• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 13, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Reviews Book

বজালী বৈভৱ – এক অনন্য দস্তাবেজ !

ASSAMESE SECTION / BOOKS /Bajali Baibhav / বজালী বৈভৱ

by Editor
February 23, 2025
in Book, News, Special Report
Reading Time: 9 mins read
0
বজালী বৈভৱ – এক অনন্য দস্তাবেজ !
Share on FacebookShare on TwitterShare on LinkedIn

বজালী বৈভৱ – এক অনন্য দস্তাবেজ !

ডাঃ নয়নজিৎ ডেকা

Nayanjit Deka
ডাঃ নয়নজিৎ ডেকা

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন ২০২৫ উপলক্ষে অঞ্জন শৰ্মাৰ সম্পাদনাৰে প্ৰকাশিত ‘বজালী বৈভৱ‘ নামৰ স্মৃতিগ্ৰন্থখন বহু দিশত বহু কালৰ বাবে এক নজীৰবিহীন দস্তাবেজ হৈ ৰ’ব।

কেইবাটাও বিশেষ দিশেৰে এই গ্ৰন্থখন ঐতিহাসিক ভাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই গ্ৰন্থখনত বিশেষভাবে ঐশ্বৰ্যময় বজালী অঞ্চলৰ বিভিন্ন দিশ দাঙি ধৰিবলৈ সক্ষম হৈছে।

এশৰো অধিক লেখকে তেওঁলোকৰ মূল্যবান লেখাৰে গ্ৰন্থখন সমৃদ্ধ কৰি তুলিছে ,য’ত বজালীৰ নবীন লেখকৰ অধ্যয়নপুষ্টতাৰ প্ৰতিফলন হৈছে ।
বজালী বৈভৱ - এক অনন্য দস্তাবেজ 
কুমাৰ ভাস্কৰ বৰ্মাৰ তাম্ৰলিপিৰ পৰা ১৯৮৭ চনত পাঠশালাত অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি হিচাপে ড° মহেন্দ্ৰ বৰাই প্ৰদান কৰা কালোত্তীৰ্ণ ভাষণ, চন্দ্ৰপ্ৰভা শইকিয়ানীৰ জীৱন-বৃত্তৰ পৰা কামেশ্বৰ দাসলৈ, কালিদাস খাটনিয়াৰৰ পৰা দীননাথ শৰ্মালৈ, তেজীমলাক আৰু কাৰেঙৰ লিগিৰীক বজেইলাকৰণৰ পৰা আৰম্ভ কৰি কৃষ্ণ ৰয়ৰ সাক্ষাৎকাৰলৈ – সম্পাদক অঞ্জন শৰ্মাই সকলো দিশ সামৰি বজালীৰ ঐতিহাসিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক প্ৰতিচ্ছবি খন তুলি ধৰাত সফল হৈছে।

মনকৰিবলগীয়া কথাটো হ’ল বজালী বৈভৱৰ বিশাল কলেৱৰ! ১৪৪৮ পৃষ্ঠাৰ বজালী বৈভৱ নি:সন্দেহে অসম সাহিত্য সভাৰ সকলো অধিৱেশনত প্ৰকাশিত সকলো স্মৃতিগ্ৰন্থতকৈ বৃহৎ হৈছে আৰু অসমৰ ইতিহাসত সম্ভৱতঃ দুটা খণ্ডত প্ৰকাশিত একমাত্ৰ স্মৃতিগ্ৰন্থ ।

 বজালী বৈভৱ নামৰ স্মৃতিগ্ৰন্থখন লুটিয়ালে ভাব নহয় যে এইখন এখন সাধাৰণ স্মৃতিগ্ৰন্থ! কাৰণ, প্ৰকৃততে এইখন এখন ইতিহাসৰ গ্ৰন্থ, এইখন বজালীৰ ইতিহাস। আৰু প্ৰাচীন কামৰূপৰ তথা অসমৰ হৃদযন্ত্ৰস্বৰূপ বজালী অঞ্চলৰ ঐতিহাসিক দস্তাবেজ – ভৱিষ্যতৰ শিক্ষাৰ্থীৰ গৱেষণাৰ সমল।

