• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বন্যহস্তীৰ হত্যা আৰু এখন ঘৃণনীয় নাটক

-ভাস্কৰ জ্যোতি বৰুৱা

by Anjan Sarma
May 12, 2022
in Special Report
Reading Time: 2 mins read
0
huge elephant with long trunk standing on green meadow

Photo by Rachel Claire on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-ভাস্কৰ জ্যোতি বৰুৱা |

নগাওঁ জিলাৰ কন্দলি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ বামুণী পাহাৰত যোৱা ১২ মে তাৰিখে সন্দেহজনক ভাবে মৃত্যু হোৱা ১৮ টাকৈ বন্যিহস্তীৰ মৰ্মান্তিক খবৰে সমগ্ৰ বিশ্বৰ প্ৰকৃতি প্ৰেমী সকলক শোকাৰ্ত কৰিছিল। যেতিয়া অসমৰ বন বিভাগে প্ৰথম দিনাখনৰে পৰা কোনো বৈজ্ঞানিক বিশ্লেষণৰ অবিহনে বজ্ৰপাতৰ ফলত হাতীৰ জাকতোৰ মৃত্যু হোৱা বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ চলাবলৈ আৰাম্ভ কৰিলে, তেতিয়াই আমাৰ মনত সন্দেহ উপজিলে যে এই ঘটনাটোৰ আৰত এক গভীৰ ষড়যন্ত্ৰ নিহিত হৈ আছে।

আমাৰ মনলৈ অহা সন্দেহৰ কাৰণঃ

১। অনুসন্ধান সমিতিৰ সদস্যবাছনি

১৩ মে তাৰিখে অসমৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষক জনে ৮জন চৰকাৰী আৰু দুজন তেওঁলোকৰ সহযোগী বেচৰকাৰী সংগঠনৰ পশু চিকিৎসকৰ এটা তদন্তকাৰী দল ঘোষণা কৰিলে , যত নাছিল কোনো বজ্ৰপাত বিশেষজ্ঞ, বৈদ্যুতিক অভিযন্তা, ভূবিজ্ঞানী, ভূ-পদাৰ্থবিজ্ঞানী, বন্যপ্ৰাণী অপৰাধ ব্যুৰোৰ সদস্য, ভাৰত চৰকাৰে গঠন কৰি দিয়া হস্তী প্ৰকল্পৰ সদস্য, ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ সদস্য, হস্তীৰ আচৰণ বিশেষজ্ঞ, অসম আৰক্ষীৰ অপৰাধ শাখা, ফৰেনচিক বিশেষজ্ঞ, আদি। পশু চিকিৎসকৰ দল এটাই কেনেকৈ বজ্ৰপাতৰ নিচিনা এটা কাৰিকৰী কাৰিকৰী দিশৰ অনুসন্ধান কৰিব পাৰিব?

২। টায়াৰৰে অন্ত্যেষ্টিক্ৰিয়া

কিন্তু ১৪ মে তাৰিখৰ এটা ঘটনাই আমাক হতবাক কৰি তুলিলে। সেইদিনা বন মন্ত্ৰী প্ৰমুখ্যে উচ্চ পদস্থ বন বিষয়া সকলোবোৰ ঘটনাস্থলিত ধুপ ধুনা লৈ উপস্থিত হৈ থকাৰ সময়তে এটা সিদ্ধান্ত লোৱা হল যে মৃত হাটী কেইটাক গাড়ীৰ টায়াৰৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হব আৰু তৎকালীন ভাৱে ট্ৰাকে ট্ৰাকে টায়াৰ ঘটনাস্থলিত আৱিৰ্ভাৱ হল। ভাগ্য ভাল আছিল যে স্থানীয় পৰিৱেশ কৰ্মী তথা নগাওঁ জিলাৰ যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে এই কাৰ্যক বাধা দিবলৈ সক্ষম হল। এইখিনিতে উল্লেখ কৰা ভাল হব যে ভাৰতৰ বন্যিপ্ৰাণী সুৰক্ষা আইনৰ অধিনত হাটী হল অনুসূচী ১(ক) শ্ৰেণীৰ প্ৰজাতি আৰু তেওঁলোকৰ মৃতদেহ নিষ্কাষণ কৰাৰ বাবে বিধি নিয়ম নিৰ্ধাৰণ কৰা আছে। দেখ দেখকৈ সকলো নিয়ম উলংঘন কৰি বন বিভাগে কিয় এনেকুৱা কাৰ্যত লিপ্ত হব ধৰিছিলে? তেওঁলোকে বাৰু ঘটনাস্থলিৰ পৰা কিবা প্ৰমাণ ধ্বংস কৰিব চেষ্টা চলাইছিল নেকি?

