বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!
অঞ্জন শৰ্মা
অৱশেষত অনাকাঙ্খিতভাৱে বজালীও হৈ পৰিল যেন ৰাজনৈতিক ফুটবল!
হয়, বজালী যেন এতিয়া মন্দিৰৰ ঘন্টা – যাৰ যিদৰে মন যায়, সেইদৰেই বজাব পাৰে। বজালী যেন তামোল-পাণৰ দোকানত থকা চূণৰ টেমাত সোমাই থকা বাহঁৰ কাঠি – যাৰ ইচ্ছা সিয়েই ঘহিব পাৰে!
এবাৰ জিলা ঘোষণা হ’ব, এবাৰ বাতিল হ’ব, কেইমাহমানৰ পিছত পুনৰ জিলা হিচাপে ঘোষণা হ’ব, পুনৰ স্থগিত হ’ব, পুনৰ অঙ্গক্ষত কৰি জিলা ঘোষণা হ’ব, তাৰপিছত বজালীৰ ইতিহাস সম্পৰ্কে অজ্ঞাত কেইজনমানক লৈ এখন প্ৰদৰ্শনমূলক কমিটি গঠন হ’ব, পুনৰ……..! কি এক প্ৰচ্ছন্ন প্ৰহসন, অপমান, নাট্যনগৰীত ৰাজনৈতিক অভিনেতাৰ ‘ৰাজনৈতিক নৌটংকী’!
যি কি নহওক, জিলা ঘোষণা তথা জিলাৰ চাৰিসীমা সম্পৰ্কীয় ঘোষণাৰ পটভূমিত হৈ থকা উত্তেজনা, ক্ষোভ, অপমান ইত্যাদি – এই সকলোবোৰ সাময়িকভাৱে উপেক্ষা কৰিও আজি প্ৰতিজন বজেইলাই নিজৰ বুকুত ভুকু মাৰি দ্ব্যৰ্থহীন ভাষাৰে ক’ব পাৰে – বজালী হ’ল এক বিৰল ঐতিহাসিক ক্ষেত্ৰ।
কিছুমানে ৰাজনৈতিক তুলিকাৰে বজালীৰ ইতিহাসত যি পানীৰঙেই নাসানক কিয়, বজালীৰ গৰিমাময় ইতিহাসক ঢাকিবলৈ সক্ষম নহ’ব। হয়, বজালীৰ আছে এক গৌৰৱোজ্জ্বল ইতিহাস – যি ইতিহাস প্ৰাচীন কামৰূপৰ গৌৰৱগাথাৰো অন্তৰ্ভুক্ত।
১৮৪৪ চনত ‘দ্যা হোলি ফেমিলি ‘ ( The Holy Family) গ্ৰন্থৰ এঠাইত কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেডেৰিক এঞ্জেলছ -এ লিখিছিল – ‘ ইতিহাসে একো নকৰে, ইতিহাসৰ জোলোঙাত নাই বিপুল সম্পদ, ইতিহাসে নকৰে যুদ্ধ বিগ্ৰহ; সকলো মাথোঁ মানুহে কৰে, মাথোঁ জীৱন্ত মানুহে হে সকলো কৰে, মানুহেই সম্পদ আহৰণ কৰে, মানুহেই কৰে সংগ্ৰাম, যুদ্ধ- বিগ্ৰহ…।’ অৰ্থাৎ, ইতিহাস সাৱটি জড় পদাৰ্থ হৈ বহি থাকিলে নচলিব বা ইতিহাসৰ নামত জয়ধ্বনি দি নিষ্কৰ্মা হৈ থাকিলেও নচলিব।
সত্য, সেয়া সত্য, কিন্তু একেসময়তে এই কথা ভাবিলেও ভুল হ’ব যে ইতিহাস মাথোঁ এক বিচ্ছিন্ন অতীত। আমি ভাবো, ইতিহাসেও উশাহ লয়, ইতিহাসেও নিশাহ এৰে, ইতিহাসেই আমাক দিয়ে পথৰ সন্ধান ( আজিকালি ‘মাৰ্গদৰ্শন’ বুলি কিছুমানে কৈ শান্তি পায়)। ইতিহাস হ’ল অতীতৰ সক্ৰিয় প্ৰতিধ্বনি, বৰ্তমানৰ দাপোণ, আৰু ভাবীকালৰ পথ-নিৰ্দেশক।
“অৰ্থাৎ, প্ৰাচীন কামৰূপৰ ৰজা ভূতি বৰ্মনৰ দিনৰে পৰাই, ভাস্কৰ বৰ্মনৰ দিনৰে পৰাই ‘বজালী’ আছিল এক গুৰুত্বপূৰ্ণ অঞ্চল, এক ঐতিহাসিক ক্ষেত্ৰ।এই তাম্ৰশাসনসমূহৰ, ৬খন ফলি উদ্ধাৰ হৈছিল যদিও তাৰে এখন ধ্বংস হোৱা হেতুকে ৫খন তামৰ ফলিৰ হে পাঠ পোৱা যায়। এই ফলিসমূহত সংস্কৃত ভাষাত মুঠ ৭৬ টা শ্লোক আছে। এই উদ্ধাৰ হোৱা ফলিসমূহেও প্ৰমাণ কৰে যে ‘বজেইলা’ আৰু ‘বজালী’ৰ অস্তিত্ব সহস্ৰ বছৰৰো অধিক! প্ৰমাণ কৰে বজালীৰ প্ৰাচীনত্ব!”