RelatedPosts

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

July 13, 2025
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

July 13, 2025
The World Is Suffering From A Human Rights And Moral Crisis

The World Is Suffering From A Human Rights And Moral Crisis

July 13, 2025

আন এক দিশ হ’ল গ্ৰন্থখনৰ অনন্য আৰু উৎকৃষ্ট মুদ্ৰণ। যি কথা উন্মোচক দৈনিক অসমৰ সম্পাদক ড° হিতেশ ডেকাই উন্মোচনী ভাষণত উল্লেখ কৰিছে।সম্পূৰ্ণ আন্তৰ্জাতিক মানদণ্ডৰ মুদ্ৰণে গ্ৰন্থখনৰ সৌষ্ঠৱ বহুগুণে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এনেধৰণৰ দুটা খণ্ড ইমান সুন্দৰ ছপা-বন্ধাৰে বজালী বৈভৱে এক হাজাৰ গ্ৰন্থ প্ৰকাশৰ প্ৰতিশ্ৰুতিক ব্যতিক্ৰমী ৰূপত মান্যতা দিলে।ধন্য আদৰণি সমিতি – ধন্য সম্পাদক।

অসম সাহিত্য সভাৰ অধিৱেশনসমূহ আহে আৰু যায়, পাঠশালা অধিৱেশনো অতীত হ’ব, কিন্তু বহু যুগলৈ ৰৈ যাব ‘বজালী বৈভৱ’ নামৰ বিৰল স্মৃতিগ্ৰন্থখন। শুভেচ্ছা বাৰ্তা আৰু উপ-সমিতিসমূহৰ তালিকা, আলোকচিত্ৰ বাদ দি এইখন গ্ৰন্থ ইংৰাজী ভাষাতো অনুদিত হোৱাৰ প্ৰয়োজন আছে। সমগ্ৰ বজালীৰ প্ৰতিটো পৰিয়ালৰ সম্পদ স্বৰূপ বজালী বৈভৱ স্মৃতিগ্ৰন্থই আমাৰ ৰাজ্যত বজালীক নকৈ চাবলৈ আৰু বিশেষ স্থানত অধিস্থিত কৰাবলৈ যে সক্ষম হ’ব পাৰিব বুলি আমি আশাবাদী।

বজালী বৈভৱ স্মৃতিগ্ৰন্থখনৰ সৈতে জড়িত সকলোকে আমি আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলো।

গ্ৰন্থখনৰ ভিতৰত আছে:

বজালী বৈভৱৰ ভিতৰচ’ৰা

 • অসম সাহিত্য সভাৰ ত্ৰি-পঞ্চাশতম পাঠশালা অধিৱেশনৰ সভাপতি ড॰ মহেন্দ্ৰ বৰাৰ অভিভাষণ 

• বজালীৰ সু-সন্তান অসম হিতৈষী কামেশ্বৰ দাস/ ৰণজিৎ কুমাৰ দাস 

• বজালী জিলাত এভুমুকি /মৃদুল কুমাৰ দাস 

• প্ৰাগজ্যোতিষ, কামৰূপ, অসম নামৰ উৎপত্তি আৰু প্ৰাচীনত্বৰ পৰা বজালী জিলালৈ/ ড॰ নিশিপদ দেৱ চৌধুৰী 

• বৃহত্তৰ বজালী ঃ ভৌগোলিক ইতিহাস চিত্ৰণ/ড॰ বিকুল বৰ্মন 

• বজালীৰ জনগাঁথনি আৰু সমাজ ব্যৱস্থা / মুৰাৰি মোহন দত্ত 

• বজালী-ইতিহাসৰ পমখেদি / ড॰ উত্তম চন্দ্ৰ পাঠক 

• সৰ্বভাৰতীয় কথাত্ৰয়ী ঃ চমু আভাস / ড॰ লীনা গোস্বামী 

• স্বাধীনতা সংগ্ৰামত বজালী ঃ এক ঐতিহাসিক পুনৰ্বীক্ষণ / ড॰ প্ৰদ্যুন্ম শৰ্মা 

• অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত বজালীৰ অৱদান / ড॰ মনোৰঞ্জন দাস