যাহক, সেইদিনাৰ পৰা (মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ পূৰ্বেই) বন বিভাগৰ বৰমূৰীয়া সকলে আৰু তেওঁলোকৰ ভৃত্য দুজনমান বেচৰকাৰী ব্যক্তিয়ে বিভিন্ন মাধ্যমত এক ব্যাপক প্ৰচাৰ অভিযান চলাব ধৰিলে যে হাটী কেইটাৰ বজ্ৰপাতৰ ফলতেই মৃত্যুবৰণ কৰিছে। তেওঁলোকে প্ৰমাণ হিচাপে দেখুৱালে এজোপা সৰু জ্বলি যোৱা গছ।

৩। আমাৰ নিজা অনুসন্ধান

এনেবোৰ বহু কাৰ্য দেখি মনৰ আশংকা বোৰ আতৰাবলৈ আমি অসমৰ দুজন সৎ পৰিবেশকৰ্মীক লগত লৈ নিজাববীয়াকৈ ঘটনা স্থলি পৰিদৰ্শন কৰিছিলো। আমাৰ যৎসামান্য বৈদ্যুতিক অভিযান্ত্ৰিক জ্ঞানেৰে ঘটনাস্থলিত বজ্ৰপাতৰ ফলত হব পৰা সম্ভাব্য সংকেতসমূহ বিশ্লেষণ কৰিব চেষ্টা কৰিছিলোঁ। ১৪টা মৃতদেহ পাহাৰৰ ওপৰৰ ভাগত প্ৰায় ৪০০-৫০০ ফুট পৰিধিত বিস্তাৰিত হৈ আছিল আৰু বাকি ৪টা মৃতদেহ পাহাৰৰ নামনিলৈ পিছলি গৈছিল। আমাৰ বিশ্লেষণ অনুযায়ী যিজোপা গছত বজ্ৰপাত পৰা বুলি দেখুৱা হৈছে সেইজোপাতকৈ কেইবাজোপা ওখ আৰু ডাঙৰ গছ ওচৰা-ওচৰিকৈ অৱস্থিত হৈ আছে। তাৰোপৰি সেই গছজোপা পাহাৰতোৰ যিটো উচ্চতাত অৱস্থিত, বাকি গছবোৰ তাতকৈ বেছি উচ্চতাত অৱস্থিত। সাধাৰণতে বজ্ৰপাত সবাটোকৈ ওখ স্থানতহে পৰে বুলি জানিছিলোঁ।

