• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Climate Change

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

CLIMATE CHANGE / Environment / Assamese Section

by Editor
March 10, 2026
in Climate Change, ASSAM, ASSAMESE SECTION, Education, Environment, News
Reading Time: 6 mins read
0
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 
Share on FacebookShare on TwitterShare on LinkedIn

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী‘ অৰ্পণ

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী' অৰ্পণ 

বজালী জিলা আয়ুক্তৰ বিশেষ প্ৰচেষ্টা

মহাবাহু ক্লাইমেট ফোৰামৰ প্ৰশংসনীয় পদক্ষেপ

অসম চৰকাৰৰ বন- পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ বৈপ্লৱিক প্ৰচেষ্টা

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী' অৰ্পণ 
২০২৫ চনৰ ২৭ ডিচেম্বৰ, মুখ্য অতিথি তথা সমল ব্যক্তি শ্ৰী মহেন্দ্ৰ কুমাৰ যাদৱ

পুলু কুমাৰ শৰ্মা 

Pulu Sarma
পুলু কুমাৰ শৰ্মা 

২০২৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বজালী জিলা প্ৰশাসনৰ উদ্যোগত আৰু মহাবাহু ক্লাইমেট ফোৰামৰ সহযোগিতাত ‘জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় সজাগতা কাৰ্যসূচী‘ ৰূপায়িত হৈছিল।

উক্ত অনুষ্ঠানত মুখ্য অতিথি তথা সমল ব্যক্তি হিচাবে উপস্থিত আছিল অসম চৰকাৰৰ বন- পৰিৱেশ – জলবায়ু পৰিৱৰ্তন বিভাগৰ বিশেষ মুখ্য সচিব শ্ৰী মহেন্দ্ৰ কুমাৰ যাদৱ ( অৱসৰপ্ৰাপ্ত আই.এফ.এছ.), বজালী জিলা আয়ুক্ত শ্ৰী মৃদুল কুমাৰ দাস, মহাবাহু ক্লাইমেট ফোৰামৰ সভাপতি অঞ্জন শৰ্মা, ৰঙিয়া সংমণ্ডলৰ ডি-এফ-অ’ শ্ৰীটি. চি. ৰঞ্জিৎ, মানস অভয়াৰণ্যৰ সঞ্চালক ড° চি. ৰমেশ, বন সংৰক্ষক শ্ৰীচানি চৌধুৰী, বজালী -বৰপেটাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক শ্ৰী বিতুপন হাজৰিকা, বৰপেটা জিলাৰ শিক্ষা বিষয়া শ্ৰীনিৰঞ্জন ওজা, বজালী জিলাৰ সহকাৰী আয়ুক্ত শ্ৰী আছফাক লস্কৰ , বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীৰঞ্জন চক্ৰৱৰ্তীকে ধৰি বহু শিক্ষক আৰু বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, পাঠশালা চিনিয়ৰ চেকেণ্ডেৰী স্কুল, পাঠশালা হাইস্কুল, কৃষ্ণকান্ত সন্দিকৈ চিনিয়ৰ চেকেণ্ডেৰী স্কুল, পাঠশালা শিক্ষাপীঠ, শিক্ষা তীৰ্থ আদিৰ পৰা অহা পাঁচ শতাধিক ছাত্ৰ ছাত্ৰী। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বজালী জিলা আয়ুক্ত শ্ৰী মৃদুল কুমাৰ দাসৰ নেতৃত্বত বজালী জিলা প্ৰশাসনে মহাবাহু ক্লাইমেট ফোৰামৰ সৈতে ২০২৫ চনৰ জুলাই মাহত ( ১৫ জুলাইৰ পৰা ২০ জুলাই) জিলাখনৰ সকলো বিভাগৰ মুৰব্বী সকলক তথা জিলাখনৰ ভট্টদেৱ বিশ্ববিদ্যালয় , বিভিন্ন মহাবিদ্যালয়, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, অধ্যাপক আদিক জলবায়ু শিক্ষাৰ্থী হিচাপে লৈ ছয়দিনীয়া প্ৰশিক্ষণ শিবিৰ জিলা আয়ুক্তৰ কাৰ্যালয় আৰু চৌখুটি ব্লকত অনুষ্ঠিত কৰিছিল।