• ভাস্কৰ বৰ্মাৰ ডুবি তাম্ৰশাসন আৰু ইয়াৰ পাঠ মূল্যায়ন / ড॰ কনক চন্দ্ৰ চহৰীয়া 

• ক্ৰমোত্থানৰ জখলাত পাঠশালা সাহিত্য সভা / প্ৰবোধ চন্দ্ৰ শৰ্মা

বজালী বৈভৱ - এক অনন্য দস্তাবেজ 

• অসম সাহিত্য সভাৰ ৫৩ তম পাঠশালা অধিৱেশন ঃ এক চমু ৰেঙনি / মনোমোহন শৰ্মা 

• পাঠশালা সাহিত্য সভাৰ মহীৰূহ ‘অমৃতৰ সন্তান’ সতীশ চন্দ্ৰ চৌধুৰী / মৃণালিনী দেৱী 

• শব্দকোষ আৰু ‘বজালীৰ শব্দকোষ’¸ এটি অৱলোকন / ড॰ দীপ্তি ফুকন পাটগিৰি 

• স্বাধীনতা আন্দোলন আৰু বজালীৰ মুক্তিযোদ্ধা / ৰোহিণী কুমাৰ শৰ্মা দলৈ 

• নৈ, জান-জুৰি আৰু আদ্ৰৰ্ভূমিৰে বিধৌত বজালী / শৰৎ চন্দ্ৰ তালুকদাৰ 

• বজালীৰ থলুৱা ভাষা / দিলীপ কুমাৰ ৰয় 

• সত্ৰ, সত্ৰীয়া সংস্কৃতি আৰু বজালীৰ সত্ৰসমূহ / কিশোৰ কুমাৰ দাস 

• প্ৰাচীন কামৰূপৰ হৃৎপিণ্ড ‘বজালী’ আজিও অসম্পূৰ্ণ / অঞ্জন শৰ্মা 

• অসম ছাত্ৰ সন্মিলনৰ আওতাত বজালী ছাত্ৰ সন্মিলন ঃ চমু অৱলোকন / ড॰ বসন্ত কুমাৰ শৰ্মা 

• অ’ মোৰ ওপজা ঠাই / সুৰেন্দ্ৰ নাথ শৰ্মা 

• বজালীৰ লোক-সংস্কৃতি / বসন্ত তালুকদাৰ 

• বজালীৰ প্ৰবাদ-প্ৰবচন, ফকৰা-যোজনা / ধীৰেন্দ্ৰ তালুকদাৰ 

• অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূৰ্ণাঙ্গ অধিৱেশনৰ আমন্ত্ৰণৰ ৰেঙনি / অতুল কলিতা 

• প্ৰৱাহমান কালদিয়া / ছেৰিফউদ্দিন আহমেদ 

• পোমাৰা-পহুমাৰা আৰু প্ৰকৃতি / ফণীধৰ তালুকদাৰ 

• বজালীৰ বৰ পুত্ৰ জুনা নাম / নাৰায়ণ চন্দ্ৰ গোস্বামী 

বজালী বৈভৱ - এক অনন্য দস্তাবেজ 

• বজালীত সাঁচিপাতৰ পুথি / হেমচন্দ্ৰ হালৈ 

• বজালীৰ গদ্য-চৰ্চা / ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী 

• ঐতিহ্যৰ আলোকত বজালীৰ থান, মঠ-মন্দিৰ আৰু দেৱালয় / ড॰ চাৰুলতা চৌধুৰী 

• বজালীৰ জনজাতীয় সমাজ ব্যৱস্থাত এভুমুকি /সুৰেন্দ্ৰ নাথ লাউজাৰী 

• ১৯৫২ চনৰ পৰা বৃহত্তৰ বজালীৰ জনপ্ৰতিনিধিসকল আৰু বিধানসভা নিৰ্বাচন /জিতেন্দ্ৰ কুমাৰ চৌধুৰী 

• বজালীৰ ইতিহাসত সংস্কৃত ভাষা / ড॰ খগেন্দ্ৰ নাথ দেৱ শৰ্মা

• কামৰূপী উপভাষা আৰু বজালীৰ স্থানীয় ভাষিক ৰূপ ঃ এটি অৱলোকন / ড॰ বিভা ভৰালী 

• শৈক্ষিক ক্ষেত্ৰত বজালী / গণেশ শৰ্মা

• বজালীৰ বক্ষৰ পৰাঃ অসমৰ আদিম জনগোষ্ঠী বড়োসকলৰ পৰিচয়,সমাজ আৰু সংস্কৃতি / ৰত্নেশ্বৰ বসুমতাৰী 