ঘটনাস্থলিত বজ্ৰপাত হোৱাৰ কোনো প্ৰমান পোৱা নাছিলে

তথাপিও যদি তৰ্কৰ খাতিৰত ধৰি লওঁ যে উক্ত গছজোপাতেই বজ্ৰপাত পৰিছিল, গছজোপাত থকা চিহ্নৰ পৰা অনুধাৱন কৰিব পাৰি যে মাতিৰ পৰ খুব বেছি ৬ ফুট উচ্চতাত বজ্ৰপাত পৰিছিল আৰু ফলস্বৰূপে তাৰ পৰা উৎপন্ন হোৱা Side Flash তললৈ প্ৰৱাহিত হব, অৰ্থাৎ গছজোপাতকৈ কম উচ্চতাত থকা হাটী কেইটাহে আক্ৰান্ত হব। কিন্তু আমি দেখিছিলো যে সেই গছজোপাৰ অৱস্থিতিতকৈ বহু ওপৰত দুটাকৈ হাতীৰ মৃতদেহ পোৱা গৈছিল। ইয়াৰ পৰা স্পষ্টকৈ কব পাৰি যে হাটীৰ মৃত্যু বজ্ৰপাতৰ পৰা উৎপন্ন হোৱা Side Flashত হোৱা নাই। মৃতদেহ কেইটাৰ অৱস্থানৰ পৰা সহজে অনুমান কৰিব পৰা যায় যে হাটীকেইতা Direct Flashৰ কাৰণেও ঢুকোৱা নাই। ইমান কেইটা হাটী একেলগে বজ্ৰপাতত মৰিব হলে একমাত্ৰ সম্ভাৱনা হ’ল ডাৱৰৰ পৰা মাটিলৈ পোনপটীয়াকৈ প্ৰৱাহিত হোৱা বজ্ৰাঘাতৰ বাবে সৃষ্টি হোৱা ভল্টেজৰ পাৰ্থক্য, যাক ইংৰাজীত Step Potential বুলি কোৱা হয়। এইটো জন্তুৰ বাবে আটাইতকৈ মাৰাত্মক। কিন্তু মন কৰিবলগা বিষয়টো হল যে, যিহেতু আমি ১৮ টা বিশাল জন্তুৰ মৃত্যুৰ কথা কৈছোঁ, তেনেক্ষেত্ৰত এনে বজ্ৰাঘাতৰ তীব্ৰতা বহুত বেছি হব লাগিব যাৰ ফলত উৎপন্ন হোৱা তাপমাত্ৰা হব প্ৰায় ৫০,০০০ ডিগ্ৰি ফাৰেনহাইট৷ ই সূৰ্যৰ তাপতকৈ প্ৰায় চাৰিগুণ বেছি৷ এনে হিটৱেভৰ ফলত অঞ্চলটোৰ সমগ্ৰ মাটিৰ ওপৰৰ ভাগ আৰু সংশ্লিষ্ট এলেকাৰ সেউজীয়া ঘাঁহ-বন আৰু জোপোহাবোৰ জ্বলি ছাৰখাৰ যাব। তদুপৰি, মাটিত থকা সকলো অণুজীৱ ইয়াৰ আঘাতত ধ্বংস হৈ যাব। কিন্তু এনে কোনো ঘটনাৰ প্ৰমাণ উক্ত অঞ্চলত দেখা পোৱা নগল। যদি তদন্তকাৰী দলত ভূবিজ্ঞানী অথবা ভূ-পদাৰ্থবিজ্ঞানী থাকিলে হয়, নিশ্চিতভাৱে মাটিৰ প্ৰতিবন্ধকতা পৰীক্ষা কৰি বজ্ৰপাতৰ সম্ভাৱনা প্ৰমাণ কৰিব পৰিহেঁতেন

টকলা পাহাৰ, শিলৰ কুৱেৰী আৰু নিমখৰ বস্তা

তাৰোপৰি আমি দেখিছিলো যে পাহাৰ টোত থকা হাজাৰ হাজাৰ চেগুন গছ কাটি পেলোৱা হৈছে আৰু চাৰিওফালে বহুত শিলৰ কুৱেৰী অৱস্থিত। আৰু আচৰিত ভাৱে আমি পাহাৰৰ ওপৰৰ ভাগত বহু নিমখৰ বস্তা দেখা পইছিলো। তাত নিমখৰ বস্তা থকাৰ কাৰণ কেইবাটাও হব পাৰে।

ক। নিমখ চতিয়াই যিকোনো জন্তু ওচৰলৈ আনিব পৰা যায়। কোনোবাই হাতীজাকটো নিমখৰ দ্বাৰা সেই ঠাইলৈ আকৰ্ষিত কৰিছিল নেকি?

খ। নিমখে মাটিৰ বৈদ্যুতিক পৰিবাহিতা বৃদ্ধি কৰে। কোনোবাই এই চক্ৰান্ত কৰা নাইতো?