ভগ্নস্বাস্থ্য বা ৰোগ নিৰাময়ৰ প্ৰয়োজনত আমি যেতিয়া চিকিৎসকৰ কাষলৈ যাও, চিকিৎসাৰ প্ৰয়োজনতেই চিকিৎসকৰ সন্মুখত আমাৰ শৰীৰটোৰ ইতিহাস বা বুৰঞ্জীৰ বিভিন্ন অধ্যায় আমি ডাঙি ধৰিব লাগে; প্ৰয়োজনৰ প্ৰয়োজনতেই যকৃতৰ সংক্ষিপ্ত স্বভাৱ- চৰিত্ৰৰ প্ৰতিৱেদন, তেজৰ প্ৰতিৱেদন, বহুমূত্ৰৰ প্ৰতিৱেদন, হৃদযন্ত্ৰৰ স্পন্দন আদিৰ লগতে শৌচ, প্ৰস্ৰাৱ, চৰ্বি, থায়ৰ’ইড ইত্যাদি বিভিন্ন প্ৰতিৱেদন ডাঙি ধৰিব লাগে।
আমি চিকিৎসকৰ পৰামৰ্শ মানি লৈ সেইমতে কৰ্ম সম্পাদন কৰো – নিজৰ শৰীৰটোৰ স্বাৰ্থত পৰামৰ্শ অনুসৰি দৰৱ গ্ৰহণ কৰো।
গতিকে কোনো উপপাদ্যৰ দ্বাৰা এইকথা প্ৰমাণ কৰাৰ প্ৰয়োজন নাই যে যদি আমি আমাৰ শৰীৰটোৰ স্বাৰ্থত শৰীৰৰ ইতিহাস তন্নতন্নকৈ যন্ত্ৰৰ সহায়ত খুচৰি খুচৰি বিশ্লেষণ কৰি চিকিৎসকৰ ওচৰত ডাঙি ধৰিব পাৰো, বজালী বা পাঠশালাৰ প্ৰয়োজনত অথবা সাতামপুৰুষীয়া বজেইলা সমাজখনৰ স্বাৰ্থত যৎকিঞ্চিৎ ইতিহাস চৰ্চা কৰাৰো প্ৰয়োজন আছে। কৰা দৰকাৰ। সমগ্ৰ অসমেও জানিব লাগে, বজালী মানে কি! নতুন পুৰুষেও জানিব লাগে, বজালী মানে কি!
“আজি বহুতেই এইবিষয়েও হয়তো নাজানে যে কেৱল পোন প্ৰথমবাৰৰ বাবে ছাত্ৰ সংগঠন সৃষ্টি হোৱাই নহয়, ১৯৪২ চনৰ ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰাই বজালীত গঠন হৈছিল ‘স্বাধীন জাতীয় চৰকাৰ’! গঠন হৈছিল শান্তিবাহিনী। প্ৰায় প্ৰতিখন গাওঁতে পঞ্চায়ত গঠন কৰা হৈছিল আৰু ৰাইজৰ সকলো অভাৱ অভিযোগ আপত্তি আদি নিষ্পত্তি কৰিবলৈ কাশীচন্দ্ৰ গোস্বামীক সভাপতি, মহেন্দ্ৰ নাথ দাসক সম্পাদক, মণিকান্ত স্বৰ্গীয়াৰী-মাণিক তালুকদাৰ – গৌৰীকান্ত শৰ্মাক সদস্য হিচাপে লৈ ‘বজালী কেন্দ্ৰীয় পঞ্চায়ত’ গঠন কৰা হৈছিল। এই ‘স্বাধীন জাতীয় চৰকাৰ’ৰ অস্তিত্ব আছিল ৮ মাহ…”
সাম্প্ৰতিক কালত ৰাজনৈতিক ফুটবল হৈ পৰা বজালীৰ বিছানকুছি গাঁৱত জন্মগ্ৰহণ কৰিছিল পোনপ্ৰথমবাৰৰ বাবে গীতা-ভাগৱতৰ গদ্যানুবাদ কৰি কাললৈ খিয়াতি ৰখা ভট্টদেৱে ( পূৰ্বৰ নাম বৈকুণ্ঠদেৱ)। নীলকন্ঠই সম্পাদনা কৰা শ্ৰী শ্ৰী দামোদৰ চৰিতত প্ৰথম গদ্য লেখক ভট্টদেৱৰ জন্মস্থানৰ বিষয়ে এনেদৰে উল্লেখ আছে –
“বজালী মধ্যত বিছানকুছিত
কবি সৰস্বতী নাম
দ্বিজ মহাসন্ত পৰম মহন্ত
ৰূপে গুণে অনুপম।।৪৭৩
সমস্ত শাস্ত্ৰত পৰম পন্ডিত
জগতে অতি প্ৰখ্যাত
জয় সৰস্বতী ভট্টদেৱ খ্যাতি
দুয়ো তেন্তে হন্তে জাত।”৪৭৭
নীলকন্ঠৰ মত সমৰ্থন কৰি সোণাপতি দেৱ শৰ্মাই সম্পাদনা কৰা ‘দেৱ দামোদৰ গুৰু’তো কৈছে যে বজালীৰ বিছানকুছি গাৱঁত ভট্টদেৱে জন্ম লৈছিল ।
মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত পন্ডিত, গুণী, জ্ঞানীক বিশেষ মৰ্য্যদা দিয়া হৈছিল। সেইকাৰণে নৰনাৰায়ণৰ অইন এক নাম আছিল ‘বিক্ৰমাদিত্য’।
সেইহেন মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত ৰাজপন্ডিত হিচাপে জিলিকি আছিল পুৰুষোত্তম পন্ডিত। তেওঁ আছিল বজেইলা। তেওঁৰ জন্ম হৈছিল পাঠশালাৰ মুগুৰীয়াত।
১৭৯৮ চনত ৰচিত বলদেৱ সূৰ্যখড়ি দৈৱজ্ঞৰ ‘দৰঙ্গ ৰাজবংসাৱলী’ত উল্লেখ আছে –
“সুনিয়োক সভাসদ ৰাজাৰ চৰিত্ৰ।
নৰনাৰায়ণ ৰাজা পৰম পৱিত্ৰ।।
ধৰ্মতেসে মতি অধৰ্মত মতি নাই।
নাৰায়ণ অংশে জন্মিচন্ত দুই ভাই।।৫৫৬
কলিযুগে মনুষ্য সবাৰো চিন্তি হিত।
সাস্ত্ৰ সমস্তৰ গ্ৰন্থ কৰাইলা বিদিত।।
ব্যকৰ্ন্নৰ গ্ৰন্থ ৰত্নমালা কৰাইলন্ত।
জতেক কৰাইলা পদ-নাহি আদি-অন্ত।। ৫৫৭
গৌড় কামৰূপে জত পন্ডিত আচিলা।
সমস্তকে আনি সত্ৰ দেৱান পাতিলা।।৬০৪
শুনিয়ো পুৰুষোত্তম ভট্টাচাৰ্য্য দ্বিজ।
কৰিয়োক ৰত্নমালা ব্যকৰ্ন্নৰ বিজ।।” ৬০৫
কেৱল সেয়াই নহয়, বলদেৱ সূৰ্যখড়ি দৈৱজ্ঞৰ ‘দৰঙ্গ ৰাজবংসাৱলি’ত উল্লেখ আছে-
“সুনিয়ো শ্ৰীধৰ তুমি মোৰ বাক্য ধৰা।
জ্যৌতিষক ভাঙ্গি তুমি সাধ্যখন্ড কৰা।।
বকুল কায়স্থ তুমি ভাঙ্গা লিলাৱতি।
অলপতে বুঝয় যেন কায়স্থ সম্প্ৰতি।।”৬০৯
অৰ্থাৎ, স্বনামধন্য ভাস্কৰাচাৰ্যৰ ‘লীলাৱতী‘ নামৰ বিশ্ববিখ্যাত গ্ৰন্থখন অনুবাদ কৰিছিল বকুল কায়স্থই, মহাৰাজ নৰনাৰায়ণৰ নিৰ্দেশত। নৰনাৰায়ণৰ ৰাজসভাৰ ৰাজপন্ডিত আছিল বকুল কায়স্থ। সেই নামজ্বলা পন্ডিত বকুল কায়স্থৰ জন্মস্থান আছিল পাঠশালাৰ মুগুৰীয়াত। অৰ্থাৎ, বকুল কায়স্থ আছিল বজেইলা!
