বন্দীশালত নাৰী, জীৱন আৰু স্বাধীনতা
হেমেন দাস
১৯৮২ চন ৷ ইৰাণৰ জেনজান চহৰ ৷
ইৰাণত চৰকাৰ বিৰোধী প্ৰতিবাদ কৰা কাৰণে প্ৰতিবাদকাৰীসকলক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা বাতৰি আহি আছিল টেলিভিছনৰ পৰ্দাত ৷ এজনী ৯ বছৰীয়া ছোৱালীয়ে চাই আছিল মাকৰ ফালে ৷ মাকৰ চকু আছিল টেলিভিছনৰ পৰ্দাত ৷
হঠাৎ মাকে মজিয়াত বাগৰি বাগৰি কান্দিবলৈ ধৰিলে৷ ৯ বছৰীয়া ছোৱালীজনীয়ে গম পালে তেওঁলোকৰ মোমায়েক এগৰাকীকো ইৰাণ চৰকাৰে প্ৰাণদণ্ড দিছে ৷ ইৰাণ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে ৷
অলপ শান্ত হোৱাৰ পিছত মাকে নিজৰ ৯ বছৰীয়া ছোৱালীজনীক সাৱটি ধৰি তাইক পৰম আকুলতাৰে কলে, ডাঙৰ হ’লে যাতে কোনো কাৰণতে ইৰাণ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে ৷
বছৰীয়া ছোৱালীজনী মৌন হৈ ৰ’ল ৷ মনলৈ কোনো ভয়ৰ ভাব নহা এই ছোৱালীজনীৰ মনত মাথো জাগি উঠিল প্ৰতিবাদৰ তীব্ৰ আকাংক্ষা ৷ মানসপটত চিৰদিনৰ কাৰণে সজীৱ হৈ ৰ’ল মাকে মজিয়াত বাগৰি বাগৰি কন্দা দৃশ্য ৷ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ মোমায়েকে নিজৰ প্ৰাণ আহুতি দিবলগীয়া হোৱাৰ মমাৰ্ন্তিক কাহিনী৷
দিন বাগৰিল৷ ইৰাণৰ কৰোণ নদীৰ বুকুৰে বহুপানী বৈ গ’ল৷ নব্বৈৰ দশকত ছোৱালীজনী ভৰ্ত্তি হ’ল কোৱাজভিনৰ ইমাম খোমেইনি বিশ্ববিদ্যালয়ত, পদাৰ্থ বিজ্ঞানৰ ছাত্ৰী হিচাবে৷ মনৰ পৰা কেতিয়াও দুৰ ন’হল স্বাধীনতাৰ সপোন ৷
মুক্তভাবে জীৱন যাপন কৰাৰ সপোন৷ নাৰী হিচাবে পূৰ্ণ অধিকাৰ লৈ জীয়াই থকাৰ সপোন৷ বিশ্ববিদ্যালয় চৌহদত তৎপৰ হৈ থাকিল মানৱাধিকাৰ প্ৰসঙ্গত৷ চৌহদতেই লগ পালে তাঘি ৰহমানিক ৷ আন এজন মানৱাধিকাৰ কৰ্মী ৷ ১৯৯৯ চনত দুয়ো বিবাহপাশত আৱদ্ধ হ’ল৷ ২০০৬ চনত জন্ম পালে দুটা যমজ সন্তান৷ এজনী ছোৱালী, এজন ল’ৰা৷
ইতিমধ্যে ইৰাণৰ ৰাজনৈতিক দৃশ্যপট সলনি হ’ল৷ ২০০৫ চনত মহম্মদ আহমেদিনেজাদ ইৰাণৰ ৰাষ্ট্ৰপতি হ’ল৷ শাসনতন্ত্ৰ হৈ পৰিল সম্পূৰ্ণভাবে একনায়কত্ববাদী৷ আনহাতে এই ছোৱালীজনীয়ে চাকৰিৰ মাজে মাজে লিখি থকাৰ উপৰিও সক্ৰিয়ভাবে জড়িত হৈ পৰিছিল Defenders of Human Right Centre নামৰ এটা মানৱাধিকাৰ সংগঠনৰ সতে, যিটো সংগঠনৰ সভানেত্ৰী আছিল শিৰিন এবাদি ৷
২০০৩ চনৰ শান্তিৰ নোবেল বটা বিজয়ী প্ৰথম গৰাকী ইৰাণী মহিলা৷ দৰাচলতে ১৯৯৭ চনৰ পৰাই ইৰাণৰ মহিলাসকলৰ মুক্ত চালচলন পুনৰাই বন্ধ হৈ পৰিছিল৷ হিজাব বা বোৰ্খা পিন্ধাটো ইৰাণৰ মহিলাসকলৰ বাবে হৈ পৰিছিল বাধ্যতামূলক ৷ যিমানেই নাৰীসকলৰ স্বাধীনতা খৰ্ব্ব কৰিবলৈ চৰকাৰে চেষ্টা কৰিছিল, সিমানেই শিৰিন এবাদি নেতৃত্বাধীন ডিফেণ্ডাৰছ অব হিউমেন ৰাইটছ্ চেণ্টাৰে তীব্ৰ কৰি তুলিছিল তেওঁলোকৰ প্ৰতিবাদী আন্দোলন ৷