গ। নিমখে মৃতদেহৰ পচন ত্বৰান্বিত কৰে। বন বিভাগে অথবা তদন্তকাৰী দলে কিয় এনে কাৰ্যত লিপ্ত হৈছিল?

যদিও আমি সন্দিহান আছিলোঁ, তথাপিও বিশ্বাস কৰিছিলো যে মৰণোত্তৰ পৰীক্ষাৰ বিশ্লেষণে বিষয়টোৰ ওপৰত কিছু হলেও আলোকপাত কৰিব।

এইবাবেই নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তকে আদি কৰি অসমৰ বিভিন্ন সংবেদনশীল ব্যক্তিয়ে বন বিহাগক এটা বহুমুখী বিশেষজ্ঞৰে গঠিত তদন্তকাৰী দল গঠন কৰিবলৈ অনুৰোধ জনাইছিল, যাতে সকলো দিশৰ পৰা ছাৰি জাৰি বিষয়টো অনুসন্ধান কৰি এই মৰ্মান্তিক ঘটনাটোৰ আঁৰৰ কাৰণবোৰ সঠিক ভাবে মূল্যৱান কৰিব পৰা যায়।কিন্তু বন বিভাগে তেওঁলোকৰ অনুগত দুজনমান ভণ্ড তথাকথিত সংৰক্ষণবিদৰ শ্ৰুতলিপিৰ মতে চলি, ৰাইজৰ অনুৰোধ প্ৰত্যাখ্যান কৰি নিজৰ ক্ষমতা দেখুৱাই অসমৰ ৰাইজক আভুৱা ভৰিবলৈ দুঃসাহস দেখুৱালে। উল্লেখযোগ্য যে চৰকাৰ যি দলেই গঠন নকৰক কিয়, মুষ্টিমেয় কেইজনমান ভ্ৰষ্টাচাৰী বিষয়া আৰু ভণ্ড সংৰক্ষকবিদে অসমৰ বন ধ্বংস কাৰ্যত দশক ধৰি লিপ্ত হৈ আহিছে। বনৰক্ষাৰ শপত লোৱা এই সকলে মুটা দৰ্মহা,বাংলো সকলো চৰকাৰী সেৱাই লাভ কৰে৷ কিন্ত দায়িত্ব পালনৰ ক্ষেত্ৰত… চকুৰ সন্মুখতে দেখিলোঁ নহয় বামুণীগ্ৰাণ্টৰ হাতী অহা-যোৱা বিচৰণথলীত বন্যজন্ত নহাৰ enviromental clearance Certificate দিয়া হ’ল। এই কুচক্ৰৰ প্ৰৰোচনাতে বন বিভাগৰ সকলো কাম কাৰ্যকৰী কৰা হয় আৰু বদনামৰ ভাগীদাৰ হৈ পৰে সকলো বনকৰ্মী। এই বিষয়ে আমি পিছলৈ বিতং ভাবে লিখিম।