সেই প্ৰশিক্ষণ শিবিৰত মূল সমল ব্যক্তি হিচাপে উপস্থিত আছিল মহাবাহু ক্লাইমেট ফোৰামৰ আহ্বায়ক শ্ৰীঋতুৰাজ ফুকন, আৰু আছিল মহাবাহু ক্লাইমেট ফোৰামৰ সভাপতি শ্ৰীঅঞ্জন শৰ্মা, বিশিষ্ট পৰিৱেশবিদ তথা বিজ্ঞানী ড° আনোৱাৰউদ্দিন চৌধুৰী, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শ্ৰীঅংকুৰণ পাঠক, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধনপতি ডেকা, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ উচ্চপদস্থ বিষয়া, বিশিষ্ট পৰিৱেশবিদ তথা গ্ৰীণ এম্বেছাদৰ শ্ৰীআনন্দ খাটনিয়াৰ, ইত্যাদি।

সেই প্ৰশিক্ষণ শিবিৰ অতি সফলতাৰে সমাপ্ত হোৱাৰ পিছত বজালী জিলা আয়ুক্তৰ নিৰ্দেশ অনুসৰি বজালী জিলাৰ সকলো শিক্ষানুষ্ঠানত মাহৰ প্ৰতি দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় শ্ৰেণী বাধ্যতামূলক কৰা হৈছিল। জিলা আয়ুক্ত শ্ৰী মৃদুল কুমাৰ দাসে নিজে পাঠদান আৰম্ভ কৰিছিল, অতিৰিক্ত আয়ুক্ত সকলেও বিভিন্ন বিদ্যালয়ত পাঠদান আৰম্ভ কৰিছিল, অসম চৰকাৰৰ মন্ত্ৰী তথা বজালী সমষ্টিৰ বিধায়ক শ্ৰীৰঞ্জিৎ কুমাৰ দাসে পাঠদান কৰিছিল, ইত্যাদি; আৰু সেই পাঠদানৰ জেৰ টানিয়েই ২৭ ডিচেম্বৰ,২০২৫ তাৰিখে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈছিল অসম চৰকাৰৰ বিশেষ মুখ্য সচিব শ্ৰী মহেন্দ্ৰ কুমাৰ যাদৱ আৰু ‘দিনটোৰ শিক্ষক’ হিচাপে তেওঁ সুদীৰ্ঘ সময় তেওঁৰ দীৰ্ঘকালীন অভিজ্ঞতাৰ পটভূমিত ছাত্ৰ-ছাত্ৰী সকলক জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় শিক্ষাদান কৰে।

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী' অৰ্পণ 
২০২৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়

তেওঁ ছাত্ৰ ছাত্ৰী সকলৰ উৎসাহ উদ্দীপনা প্ৰত্যক্ষ কৰি আৰু মহাবাহু ক্লাইমেট ফোৰামৰ সভাপতি শ্ৰীঅঞ্জন শৰ্মাৰ একান্ত অনুৰোধত তথা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ পটভূমিত শিক্ষানুষ্ঠানখনৰ বাবে ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ (Air Quality Management System) স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে।

 অৱশেষত ১০ মাৰ্চ, ২০২৬ তাৰিখে সেই প্ৰত্যাশিত দিনটো আহি উপস্থিত হ’ল আৰু বজালী জিলা প্ৰশাসনৰ উদ্যোগত তথা মহাবাহু ক্লাইমেট ফোৰামৰ সহযোগিতাত অসম চৰকাৰৰ উত্তৰ কামৰূপ সংমণ্ডলৰ ডি-এফ-অ’ শ্ৰীটি চি ৰঞ্জিৎ (আই.এফ.এছ.) মহোদয়ে 

 ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ (Air Quality Management System) বিদ্যালয়খনক প্ৰদান কৰি এক নতুন অধ্যায়ৰ সূচনা কৰে – যিহেতু এই সুবিধা হয়তো কোনো বিদ্যালয়ত এই পৰ্যন্ত উপলব্ধ হোৱা নাই। শতবৰ্ষ গৰকা মহিমামণ্ডিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে এই দিনটো এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি সকলোৱে আশা কৰিছে। বিশেষকৈ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা মহাবাহু ক্লাইমেট ফোৰামৰ সভাপতি শ্ৰীঅঞ্জন শৰ্মা বিশেষভাৱে আনন্দিত হৈছে – এনে এক কাৰ্য্য হাত উজান দিবলৈ পাই।

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী' অৰ্পণ 

আজিৰ সভাখনত এই লেখকে আঁত দৰে আৰু ডি-এফ- অ’ টি.চি.ৰঞ্জিৎ ডাঙৰীয়াই পাঠশালা তথা বজালীৰ দৰে এক শিক্ষাৰ পোহৰ বিতৰণ কৰা অঞ্চলত এই বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ (Air Quality Management System) অৰ্পণ কৰিবলৈ পাই অত্যন্ত সুখী বুলি ব্যক্ত কৰি প্ৰণালীটোৰ বিষয়ে সদৰি কৰে।

শ্ৰী অঞ্জন শৰ্মাই জিলাৰ আয়ুক্ত শ্ৰীমৃদুল কুমাৰ দাসৰ উৎসাহ তথা কৰ্মৰাজিৰ বাবে বজালী অঞ্চলৰ সমূহ ৰাইজে তেখেতক সদায় স্মৰণ কৰি থাকিব বুলি কৈ ঋতুৰাজ ফুকনৰ দ্বাৰা ৰচিত গ্ৰন্থখনৰ বিষয়ে কিছু উল্লেখযোগ্য বক্তব্য ৰাখে আৰু গ্ৰন্থখনৰ অসমীয়া সংস্কৰণ অহা মাহৰ ভিতৰত প্ৰকাশ পাব বুলি ঘোষণা কৰে। এই গ্ৰন্থখন সমূহ শিক্ষক, ছাত্ৰ -ছাত্ৰী আৰু সকলো ৰাইজৰ বাবে এখন বহুমূলীয়া সম্পদ হ’ব বুলি তেওঁ কয়।

জিলা আয়ুক্ত ডাঙৰীয়াই তেওঁৰ চমু ভাষণত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে কিছু কৈ আজিৰ সভাখন তেওঁৰ বাবে চিৰস্মৰণীয় হৈ ৰব বুলি কয় – যিহেতু বজালীয়ে এনে এক উপহাৰ পাবলৈ সক্ষম হ’ল। তেওঁ বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ (Air Quality Management System)ৰ সদ্ব্যৱহাৰ কৰিবলৈ সকলো শিক্ষানুষ্ঠানক আহ্বান জনায়। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীৰঞ্জন চক্ৰৱৰ্তী ডাঙৰীয়াই।

mcf 6

 ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী‘ (Air Quality Management System) সম্পৰ্কে থোৰতে ক’বলৈ হ’লে:

বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী (Air Quality Management System) হৈছে এক সুসংগঠিত প্ৰণালী যাৰ জৰিয়তে চৰকাৰ, বিজ্ঞানী আৰু পৰিবেশ সংস্থাসমূহে কোনো অঞ্চল বা নগৰৰ বায়ুৰ মান নিৰীক্ষণ, বিশ্লেষণ, নিয়ন্ত্ৰণ আৰু উন্নত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে মানৱ স্বাস্থ্য, পৰিবেশ আৰু জলবায়ুক সুৰক্ষা দিয়া।

