-মানস প্রতিম দত্ত |
চ’ত মাহ অহাৰে পৰা আমাৰ মনত এক বুজাব নোৱাৰা আনন্দই ঘৰ সাজে। কিমান দিনৰ পাছত যে যান্ত্রিক নগৰ এৰি পুনৰ গাঁৱৰ সুকোমল সেউজীয়াৰ সুবাস পাম তাৰেই ভাৱনা-বিলাসে আমাৰ মনাকাশ চুই যায়। কিন্তু আজি দুবছৰ মানৰ পৰা যেতিয়া এই সময়ছোৱাত ঘৰলৈ যাওঁতে গাড়ীৰ খিৰিকীৰে চালেই দেখা পাওঁ যে বিভিন্ন নদীৰ বালিচৰৰ পৰা বালি কঢ়িওৱা ট্রাকৰ সঘন আহ-যাহ। এই বালি কঢ়িওৱা গাড়ীবোৰৰ লগতে মৃদু বতাহে সমগ্র পথছোৱা ধূলিময় কৰি তোলে। মনত ভাৱো যান্ত্রিকতা আৰু প্রকৃতিৰ প্রতি কৰা অত্যাচাৰে যেন প্রসাৰহে লাভ কৰিছে, মানুহৰ মন সংকুচিত হৈ আহিছে দায়িত্ববোধৰ পৰা। অৱশ্যে যেতিয়াই আপোন গাঁৱখনত ভৰি দিও তেতিয়াই যেন পুনৰ ভাবো এয়াইটো আমাৰ চিনাকী ঠাইৰ চিনাকী প্রকৃতি। গাঁৱত প্রায়ে এটা কথা লক্ষ্য কৰোঁ যে, তাতো সম্পদৰ অবাধ ব্যৱহাৰ নোহোৱা নহয়, কিন্তু সম্পদৰ ভৰাঁলস্বৰূপ গ্রাম্য অৰণ্যসমূহৰ উপৰিও প্রত্যক্ষভাৱেই হওঁক বা পৰোক্ষভাৱেই হওঁক সংৰক্ষণৰ কামটো মানুহে নিয়মিতভাৱে নিজা অজ্ঞাতেই কৰি আহিছে। কণ কণ ল’ৰাবোৰে মন গ’লেই পুলি এটা ৰুইছে, সেয়া লাগিলে পাতাবাহৰেই হওঁক বা অন্য পুলিয়েই হওঁক। জ্যেষ্ঠসকলেও ঘৰৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য বাহ গছ, কদম গছ, আজাৰ গছ, চোম গছ, নুনী গছ, শিমলু গছ আদিৰ পুলি ৰোৱা দেখা যায়।
চ’ত-ব’হাগ মাহ মানেই এপ্রিল মাহ। এই সময়ছোৱাত বিল জলাশয় আদিত মাছ ধৰাটো একেবাৰে নিষেধ। ১৯৫৩ চনত বলৱৎ হোৱা আৰু ২০০৫ চনত সংশোধন হোৱা অসম মীন আইন অনুসৰি ১ এপ্রিলৰ পৰা ১৫ জুলাইলৈকে মাছ ধৰাটো নিষেধ যদিও বিভিন্ন স্থানত প্রায়েই মাছ ধৰা দেখা যায়। প্রশাসনৰ বিষয়টোৰ প্রতি সতর্ক দৃষ্টি দিয়াৰ প্রয়োজন আছে যদিও বহু সময়ত প্রশাসনৰ সন্মুখতে এই সময়ছোৱাত স্থানীয় মাছ মুকলিকৈ বিক্রী কৰাও দেখা যায়। প্রজননৰ সময়ত এনেদৰে মাছ ধৰাৰ পৰা বিৰত নথকাৰ ফলত স্থানীয় মাছৰ সহজলভ্যতাৰ কথাসমূহ এদিন সাধু কথালৈ পৰিণত হোৱাৰ উপক্রম হৈছে। এই ক্ষেত্রত প্রশাসনে সজাগতামূলক কার্যসূচীৰ লগতে কঠোৰ শাস্তি প্রদানেৰে ইয়াক নিয়ন্ত্রণৰ ক্ষেত্রত কঠোৰ হোৱা উচিত।