বজালী বুলি কোৱাৰ লগে লগে উত্তৰদিশে থকা ভূটানৰ পৰা দক্ষিণে ক্ষেত্ৰী-বাউসী আৰু পূৱে বাক্সা -বৰভাগৰ পৰা পশ্চিমে ভৱানীপুৰৰ পল্লা নদীৰ অঞ্চলক সামৰি ঐতিহাসিক ভাবে নিৰ্দ্ধাৰণ কৰা হৈছিল। এতিয়াৰ পৰা ১৪০০+ বছৰ আগতেই, ৬ষ্ঠ শতিকাৰ কামৰূপৰ মহাৰাজ ভূতি বৰ্মনৰ ৰাজত্বকালতেই বজালী ঐতিহাসিকভাবে প্ৰসিদ্ধ আছিল।
“অসমত ‘অসম ছাত্ৰ সন্মিলন’ সৃষ্টি হোৱাৰ আগতেই, বজালীত ছাত্ৰৰ সংগঠন সৃষ্টি হৈছিল। ১৯১৩ চনতেই ‘বজালী বান্ধৱ সন্মিলন’ নামৰ ছাত্ৰ সংগঠনৰ জন্ম হৈছিল আৰু ১৯১৭ চনত ‘বজালী ছাত্ৰ সন্মিলন’ হিচাপে নামাকৰণ কৰা হৈছিল। এই ঐতিহাসিক সন্মিলনৰ সভাপতি আছিল কামেশ্বৰ দাস আৰু সম্পাদক আছিল সোণাপতি দেৱ শৰ্মা।”
প্ৰাচীন কামৰূপৰ স্বনামধন্য বাহুবলী মহাৰাজ ভাস্কৰবৰ্মা ( ৬০০ -৬৫০ খৃষ্টাব্দ)ৰ পূৰ্বপুৰুষ আছিল পুষ্যবৰ্মা ( ৩৫০-৩৭৪ খৃষ্টাব্দ), সমুদ্ৰ বৰ্মা ( ৩৭৪-৩৯৮ খৃষ্টাব্দ), বলবৰ্মা ( ৩৯৮-৪২২ খৃষ্টাব্দ), কল্যাণ বৰ্মা (৪২২-৪৪৬ খৃষ্টাব্দ), গণপতি বৰ্মা ( ৪৪৬-৪৭০ খৃষ্টাব্দ), মহেন্দ্ৰ বৰ্মা (৪৭০ -৪৯৪ খৃষ্টাব্দ), নাৰায়ণ বৰ্মা ( ৪৯৪-৫১৮ খৃষ্টাব্দ), ভূতি বৰ্মা (৫১৮-৫৪২ খৃষ্টাব্দ),…. ইত্যাদি।
ইয়াৰে ভূতি বৰ্মা আছিল কামৰূপ দেশৰ বৰ্মন ৰাজবংশৰ ৮ম ৰজা। এইজন ৰজাৰ দিনতেই জাৰী কৰা হৈছিল বজালীৰ ডুবিৰ তাম্ৰশাসন ফলি – যি ফলি আছিল ভূমিৰ অনুদান সংক্ৰান্তীয়। প্ৰাচীন কামৰূপৰ ৰজাসকলে জাৰী কৰা আৰু এইপৰ্যন্ত আৱিষ্কাৰ হোৱা তামৰ ফলিত খোদিত ভূমি অনুদানৰ ভিতৰত বজালীৰ ডুবিৰ এই তাম্ৰলিপি সকলোতকৈ পূৰণি ( Inscriptions of Ancient Assam, Mukunda Madhav Sarma, 1978)।
পিছলৈ, কামৰূপাধিপতি ভাস্কৰবৰ্মনৰ শাসনকাল( ৬০০-৬৫০ খৃষ্টাব্দ)ত বজালীৰ ডুবিক কেন্দ্ৰ কৰি জাৰী কৰা তামৰ যিকেইখন(৬খন) ফলি (তাম্ৰশাসন আৰু মোহৰ) উদ্ধাৰ হৈছিল – সেইকেইখনো আছিল ভূমিৰ অনুদান সংক্ৰান্তীয়; আৰু উল্লেখযোগ্য এয়াই যে বৰ্মন বংশৰ মহাৰাজ ভূতি বৰ্মনে বজালীৰ ডুবিক ভিত্তি কৰি জাৰী কৰা পূৰ্বৰ অনুদানৰ ফলি ধ্বংস হোৱাৰ পিছত কামৰূপাধিপতি ভাস্কৰবৰ্মনে বা ভাস্কৰবৰ্মাই ডুবিৰ তাম্ৰশাসনসমূহ নতুনকৈ তৈয়াৰ কৰি পুনৰ জাৰী কৰিছিল।
অৰ্থাৎ, প্ৰাচীন কামৰূপৰ ৰজা ভূতি বৰ্মনৰ দিনৰে পৰাই, ভাস্কৰ বৰ্মনৰ দিনৰে পৰাই ‘বজালী’ আছিল এক গুৰুত্বপূৰ্ণ অঞ্চল, এক ঐতিহাসিক ক্ষেত্ৰ।এই তাম্ৰশাসনসমূহৰ, ৬খন ফলি উদ্ধাৰ হৈছিল যদিও তাৰে এখন ধ্বংস হোৱা হেতুকে ৫খন তামৰ ফলিৰ হে পাঠ পোৱা যায়। এই ফলিসমূহত সংস্কৃত ভাষাত মুঠ ৭৬ টা শ্লোক আছে। এই উদ্ধাৰ হোৱা ফলিসমূহেও প্ৰমাণ কৰে যে ‘বজেইলা’ আৰু ‘বজালী’ৰ অস্তিত্ব সহস্ৰ বছৰৰো অধিক! প্ৰমাণ কৰে বজালীৰ প্ৰাচীনত্ব!