২০০৮ চনত ইৰাণ চৰকাৰে শিৰিন এবাদিৰ সংগঠনক নিষিদ্ধ ঘোষণা কৰে ৷ তেতিয়া এই সংগঠনৰ উপ-সভানেত্ৰী এই ছোৱালীজনী৷ তেতিয়ালৈ দুটা সন্তানৰ মাতৃ ৷ ২০০৯ চনত শিৰিন এবাদি ফ্ৰান্সলৈ দেশান্তৰ হ’ল ৷ এই ছোৱালীজনীৰ পাছপোৰ্ট বাজেয়াপ্ত কৰা হ’ল৷ গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হ’ল তেহৰানৰ এভিন বন্দীশাললৈ৷
১৪ বছৰ বন্দীশালৰ জীৱন কটাই গিৰিয়েক তাঘি ৰহমানি দেশান্তৰ হ’ল লৰা-ছোৱালী দুটিৰ সতে, ফ্ৰান্সলৈ ৷ মাজে মাজে মুক্তি পালেও, বছৰ বছৰ ধৰি বন্দীশালত থাকিল এই গৰাকী প্ৰতিবাদকাৰী মহিলা মানৱাধিকাৰ কৰ্মী ৷ ইৰাণ চৰকাৰে কাঢ়ি নিলে তেওঁৰ চাকৰি৷ পৰিয়াল ৷ স্বাধীনতা ৷ তেতিয়ালৈ গ্ৰেপ্তাৰ হৈছে ১৩ বাৰ ৷ বিচাৰকৰ দৃষ্টিত দোষী সাব্যস্ত হৈছে ৫ বাৰ ৷
ফলত তেওঁৰ ওপৰত ঘোষিত হৈছে ৩১ বছৰৰ জেল, ১৫৪ বাৰ চাবুকৰ কোব ৷ তথাপিও হাৰ মনা নাই এইগৰাকী প্ৰতিবাদকাৰীয়ে ৷ জেলৰ পৰাই গোপনে পঠিয়াইছে বিবৃতি ৷ স্বাধীনতা হৰণৰ প্ৰতিটো ঘটনাৰ প্ৰতিবাদ কৰি ৷ প্ৰতিবাদ কৰিছে মাহসা আমিনৰ মৃত্যুৰ ৷ যিগৰাকী মহিলাক তেহৰাণৰ ৰাজপথত ২০২২ চনৰ চেপ্তেম্বৰত মূৰত আঘাত কৰি ইৰাণ চৰকাৰৰ পুলিছে মৃত্যুমুখলৈ ঠেলি দিছিল ৷
অপৰাধ আছিল বোৰ্খাৰ ফাঁকেৰে ওলাই আছিল মাহসা আমিনৰ চুলি, যিটোৰ বিষয়ে জ্ঞাতই নাছিল মাসনা আমিন ৷ বন্দীশালৰ পৰাই মাসনা আমিনৰ ঘটনাৰ প্ৰতিবাদ কৰিছিল এই গৰাকী সাহসী মহিলাই ৷ কেৱল এইয়াই নহয়, এভিন বন্দীশালত থকা আন ১২ গৰাকী মহিলাৰ জীৱনৰ দুদ্দৰ্শা বৰ্ণাই লিখি উলিয়াইছে ‘White Torture‘ নামৰ এখন কিতাপ ৷
কাব্যিক ব্যঞ্জনাৰে পূৰ্ণ উপন্যাসসম বাস্তৱ বিৱৰণে কপাই তুলিব সকলোৰে হৃদয়৷ এই কিতাপখনৰ পাতে পাতে লিপিবদ্ধ হৈ আছে ইৰাণত কেনেদৰে নাৰী স্বাধীনতা খৰ্ব্ব হৈ আছে ৷ কেনেদৰে স্বাধীনভাবে জীৱন যাপন কৰাৰ পৰা বঞ্চিত হৈ আছে ইৰাণৰ মহিলা ৷ ‘White Torture’ এনে অসুৰক্ষিত, স্বাধীনতাহীন ইৰাণৰ মহিলাৰ দুখ-বেদনাৰ জীৱন্ত দলিল ৷ নাৰী, জীৱন আৰু স্বাধীনতা য’ত মূলমন্ত্ৰ ৷
২০২৩ চন ৷ ৬ অক্টোবৰ ৷
নৰৱেজান নবেল সমিতিৰ দ্বাৰা ঘোষিত হ’ল২০২৩ চনৰ শান্তিৰ নোবেলবঁটা প্ৰাপকৰ নাম ৷ বঁটা-প্ৰাপকৰ নাম ঘোষণা কৰিবলৈ অহিল নৰৱেজান নবেলবঁটা সমিতিৰ সভানেত্ৰী বেৰাইট ৰেই এণ্ডাৰছন ৷ ২০২৩ চনৰ শান্তিৰ বঁটা বিজয়ীৰ নাম ঘোষণা কৰিবলৈ আহি প্ৰথমেই ক’লে- “জান, জিন্দেগী, আজাদী৷ Women-life-Freedom ৷”
কাৰো বুজিবলৈ বাকী নাথাকিল ইৰাণৰ এভিন বন্দীশালৰ কুঠৰীত নিসঙ্গ জীৱন যাপন কৰি থকা নাৰ্গিছ মহম্মদী ২০২৩ চনৰ শান্তিৰ নোবেল বঁটা বিজয়নী ৷ এণ্ডাৰছনে কৈ গ’ল ‘The Norwegian Nobal Committee has decided to award the Nobel Peace Prize ২০২৩ to Narges Mohammdi for her fight against the ohpression of women in Iran and her fight to promote human rights and freedom for all’ !