এপ্রিলৰ অন্য এক নামেই যেন ব’হাগ। ব’হাগ অসমীয়াৰ প্রাণৰ উৎসৱ। চ’তৰ শেষৰ সপ্তাহত ঘৰলৈ গৈ লগ-সমনীয়াৰ লগত দীঘলতি মাখিয়তী বিচাৰি বনে-বনে ঘূৰি ফুৰাৰ আনন্দই আছিল সুকীয়া। কিন্তু যোৱাবছৰ ঘৰলৈ গৈ দীঘলতী – মাখিয়তী বিচাৰি বন্ধুৰ সৈতে গৈ দেখিলোঁ যে দীঘলতী পাবলৈয়েনাই যি দুই এজোপা আছিল সেয়াও ব্যৱসায়ীকৰণ কৰাৰ উদ্দেশ্যে স্থানীয় বেপাৰীবোৰে কাটি নিছে। গতিকে আপোন বিহুটিক আপোন কৰি ৰাখিবলৈ হ’লে বিহুৰ সৈতে জড়িত উপাদানসমূহৰ সংৰক্ষণ কৰাটো অতিকে প্রয়োজনীয়।
প্রতি বছৰৰ দৰে এইবেলিও এপ্রিল আহিল। এপ্রিল ২০২০। অথচ এইবেলি এপ্রিল যেন এপ্রিল হৈ অহা নাই , ব’হাগযেন ব’হাগ হৈ অহা নাই। চৌপাশে কৰ’ণা ভাইৰাছৰ আতংক। পৃথিৱীৰ গোলকীয় উষ্ণতা বৃদ্ধি আৰু মানুহৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই আজি এই অৱস্থাৰ সৃষ্টি হৈছে। সহজতে গাত কথা নল’গা মানুহ আজি বন্দী। মুক্ত হৈ যদি কোনোবা আছে সেয়া হৈছে কেৱল প্রকৃতি। ক’ল-কাৰখানা, যান-বাহন আদিৰ ধোঁৱাই কলুষিত কৰিব নোৱাৰাৰ বাবে আজি প্রকৃতি সুন্দৰ হৈ পৰিছে। প্রদূষণৰ মাত্রা কমাৰ বাতৰি পোৱা গৈছে। সততে প্রকৃতিৰ কথা চিন্তা কৰিবলৈ সময় নোহোৱা আমিবোৰ ্জি প্রকৃতিৰ আদালতত বিচাৰৰ সন্মুখীন হৈছো। বন্দী হৈ আছি আমি সজাত বন্দী কৰি থোৱা জীৱবোৰৰ দৰে। আজিহে হয়তো আমি উপলব্ধি কৰিছো মনৰ আনন্দৰ বাবে প্রকৃতিৰ উপাদানসমূহ সজাত বন্দী কৰিলে কিমান যন্ত্রণাৰ মুখামুখি হ’ব লাগে। ইমানৰ পাছতো যদি আমি প্রকৃতিক বুজিব পৰা নাই তেন্তে আমাৰ দৰে নির্বোধ জীৱ অন্য কোনো নাই।
কৰ’ণা ভাইৰাছত আক্রান্ত এই ভয়াৱহ সময়ত আমি প্রকৃতিৰ মূল্য বুজাৰ উপৰিও আমাৰ দায়িত্বৰ প্রতিও শ্রদ্ধাশীল হ’ব লাগিব। আমাৰ মনত ভয়ে ঠাই লৈছে। আমি জনা উচিত যে উপযুক্ত সাৱধানতা ল’লে এই ৰোগৰ পৰা আৰোগ্য হ’ব পাৰি। ভাৰতবর্ষতেই হওঁক বা অন্য দেশতেই হওঁক, আক্রান্ত বহু ৰোগী আৰোগ্য হৈ উঠিছে। গতিকে মানৱ জাতিৰ এই দুর্যোগৰ সময়ত আমি প্রত্যেকে প্রশাসনক সহযোগ কৰা উচিত। এই দুর্যোগৰ সময়ত আমাক ন-জীৱন দিবলৈ সততে আগুৱাই অহা প্রতিজন চিকিৎসক, নার্চ, বিভিন্ন বা-বাতৰি প্রেৰণ কৰা সংবাদগোষ্ঠীৰ সংবাদকর্মীক আমি সন্মানৰ দৃষ্টিৰে চোৱাৰ লগতে যিমান পাৰি সহযোগ আৰু সন্মান কৰা উচিত।