প্ৰাগজ্যোতিষ, কামৰূপ, কমতা, কোচবিহাৰ, অসম- ইতিহাসে ঢুকি পোৱা সময়ৰ বিভিন্ন স্তৰৰ মাজত বৰ্তি থকা আমাৰ এই ভূখন্ডৰ মাজত শিৰোন্নত কৰি থকা ‘বজালী’ৰ অস্তিত্ব কোনো স্বমেহনপ্ৰিয় বা স্বমৰ্দনপ্ৰিয় প্ৰচাৰপ্ৰেমী তথাকথিত ৰাজনৈতিক নেতাৰ পকেটৰ ভিতৰত থকা বা ৰাখিব পৰা সামগ্ৰী নহয়।
কিছুমাহ আগতেই বজালীৰ ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ শ্ৰীৰোহিনী কুমাৰ শৰ্মা দলৈ ডাঙৰীয়াক আৰু স্থানীয় বিধায়ক শ্ৰীৰঞ্জিত কুমাৰ দাসক ব্যক্তিগতভাৱে অনুৰোধ কৰিছিলো যে ষষ্ঠ শতিকাৰ কামৰূপাধিপতি ভূতি বৰ্মন তথা সপ্তম শতিকাৰ কামৰূপাধিপতি ভাস্কৰ বৰ্মনৰ তাম্ৰশাসনৰ ফলিসমূহৰ বৃহৎ আকাৰৰ প্ৰতিলিপি তামেৰে নিৰ্মাণ কৰি সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ ডুবি দেৱালয়ৰ চৌহদত স্থাপন কৰি শ্লোকসমূহৰো অসমীয়া ভাঙনি কৰি প্ৰদৰ্শন কৰিব পাৰিলে ভাল হয় – কাৰণ এই তাম্ৰশাসনসমূহে আমাৰ কামৰূপৰ প্ৰাচীনত্ব , বজালীৰ প্ৰাচীনত্ব, ডুবিৰ প্ৰাচীনত্ব, পাঠশালাৰ প্ৰাচীনত্ব আৰু গৌৰৱগাথা ডাঙি ধৰিব পাৰে। প্ৰমাণ কৰিব পাৰে, আমি সহস্ৰবছৰৰো পুৰণি কামৰূপীয়া, বজেইলা। বজালী সহস্ৰবছৰৰো অধিক পুৰণি অঞ্চল। এনে এক অঞ্চলক লৈ ৰাজনৈতিক ফুটবল কিয়!?
প্ৰাগজ্যোতিষ, প্ৰাচীন কামৰূপ, কমতা, কোচবিহাৰ,…; কমতাৰ বাহুবলী ৰজা নীলাম্বৰৰ পিছত পঞ্চদশ শতিকাৰ শেষৰফালে কামৰূপত এক ধৰণৰ ‘মাৎস্যন্যায়’ ( অসীম অৰাজকতা ) সৃষ্টি হৈছিল বুলি ইতিহাসবিদসকলে ঠাৱৰ কৰিছে।
তেতিয়াৰ পৰাই কামৰূপ দেশখন কিছুমান ভূঞা( ভূঞা নায়ক)ই শাসন কৰিবলৈ আৰম্ভ কৰে। কিন্তু এনে অৱস্থা বহুদিনলৈ বৰ্তি থকা নাছিল আৰু অৱশেষত ভূঞা নায়কসকলৰ শাসনৰ মাজতেই এজনে মূৰ ডাঙি জিলিকি উঠি সকলোকে বশ কৰি মহানায়কলৈ পৰিণত হয়। তেওঁ আছিল বিশু, হাৰিয়ামন্ডলৰ পুত্ৰ। এই বিশুৱেই ৰাজসিংহাসনত বহি ‘বিশ্বসিংহ’ নাম লৈ কোচৰ ৰাজত্ব আৰম্ভ কৰে।
বিশুৱে একাদিক্ৰমে এফালৰ পৰা বিজয় অভিযান আৰম্ভ কৰি গুৱাহাটীকে ধৰি সমগ্ৰ কামৰূপৰ দক্ষিণ অংশ হস্তগত কৰে।
‘The Early History of Kamrupa‘ নামৰ বিখ্যাত গ্ৰন্থত কনকলাল বৰুৱাই উল্লেখ কৰিছে -” ইয়াৰ পিছত বিশুৰ চকু পৰিল উত্তৰ পাৰৰ ভূঞাসকলৰ ওপৰত। তেওঁলোক আছিল ‘গমথা'(প্ৰধান ভূঞা) নাৰায়ণ ভূঞাৰ নেতৃত্বত ঐক্যবদ্ধ হৈ থকা বজালীৰ ভূঞা, ক্ষেত্ৰীৰ ভূঞা, আৰু বাউসীৰ ভূঞা। দক্ষিণ পাৰৰ চাৰু ভূঞাৰ সৈতে উত্তৰ পাৰৰ এইসকল ভূঞাৰ সদ্ভাৱ নাছিল হেতুকে বিশুৱে চাৰু ভূঞাক সহযোগী কৰি ল’লে।
তেওঁৰ সহযোগিতাত বিশুৱে উত্তৰ পাৰৰ কামৰূপৰ ভূঞাসকলক আক্ৰমণ কৰে যদিও তেওঁলোকে ইমান একতা আৰু দৃঢ়তাৰে কৌশলী প্ৰতিৰোধ কৰিছিল যে বিশুৱে জয়ৰ মুখ দেখা নাপালে।