• ডুবি দেৱালয়ৰ ঐতিহ্যমণ্ডিত ‘দেৱদাসী নৃত্য’ /দিলীপ কাকতি 

• সাহিত্য, আনুবংশিক সাক্ষৰতা আৰু বজালীঃ এক চমুু অৱলোকন / যুগস্মিতা কাকতি 

• কামৰূপী ভাষাৰ বিৱৰ্তন, ধ্ৰুপদী অসমীয়া আৰু ভট্টদেৱৰ অৱদান / ৰেজাউল কৰিম 

• বজালীৰ বেণ্ডপাৰ্টিৰ পৰম্পৰা / নাগেশ্বৰ দাস 

• বজালী ঢুলীয়া দলৰ পৰম্পৰা / গিৰিজা মোহন কলিতা 

• বজালীৰ পুৰণি লোকধৰ্মী অনুষ্ঠান ওজাপালি / কামিনী মোহন শৰ্মা 

• বজালীৰ ৰাসোৎসৱঃ এক আলোচনা / ড॰ কৌশিক কুমাৰ ডেকা 

• বজালীৰ পৰিৱেশ্য কলা / গিৰীন্দ্ৰ পাটগিৰী 

• পাটাছাৰকুছি বিদ্যাপীঠ আৰু হৰেন্দ্ৰ নাথ শৰ্মা / গংগাপদ চৌধুৰী 

• প্ৰজ্ঞা পথিকৃৎ হেডমাষ্টৰ লক্ষ্মীকান্ত দাস/ ৰত্নেশ্বৰ তালুকদাৰ 

• বজালীৰ জ্যোতিষ চৰ্চা / কিশোৰ কুমাৰ শৰ্মা 

• সামাজিক উত্তৰণত বজালীৰ শাখা সাহিত্য সভাসমূহ / ৰামকৃষ্ণ তালুকদাৰ 

• বৃহত্তৰ বজালীৰ বীৰনামৰ ঐতিহ্য / ৰবীন দাস 

• বজালীৰ কৃষিক্ষেত্ৰ ঃ সংশয় আৰু সম্ভাৱনা সতীশ তালুকদাৰ 

• বজালীত মহাবিষ্ণু যজ্ঞঃ এক চমু আলোচনা/ ড॰ কৰুণা মোহন শৰ্মা 

• বজালীৰ সভা পৰম্পৰা / হিমাংশু ৰণা পাটগিৰি 

• সম্প্ৰীতিৰ স্থান বজালী / ড॰ সৰোজ মোহন দাস 

• বজালীৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ চমু আভাস / প্ৰমোদ শৰ্মা 

• বজালীৰ ৰাজহুৱা পুখুৰীঃ এক ক্ষেত্ৰভিত্তিক অধ্যয়ন / প্ৰণৱ কুমাৰ গোস্বামী 

• শিপাৰ অনুসন্ধানত বজালীত বংশাৱলীৰ দস্তাবেজ আৰু পূৰ্বপুৰুষৰ ইতিহাস / অংশু আগৰৱালা 

বজালী বৈভৱ - এক অনন্য দস্তাবেজ 

• পাঠশালাৰ চন্দ্ৰ চৌধুৰীঃ এগৰাকী অবিস্মৰণীয় ব্যক্তি / কৃষ্ণ ৰয় 

• কাব্যক্ষেত্ৰত বজালী / প্ৰদীপ শৰ্মা

• বজালীত স্ত্ৰী শিক্ষাৰ আনুষ্ঠানিক প্ৰসাৰঃ থোঁৰতে এটি অবলোকন / ড॰ বিনীতা বৰা দেৱচৌধুৰী 

• বজালীৰ শ্বেত বিপ্লৱৰ অবিৰত যাত্ৰা আৰু গ্ৰাম্য অৰ্থনীতিত ইয়াৰ প্ৰভাৱ / শ্ৰীপদ চৌধুৰী 