ইৰাণৰ মহিলাসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে আৰু মানৱ অধিকাৰ আৰু সকলোৰে স্বাধীনতাৰ বাবে যুঁজ দিয়া সেই গৰাকী মহিলাক শান্তিৰ নোবেল বঁটা দিয়া হ’ল, যি গৰাকীয়ে মাথো ৯ বছৰতেই দেখিছিল মাকে, মোমায়েকক হেৰুৱাই মজিয়াত বাগৰি বাগৰি কন্দা৷ বঁটা দিয়া হ’ল সেইগৰাকী মহিলাক, যি গৰাকীৰ মানসপটত আজিও সজীৱ হৈ আছে প্ৰতিবাদত ভাগ নলবলৈ মাতৃ হৃদয়ৰ আকুল আহ্বান আৰু সমসাময়িকভাবে সেই সময়তেই মনৰ মাজত জ্বলি উঠা ক্ষোভৰ অগনি ৷
নাৰ্গিছ মহম্মদী ৷ এক অসাধাৰণ মহিলা ৷ পুত্ৰ-কন্যা, পৰিয়াল, নিজৰ চাকৰি, স্বাচন্দ্যময় জীৱন, সকলো হেৰুৱাই বন্দীশালৰ বন্ধ কুঠৰীত বছৰৰ পিচত বছৰ পাৰ কৰিও যি কব পাৰে- “বন্দীশালৰ খিৰিকীয়েদি তেহৰাণৰ উত্তৰ দিশৰ পাহাৰৰ গছ-ফুলবোৰ চাওঁ৷ খিৰিকীৰ ফাঁকেৰে চোৱাখিনিয়েই মোৰ বাবে পৃথিবী৷ মুক্ত ইৰাণৰ সপোন দেখাৰ সেয়াই মোৰ সম্বল৷ চৰকাৰে মোক আৰু অধিক শাস্তি দিয়ক ৷ আৰু অধিক কাঢ়ি লওক মোৰ স্বাধীনতা, যাতে মই হৈ উঠিব পাৰো আৰু বেছি বদ্ধ পৰিকৰ৷ গনতন্ত্ৰ ইৰাণলৈ উভতাই আনিবই লাগিব৷ ইৰাণৰ নাৰীয়ে স্বাধীনতা পাবই লাগিব৷”
নাৰী, জীৱন আৰু স্বাধীনতাৰ মন্ত্ৰেৰে দীক্ষিত নাৰ্গিছ মহম্মদিৰ কণ্ঠ এতিয়া মাথো বন্দীশালৰ মাজত আৱদ্ধ হৈ থকা তিনিটা শব্দ নহয় ৷
২০২৩ চনৰ শান্তিৰ নোবেল বঁটাৰ ঘোষণা এই তিনিটা শব্দেৰে আৰম্ভ কৰাৰ অৰ্থই হ’ল নাৰ্গিছ মহম্মদী, শ্বিৰিণ এবাদীয়ে নেতৃত্ব দিয়া ইয়াৰ নাৰী জীৱন আৰু স্বাধীনতাৰ বাবে হোৱা গণ-আন্দোলনৰ সেই আমোঘ বাণী ‘নাৰী, জীৱন, স্বাধীনতা’ লৈ বিশ্বজনীন স্বীকৃতি৷ এতিয়া অপেক্ষা মাথো প্ৰাপ্তিৰ ৷ নাৰী, জীৱন আৰু স্বাধীনতাৰ প্ৰাপ্তি, বন্দীশালৰ বেৰ ভাঙি ৷
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)