বিশুৱে উত্তৰ পাৰৰ কামৰূপৰ ভূঞাসকলক জয় কৰাটো বৃথা বুলি ধাৰণা কৰি ছল-চাতুৰীৰ আশ্ৰয় লৈ নাৰায়ণ ভূঞাৰ শিৱিৰৰ বাউসীৰ ভূঞাক নিজৰ ফলীয়া কৰিবলৈ সক্ষম হ’ল। ইয়াৰ পিছত এজন এজনকৈ অইন ভূঞাসকল বিশুৰ হাতত পৰাস্ত হ’ল।'( কোচৰ ৰাজত্ব, প্ৰাচীন কামৰূপৰ ইতিহাস, কনকলাল বৰুৱা, অনুবাদ: অঞ্জন শৰ্মা, পৃষ্ঠা ২৬২-২৬৪)
অৰ্থাৎ, বজালীও মহাৰাজ বিশ্বসিংহৰ শাসনৰ অধীন হ’ল।
ভূতি বৰ্মন, ভাস্কৰ বৰ্মনৰ দিনত অস্তিত্ব থকা, কমতাত অস্তিত্ব থকা ‘বজালী’য়ে কোচৰ ৰাজত্বৰ আৰম্ভণিৰ সময়তো বৰ্তি থাকিল আৰু পিছলৈ, মহাৰাজ বিশ্বসিংহৰ পুত্ৰ মহাৰাজ নৰনাৰায়ণৰ সময়ৰ পৰা বজালীয়ে প্ৰকৃততে প্ৰশাসনীয় গোট হিচাপে খ্যাতি লাভ কৰিবলৈ আৰম্ভ কৰিলে।
বজালীৰ বুকুৰেই পাৰ হৈ গ’ল গোঁসাই কমল আলি – মহাৰাজ নৰনাৰায়ণৰ ৰাজত্ব কালত।
যি কি নহওক, সেই সময়ত কোচবিহাৰ ( বা কামৰূপ দেশ) কিছুমান প্ৰশাসনীয় গোট বা চাকলাত বিভক্ত আছিল আৰু সেই পদ্ধতি অনুসৰণ কৰি বজালীতো ‘চাকলা’ স্থাপন কৰা হৈছিল। বজালীৰ সুযোগ্য সন্তান হিচাপে কোচ ৰাজসভাৰ ৰাজপন্ডিত তথা মহাৰাজ নৰনাৰায়ণৰ প্ৰিয়ভাজন পুৰুষোত্তম দ্বিজক বজালীৰ ‘চাকলাদাৰ’ হিচাপে নিযুক্তি দিয়া হৈছিল।
সময় অতিবাহিত হোৱাৰ লগে লগে ৰজাও সলনি হ’ল আৰু মহাবীৰ চিলাৰায়ৰ মৃত্যুৰ পিছত, মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পিছত, শৌৰ্যহীন হৈ পৰা কোচ ৰাজত্বৰ এজন ৰজা পৰীক্ষিৎ নাৰায়ণক পৰাস্ত কৰি কোচবিহাৰৰ লগতে বজালীও হস্তগত কৰে মোগল সম্ৰাট জাহাঙ্গীৰে। মোগল সম্ৰাট জাহাঙ্গীৰৰ আমোলত বজালীত ‘চাকলা’ৰ পৰিৱৰ্তে ‘পৰগনা’ সৃষ্টি হ’ল। ইয়াৰে উল্লেখ আমি পাও ড° সূৰ্যকুমাৰ ভূঞাৰ সম্পাদনাত প্ৰকাশ হোৱা ‘কামৰূপৰ বুৰঞ্জী’ ( পৃষ্ঠা ৩১)।
উক্ত গ্ৰন্থৰ ষষ্ঠ আধ্যাত আছে – “কামৰূপ চৰকাৰৰ পৰগনা”; সেই আধ্যাত উল্লেখ আছে এনেদৰে -” আৰে চৰকাৰ কামৰূপৰ তলে, – পৰগনে কোঁৱৰভাগ, পৰগনে পাতিদৰং, পৰগনে বনভাগ, পৰগনে ৰামা বনভাগৰে একেলাগী, পৰগনে বৰদৰং, পৰগনে বাহবাৰী,পৰগনে সাতৰজীয়া, ………পৰগনে বজালী,…..”।
ইয়াৰোপৰি গ্ৰন্থখনৰ ‘চৰকাৰ বঙ্গালভুমৰ পৰগনা’ বুলি উল্লেখ কৰা স্থানত এনেদৰে লিপিবদ্ধ হৈ আছে -” বজালী – বজালীয়া কোঁৱৰে খাইছিল মানে ‘পৰগনে বজালী’ হ’ল।”( পৃষ্ঠা ৩৩, পুৰণি হাতে লিখা অসমীয়া বুৰঞ্জী পুথিৰ পৰা সংগৃহীত ‘কামৰূপৰ বুৰঞ্জী’- An account of ancient Kamrupa; and a history of the Mogul conflicts with Assam and Coochbehar, upto AD 1682 with Appendices, edited by S.K.Bhuyan).
এয়াও উল্লেখ আছে যে ‘পৰগনে বজালী’ আৰু ‘পৰগনে বাহেৰখাটা’ বজালী সহিতে একেলগ কৰি ‘বজালী পৰগনা’ গঠন কৰা হৈছিল।
মোগলৰ অধীন হৈ থকা বজালী পিছলৈ আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত আহোম ৰাজত্বৰ অধীন হৈ পৰে। এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে মোগলৰ বিৰুদ্ধে যুদ্ধত বজালীৰ বীৰ সনাতনৰ আছিল গুৰুত্বপূৰ্ণ অৱদান, কিন্তু পৰিতাপৰ বিষয় এয়াই যে সেই সম্পৰ্কেও কোনো আলাপ আলোচনা নাই!
ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ আছে যে মোগল ৰাজশক্তিয়ে দুৰ্বল কোচ ৰাজশক্তিৰ লগত প্ৰকৃততে কোনো যুদ্ধই কৰিবলগীয়া হোৱা নাছিল, বৰং ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সনাতন, দক্ষিণ পাৰৰ ৰংজুলিৰ চুমাৰোদ কায়েথ ( সমুদ্ৰ কায়স্থ), শোলমাৰীৰ পৰশুৰাম ৰাভা,…. আদিৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ স্থানীয় শাসকসকলৰ লগত হে যুদ্ধ কৰিবলগীয়া হৈছিল।
ইয়াৰ পিছত ব্ৰহ্মপুত্ৰৰ বুকুৰে বহু পানী বৈ গ’ল আৰু আহোমৰ ৰাজত্বকালৰ যৱনিকা পেলাই অসম হস্তগত কৰিলে মানসৈন্যই। মিঙ্গিমাহা তিলোৱা, মিঙ্গিমাহা বান্দুলা হৈ পৰিল ভয়ংকৰ সন্ত্ৰাসৰ নাম। মানৰ আক্ৰমণৰ চেলু লৈয়েই প্ৰৱেশ কৰিলে সাম্ৰাজ্যবাদী ইংৰাজে। ইয়ান্ডাবু সন্ধি স্বাক্ষৰিত হ’ল ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে।
বজালীও হৈ পৰিল ইংৰাজৰ অধীন, ইংলেণ্ডৰ অধীন! সৃষ্টি হ’ল মৌজা। ৰাজহ সংগ্ৰহৰ বাবে তহছিলদাৰ নিযুক্ত কৰি পৰগনাৰ সলনি তহছিল নামাকৰণ কৰা হ’ল আৰু পিছলৈ প্ৰশাসনিক কাৰ্যৰ বাবে বজালীক চাৰিটা ৰাজহ চক্ৰলৈ ৰূপান্তৰিত কৰা হ’ল।
ইংৰাজৰ শাসন- শোষণৰ বিৰুদ্ধে সমগ্ৰ উপমহাদেশত যেতিয়া সংগ্ৰাম আৰম্ভ হৈছিল, সেইসময়ত বজালীৰ ভূমিকা আছিল অনন্য। জীৱন বলিদান দিছিল মদন আৰু ৰাউতাই, শতজন ঘূণীয়া হৈছিল, কাৰাবন্দী হৈছিল, হান্টাৰৰ কোব খাইছিল! এই সম্পৰ্কে চমুকৈ অইন এক লেখাত উল্লেখ কৰিছো আৰু ভৱিষ্যতে পুনৰ বহলাই লেখাৰ ইচ্ছা আছে হেতুকে ইয়াত বৰ্ণনা নকৰো।
কালক্ৰমত, ১৯৪৭ চনৰ ১৫ আগষ্টৰ পিছত কামৰূপ দেশৰ – কমতাৰ- কোচবিহাৰৰ – আহোমৰ – ইংলেণ্ডৰ বজালী, হৈ পৰিল সাম্ৰাজ্যবাদী বৃটিছৰ দৰে একেই উপনিৱেশিক চৰিত্ৰ বজাই ৰখা ৰাষ্ট্ৰযন্ত্ৰ ভাৰতবৰ্ষৰ অধীনৰ বজালী, অসমৰ অবিভক্ত জিলা কামৰূপৰ অন্তৰ্গত এক অঞ্চল।
আমাৰ শৈশৱ, আমাৰ কৈশোৰৰ অবিভক্ত কামৰূপ জিলাখনৰ মানচিত্ৰ এতিয়াও আমাৰ মনৰ ভিতৰত সজীৱ হৈ আছে। এতিয়াও হয়তো আঁকিব পাৰিম। ধীৰে ধীৰে সেইখন মানচিত্ৰও নোহোৱা হৈ গ’ল।
ৰাজনৈতিক কিম্বা প্ৰশাসনিক কাৰণত বৰপেটা, নলবাৰী, বাক্সা, কামৰূপ, গুৱাহাটী (মহানগৰ) আদি বিভিন্ন ভাগত অবিভক্ত কামৰূপ জিলাখনক বিভক্ত কৰি পেলোৱা হ’ল [ ইয়াৰ অৰ্থ এয়া নহয় যে বিভিন্ন ভাগত বিভক্ত হৈ পৰা কামৰূপীয়া মানুহবোৰ কামৰূপীয়া হৈ নাথাকিব! বজেইলাও কামৰূপীয়া, নলবেইৰাও কামৰূপীয়া,বৰপেইটাও কামৰূপীয়া হৈ থাকিব – যিদৰে আজি বাংলাদেশ আৰু বঙ্গৰ অঙ্গ হৈ পৰা কোচবিহাৰৰ -কমতাৰ লোকসকলৰ ‘ডি-এন-এ’ ত সোমাই আছে প্ৰাগজ্যোতিষ -কামৰূপ-কমতা-কোচবিহাৰ ] ! এটা সময়ত, বজেইলাৰ প্ৰৱল দাবী মানি লৈ বজালীক মহকুমাৰ মৰ্যদা দিয়া হ’ল আৰু পিছলৈ বজালীক এখন জিলা হিচাপেও ঘোষণা কৰা হ’ল।
সেই বজালী জিলাক লৈয়েই এতিয়া চলি আছে অপ্ৰয়োজনীয় ৰাজনৈতিক ধেমালি,প্ৰহসন! কিন্তু, বজালীৰ ঐতিহাসিক গুৰুত্বক ভিত্তি কৰি এনে ৰাজনৈতিক ধেমালি বাঞ্চনীয় নাছিল।
মহাৰাজ ভূতি বৰ্মন, মহাৰাজ ভাস্কৰ বৰ্মন, মহাৰাজ বিশ্বসিংহ, মহাৰাজ নৰনাৰায়ণৰ সময়ৰ বজালী সময়ৰ লগে লগে সলনি হৈ থাকিল যদিও এক বিৰল ক্ষেত্ৰ হিচাপে বজালীতেই ১৯০০ ৰ প্ৰথম দশকতেই চৌখুটী হাইস্কুল আৰু পাটাছাৰকুছি মধ্য ইংৰাজী স্কুল স্থাপন হ’ল। ১৯২৬ চনত বজালী হাইস্কুল আৰু ১৯৫৫ চনত বজালী মহাবিদ্যালয় স্থাপন হ’ল।