• কামেশ্বৰ দাসঃ জীৱন পৰিক্ৰমা / সত্যেন তালুকদাৰ 

• আলোক চিত্ৰত উজ্জীৱিত বজালীৰ প্ৰাচুৰ্য্যময় বৈভৱৰ কিয়দংশ 

• সাহিত্য অকাডেমী বঁটাৰে বিভূষিত ড॰ দীপক কুমাৰ শৰ্মাৰ ‘ভাস্কৰচৰিতম্‌’ঃ ডুবি তাম্ৰলিপি / ড॰ ৰুণিমা শৰ্মা 

• অসম সাহিত্য সভালৈ [বাৰ্ষিক অধিৱেশন] পাঠশালা সাহিত্য সভাৰ প্ৰতিনিধিত্ব / চক্ৰপাণি কলিতা

• অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন আৰু এক মিঠা অভিজ্ঞতা / স্বপন তালুকদাৰ 

• বজালীৰ নাট্য চৰ্চা / নিতুল কুমাৰ মেধি 

• কামৰূপী লোকগীতলৈ বজালীৰ শিল্পীৰ অৱদান / বসন্ত পাটগিৰি 

• বজালীৰ জ্যোতি / হৰ্ষজিৎ কলিতা 

• স্থায়ী ৰঙ্গমঞ্চই সমৃদ্ধ কৰিছে বজালীৰ নাট্য আন্দোলনক / পুলু কুমাৰ শৰ্মা 

• বজালীৰ চন্দ্ৰপ্ৰভা শইকীয়ানীঃ এক ব্যতিক্ৰমী জীৱন পৰিক্ৰমা / মৌচুমী দত্ত খাটনিয়াৰ 

• বজালীৰ ৰতনপুৰৰ মহাৰত্ন প্ৰেমনাৰায়ণ / কুমাৰ দীপক দাস 

• বজালীৰ ভৌগোলিক ঐতিহ্যত এভুমুকিঃ এক অৱলোকন / ড॰ ভূপেন্দ্ৰ তালুকদাৰ 

• বজালীৰ ভাষিক বৈশিষ্ট্য / ড॰ কল্পনা পাঠক তালুকদাৰ 

• বজালীৰ গৌৰৱ, মহিলা কাব্য জ্যোতিষ্কঃ যমুনেশ্বৰী খাটনিয়াৰ / পুষ্পাঞ্জলি শিৱম শৰ্মা 

• বজেইলা ভাষাত ‘তেজীমলা’ /ড॰ নমিতা চৌধুৰী

Pathsala Sahitya

• বজালীৰ স্বেচ্ছাসেৱী অনুষ্ঠান / অনিল ডেকা

• বজালী জিলাৰ পুথিভঁৰালঃ সংশয় আৰু প্ৰত্যাহ্বান / নৱকান্ত কলিতা 

• ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰ আৰু বজালী / তিলক চন্দ্ৰ তালুকদাৰ 

• বজালীৰ এটি গুপ্ত ভাষা / ধীৰেন্দ্ৰ তালুকদাৰ 

•বজেইলা ভাষাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰী / বিভা দেৱী 

• বজালীৰ শৈল্পিক পৰম্পৰা– এক বিহংগম বিশ্লেষণ / লক্ষ্মী দাস 

• বজালীৰ সৈতে কাঁহশিল্পৰ পীঠস্থান সৰ্থেবাৰীৰ সম্পৰ্ক / চক্ৰেশ্বৰ ডেকা 

• বজালী টিহু অঞ্চলৰ আৰ্থ-সামাজিক উত্তৰণত উদ্যোগৰ ভূমিকা / নৱ কুমাৰ তালুকদাৰ 

• কামেশ্বৰ দাসৰ পৰা ৰণজিৎ কুমাৰ দাসলৈ বিধান সভাত ১৯৩৭ চনৰ পৰা ২০২৫ বৰ্ষলৈ বজালীৰ বিধায়কৰ কণ্ঠ আৰু কৃতিত্বঃ ৰাণা ডেকা 

• বজালীৰ অৰ্থনীতিত তামোল-পাণঃ সংশয়, প্ৰত্যাহ্বান আৰু সম্ভাৱনা / গৌতম গোস্বামী 

• বিজ্ঞানৰ জগতলৈ বজালীৰ অৱদান / টিকেন্দ্ৰনাথ কলিতা 

• ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰ আৰু বজালীৰ সাংস্কৃতিক প্ৰেক্ষাপট / পুৰন্দৰ পাটগিৰি 