সহজ সৰলভাৱে ক’বলৈ হ’লে, এই প্ৰণালীটোৱে বায়ু দূষণ কিমান আছে, ক’ৰ পৰা আহিছে আৰু কেনেকৈ ইয়াক হ্ৰাস কৰিব পাৰি সেইবোৰ বিষয় বিজ্ঞানসম্মতভাৱে নিৰীক্ষণ আৰু পৰিচালনা কৰে।

প্ৰথমতে থাকে বায়ু দূষণ নিৰীক্ষণ (Monitoring)। বিভিন্ন নগৰ আৰু উদ্যোগিক অঞ্চলত স্থাপন কৰা বিশেষ যন্ত্ৰৰ জৰিয়তে বায়ুত থকা দূষক পদাৰ্থসমূহৰ মাপ লোৱা হয়।

 এইবোৰৰ ভিতৰত উল্লেখযোগ্য হৈছে Particulate Matter (PM2.5), Particulate Matter (PM10), Nitrogen Dioxide, Sulfur Dioxide, Carbon Monoxide আৰু Ozone। 

air quality 2

এই পদাৰ্থসমূহ অধিক পৰিমাণে থাকিলে বায়ু দূষিত হয় আৰু মানুহৰ স্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়।

দ্বিতীয় ধাপটো হৈছে তথ্য সংগ্ৰহ আৰু বিশ্লেষণ। নিৰীক্ষণ কেন্দ্ৰসমূহে সংগ্ৰহ কৰা তথ্যসমূহ বিজ্ঞানী আৰু পৰিবেশ সংস্থাসমূহে বিশ্লেষণ কৰে। তাৰ পিছত এই তথ্যৰ ভিত্তিত Air Quality Index (AQI) প্ৰকাশ কৰা হয়। 

AQI এ সাধাৰণ মানুহে সহজে বুজিব পৰা ধৰণে বায়ুৰ অৱস্থা দেখুৱায়—যেনে Good, Moderate, Poor বা Hazardous।

ভাৰতত এই ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰে Central Pollution Control Board (CPCB) নামৰ কেন্দ্ৰীয় সংস্থাই।

তৃতীয়তে আহে দূষণৰ উৎস চিনাক্তকৰণ। বিজ্ঞানীসকলে অনুসন্ধান কৰে যে বায়ু দূষণ ক’ৰ পৰা বেছি আহিছে। সাধাৰণতে ইয়াৰ উৎসসমূহ হৈছে যানবাহনৰ ধোঁৱা, উদ্যোগিক কাৰখানাৰ ধোঁৱা, নিৰ্মাণ কাৰ্যৰ ধূলি, ইটাভাটাৰ ধোঁৱা, আবৰ্জনা পুৰোৱা, বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু কৃষিক্ষেত্ৰত খেতিৰ অৱশিষ্ট পুৰোৱা আদি।

তাৰ পিছত চৰকাৰে নীতি আৰু নিয়ম (Policy and Regulation) প্ৰৱৰ্তন কৰে। উদাহৰণস্বৰূপে যানবাহনৰ ধোঁৱাৰ সীমা নিৰ্ধাৰণ, উদ্যোগসমূহত দূষণ নিয়ন্ত্ৰণ যন্ত্ৰ ব্যৱহাৰ বাধ্যতামূলক কৰা, নিৰ্মাণ কাৰ্যৰ ধূলি নিয়ন্ত্ৰণ কৰা, আৰু পৰিবেশ-বান্ধৱ পৰিবহন ব্যৱস্থা উন্নত কৰা আদি ব্যৱস্থা লোৱা হয়।

 ভাৰত চৰকাৰে ২০১৯ চনত আৰম্ভ কৰা National Clean Air Programme এই ক্ষেত্ৰত এটা উল্লেখযোগ্য পদক্ষেপ।