বজালীক মহিমামণ্ডিত কৰিলে কামেশ্বৰ দাস, চন্দ্ৰপ্ৰভা শইকীয়ানী, ভবানন্দ দত্ত, মদন-ৰাউতা, দীননাথ শৰ্মা, অচ্যুত লহকৰ, ধৰণীধৰ গোস্বামী, গৌৰীনাথ শৰ্মা, সন্তৰাম চৌধুৰী, কৃষ্ণ ৰয়, ৰতন লহকৰ, ইত্যাদি বিভিন্নজনে বিভিন্ন সময়ত।
অসমত ‘অসম ছাত্ৰ সন্মিলন’ সৃষ্টি হোৱাৰ আগতেই, বজালীত ছাত্ৰৰ সংগঠন সৃষ্টি হৈছিল। ১৯১৩ চনতেই ‘বজালী বান্ধৱ সন্মিলন’ নামৰ ছাত্ৰ সংগঠনৰ জন্ম হৈছিল আৰু ১৯১৭ চনত ‘বজালী ছাত্ৰ সন্মিলন’ হিচাপে নামাকৰণ কৰা হৈছিল। এই ঐতিহাসিক সন্মিলনৰ সভাপতি আছিল কামেশ্বৰ দাস আৰু সম্পাদক আছিল সোণাপতি দেৱ শৰ্মা।
আজি বহুতেই এইবিষয়েও হয়তো নাজানে যে কেৱল পোন প্ৰথমবাৰৰ বাবে ছাত্ৰ সংগঠন সৃষ্টি হোৱাই নহয়, ১৯৪২ চনৰ ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰাই বজালীত গঠন হৈছিল ‘স্বাধীন জাতীয় চৰকাৰ’!
গঠন হৈছিল শান্তিবাহিনী। প্ৰায় প্ৰতিখন গাওঁতে পঞ্চায়ত গঠন কৰা হৈছিল আৰু ৰাইজৰ সকলো অভাৱ অভিযোগ আপত্তি আদি নিষ্পত্তি কৰিবলৈ কাশীচন্দ্ৰ গোস্বামীক সভাপতি, মহেন্দ্ৰ নাথ দাসক সম্পাদক, মণিকান্ত স্বৰ্গীয়াৰী-মাণিক তালুকদাৰ – গৌৰীকান্ত শৰ্মাক সদস্য হিচাপে লৈ ‘বজালী কেন্দ্ৰীয় পঞ্চায়ত’ গঠন কৰা হৈছিল।
এই ‘স্বাধীন জাতীয় চৰকাৰ’ৰ অস্তিত্ব আছিল ৮ মাহ [ সেইসময়ত বজালীৰ কিমানখন গাওঁ এই ‘বজালী কেন্দ্ৰীয় পঞ্চায়ত’ বা ‘স্বাধীন জাতীয় চৰকাৰ’ৰ অধীনত আছিল – তাৰে যদি তালিকা বা মানচিত্ৰ কোনোবা সদাশয়ৰ লগত আছে – জানিলে উপকৃত হ’ম তথা কোনোবা অধ্যাপক-গৱেষকে গৱেষণা কৰিলেও উৎসাহিত হ’ম]!
কেৱল বৃটিছৰ বিৰুদ্ধেই নহয়, সময়ে সময়ে হৈ থকা আন্দোলনত, ঐতিহাসিক অসম আন্দোলনত, বজালীৰ ভূমিকা আছিল অবিস্মৰণীয়। বৃটিছৰ বিৰুদ্ধে হোৱা সংগ্ৰামৰ সময়ছোৱাত, ঐতিহাসিক অসম আন্দোলনৰ সময়ছোৱাত, বজালীৰ যিসকলে যিবোৰ স্থানৰ পৰা অংশগ্ৰহণ কৰিছিল – সেই স্থানসমূহৰ তালিকাৰ ভিত্তিত এখন মানচিত্ৰ প্ৰস্তুত হ’লেও ভাল হয়।
ইচ্ছা নাছিল যদিও অইন এক প্ৰহসনৰ বিষয়ে উল্লেখ কৰিবলৈ বাধ্য হ’লো। শিক্ষাৰ ক্ষেত্ৰত বজালীৰ নাম শীৰ্ষস্থানত থকা বুলি সমগ্ৰ অসমে জানে। পশ্চিম অসমত শিক্ষাৰ বিজয়ধ্বজা উৰুৱাই আছিল বজালী মহাবিদ্যালয়ে। বজালী মহাবিদ্যালয় কেনেদৰে স্থাপন হৈছিল, সেয়া এক সুকীয়া অধ্যায়, ইয়াত আলোচনা নকৰো।
কিন্তু পৰম পৰিতাপ, লজ্জাৰ বিষয় এয়াই যে সেই গৰিমামন্ডিত বজালী মহাবিদ্যালয় আজি অদৃশ্য আৰু বজালীৰ হৃদপিণ্ডস্বৰূপ পাঠশালাত নাই এখনো চৰকাৰী মহাবিদ্যালয়!
বজালী মহাবিদ্যালয়ৰ প্ৰধান দ্বাৰত ওলোমাই দিয়া হ’ল ‘ভট্টদেৱ বিশ্ববিদ্যালয়’ ৰ ফলক! ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপন এবছৰ দুবছৰ পলমকৈও বজালীৰ অইন স্থানত আহল বহলকৈ কৰিব পৰা গ’লহেতেন, তেনে ক্ষেত্ৰত ঐতিহ্যমণ্ডিত বজালী মহাবিদ্যালয়ৰ অস্তিত্ব লোপ নাপালেহেতেন [ কিন্তু সেইসময়ত পাঠশালাত ফুটা ফটকা, আতচবাজীৰ শব্দ আৰু পোহৰত চকুৰে নেদেখা- কাণেৰে নুশুনা এক পৰিস্থিতিত নগেনৰ মিঠাই খাই বজালী মহাবিদ্যালয়ৰ অস্তিত্ব লোপ পোৱাৰ বিষয়ে মগজুত চিন্তাই প্ৰৱেশ কৰা সম্ভৱ নাছিল]!