৪। বনবিভাগৰ ঘোষণা আৰু অসমীয়া ৰাইজৰ প্ৰবল জনমত

১৪ মে তাৰিখে বন মন্ত্ৰী আৰু মুখ্য বন্যপ্ৰাণী সংৰক্ষকে সগৌৰৱেৰে ঘোষণা কৰিছিল যে তিনি দিনৰ ভিতৰতে প্ৰাথমিক আৰু চৈধ্য দিনৰ ভিতৰত বিতং অনুসন্ধানৰ প্ৰতিবেদন অসমৰ ৰাইজক দাখিল কৰিব। আমি কিন্তু পূৰ্বৰ অভিজ্ঞতাৰ পৰা জানিছিলো যে এইবোৰ আভূৱা ভৰা কথা আৰু ওপৰত উল্লেখ কৰা দুষ্টচক্ৰই গোটেই ঘটনাটো গাপ দিবলৈ অহৰহ চেষ্টা কৰি যাব। সেইবাবে আমি বন বিভাগৰ কাৰ্যবোৰ সূক্ষ্ম ভাৱে নজৰত ৰাখিছিলো আৰু অনুসন্ধানৰ প্ৰতিবেদন সময় মতে ৰাইজৰ আগত ডাঙি ধৰিবলৈ দাবী জনাই আছিলোঁ। এই দুষ্টচক্ৰটহ আত্মবিশ্বাসী আছিল যে- আগৰ দৰেই, বচা সংবাদ মাধ্যমৰ দ্বাৰা দু-আষাৰ মান মসৃণ ঘোষণা, মাজে মাজে সাধাৰণ জনতাই বুজি নোপোৱা কাৰিকৰী ভাষাৰ আশ্ৰয় লৈ অসমৰ মানুহ আৰু সাংবাদিকক বুৰ্বক বনাব পৰা যাব! কিছু নিৰ্বাচিত কাৰিকৰী নথিপত্ৰ অনানুষ্ঠানিকভাৱে বিতৰণ কৰি, সময়বোৰ অতিবাহিত কৰি এই সংকটৰ পৰা ওলাই আহিব আৰু লাহে লাহে ঘটনাটো পাহৰণিৰ গৰ্ভত ম্লান হৈ যাব। চৈধ্য দিন পাৰ হোৱাৰ পিছতো যেতিয়া বন বিভাগে মৰণোত্তৰ পৰীক্ষাৰ ফল ঘোষণা নকৰিলে, অসমৰ প্ৰকৃতিপ্ৰেমী ৰাইজ জাঙুৰ খাই উঠিলে আৰু এক প্ৰবল জনমত গঢ়ি তুলিলে, যাৰ ফলত ২২ দিনৰ মূৰত যোৱা ৩ জুন তাৰিখে বন বিভাগে বাধ্য হৈ এখন সংবাদমেলৰ আয়োজন কৰি অনুসন্ধানৰ প্ৰতিবেদন দাখিল কৰিলে। আৰু তেতিয়াই জোলোঙাৰ মেকুৰী ওলাই পৰিলে।

৫। অনুসন্ধানৰ প্ৰতিবেদন আৰু ধূৰ্তালি

৯০ পৃষ্ঠাযোৰা প্ৰতিবেদনখন সূক্ষ্ম ভাৱে পৰীক্ষা কৰি বুজিবলৈ বাকি নাথাকিল যে এই দস্তাবেজখন এখন মিছা আৰু প্ৰৱঞ্চনাৰ এক চূড়ান্ত নিদৰ্শণ। সত্য উন্মোচনৰ বিপৰীতে তাক ঢাকিবলৈ এই বন আৰু বন্য প্ৰাণী ধ্বংসকাৰী দলে যি নিৰ্লজ্জ কাৰ্য্যৰ অৱতাৰণা কৰিলে, তাৰে কিছু চানেকি পঢ়ুৱৈ ৰাইজৰ সমুখত দাঙি ধৰিছোঁ।

ক/ প্ৰতিবেদনত কোৱা হৈছে যে মৃৎ বন্যিহস্তীৰ জাকটোৰ ভিতৰত সবাটোকৈ ববয়সিয়াল হাতীজনিৰ বয়স ১০ বছৰ আৰু জাকটোত থকা একেবাৰে কম বয়সীয়া কেইটাৰ ভিতৰত দুটা এবছৰিয়া আৰু তিনিটা দুবছৰীয়া পুৱালি আছিল। হাতীৰ বিষয়ে যাৰ সামান্যতম জ্ঞান আছে সকলোৱেই জানে যে ১০ বছৰিয়া হাতী এজনী পাচটাকৈ পুৱালিৰ মাক হব নোৱাৰে। যিহেতুকে হাতী সাধাৰণতে ১৪/১৫ বছৰৰ বয়সৰ আগতে আন্তঃসত্বা নহয়, মাক কেইজনি কত হেৰাল? বজ্ৰপাতৰ প্ৰকোপৰ পৰা মাককেইজনি কেনেকৈ সাৰি গল? কি ধাকিবলৈ বা কাক ৰক্ষণাবেক্ষণ দিবলৈ বজ্ৰপাতৰ নাটকখন ৰচনা কৰা হল আৰু কোনে ৰচনা কৰিলে এই ভণ্ড নাটকখন?