Air quality1

আধুনিক বায়ু ব্যৱস্থাপনা প্ৰণালীসমূহত পূৰ্বাভাস প্ৰণালী (Forecasting System) ও থাকে। ইয়াৰ জৰিয়তে আগতীয়াকৈ ক’দিনৰ বাবে বায়ুৰ অৱস্থা কেনেকুৱা হ’ব সেইটো অনুমান কৰিব পৰা যায়। ভাৰতত এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে Indian Institute of Tropical Meteorology।

এই সমগ্ৰ ব্যৱস্থাটোৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে সচেতনতা সৃষ্টি। সাধাৰণ নাগৰিকক বায়ুৰ অৱস্থা, স্বাস্থ্যৰ বিপদ আৰু দূষণ হ্ৰাস কৰাৰ উপায়সমূহৰ বিষয়ে জনোৱা হয়। আজিকালি বহুতো মোবাইল এপ আৰু ৱেবচাইটৰ জৰিয়তে বাস্তৱ সময়ত বায়ুৰ তথ্য পোৱা যায়।

বায়ু দূষণে মানুহৰ স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। ই বহুতো গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে, যেনে Asthma, Chronic Obstructive Pulmonary Disease, Lung Cancer আৰু Cardiovascular Disease। World Health Organization ৰ মতে, বায়ু দূষণৰ বাবে প্ৰতিবছৰে বিশ্বজুৰি লাখ লাখ মানুহৰ আগতেই মৃত্যু ঘটে।

দ্ৰুতগতিত বৃদ্ধি পোৱা নগৰসমূহৰ বাবে এই ব্যৱস্থাটো অতি গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে গুৱাহাটী নগৰত যানবাহনৰ সংখ্যা বৃদ্ধি, নিৰ্মাণ কাৰ্য বৃদ্ধি আৰু নগৰায়ণৰ ফলত বায়ু দূষণৰ সমস্যা ক্রমে বৃদ্ধি পাইছে। অইন নগৰসমূহতো এনে পৰিৱেশ আৰম্ভ হৈছে। সেয়েহে এনে নগৰসমূহত বিজ্ঞানসম্মত বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী অতি প্ৰয়োজনীয়।

Mahabahu Climate Logo
Mahabahu Climate Forum

মূলতঃ, বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী হৈছে বায়ু দূষণ নিৰীক্ষণ, তাৰ উৎস চিনাক্ত কৰা আৰু দূষণ হ্ৰাস কৰি মানুহৰ স্বাস্থ্য আৰু পৰিবেশ সুৰক্ষিত ৰাখিবলৈ ব্যৱহাৰ কৰা এটা বিজ্ঞানভিত্তিক আৰু নীতিনির্ভৰ ব্যৱস্থা। 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে লাভ কৰা ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী (Air Quality Management System)’ৰ দ্বাৰা কেৱল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেই নহয়, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী – গৱেষক, অইন শিক্ষানুষ্ঠানৰ শিক্ষক -অধ্যাপক- ছাত্ৰ-ছাত্ৰী সকলো উপকৃত হ’ব পাৰিব।

১০ মাৰ্চৰ সভাখনত মহাবাহু ক্লাইমেট ফোৰামৰ সমন্বয়ক তথা আন্তৰ্জাতিক ক্ষেত্ৰত স্বীকৃত জলবায়ু কৰ্মী শ্ৰীঋতুৰাজ ফুকনৰ দ্বাৰা লিখিত আৰু মহাবাহু ক্লাইমেট ফোৰামৰ দ্বাৰা প্ৰকাশিত “Everyday Climate Action: A Handbook for GenZ” খন প্ৰথমবাৰৰ বাবে পাঠশালাত উন্মোচন কৰি জিলা আয়ুক্তৰ হাতত অৰ্পণ কৰা হয়।