আজি অসমৰ বাহিৰত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নাম কোনেও নাজানে আৰু সকলোৱে জনা বজালী মহাবিদ্যালয়ৰ অস্তিত্বও নাই! কি এক প্ৰহসন!!
বজালী মহাবিদ্যালয়ৰ পৰ্যায়ত উপনীত হ’বলৈ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ কিমান বছৰ লাগিব – কোৱা কঠিন। ৰাজনৈতিক দল সলনি কৰি নতুন চোলা পিন্ধি নতুন ‘আদৰ্শ’ গ্ৰহণ কৰি ‘দোপতদোপে উন্নতি’ কৰা ৰাজনৈতিক নেতা হোৱা আৰু বজালী মহাবিদ্যালয়ক নতুন চোলা পিন্ধাই ‘বিশ্ববিদ্যালয়’ বুলি অভিহিত কৰা সমাৰ্থক হ’ব নোৱাৰে।
আমি ব্যক্তিগতভাৱে ভাবো, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ স্থান বজালীৰ অইন স্থানত আহল বহলকৈ হ’ব লাগে আৰু বজালী মহাবিদ্যালয় পুনৰ জন্ম হ’ব লাগে। এই সম্পৰ্কেও সকলোৱে চিন্তা চৰ্চা কৰা আৱশ্যক।
শিক্ষাৰ ক্ষেত্ৰত আজি বজালী মহাবিদ্যালয় অদৃশ্য কৰি পেলোৱাৰ দৰেই ৰাজনৈতিক প্ৰশাসনিক ক্ষেত্ৰতো বজালীৰ অঙ্গক্ষত কৰাৰ প্ৰয়াস কৰা হৈছে। তাকেই লৈ হৈ আছে উত্তেজনা, ক্ষোভ। বজালীৰ সৈতে চামিল হ’বলৈ বজালী অঞ্চলৰ বাহিৰৰ ৰাইজৰো এক বুজন অংশই সভা-সমিতিত ভাগ লৈ দাবী কৰি আছে। সেইবোৰলৈ আমি নাযাও।
কিন্তু বজালীৰ ঐতিহাসিক পটভূমিত বজালীৰ প্ৰকৃত বজেইলা সকলে নিজৰ সামাজিক – সাংস্কৃতিক- ঐতিহাসিক – মানসিক বজালীখনৰ সীমা নিৰ্ধাৰণ কৰাৰ সময় আহি পৰিছে আৰু বজালীৰ পূৰ্ণাংগ ইতিহাস প্ৰণয়নৰ সময় আহি পৰিছে।
ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগে এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব বুলি আমি আশা কৰিলো। কাৰণ, আমি জানিব বিচাৰো ‘বজেইলা কোঁৱৰ ‘ কোন আছিল, আমি জানিব বিচাৰো বজালীত কোন কোন চাকলাদাৰ আছিল, কোন কোন ভূঞা আছিল, মোগলৰ দিনত বজালী কেনে আছিল, আহোমৰ দিনত কেনে আছিল, কোচৰ দিনত কেনে আছিল, ইত্যাদি। ভট্টদেৱ বিশ্ববিদ্যালয়ে এইক্ষেত্ৰত উদ্যোগ ল’লে ‘ভট্টদেৱ’ নামটোক মান্যতা দিয়া হ’ব।
এতিয়া আহো বজালী জিলাৰ প্ৰসঙ্গলৈ।
বৰ্তমানৰ বজালীৰ বিধায়ক শ্ৰীৰঞ্জিত কুমাৰ দাস বজেইলা নহয়, তেওঁ বজালীৰ স্থায়ী বাসিন্দা নহয়। কিন্তু, ঘটনাক্ৰমে বা দুৰ্ঘটনাক্ৰমে, তেওঁৰ বৰ্তমানৰ কৰ্মভূমি হ’ল ‘বজালী’! শ্ৰীহিমন্ত বিশ্ব শৰ্মাৰ যিদৰে কৰ্মভূমি ‘জালুকবাৰী’ সমষ্টি, শ্ৰীৰঞ্জিত দাসৰো কৰ্মভূমি ‘বজালী’।
গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি বকুল কায়স্থৰ জন্মস্থান , ভট্টদেৱৰ জন্মস্থান, কামেশ্বৰ দাসৰ জন্মস্থান বজালীৰ ৰাইজে ‘বজালী’ নামৰ যিটো ‘স্মাৰ্টফোন’ বিধায়ক শ্ৰীৰঞ্জিত দাসৰ হাতত অৰ্পণ কৰিছে – সেইটো তেখেতৰ বুঢ়া আঙুলিৰ স্পৰ্শত বা মুখমন্ডলৰ ছৱিৰে খোল খায় – অইনে খুলিবলৈ হ’লে ‘হেক’ কৰিব লাগিব। গতিকে , কেৱল জিলাৰ ক্ষেত্ৰতেই নহয়, সামগ্ৰিকভাবে সকলো ক্ষেত্ৰতে তেওঁ ঐতিহাসিক দায়িত্ব পালন কৰি দৃঢ়তাৰে বজেইলা সকলৰ পক্ষত থিয় দি নিজেও ‘নতুন বজেইলা’ৰ পৰা “বজেইলা” হোৱাৰ সুযোগ গ্ৰহণ কৰিব বুলি আশা কৰিলো।
বি:দ্ৰ: বৰপেটাৰ পৰা কেৱল বৰপেটাকেই নহয়, সমগ্ৰ অসমক এক নতুন মাত্ৰা দিয়া মহাপুৰুষ সকলৰ কোনগৰাকী বৰপেটাৰ স্থায়ী বাসিন্দা আছিল? কিন্তু তেওঁলোকৰ কৰ্মভূমি আছিল বৰপেটা!
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)