলৈ ধৰিছে৷
কিছু কিছু অঞ্চলত পানীৰ প্ৰকোপ নাইকীয়া হৈছে যদিও এতিয়াও আন বহু অঞ্চল পানীৰ তলতে আছে৷
যিসমূহ অঞ্চল বিগত চাৰি-পাঁচদিন ধৰি সম্পুৰ্ণ পানীৰ তলত থাকি বিভিন্ন ঘৰুৱা সা সামগ্ৰী, আচবাব আদি পানীৰ তলত বুৰ গৈ জলবন্দী হৈ আছিল সেইসমূহ সমগ্ৰী আজি নিজ নিজ গৃহলৈ বিচাৰি যোৱা দৃশ্য আছিল অসহনীয়৷
বিগত চাৰি পাঁচ দিনে প্ৰাণৰ মমতাত পানীত সম্পুৰ্ণৰূপে বুৰ যোৱা সপোনৰ ঘৰখন এৰি ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত ৰাইজে আজি পানী কিছু পৰিমানে কমাৰ লগে লগে বানে নিঃশেষ কৰা ঘৰৰ পৰা এপদ এপদকৈ অবশিষ্ট সামগ্ৰী উদ্ধাৰৰ চেষ্টা চলায়৷
“তথ্য অনুসৰি বজালী মহকুমাত ২৯৭.৩০ হেক্টৰ শস্য ভূমি বানপানীৰ পানীয়ে ডুবাই পেলাইছে। যাৰ পৰিপ্ৰেক্ষিতত হয়তো এই বানাক্ৰান্ত কৃষিভূমিৰ গৰাকীসকলে চৰকাৰী সহায় অবিহনে সমগ্ৰ বছৰটো পেটত গাঠি মাৰি জীৱনযুদ্ধ চলাব লাগিব৷”

উল্লেখযোগ্য যে পহুমৰাৰ মথাউৰি ভাগি ধ্বংসস্তুপত পৰিণত কৰিছিল বজালীৰ আন বহু প্ৰান্তৰ লগতে মেধিকুছিৰ কেবাটাও পৰিয়ালক৷
নিশাৰ ভিতৰতে নিমিষতে উটুৱাই নিছিল সপোনৰ ঘৰসমুহ, যাৰ ফলত ঘৰ সম্পত্তিৰ লগতে পশুধন সহ সকলো হেৰুৱাইছিল মেধিকুছি গাওঁৰ এই লোকসকলে৷
এতিয়াও এককাল পানীত বুৰ গৈ থকা নিজৰ ঘৰখনত লঘোনীয়া পেটেৰে উপস্থিত হৈ এই খাটিখোৱা লোকসকলে খেপিয়াই খেপিয়াই পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি আনিবলৈ আপ্ৰাণ চেষ্টা চলাইছে বহু কষ্টেৰে আহৰণ কৰা নিজক আচবাব সমূহ৷

একেৰাহে দুটাকৈ বছৰে বানপানীয়ে ককাল ভাঙি পেলোৱা এই খাটি খোৱা লোকসকল এতিয়া হয়তো কাৰোবাৰ সহায় অবিহনে ককাল পোনাই ঠিয় হবলৈ অপাৰগ৷
সেয়েহে আজি সামাহীন দুখ ভাগৰেৰে গাতত সোমাই যোৱা চকুৰে, কেবাদিন ধৰি ভালদৰে এসাজ খাব নোপোৱা শীৰ্ণ দেহেৰে বানে সৰ্বস্ৰান্ত কৰা এই লোকসকলে আশাৰে বাট চাইছে চৰকাৰলৈ যাতে তেওঁলোকৰ নিঃশেষ হৈ যোৱা ঘৰখনত পানী শুকোৱাৰ পিছত অন্তঃত আশ্ৰয় লবপৰা কৰি দিয়ে আৰু যেন নিজৰ খেতি পথাৰখন কৃষি কৰিব নোৱাৰা পৰ্যন্ত কৰি দিয়ে দুবেলা দুমুঠিৰ যোগাৰ৷
উল্লেখযোগ্য যে এতিয়াও স্বাভাবিক নোহোৱা বজালীৰ বানত এইবেলি ১৯৬ খন গাঁৱৰ প্ৰায় ২.৬১ লাখ লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।
পহুমাৰা আৰু কলদিয়া নদীৰ বাঢ়নী পানীয়ে কেইবাখনো গাঁও বুৰাই পেলাইছে।

তথ্য অনুসৰি বজালী মহকুমাত ২৯৭.৩০ হেক্টৰ শস্য ভূমি বানপানীৰ পানীয়ে ডুবাই পেলাইছে। যাৰ পৰিপ্ৰেক্ষিতত হয়তো এই বানাক্ৰান্ত কৃষিভূমিৰ গৰাকীসকলে চৰকাৰী সহায় অবিহনে সমগ্ৰ বছৰটো পেটত গাঠি মাৰি জীৱনযুদ্ধ চলাব লাগিব৷
25-06-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)