mcf 5
mcf 3
Climate Handbook Image

উল্লেখযোগ্য যে প্ৰতি দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় শিক্ষাদানৰ পটভূমিত প্ৰয়োজনীয় বুলি এই হাতপুথিখনৰ বাবে জিলা আয়ুক্ত শ্ৰীমৃদুল কুমাৰ দাসে বিশেষভাৱে অনুৰোধ জনাইছিল আৰু হেঁচা প্ৰয়োগ কৰিছিল আৰু তেওঁৰ সেই সপোন পূৰণ হ’ল – হাতপুথিখন তেওঁৰ হাতত পৰাৰ লগে লগে। হাতপুথিখন উন্মোচন কৰাৰ পিছত, সেইখন হাতপুথিয়ে বৃহত্তৰ অঞ্চলটোৰ শিক্ষক, অভিভাৱক,‌ছাত্ৰ-ছাত্ৰী সকলোৰে অভাৱ দূৰ কৰিব পাৰিব বুলি জিলা আয়ুক্ত আৰু বিশিষ্ট জলবায়ু কৰ্মী শ্ৰীআনন্দ খাটনিয়াৰে মত পোষণ কৰে। 

উল্লেখযোগ্য যে মহাবাহু ক্লাইমেট ফোৰাম-এ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সৈতেও বুজাবুজিৰ চুক্তি সম্পন্ন কৰি বিশ্ববিদ্যালয়খনৰ অধীনস্থ মহাবিদ্যালয় সমূহৰ বহুকেইখন মহাবিদ্যালয়ত শ্ৰীঋতুৰাজ ফুকনৰ নেতৃত্বত ‘গ্ৰীণ কেম্পাছৰ কাৰ্যসূচী’ আৰম্ভ কৰিছে আৰু এয়া হৈছে সমগ্ৰ উত্তৰ-পূব অঞ্চলত প্ৰথমবাৰৰ বাবে লোৱা পদক্ষেপ – আন্তৰ্জাতিক জলবায়ু সংস্থা ‘ক্লাইমেট ৰিয়েলিটি প্ৰজেক্ট’ৰ অধীনত। তাৰোপৰি মহাবাহু ক্লাইমেট ফোৰাম-এ ৩০ ঘণ্টীয়া তথা ১২০ ঘণ্টীয়া জলবায়ু ন্যায়- জলবায়ু কৰ্ম আদিৰ পাঠদানৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰি যাত্ৰা আৰম্ভ কৰিছে। তেওঁলোকৰ এই যাত্ৰাকালত বিশেষভাৱে সহায় সহযোগ আগবঢ়োৱা হেতুকে বজালী জিলাৰ আয়ুক্ত শ্ৰীমৃদুল কুমাৰ দাসক মহাবাহু ক্লাইমেট ফোৰাম-এ ভূয়সী প্ৰশংসা কৰাৰ লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

তাৰোপৰি অসম চৰকাৰৰ জলবায়ু পৰিৱৰ্তনৰ মন্ত্ৰী শ্ৰীচন্দ্ৰ মোহন পাটোৱাৰী, অসম চৰকাৰৰ বন- পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ বিশেষ মুখ্য সচিব শ্ৰী মহেন্দ্ৰ কুমাৰ যাদৱ, অসম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছোছাইটিৰ মুখ্য কাৰ্যকৰী বিষয়া ড° সত্যেন্দ্ৰ সিং, টেকনিকেল পৰামৰ্শদাতা ড° ৰিজৱান উজ্ জামান, উত্তৰ কামৰূপ সংমণ্ডলৰ ডি-এফ-অ’ শ্ৰীটি চি ৰঞ্জিৎ, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীৰঞ্জন চক্ৰৱৰ্তীকে ধৰি সকলোকে মহাবাহু ক্লাইমেট ফোৰামৰ আৰু ‘মহাবাহু’ৰ হৈ শ্ৰীঅঞ্জন শৰ্মাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

10-03-2026

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

 

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

by Anjan Sarma
July 16, 2026
0

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্জন শৰ্মা (এক) আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ...

Read moreDetails
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d