• বজালীত মূকাভিনয় শিল্প চৰ্চাৰঃ এক চমু অৱলোকন / ড॰ কুলদীপ পাটগিৰি 

• নাট্যসাহিত্য আৰু বজালীঃ এক অধ্যয়ন / ড॰ হিৰুমনি কলিতা 

• বজালীৰ তপোবনঃ মানৱতাৰ মানচিত্ৰত এক নব্য ধাৰা ) কল্যাণ কলিতা 

• বজালীৰ ব্যক্তিগত শিক্ষানুষ্ঠানঃ প্ৰত্যাশা, সংশয় আৰু সম্ভাৱনা ) অখিল কাকতি 

•অৰ্থনৈতিক দৃষ্টিৰে বজালীৰ বাণিজ্য / গোপাল জালান 

• বাণী প্ৰকাশৰ স্ৰষ্টা-দ্ৰষ্টা ‘অম্বিকাপদ চৌধুৰী’ /ধীৰাজ গোস্বামী 

• প্ৰকৃতি প্ৰেমৰ নিদৰ্শনেৰে বিশ্ব দৰবাৰত উজ্বলি উঠা অসম কন্যা ‘হাড়গিলা বাইদেউ’ ড॰ পূৰ্ণিমা দেৱী বৰ্মন / শৰ্মিষ্ঠা দাস 

• ২ অক্টোবৰ আৰু বজালীয়ানৰ অগ্ৰগতি / নিশান্ত নিতুল 

• বজালীৰ পৰ্যটন ক্ষেত্ৰসমূহৰ এক চমু ৰেঙনি / গিৰিধৰ চৌধুৰী

• অসমীয়া লোক-সংস্কৃতি আৰু বজালীৰ পাউৰা তোলা উৎসৱ / কন্দৰ্প কুমাৰ শৰ্মা 

• ৰতন লহকৰ / এলে’ ডি ফিগো 

• আৱাহনৰ স্ৰষ্টা দীননাথ শৰ্মা আৰু সমকালীন সংকট / পৰমানন্দ মজুমদাৰ 

• অসমৰ বৌদ্ধিক ইতিহাসৰ উজ্জ্বল নক্ষত্ৰ ৰতনপুৰীয়া ভবানন্দ দত্ত / ড॰ নঞ্জু দত্ত 

• আশী-নব্বৈ দশকৰ পাঠশালা- সৰু, সৰু অভিজ্ঞতা আৰু সফলতা / ড॰ ভাস্কৰ চৌধুৰী 

• গ্ৰন্থ প্ৰকাশন আৰু বজালীঃ এক ক্ষেত্ৰভিত্তিক অধ্যয়ন / বিভাংশু শৰ্মা

• ঐতিহ্যময় পাঠশালা ৰেল ষ্টেচন বিক্ষিপ্ত দৃষ্টিৰে / নয়নজিৎ ডেকা 

• বজালীৰ মাজেৰেই আছিল গোঁহাই কমল আলি / মৃদুল তালুকদাৰ [ভাই] 

• বজালীৰ ঐতিহ্যপূৰ্ণ মৃৎশিল্প / চম্পক কাকতি

• পাঠশালা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ সম্ভাৰ / ধীৰাজ তালুকদাৰ 

• বজালীৰ ক্ৰীড়াঃ এক চমু আলোকপাত / চিন্ময় শৰ্মা আৰু নিপন দাস 

• বৃহত্তৰ বজালীৰ তাহানিৰ প্ৰাকৃতিক পৰিৱেশ, জীৱন ধাৰণ আৰু ভৱিষ্যতৰ সম্ভাৱনা / আনন্দ খাটনিয়াৰ

• বৌদ্ধিক যাত্ৰাৰ অগ্ৰদূত কমলা প্ৰেছ / কৈলাস চৌধুৰী 

• অসম সাহিত্য সভাৰ সভাপতিসকলৰ ভাষণৰ কিয়দাংশ / ড॰ জগদীশ পাটগিৰী 

• বজালী অঞ্চলৰ শিশু নাটৰ বিৱৰ্তন / প্ৰফুল্ল বৰ্মন 

• ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতামহ অচ্যুত লহকৰ/ অশোক আগৰৱালা 