খ/ দ্বিতীয়তে কোৱা হল যে জাকটোৱে মৃত্যুবৰণ কৰা পাহাৰটোৰ সৰ্বোচ্চ উচ্চতা আছিল ৭৯০ ফুট। তেনেহলে তেওঁলোকে কেনেকৈ পাহাৰতকৈ অধিক উচ্চতাত সাতটা হাতী বিচাৰি পালে (একৰ পৰা ছয় নম্বৰ আৰু আঠ নম্বৰৰ হাতী কেইটা ৭৯১.৭ ৰ পৰা ৭৯৯.৯ ফুট উচ্চতাত পোৱা বুলি প্ৰতিবেদনত উল্লেখ আছে)? হাতী কেইটা মাজ আকাশত ওপঙি আছিল নেকি? এয়া যদি ধূৰ্তালি নহয়, তেতিয়াহলে কি?

গ/ তৃতীয়তে উল্লেখ কৰিছে যে তেওঁলোকে ১৪ মে তাৰিখে ১৪ টা হাতীৰ অন্তিম সংস্কাৰ সম্পন্ন কৰিছিল। বাকি চাৰিটা হাতীৰ কি হল? এইবোৰ তদন্তৰ নামত ভেকোভাওনা নহয় যদি কি?

ঘ/ তেওঁলোকে প্ৰতিবেদনখনত এইটোও কৈছে যে হাতীজাকটোৱে যিটো পুখুৰীত পানী খাইছিলে, সেই পুখুৰীতোৰ পানী বিষাক্ত কৰা হৈছিল নেকি অনুসন্ধান কৰিবলৈ তেওঁলোকে পানীৰ নমুনা সংগ্ৰহ কৰিছিল, কিন্তু এই তথাকথিত পুখুৰীটোৰ অৱস্থানৰ বিষয়ে কোনো উল্লেখ নাই, কোনো ফটোগ্ৰাফিক প্ৰমাণ নাই, বা তাত থকা প্ৰত্যক্ষদৰ্শীৰ পৰা কোনো প্ৰতি-চিহ্ন নাই।

ঙ/ প্ৰতিবেদনখনৰ এটা আচৰিত দিশ হল যে তেওঁলোকে ঢাক-ঢুল বজোৱা বজ্ৰপাতৰ তত্বটোৰ প্ৰমান স্বৰূপে দাখিল কৰিলে নৰ্থ ইষ্ট স্পেচ এপ্লিকেচন চেণ্টাৰৰ (NESAC)এখন স্বাক্ষৰ আৰু মোহৰ বিহীন দস্তাবেজ যত নাই কোনো বিজ্ঞানী বা বিষয়াৰ নাম বা চৰকাৰী যোগাযোগৰ কোনো প্ৰমাণ পত্ৰ। এই তথাকথিত প্ৰতিবেদনত, NESAC য়ে স্পষ্টকৈ কৈছে যে বজ্ৰপাতৰ অৱস্থানৰ শুদ্ধতা নিৰ্ধাৰণ কৰাৰ তেওঁলোকৰ স্তৰ প্ৰায় এক কিলোমিটাৰ। অৰ্থাৎ, এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বজ্ৰপাত হ’ব পাৰে। যেতিয়া শুদ্ধতাৰ স্তৰ ইমান বিস্তৃত, তেতিয়া আমি কেনেকৈ এটা সঠিক সিদ্ধান্তত উপনীত হ’ব পাৰোঁ?

স্বাভাৱিকতেই মনলৈ অহা প্ৰথম প্ৰশ্নটোয়েই হব, তেওঁলোকে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ লগত কিয় যোগাযোগ নকৰিলে? তেওঁলোকে অসমীয়া মানুহক বুৰ্বক বুলি ভাৱিছে নেকি?