• বজালীৰ বিদ্যায়তনিক-সামাজিক পৰিমণ্ডলৰ দুই মহীৰূহ / পৰেশ দেৱ চৌধুৰী 

• মহানগৰীৰ বুকুত বজেলীয়া সমাজ / উৎপল শৰ্মা 

• বজালীৰ গীত-মাত / ড॰ বিপুল কাকতি 

• বজালীৰ হৃৎপিণ্ড পাঠশালা / নৱজ্যোতি শৰ্মা 

• পাঠশালাৰ গৌৰৱ- অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ / কমল কুমাৰ ভাগৱতী

• বস্ত্ৰশিল্প আৰু বজালী / মৃণাল চন্দ্ৰ কলিতা 

• বনৌষধি হিচাপে বজালী অঞ্চলৰ থলুৱা অসমীয়া শাক আৰু ব্যক্তিস্বাস্থ্যত ভূমিকা / সংহিতা তালুকদাৰ 

• বজালীত চিকিৎসা ব্যৱস্থা, তাহানি আৰু আজি / ডাঃ হিতেশ তালুকদাৰ 

• বজালীৰ নাভিকেন্দ্ৰ পাঠশালা নগৰৰ ক্ৰমবিৱৰ্তনৰ ধাৰা / ড॰ জ্যোতিষ্ময় বৰা 

• আজাদ হিন্দ ফৌজৰ লেফটেনেণ্ট, মুক্তিযোদ্ধা উমেশ চন্দ্ৰ দেৱচৌধুৰী – এটি চমু পৰিচয় / ৰঞ্জিত দাস 

•অসমৰ নাট্য ইতিহাসত বজালীৰ নাট্য-চৰ্চা / নৰেন পাটগিৰি 

• বজালী মহাবিদ্যালয়ৰ পৰা ভট্টদেৱ বিশ্ববিদ্যালয়লৈ / অৰিন্দম তালুকদাৰ 

• কিম্বদন্তীত বজালীৰ পৰিচয় / ভূপেন্দ্ৰ কুমাৰ দাস 

•সংগীত চৰ্চা আৰু বজালী / দ্বীপক বৰুৱা

• ‘অতীত নিৰ্মাণ কৰিব নোৱাৰিলেও ভৱিষ্যৎ নিৰ্মাণ কৰিব পাৰে মানুহে’ / কৃষ্ণ ৰয়ৰ সৈতে গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰ 

• অন্যান্য 

গ্ৰন্থখনৰ প্ৰাপ্তি স্থান: বৰ্ণ, পাণবজাৰ, গুৱাহাটী 

ফোন নং: +91 80110 14858

Bajali Baibhav 5

03-02-2025

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Editor

Editor

Related Posts

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average
Climate Change

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

by Kakali Das
July 13, 2025
0

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average KAKALI DAS KAKALI DAS...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

July 13, 2025
The World Is Suffering From A Human Rights And Moral Crisis

The World Is Suffering From A Human Rights And Moral Crisis

July 13, 2025
aerial photography of water beside forest during golden hour

Women Economic Forum for Mediterranean 2025: empowering change from Palermo (Sicily, Italy)

July 13, 2025
Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

July 12, 2025
বাংলাদেশৰ অসমীয়া

বাংলাদেশৰ অসমীয়া

July 12, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
RACHNA NATH from ASSAM Selected for Analog Astronaut Mission

Rachna Nath in conversation with Mahabahu

July 13, 2025
WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

July 13, 2025
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

July 13, 2025
The World Is Suffering From A Human Rights And Moral Crisis

The World Is Suffering From A Human Rights And Moral Crisis

July 13, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12778 shares
    Share 5111 Tweet 3194
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    596 shares
    Share 238 Tweet 149
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1608 shares
    Share 643 Tweet 402
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1278 shares
    Share 511 Tweet 320
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3224 shares
    Share 1290 Tweet 806
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5661 shares
    Share 2264 Tweet 1415
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2249 shares
    Share 900 Tweet 562
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    994 shares
    Share 398 Tweet 249
  • Global Outcry Over Iran’s Attack on Israel: The Escalating Middle East Tensions

    165 shares
    Share 66 Tweet 41
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    206 shares
    Share 82 Tweet 52
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d