চ/ বন মাফিয়াৰ দলে আমাক বুজাব চেষ্টা কৰিলে যে পশু চিকিৎসকৰ এটা তদন্তকাৰী দল ইমান পাকৈত যে মৰণোত্তৰ পৰীক্ষা কৰিয়েই তেওঁলোকে বজ্ৰপাতৰ ফলত হাতীৰ জাকতোৰ মৃত্যু হোৱা বুলি গম পাই যাব। আমাৰ চকু কপালত উঠিল যেতিয়া পশু চিকিৎসকৰ দলতোয়ে বোলে ১৮ টা হাতীৰ সম্পূৰ্ণ ভাৱে মৰণোত্তৰ পৰীক্ষা কৰিবই নোৱাৰিলে, সেইবাবে দুটা মৃতদেহ আংশিক ভাৱে পৰিক্ষা কৰিয়ে নাটকখনৰ সামৰণি মাৰিলে। কাৰণ দৰ্শালে যে মৃতদেহ কেইটা পচি গল হেনো। এফালে কৈছে বুলে ৪৮ ঘণ্টাৰ ভিতৰত হাতীকেইতাৰ মৃত্যু হৈছে। ৪৮ ঘণ্টাত মৃতদেহ কেইটা ইমান উৱলি যাব বুলি মূৰ্খই হে বিশ্বাস কৰিব। বজ্ৰপাত হলে সৃষ্টি হোৱা শ্বক ৱেভৰ ফলত কাণৰ পৰ্দা ফাটি যাব আৰু হৃদযন্ত্ৰ জব্দ হ’ব। কাণৰ পৰ্দা আৰু হৃদপিণ্ডৰ নমুনা পৰীক্ষা নকৰি পশু চিকিৎসকৰ দলটোৱে তেওঁলোকৰ পৱিত্ৰ বৃত্তিৰ প্ৰতি এক ডাঙৰ বিশ্বাসঘাতকতা কৰা নাইনে? কাৰ প্ৰৰোচনাত তেওঁলোকে এনেকুৱা নাভূত-নাশ্ৰুত কথা লিখিলে? নিজৰ বিবেকৰ ওচৰত তেওঁলোক দায়বদ্ধনে?

ইয়াৰ উপৰিও আৰু বহুত এনে নাভূত-নাশ্ৰুত কথা এই চৰকাৰী দস্তাবেজখনত লিপিবদ্ধ কৰা আছে যিখিনি আমি পিছলৈ থলোঁ। এই ঘটনাৱলীৰ পৰা আমি স্পষ্ট যে হাতী কেইটাক হত্যা কৰা হ’ল৷ কিন্ত কাৰ স্বাৰ্থত? কাৰ স্বাৰ্থক সুৰক্ষিত কৰিবৰ বাবে বনবিভাগৰ এই ভূমিকা? আমি এতিয়া মৌন হৈ বহি থাকিম নে এই ন্যস্তস্বাৰ্থ চক্ৰক চিনাক্ত কৰি উচিত শাস্তিৰ বাবে জনমত গঢ়ি তুলিম? অসমৰ বনসম্পদতকৈ কেইজনমান বনবিষয়াৰ স্বাৰ্থ গুৰুত্বপূৰ্ণ হ’ব পাৰেনে? প্ৰশ্নটো ৰাইজলৈ আগবঢ়াই দিলো!

* লেখক বৈদ্যুতিক অভিযন্তা আৰু প্ৰকৃতি সংৰক্ষক

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: বন্যহস্তীৰ হত্যা
Anjan Sarma

Anjan Sarma

Related Posts

Who Really Controls the World? Legacy Wealth vs. Big Tech
World

Who Really Controls the World? Legacy Wealth vs. Big Tech

by PAHARI BARUAH
June 12, 2026
0

Who Really Controls the World? Legacy Wealth vs. Big Tech From the shadowy banking dynasties of the 1800s to today’s...

Read moreDetails
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

June 11, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 9, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

June 9, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d